প্ৰশস্তি Class 10 ৰ মূলকথা, শব্দ-অৰ্থ আৰু প্ৰশ্ন উত্তৰ

এতিয়ালৈ আমি Assamese MediumClass 10 Assamese (MIL) ৰ প্ৰথম আৰু দ্বিতীয় অধ্যয়ৰ সম্পূৰ্ণ মূলভাৱৰ লগতে প্ৰশ্ন মালাৰ উত্তৰ ওপৰিও HSLC 2024 ৰ বাবে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰৰ যোগান ধৰা হৈছে। আজি আমি আলোচনা কৰিব গৈ আছে প্ৰশস্তি Class 10 Assamese ৰ 3rd Chapter ৰ মূল কথা, শব্দ অৰ্থ আৰু প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। তেন্তে আহক, আমি আজি  প্ৰশস্তি Class10 ৰ এই অধ্যয়ৰ সম্পূৰ্ণ কথা আলোচনা কৰোঁ।

প্ৰশস্তি Class 10

প্ৰশস্তি Class 10 ৰ অতি চমু উত্তৰ

( ক ) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বহাগীৰ (বিহগী) কবি বুলি জনা যায়।

 ( খ ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা ।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হল –
সদৰী আৰু নৱমল্লিকা।
 ( গ ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰঃ প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সদৰি আনিলে বুলি কবিয়ে কৈছে।

 ( ঘ ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।

 ( ঙ ) জল , স্থল আৰু ক ‘ ত দেৱতাৰ মহা অভিযান চলিছে ?
উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে।

 ( চ ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
উত্তৰঃ কীচক বেণুৱেও মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।

প্ৰশস্তি Class 10 ৰ চমু প্ৰশ্ন উত্তৰ

1 । কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।

উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবোৰ হল – উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহংগ।

2 । কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ?

উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰা কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে।

3 । কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা ।

উত্তৰঃ প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুযে দশোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন ন- পাতেৰে, ফুলেৰে জাতিস্কাৰ হৈ পৰিছে। বনৰ চৰাই, গছ – লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি, পানী, বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে আকৌ কীচক বাহেঁৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু পকৃতি।

4 । প্রশস্তি কবিতাটোৰ মূলভাৱ লিখা ।

উত্তৰঃ `প্ৰশস্তি’ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে যত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু, পানী, মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি। যেন সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়ত `অমৃতৰ সন্তান’ সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ। যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্য্যই। কৰবাৰ পৰা ভাহি আহিছে কীচক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আবাহান। সেই আবাহনী সুৰ যি সুৰ অন্তঃ কৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তবৃদ্ধক মোহ – মায়া ত্যাগ কৰি ধ্যানময় হবলৈ কবিয়ে কৈছে।


5 । উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র ,
                         উঠা যত মুক্তি পথযাত্রী ।
      –কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।

উত্তৰঃ কবিয়ে কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ – যন্তণাত জৰ্জৰি হয়। তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই, তেনেদৰে বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিদিষ্ট সময়ৰ মূৰত সুৰুজৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া – মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সুৰুজৰ প্ৰতি অৰ্থাৎ আন্ধাৰবিনাশী শক্তি বুলি অনুভব কৰিছে। সকলোয়ে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগবানে বা স্ৰজনকৰ্তাই। বায়ু, পানী, মাটি এই সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন।

6 । সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজা ই লিখা ।

উত্তৰঃ `প্ৰশস্তি’ কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন দুদিনীয়া। নিদিষ্ট সময়ৰ বাবে মানুহ পৃথিৱীলৈ আহে। এই সময়ছোৱাত মানুহৰ জাগতিক মায়া – মোহত এনেদৰে বন্ধা খাই থাকে যেন জীৱনৰ অন্যকথা পাহৰি যায়। কবিতাটোৰ মাজেৰে কবিয়ে কব বিচাৰিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে বিয়াই থাকে। এই সকলোবোৰৰ মূলতে সৃষ্টিকৰ্তাহে। সৃষ্টিকৰ্তাৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও সম্ভৱ নহয়।
         মানৱ জীৱন দুদিনীয়া মায়া – মোহত বন্দী হৈ এই চিৰমুক্তি পথৰ কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তিয়ে মানুহৰ ধ্যান। সেয়েহে এই কথা কেতিয়াও নাপাহৰি, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজেৰে চিৰসুন্দৰৰ ধ্যান কৰা উচিত। মানুহক `অমৃতৰ পুত্ৰ’ সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

ব্যাখ্যা কৰা: প্ৰশস্তি Class 10

ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ ।
             ছন্দভৰা সুমধুৰ তান ,
        জল স্থল অন্তৰীক্ষ সকলােতে যেন |
             দেৱতাৰ মহা অভিযান 

উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ কব বিচাৰিছে।
বাখ্যাঃ সূৰ্য্য উদয় হোৱাৰ লগে লগে প্ৰকৃতিজগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰায়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পাই। কবিৰ এনে লাগে যেন মাটিয়ে – পানীয়ে, আকাশে – বতাহে, গছে – বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিবেশৰ। যত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ।

খ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ |
              শেষ হ’ল মহা কালৰাত্রি ,
        উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র
               উঠা যত মুক্তি পথযাত্রী ।

উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে।
বাখ্যাঃ এই পৃথিৱীখনৰ সকলো আৱৰ্জনা, প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্য্যই পৃথিৱী আৰু প্ৰকৃতি জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। সেই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখন। মানুহো প্ৰকৃতি জগতৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আৱদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি কবলৈ হলে দুখ – যন্তণা প্ৰধান। সংসাৰৰ মায়া – মোহে সেইবোৰ দুগুনে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে।

গ) মােহন কীচক বেণু অনাহত ছন্দে
               গায় মহামহিমৰ গান ,
        মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !
               সুন্দৰৰ কৰা ৰূপধ্যান ।

উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ, অৱসাদ, মায়া – মোহ ত্যাগ কৰাৰ কথা কৈছে ।

বাখ্যাঃ কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন অস্হায়ী। মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্য্যৰ মায়া – মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই। কবিতাটোৰ মাজেৰে কবিয়ে কব খুজিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰ দুদিনীয়া মায়া – মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তি হে মানৱৰ ধ্যান। সেয়েহে এই কথা নাপাহৰি এলাহ, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে।

শব্দ অৰ্থ: প্ৰশস্তি Class 10

অর্থ লিখাঃ কিশলয় , চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস

কিলশয়কোঁহ, কুঁহিপাত, তন্ত্ৰালস
চিত্ৰহাৰীমন-প্ৰাণ হৰি নিয়া
অন্তৰীক্ষআকাশ
তন্ত্ৰালসক্লান্ত, টোপনি যোৱা অৱস্থা

বাক্য ৰচনা কৰা

দশোদিশ– পদুলিমুখৰ গোলাপজোপাৰ সুগন্ধই দশোদিশ আমোল মোলাই তুলিছে।
উপেক্ষিত – আগৰ দিনৰ স্ত্ৰীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল।
জৰাজীৰ্ণ – ৰীমা জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল।
অমৃত – ভোকাতুৰ অৱস্থাত শুদা ভাতো অমৃত যেন লাগে।
মোহ– মিছা মোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়।

সমার্থক শব্দ লিখা

তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী

তৰু – বৃক্ষ, গছ, উদ্ভিদ।
মুক্তি – মোক্ষ, নিৰ্বাণ, মুকলি।
সুমধুৰ – মধুৰত্ব, ঘুমিষ্ট, মৌ – সনা।
অভিমান – পৰিক্ৰমা, অনুসন্ধান, পৰিভ্ৰমণ।
ধ্যানী – মনস্বী, ধ্যাতা, কৃতধী।

অতিৰিক্ত চমু প্ৰশ্নোত্তৰ

1) ৰঘুনাথ চৌধাৰীৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ ১৮৭৯ চনত নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত জন্ম হৈছিল।

2) ৰঘুনাথ চৌধাৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ পিতৃ নাম ভোলানাথ চৌধাৰী আৰু মাতৃৰ নাম দয়ালতা চৌধাৰী।

3) ৰঘুনাথ চৌধাৰীৰ মৃতু কেতিয়া হৈছিল?
উত্তৰঃ ১৯৬৮ চনত মৃত্যু হৈছিল।

4) কবিয়ে কিহে পৃথিৱীৰ দশেদিশ উদ্ভাসিত কৰা বুলি কৈছে?
উত্তৰঃ উষা অৰ্থাৎ পুৱাৰ সূৰুযৰ কুস্কুম ৰাগে দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে।

5) কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে?
উত্তৰঃ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে।

6) ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নবিষ্ঠ কৰা হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ `সদৰী’ পুথিত সন্নিৱিষ্ট কৰা হৈছিল।

7) ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত সভাপতিত্ব কৰিছিল।

8) কবিয়ে ভক্তবৃন্দক মোহতন্দ্ৰনস ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে?

উত্তৰঃ কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰালস ত্যাগ কৰি সুন্দৰৰ ৰূপৰে ধ্যান কৰিবলৈ কৈছে।

9) প্ৰশস্তিৰ অৰ্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে?

উত্তৰঃ প্ৰশস্তিৰ অৰ্থ আৰাধনা বা গুনানুকীৰ্তন কৰা। কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি গাইছে।

প্ৰশস্তি Class 10 ৰ শব্দার্থ

অন্তৰীক্ষআকাশ ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়
ঊষাসূর্য
ঋত্বিকঋতুযাজক , পুৰােহিত
কালৰাত্রিআন্ধাৰ ৰাতি
কিশলয়কুঁহিপাত , গজালি , কোঁহ
কীচক বেণুকীচক বাঁহ , সেই বাঁহৰ বাদ্যৰ শব্দ
কুঙ্কুমপ্রসাধন সামগ্রী বিশেষ
কুসুমফুল
ক্লেদগেলা মলযুক্ত পানী
চামৰচোৱৰ , কুঁৱৰী পহুৰ নেজৰ মুঠা
চিত্তহাৰীমন – প্রাণ হৰি নিয়া
তন্ত্ৰালসশ্রান্ত ক্লান্ত , টোপনি যােৱা অৱস্থা
তেজিত্যাগ কৰি
তানসুৰ , ৰাগ
দীর্ণভাগি – ছিগি যােৱা , বিদাৰিত
পৰিমলসুগন্ধ
পুঞ্জীভূতসঞ্চিত
ফুল্লফুলি উঠা , পাহি মেলা ফুল
বসুধাপৃথিৱী ; বসুমতী
বিহঙ্গচৰাই ; পক্ষী
মহামহিমঅতিশয় গৌৰৱান্বিত , বৰ মান্য , খ্যাতিমন্ত
ৰঞ্জিলেৰঙীণ কৰিলে

শেষবাক্য

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিলোঁ Class 10 ৰ প্ৰশস্তি নামৰ কবিতাৰ মূলভাৱ, শব্দ অৰ্থ, প্ৰশ্নমালাৰ উত্তৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ। যদি আপোনাৰ কিবা সুবিধা হৈছে এই তথ্যৰ জৰিয়তে তেন্তে আপুনি Facebook বা Whatsapp ৰ জৰিয়তে আপোনাৰ বন্ধু বান্ধবীলৈ Share কৰিবলৈ নাপাহৰিব। এইয়া উপৰিও যদি আপোনাৰ কিবা জানিব লগা আছে তেন্তে Comment Section ত জনাব। আপুনি যিকোনো প্ৰশ্ন উত্তৰ পাবলৈ Assamese Medium Facebook PageLike & Follow কৰিব পাৰে।

Leave a Comment