Assamese Medium ৰ About Us লৈ স্বাগতম
About Us: প্ৰতিজন ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈক Assamese Medium ৰ About Us লৈ স্বাগতম জনাইছোঁ। আপুনি ইয়াত Assamese Medium ৰ বিষয়ে জানিব পাৰিব।

ব্যক্তিগত শিক্ষাখণ্ডই শিক্ষাক এক ব্যৱসায়ত পৰিণত কৰাৰ সময়তে Assamese Mediumয়ে এক বিশেষ সহায়ৰ হাত আগবঢ়াবলৈ যত্ন কৰিছে। বিগত বছৰত Covid ৰ বাবে প্ৰতিটো ৰাজ্যতে Online Class ৰ ব্যৱস্থা কৰিছিল যদিও সেই প্ৰচলিত নিয়ম এতিয়াও শিক্ষাৰ্থীক সহায়ৰ হাত আগবঢ়াই আছে।
সেই গতিকে আমি কেইজন মান ব্যক্তিগত শিক্ষাখণ্ডৰ শিক্ষককে মিলি Assamese Medium ত ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰয়াস কৰিছো।
আচলতে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে ইংৰাজী, অসমীয়া, সাধাৰণ বিজ্ঞান, সাধাৰণ গণিত, সমাজ বিজ্ঞানৰ লগতে উচ্চ গণিত, আৰৱী, হিন্দী আদিৰ সম্পুৰ্ণ সহজ সৰল ভাষাত প্ৰতিটো অধ্যয়ৰ সাৰাংশ, অৰিতিক্ত প্ৰশ্ন উত্তৰৰ লগতে প্ৰশ্ন মালাৰ উত্তৰ সমূহ পাব।
শিক্ষক আৰু Assamese Medium ৰ Founder হিচাপে মই
মই Shofi Ullah Khan, B.Sc, D.El.Ed, PGDCA; কিন্তু মই আচলতে Digital World ৰ এজন ছাত্ৰহে যিয়ে সদায় ছাত্ৰ ছাত্ৰীৰ বাবে কেনেকৈ Online Community এটা গঢ়িব পৰা যায় তাৰ প্ৰতি আগ্ৰহী। সেইবাবেই কিজানি B.Sc পাছ কৰাৰ পিছত M.Sc. কৰিবলৈ নিজকে প্ৰস্তুত কৰিব পৰা নাছিলোঁ আৰু 2015 ৰ পৰা বৰ্তমানলৈকে Digital Marketing ৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আছোঁ । সেইবাবে মই নিশ্চিত যে Assamese Medium ছাত্ৰ ছাত্ৰীৰ বাবে বহুত সমল আগবঢ়াব বুলি মই আশাবাদী।
মোৰ এটা ধাৰণাই আছিল যে কোনো ছাত্ৰ ছাত্ৰীয়ে যদি বিজ্ঞান প্ৰীয়ডত আমনি পায় তেন্তে সেয়া ছাত্ৰ ছাত্ৰীৰ দোষ নহয়, বৰঞ্চ শিক্ষক জনৰহে দুৰ্বলতা কাৰণ- বিজ্ঞান কেতিয়াও আমনিদায়ক হব নোৱাৰে।
এই চিন্তা ধৰা মনত ৰাখিয়েই মই 2015 ৰ পৰা বৰ্তমানলৈকে নামনি অসমৰ এখন আগশাৰীৰ ব্যক্তিগত বিদ্যাল়য়ত শিক্ষকতা কৰি আছোঁ।
মোৰ এই শিক্ষকতাৰ সময়খিনিত মই ছাত্ৰ অৱস্থাত যিমানখিনি অধ্যয়ন কৰিছিলোঁ তাতকৈ কেইবা হাজাৰ গুণ বেছি অধ্যয়ন কৰিছোঁ। ইয়াৰ বাবে মই কেতিয়াবা মোৰ শিক্ষাগুৰু, বন্ধু বান্ধবী, কেতিয়াবা YouTube, Blogs, Educational Forum আদিৰ পৰা বহুত কিবা কবিৰ Concept লৈছিলোঁ। বিশেষকৈ এই সময়খিনিতেই মই বৰকৈ অনুভৱ কৰিছিলোঁ Assamese Medium ৰ কথা।
কোন আমি AssameseMedium ত
আমি বিশেষ কোনো নহয়, শিক্ষাৰ লগত অতি সহজ সৰল কেইজনমান অসমীয়া নিবনুৱা যিয়ে টকা পইছা নথকাৰ দুঃখ আৰু বেদনা বহুত ওচৰৰ পৰা অনুভৱ কৰিছে। সেই বাবেই বৰ্তমান সময়ত ব্যক্তিগত টিউচনৰ অভাৱ অনুভৱ কৰা দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে Assamese Medium
কি পাব Assamese Medium ত
বিশেষকৈ Assamese Medium ত প্ৰথম অৱস্থাত Class 10 ৰ বাবে প্ৰতিটো বিষয়ৰ ওপৰত Basic-Advance Concept লগতে সমগ্ৰ বিষয়ৰ সম্ভাব্য প্ৰশ্ন উত্তৰ সম্পূৰ্ণ বিনামূল্যত পাব। ইয়াৰ ওপৰিও HSLC পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা হব Last 5 Years ৰ প্ৰশ্ন উত্তৰৰ PDF Notes.
ইয়াৰ পিছত লাহে লাহে Class 9 ৰ পাঠ সন্নিবিষ্ট কৰা হব। আপোনালোকৰ পৰামৰ্শ আৰু সঁহাৰিয়ে আমাক উৎসাহিত কৰিব বুলি আশা থাকিল।
Core Team of Assamese Medium
Founder

Shofi Ullah Khan
Co-Founder

Rubul Ameen