Class 6 Assamese Chapter 2 Question Answer | বুধিয়ক বীৰবল প্ৰশ্ন উত্তৰ

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 2 Question Answer [বুধিয়ক বীৰবল প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে Class 6 Assamese Chapter 2 Question Answer লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

Class 6 Assamese Chapter 2 Question Answer

বুধিয়ক বীৰবল প্ৰশ্ন উত্তৰ । Class 6 Assamese Chapter 2 Question Answer 2023

ইয়াত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু ব্যাকৰণ (Assamese Grammar) সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

চমুকৈ উত্তৰ দিয়া

১ । তলৰ ছবি দুখনে সাধুটোৰ কোন অংশ প্ৰকাশ কৰিছে কোৱা ।

উত্তৰঃ প্ৰথম ছবি :- বীৰবলে সম্ৰাট আকবৰৰ সম্মুখত ফেঁচা দুটাৰ কথোপকথন ব্যাখ্যা কৰিছে ।

দ্বিতীয় ছবি :- দুখন অৰণ্যৰ ৰজা ফেঁচা দুটাৰ সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে ।

২ । ‘বুধিয়ক বীৰবল’ কাহিনীটো নিজৰ কথাৰে কোৱা ।
উত্তৰঃ ডেকা বয়সত সম্ৰাট আকবৰ চিকাৰ প্রিয় আছিল । তেওঁ চিকাৰলৈ যাওঁতে বীৰবলক লগত নিছিল । বীৰবলে কিন্তু সম্ৰাটৰ চিকাৰকাৰ্য ভাল নাপাইছিল । কিন্তু এই কথা ক’লে সম্ৰাটে বেয়া পাব বুলি ভয় কৰিছিল ।

এদিনাখন চিকাৰলৈ যাওঁতে ভাগৰ লগাত দুয়ো এজোপা গছৰ তলত জিৰালে । গছজোপাত দুটা ফেঁচাই কুৰুলিয়াই আছিল । সিহঁতে কথা পাতি থকা যেন লাগিছিল ।তেতিয়া আকবৰে বীৰবলক ক’লে যে — বীৰবলে পশু-পক্ষীৰ মাত বুজি পায় বাবে তেওঁ ক’ব লাগে সেই ফেঁচা দুটাই কি কথা পাতি আছে । তেতিয়া বীৰবলে ফেঁচা দুটাৰ কথা শুনাৰ ভাও জুৰি ক’লে যে— দুখন অৰণ্যৰ ৰজা সেই ফেঁচা দুটাই সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে । ৰাজকোঁৱৰৰ পিতৃ ফেঁচাটোৱে সুধিছে যে বন্য সমাজৰ নিয়ম অনুসৰি ৰাজকন্যাৰ লগত বিয়াত চল্লিশখন পশু-পক্ষীহীন অৰণ্য দিব পৰা যাব নে নাযাব ।

তেতিয়া কন্যাৰ পিতাকে কৈছে যে বর্তমানে পঁচিশখনমানহে তেনে অৰণ্য দিব পৰা যাব । চল্লিশখন পশু-পক্ষী নথকা অৰণ্য দিবলৈ হ’লে আৰু দুমাহমান অপেক্ষা কৰিব লাগিব । তেতিয়া চল্লিশখন কিয়, পঞ্চাশখনতকৈ অধিক পশু-পক্ষীহীন অৰণ্য দিব পৰা যাব । তেতিয়া আকবৰে সুধিলে যে ফেঁচাটোৱে এই কথা কেনেদৰে ইমান দৃঢ়কৈ ক’ব পৰিছে । তেতিয়া বীৰবলে ক’লে যে– ফেঁচাটোৱে অনুমান কৰিছে যে সম্রাটে যিটো হাৰত চিকাৰ কৰি আছে, অচিৰেই আৰু বিশ-ত্ৰিশখন হৰিৰ পশু-পক্ষী নিঃশেষ হৈ যাব ।

বীৰবলে আওপকীয়াকৈ কোৱা কথাখিনিৰ গৃঢ়াথ আকবৰে বাৰুকৈয়ে উপলব্ধি কৰিলে। তেওঁ আৰু ভবিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত ল’লে আৰু ৰাজপ্ৰসাদলৈ উলটি যাবলৈ ওলাল ।

কোৱা আৰু লিখা

(ক) অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল ?
উত্তৰঃ সম্ৰাট আকবৰে ডেকা বয়সত চিকাৰ কৰি ভাল পাইছিল ।

(খ) ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল ?
উত্তৰঃ ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিছিল যে ফেঁচা দুটাই কি কথা পাতি আছে । বীৰবলে পশু-পক্ষীৰ মাত বুজি পোৱা বুলি আকবৰে ভাবিছিল।

(গ) আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল ?
উত্তৰঃ আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কৈছিল যে ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা । সিহঁতে দুটাই সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে ।

(ঘ) পশু-পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল ?
উত্তৰঃ পশু-পক্ষীহীন চল্লিশখন অৰণ্য দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল ।

(ঙ) ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল ?
উত্তৰঃ ৰাজকন্যাৰ পিতাকে বৰ্তমান পঁচিশখনমানহে পশু-পক্ষীহীন অৰণ্য দিব পৰা যাব বুলি কৈছিল ।

(চ) ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল ?
উত্তৰঃ বন্য সমাজৰ নিয়ম অনুসৰি বর্তমান পশু-পক্ষীহীন চল্লিশখন অৰণ্য দিব পৰা অৱস্থাত নাছিল বাবে আৰু বৰ্তমান পঁচিশখনমানহে তেনে অৰণ্য থকা বাবে ৰাজকণ্যাৰ পিতৃয়ে দুমাহ সময় বিচাৰিছিল ।

(ছ) অৰণ্যত চিকাৰ কৰি থাকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল ?
উত্তৰঃ সম্ৰাটে অৰণ্যত অহৰহ চিকাৰ কৰি থাকিলে অৰণ্যৰ পশু-পক্ষী নিঃশেষ হৈ যাব বুলি ৰাজকণ্যাৰ পিতৃ ফেঁচাটোৱে অনুমান কৰা বুলি বীৰবলে কৈছিল ।

(জ) বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে ?
উত্তৰঃ বীৰবলে কথাখিনি শুনি আকবৰে উপলব্ধি কৰিলে যে এনেদৰে চিকাৰ কৰি থাকিলে বনৰ পশু-পক্ষী শেষ হৈ যাব ।

(ঝ) আকবৰে শেষত কি কৰিলে ?
উত্তৰঃ আকবৰে শেষত ভবিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত কৰিলে আৰু ৰাজপ্ৰসাদলৈ উভতি যাবলৈ ওলাল ।

৪ । পাঠটোৰ কঠিন শব্দবিলাকৰ অৰ্থ শিক্ষকক সুধি বা শব্দ সম্ভাৰ চাই জানি লোৱা ।
উত্তৰঃ বুধিয়ক বীৰবল নামৰ Class 6 Assamese অধ্যায়ত থকা কঠিন শব্দবোৰৰ অৰ্থ “শব্দ সম্ভাৰ” ত চাই লোৱা।

দলত আলোচনা কৰি উত্তৰ লিখা

(ক) আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু-পক্ষীৰ মাত বুজি পাইছিল নে ? যদি বুজি পোৱা নাছিল, তেনেহ’লে কিয় বুজাৰ ভাও জুৰিছিল ?
উত্তৰঃ আকবৰে কোৱাৰ দৰে বীৰবলে আচলতে পশু-পক্ষীৰ মাত বুজি পোৱা নাছিল। কিন্তু প্ৰখৰ উপস্থিত বুদ্ধিৰ অধিকাৰী বীৰবলে মনতে এটা কাহিনী সজাই লৈ আকবৰৰ চিকাৰকাৰ্যৰ পৰা বিৰত কৰাৰ উপায় উলিয়ালে। সেয়েহে তেওঁ তেনেদৰে কাণ পাতি ফেঁচা দুটাৰ কথা-বতৰা শুনাৰ ভাও জুৰিলে।

(খ) উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে ?
উত্তৰঃ উপস্থিত বুদ্ধিৰ সহায়ত বীৰবলে সম্ৰাটৰ চিকাৰকাৰ্য বন্ধ কৰিবলৈ সক্ষম হ’ল । সম্ৰাটে চিকাৰ কৰাটো বীৰবলে ভাল নাপাইছিল ।কিন্তু সম্ৰাটক এই কাৰ্যৰ পৰা বিৰত কৰিবলৈ পোনপটীয়াকৈ কব’লৈ সাহস কৰা নাছিল। শেষত নিজৰ উপস্থিত বুদ্ধিৰ বলতে বীৰবলে এটা কাহিনীৰ সৃষ্টি নিজৰ উদ্দেশ্য সাধন কৰিলে ।

কোনে কাক কিয় কৈছিল?

(ক) “কি কাৰণে সি আৰু তেনেদৰে বুকু ডাঠি ক’ব পৰিছে ?”
উত্তৰঃ প্ৰশ্নত দিয়া কথাষাৰৰ বক্তা হ’ল সম্ৰাট আকবৰ । তেওঁ কথাখিনি বীৰবলক কৈছিল । গছৰ ডালত কুৰুলিয়াই থকা ফেঁচা দুটাৰ কথোপকথন বুজি পোৱাৰ ভাও জুৰি বীৰবলে কৈছিল যে — ৰাজকন্যাৰ ফেঁচা-পিতৃয়ে দুমাহৰ পাছত পঞ্চাশখনতকৈও অধিক জীৱ-জন্তুহীন অৰণ্য দিব পৰা যাব । তেতিয়া বীৰবলৰ সেই কথা শুনি আকবৰে কথাষাৰ কৈছিল ।

(খ) “আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ’ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ’ল । গতিকে ব’লা, ৰাজপ্ৰসাদলৈ উভতি যাওঁ ।”
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা কথাখিনি আকবৰে বীৰবলক কৈছিল । উপস্থিত বুদ্ধিসম্পন্ন বীৰবলে ফেঁচা দুটাক লৈ এটা কাহিনীৰ সৃষ্টি কৰি সম্ৰাটৰ মন সলনি কৰিলে । তেতিয়াই আকবৰে ভবিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত কৰি উক্ত কথাষাৰ কৈছিল ।

৭ । পাঠটো পঢ়ি যুক্তাক্ষৰ থকা শব্দকেইটা বিচাৰি উলিওৱা আৰু প্ৰতিটো যুক্তাক্ষৰেৰে দুটাকৈ নতুন শব্দ লিখা । যেনে – চল্লিশ ল্ল দিল্লী কল্লোল
উত্তৰঃ সম্ৰাট ম্ৰ তাম্ৰ নম্ৰ
কাৰ্য ৰ্য সূৰ্য দুৰ্যোধন
কিন্তু ন্তু সন্তুষ্ট জন্তু
বিতুষ্ট ষ্ট দুষ্ট কষ্ট
অৰণ্য ণ‍্য পণ‍্য নগণ্য
সন্তান ন্ত শান্ত অনন্ত
বন্য ন্য ধন্য মান্য
উত্তৰ ত্ত উত্তম উত্তীৰ্ণ
পাত্রী ত্র ত্ৰিশ পাত্ৰ
পিতৃ তৃ ভাতৃ মাতৃ
পঞ্চাশ ঞ্চ পঞ্চম অঞ্চল
উপলদ্ধি দ্ধ‍ লব্ধ –
ফলপ্ৰসূ প্ৰ প্ৰস্থান বিপ্ৰ
ভৱিষ্যতে ষ্য শিষ‍্য ভৱিষ্যদ্বক্তা

৮ ।পাঠটোত পশুপক্ষী, জীৱ-জন্তু আদিৰ যুৰিয়া শব্দ পাইছা । এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ । দলত ভাগ হৈ বিভিন্ন যুৰিয়া শব্দ লিখা ।
উত্তৰঃ মানুহ- দুনুহ, চৰাই-চিৰিকটি, গছ-গছনি, কাপোৰ-কানি, ৰজা-প্ৰজা, ভাত-পানী, সুখ-দুখ, নদ-নদী, জান-জুৰি, পৰ্বত-পাহাৰ, খাল-বিল, আও-ভাও, নীতি-নিয়ম, ৰীতি-নীতি, কাগজ-কলম, আৱেগ-অনুভূতি, হাঁহি-কান্দোন, আই-বাই, পুথি-পাঁজি, মাক-বাপেক, পিতৃ-মাতৃ, স্কুল-কলেজ, গান-বাজনা, গীত-মাত, খেল-ধেমালি, দোষ-গুণ, চিঠি-পত্ৰ, আদান-প্ৰদান, আমদানি-ৰপ্তানি, নাজল-নাথল, গাড়ী-মটৰ, ঘাত-পতিঘাত, চাকৰি-বাকৰি ইত্যাদি ।

৯ । “সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথন শুনাৰ ভাও জুৰিলে ।” এই বাক্যটোত ‘ভাও জুৰিলে’ খণ্ড বাক্যই এনেয়ে শুনি থকা যেন বুজাইছে ? তলৰ বাক্যবোৰত ব্যৱহাৰ হোৱা ‘জুৰিলে’ শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে কোৱা ।

(ক) ভোজৰ ভাত-আঞ্জা কাণে কাণ মাৰিহে জুৰিলে।
উত্তৰঃ প্ৰয়োজনৰ জোখাৰে যথোচিত হোৱা বুজাইছে ।

(খ) ৰামচন্দ্ৰই ধনুত বাণ জুৰিলে ।
উত্তৰঃ ধনুত বাণ লগোৱা বুজাইছে ।

(গ) তাঁত-বাটি জুৰিলে বোৱানীৰ গাত ত‍ৎ নাথাকে ।
উত্তৰঃ আৰম্ভ কৰা বুজাইছে ।

(ঘ) পুনীযে পুখুৰী জুৰিলে তাৰ যথোচিত হোৱা বুজাইছে ।
উত্তৰঃ ভৰি পৰা বুজাইছে ।

১০। “কোৱাচোন, এই ফেঁচা দুটাই কি কথা পাতি আছে !”
ওপৰৰ বাক্যটোত ব্যৱহাৰ হোৱা ‘কথাপাতি’ বাক্যাংশই আলোচনা কৰা অৰ্থ প্ৰকাশ কৰিছে । সেইদৰে ‘কথা’ শব্দটোৰ লগত আন শব্দ লগ লাগি গঠিত হোৱা জতুৱা ঠাঁচকেইটা চোৱা । শিক্ষকক সুধি অৰ্থ আৰু ব্যৱহাৰ জানি লোৱা ।

কথা ক, কথা ল, কথা-বতৰা
কথা হ, কথা চোৱা, কথা চহকী

উত্তৰঃ কথা-ক:– মুখেৰে প্ৰকাশ কৰ্; গোপনতা ভংগ কৰ্ । যেনে — “জয়মতী, তই গিৰিয়েৰৰ কথা ক ।”
কথা ল:– প্ৰতিশ্ৰুতি আদায় কৰ । যেনে– “চলিহাই বৰুৱাৰ পৰা টকাখিনি সময়ত ঘূৰাই দিয়াৰ কথা ল’লে ।”
কথা-বতৰা:– কথোপকথন । যেনে — ” তেওঁলোকৰ কথা-বতৰাত আওতায়ো ভাগ লৈছিল ।”
কথা হ:– কোনো বিশেষ উদ্দেশ্যত আলোচনা কৰ্ । যেনে— “শৰ্মাই মন্ত্ৰীৰ লগত কথা হৈ পীড়িতসকলৰ বাবে সাহায্য দিবলৈ সাজু হ’ল ।”
কথা চোৱা:– প্ৰয়োজনে-অপ্ৰয়োজনে কথা কৈ থা্ক । যেনে— “মৌচুমীহঁতে লগৰীয়াৰ লগত কথা চোৱাই থাকোঁতে ৰে’ল-গাদীয়ে ষ্টেচন এৰি গুচি গ’ল ।”
কথা-চহকী:– বৰকৈ কথা কওঁতা । যেনে— “গাওঁবুঢ়া মানুহজন ইমান কথা-চহকী যে মেল পকাই থাকোঁতে আচল কামৰ কথা পাহৰি যায় ।”

১১। বাক্য ৰচনা কৰা: কথা-চহকী, কথা চোৱা, কথা শুন, কথা ৰাখ্,
উত্তৰঃ কথা-চহকী:– নীলমণি খুড়া বৰ কথা-চহকী মানুহ আছিল ।

কথা চোৱা:- চুবুৰীয়াৰ লগত কথা চোৱাই থাকোঁতে বৰুৱানীৰ গা ধুবলৈকে সময় নহয়।
কথা শুন:- শিক্ষকৰ কথা শুনিলেহে জীৱনত উন্নতি কৰিব পাৰি ।
কথা ৰাখ্:- পূৰ্বতে দিয়া কথা ৰাখি ৰজাই সেনাপতিৰ পুত্ৰলৈ নিজ কন্যাক বিয়া দিলে ।

১২। তোমাৰ অঞ্চলত চৰাইৰ সংখ্যা আগতকৈ কমিছেনে বাঢ়িছে ? চৰাইবোৰ কি কাৰণত কমি যায় ? চৰাইৰ সংখ্যাৰ লগত গছ-গছনিৰ সম্পৰ্ক কি ? দলত আলোচনা কৰা । প্ৰয়োজনবোধে শিক্ষকৰ সহায় ল’বা ।
উত্তৰঃ আমাৰ গাঁৱৰ আশে-পাশে চৰাইৰ সংখ্যা আগতকৈ কমি গৈছে । চৰাইৰ সংখ্যা প্ৰধানকৈ চাৰিটা কাৰণত কমি যায়—

  • খাদ্যৰ অভাৱ,
  • বাসস্থানৰ অভাৱ
  • চৰাই-চিকাৰ, আৰু
  • (ঘ) মহামাৰী

খেতিপথাৰ আৰু জলাশয়বোৰত মানুহে ঘৰ সজাইছে, কল-কাৰখানা স্থাপন কৰিছে ।ফলত শস্য, মাছ-পুঠি, শামুক, ভেকুলী আদি খোৱা চৰাই কমি গৈছে ।চৰাইৰ প্ৰাকৃতিক আবাসস্থল যেনে খাল-বিল, বনাঞ্চল আদিত বেদখল হোৱাৰ ফলতে চৰাইৰ কমি গৈছে । কিছুমান চোৰাং চিকাৰী আৰু খকুৱা মানুহৰ অত্যাচাৰতো বহুতো চৰাইৰ মৃত্যু হয় ।’এভিয়ান’ অৰ্থাৎ ‘বাৰ্ড ফ্ল’ৰ দৰে মহামাৰীৰ ফলত অজস্ৰ চৰাই মৃত্যুমুখত পৰে ।

চৰাইৰ সংখ্যা প্ৰধানকৈ নিৰ্ভৰ কৰে সিহঁতৰ প্ৰধান আশ্ৰয়স্থল গছ-গছনিৰ সংখ্যাৰ ওপৰত । বেছিভাগ চৰায়ে গছত বাস কৰে । কম সংখ্যক চৰায়েহে দলনি, পৰ্বত-পাহাৰৰ শিলৰ ফাঁক, ধাননি পথাৰ বা ঘাঁহনি, নদীৰ পাৰৰ মাটি আদিত বাহ সাজে । মানুহে গছ-গছনি কাটি বনাঞ্চল ধ্বংস কৰাৰ ফলত সিহঁতৰ আশ্ৰয়স্থল নোহোৱা হৈছে । সেইবাবে সিহঁতৰ শ্রীবৃদ্ধি কমি গৈছে । আনকি শগুণৰ দৰে কিছুমান চৰাই ওখ গছৰ অভাৱত দুষ্প্ৰাপ্য হৈ পৰিছে ।

১৩ । অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম লিখা । কেইখন ৰাষ্ট্ৰীয় উদ্যান কি কাৰণে বিখ্যাত, শিক্ষকক বা ডাঙৰক সুধি লৈ তিনি-চাৰিটা বাক্যত লিখা ।
উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখন হ’ল–

  1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
  2. মানস ৰাষ্ট্ৰীয় উদ্যান
  3. নামেৰি ৰাষ্ট্ৰীয় উদ্যান
  4. ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আৰু
  5. ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ।

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান:- এই অভয়াৰণ্যত প্ৰধানকৈ এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত। নগাঁও, গোলাঘাট আৰু শোণিতপুৰ জিলাৰ ৪৩০ বৰ্গ কিলোমিটাৰ এলেকা জুৰি কাজিৰঙা অৱস্থিত । গঁড়ৰ উপৰি কাজিৰঙাত বাঘ,হাতী, বনৰীয়া ম’হ, বিভিন্ন চৰাই আদি প্ৰচুৰ পৰিমাণে পোৱা যায় ।

(খ) মানস ৰাষ্ট্ৰীয় উদ্যান:- এই অৰণ্য বনৰীয়া হাতী আৰু বনৰীয়া ম’হৰ বাবে বিখ্যাত । পশ্চিম অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰেৰে ভূটানৰ নামনিত ৩৬০ বৰ্গ কিলোমিটাৰৰ এই অৰণ্য অতিশয় সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ । ইয়াত সোণালী বান্দৰ, হলৌ বান্দৰ, ধনেশ, বাঘ অজস্ৰ প্ৰজাতিৰ জীৱ-জন্তু পোৱা যায় ।

(গ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান:- এই আৰণ্যখনক ১৯৯৯ চনৰ ১৩ আগষ্টত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল । ৭৮,৮১ বৰ্গ কিলোমিটাৰৰ অৰণ্যখন ক’লা ডিঙিৰ বগলী, পেলিকান, এশিঙীয়া গঁড়, বনৰীয়া হাতী, বাঘ আদিৰ বাবে বিখ্যাত । ইয়াত অলেখ প্ৰজাতিৰ চৰাই, সৰীসৃপ আদি আছে।

(ঘ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান:- মধ্য অসমৰ জিয়াভৰলীৰ পাৰে পাৰে, অৰুণাচল প্ৰদেশৰ নামনিত এই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত । ৰঙা পাণ্ডা, বাঘ, ধোঁৱাবৰণীয়া নাহৰফুটুকী বাঘ আদিৰ বাবে এই অৰণ্য বিখ্যাত । ইয়াত বিভিন্ন প্ৰজাতিৰ অজস্ৰ পখিলাও পোৱা যায় ।

(ঙ) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান:- এইখিনি ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে পৃথিৱী বিখ্যাত । দক্ষিণৰ পাটকাই পৰ্বত, ব্ৰহ্মপুত্ৰ নদ, উত্তৰৰ অৰুণাচলৰ পৰ্বত আদিৰ মাজতে সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আৰণ্যখন অৱস্থিত । পৃথিৱীৰ ১৯ টা শ্ৰেষ্ঠ জৈৱ-বৈচিত্ৰ্যৰ কেন্দ্ৰৰ ভিতৰত ডিব্ৰু-চৈখোৱাও অন্যতম । ডিব্ৰু আৰু চৈখোৱা এই দুখন অভয়াৰণ্যক ১৯৮৬ চনত একেলগে কৰা হয় আৰু ১৯৯৯ চনত ৩৪০ বৰ্গ কিলোমিটাৰৰ অৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয় ।

১৪ । তলৰ তালিকাখনৰ কোনকেইবিধ চৰাই তুমি চিনি পোৱা ? চিনি পোৱা যিকোনো তিনিবিধ চৰাইৰ বিষয়ে তিনি-চাৰিটা বাক্য লিখা ।


উত্তৰঃ প্ৰশ্নত দিয়া তালিকাখনৰ ভিতৰত চিনি পোৱা চৰাইবোৰ হৈছে—-

১৷ শালিকা, ২৷ ভাটৌ, ৩। বৰটোকোলা, ৪। পানী-কাউৰী, ৫। ডাউক, ৬।ঘনচিৰিকা, ৭। কুলি, ৮। পাটমাদৈ, ৯। শৰালী, ১০। বুলবুলি, ১১। বগলী, ১২। চিলনী, ১৩। শগুন, ১৪। মাছৰোকা, ১৫। কণামুচৰি, ১৬। কপৌ, ১৭। পাৰ, ১৮। টোকোৰা, ১৯। মৌ-পিয়া, ২০। ৰাজহাঁহ আৰু ২১। মইনা ।

শালিকা :- শালিকা অসমৰ সকলো ঠাইতে দেখা যায় । ই শস্যৰ দানা, পোক-পৰুৱা, মানুহে দিয়া বিস্কুটৰ টুকুৰা আদি খায় । মেকুৰী, সাপ আদি দেখিলে শালিকাবোৰে বৰকৈ চিঞৰে । শালিকাই সহজতে মানুহৰ পোহ মানে আৰু মানুহৰ বহুতো কথা বুজিও পায় ।

বৰটোকোলা :- বৰটোকোলাই ওখ গছত জেং-জোঙেৰে বাহ সাজে । ই বৰ ডাঙৰ চৰাই । সাপ, ভেকুলী, কুচিয়া, মাছ আদিৰ লগতে মৰা গৰু-ছাগলীৰ মাংসৰ টুকুৰাও খায় । ইয়াক প্ৰায়ে পথাৰ, বাম জলাশয় আদিত দীঘল ঠেং আৰু প্ৰকাণ্ড ঠোঁটটোৰে গহীন গহীনকৈ চিকাৰ কৰি থকা দেখা যায় ।

কুলি :- কুলি চৰাই বৰ শুৱলা মাতটোৰ কাৰণে বিখ্যাত । বসন্ত কালত অসমৰ হাবি-বননিয়ে কুলিৰ মাত শুনা যায় । মতা কুলিটো কিচ্কিচীয়া ক’লা বৰণৰ তাইৰ মাতটো বৰ উগ্ৰ । কুলি চৰাইৰ চকু ৰঙা ।

১৫ । চৰাইৰ ছবি কেইখন চোৱা আৰু তলত নামটো লিখা ।


উত্তৰঃ শগুন কুলি বুলবুলি

প্ৰকল্প :- তিনিবিধ চৰাইৰ নাম আৰু সেই চৰায়ে বাহ সজা ঠাই বা গছৰ নাম লিখা । কাষত প্ৰতিটো চৰাইৰ ঠোঁট আঁকি দেখুওৱা ।
সমাধান :-

চৰাইবাঁহ সজা গছঠোঁটৰ ছবি
কপৌআম, লিচু আদি বহু ডাল থকা চাপৰ ফলৱতী গছনিজে নিজে চেষ্টা কৰা
বগলীবাঁহ বা তাৰেই নিচিনা ওখ গছনিজে নিজে চেষ্টা কৰা
চিলনীশিমলু আদি বৰ ওখ গছনিজে নিজে চেষ্টা কৰা

Leave a Comment