সন্ধি ভাঙা আৰু পাতা | Assamese Grammar for HSLC/HS 2024

আজি আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ। আজি আমি আলোচনা কৰিম সন্ধি । ইয়াত কিছু সন্ধি ভাঙা আৰু পাতা বিশেষ কৈ স্বৰ সন্ধিৰ বিষয়ে আলোচনা কৰা হৈছে যি আপোনাৰ অসমীয়া মাধ্যমৰ Class 10 আৰু Class 12Final Exam 2024 ৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয়।

আপুনি যদি দশম শ্ৰেণী বা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী তেন্তে ই আপোনাক বহুত সহায় কৰিব। যদি আপুনি পঢ়া অৱস্থাত নাই তেন্তে আপোনাৰ এটা share য়ে আন ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষা গ্ৰহণত সহায় হব।

সন্ধি ভাঙা আৰু পাতা : স্বৰ সন্ধি

সন্ধি অসমীয়া ব্যাকৰণৰ এক গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্ন সুধে। ইয়াত আমি কিছু স্বৰ সন্ধিৰ ভাঙা পাতাৰ কথা আলোচনা কৰিছোঁ।

সন্ধি

অজৰামৰ = অজৰ + অমৰ (অ + অ)
অজাসুৰ = অজ + অসুৰ (অ + অ)
অষ্টাঙ্গ = অষ্ট + অঙ্গ (অ + অ)

আনন্দাশ্ৰু = আনন্দ + অশ্ৰু (অ + অ)

উত্তৰায়ণ = উত্তৰ + অয়ণ (অ + অ)

কৰ্মাকৰ্ম = কৰ্ম + অকৰ্ম (অ + অ)

গোলাৰ্ধ = গোল + অৰ্ধ (অ + অ)

চৰণামৃত = চৰণ + অমৃত (অ + অ)
চৰাচৰ = চৰ + অচৰ (অ + অ)
চলাচল = চল + অচল (অ + অ)

জলাধিপতি = জল + অধিপতি (অ + অ)
জলাঞ্জলি = জল + অঞ্জলি (অ + অ)
জীৱনালেখ্য = জীৱন + আলেখ্য (অ + আ)

তিলাঞ্জলি = তিল + অঞ্জলি (অ + অ)

দশাৱতাৰ = দশ + অৱতাৰ (অ + অ)
দক্ষিণায়ণ = দক্ষিণ + অয়ণ (অ + অ)
দাবানল = দাব + অনল (অ + অ)
দীপান্বিতা = দীপ + অন্বিতা (অ + অ)
দেশান্তৰ = দেশ + অন্তৰ (অ + অ)
দেৱাসুৰ = দেৱ + অসুৰ (অ + অ)
দৈত্যাৰি = দৈত্য + অৰি (অ + অ)
দ্বীপান্তৰ = দ্বীপ + অন্তৰ (অ + অ)

ধৰ্মাধৰ্ম = ধৰ্ম + অৰ্ধম (অ + অ)

নৰকাসুৰ = নৰক + অসুৰ (অ + অ)
নৰাধন = নৰ + ধন (অ + অ)
নাট্যাভিনয় = নাট্য + অভিনয় (অ + অ)
নীলাচল = নীল + অচল (অ + অ)

পদান্ত = পদ + অন্ত (অ + অ)
পদাধিকাৰ = পদ + অধিকাৰ (অ + অ)
পদাৰবিন্দ = পদ + অৰবিন্দ (অ + অ)
পদাৰ্পণ = পদ + অৰ্পণ (অ + অ)
পৰমাৰ্থ = পৰম + অৰ্থ (অ + অ)
পৰমানন্দ = পৰম + আনন্দ (অ + আ)
পৰমামৃত = পৰম + অমৃত (অ + অ)
পৰাধীন = পৰ + অধীন (অ + অ)
পুষ্পাঞ্জলি = পুষ্প + অঞ্জলি (অ + অ)
প্ৰেমাস্পদ = প্ৰেম + আস্পদ (অ + আ)

ফলাফল = ফল + অফল (অ + অ)

বকাসুৰ = বক + সুৰ (অ + অ)
বিচিত্ৰতানুষ্ঠান = বিচিত্ৰ + অনুষ্ঠান (অ + অ)
বিৰহনল = বিৰহ + অনল (অ + অ)

মঙ্গলামঙ্গল = মঙ্গল + মঙ্গল (অ + অ)
মতান্তৰ = মত + অন্তৰ (অ + অ)
মতানৈক্য = মত + অনৈক্য (অ + অ)
মানবাধিকাৰ = মানৱ + অধিকাৰ (অ + অ)
মিলিতান্ত = মিলিত + অন্ত (অ + অ)
মুৰাৰি = মুৰ + অৰি (অ + অ)

ৰাজ্যাভিষেক = ৰাজ্য + অভিষেক (অ + অ)

শকাব্দ = শক + অব্দ (অ + অ)
শঙ্কৰাব্দ = শঙ্কৰ + অব্দ (অ + অ)
শতাব্দ = শত + অব্দ (অ + অ)
শশাংক = শশ + অংক (অ + অ)
শস্যাধিপতি = শস্য + অধিপতি (অ + অ)
শুভাগমন = শুভ + আগমন (অ + আ)
শেষাক্ষৰ = শেষ + অক্ষৰ (অ + অ)
শোকাভূত = শোক + অভূত (অ + অ)
শোকাশ্ৰু = শোক + অশ্ৰু (অ + অ)

সত্ৰাধিকাৰ = সত্ৰ + অধিকাৰ (অ + অ)
সমানুপাত = সম + অনুপাত (অ + অ)
সৰ্বস্বান্ত = সৰ্বস্ব + অন্ত (অ + অ)
সহানুভূতি = সহ + অনুভূতি (অ + অ)
সাধ্যাতীত = সাধ্য + অতীত (অ + অ)
সুখাবহ = সুখ + আবহ (অ + আ)
সূৰ্য্যাংশ = সূৰ্য + অংশ (অ + অ)
স্থানান্তৰ = স্থান + অন্তৰ (অ + অ)
স্বাধীন = স্ব + অধীন (অ + অ)
স্মৰণাতীত = স্মৰণ + অতীত (অ + অ)

হতাহত = হত + আহত (অ + আ)
হস্তাক্ষৰ = হস্ত + অক্ষৰ (অ + অ)
হিতাহিত = হিত + অহিত (অ + অ)

সন্ধিৰ শেষ বাক্য

ইয়াত আমি এতিয়ালৈকে Class 10 ৰ বাবে কিছু সন্ধিৰ কথা আলোচনা কৰিলোঁ। আশা কৰো আপুনি এই তথ্য খিনি কামত অহাকৈ পঢ়িব। ই আপোনাক পৰীক্ষাত বহুত সহায় কৰিব।

আপুনি আমাৰ লিখনি সমূহ পঢ়িবলৈ Assamese Medium ত আহিব পাৰে। ইয়াত আমি নৱম আৰু দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ৰ বাবে সম্পূৰ্ণ বিষয়ৰ সমাধান আলোচনা কৰো।

আপুনি Assamese Medium Facebook PageFollow কৰি, যিকোনো প্ৰশ্ন আমাৰ সৈতে আলোচনা কৰিব পাৰে যাৰ উত্তৰ আমি যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।

1 thought on “সন্ধি ভাঙা আৰু পাতা | Assamese Grammar for HSLC/HS 2024”

Leave a Comment