Class 10 Assamese Question Answer | প্ৰশ্ন উত্তৰ HSLC 2023

Class 10 Assamese Question Answer ৰ লিখনিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি Class 10 Assamese ৰ সম্পূৰ্ণ অধ্যায় সমূহৰ প্ৰশ্ন উত্তৰ আমি আগতে আলোচনা কৰিছোঁ, যদি আপুনি এতিয়াও তাৰ পৰা Class 10 Assamese Question Answer Chapter wise পঢ়া নাই তেন্তে তলৰ লিংকৰ পৰা Class 10 Assamese PDF Notes ডাউনলোড কৰিব পাৰিব তথা পঢ়িব পাৰিব।

ইয়াৰ ওপৰিও আজি আমি আকৌ Assamese Medium ত কেৱল Class 10 Assamese Question Answer আলোচনা কৰিব গৈ আছো।

Class 10 Assamese ত বৰ্তমান বাধ্যতামূলক হিচাপে ৫ টা পদ্য আৰু ৭ টা গদ্য দিয়াৰ ওপৰিও বৈকল্পিক হিচাপে Class 10 Assamese ত ২ টা পদ্যাংশ আৰু ২ টা গদ্যাংশ দিয়া আছে।

ইয়াৰ উপৰিও যদি আপোনাৰ বুজিব লগা কিবা আছে তেন্তে আমাৰ Assamese Medium Facebook Page ক Follow কৰি তাত আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি অতি সোনকালেই আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান দিবলৈ যত্ন কৰিম।

Class 10 Assamese Question Answer

Class 10 Assamese Question Answer Chapter 1 | বৰগীত প্ৰশ্ন উত্তৰ

১) চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ [বৰগীত Class 10 Short Questions]

ক) ”…নেৰিবা বান্ধৱ মোক জীৱনে মৰণে” – কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে  কাক অনুৰোধ কৰিছে ?

উঃ  কবিয়ে ভগৱাণক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে ।

খ) ”……সনক সনন্দ যোগী  যাহাকু  ধিয়ায় ” সনক ,  সনন্দ  আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে ।    
উঃ  সনক , সনন্দ আদি যোগীসকলে হৰি অথণ্য়   ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উঃ কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি  কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে  ?
উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে।
উত্তৰঃ কবিয়ে হৰিক ‘বান্ধৱ’ বুলি সম্বোধন কৰিছে।

(ছ) ‘মোহ-পাশ” মানে কি?
উত্তৰঃ ‘মোহ-পাশ” মানে মায়াৰ বান্ধোন অৰ্থাৎ  আকাংক্ষা, জাগতিক লোভ আদি মায়াজালৰ বন্ধন। 

2) বৰগীতটিৰ মূলভাৱ লিখা।

উত্তৰঃ হৰিয়েই ভকতৰ জীৱনৰ সবস্ব, তেঁৱেই সকলোৰে পৰম বান্ধৱ। তেঁওৰ অভয় চৰণত শৰণেৰে সংসাৰ নিকাৰৰ পৰা মুক্তিদানৰ কাকুতি কবিতাটোৰ মুলভাৱ।
        কবি সংসাৰিক মুখৰ থলীৎ এই সংসাৰৰ সকলো যন্ত্ৰণাৰ উৎস । সাংসাৰিক মায়াই জীৱক বিষয় মুখত নিমগ্ন কৰে আৰু জীৱ নানা পাপৰ্কমৎ ৰত হয়। আৰু জীৱন এনেদৰে হৈ পৰে যন্ত্ৰণাদায়ক। মৃত্যু পযন্ত জীৱই ভোগ কৰে সংসাৰৰ যন্ত্ৰণা। দূখ যন্ত্ৰণাত জীৱই যি কোনো এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে। আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰি ঘূৰে। আত্মপোলব্ধিৰে বুজি উঠে যে এই সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল শ্ৰী হৰিয়ে। কবিৰ ক্ষেত্ৰতো  এই একেটা কথাই প্ৰযোজ্য।

          হৰিৰ মহিমা অপাৰ। সনক, সনন্দ সিদ্ধ মহামুনিগণেও হৰিৰ মহিমা বুজিবৰ বাবে গভীৰ ধ্যানত নিমগ্ন হৈছিল। তেওঁৰ প্ৰকৃত মহিমা কৈ ওৰ পেলাব নোৱাৰিলে নিগম শাস্ত্ৰসমূহেও। যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী সেই নাগৰ সহস্ৰ মুখেত তেওঁৰ মহিমা বণনা কৰি শেষ কৰিব নোৱাৰে। জ্ঞানীলেোক সকলে চলাথ কৰিও বিচাৰি নোপোৱা শ্ৰী হৰিৰ ওচৰ পেটো অসাধ্য কাম। বিষয় বিকলত আতুৰ হৈ কই পোৱা মানুহেও আনকি তেওঁৰ চৰণকমলত আশ্ৰয় লৈ সেই কণ্ঠৰ পৰা মুক্তি লাভ কৰে। হৰিৰ চৰণযুগল হল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হল জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে এই সংসাৰৰ মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে।

বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

উত্তৰঃকবি মাধৱদেৱ হৈছে অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম হোতা। ১৪৮৯ চনত তেওঁ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম গ্ৰহন কৰিছিল। তেঁওৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। আহোম বগদেউৰ কোষৰ বলি হৈ ১৫৪৬ চনতে তেওঁ কোচবিহাৰলৈ উভটি আহে । 

১৫৬৮ চনত গুৰু  শংকৰদেৱৰ মৃত্য়ুৰ পাছত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ দায়িত্বভাৰ মাধৱদেৱ কান্ধ পাতি লৈ দক্ষতাৰে  সেই কাৰ্য চলাই নিছিল । ধৰ্ম প্ৰচাৰ কালত তেওঁ বৈষ্ণৱ ধৰ্মৰ ৰম্যপুৰুপী বিখ্যাত ‘বৰপেটা সত্ৰ’ প্ৰতিষ্ঠা কৰে। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাঙ্গণত ইহলীলা সম্বৰণ কৰে। গুৰুজনাই জীৱিত কালত ৰচনা কৰা সাহিত্য সম্ভাৰ হ’লঃ নামঘোষা, বৰগীত, ৰাজসূয় যজ্ঞ, দধিমথন বা অৰ্জুন ভঞ্জন, ভূমি-লেটোৱা, চোৰধৰা, পিম্পৰা-গুচুৱা, ভোজনবিহাৰ, গুৰু ভটিমা, ভক্তি ৰত্নৱালী, জন্ম ৰহস্য আদি।

(ক) সহজে বয়নে যাৰ নপাৱন্ত সীমা।
        
অধমে জানিবো কেনে তোমাৰ মহিমা।

উত্তৰঃ

 প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত ‘বৰগীত’ নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে।
সংগতিঃ– উক্ত কথাফাকিত হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতাফাকিৰ ব্যাখ্যা কৰিছে।

ব্যখ্যাঃ এই সংসাৰৰ একমাত্ৰ প্ৰাণকৰ্তা হৈছে শ্ৰী হৰি তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুণিৰ ধ্যান কৰিও শ্ৰী হৰিৰ মহিমা আয়ত্ত কৰিব পৰা নাই। নিগম নিগম শাস্ত্ৰই তেওঁৰ মহিমাৰ অন্ত পেলাব নোৱাৰে। অনন্ত নাগ হৰিৰ বিশ্ৰামস্হলী। সেই নাগৰ সহস্ৰ  মুখেও তেওঁৰ মহিমাৰ কথা বৰ্ণাই শেষ কৰিব পৰা নাই। তেনেস্থলত কৰি হৈ সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰিৰ মহিমা জানিব পৰাটো অতিকৈ কঠিন।
      কবিয়ে বুজি উঠিছে যে হৰিৰ কৃপাৰ অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো সম্ভব নহয়।


(খ) আতুৰ ভৈলোহি হৰি বিষয় বিকলে ।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।
উত্তৰঃ

প্ৰসংগ  ঃ উক্ত কবিতাফাঁকি  আমাৰ পাথ্যপুথিত অন্তগত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
সংগতি ঃ উক্ত কবিতাফাঁকিৰ দ্ধাৰা সংসাৰৰ  মায়া পাশাৰ মুক্তিপথ  দেখুৱালৈ হৰিক প্ৰাথনা জনোৱা কথা কোৱা হৈছে । 


ব্যাখ্যা ঃ  মানুহ হল  সংসাৰিক এই সংসাৰৰ  সকলো মন্ত্ৰশাৰ উৎস।  বৈষ্ণয়িক মুখৰ ঠাই  এই সংসাৰ সন্তেকীয়া সুখ সম্পদে মানুূহৰ এনেকৈ গ্ৰাস কৰে যে তেওঁলোকে সন্তেকীয়া সুখক জীৱনৰ একমাত্ৰ সত্য় বুলি ভুল কৰে । কিছুমান বাসনাত নিমগ্ন হৈ মানুহে  নানা পাপকৰ্মত লিপ্ত হয় , ফলত জীৱন হৈ পৰে যন্ত্ৰণাময় । জীৱনে মৃত্য়ু পযন্ত ভোগ কৰে এই যন্ত্ৰণা ।  দুখ বেদনাত জৰ্জৰিত হৈ মানুহে  উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী । এই যন্ত্ৰনাৰ মুক্তি পাবৰ বাবে মানুহে হাহাকাৰ কৰি ফুৰিছে । নিৰূপায় হৈ কবিয়ে হৰিৰ চৰনত শৰন লৈছে  । কাৰন কবিয়ে বিশ্বাস কৰে সংসাৰৰ সমস্ত যন্ত্ৰণাৰ পৰা মুক্ত দিব পাৰে একমাত্ৰ শ্ৰী হৰিয়ে।


গ)  তোমাৰ চৰন দুই মোৰ মহা ধন ।
     ভকত জনৰ নিজ তুমিসে    জীৱন । 

উত্তৰঃ   প্ৰসংগঃ-  উক্ত কথাফাঁকি আমাৰ পঠ্য়পুথিত অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰছিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
সংগতিঃ-  উক্ত পদফাঁকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে , ভগৱানৰ চৰণতে ভক্তসকলে প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই হল অমূল্য় সম্পদ।

ব্য়াখ্য়াঃ– কবিৰ মতে সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হবলৈ   হলে ভগৱানৰ চৰনত শৰন লোৱাৰ  বাহিৰে   অন্য় কোনো উপাই নাই, সৰ্বব্য়াপ্তী   নিকাৰ ভগৱানেই জগতৰ সৃস্তিকৰ্তা পালনকৰ্তা তেওঁ  সকলোৰ  উৰ্দ্ধত, গতিকে হৰিৰ চৰনত শৰন লাভ কৰা মানে জগতৰ মূল্যৱান সম্পদ লাভ কৰাৰ সন্মান। ভক্তৰ বাবে ভগৱানেই পৰম আশ্ৰয়, সেইবাবে ভক্তৰ জীৱন ভগৱনতেই সমৰ্পিত । হৰিৰ চৰনেই হৈছে  প্ৰকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব ।

৫)   সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
       সকল   নিগমে যাক বিচাৰি নাপাই ।।
– তাপৰ্য বিচাৰ কৰা ।
উত্তৰঃ   

আগৰ দিনৰ শাস্ত্ৰ সমূহত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা পোৱা গৈছিল। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনা সমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নাছিল। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হলে ভগৱানক একান্ত মনেৰে আৰাধনা কৰিব লাগিব। সেই বাবে সনক, সনন্দ যোগী সকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনেৰে ভগৱানক ধ্যান কৰিছিল। অৰ্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হলে গভীৰ জপ কৰাত কৈ বা শাস্ত্ৰ আদি অধ্যয়নত নিমগ্ন হোৱাতকৈ শুদ্ধভাৱে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে।


৬) বৰগীতৰ চাৰিটা লক্ষণ বিষয়ে লিখা?
উত্তৰ : বৰগীতৰ চাৰিটা লক্ষণ হল –
       ক) বৰগীত সমূহ হল শাস্ত্ৰীয় ৰাগ – তালযুক্ত গীত।
       খ)  বৰগীত সমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ।
       গ) বৰগীত সমূহ চৈধ্য প্ৰসংগৰ অন্তগৰ্ত।
       ঘ) বৰগীত সমূহ হল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত।

১) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
শব্দ - - আধুনিক শব্দ
নপাৱন্ত - - নাপায়
কেনে - - কিদৰে, কেনেকৈ
ভৈলোহো - - হলোঁ
ভূমিসে--তুমিয়েই, তুমিহে
জনেৰ - - সকলৰ, জনৰ
কহয় - - কয়

2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠ্যসমূহ উল্লখ কৰা।

উত্তৰ: ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সমূহ হল :-

  • ব্ৰজাৱলী ভাষাৰ মূল ভেটি হল মৈথিলী ভাষা।
  • পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই।
  • ব্ৰজাৱলী হল মধ্যযুগীয় বৈষ্ণৱ কবি সকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা।
  • ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱা বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে।
  • এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে।

এতিয়ালৈকে আমি বৰগীত Class 10 ৰ সাৰাংশ, কবিৰ পৰিচয় আৰু সম্পুৰ্ণ প্ৰশ্ন উত্তৰ আলোচলা কৰিলোঁ। এতিয়া আমি আপোনাৰ বাবে লৈ আহিছোঁ বৰগীত Class 10 ৰ অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ।

ক) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্ত কি?
উত্তৰঃ মাধবদেৱৰ বৰগীত সমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা।

খ) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ মাধবদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হল ভক্তি ৰত্নাৱলি।

গ) নামঘোষাৰ অন্য এটা নাম কি?
উত্তৰঃ নামঘোষাৰ অন্য এটা নাম হল হেজাৰী ঘোষা।

ঘ) মাদৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?
উত্তৰঃ মাধবদেৱৰ নাট সমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়।

ঙ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উত্তৰঃ মাধবদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।

চ) মাধৱদেৱাৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ মাধবদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা ভুঞা।

ছ) মাদৱদেৱৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল?
উত্তৰঃ মাধবদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম হৈছিল।

ঞ) ঝুমুৰা কাক বোলে
উত্তৰঃ ঝুমুৰা মানে একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটক। মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ’ল- অৰ্জুন ভঞ্জন(পূৰ্ণাংগ নাট), চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আৰু ভোজন বাহাৰ।


Class 10 Assamese Chapter 2 Question Answer | জিকিৰ প্ৰশ্ন উত্তৰ

  • চমু উত্তৰ দিযাঃ

(ক) জিকিৰৰ ৰচক কোন?
উত্তৰ:- জিকিৰৰ ৰচক হল `শ্বাহ মিলান’ নামৰ এগৰাকী ইছলামী সাধু। তেওঁক `আজান ফকিৰ’ বুলিও জনা যায়।

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ:- জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰ:- `জিকিৰ’ শব্দটো আৰবী `জিকৰ’ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হল ঘনে ঘনে উচ্চাৰণ কৰা।

  • তলত শব্দবোৰৰ অৰ্থ লিখাঃ

ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা

উত্তৰ:-
ৰছুল –  ঈশ্বৰ প্ৰেৰিত পুৰুষ, দেৱদূত, আল্লাৰ দূত।
মোমিন – বিশ্বাসী মুছলমান।
ৰহম – দয়া।
কুটুব – ধ্ৰুৱ,নক্ষত্ৰ।
বান্দা – ভৃত্য।

প্ৰশ্ন: ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
     যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ।  — উল্লিখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা।

উত্তৰ:- আজান ফকিৰৰ দ্বাৰা ৰচিত উক্ত কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱনৰ কথা কবলৈ বিচৰা হৈছে। মক্কা হল এক পবিত্ৰ তীৰ্থস্থান।  ইয়াত আল্লা অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাৰ কোনো সন্ধান নাপায়। কিয়নো জীৱকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক আল্লাক কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভূল ধাৰণৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাৰ নাম ললেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। তাক মাত্ৰ স্মৰণ  কৰিলেই হল।

  • প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা-

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
       খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।
উত্তৰঃ 
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকিৰৰ দ্বাৰা ৰচিত `জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই পদফাঁকিৰ জৰিয়তে আল্লা অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই কবলৈ বিচাৰিছে।

ব্যাখ্যাঃ পানীৰ পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটা কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে। ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে। কিন্তু পানী আৰু জুইয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি পোৱা নাযায়। আল্লা বা ভগৱান আমাৰ হৃদয়ত থাকে। কিন্তু অামি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড চলাথ কৰিলেও বিচাৰি নাপাও। সৎ কৰ্মত বিশ্বাসী, প্ৰকৃত মুছলমানৰ কৰ্ত্তব্য পালনত দৃঢ় সংকল্প, লৈ কোনো কৰ্মত লাগিলে অন্তৰতেই আল্লাৰ নিবাস কৰে। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লা বিৰাজমান। ই পৰম সত্য।

(খ) মক্কাৰ দুৱাৰত চাহাব তিৰ্ বেণীৰ ঘাট।
      বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
উত্তৰঃ  

প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

 সংগতি: এই পদফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে।

 ব্যাখ্যা :  ইয়াত মক্কাক পবিত্ৰ তিৰবেণীৰ ঘাট বুলি কোৱা হৈছে। তিৰবেণী অৰ্থাৎ ত্ৰিৱেণী হৈছে হিন্দু সকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দু সকলে পবিত্ৰ বুলি মানি অহা যমুনা, গংগা, আৰু সৰস্বতী নদীয়ে বাৰানসীৰ যি ঠাইত মিলিত হৈছিল সেই ঠাইয়েই হৈছে ত্ৰিৱেণী ঘাট। প্ৰতিগৰাকী হিন্দুৱেই যদি সেই ত্ৰিৱেণীলৈ গৈ তিনিও সংগমস্হল স্নান কৰিব পাৰে তেন্তে সকলোঁ পাপৰ খণ্ডন হয় বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাক ত্ৰিৱেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হল মুছলমান সকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান, মক্কালৈ গলে হেনো সকলো পাপৰ পৰা মুক্তি লাভ হয় আৰু জীৱন মুক্তি লাভ কৰে। কিন্তু এই সংসাৰৰ মায়া মোহত বন্দী হৈ থকা মানুহে মক্কালৈ গলে মনত সুখ, শান্তি নাপায়। কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাক বিচাৰিব পৰা নাই। সংসাৰৰ মায়াই তেওলোকক মুক্তিৰ পথত বাধা হে দিছে। ফলত জীৱই সুখৰ উপৰি দুখ হে পাব লগা হৈছে।

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
      দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।
উত্তৰ:

প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

 সংগতি :  উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানব দেহত আৱদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে।

ব্যাখ্যা : মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰেই আমাৰ আত্মাকো মানব দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজা এটাত বন্দী মইনা চৰাই  এটাই  যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভূলাই ঠিক তেনেদৰে মানব দেহত বন্দী আত্মায়ো নানা ধৰনৰ  আচৰণেৰে মানুহক সুখী কৰিবলৈ মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচন্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক ক্ষন্তেকীয়া। এই সম্পৰ্কটো ছেদ হলেই আত্মাই দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন, গতিকে আত্মা বা জীৱহীন দেহক  আমি  মৃতদেহ হিচাপে পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে, মৃতদেহৰ পিছত সজাত্যাগি মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম, স্নেহ, প্ৰেম, প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া – মোহ, প্ৰেম – প্ৰীতিৰ পৰা মুক্ত হৈ পৰে।

  • ভাষা বিষয়ক প্ৰশ্নৱলী

১) সমাৰ্থক শব্দ লিখাঃ

চিন্তো, ঘাট, পিৰীতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল

উত্তৰ :
চিন্তো – স্মৰণ কৰোঁ, ভাবোঁ।
ঘাট – বন্দৰ
পিৰীতি – প্ৰেম, প্ৰীতি
আচমান- আকাশ
দৰিয়া- নদী, সাগৰ
পিয়াহ – তৃষ্ণা
বাট – ৰাস্তা, পথ, আলি
ভেল – দেহ, শৰীৰ

  • অতিৰিক্ত প্ৰশ্নোত্তৰঃ

ক) আজান ফকিৰ কোন শতিকাৰ কবি অনুমান কৰা হৈছে?
উত্তৰ : খ্ৰীষ্টীয় সপ্তম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে।

খ) আজান ফকিৰৰ প্ৰকৃত নাম কি?
উত্তৰ :  হজৰত  চাহ  মিলন।

গ) আজান ফকিৰৰ মৃত্যু ক’ত হৈছিল?
উওৰ : দিখৌমুখৰ শৰাগুৰি চাপৰিত মৃত্যু হৈছিল।

ঘ) জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ : স্তুতি গীতৰ লগত।

ঙ) জিকিৰটোত উল্লেখ কৰা আদম কোন?
উত্তৰ :আদম  হল আল্লাই সৃষ্টি কৰা প্ৰথম মানব।

চ) মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে?
উত্তৰ : ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে।

ছ) কোনে আজান ফকিৰৰ চকু কাঢ়িছিল?
উত্তৰ :ৰূপাই দা ধৰা নামৰ এজন লোক এজনে অজান ফকীৰৰ চকু কাঢ়িছিল।

জ) ‘মোমিন’ মানে কি?
উত্তৰ : বিশ্বাসী মুছলমান।


Class 10 Assamese Chapter 3 Question ANswer | প্ৰশস্তি Class 10 প্ৰশ্ন উত্তৰ

এতিয়ালৈ আমি Assamese Medium ত Class 10 Assamese (MIL) ৰ প্ৰথম আৰু দ্বিতীয় অধ্যয়ৰ সম্পূৰ্ণ মূলভাৱৰ লগতে প্ৰশ্ন মালাৰ উত্তৰ ওপৰিও HSLC 2021 ৰ বাবে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰৰ যোগান ধৰা হৈছে। আজি আমি আলোচনা কৰিব গৈ আছে প্ৰশস্তি Class 10 Assamese ৰ 3rd Chapter ৰ মূল কথা, শব্দ অৰ্থ আৰু প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। তেন্তে আহক, আমি আজি  প্ৰশস্তি Class10 ৰ এই অধ্যয়ৰ সম্পূৰ্ণ কথা আলোচনা কৰোঁ।

প্ৰশস্তি Class 10 ৰ শব্দার্থ আৰু টোকা

অন্তৰীক্ষআকাশ ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়
ঊষাসূর্য
ঋত্বিকঋতুযাজক , পুৰােহিত
কালৰাত্রিআন্ধাৰ ৰাতি
কিশলয়কুঁহিপাত , গজালি , কোঁহ
কীচক বেণুকীচক বাঁহ , সেই বাঁহৰ বাদ্যৰ শব্দ
কুঙ্কুমপ্রসাধন সামগ্রী বিশেষ
কুসুমফুল
ক্লেদগেলা মলযুক্ত পানী
চামৰচোৱৰ , কুঁৱৰী পহুৰ নেজৰ মুঠা
চিত্তহাৰীমন – প্রাণ হৰি নিয়া
তন্ত্ৰালসশ্রান্ত ক্লান্ত , টোপনি যােৱা অৱস্থা
তেজিত্যাগ কৰি
তানসুৰ , ৰাগ
দীর্ণভাগি – ছিগি যােৱা , বিদাৰিত
পৰিমলসুগন্ধ
পুঞ্জীভূতসঞ্চিত
ফুল্লফুলি উঠা , পাহি মেলা ফুল
বসুধাপৃথিৱী ; বসুমতী
বিহঙ্গচৰাই ; পক্ষী
মহামহিমঅতিশয় গৌৰৱান্বিত , বৰ মান্য , খ্যাতিমন্ত
ৰঞ্জিলেৰঙীণ কৰিলে

প্ৰশস্তি Class 10 ৰ অতি চমু উত্তৰ

( ক ) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বহাগীৰ (বিহগী) কবি বুলি জনা যায়।

 ( খ ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা ।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হল –
সদৰী আৰু নৱমল্লিকা।
 ( গ ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰঃ প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সদৰি আনিলে বুলি কবিয়ে কৈছে।

 ( ঘ ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।

 ( ঙ ) জল , স্থল আৰু ক ‘ ত দেৱতাৰ মহা অভিযান চলিছে ?
উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে।

 ( চ ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
উত্তৰঃ কীচক বেণুৱেও মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।

প্ৰশস্তি Class 10 ৰ চমু প্ৰশ্ন উত্তৰ

1 । কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।
উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবোৰ হল – উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহংগ।

2 । কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ?
উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰা কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে।

3 । কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা ।
উত্তৰঃ প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুযে দশোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন ন- পাতেৰে, ফুলেৰে জাতিস্কাৰ হৈ পৰিছে। বনৰ চৰাই, গছ – লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি, পানী, বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে আকৌ কীচক বাহেঁৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু পকৃতি।

4 । প্রশস্তি কবিতাটোৰ মূলভাৱ লিখা ।
উত্তৰঃ `প্ৰশস্তি’ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে যত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু, পানী, মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি। যেন সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়ত `অমৃতৰ সন্তান’ সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ। যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্য্যই। কৰবাৰ পৰা ভাহি আহিছে কীচক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আবাহান। সেই আবাহনী সুৰ যি সুৰ অন্তঃ কৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তবৃদ্ধক মোহ – মায়া ত্যাগ কৰি ধ্যানময় হবলৈ কবিয়ে কৈছে।

5 । উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র ,
                         উঠা যত মুক্তি পথযাত্রী ।
      –কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰঃ কবিয়ে কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ – যন্তণাত জৰ্জৰি হয়। তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই, তেনেদৰে বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিদিষ্ট সময়ৰ মূৰত সুৰুজৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া – মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সুৰুজৰ প্ৰতি অৰ্থাৎ আন্ধাৰবিনাশী শক্তি বুলি অনুভব কৰিছে। সকলোয়ে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগবানে বা স্ৰজনকৰ্তাই। বায়ু, পানী, মাটি এই সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন।

6 । সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰঃ `প্ৰশস্তি’ কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন দুদিনীয়া। নিদিষ্ট সময়ৰ বাবে মানুহ পৃথিৱীলৈ আহে। এই সময়ছোৱাত মানুহৰ জাগতিক মায়া – মোহত এনেদৰে বন্ধা খাই থাকে যেন জীৱনৰ অন্যকথা পাহৰি যায়। কবিতাটোৰ মাজেৰে কবিয়ে কব বিচাৰিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে বিয়াই থাকে। এই সকলোবোৰৰ মূলতে সৃষ্টিকৰ্তাহে। সৃষ্টিকৰ্তাৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও সম্ভৱ নহয়।
         মানৱ জীৱন দুদিনীয়া মায়া – মোহত বন্দী হৈ এই চিৰমুক্তি পথৰ কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তিয়ে মানুহৰ ধ্যান। সেয়েহে এই কথা কেতিয়াও নাপাহৰি, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজেৰে চিৰসুন্দৰৰ ধ্যান কৰা উচিত। মানুহক `অমৃতৰ পুত্ৰ’ সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

ব্যাখ্যা কৰাপ্ৰশস্তি Class 10

ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ ।
             ছন্দভৰা সুমধুৰ তান ,
        জল স্থল অন্তৰীক্ষ সকলােতে যেন |
             দেৱতাৰ মহা অভিযান 
উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ কব বিচাৰিছে।
বাখ্যাঃ সূৰ্য্য উদয় হোৱাৰ লগে লগে প্ৰকৃতিজগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰায়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পাই। কবিৰ এনে লাগে যেন মাটিয়ে – পানীয়ে, আকাশে – বতাহে, গছে – বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিবেশৰ। যত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ।


খ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ |
              শেষ হ’ল মহা কালৰাত্রি ,
        উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র
               উঠা যত মুক্তি পথযাত্রী ।
উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে।
বাখ্যাঃ এই পৃথিৱীখনৰ সকলো আৱৰ্জনা, প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্য্যই পৃথিৱী আৰু প্ৰকৃতি জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। সেই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখন। মানুহো প্ৰকৃতি জগতৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আৱদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি কবলৈ হলে দুখ – যন্তণা প্ৰধান। সংসাৰৰ মায়া – মোহে সেইবোৰ দুগুনে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে।

গ) মােহন কীচক বেণু অনাহত ছন্দে
               গায় মহামহিমৰ গান ,
        মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !
               সুন্দৰৰ কৰা ৰূপধ্যান ।
উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ, অৱসাদ, মায়া – মোহ ত্যাগ কৰাৰ কথা কৈছে ।
বাখ্যাঃ কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন অস্হায়ী। মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্য্যৰ মায়া – মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই। কবিতাটোৰ মাজেৰে কবিয়ে কব খুজিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰ দুদিনীয়া মায়া – মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তি হে মানৱৰ ধ্যান। সেয়েহে এই কথা নাপাহৰি এলাহ, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে।

শব্দ অৰ্থ: প্ৰশস্তি Class 10

অর্থ লিখাঃ কিশলয় , চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস

কিলশয়কোঁহ, কুঁহিপাত, তন্ত্ৰালস
চিত্ৰহাৰীমন-প্ৰাণ হৰি নিয়া
অন্তৰীক্ষআকাশ
তন্ত্ৰালসক্লান্ত, টোপনি যোৱা অৱস্থা

বাক্য ৰচনা কৰা

দশোদিশ– পদুলিমুখৰ গোলাপজোপাৰ সুগন্ধই দশোদিশ আমোল মোলাই তুলিছে।
উপেক্ষিত – আগৰ দিনৰ স্ত্ৰীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল।
জৰাজীৰ্ণ – ৰীমা জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল।
অমৃত – ভোকাতুৰ অৱস্থাত শুদা ভাতো অমৃত যেন লাগে।
মোহ– মিছা মোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়।

সমার্থক শব্দ লিখা

তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী

তৰু – বৃক্ষ, গছ, উদ্ভিদ।
মুক্তি – মোক্ষ, নিৰ্বাণ, মুকলি।
সুমধুৰ – মধুৰত্ব, ঘুমিষ্ট, মৌ – সনা।
অভিমান – পৰিক্ৰমা, অনুসন্ধান, পৰিভ্ৰমণ।
ধ্যানী – মনস্বী, ধ্যাতা, কৃতধী।

প্ৰশস্তি Class 10 ৰ অতিৰিক্ত চমু প্ৰশ্নোত্তৰ

1) ৰঘুনাথ চৌধাৰীৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ ১৮৭৯ চনত নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত জন্ম হৈছিল।

2) ৰঘুনাথ চৌধাৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ পিতৃ নাম ভোলানাথ চৌধাৰী আৰু মাতৃৰ নাম দয়ালতা চৌধাৰী।

3) ৰঘুনাথ চৌধাৰীৰ মৃতু কেতিয়া হৈছিল?
উত্তৰঃ ১৯৬৮ চনত মৃত্যু হৈছিল।

4) কবিয়ে কিহে পৃথিৱীৰ দশেদিশ উদ্ভাসিত কৰা বুলি কৈছে?
উত্তৰঃ উষা অৰ্থাৎ পুৱাৰ সূৰুযৰ কুস্কুম ৰাগে দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে।

5) কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে?
উত্তৰঃ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে।

6) ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নবিষ্ঠ কৰা হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ `সদৰী’ পুথিত সন্নিৱিষ্ট কৰা হৈছিল।

7) ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত সভাপতিত্ব কৰিছিল।

8) কবিয়ে ভক্তবৃন্দক মোহতন্দ্ৰনস ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে?

উত্তৰঃ কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰালস ত্যাগ কৰি সুন্দৰৰ ৰূপৰে ধ্যান কৰিবলৈ কৈছে।

9) প্ৰশস্তিৰ অৰ্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে?

উত্তৰঃ প্ৰশস্তিৰ অৰ্থ আৰাধনা বা গুনানুকীৰ্তন কৰা। কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি গাইছে।


Class 10 Assamese Chapter 4 Question Answer | মই অসমীয়া Class 10 Assamese

এতিয়ালৈ আমি Assamese Medium ত Class 10 Assamese (MIL) ৰ প্ৰথম আৰু দ্বিতীয় অধ্যয়ৰ সম্পূৰ্ণ মূলভাৱৰ লগতে প্ৰশ্ন মালাৰ উত্তৰ ওপৰিও HSLC 2022 ৰ বাবে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰৰ যোগান ধৰা হৈছে। আজি আমি আলোচনা কৰিব গৈ আছে মই অসমীয়া Class 10 Assamese ৰ 4th Chapter ৰ মূল কথা, শব্দ অৰ্থ আৰু প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। তেন্তে আহক, আমি আজি  মই অসমীয়া Class10 ৰ এই অধ্যয়ৰ সম্পূৰ্ণ কথা আলোচনা কৰোঁ

মই অসমীয়া কবিতা Class 10 Assamese ৰ মুলভাৱ

মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে কবিতাটোত।

কবিতাটোত নিজৰ আবেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে। মোগল সকল আছিল প্ৰবল পৰাক্ৰমী জাতি কবিৰ মতে। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগল সকল আহিছিল। মোগল সকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগল সকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই। পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড  আত্মবিশ্বস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক কবিয়ে এই বিজয়ক সুৱৰি কবি আনন্দিত হৈ পৰে।

কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিবেশ দেখি মোগল সকল অসমত থাকি গ’ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সৰগীয় ভাষা বুলিও গণ্য কৰিছে বুলি কবিয়ে কৈছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে মৃত্যুৰ পাছতো মায়াবী পৰিচয়তে আৱদ্ধ হৈ থাকিব বিচাৰে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে।

পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।

১ । চমু উত্তৰ দিয়াঃ

 ক) চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা । 
উত্তৰ
:- চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হল বেদুইন।

 খ) মােগলসকলে অসমৰ ক’ত ভৰি দিছিল? 
উত্তৰ
:- মোগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল।

 গ) অসমৰ হেংদাং ক’ত জিলিকিছিল?
 উত্তৰ
:- অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল বুলি কৈছে ।

 ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? 
উত্তৰ:- অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

 ঙ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?

উত্তৰ:- অসমৰ স্বৰ্গদেৱে হাঁহ – কণী আৰু চাউলেৰে দেউল সাজিছিল।

২ । ‘অসমৰ হেংদাং জিলিকিল । 
        দুপৰৰ পূর্ণ আলােকত ’ —  কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা । 

উত্তৰ:- অসমখন জয় কৰিবৰ বাবে এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমখনক অনায়সে জয় কৰাৰ সপোণ লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল। কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী বুলি ভাবিছিল। ভাৰতৰ পূৱ দিশৰ ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল। মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰদৰ্পে আছিল। পিছে মোগলসকলৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ-বীৰাংগনা সকলে। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে দেখিলে শস্য-শ্যামলা ভূমি, যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখিয়ে হেং-দাঙৰ চিকমিকনি। আহোমসকলৰ যুদ্ধত ব্যৱহৃত হেংদাং হল তৰোৱাল, সেই তৰোৱাল হাতত লৈ দুগুনে উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোমৰ বীৰ-বীৰাংগনাই। সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হল।

৩ । অসমৰ পুৰুষ – নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।
উত্তৰ:- সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে। অন্য দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিলে। যিকোনো প্ৰকাৰে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজভূমি।
            মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ-মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি লবলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগলসকল অহাবাটে উভতি গৈছিল।

৪ । ক’ত অত বল পালে অসমৰ সেনানীয়ে 
      শুকান সান্দহ আৰু পানী আঁজলিত । ” 
      – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা ।

উত্তৰ :- প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত হৈ আহিছিল। আহোমসকলে সেই সময়ত আকৌ অসমত ৰাজত্ব কৰিছিল। অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল। আকৌ সেই সময়ত অসমৰ পুৰুষ-নাৰী সকলো ওলাই আহিছিল শত্ৰুসৈন্যক ভেটিবলৈ। ৰণচণ্ডী মূৰ্তিৰে যুজঁ আৰম্ভ সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হল। অসমৰ লোক সকল অতিথিপৰায়ণ, সহজ – সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰৱৰ্তাইছিলে বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহ গুড়ি জীয়াই থকা মানুহ ইমান বলবন্ত হব পাৰে বুলি।বীৰদৰ্পে যূঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল।দৰাচলতে মানসিক শক্তিয়ে বলীয়ান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি।

৫ । ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে  বুজাই লিখা।
 উত্তৰ:– `মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুতি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মিনাকৰা বুলিও কোৱা হৈছে। পাহাৰে-পৰ্বতে অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্য্যৰ আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি-মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটোও হাতীদাঁতেৰে সজা হয়। অসমৰ বাট-পথ, দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখেৰে আঙঠি, খাৰু আদিও তৈয়াৰ কৰা হয়। ম’হৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফোঁট লৈ সাজিকাচি থাকে।
         প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে।

৬ । কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।
উত্তৰ:- চৈয়দ আব্দুল মালিকৰ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয়। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্পসম্ৰাট বুলিও কোৱা হয়। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে `বেদুইন’। তেওঁৰ কবিতাসমূহক বাদ দি অসমীয়া আধুনিক কবিতা সম্পুৰ্ণ নহয়। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহুসমাদত। তাৰ ভিতৰত `সুৰুজমূখীৰ স্বপ্ন’, `ৰূপতীৰ্থৰ যাত্ৰী’, `ধন্য নৰতনু ভাল’, আদি উল্লেখনীয়। `অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হল – `পৰশমণি’, `আধাৰশিলা’, `মৰহা ফুল’, `স্বাক্ষৰ’, `ছবিঘৰ’, `ৰঙাগড়া’, `ৰজনীগন্ধাৰ চকুলো’ ইত্যাদি। তেওঁৰ গল্প-উপন্যাসৰ পৰা `জেতুকা পাতৰ দৰে’, `মমতাজ’ আদি চলচ্চিত্ৰ নিৰ্মান হৈছে। তেওঁ ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।

৭ । অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।
উত্তৰ:- পৰাক্ৰমী মোগলসকল দেশবিজয় কৰিবৰ বাবে অসমলৈ আহিছিল। অসমখন যাদু-মন্ত্ৰৰ দেশ বুলি মোগলসকলে ভাবিছিল। পিছে অসমত প্ৰৱেশ কৰিয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি তেওঁলোক আচৰিত হৈ পৰিল। চৌদিশে অসমভূমিৰ গছৰ পাতবোৰ যেন মিনাকৰা নিয়ৰসিক্ত, দূৱৰিৰ পাতবোৰ যেন মুকুতা সদৃশ হৈ পৰিছিল। অসমখনৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত যুৰীয়া পিন্ধিছিল। ভেকুলীবোৰে কপালত সোণৰ ফোঁট লৈ সাজিকাচি আছিল। কৃষিপ্ৰধান দেশ অসমখন আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে সান্দহ খাই জীয়াই থকা মানুহ ইমান বলবন্ত হব পাৰে বুলি মোগলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল ।ৰংঘৰ, কাৰেংঘৰ আদি প্ৰাসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে। আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে দ’ল সাজে, হাঁহ-কণী, চাউলেৰে দেউল সজায়। অসমৰ ধূলিত সোণ, হীৰা – মণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হৈছিল সোণ, ৰূপৰ দৰে মূল্যবান ধাতু। মূল্যবান সম্পদেৰে পৰিপূৰ্ণ অসমৰ লোক সকলৰ মুখত মাত অমৃতসনা। এই দেশখন ভক্তি ধৰ্মৰ বাবে বিখ্যাত। নাম- কীৰ্তন আদি সুললিত সুৰে এই দেশৰ ৰূপ – সৌন্দৰ্য্য দুগুনে চৰায়।

মই অসমীয়া Class 10 Assamese ৰ 4th Chapter ৰ ব্যাখ্যা

(ক) মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
         দেশ-প্রাণ , মুক্ত-প্রাণ , অসমৰ স্বদেশ ভকতি ।

উত্তৰ :
প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ পাঠটিৰ পৰা তুলি দিয়া হৈছে। 

সংগতি : কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কব বিচাৰিছে যে যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগল সকলে কেনেকৈ পালে সেই বিষয়ে কব বিচাৰিছে।

বাখ্যা : সপ্তদশ শতিকাত আহোম সকল অসমৰ শাসক আছিল। মোগল সকলে অন্য প্ৰান্তত থাকি অসম খনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগল সকল আহি অসমত ভৰি দিলে। অসম খনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেইজীয়া ভূমি। মোগল সকলে অসমত প্ৰবেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰ আধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলা সকল যুদ্ধক্ষেত্ৰ  ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগল সকলে অনুমান কৰিব পাৰিলে। শত্ৰুৰ আক্ৰমণ বুকু পাতি লবলৈ অকণো কুন্ঠাবোধ কৰা নাছিল অসমৰ পুৰুষ মহিলা সকলে। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগল সকল অহা বাটে উভতি গৈছিল।


(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত,
        হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,
        ভৰি থােৱে পােৱালৰ ভৰা দলঙত ।

উত্তৰ : 

প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত ‘মই অসমী’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

সংগতি : এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰিছে।

ব্যাখ্যা : অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে। মোগল সকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোক আচৰিত হৈ ৰৈছিল। কবিৰ মতে অসমৰ দুবৰি বনত নিয়ৰ এনেদৰে পৰি আছিলে যেন মুকুতাৰ থোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি, খোজ দিলেই যেন গচকত ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ মূল্যবান সম্পদ আছিলে হাতীদাঁত। এই দেশত ভৰিত পিন্ধা খৰমৰ চুলাও হাতীদাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যবান ৱাল মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি।

(গ) মােহ গ’ল দূৰণিৰ বিদেশী মােগল ।
        অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া ,
        অসমত বন্দী হ’ল , অসমৰ ৰূপ-মুগ্ধ
        দূৰৰ মােগল আহি হ’ল অসমীয়া । ।

উত্তৰ : 

প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি : কবিতাফাঁকিত কবিয়ে অসমৰ সৌন্দৰ্যৰ বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কবিয়ে কৈছে।

ব্যাখ্যা :  অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননি মিনা কৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাত বোৰত ৰদ পৰি এনেদৰে  চিকমিকাই উঠে যেন মণি – মুকুতা হে খচিত আছে। অসমৰ ধূলিয়ে – বালিয়ে যেন মণি – মুকুতা, সোণৰ দৰে আপুৰুগীয়া সম্পদ। অসম খনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যবান সম্পদ হল হাতীৰদাঁত। হাতীৰদাঁতেৰে খৰমৰ চুলা সজা হয়। প্ৰবাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নখেৰে নিৰ্মিত খাৰু, আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। মহৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসম খনৰ বহুতো পুখুৰী সাগৰ সদৃশ। অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয় ৰূপ দেখি তেওঁলোক এনেদৰে মোহিত হল যে তেওঁলোক নিজ অসমতে থাকি গল।

(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া |
         অসমীয়া দেহ – প্রাণ মন ;
        জীয়াই থাকোতে মই অসমৰে অসমীয়া ,
        মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ ।

উত্তৰ : 

প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি :  উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কৈছে যে জনমভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে।

ব্যাখ্যা :  কবিৰ মতে জনমভূমি অসম খন প্ৰাণৰ প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে। অসমীয়া সকলে নিজদেশ ৰক্ষাৰ হকে মোগলকো একগোট হৈ যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জনমভূমিক ধৰ্ম ৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিকো আকষৰ্ণ কৰিব পাৰে, সেই ভাষা, গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেহেন অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম লব বিচাৰে।

৯ । মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে , তােমাৰ কথাৰে বুজাই লিখা । 
উত্তৰ : কবিয়ে নিজৰ জনমভূমিক প্ৰাণৰো প্ৰাণ বুলি কৈছে। নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি লৈ যুজঁত পৰাজয় কৰিছিলে। কবিয়ে হেংদাঙ লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তান সকলক লৈ গৌৰৱ অনুভৱ কৰে। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা মানুহৰ ইমান শক্তি কৰ পৰা আহে তাকে ভাবি কবি আচৰিত হল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ সৰল, অমায়িক আছিল। এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ সৰা আছিল। ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বজ্ৰকঠোৰ হব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেইবাবে কবিয়ে অসমীয়া জাতিৰ বিৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰসংশা কৰিছে।

১০ । কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা ।
উত্তৰ : কবিৰ বাবে নিজৰ জন্মভূমি খন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগল সকলো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুজঁত পৰাজয় কৰে। কবিয়ে নিজৰ জনমভূমি খনক ধৰ্মৰূপে গণ্য কৰে। অসমৰ চোতালত গজি উঠা দুবৰিতো কবিয়ে স্বৰ্গৰ নন্দনকাননৰ প্ৰতিচ্ছবি দেখে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চাইকো আকষৰ্ণ কৰিব সেই অসমীয়া ভাষাৰে গীত, কবিতা, আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক ‘আই’ সম্বোধন কৰিছে। কবিয়ে ‘আই’ সম্বোধনেৰেই এদিন নিজৰ জনমভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম লব বিচাৰে। কবিয়ে নিজৰ জনমভূমিৰ বাবে চিৰকৃতজ্ঞ।

১১ । মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা ।
উত্তৰ : ‘মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে কবিতাটোত। কবিতাটোত নিজৰ আবেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে। মোগল সকল আছিল প্ৰবল পৰাক্ৰমী জাতি কবিৰ মতে। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগল সকল আহিছিল। মোগল সকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগল সকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই। পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড  আত্মবিশ্বস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক কবিয়ে এই বিজয়ক সুৱৰি কবি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিবেশ দেখি মোগল সকল অসমত থাকি গ’ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সৰগীয় ভাষা বুলিও গণ্য কৰিছে বুলি কবিয়ে কৈছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে মৃত্যুৰ পাছতো মায়াবী পৰিচয়তে আৱদ্ধ হৈ থাকিব বিচাৰে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে।

          পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।


১২ । মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা । 
উত্তৰ :  ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰ ভাৱে বৰ্ণিত হৈছে। কবিয়ে প্ৰবল পৰাক্ৰমী মোগল সকল অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে। কৃষিজীবি সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগল সকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধ ঘোষণা হৈছিল তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগল সকলে তবধ মানিছিল। অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি  হেংদাং হাতত লৈ ওলাই আহিছিল। দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি লবলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগল সকল আকৰ্ষিত হৈছিল। মোগল সকলে অসমৰ পৰা যোৱাৰ  অসমীয়াত স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসাও কৰিছিল। এনেদৰে কবিয়ে সুন্দৰ ভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনাৰে কবিতাটোত ফুটাই তুলিছে।

(ক) ব্যাসবাক্যসহ সমাসৰ নাম লিখা ।
            স্বর্ণপুৰী; মুক্তগীত; অনিৰুদ্ধ; নিষ্কর্মা

উত্তৰ: স্বৰ্ণপুৰী–স্বৰ্ণৰ পুৰী ষষ্ঠী তৎপুৰুষ সমাস

মুক্তগীত–মুক্ত যি গীত কৰ্ম 

ধাৰয় সমাস

অনিৰুদ্ধ – – ৰুদ্ধ নহয় যি গতি বহুব্ৰীহি সমাস

নিষ্কৰ্মা–কৰ্ম নাই যাৰ বহুব্ৰীহি সমাস

(খ) তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজাঃ
           বাঘ – নখ, হাঁহ কণী, মহশিং

উত্তৰ: বাঁহ – গাঁজ, কল – বাৰী, মৌ – জোল, নেমু – ৰস, হাতী – দাঁত।

(গ)  বিপৰীত শব্দ লিখাঁ ঃ
           গৌৰৱ; আলােক; স্বাধীনতা; পৰাজিত; সপােন; মৰণ

উত্তৰ:

 শব্দ (Word) বিপৰীত শব্দ (Opposite Word)
অলোকতিমিৰ
স্বাধীনতাপৰাধীনতা
পৰাজিতবিজয়ী
সপোণদিঠক
মৰণজনম
গৌৰৱকালিমা

মই অসমীয়া Class 10 Assamese ৰ অতিৰিক্ত প্ৰশ্নোত্তৰ

ক) চৈয়দ আব্দুল মালিকৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল?

উত্তৰ: ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল।

খ)  চৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল?

উত্তৰ: ‘গল্প সম্ৰাট’ বুলি চৈয়দ আব্দুল মালিকক কোৱা হৈছিল।

গ)  চৈয়দ আব্দুল মালিকে কোন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰ:  চৈয়দ আব্দুল মালিকে ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

ঘ) কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰিছে।

উত্তৰ: কবিয়ে জীৱনে মৰণে অসমৰ অসমীয়া হৈ থাকিব বিচাৰিছে।

ঙ) সৰগতো কবিয়ে কিহক চিনি পাম আৰু বুজি পাম বুলি কৈছে?

উত্তৰ: সৰগতো কবিয়ে অসমীয়া ভাষাটোক চিনি পাম আৰু বুজি পাম বুলি কৈছে।

চ) মোগলসকলে ক’ত মুছলমানসকলৰ মুক্তৰাজ স্থাপন কৰাৰ কথা ভবিছিল?

উত্তৰ: মোগলসকলে অসমত মুছলমানৰ মুক্তৰাজ সংস্থাপন কৰাৰ কথা ভাবিছিল।

ছ) কবিয়ে মৰাৰ পিছত কি হৈ পুনৰ জম্ন ল’ব বিচাৰিছে?

উত্তৰ: কবিয়ে মৰাৰ পিছতো অসমৰ অসমীয়া হৈ জন্ম লব বিচাৰিছে।


Class 10 Assamese Question Answer Chapter 5

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল, আজি আমি লৈ আহিছোঁ “দৃশ্যান্তৰ Class 10 Assamese Chapter 5” (MIL) অৰ্থাৎ কবি হৰেকৃষ্ণ ডেকা দেৱৰ `দৃশ্যান্তৰ’ কবিতাটোৰ পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে HSLC 2022 Exam ৰ বাবে প্ৰয়োজনীয় কিছু প্ৰশ্ন উত্তৰ।

কিন্তু “দৃশ্যান্তৰ Class 10 Assamese Chapter 5 (MIL) ৰ যি প্ৰশ্ন উত্তৰ আছে তাক পঢ়াৰ আগতে ইয়াৰ মূলভাৱ জনাটো অতি প্ৰয়োজন। আহক আমি আগতে দৃশ্যান্তৰ কবিতাৰ মুলভাৱ আলোচনা কৰোঁ।

দৃশ্যান্তৰ Class 10 Assamese মূলভাৱ

কবি হৰেকৃষ্ণ ডেকাৰ `দৃশ্যান্তৰ’ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। ২৫ বছৰ আগৰ এটা গধূলিৰ সময় আছিল। কেঁচা আলি কেঁকুৰি এটাত ঘৰৰ নঙলামুখত এজনে নিজৰেই ঘৰৰ পদূলি বিচাৰি আছিল। কেইজোপামান কাকিনী তামোল, নমিত নমস্কাৰৰ ভংগীৰে দাঁতিতে থকা আগলি বাহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল। তাতে আকৌ পূৰ্ণিমাৰ জোনেও গধূলিটো ফটফটীয়া কৰি তুলিছিল। সেই গধূলি সময়ত কবিয়ে লগ পাইছিল, সেই সুন্দৰ ঘৰটোৰ বাসিন্দা জনক। সেই ঘৰটোৰ বাসিন্দা মানুহজন গধূলি চকুৰে ভালকৈ মনিব নোৱাৰা ৰোগত আক্ৰান্ত আছিল। কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগবঢ়াই দিছিল। কুকুৰীকণা মানুহজন সুখী হৈছিল। মানুহজনে যদিও বা গধূলি দেখাত কষ্ট পাইছিল তেওঁ কিন্তু মনেৰে সুখী আছিল। সেইবাবে কবিয়ে শান্তিৰে বিৰাজ কৰাৰ কথা কবলৈ পাহৰা নাছিল।

     সময়বোৰ পাৰ হৈ গল। সেউজীয়া প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল, আগলি বাঁহৰ চিন চাব নাইকিয়া হৈ গল। শান্তিৰ পঁজাঘৰৰ ঠাইত হল সাতমহলীয়া অট্টালিকা। ওচৰে পাঁজৰেও আছে আন কেইটামান বৃহৎ অট্টালিকা। ২৫ বছৰ আগেয়ে সেই পথটোৰ আশে-পাশে গধূলি এজনো মানুহ নথকা ঠাইত এতিয়া সন্ধ্যা সময়ত বহুতো মানুহ ঘূৰি ফুৰি আছিল। ইমান বছৰ পাৰ হোৱাৰ পিছতো কবিয়ে সেই একেজন মানুহৰ মুখামুখি হল। সেই বৃদ্ধ মানুহজনৰ চকুত এতিয়া চশমা, গধূলি নেদেখা সমস্যাটো এতিয়া দূৰ হৈছিল তেওঁৰ। মানুহজনে কিন্তু চশমা পিন্ধাৰ পিছতো কবিক চিনিব পৰা নাছিলে। মানুহজনে ভাবিছিল কবিয়ে তেওঁৰ তাত ভাৰাঘৰ বিচাৰি আহিছে। কিন্তু মানুহজনে পজাঁঘৰত শান্তিত থকাৰ পিছতো কবিক সাতমহলীয়া ঘৰত ভাৰাতীয়া হৈ থাকিব মানা কৰিলে। মানুহজনে কবিক কলে যে জাক জমকীয়া অট্টালিকাত হেনো মনৰ শান্তি নাথাকে। মানুহজনে কবিক কলে যে পাৰ্থিৱ মুখ সম্পদে মানুহক যান্ত্ৰিক কৰি তুলিছে। কোনো মানুহ মৰিলে দাহ কৰিবলৈও তেওঁলোকৰ সময় নাথাকে। বৃদ্ধ মানুহজনৰ ক্ৰোধ নিজৰ মাজতে সামৰি কবি অশান্ত মনেৰে উভতি আহিল।

দৃশ্যান্তৰ Class 10 Assamese ৰ চমু উত্তৰ

ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?

উত্তৰ:– কবিয়ে পঁচিশ বছৰ আগতে মানুহজনক লগ পাইছিল।

খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?

উত্তৰ:– মানুহজন কুকুৰীকণা আছিল বাবে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

গ) মানুহজনে নিজৰ ঘৰৰ পদূলি কত বিচাৰিছিল?

উত্তৰ:– মানুজনে নিজৰ ঘৰৰ পদূলি নিজৰে নঙলামুখত বিচাৰিছিল।

ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগিত আছিল?

উত্তৰ:– মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহেঁ নমস্কাৰ ভংগীত আছিল।

ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?

উত্তৰ:– কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।

দৃশ্যান্তৰ Class 10 Assamese ৰ প্ৰশ্ন উত্তৰ

1) সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ:- সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি ভাবিছিল। সেই বাবে তেওঁ কবিৰ সৈতে সেই সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথাও পাতিছিল। তেওঁৰ ঘৰটো মানুহজনে কুবেৰৰ মহলাৰ লগত তুলনা কৰিছিল। তেওঁ তাত শান্তিত থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকতাহীন লোকে হে বাস কৰে। তেওঁলোকে কাৰো সুখ দুখ হেনো বুজি নাপায়। আনকি কাৰোবাৰ মৃত্যু হলে দাহ কৰিবলৈও মানুহ আগবাঢ়ি নাহে।

2) “বৰ শান্তিত আছো

এই পঁজাটিত। “

      – কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাব মোকলাই লিখা।

উত্তৰ:- কথাশাৰী কেঁচা আলি কেঁকুৰি এটাত পঁচিশ বছৰৰ আগৰ সন্ধিয়া লগ পোৱা কুকুৰীকণা মানুহজনে কবিক কৈছে।

         কুকুৰীকণা মানুহজনে তেওঁ বাস কৰা পঁজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতা ব্যৱস্থা থকা, আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটোত শান্তিত থকা বুলি কৈছে। কাৰণ সেই পঁজাঘৰটোত তেওঁ মানুহৰ সহজ- সৰল, আন্তৰিকতাৰ অনূভৱ কৰে। সেই পঁজাঘৰটোত কোনো কৃত্ৰিমতা নাই। মানুহে মানুহৰ মৰম- চেনেহ বুজি পাই। মানুহবোৰৰ মনবোৰ উদাৰ, সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে।

3) `হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?’ – কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।

উত্তৰ:- উক্ত কথাষাৰি কবিক কৈছে এগৰাকী বৃদ্ধ, নু্্যব্জ্য দেহৰ অধিকাৰী লোকে।

      এদিনাখন কবিয়ে সন্ধিয়া সময়ত নগৰৰ এটা বাটেৰে গৈ আছিল। যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট ২৫ বছৰ আগেয়ে এটা কেঁচা আলি আছিল। যত আছিল কেৱল এটা পঁজা আৰু সেই পঁজাটোৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। সেই বৃদ্ধ লোকজন সহজ- সৰল আন্তৰিকতাৰে কবিক কৈছিল সেই পঁজাটোত তেওঁ শান্তিৰে থকা কথা। কবিয়ে সেই একে ঠাইতে ২৫ বছৰৰ পিছত দেখিলে তাত এটা সাতমহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য সুধিছিল আৰু তেতিয়া বৃদ্ধগৰাকীয়ে কবিক প্ৰশ্নোদ্ধৃত বাক্যষাৰি কৈছিল।

4) `দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।

উত্তৰ:- “দৃশ্যান্তৰ” নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমুৰীয়া পৰিৱেশত বাস কৰিছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজা ঘৰত থাকিও উশাহ লবৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজা ঘৰত থাকিও মানুহে মৰম- চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তন হৈ পৰিল। ২৫ বছৰ আগেয়ে মানুহে পঁজাঘৰত বাস কৰিছিল। কিন্তু কবিৰ মতে ২৫ বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হল। সন্ধ্যা সময়ত আগতে মানুহৰ ভিৰ নাছিল। এতিয়া সন্ধা সময়ত বাটে পথে মানুহৰ ভীৰ। কিন্তু ২৫ বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হলেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভব কৰিছিল আত্মীয়তাৰ। অট্টালিকাৰ ভিতৰতো যেন অকনমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই।

5) `দৃশ্যান্তৰ’ কবিতাটোৰ কবি গৰাকীৰ এটা চমু পৰিচয় দিয়া।

উত্তৰ:- হৰেকৃষ্ণ ডেকাৰ ১৯৪৩ চনত তিনিচুকীয়াত জন্ম হয়। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃৰ নাম কামিনী ডেকা। তেখেতে তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয় । ১৯৬৩ চনত কটন কলজৰ পৰা স্নাতক আৰু ১৯৬৫ চনত ইংৰাজী বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও ১৯৬৮ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰি ২০০৩ চনত আৰক্ষী সঞ্চালক হিচাপে অবসৰ গ্ৰহন কৰে। তেখেতে `The Sentinel’ আৰু `গৰিয়সী’ আলোচনীৰ সম্পাদনাৰ দায়িত্বও গ্ৰহণ কৰিছিল। তেখেতৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম হল `আগন্তুক’।তেখেতে `ৰাতিৰ শোভাযাত্ৰা’, `আন এজন’, `Sea Scare’ আদি কবিতা পুথি ; `গল্প আৰু কল্প’, `মধুসূদনৰ দলং’, `মৃত্যু দণ্ড’ আদি গল্প পুথিৰ ৰচনা কৰাৰ উপৰি কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেখেতে ১৯৮৭ চনত `সাহিত্য অকাডেমী বঁটা’, ১৯৯৬ চনত `কথা- বঁটা’ আৰু ২০১০ চনত `আসাম ভেলী লিটাৰীৰ (অসম উপত্যকা সাহিত্য বঁটা)’ বঁটা লাভ কৰে।


দৃশ্যান্তৰ Class 10 Assamese ৰ বাখ্যা

ক) মৰিলে দাহ কৰিবলৈও

         এজন মানুহ নাই।

প্ৰসংগ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত `দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি:- কবিতাফাঁকিৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমীয়াত উটি- ভাঁহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে।

বাখ্যা:- বৰ্তমান সময়ত মানুহবোৰ আভিজাত্য হৈ উঠিছে ।মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ লব সময় যেন নাইকিয়া হৈ পৰিছে। মানুহ বোৰ শিক্ষা- দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সবলতা আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে- আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা কব বিচাৰিছে কবিতাফাঁকিৰ দ্বাৰা।

খ) যখৰ পোৱালিহঁতে কাক কোনে চায়।

প্ৰসংগ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত `দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি:- উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে।

বাখ্যা:- সময় ৰথৰ চকাৰ দৰে আগবাঢ়ি গৈছে। ২৫ বছৰ আগতে এজন মানুহে গাঁৱৰ এটা পঁজাত বাস কৰিছিল। মানুহ জনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ, শান্তিৰ মাজেৰে সেই সৰু পঁজাঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে ২৫ বছৰ পিছত যেতিয়া সেই ঠাইলৈ গল তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা। গাওঁৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰ হৈ পৰইছিল। মানুহবোৰ বাঢ়িছে কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চাই। যিদৰে কৃপন মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। সাতমহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন- সোণ উপাৰ্জ্জন কৰি যখৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হলে সহায় কৰা দূৰৰ কথা আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নিসংগতা জীৱনৰ কথা কৈছে।

গ) `এই কংক্ৰীটৰ হাবিখনত তেওঁক

     বিচাৰি নাপালো আৰু।’

প্ৰসংগ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত `দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি:- উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে কব বিচাৰিছে যে সেউজীয়া গছ গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে তাত ঘৰ- দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যবোৰ কংক্ৰীটৰ ভাৱে হাবিলৈ কৰিবলৈ ধৰিছে তাকে কব বিচাৰিছে।

বাখ্যা:-  সময়বোৰ যিদৰে সলনি হয়, সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল- বালি ইটা আদিৰে গঢ়ি তোলে। সেই চহৰ বুলি কংক্ৰীটেৰে গঢ়ি উঠা একেদৰে মানুহৰ মনবোৰে কংক্ৰীটেৰে গঢ়ি উঠে। মানুহৰ মনবোৰ সহজ- সৰল, কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মূহুৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা লবৰ বাবে কোনো কাৰো সময় নোহোৱা হৈ পৰিল। যিদৰে অৰণ্য জীৱ- জন্তু লুকালে বিচাৰি পোৱা সহজ নহয় একেদৰে মানুহৰ মনবোৰো যদি কংক্ৰীটৰ দৰে কঠিন হৈ পৰে তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেইবাবে হয়তো কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা সময়ৰ পিছত পুনৰ বিচাৰি নাপালে। মানুহৰ মনত মানবীয়তা, আন্তৰিকতা, সৌহাদ্যতা আদি নাথাকে তেন্তে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে কংক্ৰীটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানবীয়তা হেৰাই পশু সদৃশ হৈ উঠিছে বুলি।

দৃশ্যান্তৰ Class 10 Assamese ৰ ভাষা- বিষয়ক প্ৰশ্ন উত্তৰ

১) বিপৰীত শব্দ লিখা ।

কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ ।

উত্তৰ:- 

শব্দ (Word)বিপৰীত শব্দ (Opposite Word)
পোহৰআন্ধাৰ
কেঁচাপকা
গধূলিপুৱা
ৰূপঅৰূপ

২) এটাকৈ সমাৰ্থক শব্দ লিখা :

জোন, ঘৰ, চৰা, দাহ, উভতি।

উত্তৰ:- 

শব্দ (Word)সমাৰ্থক শব্দ (Opposite Word)
জোনচন্দ্ৰ
ঘৰআবাস
চৰাঅধিক
দাহপোৰা
উভতিউলটি

৩) নঞাৰ্থক শব্দ গঠন কৰা :

শান্তি, চিনাকি, সহায়।

উত্তৰ:- 

শান্তি – অ+ শান্তি =

চিনাকি – অ + চিনাকি = অচিনাকি

সহায় – অ + সহায় = অসহায়।

৪। `নমস্কাৰ’ শব্দটো সন্ধি ভাঙিলে এনে হব – নমঃ + কাৰ। – এনেদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।

উত্তৰ:- 

পুৰঃ + কাৰ = পুৰস্কাৰ

পৰিঃ + কাৰ = পৰিস্কাৰ

নিঃ + কাৰ = নিৰাকাৰ

বহিঃ + কাৰ = বহিস্কাৰ।

দৃশ্যান্তৰ Class 10 Assamese ৰ অতিৰিক্ত প্ৰশ্নোত্তৰ

ক) হৰেকৃষ্ণ ডেকাই কিমান চনত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰ:- হৰেকৃষ্ণ ডেকাই ১৯৪৩ চনত জন্মগ্ৰহণ কৰিছিল।

খ) হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?

উত্তৰ:- হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হল – `আগন্তুক’।

গ) হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰ:- হৰেকৃষ্ণ ডেকা `The Sentinel’ নামৰ কাকতৰ সম্পাদক আছিল।

ঘ) হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰ:- হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

ঙ) হৰেকৃষ্ণ ডেকাই কিমান চনত `অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰিছিল?

উত্তৰ:- হৰেকৃষ্ণ ডেকাই ২০১০ চনত `অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰিছিল।

চ) কবিয়ে ২৫ বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা কেনে আছিল?

উত্তৰ:- কবিয়ে ২৫ বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা বৃদ্ধ আৰু নু্্যব্জ্য আছিল।

ছ) কবিতাটোৰ সাতমহলীয়া ঘৰটোৰ ওচৰে পাঁজৰে কি আছিল?

উত্তৰ:- কবিতাটোৰ সাতমহলীয়া ঘৰটোৰ ওচৰে- পাঁজৰে কেইবাটাও অট্টালিকা আছিল।

জ) মানুহজনে কবিক কি বিচাৰি অহাৰ কথা সুধিছিল?

উত্তৰ:- মানুহজনে কবিক ভাৰাঘৰ বিচাৰি অহাৰ কথা সুধিছিল।

২)বাখ্যা কৰা:-

  “ভাৰাঘৰ বিচাৰি আহিছা

এই কুবেৰৰ মহলাত! কত পাবা

আৰু পালেও কি শান্তিত থাকিবা ইয়াত”।

উত্তৰঃ প্ৰসংগ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত `দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি:- উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে বৰ্তমান সময়ত মানুহে বাস কৰা ঘৰবোৰ ডাঙৰ হৈ পৰিলেও মানুহৰ মনবোৰ যেন দিনে দিনে ঠেক হৈ পৰিছে আৰু মানৱীয় গুণ তথা শান্তি বোৰ নাইকিয়া হৈ গৈছে তাকে কৈছে।

বাখ্যা:- সময় পৰিৱৰ্তনৰ লগে লগে প্ৰাকৃতিক, সামাজিক পৰিৱেশ আদিও সলনি হয়। কবিয়ে ভাৰাঘৰ বিচাৰি যোৱা মানুহ বুলি ভাবি সাতমহলীয়া ঘৰটোত থকা বৃদ্ধ মানুহজনে সুধিছিল। লগতে মানুহজনে কবিক কৈছিল যে কুবেৰৰ মহলাত ভাৰাঘৰ পোৱাৰ সম্ভাৱনা কম আৰু যদিও পাই তাত শান্তিত থাকিব নোৱাৰিব। কবিক মানুহজনে ভাৰাঘৰ নাই বুলি কলেও তাত থকা মানু্হবোৰৰ মনৰ কথাও কৈছে। ঘৰবোৰ যিমান ডাঙৰ বা বিশাল হলেও তাত থকা মানুহবোৰৰ মনবোৰ ঠেক বুলি কৈছিল। যিদৰে কৃপনৰ ধন কোনো কামত নাহে, একেদৰে নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো একো মূল্য নাই বুলি কৈছে। সাতমহলীয়া ঘৰটোত বাস কৰা লোকসকলে কেৱল ধন- সোণ উপাৰ্জ্জন কৰি যখৰ দৰে ৰাখিবহে জানে। কাৰোবাৰ বিপদত সহায় কৰিবলৈ বা কোনোবা মৰিলে দাহ কৰিবলৈ এটকা দিবলৈ তেওঁলোক অনিচ্ছৃক। গতিকে যি স্হানৰ স্বাৰ্থপৰ মানুহে বাস কৰে আৰু যি নিজেই প্ৰকৃত সুখৰ পৰা বঞ্চিত, তেনে স্হানৰ মানুহে শান্তিত থাকিব নোৱাৰিব বুলি তেওঁ কব বিচাৰিছিল।


Class 10 Assamese Question Answer Chapter 6 | ছাত্ৰ জীৱন আৰু সমাজ সেৱা

চমুকৈ উত্তৰ লিখা 

লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি?

উত্তৰঃ লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হল – ছাত্ৰ-ছাত্ৰীয়ে কি কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য।

বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি?

উত্তৰঃ বৰ্তমান প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ ঘাই দোষ। বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি কব পাৰি। উদাহৰণস্বৰূপে – বৰ্তমান সময়ৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথি পঢ়ি `দুখীয়াক মৰম কৰিব’, `দুখীয়াক সহায় কৰিব’ আদিৰ দৰে বহুতো বাক্য আজিৰ দিনৰ শিক্ষাৰ্থীয়ে আতৰাই থয়। বাস্তৱ জীৱনত কিন্তু ইয়াৰ অৰ্থ কি সেইয়া শিক্ষাৰ্থীয়ে উপলব্ধি কৰিবলৈ সক্ষম নহয়। কিয়নো আজিৰ দিনত শিক্ষকসকলেও শিক্ষাৰ্থীসকলক এনে ধৰণৰ বাক্যবোৰৰ অন্তৰ্নিহিত থকা প্ৰকৃত অৰ্থবোৰ বুজাই দিয়াৰ পৰিৱৰ্তে তেওঁলোকে শিক্ষাৰ্থীৰ বানানসমূহৰ গুৰুত্ব দিয়ে। শিক্ষকসকলে কত আ- কাৰ, ই- কাৰ, উ- কাৰ আদি শুদ্ধ কৰিছেনে ভূল কৰিছে সেইবোৰ চাই নিজৰ পাঠদানৰ কৰ্তব্য সামৰণি মাৰে। শিক্ষকসকলে কেতিয়াও এইটো গুৰুত্ব নিদিয়ে যে শিক্ষাৰ্থীসকলে পাঠটো পঢ়ি শুনি কিবা জ্ঞান লাভ কৰিছে নাই সেইতো গুৰুত্ব নিদিয়ে।শিক্ষকে কেৱল বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে নাই বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উৰ্ত্তীন হব পাৰিছেনে নাই সেইতো গুৰুত্ব দিয়ে। এইবোৰ হৈছে বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ।

ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে।

উত্তৰঃ ছাত্ৰসকলে দেশৰ ভৱিষ্যত, আশা- ভৰসাৰ কলি। সেয়েহে ছাত্ৰসকলে যিমানদূৰ সম্ভৱ হয় জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে।

ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে?

উত্তৰঃ ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা লাভ কৰিব পৰা উপযুক্ত স্থান হৈছে গাঁও অঞ্চল। এই কুৰি শতিকাৰ মাজভাগতো আমাৰ দেশৰ গাওঁসমূহত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰি আছে, ইয়াৰ বাহিৰেও কু- সংস্কাৰ, অন্ধবিশ্বাসে সকলো দিশ অন্ধকাৰ কৰি দেশৰ প্ৰগতি আৰু উন্নতিৰ পথটো হেঙাৰ হৈ থিয় দিছে। এই বাধাসমূহ দূৰ কৰিবলৈ হলে ছাত্ৰসকলে নিজৰ কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে গাঁওসমূহকে বাচি লৈ গাঁওবাসীক অজ্ঞানতা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি বিভিন্ন দিশৰ পৰা মুক্ত কৰি অভিজ্ঞতা লাভৰ দ্বাৰা কাৰ্যকৰী জ্ঞান অৰ্জন কৰিব লাগিব।

লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা?

উত্তৰ:- লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা।

উত্তৰ লিখা 

ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰেদেশসেৱাত ব্ৰতী হবলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ হলে শিক্ষাৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হব লাগে। একাগ্ৰতা হৈছে ছাত্ৰ জীৱনৰ উন্নতিৰ ঘাই মন্ত্ৰ। এই অৱস্থাত মনৰ গতি একমুখী হব লাগে, বহুমুখী হলে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাব খোজে। ছাত্ৰ হৈ থকা সময়ছোৱাত ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ললে, নাইবা বাহিৰত হৈ চৈ কোলাহল আদিত গা ঢালি দিলে ছাত্ৰই নিজ জীৱনত উন্নতি কৰিব নোৱাৰে। এনে কিছুমান কথা কাল আৰু পাত্ৰভেদে বিচাৰ কৰি চলিব লাগে।

    ছাত্ৰসকলে ছাত্ৰ জীৱনত শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলো বিধ শিক্ষাৰে অনুশীলন কৰিব লাগে। আমাৰ দেশত এই ধৰণৰ সকলো শিক্ষা প্ৰদান কৰা হয়। ছাত্ৰসকলে মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মনুষ্য জনম সাৰ্থক হব, সাংসাৰিক জীৱনত  মানুহে কি কাম কৰিলে কৃতকাৰ্য হব পাৰিব এই সকলোবোৰ ব্যৱহাৰিক তথা কাৰ্যকৰী জ্ঞান আহৰণ কৰাটো গুৰুত্ব দিব লাগে।

        ছাত্ৰসকল হল দেশৰ ভৱিষ্যত, আশা- ভৰসাৰ কলি। সেয়ে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমানদূৰ সম্ভৱ হয় জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে। দেশত বিৰাজ কৰি থকা নিৰক্ষৰতা, অজ্ঞানতা, কু- সংস্কাৰ তথা অন্ধবিশ্বাসৰে কবলৰ পৰা দেশবাসীক মুক্ত কৰাৰ চেষ্টা কৰিব লাগে। সৎ উপদেশ আৰু উদাহৰণেৰে নিজৰ ঘৰ তথা গাওঁখনক আদৰ্শ ঘৰ বা গাঁও কৰিবলৈ চেষ্টা কৰিব লাগে। শিক্ষাৰ্থীসকলে এই ধৰণৰ কাম বোৰত অংশগ্ৰহণ কৰিলেও শিক্ষা কালছোৱাত ছাত্ৰসকলে ছাত্ৰ জীৱনৰ সীমাত থাকিহে সমাজ তথা দেশৰ সেৱা কৰিব লাগিব।

এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।‘ – কোনখিনি শিক্ষা তেওঁলোকৰ (ছাত্ৰ– ছাত্ৰীসকলৰকাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।

উত্তৰঃ ছাত্ৰসকলে গাঁও অঞ্চলসমূহত ৰাজত্ব কৰা অজ্ঞানতা, নিৰক্ষৰতা, কু- সংস্কাৰ, অন্ধবিশ্বাস আদি সকলো দিশ অন্ধকাৰাছন্ন কৰি দেশৰ প্ৰগতি, উন্নতি আদিৰ পথত হেঙাৰৰূপে থিয় দিব লাগিব। ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে- ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লোকসকলক এই বিষয়ে চকু মুকলি কৰিব লাগিব। বাতৰি কাকত আৰু জ্ঞান তথা জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কুৰ্চুট- কপট গুচাবলৈ চাব লাগিব। গাঁৱত কোনো নৰীয়া আদি হলে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। উপদেশেৰে আৰু উদাহৰণৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব। এইবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ বাহিৰ নহয়, কিয়নো এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।

)আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰঃ আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ ইয়াৰ তিনি- চাৰি বছৰ আগেয়ে যি অৱস্থাত আছিল তাৰ তুলনাত আজি আমাৰ দেশসমূহে যথেষ্ট উন্নত পৰ্যায়ৰ। আমাৰ দেশৰ অধিকাংশ আজিও কিছু ক্ষেত্ৰত উন্নত হব পৰা নাই বুলিয়ো কবিয়ে পাঠটোৰ আধাৰত কৈছে। কিছুমান গাঁৱত আজিও পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অৱশন দেখিবলৈ পোৱা গৈছে। অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে। অজ্ঞানতা আৰু কু- সংস্কাৰে মানুহক আবৰি ধৰি আছে আজিও। নিজৰ ভৌতিক সম্পদৰ বাবে ইজনে সিজনৰ লগত হাই কাজিয়াত লিপ্ত হৈ পৰিছে। কানি- ভাং আদি বিভিন্ন ধৰণৰ নিচাসক্ত দ্ৰব্যই নিজৰ লগতে আনৰ উন্নতিৰ ফালে সমূলি ধৰিছে। কত কি হৈছে তেওঁলোক কানসাৰ নকৰি হাতত হাত সাৱটি বহি ৰৈছে এচাম মানুহে। একেডোখৰ মাটিতে সাৰ- জাবৰ দি কেনেদৰে তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি, কেনেকৈ গৰু জাতিটোক ভালদৰে পুহ- পাল দি নিজৰ অৱস্থা টনকিয়াল কৰিব পাৰি এনেবোৰ কথা তেওঁলোকৰ চিন্তনীয় বিষয় হৈ পৰিছে। মুঠতে কবলৈ গলে শিক্ষাৰ অভাৱে গাওঁসমূহক উন্নত দিশত যোৱাত কিছু বাধা দিছে।

বাখ্যা কৰা

পঢ়াইপঢ়েৰোৱে পাণ।এই তিনিয়ে নিচিন্তে আন 

উত্তৰঃ 

প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা’ ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে ইয়াকে কব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষাৰ্থী আৰু শিক্ষকে কোনো কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে সুফল লাভ কৰিব।

বাখ্যা :- পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হল এটা প্ৰধান গুণ। যিকোনো কাম একাগ্ৰতাৰে নকৰিলে কাম কেইটাত সিদ্ধি লাভ কৰিব নোৱাৰি। ছাত্ৰ- ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কামৰ লগত জড়িত শিক্ষক- শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ন নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা দান কাৰ্যত কেতিয়াও সিহঁতে সফল হব নোৱাৰে। ছাত্ৰ- ছাত্ৰীসকলেও সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰচিও হব লাগে। তেতিয়াহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানা ধৰণৰ জ্ঞান অৰ্জন কৰি পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হব পাৰিব। আকৌ যিসকলে পাণৰ খেতি কৰে সিহঁতেও পাণৰ খেতিৰ নিয়মিত যতন কৰি থাকিব লাগিব। নিয়মিত ভাৱে সাৰ- পানী আদি যোগান ধৰিব লাগিব। মানুহে যিকোনো কাম কৰিবলৈ হলে একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিব লাগে। একাগ্ৰতা আৰু নিষ্ঠাৰে যিকোনো কাম কৰিলে সফলতা পোৱা যায়। মুঠতে মানুহৰ জীৱনৰ উন্নতি লাভৰ ক্ষেত্ৰত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে। এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয়।

কমাৰশালত গঢ়িবলৈ হলে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হলে পানীত ননমাকৈ নহয়।

উত্তৰঃ

প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা’ ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

 সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে কোনো এটা বিষয়ৰ প্ৰকৃত শিক্ষা, উপযুক্ত পৰিৱেশ আদিত হাতে কামে লাগিহে যে জ্ঞান অৰ্জন কৰিব পাৰি তাক কৈছে।

 বাখ্যা:- কমাৰশালত কোনো বস্তু গঢ় দিয়াৰ আগতে জুইশালত তপতাই তাক গঢ় দিব পৰাকৈ প্ৰস্তুত কৰি লয়। তেনেদৰে শিক্ষাৰ্থীসকলক জীৱন সংগ্ৰামত মোকাবিলা কৰিবৰ বাবে প্ৰথমতে অভিজ্ঞতা দিয়া হয়। সেই অভিজ্ঞতা প্ৰথমতে নিজৰ ঘৰৰ পৰা দিয়া হয় আৰু তাৰ পিছত বিদ্যালয় এখনে প্ৰদান কৰে। যিদৰে এটুকুৰা লোহাক পিটি পিটি দা- কুঠাৰ, কটাৰি আদি গঢ়িবলৈ জুইশালতে আঘাত সহিব পৰাকৈ প্ৰস্তুত কৰি লোৱা হয়। তেনেদৰে শিক্ষাৰ্থীসকলকো সংসাৰৰ দুখ- সুখ, কষ্ট, তপবাত আদি সহিব পৰাকৈ প্ৰথমতে মানুহে নিজৰ ঘৰ আৰু বিদ্যালয়তে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয়। শিক্ষাৰ্থীসকলক যিকোনো বিষয়ে প্ৰকৃত জ্ঞান প্ৰদান কৰিবলৈ হলে সেই বিষয়টো সম্পৰ্কীয় পৰিৱেশৰ অতি প্ৰয়োজন। যেনেদৰে সাঁতোৰ শিকিবলৈ হলে পানীত নামিব লাগে। ঠিক তেনেদৰে যিকোনো বিষয় এটাৰ প্ৰকৃত জ্ঞান অকল পাঠ্যপুথি পঢ়ি অৰ্জন কৰিব নোৱাৰি, তাক হাতে কামে কৰিহে সেই বিষয়টোৰ প্ৰকৃত জ্ঞান অৰ্জন কৰিব পাৰি।

এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল হৈ মাতৃপূজাত লাগে। কাইঁট– কলি এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে।

উত্তৰঃ 

প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা’ ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

 সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা কবিয়ে সকলো জ্ঞান আৰু শিক্ষাৰে সু পৰিপুষ্ট হৈ পূৰ্ণতা লাভ কৰা ব্যক্তিৰ দ্বাৰাহে যে এখন সমাজ তথা দেশ এখনৰ মংগল সাধন হয় তাকে কৈছে।

 বাখ্যা :- যিকোনো এটা কাম কৰিবলৈ হলে মানুহক জ্ঞান আৰু দক্ষতাৰ প্ৰয়োজন হয়। এই জ্ঞান আৰু দক্ষতাৰে মানুহে এদিনতে আহৰণ কৰিব নোৱাৰে। এই জ্ঞান আৰু দক্ষতা অৰ্জন কৰিবলৈ হলে মানুহে লগে লগে শিকি যাব লাগিব। যিদৰে গছ এজোপা ৰোপন কৰিলে নহয়, তাত সময় মতে পানী, সাৰ আদি দিব লাগে। তেতিয়াহে গছ জোপা ডাঙৰ হৈ প্ৰথমতে কলি ওলাব, তাৰ পিছত সেই কলি বিকশিত হৈ ফুল হব আৰু শেষত ফল দিব ; সেইদৰে ছাত্ৰ অৱস্থাত যিমানদুৰ সম্ভৱ জ্ঞান আহৰণ, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান অৰ্জন কৰি পৰিপুষ্ট হৈ দেশৰ সেৱাৰ বাবে উপযুক্ত হৈ উঠিব লাগিব। দেশসেৱাত ব্ৰতী হবলৈ হলে বহুমুখী শিক্ষাৰ অতিকৈ প্ৰয়োজন হয়।অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কোনো কাম কৰিলে দেশৰ কোনো মংগল নহয়, বৰঞ্চ দেশৰ অমংগলহে হোৱাৰ সম্ভাৱনা বেছি। যিদৰে অপৰিপক্ক ফল খালে দেহৰ কোনো কামত নালাগে ঠিক একেদৰে অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কৰা কোনো কামে দেশৰ হিত সাধনত সহায় কৰিব নোৱাৰে।

নৰ সেৱাই নাৰায়ণ সেৱা।

উত্তৰঃ  প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা’ ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

 সংগতি :- উক্ত কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ সেৱা কৰিলেই যে ভগৱান সন্তুষ্ট হয় আৰু মানুহক সেৱা কৰিলে যে মানৱ জীৱন সাৰ্থক হয় তাকে কব বিচাৰিছে।

 বাখ্যা:- মানুহে মংগলৰ অৰ্থে সৰ্বশক্তিমান নাৰায়ণক সেৱা- অৰ্চনা কৰে। মানুহে কেৱল নিজৰ মংগলৰ বাবে পূজা-  অৰ্চনা কৰিলে সমাজ তথা বিশ্বৰ কোনো উপকাৰ নহয়। এনে ধৰণে নিজৰ হিতৰ বাবে পূজা অৰ্চনা কৰিলে মানুহ দিনে দিনে স্বাৰ্থপৰ হৈ পৰে। এনে স্বাৰ্থপতাৰ বাবে মানুহে ভগৱানৰ কৃপা দৃষ্টিৰ পৰাও বঞ্চিত হব লগা হয়। কিন্তু যি মানুহে আনৰ দুখ কষ্ট দেখি আনক সহায় কৰিবৰ বাবে আগবাঢ়ি যায়, সমাজৰ হিতৰ বাবে সদায় প্ৰস্তুত হৈ থাকে তেনে মানুহৰ মন প্ৰাপ্তিৰে আৰু সন্তুষ্টিৰে ভৰি থাকে। মানুহৰ মন সন্তুষ্টি আৰু প্ৰাপ্তিৰে ভৰি থাকিলে মানুহৰ মনতো পবিত্ৰ মন্দিৰৰ দৰে অনুভৱ হয়। তেতিয়া মানুহজনে ভগৱান বিচাৰি পোৱা জেন অনুভব কৰে। সেয়েহে লিখকে কৈছে যে নাৰায়ণ পূজাৰ বাবে কোনো আয়োজনৰ দৰকাৰ নাই। তাৰ বিপৰীতে মানুহৰ পূজা- অৰ্চনা অৰ্থাৎ শুশ্ৰূষা কৰিলে ভগৱানক পূজা কৰা হব।

ভাষা- বিষয়ক | Class 10 Assamese Question Answer

বিপৰীত শব্দ লিখা :

নিস্কৰ্মা, ক্ৰটি, সহযোগিতা, দেশহিতৈষিতা, প্ৰৌঢ়।

নিস্কৰ্মাকৰ্মী
ক্ৰটিশুদ্ধ, সঠিক
সহযোগিতাপ্ৰতিযোগিতা
দেশহিতৈষিতাদেশদ্ৰোহিতা
প্ৰৌঢ়যুৱ

সমাৰ্থক শব্দ লিখা :

কাৰ্যকৰী, প্ৰকৃত, সাম্য, আনমনা, অৰ্থকৰী, কাপ, কাকত।

কাৰ্যকৰীকৰ্মমুখী, কাৰ্যোপযোগী
প্ৰকৃতআচল, যথাৰ্থ
সাম্যসমান
আনমনাঅমনোযোগী, অন্যমনস্ক
অৰ্থকৰীলাভজনক, ধন অৰ্জনকাৰী
কাপকলম
কাকতকাগজ, তুলাপাত

বাক্য ৰচনা কৰা :-

নীতি- বচন, কাপ- কাকত, কুৰ্চুট- কপট, জনক- জননী, লোণ- তেল।

উত্তৰঃ

নীতি- বচন:- মহৎলোকৰ নীতি- বচন অামি মানি চলিব লাগে।

কাপ-কাকত:- মধুই শিক্ষকে দিয়া কথাবোৰ

কাপ-কাকতত লিখি ৰাখিছে।

কুৰ্চুট-কপট:- মানুহে নিজৰ মনত কুৰ্চুট-কপট পখিলে কেতিয়াও জীৱনত প্ৰকৃত সুখ লাভ নকৰে।

জনক-জননী:- গাঁও একেধাৰে নগৰৰ জনক-জননী।

লোণ-তেল:- ৰমেনে অত বছৰৰ মূৰত ঘৰলৈ আহি লোণ-তেল দি খোৱা ভাত কেইটাতো পৰম তৃপ্তি পালে।

অতিৰিক্ত অতি চমু প্ৰশ্নোত্তৰ

ডিম্বেশ্বৰ নেওগৰ কেতিয়া আৰু কত জন্ম হৈছিল?

উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ ১৮৯৯ খ্ৰীঃ ত শিৱসাগৰৰ কমাৰফদীয়া গাঁৱত জন্ম হৈছিল।

ডিম্বেশ্বৰ নেওগৰ পিতৃ নাম কি আছিল?

উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ পিতৃ নাম মানিক চন্দ্ৰ নেওগ আছিল।

ডিম্বেশ্বৰ নেওগৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ ১৯৬৬ চনত মৃত্যু হৈছিল।

ছাত্ৰ জীৱন কি লাভৰ সময়?

উত্তৰঃ ছাত্ৰ জীৱন শিক্ষা লাভৰ সময়।

শিক্ষাৰ্থীসকলৰ উন্নতিৰ ঘাই মন্ত্ৰ কি?

উত্তৰঃ শিক্ষাৰ্থীসকলৰ উন্নতিৰ ঘাই মন্ত্ৰ হল একাগ্ৰতা

লিখক পাঠটিত কিহক ন্যায় বুলিব নোৱাৰাৰ কথা কৈছে?

উত্তৰঃ লিখকে পাঠটিত জ্ঞান অৰ্জনৰ কালত জ্ঞান বিতৰণ কৰিবলৈ যোৱাটোক ন্যায় বুলিব নোৱাৰাৰ কথা কৈছে।

নগৰৰ জনকজননী কি?

উত্তৰঃ নগৰৰ জনক-জননী গাঁও।

`ছাত্ৰ– জীৱন আৰু সমাজসেৱা‘ পাঠটোৰ লিখক জনৰ নাম কি?

উত্তৰঃ `ছাত্ৰ- জীৱন আৰু সমাজসেৱা’ পাঠটোৰ লিখক জনৰ নাম হল – ডিম্বেশ্বৰ নেওগ।

`পঢ়াইপঢ়েৰোৱে পাণএই তিনিয়ে নিচিন্তে আন।‘ – ইয়াত পঢ়া শব্দটোৱে কি বুজাইছে?

উত্তৰঃ ইয়াত `পঢ়া’ শব্দটোৱে কিতাপৰ পৰা দুটা কথা আত্তৰোৱাক বুজোৱা নাই, `পঢ়া’ শব্দটোৱে ইয়াত প্ৰকৃত শিক্ষা লাভ কৰা কথাক বুজাইছে।

`ছাত্ৰৰ একাগ্ৰতা সঁচাকৈয়ে উন্নতিৰ ঘাই মন্ত্ৰ।‘ – কথাষাৰ তাৎপৰ্য বুজাই লিখা।

উত্তৰঃ ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হৈছে শিক্ষা অৰ্জন কৰা। ছাত্ৰ জীৱনৰ উদ্দেশ্য সফল কৰিবলৈ হলে শিক্ষাৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হব লাগে। কাৰণ ছাত্ৰৰ একাগ্ৰতাই হৈছে উন্নতিৰ ঘাই মন্ত্ৰ। শিক্ষাৰ সময়ছোৱাত শিক্ষাৰ্থীয়ে মনৰ গতি একেমুখী কৰি ৰাখিব লাগে। মনৰ গতি বহুমুখী হলে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পোৱাৰ সম্ভাৱনা থাকে। পঢ়াৰ প্ৰতি আগ্ৰহ নাথাকিলে, সংগদোষত পৰি নানা ধৰণৰ অপৰাধ আৰু কু- কৰ্মত লিপ্ত হব পাৰে। তেতিয়াই শিক্ষা জীৱন ধ্বংস হৈ ছাত্ৰত্ব লোপ পাবলৈ ধৰে। ছাত্ৰসকলে নিজৰ মন- মগজুৰে শিক্ষা অৰ্জনত ব্ৰতী হব লাগে। একাগ্ৰতা আৰু সাধনাই ছাত্ৰীসকলক উন্নতিৰ দিশত আগবঢ়াই নিয়ে। অৰ্থাৎ কোনো এক লক্ষ্য বা উদ্দেশ্য সিদ্ধিৰ বাবে ছাত্ৰসকলে একান্ত মনেৰে চেষ্টা কৰিলে সেই উদ্দেশ্যেত সফলতা লাভ কৰিব পাৰে।


Class 10 Assamese Question Answer Chapter 7 | ভাৰতীয় সংস্কৃতি

ভাৰতীয় সংস্কৃতিৰ সাৰাংশ

ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্ধয়ৰ সংস্কৃতি যুগ যুগ ধৰি আৰ্য ,অনাৰ্য , মংগোলীয় , দ্ৰাবিড়ী আদি বিভিন্ন গোষ্ঠী সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতি ৰচিত হৈছে। অতিজতে প্ৰীক,হুন,শক আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। ভাষণ , সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ , বিশেষকৈ শিল্পকলা দৰ্শন ভাস্কৰ্য , ৰাজনৈতিক আদৰ্শ , চিএ কলা আদি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা আদান প্ৰদান বিনিময় আদিৰ মাজেৰে পৰিবৰ্তিত  ভাৰতীয় সংস্কৃতি স্বৰূপে আত্মপ্ৰকাশ কৰিছে। ক্ৰমবধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি বুলি কোৱা হৈছে।

সভ্য সমাজ অবিহনে সৃষ্টিমূলক যি কোনো কাম হাতত লোৱাটো ব্যত্তিৰ সাপেক্ষে সম্ভৱপৰ নহয়। ভাৰতীয় সংস্কৃতি মৰ্মস্হলী সুসং গঠিত আৰু শক্তিশালী হোৱাৰ বাবে বাহিৰৰ পৰা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্ৰবাহিত হৈ যাবলৈ সক্ষম হৈছিল।

ভাষা , সাহিত্য , সুকুমাৰ কলা , দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ হোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি।  আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্মৰ ইতিহাসত সমন্বয়ৰ বাৰ্তা বহন কৰিছিল। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীত এই বিষয়ে অনুমান কৰাত সহায় আগ বঢ়াইছে ।

ভাৰতত আদিম অধিবাসীসকলৰ অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল যদিও সংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্থৰ কৃষ্ঠি সমল গ্ৰহন কৰি স্বকীয় সংস্কৃতিত পৰিবৰ্ধন কৰিছিল । প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক হে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হৈছিল। চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত এক অভূতপূৰ্ব সাদৃশ্য দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পৰা আমি সুকুমাৰ কলা, শিল্পী, সাহিত্য, ভাস্কৰ্য আদি সকলো ভাৰতীয় জীৱনৰ প্ৰাণ স্বৰূপ সমণ্বয়ৰ ইংগিত পাই আহিছিলো।

 আনহাতে হিন্দু ভাস্কৰ্য কলাৰ কেতবোৰ নিদৰ্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱা নিদৰ্শন পোৱা গৈছে। সাংস্কৃতিক ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শন জন্ম দিছিল।

মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰ-শিল্পৰ নতুন বীৰাৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ এই ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা লমষ্ঠি জীৱনৰ কোনো সংবাদ নাছিল।  আধ্যাত্মিকতাবাদে প্ৰাক-মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল। সামাজিক জীৱন ধাৰাত ব্যক্তি মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্চস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা চলাইছিল। পদদলিত সাধাৰণ মানুহে অদষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি পৰাজয় স্বীকাৰ কৰি লৈছিল।

সাহিত্য সম্পদৰ দিশৰ পৰাও ভাৰতীয় সংস্কৃতি উল্লেখনীয়ভাৱে চহকী। সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল যদিও আধ্যাত্মিকতাৰ দিশত ই আছিল অতন্ত্য চহকী। পাঠদান আৰু মোগলৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উকৰ্ষ লাভ কৰিছিল। সেইদৰে মাহাৰাষ্টৰ ভক্তিমূলক কাব্য সাহিত্যৰো সৌৰভ বিশ্বজনীত। অতীজৰ স আৰু সত্য়ৰূপে স্বীকৃত সাংস্কতিক সম্পদৰ সৈতে বৰ্তমান সাংস্কৃতিৰ ভেটি-নিৰ্মাণৰ চেষ্টা কৰিলেহে ভাৰতীয় সংস্কৃতিয়ে নব্যৰূপ লাভ কৰিব বুলি কবিয়ে আশা প্ৰকাশ কৰিছে। ভাৰতীয় সমণ্বয়ৰ আৰ্হি আগত ৰাখিহে যুগজয়ী ৰূপত আগবঢ়া উচিত।

ভাৰতীয় সংস্কৃতি Class 10 Assamese ৰ চমু উত্তৰ

১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ? 

উঃ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ’ল- ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি ।

২। ‘ ফ্ৰম ভলগা টু গংগা ‘ কাৰ ৰচনা ?

উঃ ‘ ফ্ৰম ভলগা টু গংগা’ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা।

৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘ কালিয়দমন ‘ কি আখ্যা দিছে ?

উঃ সৰ্ৱপল্লী ৰাধাকৃষ্ণণে কালিয়দমন’ ৰ আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী  নৃত্য বুলি আখ্যা দিছে ।

৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?

উঃ প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ।

৫।শিৱ আৰু শক্তি পূজাৰ মূল  আৱিষ্কাৰ হৈছিল ?

উঃ প্ৰত্নতাত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল ।

ইছলাম ভাস্কৰ্যৰ মূল সম্পদ 

উঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ’ল- গঠনৰ সৰলতা আৰু সূক্ষ্মতা। 

অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাবিবস্ত্ত দুটা কি কি?

উঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাবিবস্ত্ত দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।

গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সম্বন্ধয়ৰ বস্তু  লাগে বুলি মত প্ৰকাশ কৰিছে। 

উঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সম্বন্ধয়ৰ বস্তু হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে। 

৯) সুকুমাৰ কলাৰ ভিতৰত কি শিল্পক বেছি স্হায়ী বোলা হৈছে ? 

উঃ সুকুমাৰ কলাৰ ভিতৰত চিজ শিল্পক বেছি স্হায়ী বোলা হৈছে।

ভাৰতীয় সংস্কৃতি Class 10 Assamese ৰ বহল উত্তৰ

১। হেম বৰুৱা সাহিত্য চৰ্চা সম্পৰ্কে এটি পৰিচয় দিয়া 

উত্তৰঃ অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা । মৃত্যুৰ আগমূহূৰ্তলৈকে তেওঁ মুঠ ৩৫ খন গ্ৰন্থ ৰচনা কৰিছিল । মমতাৰ চিঠি , আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য । কালিচন্দা (১৯৫৯ ) আৰু মনময়ূৰী (১৯৬৫) তেওঁৰ কবিতা সংকলন। ইয়াৰ বাহিৰেও তেখেতে ‘আধুনিক সাহিত্য’ ,সাগৰ দেখিছা’, ‘ মানমিহলি’, ‘ৰঙা কৰবী ফুল’, ‘ কিউপিড আৰু ছাইকি’, ‘বালিচন্দা’ , ‘ এই গাওঁ ও এই গীত’, ‘ কন্নকী’, ‘মেকং নৈ দেখিলোঁ’ ,’ ‘ ইজৰাইল’, ‘স্মিতিৰ পাপৰি’ ইত্যাদি উল্লেখযোগ্য পূথি । বৰুৱা দেৱে ‘ the red river and the blue hill ‘ নামৰ ইংৰাজী গ্ৰন্থ খনো ৰচনা কৰি উলিয়াইছিল । ‘পছোৱা’ নামৰ মাহেকীয়া আলোচনীখনৰ তেখেতে সম্পাদকৰ দায়িত্ব বহন কৰিছিল।

২। ‘ ভাৰতীয় সংস্কৃতি‘ পাঠটোৰ সাৰাংশ লিখা।

উত্তৰঃ  ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্ধয়ৰ সংস্কৃতি যুগ যুগ ধৰি আৰ্য ,অনাৰ্য , মংগোলীয় , দ্ৰাবিড়ী আদি বিভিন্ন গোষ্ঠী সংস্কৃতি লগ হৈ 

ভাৰতীয় সংস্কৃতি (মাগৰ *)  ৰচিত হৈছে। অতিজতে প্ৰীক,হুন,শক আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। ভাষণ , সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ , বিশেষকৈ শিল্পকলা দৰ্শন ভাস্কৰ্য , ৰাজনৈতিক আদৰ্শ , চিএকলা আদি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা আদান প্ৰদান বিনিময় আদিৰ মাজেৰে পৰিবৰ্তিত  ভাৰতীয় সংস্কৃতি স্বৰূপে আত্মপ্ৰকাশ কৰিছে। ক্ৰমবধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি বুলি কোৱা হৈছে। সভ্য সমাজ অবিহনে সৃষ্টিমূলক যি কোনো কাম হাতত লোৱাটো ব্যত্তিৰ সাপেক্ষে সম্ভৱপৰ নহয়। ভাৰতীয় সংস্কৃতি মৰ্মস্হলী সুসং গঠিত আৰু শক্তিশালী হোৱাৰ বাবে বাহিৰৰ পৰা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্ৰবাহিত হৈ যাবলৈ সক্ষম হৈছিল। ভাষা , সাহিত্য , সুকুমাৰ কলা , দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ হোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি । আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্মৰ ইতিহাসত সমন্বয়ৰ বাৰ্তা বহন কৰিছিল। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীত এই বিষয়ে অনুমান কৰাত সহায় আগ বঢ়াইছে ।

ভাৰতত আদিম অধিবাসীসকলৰ অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল যদিও সংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্থৰ কৃষ্ঠি সমল গ্ৰহন কৰি স্বকীয় সংস্কৃতিত পৰিবৰ্ধন কৰিছিল । প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক হে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হৈছিল। চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত এক অভূতপূৰ্ব সাদৃশ্য দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পৰা আমি সুকুমাৰ কলা, শিল্পী, সাহিত্য, ভাস্কৰ্য আদি সকলো ভাৰতীয় জীৱনৰ প্ৰাণ স্বৰূপ সমণ্বয়ৰ ইংগিত পাই আহিছিলো।

আনহাতে হিন্দু ভাস্কৰ্য কলাৰ কেতবোৰ নিদৰ্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱা নিদৰ্শন পোৱা গৈছে। সাংস্কৃতিক ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শন জন্ম দিছিল।

মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰ-শিল্পৰ নতুন বীৰাৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ এই ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা লমষ্ঠি জীৱনৰ কোনো সংবাদ নাছিল।  আধ্যাত্মিকতাবাদে প্ৰাক-মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল। সামাজিক জীৱন ধাৰাত ব্যক্তি মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্চস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা চলাইছিল। পদদলিত সাধাৰণ মানুহে অদষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি পৰাজয় স্বীকাৰ কৰি লৈছিল।

সাহিত্য সম্পদৰ দিশৰ পৰাও ভাৰতীয় সংস্কৃতি উল্লেখনীয়ভাৱে চহকী। সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল যদিও আধ্যাত্মিকতাৰ দিশত ই আছিল অতন্ত্য চহকী। পাঠদান আৰু মোগলৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উকৰ্ষ লাভ কৰিছিল। সেইদৰে মাহাৰাষ্টৰ ভক্তিমূলক কাব্য সাহিত্যৰো সৌৰভ বিশ্বজনীত। অতীজৰ স আৰু সত্য়ৰূপে স্বীকৃত সাংস্কতিক সম্পদৰ সৈতে বৰ্তমান সাংস্কৃতিৰ ভেটি-নিৰ্মাণৰ চেষ্টা কৰিলেহে ভাৰতীয় সংস্কৃতিয়ে নব্যৰূপ লাভ কৰিব বুলি কবিয়ে আশা প্ৰকাশ কৰিছে। ভাৰতীয় সমণ্বয়ৰ আৰ্হি আগত ৰাখিহে যুগজয়ী ৰূপত আগবঢ়া উচিত।

  ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমণ্বয়ৰ বস্তু‘ এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, ‘ভাৰতীয় সংস্কৃতি‘ পাঠটোৰ আধাৰত বিচাৰ কৰা।

উত্তৰঃ হেম বৰুৱাই ভাৰতীয় সংস্কতি পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপে সম্পৰ্কে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমণ্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল যদিও নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়েও বিভিন্ন জাতি উপজাতিৰ ভাষা- সংস্কৃতিয়ে বিশালতা প্ৰদান কৰি আহিছে আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰবিড়, গ্ৰীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ প্ৰবাহমান সোঁতৰ সমণ্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে। ইয়াৰ মূল কাৰণ হ’ল ভাৰতৰ ভৌগোলিক পৰিৱেশ। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ নন মানৱপুঞ্জত ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে পেৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ বৰঙনি যোগাইছিল। বিভিন্ন দেৱ-দেবীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, সেই বোৰ প্ৰায়ে দ্ৰবিড় সকলৰ প্ৰভাৱত হোৱা বুলি ক’ব পাৰি। ইয়াৰ বাহিৰেও মৃতকক সকাৰ কৰা, লিংগ পূজা কৰা আদিও অনাৰ্য্য যুগৰ অৱদান আছিল। ভাৰতীয় ৰাজনীতি, সমাজকনীতি শিল্প, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য আদি যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান প্ৰদানৰ মাজেৰে ভাৰতীয় সংস্কৃতি জিয়াই ৰখা হৈছিল। 

ওপৰৰ আলোচনাৰ পৰা ইযাকে বুজা গ’ল যে ভাৰতীয় সংস্কৃতি হ’ল এক সংমিশ্ৰিত সংস্কৃতি। 

৪। ‘সভ্যতা আৰু সংস্কৃতি ‘ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ ‘সভ্যতা আৰু সংস্কৃতি’ — এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই দুয়োটা শব্দৰ ক্ষেত্ৰত এটাৰ সলনি আনটো শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকহে বুজায়। এই সভ্যতা  শব্দটোৰ প্ৰধান মাপকাঠী হ’ল সমাজ এখন বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থা, সভ্যতা হ’ল দক্ষতা, পুখ-সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৈদ্বিক চিন্তা-ধাৰা, আচাৰ ব্যৱহাৰ আদি আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতি প্ৰধান মাপকাঠী হ’ল — ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি। অৰ্থা সংস্কৃতি যিকোনো জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ-পোচাক আদি।

সভ্যতা যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উখান-পতনৰ সৈতে জড়িত হৈ থকে, কিন্তু সংস্কৃতি সেই জাতী বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ লৈতে হৈ জড়িত থাকে। সভ্যতাৰ কোনো সংমিলশ্ৰন নঘতে। সংস্কৃতি হৈছে মানৱ কৃতিৰ শ্ৰেষ্ঠ অংশ। ব্যত্তিৰ ব্যত্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনস্বীকাৰ্য। 

সেইবাবে সংস্কাৰ বা পৰিমাৰ্জন সংস্কৃতিৰ বা অপৰিহাৰ্য সভ্যতাৰ বিকাশৰ বাবে জ্ঞানৰ বিকাশ হোৱাটো অপহাৰ্য। শিক্ষা ব্যবস্থা আৰু যোগাযোগ ব্যৱস্থাই মানৱ সভ্যতাৰ বিকাশৰ যথেষ্ট প্ৰভাৱ পেলায়। সভ্যতাই দৰাচলতে মানুহৰ বহিজীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তজীৱন প্ৰতিনিধিত্ব কৰে সভ্যাগ আৰু সংস্কৃতিক এই দুয়োটা শব্দৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যখ্যা দিয়া সম্ভব নহয়। সভ্যটাই সমাজ এখনৰ সু- শৃংখল কৰি সংস্কৃতি এটা গঢ়াৰ দিয়াত সহায় কৰে। 

উত্তৰ ভাৰতীয় , ভাস্কৰ্যৰ বিষয়ে তোমাৰ প্যাঠ্যপুথিৰ সহায়ত লিখা। 

উত্তৰঃ উত্তৰ ভাৰতৰ দৰে দক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপতীয়াকৈ পৰা নাছিল। অৰ্থাৎ ইয়াত এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা গৈছিল। এই পদ্ধতিয়ে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ ৰঙীন কৰি তুলিছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত ইছলামীয় যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বক্ৰ আৰু বৃত্তৰেখাৰ প্ৰাদুৰ্ভাৱ অতি সৰহ আছিল। ই আচলতে সংহতিৰ ভাস্কৰ্যহে আছিল। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰলতা দেখিবলৈ পোৱা গৈছিল। আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তুহে। ইয়াক কোনো প্ৰকাৰেই সম্পুৰ্ণৰূপে ইছলামীয় বুলিব পৰা নাযায়। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছিল। ইয়াৰ বিপৰীতে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছিল। এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছিল। তাজমহল, ফটেহপুৰ চিক্ৰি, ইচমৎদৌল্লাৰ আদি এনে কাৰু- কাৰ্য খোদিত উত্তৰ ভাৰতীয় ভাস্কৰ্য্যৰ আৰ্হি। এয়াই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।

অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ অজন্তাৰ গুহাৰ অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাসৰ যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্হান অধিকাৰ কৰি আহিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হল – চিত্ৰশিল্প। অজন্তাৰ চিত্ৰবোৰত মূলত দুটা ভাৱ বস্তুৰ প্ৰকাশ পাইছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকণ কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে – জীৱন আনন্দ উচ্ছাসময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, গতি, প্ৰেম আৰু যৌনতা ফুটি উঠিছিল। আনফালে আকৌ প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা ফুটি উঠিছে। ভাব বস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল। দুয়োবিধ ছবিতে পুৰুষ মহিলা, শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।

মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।

উত্তৰঃ মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ ধাৰাটোৰ মূলতে প্ৰচুৰ ব্যক্তিবোধ আছিল। এই চিত্ৰশিল্পৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা। ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু হেংগীজ খঁাৰ ৰাজ দৰবাৰত, গতিকে এই চিত্ৰশিল্পৰ ধাৰাটোৰ যুগ অনুসৰি ই ব্যক্তিবাদী আৰ্ট আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াত কোনো ভাৱ অৱণতা নাই। আছে কেৱল বিপুল উৎসাহ- উদ্দীপনা আৰু প্ৰেৰণা। ব্যক্তিবাদে সমসাময়িকভাৱে হলেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ কোনো ধৰণৰ স্হান নোহোৱা কৰিছে। এইবোৰতে ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰৰ মিলন ঘটিছিল আৰু এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এই ফালৰ পৰা চাবলৈ গলে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্ট ইয়াৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দাপুত ৰস চঞ্চল আৰু আনবিধ ধীৰ, মন্থৰ প্ৰাণ। এইবোৰৰ স্থবিৰতাৰ মাজতে হয়তো লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ পৰিছিল।

উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?

উত্তৰঃ উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতীয় সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। ই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতৰ এক উৰণীয়া ভাবৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াকে সুৰ- বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলি কব পাৰি।

ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।

উত্তৰঃ ভাৰতীয় সংস্কৃতিত পাঠটিত কোৱা হৈছে যে – `ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি’। ইয়াৰ অৰ্থ হল ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰিত সংস্কৃতি।

ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফীবাদৰ যথেষ্ট মিল থকা দেখা গৈছে। এক ঈশ্বৰবাদ, মানৱ প্ৰেম, সংযম, উদাৰতা আদি কথাবোৰেই আছিল ভক্তিবাদ আৰু চুফীবাদৰ মূল কথা । ভাস্কৰ্য কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামিক সকলৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতৰ মঠ- মন্দিৰ আদিত বক্ৰ আৰু বৃত্ত ৰেখা অংকন কৰা হৈছিল। ইয়াৰ মূলতে আছিল ইছলামীয় সকল।ইছলামীয় সকলে ভাস্কৰ্য কলাই হিন্দু ভাস্কৰ্য কলাক এক  অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছিল। তাজমহল, ফেটেহপুৰ চিক্ৰি, ইছমৎদৌল্লাৰ অসম্পুৰ্ণ ভাস্কৰ্যই ইয়াৰ এক সুন্দৰ নিদৰ্শন দিয়ে। ঠিক তেনেদৰে ইছলামীয় ভাস্কৰ্যৰ শৈলীত যি জটিলতা আছিল সেই সকলোবোৰ হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু পৰিমাণে সৰল হৈ পৰিছিল।

 ভাৰতীয় চিত্ৰ কলাটো ইছলামিক চিত্ৰ শৈলীৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। মোগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ  কৰিছিল। ইয়াৰে এটা নতুন ৰীতিৰ বৈশিষ্ট্য হল – ব্যক্তিবীদ। অজন্তাৰ চিত্ৰশিল্পৰ এই নতুন ৰীতি আৰু ভাৰতীয় চিত্ৰশিল্পৰ সৰলতাৰ মাজত সংযোগ স্হাপন হোৱা দেখিবলৈ পোৱা গৈছিল। এইটো আছিল ইণ্ডোছাৰাচেনিক ৰীতি। ভাৰতীয় দৰ্শনত অতীন্দ্ৰিয়বাদৰ যি আত্মীয়তা দেখা যায় তাৰ মাজতো ইছলামিকৰ প্ৰভাৱ পৰা বুলি কব পাৰি। হিন্দু- মুছলমানৰ সংঘাতৰ ফলত সৃষ্টি হোৱা বিপ্লৱে পৰাজিত হিন্দুৰ মনত নৈৰাশ্যত ভাৱৰ সৃষ্টি কৰিছে। এই নৈৰাশ্যত ভাৱে হিন্দুসকলৰ মনত উদাসীনতাৰ সৃষ্টি কৰিছে। ফলত বাস্তৱ জগতৰ কহণ পাহৰি হিন্দুৰ মতে আত্মাৰ জগতখনলৈ আগবাঢ়ি গৈছে।

ইছলামীয় যুগতে ভাৰতত উৰ্দু ভাষাৰ বিভিন্ন শব্দৰ প্ৰৱেশ হৈছিল। মুক্ত বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰি তুলিছিল। ওপৰৰ আলোচনাৰ পৰা ইয়াকে বুজা গল যে – ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ সম্পৰ্ক এবাভ নোৱাৰা বিধৰ আছিলে।

১০প্ৰাক– মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।

উত্তৰঃ প্ৰাক মুছলমান যুগৰ ভাস্কৰ্য্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক দেখুৱাব হৈছিল।

প্ৰাক- মুছলিম যুগৰ জীৱন প্ৰাৰ্চুযৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছিল। পুৰুষ মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছিল। জীৱনৰ প্ৰাৰ্চুযত যেন শিল্পীক মতলীয়া কৰিছিল। এই জীৱন প্ৰাৰ্চুয একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদবাউল হৈ পৰিছিল। ছবিবোৰৰ ভাব- ভংগীমাত অসামঞ্জস্যৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাছিল। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্হাপন হৈছিল অজন্তাৰ চিত্ৰশিল্পৰ। মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। এই শিল্পবোৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াত কোনো ভাৱ প্ৰবণতা নাছিল, আছিল বিপুল উৎসাহ- উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে–অামি উৰ্দুৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা কব পাৰো।

ব্যক্তিবাদে সাময়িকভাৱে হলেও চিত্ৰশিল্পৰ ইংগিত বা সংকেতৰ স্হান প্ৰায় নোহোৱা কৰিছিল। এইবোৰত ফুটি উঠিছিল যুদ্ধৰ পৰিচয়। বাবৰ আমোলত বাহিৰৰ সুস্হ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োবিধৰ মিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই দিশৰ পৰা চাবলৈ গলে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্ট প্ৰধান লক্ষণ আছিল। এবিধ মূলতে আনন্দাপ্লুত, ৰস- চঞ্চল আকৌ আনবিধ আছিল ধীৰ, মন্থৰ প্ৰাণ।

ভাৰতীয় সংস্কৃতিৰ বাখ্যা

সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।

প্ৰসংগ:- উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা’ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে এই কথাষাৰত উল্লেখ কৰিছে।

বাখ্যা:- ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ সমিলমিল, সংস্কৃতি আদি বিভিন্ন বিনিময়ৰ যোগেদি ভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছে। অতিজৰে পৰা ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠী লোকৰ প্ৰবজন ঘটি আহিছে। ইয়াৰ উপৰিও কব পাৰি যে এঘাৰশ শতিকাৰ আগৰে পৰা এচিয়া, ইউৰোপ, ব্ৰহ্মদেশ, আফগানিস্তা, কম্বোডিয়া, ইণ্ডোনেছিয়া আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছে। এওঁলোকে সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতিয়ে বিশাল ভূমিকা লাভ কৰিছে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এসময়ত আৰ্যসকলৰ আগমন ঘটিছিল যদিও তেওঁলোকে ইয়াত বসবাস কৰা দ্ৰাবিড়, মংগোলীয় আৰু অনান্যসকলৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য আদিক গ্ৰহণ কৰি নতুন ৰূপ দিছিল। আৰ্যসকলৰ প্ৰচেষ্টাৰ বাবে একালত ভাৰতীয় সংস্কৃতি সমগ্ৰ দক্ষিণ- পূব এছিয়ালৈকে স্পৰ্শ কৰাইছিল। গ্ৰীক, শক, হুণ প্ৰকৃতিৰ আগমনেও ভাৰতীয় সংস্কৃতিক ক্ৰমান্বয়ে সমৃদ্ধ কৰিছিল। এইদৰে বিভিন্ন সংস্কৃতিক সম্পদেৰে ভাৰতীয় জীৱন সমৃদ্ধ হৈছিল। আনকি ভাৰতীয় শুকান মৰুভূমি, মৌচুমী বায়ুৰ প্ৰভাৱ তথা হিমালয়ৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক শোভাইও ভাৰতীয় জীৱনৰ সংস্কৃতিৰ অবিচ্ছিন্ন প্ৰভাৱ যুগ যুগ ধৰি আহবান জনাই আহিছে।

ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান– পতনভঙা– গঢ়াৰ সবিশেষ বুৰঞ্জী।

প্ৰসংগ:-উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা’ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

 সংগতি:- লিখকে বিভিন্ন উত্থান- পতন সত্বেও ভাৰতীয় সংস্কৃতি নিৰৱচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে।

বাখ্যা:- ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান- পতন আৰু ভঙা- গঢ়া বুৰঞ্জী। এই দেশখনৰ ওপৰত অতি প্ৰাচীন কালৰে পৰা চকু আছিল। এই দেশখনত ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসন ভাৰ গ্ৰহণ, ইত্যাদি ঘটনাৰ ভাৰতৰ বুৰঞ্জীৰ ভাৰাক্ৰান্ত আছিল। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা- গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতৰ বুৰঞ্জী আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, শক, হুণ, গ্ৰীক আদি বিভিন্ন দল আক্ৰমণকাৰী ৰূপে ভাৰতলৈ আহিছিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গৈছিল। ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয়- পৰাজয়, ৰাজ্যৰ উত্থান- পতন, ভঙা- গঢ়া আদিৰ বিভিন্ন কাহিনী ৰচিত হৈছিল। ইয়ে হল ভাৰতীয় সংস্কৃতিৰ উত্থান-পতন ভঙা- গঢ়াৰ ঐতিহ্য।

সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।

প্ৰসংগ:- উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা’ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি:- লিখকে শিল্প সাধনৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে। ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই কবলৈ কথাষাৰ উল্লেখ কৰিছে।

ব্যাখ্যা:- সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা দিশৰ উন্মোচৰ কৰে। এটাৰ উদ্দেশ্য হৈছে – কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য হৈছে – সংযম আৰু আড়ম্বৰহীনতা। এটাই অভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে। আনহাতে বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান কৰা আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা। সুক্ষ্ম আৰ্টে মানুহৰ অন্তৰ তীব্ৰ অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰথমবিধ আৰ্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰে। আনহাতে দ্বিতীয়বিধে আড়ম্বৰহীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰি তোলে।

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

১) সন্ধি ভাঙাঃ সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত।

উত্তৰঃ 

সংস্কৃতিসম্ + কৃতি
সমন্বয়সম্ + অন্বয়
সম্বন্ধসম্ + বন্ধ
ভাৰাক্ৰান্তভাৰ + আক্ৰান্ত
সন্মতসম্ + মত

২) বিশেষ্যবাবিশেষণলৈনিয়াঃ বৈচিত্ৰ্য, ভৌগোলিক , বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ ।

বৈচিত্ৰ্যবিচিত্ৰ
ভৌগোলিকভূগোল
বিস্তৃতিবিস্তৃত
নৈৰাশ্যনিৰাশ
বিপ্লৱবৈপ্লৱিক

ভাৰতীয় সংস্কৃতিৰ অতিৰিক্ত প্ৰশ্নোত্তৰ

হেম বৰুৱাদেৱৰ কেতিয়া আৰু কত জন্ম হৈছিল?

উত্তৰঃ ১৯১৫ চনত তেজপুৰত হেম বৰুৱাদেৱৰ জন্ম হৈছিল।

হেম বৰুৱাদেৱে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি আছিল হেম বৰুৱাদেৱ।

হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।

উত্তৰ:- হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হল – “The Red River and Blue Hill ।”

হেম বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰ:- ১৯৭৭ চনত হেম বৰুৱাদেৱৰ মৃত্যু হৈছিল।

) `ভাৰতীয় সংস্কৃতি‘ পাঠটোৰ লিখক কোন?

উত্তৰ:- `ভাৰতীয় সংস্কৃতি’ পাঠটোৰ লিখক হেম বৰুৱা।

ইংৰাজ ৰোমাণ্টিক কবি কীটছৰ সম্পুৰ্ণ নাম কি?

উত্তৰ:- ইংৰাজ ৰোমাণ্টিক কবি কীটছৰ সম্পুৰ্ণ নাম হল – জন কীটছ।

ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি?

উত্তৰ:- ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হল – সমন্বয়ৰ সংস্কৃতি।

সংস্কৃতি অৰ্থ কি?

উত্তৰঃ সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা।

হিন্দুৰ শ্ৰদ্ধ বিধি কোন যুগৰ অৱদান?

উত্তৰঃ হিন্দুৰ শ্ৰাদ্ধ বিধি অনাৰ্য যুগৰ অৱদান।

১০অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতি কোন যুগৰ কথা সোঁৱৰাই দিয়ে?

উত্তৰঃ বৌদ্ধ যুগৰ ।

১১কোন গৰাকী মোগল সম্ৰটৰ আমোলত চিত্ৰ শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে?

উত্তৰঃ বাবৰৰ আমালত।

১২) ‘ফ্ৰম ভলগা টু গংগা‘ নামৰ কিতাপখনৰ লেখক কোন?

উত্তৰঃ পণ্ডিত ৰাহুল সাংকৃত্যায়ন।

১৩ভাৰতীয় সংস্কৃতি প্ৰাণ কি?

উত্তৰঃ ক্ৰমবৰ্দ্ধমান শক্তি

১৪শিৱ আৰ্য নে অন্যাৰ্য দেৱতা।

উত্তৰঃ অনাৰ্য।

১৫কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল?

উত্তৰঃ অনাৰ্য গোষ্ঠীৰ।

১৬উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ।

উত্তৰঃ বৃত্ত আৰু বক্ৰ।

১৭নামঘোষা কোনে ৰচনা কৰিছিল?

উত্তৰঃ মাধৱদেৱে।

১৮কীৰ্তন পুথিখনৰ কবিজনৰ নাম কি?

উত্তৰঃ শংকৰদেৱ।

১৯সভ্যতা কি?

উত্তৰঃ সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি।

২০) ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে? [HSLC 17]

উত্তৰঃ ভাৰতীয় ভৌগোলিক জীৱন বিচিত্ৰময়। এফালে শুকান মৰুভূমি, আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজন ব্যপ্ত সমতল ভূমি। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতি ধাৰাৰ বৈচিত্ৰ্য ইত্যাদি সৃষ্টিয়েই ভাৰতীয় জীৱন।

২১) আৰ্টত কি কি বিপৰীত পন্থাই প্ৰকাশ লাভ কৰে? অথবা – “সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।” ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা। [HQ  15]

উত্তৰঃ সাধাৰণতে আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্যে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা।

২২) পণ্ডিত ৰাহুল সংস্কৃত্যায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? [M.C.Q 15]

উত্তৰঃ “মধ্য এচিয়া কা ইতিহাস” নামৰ গ্ৰন্থৰ বাবে।


Class 10 Assamese Question Answer Chapter 8 | জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Class 10 Assamese Chapter 8  অতি চমু উত্তৰ

ক) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? [HSLC 17]

উত্তৰ:- ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হল – মংগোলীয় গোষ্ঠী।

খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? [HSLC 18]

উত্তৰ:- প্ৰাচীন কালৰে পৰা অসম দেশ যাদু- মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।

)কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?

উত্তৰ:- ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।

সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰ:- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰ:- অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল।

Class 10 Assamese Chapter 8   চমু উত্তৰ

অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰ:- অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিক বুজায়।

কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?

উত্তৰ:- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

চাহ উদ্যোগৰ কৰ্মীসকল কোনতেওঁলোক কৰ কৰ পৰা অসমলৈ আহিছিল?

উত্তৰ:- চাহ উদ্যোগৰ কৰ্মীসকল হৈছে- চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেংগা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

পাঠটিত থকা খাদ্য– বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ:- পাঠটিত থকা খাদ্য- বস্তুৰ এখন তালিকা হল- পৰাঠা, পোলাও, কোৰ্মা- কোপ্তা, কেক- বিস্কুত, ৰুটি, ৰসগোল্লা, লাল- মোহন, চিঙ্গাৰা, লুচি- পুৰী, ডচা, চাম্বাৰ, ইডলি ।

Long Assamese Question Answer

অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰ:- অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে- অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ- সাহিত্য আৰু ডাকৰ বচন আদি।

২) `অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতি ৰক্ষা পৰিছে।’- কথাষাৰৰ গুৰুত্ব বাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। [MQ. 15,HSLC 17]

উত্তৰ:- সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতিৰ জনগোষ্ঠীৰ সমষ্টি। সেইবাবে অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। প্ৰাচীন কালৰে পৰাই অসমত বাস কৰি আহিছে বিভিন্ন জনজাতীয় গোষ্ঠী অৰ্থাৎ অসমত আৰ্য জনগোষ্ঠীৰ লোকসকল আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ। ঘাইকৈ ইয়াত কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিকে ধৰি অতীতত অকা, ডফলা, আবৰ, মিচিমি আদি জাতি জনগোষ্ঠী সমূহে অসম ভূমিত বসবাস কৰিছিল।

     ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন গোষ্ঠীৰ আগমন ঘটিল – সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগোলীয়সকল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি- সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল। সেই সময়তে অসমলৈ মুছলমানসকলো আহিছিল। উনবিংশ শতিকাত বৃটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতিসমূহ।

   এটা সময়ত আকৌ আৰ্য সংস্কৃতিতকৈ অনাৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল। এই দেশলৈ আহোম মুছলমানসকলকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল। কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবাই যুদ্ধবন্দী হিচাপে ৰৈ গল। পুৰণি কালত অসমত থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিছিল। তেওঁলোকে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে। সেই সময়ছোৱাত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ললে। এয়াই হল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱা ব্যবস্থা।

)`বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।‘ – ইয়াৰ কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনেকিহৰ বাবে আঁতৰিও পৰাৰ কথা কৈছে – পাঠৰ আলমত বিচাৰ কৰা।

উত্তৰ:- ইয়াত ঔদ্যোগিক আবেষ্টনী মানে বৃটিছসকলে অসমত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে। অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ললে। এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ আদি বিভিন্ন অঞ্চলৰ পৰা অসমলৈ আহিছিল। অসমত বিভিন্ন ৰাজ্যৰ পৰা চাঁওতাল, কুৰ্মি, মুণ্ডা, তেলেঙ্গা, মোছহৰ, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোকে অসমৰ চাহ উদ্যোগৰ কাম কৰিবলৈ ললে। কালক্ৰমত এই সকলেই নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰি হলেও অসমীয়া মাত- কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ- নীতি, সাজ- পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ পৰিল। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অনগ্ৰসৰ হৈ ৰল। অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হল তেওঁলোকৰ। বিশেষ এটা আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল।

)`এটা সংমিশ্ৰিত– সংস্কৃতিসম্পন্ন জাতিইয়াক নুই কৰাৰ কোনো যুক্তি– তৰ্কৰ অবকাশ নাই।‘ – ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। `নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অবকাশ নাই‘ বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।

উত্তৰ:- অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয় বিষয়ে কবলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে। অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা- সংস্কৃতিক লৈ লৈ গঢ়ি উঠা নাই বুলি লিখকে কৈছে। অসমত প্ৰাচীন কালৰে পৰা ভিন ভিন জাতি- জনগোষ্ঠীৰ লোক আহি অসমৰ বসবাস কৰিছিল। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে আঁকোৱালি লৈছিল। বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কটকটীয়া কৰি তুলিলে। অসমত বসবাস কৰা জনজাতীয় ভাষা ভালদৰে বুজি পায় আৰু কব পাৰে। অসমলৈ পৰৱৰ্তী কালত অহা লোক সকলেও নিজৰ নিজৰ ভাষা- সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আঁকোৱালি আকোৱালি লয়। যুগ যুগ ধৰি এনেদৰে আদান- প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহ হৈ আছে। বিভিন্ন ধৰণৰ জাতি- জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে।

৫) `লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। [HSLC-18]

উত্তৰ:- অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণও আছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয়। আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান আছিল। এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল, মুছলমান সকল আৰু বিভিন্ন ৰাজ্যৰ পৰা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল। এওঁলোকৰ ভিতৰৰ কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গল। এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি- নীতি, আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়েও গ্ৰহণ কৰি ললে। সাজপাৰ, আ- অলঙ্কাৰ, দৈনন্দিন ব্যৱহাৰ্য আচবাব, বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। মুকলি মনেৰে আধুনিকতাই প্ৰৱেশ কৰিলে ললে অসমীয়া সংস্কৃতিৰ মাজত। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিলে। এয়াই আছিল স্বতঃ স্ফুৰ্ত প্ৰক্ৰিয়া। আদান- প্ৰদান, বৰ্ণাঢ্য আৰু বাৰেবৰণীয়াৰ যোগেদি হোৱা সংস্কৃতি।

Class 10 Assamese Chapter 8 তাৎপৰ্য বাখ্যা

দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

উত্তৰ:- ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ সেতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোকে বুজাবৰ বাবে কথাফাকি ফুটি উঠিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটোক আৰু সংস্কৃতিটোৰ বান্ধোনক অধিক কটকটীয়া কৰিছিল। ইয়াত থলুৱা ভাৱে অনাৰ্য লোকসকলৰ লগতে বাহিৰৰ পৰা অহা ভিন ভিন জাতিৰ লোক সকলও বিভিন্ন সময়ত আহি অসমত বসবাস কৰিছিল। অসমৰ বাহিৰৰ পৰা অহা লোকসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল। এওঁলোকে নিজৰ উপভাষাৰে নিজৰ মাজত কথা পাতিলেও প্ৰত্যেকেই অসমীয়া ভাষাৰে কথা কৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিছিলে। অসমৰ থলুৱা জনজাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল। এই সেঁতু ইমান মজবুত আছিল যে অসমত আহোমে আহোম ভাষাৰে, বাহ্মণ- ক্ষত্ৰিয়ই সংস্কৃতৰে আৰু মুছলমানে আৰবী- ফাৰ্ছীৰে কথা নাপাতে, প্ৰত্যেকেই অসমীয়া ভাষাৰ সেঁতুৰে পাৰ কৰিছিল দৈনন্দিন জীৱন। তেওঁলোকৰ আপোন হৈ পৰিছিল অসমীয়া লোকসকল, আৰু মাতৃভাষা অসমীয়া। এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেৰে বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকসকল ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিলে।

এই গোটেইবোৰ হল স্বতঃ প্ৰণোদিত ভাৱে হোৱা প্ৰক্ৰিয়া।

উত্তৰ:- ভিন ভিন জাতি জনজাতিৰ মাজত কলা- সংস্কৃতি, ৰীতি- নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। ইয়াকে বুজাবৰ বাবে কথাফাকি কোৱা হৈছে।

   বিভিন্ন সময়ত অামি মাত- কথা, আচাৰ- ব্যৱহাৰ, সাজ- সজ্জা, ৰীতি- নীতি আদিৰ ক্ষেত্ৰত অামি কেৱল আমাৰ নিজৰটোৱে ধৰি ৰখা নাচিলো। অামি আনকি আনৰ ৰীতি- নীতি, সাজ- সজা আদিবোৰ গ্ৰহণ কৰিছিলো। আমাৰ নিচিনাকৈ অইনেও আমাৰটো গ্ৰহণ কৰি লৈছিল। এনেদৰে জাতিকুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া- সবাহ, মৰা- সকাম আদিত ভিন ভিন জাতিৰ লোক একেলগে ভাগ লব পৰা হৈ উঠিছিল। সকলোৱে একগোট হৈ পৰস্পৰে পৰস্পৰৰ উৎসৱ- অনুষ্ঠান আদি বিভিন্ন কাৰ্যক্ষেত্ৰত যোগ দিয়ে। এনেদৰে ভাতৃত্বৰ বান্ধোন কটকটীয়া হৈ পৰিল। সময়ৰ লগত খোজ মিলাই পৰিৱৰ্তনে সংস্কৃতিলৈ নতুনত্ব আনিলে। নিজ কৰ্মৰ কৰ্ষণ কৰি অামি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছো। এই সংস্কৃতি মিলনৰ সংস্কৃতি। এই সংস্কৃতি সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ বাট।

এইয়া আছিল দিয়ালোৱা আৰু এৰাধৰাৰ ব্যৱহাৰ।

উত্তৰ:- অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। সংস্কৃতি পৰিৱৰ্তনশীল। অসমতো বিভিন্ন জাতি- ধৰ্মৰ মানুহে বসবাস কৰে। ফলত বিভিন্ন জাতি- ধৰ্মৰ মানুহ বসবাস কৰাৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল। ইয়াকে বুজাবলৈ গৈ লিখকে কথাষাৰ কৈছে।

    অসমত পূৰ্বতে অনাৰ্য জাতিৰ লোকসকলে বসবাস কৰিছিলে। সেই সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি আছিল অসমীয়া। অসমলৈ কালক্ৰমত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিলে যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা- সংস্কৃতিৰ পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি গ্ৰহণ কৰি লৈছিল। তেওঁলোকে নিজৰ কিছুমান সংস্কৃতি এৰিছিলে আৰু পূৰ্বৰ কিছুমান সংস্কৃতিৰ সৈতে যোগ দিলে। সেৱা হল সকলোৱে মিলি অসমীয়া ভাষাটো গ্ৰহণ কৰি ললে। সকলোৱে নিজৰ লগত লৈ অহাবোৰক ধৰি নাথাকি ভাষা- সংস্কৃতিক আঁকোৱালি লোৱাৰ লগতে পৰস্পৰৰ ৰীতি- নীতি, আচাৰ- ব্যৱহাৰ, সাজ- সজ্জা, ৰন্ধন প্ৰকৰণ আদিও গ্ৰহণ কৰি ললে। কোনেও কাকো জোৰকৈ একো জাপি দিয়া নাছিলে। ফলত গঢ়ি উঠিল এটা সংমিশ্ৰিত সংস্কৃতি। এই সংমিশ্ৰিত সংস্কৃতিয়ে হৈছে অসমীয়া সংস্কৃতি। এনেদৰে ভিন্ন সম্প্ৰদায়ৰ মাজৰ সমন্বয় সাধন হৈ বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল – এয়া আদৰ্শ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেক সম্প্ৰদায়ে এৰা- ধৰাৰ নীতি পালন কৰিছিলে।

ভাষা- বিষয়ক প্ৰশ্নোত্তৰ

১) সন্ধি ভাঙা : সংস্কৃতি, জলাঞ্জলি, স্বাধীন।

উত্তৰ:-

সংস্কৃতি = সম + কৃতি। 

জলাঞ্জলি = জল + অঞ্জলি। 

স্বাধীন = স্ব + অধীন।

) `প্ৰ‘ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।

উত্তৰ:- প্ৰয়োগ, প্ৰগতি, প্ৰণাম।

বাক্য ৰচনা কৰা

ভাষা- সংস্কৃতি, পূজা- পাৰ্বণ, বেপাৰ- বাণিজ্য, সহজ-সৰল, দিয়া- লোৱা, এৰা- ধৰা।

উত্তৰ:-

ভাষা-সংস্কৃতি :- অসমত বসবাস কৰা প্ৰতিটো জাতি- জনগোষ্ঠীৰ একোটাকৈ নিজা ভাষা- সংস্কৃতি আছে।

পুজা- পাৰ্বন :- হিন্দু সমাজৰ বাহ্মণসকলে পুজা- পাৰ্বনত মুখ্য ভূমিকা পালন কৰে।

বেপাৰ- বাণিজ্য :- বেপাৰ- বাণিজ্যিৰ বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰে।

সহজ- সৰল :- সহজ- সৰল লোকে আনৰ সুখত নিজৰ সুখ অনুভৱ কৰে।

দিয়া- লোৱা :- যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়া অসমীয়া সমাজত কিছুমান দিয়া- লোৱা কাৰ্য কৰা হয়।

এৰা-ধৰা :- যিকোনো এটা সম্পৰ্ক দীঘলীয়া ভাৱে চলাই নিবলৈ হলে সৰু সৰু কথা কিছুমান এৰা- ধৰা কৰিবলগীয়া হয়।

Class 10 Assamese Chapter 8 অতিৰিক্ত প্ৰশ্নোত্তৰ

অতীতত অসমৰ আন এটা নাম কি আছিল?

উত্তৰ:- অতীতত অসমৰ আন এটা নাম আছিল কামৰূপ।

পূব পাকিস্তানক বৰ্তমান কি নামেৰে জনাজাত।

উত্তৰ:- পূব পাকিস্তানক বৰ্তমান বাংলাদেশ নামেৰে জনাজাত।

অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি?

উত্তৰ:- অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা হল – হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম।

অসমলৈ অহা প্ৰথম বহিৰাগত কোন?

উত্তৰ:- মংগোলীয়সকল অসমলৈ অহা প্ৰথম বহিৰাগত।

মুছলমান সকল অসমলৈ কেতিয়া আহিছিল?

উত্তৰ:- মুছলমান সকল কুৰি শতিকাৰ চতুৰ্থ দশকত অসমলৈ আহিছিল।

অসমৰ স্বাধীনতা সূৰ্য কেতিয়া অস্ত গল?

উত্তৰ:- ইয়াণ্ডাবু সন্ধিৰ পাছৰে পৰা অসমৰ স্বাধীনতা সূৰ্য অস্ত গল।

বঙ্গদেশৰ পৰা কি কি খাদ্যসম্ভাৰ অসমত প্ৰৱেশ কৰে।

উত্তৰ:- ৰসগোল্লা, লালমোহন, চিঙ্গাৰা আদি বঙ্গদেশৰ পৰা খাদ্য সম্ভাৰ অসমত প্ৰৱেশ কৰে।

জাহ যোৱাৰ এটা প্ৰধান উপায় কি?

উত্তৰ:- জাহ যোৱাৰ এটা প্ৰধান উপায় হল ভাষা গ্ৰহণ।


Coming Soon The following Chapter

  • Class 10 Assamese Question Answer Chapter 9
  • Class 10 Assamese Question Answer Chapter 10
  • Class 10 Assamese Question Answer Chapter 11
  • Class 10 Assamese Question Answer Chapter 12
  • Class 10 Assamese Question Answer Chapter 13
  • Class 10 Assamese Question Answer Chapter 14
  • Class 10 Assamese Question Answer Chapter 15
  • Class 10 Assamese Question Answer Chapter 16

Conclusion on Class 10 Assamese Question Answer

আমি Assamese Medium ত আলোচনা কৰিলোঁ Class 10 Assamese Question Answer, যদি আপোনাৰ ইয়াৰ ওপৰিও কিবা জানিব থাকে, তেন্তে অনুগ্ৰহ কৰি Comment Section ত জনাব নেপাহৰিব। আমি যথাসাদ্য চেষ্টা কৰিম।

2 thoughts on “Class 10 Assamese Question Answer | প্ৰশ্ন উত্তৰ HSLC 2023”

Leave a Comment