Class 6 Assamese Chapter 4 Question Answer | বিহু আদৰণি

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 4 Question Answer [বিহু আদৰণি প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিহু আদৰণি প্ৰশ্ন উত্তৰ [Class 6 Assamese Chapter 4 Question Answer] লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

Class 6 Assamese Chapter 4 Question Answer | বিহু আদৰণি প্ৰশ্ন উত্তৰ 2023

Class 6 Assamese Chapter 4 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু ব্যাকৰণ [Assamese Grammar 2023-24] সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 4 Question Answer

চমুকৈ উত্তৰ দিয়া

১। কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া ।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা) ।

২। কবিতাটো শুদ্ধকৈ মুখস্থ কৰা আৰু লয় ছন্দৰ শুদ্ধতা ৰক্ষা কৰি আবৃত্তি কৰা ।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা)।

৩। বাকচৰ ভিতৰত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা ।
চ’তাই থেৰেজু আওলা
বৰ্হমথুৰি বাহঁত চাত
সুগৰ আঁচু ভমকা
ৰচঙ্গা খোলা শাল দিহা

উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা)

প্ৰশ্নবোৰৰ উত্তৰ দিয়া

(ক) চ’তাই বুলি কবিয়ে কাক কৈছে ?
উত্তৰঃ চ’তাই বুলি কবিয়ে চ’ত মাহক বুজাইছে ।

(খ) কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে ?
উত্তৰঃ জেতুকা আৰু থেৰেজুৰ লগত বৰ্হমথুৰি অনাৰ কথা কোৱা হৈছে ।

(গ) মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কৈছে ?
উত্তৰঃ মাখিয়তীৰ পাত আৰু তৰাগছৰ পঘাৰে আওলা অৰ্থাৎ আগচালি জুৰি পেলোৱাৰ কথা কবিয়ে কৈছে ।

(ঘ) বাহঁত খোপালৈ বুলি কি ফুল আনিলে ?
উত্তৰঃ হালধি, থেকেৰা,আৰু বেঙেনাৰে বাহঁত চাত সজাইছে ।

(ঙ) বায়ে খোপালৈ বুলি কি ফুল আনিলে ?
উত্তৰঃ বায়ে খোপালৈ বুলি ৰংচঙীয়া কপৌফুল আনিছে ।

(চ) কবিয়ে চ’তাইক কি বুলি কাবৌ কৰিছে ?
উত্তৰঃ ৰঙালীক আদিৰ আনিবলৈ চ’তাইক কবিয়ে কাবৌ কৰিছে ।

৫। কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা ।
উত্তৰঃ কবিতাটিৰ কথাখিনি মাজেৰে কবি মিত্ৰদেৱ মহন্তদেৱে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ এটি সম্যক চিত্ৰ অংকন কৰিছে । কবিয়ে ‘চ’তাই’ অৰ্থাৎ চ’ত মাহক এই বুলি অনুৰোধ জনাইছে যে–চ’তে যেন সোনকালে ৰঙালী বিহুক আদৰি আনে । বিহুলৈ ৰৈ ৰৈ আমনি লাগিছে । জেতুকা, থেৰেজু, বহৰ মথুৰি, মাখিয়তী পাত, তৰাৰ পঘা আদিৰ যোগাৰ হ’লেই । গৰু বিহুৰ বাবেও হালধী, থেকেৰা, বেঙেনাৰে বাহঁত চাত সজোৱাও হ’ল । ঢোল, পেঁপা আদি বাদ্যও বজাবলৈ সাজু হৈ উঠিছে । আয়ে বোৱা গামোচা কাটি উলিওৱা হ’ল । বায়ে কপৌ ফুল আনিছে । পিতায়ে নাহৰৰ ডালি আনিছে । খুড়ীয়ে পিঠাৰ খোল পাতিছে । আইতাই থাপনাৰ সমুখো চিকুণাই থৈছে । গতিকে চ’তায়ে সোনকালে ৰঙালী বিহুক আদৰি আনিব লাগে ।

বাক্য ৰচনা কৰা

৬। বাক্য ৰচনা কৰা- জেতুকা, ভমকা, আঁচু, শাল, দিহা
উত্তৰঃ জেতুকা :- বাইদেৱে হাতত ৰং লগাবলৈ জেতুকাৰ পাত আনিছে ।
ভমকা :- হেৰা মাহীদেউ, ভমকা ফুলীয়া চাদৰ পিন্ধি কোনফালে যোৱা ?
আঁচু :- পেহীয়ে যে গামোচাত ইমান ধুনীয়া আঁচুৰ ফুল তুলিছে ।
শাল :- চ’ত মাহৰ শালৰ খট্ খট্ শব্দই গাঁওখনি মুখৰিত কৰি ৰাখে ।

লিংগ নিৰ্ণয় কৰা

৭। লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা- খুৰী, আইতা, বাইদেউ, আই, পিতাই, ককাই, শাহু, ননন্দ, জোঁৱাই

উত্তৰঃ

  • পুং লিংগ
    • পিতাই
    • ককাই
    • জোঁৱাই
  • স্ত্ৰী লিংগ
    • আইতা
    • খুৰী
    • বাইদেউ
    • আই
    • শাহু
    • ননন্দ

বহু বচনত প্ৰকাশ কৰা

৮। শব্দবোৰ বহুবচনত প্ৰকাশ কৰা – ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ

উত্তৰঃ

একবচন বহুবচন
ককাই ককাইহঁত
গামোচা গামোচাবোৰ
মানুহ মানুহবিলাক
পিঠা পিঠাখিনি/পিঠাবোৰ
বাইদেউ বাইদেউহঁত

৯। অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা ।

টকা বাত থাল জুৰি
টকা বাট ঠাল জুৰি

উত্তৰঃ টকা :– পিতায়ে দুকুৰি টকাৰে এটা মাগুৰ মাছ কিনি আনিলে ।
টকা :– বিহুত বজাবলৈ বুলি জাতি বাঁহৰ টকা এটা কাটিছোঁ ।
বাত :– বৰালী মাছ আৰু কোমোৰা খালে মাৰ গাত বাত ওলাই যায় ।
বাট :– এইটো বাটেৰে গ’লে কোন গাঁও পোৱা যাব ?
থাল :– বাইটিয়ে চীনা মাটিৰ থালবোৰ লাহে লাহে ধুই আছে ।
ঠাল :– হৰিয়ে গছত উঠি ঠালবোৰ কাটি আছে ।
জুৰি :– আমাৰ গাঁৱৰ মাজেৰে এটা জুৰি বৈ গৈছে ।
জুৰি :– গোটেই ৰাজ্য জুৰি বিদ্রোহৰ জুই জ্বলি উঠিছিল ।

১০। ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে দহটা বাক্য লিখা ।
উত্তৰঃ বিহু অসমৰ জাতীয় উৎসৱ । বিহু তিনিটা–কাতি বিহু, মাঘ বিহু আৰু ব’হাগ বিহু । কাতি বিহুক কঙালী বিহু, মাঘ বিহুক ভোগালী বিহু আৰু ব’হাগ বিহুক ৰঙালী বিহুও বোলা হয় । কাতি বিহুত তুলসী তল, ধাননি পথাৰ, ভঁৰাল আদিত ভক্তিৰে চাকি জ্বলাই লখিমীৰ আৱাহন কৰা হয় । ভোগালী বিহু ভোগৰ উৎসৱ । এই বিহুত মেজি আৰু ভেলাঘৰ সাজি, বিহুনাম গাই, লগভাত খোৱা হয় আৰু বিহুৰ দিনা মেজি জ্বলাই অগ্নিদেৱতাৰ পূজা কৰা হয় । চ’ত মাহৰ শেষৰ দিনাৰ পৰা সাত দিনলৈ ৰঙালী বিহু পালন কৰা হয় । গৰু বিহু, দেৱতা বিহু, মানুহ বিহু আদি নামেৰে ব’হাগ বিহুৰ প্ৰতিটো দিন পালন কৰা হয় । পূৰ্বতে বিহু প্ৰাকৃতিক পৰিৱৰ্তন আৰু কৃষিৰ ওপৰত ভিত্তি কৰি পালন কৰা হয় ।পূৰ্বতে বিহু প্ৰাকৃতিক পৰিৱৰ্তন আৰু কৃষিৰ ওপৰত ভিত্তি কৰি পালন কৰা হৈছিল । বৰ্তমানে ৰঙালী বিহু মঞ্চৰ উৎসৱত পৰিণত হৈছে। মদ, জুৱা আদি অপকৰ্মই বিহুৰ সৌন্দৰ্য বহু পৰিমাণে ম্লান কৰিছে ।

১১। তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদ্যাপন কৰা হয় লিখা ।
উত্তৰঃ আমাৰ গাঁৱত বিৰাট উৎসাহ উদ্দীপনাৰে ৰঙালী বিহু পালন কৰা হয় । আটায়ে চ’ত মাহ আৰম্ভ হোৱাৰ পৰা অধীৰ আগ্ৰহেৰে বিহুলৈ বাট চাই থাকে । জীয়ৰী-বোৱাৰীহঁতে বহুদিনৰ আগৰে পৰাই শালত ফুলাম গামোচা লগায় আৰু বিহুৰ আগে আগে কাটি উলিয়াই । গৰু বিহুৰ দিনা সকলোৱে নদীৰ ঘাটলৈ লৈ গৈ গৰুক গা-পা ধুৱাই দিয়ে । তাৰ পাছত দীঘলতী, মাখিয়তীৰ পাতেৰে গৰুবোৰক কোবাই কোবাই, লাও-বেঙেনাৰ মালা পিন্ধাই গায় –

“লাও খা বেঙেনা খা
বছৰি বছৰি বাড়ি যা ।
মাৰ সৰু বাপেৰ সৰু
তই হ’বি বৰ গৰু ।”

পিছদিনা মানুহ বিহু, সিদিনা সৰুৱে ডাঙৰক তামোল-পাণ, গামোচাৰে সেৱা-সৎকাৰ কৰে । ডাঙৰেও সৰুক প্ৰাণ ভৰি আশীৰ্বাদ দিয়ে । গোঁসাই বিহুৰ দিনাখন সকলোৱে নাম-কীৰ্তন কৰে । একেদৰে শেষৰ বিহু অৰ্থাৎ সাত বিহুৰ দিনা সকলোৱে সাতবিধ শাকৰ আঞ্জা খায় ।বিহুৰ আটাইকেইটা গাঁৱৰ ডেকাসকলে মানুহৰ চোতালে চোতালে হুঁচৰি গাই ফুৰে । আমাৰ গাঁৱৰ ওচৰতে থকা আমতলি গাঁৱৰ এখন মঞ্চবিহু হয় । সন্ধিয়া আমি সেইখন বিহুতলীলৈ গৈ অনুষ্ঠান চাওঁ । তালৈ বহুত নামী গায়কে গান গাবলৈ আহে । এইবেলি বেবেজীয়াৰ বিহু হুঁচৰি দিলে তাত বৰ মনোৰম বিহুনাচ প্ৰদৰ্শন কৰিছিল ।

১২। দলত আলোচনা কৰি বস্তুকেইপদেৰে আমি কি কি কৰোঁ লিখা ।
(ক) জেতুকা পাত
(খ) বৰ্হমথুৰি
(গ) পঘা
(ঘ) কপৌ-ফুল
(ঙ) বিহুৱান
(চ) মাখিয়তী

উত্তৰঃ (ক) জেতুকা পাত:- জেতুকা পাতবোৰে পটাত পিহি হাতৰ তলুৱা আৰু আঙুলিত লগাই থোৱা হয় । কিছু সময় পাছত লগোৱা অংশ ধুনীয়া ৰঙচুৱা হয় । বিহু নাচিবলৈ হাত আৰু আঙুলিত ৰং বোলাবলৈ জেতুকা পাতক প্ৰাকৃতিক প্ৰসাধন দ্ৰব্য হিচাপে অসমীয়া ছোৱালীয়ে ব্যৱহাৰ কৰে ।

(খ) বৰ্হমথুৰি:- ইয়াৰ থুৰিবোৰ চোবাই চোবাই তাৰ ৰসেৰে ওঁঠ ৰঙীন কৰা হয় ।

(গ) পঘা:- তৰা বা মৰাপাটৰ আঁহেৰে তৈয়াৰী ৰছীৰে পঘা প্ৰস্তুত কৰা হয় । পঘাৰে গৰু, ছাগলী, ম’হ আৰু ভেঁড়া বান্ধি থোৱা হয় ।

(ঘ) কপৌ-ফুল:- বিহু নাচনীসকলে খোপাত কপৌ-ফুল মাৰি লয় ।

(ঙ) বিহুৱান:- ফাগুন-চ’ত মাহত বৈ উলিওৱা ফুলাম গামোচা ব’হাগ মাহত বিহুৱান হিচাপে ব্যৱহাৰ কৰা হয় । বিহুৱান সৰুৱে ডাঙৰক সন্মানৰ প্ৰতীক হিচাপে আৰু প্ৰিয়জনক মৰমৰ চিন স্বৰূপে দিয়া হয় ।

(চ) মাখিয়তী:- গৰু বিহুৰ দিনা গৰুক গা-পা ধুৱাই মাখিয়তী আৰু দীঘলতিৰ পাতেৰে গৰুক লাহে লাহে কোবোৱা হয় । এনে কৰিলে গৰুৱে বছৰজোৰা মহ-দাহৰ কামোৰৰ পৰা ৰক্ষা পায় বুলি অসমীয়া লোক সমাজে বিশ্বাস কৰে ।

১৩। তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনকেইবিধ বাদ্য বিহুগীত বা বিহুনাচত ব্যৱহাৰ কৰা হয়, দলত আলোচনা কৰি লিখা ।

পেঁপা গগনা ঢোল হাৰমনিয়াম
খোল সুতুলি তাল ঢাক টকা গীতৰ

উত্তৰঃ বিহুগীত বা বিহুনাচত ব্যৱহৃত বাদ্যকেইবিধ হ’ল– পেঁপা, গগনা, ঢোল, সুতুলি, তাল, আৰু টকা ।

১৪। তাঁত-শালৰ সঁজুলিবোৰৰ ব্যৱহাৰৰ বিষয়ে শিক্ষকক সুধি জানি লোৱা : উঘা,চেৰেকী, টোলোঠা,ৰাঁচ,মহুৰা,নাচনী, গৰকা, যঁতৰ, নেওঠনী
উত্তৰঃ উঘা :- তাঁতৰ বাটি কৰিবলৈ বাঁহেৰে নিৰ্মিত উঘাত চেৰেকীৰ পৰা সূতা মেৰিওৱা হয় ।
চেৰেকী :- চেৰেকীত সূতা লৈ তাৰ পৰা মহুৰা ফুৰোৱা হয় ।
টোলোঠা :- তাঁত শালত দীঘল সূতা মেৰিওৱা গোটা কাঠ ।
ৰাঁচ :- ৰাঁচৰ সৰু সৰু কাঠিবোৰৰ মাজেৰে তাঁতৰ দীঘল সূতাবোৰ পাৰ কৰোৱা হয়, যাতে সূতাবোৰ সঠিক ঠাইতে থাকে ।
মহুৰা :- মহুৰাত সূতা মেৰাই মাকোত ভৰোৱা হয় আৰু ইয়াৰে তাঁতৰ বাণি সূতা বোৱা হয় ।
নাচনী :- তাঁতৰ বাণিৰ সূতা উঠোৱা-নমোৱা কৰিবলৈ ওপৰত বান্ধি লোৱা কাঠ বা বাঁহৰ সৰু টুকুৰা । ইয়াতেই নাচনী :-জৰী ওলোমাই থোৱা হয় ।
গৰকা :- গৰকা তাঁতৰ তলত থাকে । গৰকা দুডালত ভৰিৰে গচকি গচকি বাণিৰ সূতা উঠোৱা নমোৱা হয় ।
যঁতৰ :- যঁতৰেৰে মহুৰা ফুৰোৱা হয় ।
নেওঠনী :- পাঁজিত সূতা কটাৰ আগতে নেওঁঠনীৰে কঁপাহৰ গুটি আঁতৰোৱা হয়।

১৫। আমাৰ ৰাজ্যত বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা উৎসৱসমূহৰ নামবোৰ দলত আলোচনা কৰি তালিকাখনত লিখা ।
উত্তৰঃ

জনগোষ্ঠীৰ নাম উৎসৱৰ নাম
বড়োবাথৌ পূজা, মাইনাও খেৰাই
মিচিংআলি আই লৃগাং
আহোমমে’ দাম মে’ফি
চাহ জনগোষ্ঠীচড়ক পূজা

১৬। সৰু সৰু দলত ভাগ হৈ বৰ্ণৰ তালিকাখনৰ পৰা বিভিন্ন শব্দ লিখা ।


উদাহৰণ :- বিহু, পাভ, দৰা
উত্তৰঃ

বাৰ, আন, শাক, দুৰ্গা, পালি ইংৰাজ, পূব, পূৰ, নলী, ছাদৰ, লাই, আলি, আই, লৃগাং, ফাল ।

১৭। ব’হাগত ৰঙালী, কাতিত কঙালী আৰু মাঘত হয় ভোগালী বিহু । প্ৰতিটো বিহুতে প্ৰাকৃতিয়ে বেলেগ বেলেগ ৰূপ লয় । ব’হাগ মাহত প্ৰকৃতিয়ে কেনে ৰূপ লয় দলত আলোচনা কৰি বৰ্ণনা কৰা ।
উত্তৰঃ ব’হাগ মাহত অসমত প্ৰকৃতিয়ে মনোৰম ৰূপ লয় । গছত কুঁহিপাত ওলায় । ফাগুনৰ পছোৱা বতাহত লঠঙা হোৱা গছবোৰে যেন নতুন পোছাকহে পৰিধান কৰে । চৰাই-চিৰিকটিয়ে চোদিশ মুখৰিত কৰি তোলে । কুলি চৰাইৰ মোহনীয় মাতে মন-প্ৰাণ উতলা কৰে । গছে-বনে ন ন ফুল ফুলে । সেই ফুলে ফুলে ভোমোৰা আৰু পখিলা উৰি ফুৰে । মৌ-মাখিয়েও হেঁপাহ পলুৱাই ফুলৰ মৌ সংগ্ৰহ কৰে । আকাশত মেঘ জমা হয় । দুই-এজাক বৰষুণে ধূলিবোৰ ধুই নিয়ে । শীতৰ অৱসান ঘটে । কেতিয়াবা এনেদৰে ব’হাগত প্ৰকৃতিয়ে নতুন ৰূপ গ্ৰহণ কৰে ।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment