Class 6 Assamese Chapter 3 Question Answer | অসমীয়া ভাষাৰ বিকাশৰ কথা প্ৰশ্ন উত্তৰ

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 3 Question Answer [অসমীয়া ভাষাৰ বিকাশৰ কথা প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে Class 6 Assamese Chapter 3 Question Answer লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

অসমীয়া ভাষাৰ বিকাশৰ কথা প্ৰশ্ন উত্তৰ । Class 6 Assamese Chapter 3 Question Answer 2023

Class 6 Assamese Chapter 3 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু ব্যাকৰণ (Assamese Grammar) সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 3 Question Answer

চমুকৈ উত্তৰ দিয়া

১ । পাঠটো শুদ্ধ উচ্চাৰণেৰে খোকোজা নলগাকৈ পঢ়া ।
উত্তৰঃ (ছাত্ৰ ছাত্ৰী নিজে কৰা)

উত্তৰ দিয়া

(ক) নয়নাহঁতে খুড়াকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল ?
উত্তৰঃ নয়নাহঁতে খুড়াকৰ বিষয়ে অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল ।

(খ) হেম সৰস্বতীয়ে ৰচনা কৰা, তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি ?
উত্তৰঃ আমাৰ পাঠত উল্লেখ থকা হেম সৰস্বতীয়ে ৰচনা কৰা পুথিখনৰ নাম হ’ল ‘প্ৰহ্লাদ চৰিত্ৰ’ ।

(গ) অলিখিত বা মৌখিক সাহিত্য মানে কি ?
উত্তৰঃ আখৰেৰে নিলিখা, মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যকে অলিখিত সাহিত্য বোলে । আখৰ চিনি নোপোৱা লোক সমাজত এনে সাহিত্যৰ সৃষ্টি হয় । অসমীয়া ভাষাত সাঁথৰ, মন্ত্ৰ,সাধুকথা, বিভিন্ন লোকগীত আদি অলেখ অলিখিত সাহিত্য প্ৰাচীন কালৰে পৰাই প্ৰচলিত হৈ আহিছে ।

(ঘ) ভাষা দুটা উপাদানৰ নাম লিখা ।
উত্তৰঃ ভাষাৰ দুটা অন্যতম প্ৰধান উপাদান হৈছে -ধৱনি আৰু শব্দ ।

(ঙ) অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে ?
উত্তৰঃ অসমীয়া ভাষাটোৱে খ্ৰীষ্টীয় দশম শতিকামানৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিছিল বুলি অনুমান কৰা হয় ।

(চ) ‘অসমীয়া’ শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল ?
উত্তৰঃ ইংৰাজী আমোলৰ সময়ত ‘অসমীয়া’ শব্দটোৰ প্ৰচলন বেছিকৈ হৈছিল ।

শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা

৩ । ত্ৰয়োদশ, স্থানীয়, নিগাজি, স্বকীয়, আমোল আবাসভূমি, উপাদান,অলিখিত, অনুকৃতি

উত্তৰঃ

শব্দ অৰ্থ
ত্ৰয়োদশ তেৰ সংখ্যক
স্থানীয় থলুৱানিজ অঞ্চলৰ
নিগাজি চিৰস্থায়ী
স্বকীয়নিজা
আমোল শাসনপ্ৰভুত্ব
আবাসভূমিবসবাস কৰা ঠাই আৰু তাৰ প্ৰাকৃতিক পৰিৱেশ
উপাদান বস্তুৰ মূল পদাৰ্থ
অলিখিতআখৰেৰে নিলিখা
অনুকৃতি সদৃশ ৰূপ

৪ । অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা ।
উত্তৰঃ ইতিহাসে ঢুকি পোৱা দিনৰো আগৰে পৰাই অসম ভূখণ্ড বিভিন্ন জনগোষ্ঠীৰ নিগাজি আবাসভূমি আছিল । সকলোৰে মাজত ভাব, ভাষা আৰু সংস্কৃতিৰ আদন-প্ৰদান হৈছিল । ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত সোমাই পৰিছিল। অসমীয়া ভাষাৰ উদ্ভৱকালতো স্থানীয় জনগোষ্ঠীয় ভাষাৰ দ্বাৰা অসমীয়া ভাষা ক’বলৈ লোৱা লোকসকলো প্ৰভাবান্ধিত হৈছিল । ভাব, ভাষা আৰু সংস্কৃতিৰ আদান-প্ৰদানৰ দ্বাৰা অসমীয়া ভাষাতো কালক্ৰমত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ বহুতো উপাদান সোমাই পৰিল ।

৫। উপযুক্ত যতি চিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা ।
ভাষাৰ উপাদান মানে কি খুড়া নয়নাই সুধিলে খুড়াকে উত্তৰ দিলে ধ্বনি ৰূপ শব্দ বাক্য আদিয়েই ভাষাৰ উপাদান।

উত্তৰঃ “ভাষাৰ উপাদান মানে কি খুড়া ?”—নয়নাই সুধিলে । খুড়াকে উত্তৰ দিলে– “ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়ে ভাষাৰ উপাদান ।”

৬ । তলত দিয়া বিশেষণ পদবোৰ বিশেষ‍্য পদলৈ নিয়া – সুন্দৰ, প্ৰচলিত, স্থানীয়, ৰচিত, পৰিৱৰ্তিত, বিকশিত

উত্তৰঃ

বিশেষণ পদ বিশেষ‍্য পদ
সুন্দৰসৌন্দৰ্য
প্ৰচলিত‌ প্ৰচলন
স্থানীয় স্থান
ৰচিত ৰচনা
পৰিৱৰ্তিত পৰিৱৰ্তন
বিকশিত বিকাশ

৭ । তোমাৰ পাঠৰ পৰা পাঁচটা তৎসম শব্দ আৰু পাঁচটা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা –

উত্তৰঃ

তৎসম শব্দ বিদেশী মূলৰ শব্দ
ত্ৰয়োদশ বেঞ্চ
প্ৰাচীন চকলেট
পূৰ্ণ পে’ন
সৃষ্টি ফুটবল
যুগ বিস্কুট

৮। তলৰ শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা । ধুনীয়া….. নিগাজি….. প্ৰাচীন….. চকলেট…..পুথি…… সামৰণি…..
উত্তৰঃ

শব্দসমাৰ্থক শব্দ
ধুনীয়াসুন্দৰ
নিগাজিস্থায়ী
প্ৰাচীনপুৰণি
পূৰ্বতেআগতে
পুথিকিতাপ
সামৰণিসমাপ্তি

৯। “প্ৰাকশংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুড়া ?” এইটো এটা প্ৰশ্নবোধক বাক্য । তোমালোকেও এনেধৰণৰ তিনিটা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজা ।
উত্তৰঃ (ক) আজি তোমালোকে ফুটবল খেলিবলৈ যাবানে ?
(খ) কোনটো ঋতুত শেৱালি ফুল ফুলে ?
(গ) অসমীয়া ভাষাৰ মূল কি ?

১০। বাক্য ৰচনা কৰা । মিচিকিয়াই চেনেহী পুৰণি ধন্যবাদ সাহিত্য যুগে যুগে
উত্তৰঃ মিচিকিয়াই:- মহাৰাণীয়ে মিচিকিয়াই হাঁহি মহাৰাজাৰ পৰা উপহাৰটো গ্ৰহণ কৰিলে ।
চেনেহী:- বহুদিনৰ মূৰত মাহীয়েকৰ চেনেহী মাতটো শুনি হেমাই দৌৰি ওলাই আহিল।
পুৰণি:- পুৰণি কালৰ ৰীতি-নীতিবোৰ পালন কৰিবলৈ আজিকালিৰ মানুহে টান পায় ।
সাহিত্য:- সাহিত্যৰ জৰিয়তে একোটা জাতিৰ আশা-আকাংক্ষা প্ৰকাশ পায় ।
যুগে যুগে:- যুগে যুগে সমাজৰ নিয়ম সলনি হৈ গৈ থাকে ।

১১। প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী । শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন ?
উত্তৰঃ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি শ্রীমন্ত শংকৰদেৱ।

১২। মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যক মৌখিক সাহিত্য বোলে । মৌখিক সাহিত্য বুলিলে সাধুকথা, আইনাম, ধাইনাম, বিহুনাম, বিয়ানাম আদিকে বুজা যায় । তুমি জনা এফাকি বিহুনাম আৰু এফাকি বিয়ানাম লিখা ।
উত্তৰঃ এফাকি বিহুনাম:-
পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই
লতা বগাাবলৈ টান ।
বলীয়া হাতীকো বলাব পাৰোঁ মই
চেনাইক বলাবলৈ টান ।।

এফাকি বিয়ানাম :-

ৰাম ৰাম পানী তুলিবলৈ ।
ৰাম ৰাম সোণৰে কলচী ।
ৰাম ৰাম ৰূপেৰে কলচী লোৱা হে ।
ৰাম ৰাম যমুনাৰ ঘাটলৈ ।
ৰাম ৰাম উৰুলি জোঁকাৰে ।
ৰাম ৰাম দূৰে বাটে বুলি যোৱা হে ।।

কেইটামান জানিবলগীয়া কথা

১। অসমীয়া ভাষাত কিছুমান শব্দ সংস্কৃতৰ পৰা পোনে পোনে আহি সোমাইছে । এইবোৰ সংস্কৃতৰ ধৰণেই লিখা হয় । এই শব্দবোৰক তৎসম শব্দ বোলে । যেনে– সূৰ্য, কৰ্ম, যত্ন ইত্যাদি । কিছুমান শব্দ সংস্কৃতৰ পৰা পোনপটীয়াকৈ অসমীয়াত সোমাই অসমীয়া ভাষাৰ উচ্চাৰণ পদ্ধতি অনুসৰি সৰল হৈ পৰিছে ।এইবোৰক অৰ্ধ-তৎসম শব্দ বোলে । যেনে– চেনেহ, যঁতৰ, কৰম ইত্যাদি। কিছুমান সংস্কৃত শব্দই প্ৰাকৃত আৰু অপভ্ৰংশৰ স্তৰ অতিক্ৰম কৰি বেলেগ ৰূপ লৈ অসমীয়া ভাষাত সোমাইছে । এইবোৰক তদ্ভৱ শব্দ বোলা হয় । যেনে– চাক, গছ, জুই ইত্যাদি । অসমীয়া ভাষাত বুৰঞ্জী, তামোল, জখলা আদি অজস্ৰ থলুৱা আৰ্য-ভিন্ন ভাষাৰ শব্দ আছে । একেদৰে ইংৰাজী, পৰ্তুগীজ, ফৰাচী আদি বিদেশী ভাষাৰ শব্দও অসমীয়া ভাষাত যুগে যুগে সংযোজিত হৈ আহিছে ।

২। প্ৰাক শংকৰী যুগৰ পাঁচগৰাকী বিশিষ্ট অসমীয়া কবি হ’ল
(ক) হেম সৰস্বতী
(খ) কবিৰত্ন সৰস্বতী
(গ) ৰুদ্ৰ কন্দলী
(ঘ) হৰিবৰ বিপ্ৰ আৰু
(ঙ) মাধৱ কন্দলী ।

৩ । দশক মানে হ’ল ১০ বছৰ বিয়পা কাল । শতিকা বা শতাব্দী মানে ১০০ বছৰৰ মুঠ সময় আৰু সহস্ৰাব্ধ মানে হ’ল ১০০০ বছৰ বিয়পি থকা কাল ।


প্ৰকল্প :- তোমালোকৰ অঞ্চলত থকা বিভিন্ন জনগোষ্ঠীৰ লোকে তলৰ ব্যাক্তি বা বস্তুক কি কি বুলি কয়, জানি লৈ লিখা ।

পানী, ল’ৰা, ছোৱালী, ভাত, মাছ, মাংস, গাখীৰ,
পাকঘৰ, ককা, আইতা, দলং, পুখুৰী, জলকীয়া ।
সমাধান :- লগৰীয়া আৰু চুবুৰীয়াক সুধি জানি লোৱা আৰু তালিকা কৰা । যেনে—
অসমীয়া — পানী বাংলা –জল
অসমীয়া—মাছ বড়ো— না ইত্যাদি
ক,খ, গ, ঘ– চাৰিটা বৰ্ণৰে শব্দ অৰ্থ লিখি এখন অভিধানৰ আৰ্হি প্ৰস্তুত কৰা ।

ক :
কণ্ঠ-টেটু; ডিঙিৰ ওপৰৰ আগফাল ।
কাল- সময় ।
কৃতজ্ঞ – উপকাৰৰ শলাগ লওঁতা ।
কেন্দ্ৰ – ১। বৃত্তৰ মধ্যবিন্দু, ২। নাভি, ৩। মুখ্যস্থান
কেশ – চুলি ।
কোপ – খং, ক্ৰোধ ।
কোলঠি – ডাঙৰ মাছৰ বুকু বা পেটৰ মঙহ
কৌমুদি – কাতি মাহ ।
ক্ৰয় – কিনা কাৰ্য ।
ক্লান্ত – ভাগৰুৱা ।

খ :-
খক/খঁক – খোৱাৰ তীব্ৰ হেঁপাহ ।
খঞ্জন – বালিমাহী চৰাই ।
খদ্দৰ – হাতে কটা সূতাৰ কাপোৰ
খা – ভোজন কৰ; ভক্ষণ কৰ্ ।
খাৰলি – বটি লোৱা সৰিয়হেৰে লোণ আদি মিহলাই কৰা এবিধ চাটনি ।
খালী – ৰিক্ত; একো নথকা ।
খিল্ খিল্ – নাৰীয়ে আনন্দতে হঁহা মুক্ত হাঁহিৰ শব্দ ।
খিয়াতি – যশ, খ্যাতি ।
খুঁটি – গোঁজ; সৰু খুঁটা ।
খোৱাৰ – গৰু-ছাগলী আটক কৰি ৰখা ফাকেট ।

গ :-
গংগা – ভাগীৰথী নদী; জাহ্নবী ।
গঁড় – নাকৰ ওপৰত শিঙৰ দৰে খড়্গ থকা এবিধ ডাঙৰ তৃণভোজী জন্তু।
গন্ধ – ঘ্ৰাণ, বাস ।
গা – দেহ; শৰীৰ ।
গাদী – কপাহ আদিৰে কৰা আৰামী আসন ।
গাফিলতি – অৱহেলা; অমনযোগ ।
গুলী – বন্দুকেৰে মৰা ধাতুৰ বাৰুদযুক্ত গুটি ।
গেৰেলা – শিয়ালৰ নিচিনা এবিধ জন্তু ।
গোৰ – ভৰিৰে কৰা আঘাত ।
গোহালি – গৰু ৰখা বা বন্ধা ঘৰ ।

ঘ :-
ঘড়া – পিতলৰ ডাঙৰ কলহ ।
ঘড়ী – সময় নিৰূপক যন্ত্ৰ ।
ঘঁৰিয়াল – এবিধ চাৰিঠেঙীয়া চিকাৰী প্ৰকৃতিৰ উভচৰ সৰীসৃপ ।
ঘাগৰি – ঘূৰি; মেখেলাৰ দৰে এবিধ পোচাক ।
ঘাঁহ – তৃণ; সৰু সৰু ডাল নথকা উদ্ভিদৰ প্ৰজাতি ।
ঘুণ – কাঠ ফুটা কৰা উৰণীয়া পোক বিশেষ ।
ঘোঁৰা – অশ্ব; তুৰঞ্জ; এবিধ তীব্রবেগী তৃণভোজী জন্তু ।
ঘোল – জুলীয়া আৰু গোটা বস্তুৰ মিশ্ৰণ ।
ঘোষণা – মুখেৰে উচ্চাৰণ কৰি দিয়া জাননী ।
ঘোষা – ওজাই লগাই দিয়াৰ পাছত পালীসকলে গোৱা গীত-পদ ।

Leave a Comment