বিপৰীত শব্দ । HSLC 2023 Assamese Opposite Word

2021 চনত যদিও কৰো’নাৰ বাবে HSLC পৰীক্ষা অনুষ্ঠিত নকৰাকৈ পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিলে সেইবুলি 20222023 HSLC Exam নহব বুলি কোনো কথা নাই আৰু এটা কথা আমি বুজি লোৱা ভাল যে জ্ঞান আহৰণ আৰু পৰীক্ষা দুটা বলেগ বস্তু। পৰীক্ষা যেনিবা নহলেই তথাপিটো আপুনি আপোনাৰ জীৱনধাৰা চলাই যাব লাগিব আৰু তাৰ বাবে সদায় কিছু কিছু প্ৰয়োজনীয় কথা আমি জনা অতি দৰকাৰ। সেইকাৰণে আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ কিছু বিপৰীত শব্দ ।

এতিয়া নিশ্চয় আপুনি জানেই বিপৰীত শব্দ কি? আমি বিপৰীত শব্দ কি সেই বিষয়ে আলোচনা নকৰোঁ। আমি ইয়াত কিছু প্ৰয়োজনীয় বিপৰীত শব্দ উদাহৰণ হিচাপে আলোচনা কৰিম যিয়ে আপোনাক আগন্তুক HSLC 2023 SEBA ExamClass 10 Assamese Grammar ৰ ক্ষেত্ৰত কিছু হলেও সুবিধা আগবঢ়াব। প্ৰতিবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিপৰীত শব্দৰ পৰা প্ৰশ্ন থাকে।

ইয়াৰ আগতে কিছু বিপৰীত শব্দৰ যোগান ধৰা হৈছিল, যদি আপুনি পঢ়া নাই আৰু এতিয়া পঢ়িব বিচাৰিছে তেন্তে ক্লিক কৰক ইয়াত।

বিপৰীত শব্দ । HSLC 2023 SEBA Exam

অলপ – বেছি,
অনুকুল – প্ৰতিকুল,
অন্তৰ/ ভিতৰ – বাহিৰ
অন্ধকাৰ/ আন্ধাৰ – পোহৰ
অনুৰাগ – বিৰাগ
অন্ধ – চাক্ষুষ
অক্ষম – সক্ষম
আদি – অন্ত
আপোন – পৰ
আমদানি – ৰপ্তানি
আশা – নিৰাশা
আশীৰ্বাদ – অভিশাপ
আদৰ – অনাদৰ
আস্তিক – নাস্তিক
আদান – প্ৰদান
আয় – ব্যয়
আৰম্ভ – শেষ / সমাপ্ত
আকাশ – পাতাল
আচামী – ফৰিয়াদী
ইহকাল – পৰকাল
ইচ্ছা – অনিচ্ছা
উচিত – অনুচিত
উৰ্বৰ – অনুৰ্বৰ
উপকাৰ – অপকাৰ
উচ্চ – নীচ
উত্তম – অধম
উন্নতি – অৱনতি
এন্ধাৰ – পোহৰ
ঐক্য – অনৈক্য
ওখ – চাপৰ
কম – বেছি
কৃতজ্ঞ – অকৃতজ্ঞ / কৃতঘ্ন
কৃপণ – খৰচী
কৃষ্ণপক্ষ – শুক্লপক্ষ
কঠিন – সহজ
কামিলা – অকামিলা
খহটা – মিহি
গহিন – চঞ্চল
গভীৰ – তৰাং
গ্ৰহণ – বৰ্জন
গধুৰ – পাতল
গৰিষ্ঠ – লঘিষ্ট
গুৰু – শিষ্য
গৰম – ঠাণ্ডা
গোলাম – বান্দী
গুণ – দোষ
ঘন – পাতল
ঘৰচীয়া – বনৰীয়া
চেতন – অচেতন
জয় – পৰাজয়
জীৱন – মৰণ
জাৰ – জহ
জন্ম – মৃত্যু
নবীন – পুৰণী
নিন্দা – প্ৰশংসা
পবিত্ৰ – অপবিত্ৰ
পণ্ডিত – মুৰ্খ
পাপ – পূণ্য
পৰিষ্কাৰ – অপৰিষ্কাৰ
প্ৰাচ্য – পাশ্চাত্য
প্ৰচুৰ – অলপ
প্ৰশ্ন – উত্তৰ
বিস্তৃত – সংক্ষিপ্ত
বাম – দ’
বিধি – অবিধি
বাদী – প্ৰতিবাদী
বিদ্বান – মুৰ্খ
বন্ধু – শত্ৰু
বহল – ঠেক
বিষাদ – হৰ্ষ
বিনয় – গৰ্ব
ভূত – ভৱিষ্যত
ভদ্ৰ – অভদ্ৰ
মান – অপমান
মিত্ৰ – শত্ৰু
যশ – অপযশ
যোগ – বিয়োগ
ৰ’দ – বৰষুণ
শান্ত – দুষ্ট
শোক – হৰ্ষ
সঁচা – মিছা
স্বাধীন – পৰাধীন
সধবা – বিধবা
সদাচাৰ – কদাচাৰ
সুগম – দুৰ্গম
সৃষ্টি – ধ্বংস
ৰজা – প্ৰজা
শুক্ল – কৃষ্ণ
স্থিৰ – অস্থিৰ
স্থাৱৰ – অস্থাৱৰ
সঞ্চয় – অপচয়, ব্যয়
সুখ – দুখ
সত্য – অসত্য
হৰ্ষ – বিষাদ
হ্ৰাস/ হ্ৰস্ব – দীৰ্ঘ
হিংসা – অহিংসা/ প্ৰেম
ক্ষয় – বৃদ্ধি

Important Opposite Word In Assamese Grammar

গুপ্ত বিপৰীত শব্দ মুক্ত
কঠোৰ বিপৰীত শব্দ কোমল
নম্ৰতা বিপৰীত শব্দ উগ্ৰতা
গৌৰৱ বিপৰীত শব্দ অগৌৰৱ
ধুনীয়া বিপৰীত শব্দ অৰ্থ কুংসিং
বিখ্যাত বিপৰীত শব্দ অখ্যাত
পুৰস্কাৰ বিপৰীত শব্দ তিৰস্কাৰ, শাস্তি

ওপৰত উল্লেখ কৰা বিপৰীত শব্দৰ তালিকাৰ পৰা যদি আপোনাৰ শব্দ আৰু বিপৰীত শব্দ বিচাৰি পোৱা অলপ টান হৈ আছে তেন্তে আমি আপোনালোকৰ সুবিধাৰ বাবে আন এখন তালিকা প্ৰস্তুত কৰিছোঁ যত Letter Wise Assamese Opposite Word প্ৰকাশ কৰিছোঁ। যদি আপুনি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰক

Assamese Medium ত এতিয়ালৈকে আলোচনা কৰা “বিপৰীত শব্দ” ৰ ওপৰিও যদি জানিবলগীয়া কিবা থাকে তেন্তে আপুনি যিকোনো সময়ত Assamese Medium Facebook PageFollow কৰি পোনপটীয়া যোগাযোগ কৰিব পাৰে।

Leave a Comment