Class 6 Assamese Chapter 1 Question Answer | সবাতোকৈ আপোন

নৱকান্ত বৰুৱা দেৱে ৰচনা কৰা ‘সবাতোকৈ আপোন” নামৰ অধ্যায়ৰ প্ৰশ্ন উত্তৰ আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ। আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 1 Question Answer বিনামূলীয়াকৈ পাব।

আনকি আপুনি যদি Assamese Medium ৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে Class 6 Assamese Chapter 1 Question Answer লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

সবাতোকৈ আপোন প্ৰশ্ন উত্তৰ । Class 6 Assamese Chapter 1 Question Answer 2022

ইয়াত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু ব্যাকৰণ (Assamese Grammar) সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 1 Question Answer

চমুকৈ উত্তৰ দিয়া

১৷ কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া ৷
উত্তৰঃ ছাত্র ছাত্ৰী নিজে কৰা ।

২৷ কবিতাটি আবৃত্তি কৰা ৷
উত্তৰঃ ছাত্র ছাত্ৰী নিজে কৰা ।

কোৱা আৰু লিখা

(ক) কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে ?
উত্তৰঃ কবি নৱকান্ত বৰুৱাদেবে নিজৰ আই, স্বদেশ আৰু মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে ৷

(খ) কবিয়ে প্ৰাণৰ চিনাকী বুলি কাৰ কাৰ কথা কৈছে ?
উত্তৰঃ কবিয়ে স্বদেশৰ নগৰ, গাওঁ, জান-জুৰিক প্ৰাণৰ চিনাকি বুলি কৈছে ৷

(গ) কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে ?
উত্তৰঃ কবিয়ে নিজৰ ভাষাৰে অন্তৰৰ কুমলীয়া ভাব প্ৰকাশ কৰা বুলি কৈছে ।

(ঘ) কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে ?
উত্তৰঃ নিজ মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ জৰিয়তে জগতখন চিনি পাবলৈ কবিয়ে আশা কৰিছে ৷

(ঙ) সুধীশাল পৃথিৱীত কেনেকৈ, কাৰ স’তে খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ?
উত্তৰঃ সুবিশাল পৃথিৱীখনত কবিয়ে একতাৰ ডোলেৰে হাতে হাতে ধৰাধৰিকৈ সকলোৰে লগত খোজ দিবলৈ ইচ্ছা কৰিছে ৷

৪ ৷ কবিতাটিৰ মূলভাব লিখা ৷
উত্তৰঃ ‘সবাতোকৈ আপোন’ নামৰ কবিতাটিৰ মাজেৰে কবি নৱকান্ত বৰুৱাদেবে জন্মদাত্ৰী আই, স্বদেশ আৰু মাতৃভাষাক আটাইতকৈ আপোন বুলি কৈছে ৷ কবিয়ে কৈছে যে, নিজ মাতৃ হয়তো সকলোতকৈ শুৱনি নহ’ব পাৰে, তথাপিও নিজৰ আই আটাইতকৈ আপোন ৷ তেৱেঁই সেউজীয়া ধুনীয়া পৃথিৱীখনক চিনাকী কৰি দিয়ে ৷ স্বদেশ আন সকলো দেশতকৈ ধনী নহ’ব পাৰে ৷ তথাপি জন্মভূমিৰ সমান কোনো দেশ আপোন হ’ব নোৱাৰে ৷ স্বদেশৰ নগৰ-গাওঁ, জান-জুৰি নিজৰ প্ৰাণৰ চিনাকী ৷ মাতৃভাষা আমাৰ সকলোতকৈ আপোন ভাষা, হয়তো এই ভাষা আটাইতকৈ শুৱলা নহ’ব পাৰে ৷ মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ যোগেদি মানুহে জগতখন চিনি পায় আৰু পৃথিৱীখনত একতাৰে সকলোৰে লগত খোজ মিলায় ৷

৫ ৷ পাঠৰ পৰা অন্তjধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা – আই, দেশ, চহকী, সুৰীয়া, জগত, সুখ, ভাষা
উত্তৰঃ আই …..চিনাই
দেশ ……শেষ
চহকী …..চিনাকী
সুৰীয়া ……কুমলীয়া
জগত …….লগত
সুখ …….. দুখ
ভাষা …… আশা

৬ ৷ নিৰ্দিষ্টতাবাছক প্ৰত্যয়টো, টি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা ৷ (যেনে : মানুহ + জন = মানুহজন) তিৰোতা, ছাতি, কেঁচুৱা, ঘৰ, কিতাপ, ছোৱালী, ফুলনি, নৈ, পৰ্বত
উত্তৰঃ
তিৰোতা + জনী = তিৰোতাজনী
ছাতি + টো = ছাতিটো
কেঁচুৱা + টি = কেঁচুৱাটি
ঘৰ + টো = ঘৰটো (‘গৃহ’ অৰ্থত)
ঘৰ + খন = ঘৰখন (‘পৰিয়াল’ অৰ্থত)
কিতাপ + খন = কিতাপখন
ছোৱালী + জনী = ছোৱালীজনী
ফুলনি + খন = ফুলনিখন
নৈ + খনি = নৈখনি
পৰ্বত + খন = পৰ্বতখন

বাক্য ৰচনা কৰা

৭ । বাক্য ৰচনা কৰা – শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া, সুবিশাল
উত্তৰঃ শুৱনি :- পকা পকা ধানেৰে পথাৰখন বৰ শুৱনি হৈ পৰিছে ।
সুৰীয়া :- আইতাহঁতৰ মুখৰ সুৱদি সুৰীয়া বিয়া নামবোৰ শুনি বৰ ভাল লাগিছিল ।
ধুনীয়া :- অভিপসাহঁতৰ ঘৰৰ সন্মুখত এখন বৰ ধুনীয়া ফুলনি আছে ।
চহকী :- মানুহঘৰ চহকী হ’লেও বৰ কৃপন ।
কুমলীয়া :- চোৱাচোন, ফুলমতীহঁতে কেনেকৈ চাহগছৰ কুমলীয়া পাতবোৰ ছিঙি আছে।
সুবিশাল :- সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঠেকা খাইছেহি।

৮ । কবিতাটিৰ পৰা যুৰিয়া শব্দবোৰ বিচাৰি লিখা
উত্তৰঃ গছ —– লতা (কবিতাত ‘গছ লতা’ আছে।)
নগৰ —– গাঁও ( কবিতাত ‘নগৰ গাঁও’ আছে।)
জান—— জুৰি
সুখ—— দুখ (কবিতাত ‘সুখ দুখ’ আছে।)
স্নেহ—— শান্তি (কবিতাত ‘স্নেহ শান্তি’ আছে।)

৯ । তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা – খেলোঁ, ধোওঁ, যাম, শুনা, দিম, পাৰে, লিখোঁ

শব্দনঞৰ্থক ৰূপ
কৰোঁনকৰোঁ
ধোওঁনোধোওঁ
শুনানুশুনা
পাৰেনোৱাৰে
খেলোঁনেখেলোঁ
যামনাযাম
দিমনিদিম
লিখোঁনিলিখোঁ

Note: মূল শব্দৰ আদিত যিটো স্বৰবৰ্ণ থাকে, নঞৰ্থক উপসৰ্গ ‘ন’ৰ লগতো সেইটো স্বৰবৰ্ণ যুক্ত হয়; যেনে ন + লিখ = নিলিখ; ন + যাম = নাযাম; ন + শুনা = নুশুনা ইত্যাদি ।

১০ । কবিতাটিত থকা বিশেষ‍্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা – আই, গছ, লতা, ফুল, ধৰণী, দেশ, নগৰ, গাঁও

বিশেষ‍্য পদবিশেষণ পদ
আইসবাতো
গছশুৱনি
লতাআপোন
ফুলধুনীয়া
ধৰণীচহকী
দেশসুৰীয়া
নগৰকুমলীয়া
গাঁওসুবিশাল

১১। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা

(ক) মই মোৰ আইক —– পাওঁ ।
উত্তৰঃ মই মোৰ আইক ভাল পাওঁ ।

(খ) মই মোৰ মাতৃভাষাক —–কৰোঁ ।
উত্তৰঃ মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ ।

(গ) আমি আমাৰ স্বদেশক লৈ —বোধ কৰোঁ ।
উত্তৰঃ আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ ।

১২ । তলত দিয়া স্তৱকসমূহ জননী, জন্মভূমি আৰু মাতৃভাষাক লৈ ৰচিত ।স্তৱকসমূহ দলীয়ভাবে পঢ়া আৰু কোনটো স্তবক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা ।

ক) মেলিলোঁ প্ৰথম চকু
তোমাৰ কোলাতে আই
জনমৰ আদিম পুৱাত;

উত্তৰঃ দেশ মাতৃৰ বিষয়ে লিখা হৈছে ।

খ) কোনে মোক তুলি-তালি কৰিলে ডাঙৰ
মউসনা মিঠা মাতে পাহৰি ভাগৰ;

উত্তৰঃ জননীৰ বিষয়ে লিখা হৈছে ।

গ) চিৰ চেনেহী মোৰ ভাষা জননী
উত্তৰঃ মাতৃভাষাৰ বিষয়ে লিখা হৈছে ।

১৩ । অসমৰ যিকোনো তিনিগৰাকী শিশু- সাহিত্যিকৰ নাম লিখা ।
উত্তৰঃ অসমৰ তিনিগৰাকী বিশিষ্ট শিশু-সাহিত্যিক হৈছে —– অতুলচন্দ্ৰ হাজৰিকা, নৱকান্ত বৰুৱা আৰু ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া ।

১৪ । তোমাৰ জন্মভূমিৰ বিষয়ে দহটা বাক্য লিখা ।
উত্তৰঃ মোৰ জন্মভূমি অসম । ই ভাৰত ৰাষ্ট্ৰৰ এখন অন্যতম অংগৰাজ্য । অসম ভাৰতৰ একেবাৰে পূৱ প্ৰান্তত অৱস্থিত । অসমৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে ।এই নদী আৰু ইয়াৰ উপনদীবোৰ যুগ-যুগান্তৰৰ পৰা পলস পেলাই অসমৰ মাটি সাৰুৱা কৰি আহিছে । মৰাপাট আৰু চাহখেতিৰ বাবে অসম পৃথিৱীত বিখ্যাত । এটা খৰ্গযুক্ত গঁড়ৰ বাবেও অসমৰ বিশ্ববাসীয়ে জানে । অসম ভূ-খণ্ড সেউজীয়া গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা । ইয়াৰ প্ৰাকৃতিক জলাশয়বোৰত অজস্ৰ প্ৰজাতিৰ মাছ পোৱা যায় । প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হ’লেও অসমত বানপানীৰ লেখীয়া বহুতো প্ৰাকৃতিক আৰু দুৰ্নীতিৰ দৰে মানৱ সৃষ্টি সমস‍্যা আছে।

১৫ । তোমাৰ জন্মদাত্ৰী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা ।
উত্তৰঃ আমি ইয়াত আমাৰ ইচ্ছা মতে এটি কবিতা লিখি দিছোঁ, নিজেও এনে ধৰণৰ কবিতা লিখিবলৈ যত্ন কৰা।

নিজেও নাখাই যিয়ে দিছিল খুৱাই
দুমুঠি ভোকৰ ভাত, তেঁৱে মোৰ আই ।
ল’ৰালৰি সৰু-বৰ দুখ পাওঁতে,
লৰি আহি সাৱটি লৈছিলোঁ কোলাতে ।
ডাঙৰ যেতিয়া হ’লোঁ, আয়ে চায় বাট,
উভতি নেযাওঁ মানে মুখত নোলায় মাত ।
আশিষৰ মিঠা বাক সদায়ে মুখত
আমাৰ সুখতে সুখী, দুখী আমাৰ দুখত ।
তেবেঁ মোৰ প্রাণৰ আই, পূজনৰ দেৱী,
তেৱেঁ মোৰ জীৱনৰ উদিত ৰবি ।

সাঁথৰ ভাঙা —

ক) নাকত বহি
কাণত ধৰে
এনে কি বস্তু
ভাল পায় নৰে ?

উত্তৰঃ চচ্মা

খ) ক আইটি টপৰাই
কাটি নিলে বাঢ়ি যায় ।

উত্তৰঃ সূতা

গ) দি মৰিল কোন
উত্তৰঃ দধাচি

ঘ) নিদি মৰিল কোন ?
উত্তৰঃ দুৰ্যোধন

ঙ) নি মৰিল কোন ?
উত্তৰঃ ৰাৱণ

চ) নকৈ মৰিল কোন ?
উত্তৰঃ জয়মতী

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment