Class 9 Assamese Chapter 10 Question Answer | পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন

আপুনি যদি Class 9 Assamese Chapter 10 Question Answer তথা নৱম মান শ্ৰেণীৰ অসমীয়াৰ 10ম অধ্যায় ‘পোহৰৰ বাটেৰে আগবঢ়া গাঁওখনৰ প্ৰশ্ন উত্তৰ‘ বিচাৰি আছে তেন্তে এইয়ে আপোনাক বহুত সহায় কৰিব।

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ লিখনি লৈ।

Class 9 Assamese Chapter 10 Question Answer 2024 Final Exam

আজি আমি Class 9 Assamese Chapter 10 Question Answer আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। ইয়াত Class 9 Assamese Chapter 10 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা কৰা, ভাষা বিষয়ক প্ৰশ্ন উত্তৰ আদি সাঙুৰি লোৱা হৈছে।

Class 9 Assamese Chapter 10 Question Answer

১। চমুকৈ উত্তৰ লিখা

(ক) ৰাজপুত বীৰ ৰাণা প্রতাপৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ ৰাজস্থানৰ উদয়পুৰত।

(খ) পিপলান্ত্রি গাঁওখন ক’ত অৱস্থিত ?
উত্তৰঃ ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলােমিটাৰ আঁতৰত অৱস্থিত।

(গ) কিহৰ বাবে পিপলান্ত্রি গাঁওখনে গ্রীণিজ ৱর্ল্ড ৰেকৰ্ডছত স্থান পাইছিল ?
উত্তৰঃ মাৰ্বল পাথৰৰ বাবে।

(ঘ) পৃথিবীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে?
উত্তৰঃ ডেনমার্ক দেশৰ পাঠ্যক্রমত।

(ঙ) ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নির্মাণ কৰিছিল ?
উত্তৰ : আর্জেন্টিনাৰ এটা দলে।

(চ) কিৰণ কোন আছিল?
উত্তৰঃ পিপলান্ত্রি গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল।

(ছ) ৰাখী বন্ধনৰ দিনা পিপলান্ট্রি গাঁৱৰ মানুহে কি কৰে?
উত্তৰঃ গছত ৰছী বান্ধে।

(জ) কিৰণ যােজনাৰ আঁৰৰ মানুহজন কোন?
উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল।

(ঝ) কোনাে এজন মানুহৰ মৃত্যুত পিপলান্ত্রি গাঁৱৰ মানুহে কি কৰে?
উত্তৰ: মৃতকৰ স্মৃতিত ১১ জোপা গছপুলি ৰােপণ কৰে।

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা

২। পিপলান্ত্রি গাঁৱৰ পৰিবেশ কিয় দূষিত হৈছিল ?
উত্তৰঃ পিপলান্ত্রি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাৰ ফলত প্রকৃতিও ধ্বংস হ’বলৈ ধৰে। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবােৰত দিনে-নিশাই কাম চলাৰ ফলত পিপলান্ট্রি গাঁৱৰ পৰিবেশ দূষিত হয়। গছ-গছনি কমি অহাত বৰষুণৰ পৰিমাণে কমি আহিল; ফলত অধিক মাত্রাত পৰিবেশ দূষিত হৈ পৰিল।

৩। শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্রি গাঁওখন পৃথিবী বিখ্যাত হােৱাত তেওঁৰ অৱদান সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল আছিল ৰাজস্থানৰ পিপলান্ত্রি গাঁৱৰ এজন আদর্শ ব্যক্তি। মাত্র ছয় বছৰ বয়সতে মাতৃক হেৰুওৱা শ্যাম সুন্দৰ পালিৱালে এটা সময়ত জীৱন-সংগ্ৰামৰ কাৰণে নিজ গাও এৰি গৈছিল যদিও পিছত বৃহৎ মাৰ্বল খনিয়ে বিধ্বস্ত কৰা গাঁওখনলৈ ঘূৰি আহি গাঁও আৰু গাঁওবাসীক উদ্ধাৰ কৰিবলৈ মনে প্রাণে নামি পৰে। ২০০৫ চনত তেওঁ গাঁওখনৰ মুখিয়াল হ’ল আৰু আকস্মিকভাৱে মৃত্যু হােৱা তেওঁৰ কন্যা কিৰণৰ স্মৃতিত এটা গছ পুলি ৰুলে। সেইদিনাই তেওঁ এটা নিয়ম কৰি দিলে যে গাঁওখনত জন্ম হােৱা প্রতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১টা গছপুলি ৰোপণ কৰিব লাগিব, আৰু এই কাম ‘কিৰণ নিধি যােজনাৰ অধীনত আৰম্ভ হয়। ২০০৫-২০১০ চনলৈ গাঁৱত মুখিয়াল হিচাপে কার্যনির্বাহ কৰা শ্যাম সুন্দৰ পালিৱালে গ্ৰহণ কৰা-এই নীতিয়ে গাঁওখনলৈ নতুন জীৱন আনি দিলে।

পানীৰ গভীৰতা শুকাই গৈ ইতিমধ্যে ৮০০ ফুট তললৈ নামি গৈছিল যদিও তেওঁ পানী সংৰক্ষণৰ ব্যৱস্থা কৰি দিয়াত গাঁওবাসী পানীৰ অভাৱৰ পৰা মুক্ত হ’ল। তেওঁ গাঁওবাসীক চাৰিটা দায়িত্ব কঠোৰভাৱে পালন কৰিবলৈ বাধ্য কৰাইছিল। এই চাৰিটা হ’ল- কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি প্রতিপালন কৰা আৰু খেতিবাতি কৰি নিজৰ প্রয়ােজন পূৰণ কৰা। গাঁৱত ৰাইজে এই চাৰিটা দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰাৰ ফলত গাঁৱৰ চেহেৰাই সলনি হ’বলৈ ধৰিলে। সংৰক্ষিত পানী আৰু গছ-গছনিয়ে গাওখনকেই জীপাল আৰু সাৰুৱা কৰি তুলিলে। শ্যাম সুন্দৰ পালিৱালে কন্যা সন্তানৰ প্ৰতি গাঁওখনৰ মনােভাৱ সলনি কৰি পেলালে। তেওঁৰ আহ্বানত ছােৱালী সন্তান জন্ম হােৱাৰ লগে লগে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।

তেওঁ নিয়ম কৰি দিছিল গাঁৱৰ কোনাে লােকে কন্যা ভ্ৰুণ হত্যা কৰিব নােৱাৰিব, ছােৱালীক যেনেদৰে মৰমেৰে তুলি-তালি ডাঙৰ-দীঘল কৰা হয়—১১১টা গছ পুলি তেনেদৰে তুলি-তালি ডাঙৰ-দীঘল কৰিব লাগিব। কোনাে ছােৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নােৱাৰিব, বাল্যবিবাহ দিব নােৱাৰিব। ছােৱালী জন্মৰ লগে লগে ছােৱালীজনীৰ নামত ৰাইজে ২১ হাজাৰ আৰু ছােৱালীৰ মাক-দেউতাকে ১০ হাজাৰ – মুঠ ৩১হাজাৰ টকা বেংকত ফিজ জমা থব লাগিব। সেই টকা সেই ছােৱালীজনীৰ পঢ়া আৰু বিয়াৰ ক্ষেত্ৰতহে উলিয়াই খৰচ কৰিব পাৰিব। প্রতিঘৰ মানুহৰ অনাময় শৌচালয় ব্যৱস্থা কৰা হ’ল। পিপলান্ত্রি গাঁওখন কম দিনৰ ভিতৰতে পর্যটনৰ থলী হৈ পৰিল। গাঁওখন চাবলৈ প্রতিবছৰে বিভিন্ন প্রান্তৰ মানুহ আৰু চৰকাৰী প্রতিনিধি আহে। ইতিমধ্যে ডেনমার্ক প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁওখনৰ সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰা হৈছে। আর্জেন্টিনাৰ এটা দলে এই গাঁওখনক লৈ Tree Sister নামৰ এখনি চিনেমা নির্মাণ কৰিছে। এনেদৰে পিপলান্ত্রি গাঁওখন পৃথিৱী বিখ্যাত হােৱাত শ্যাম সুন্দৰ পালিৱালে অৱদান আগবঢ়াইছিল।

৪। কিৰণ নিধি যােজনা’ কি ? এই যােজনাৰ অধীনত পিপলান্ত্রি গাঁৱত মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে ?
উত্তৰঃ কিৰণ নিধি যােজনা’ৰ আঁৰৰ মানুহজন হ’ল শ্যাম সুন্দৰ পালিৱাল। শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যাৰ কিৰণৰ স্মৃতিত এই ‘ কিৰণ নিধি যােজনা’ৰ সূচনা কৰে। গাঁওখনত তেওঁ এই যােজনাৰ অধীনত এটা নিয়ম প্রৱৰ্তন কৰিছিল যে পিপলান্ত্রি গাঁওখনত জন্ম হােৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১টা গছ পুলি ৰােপণ কৰিব লাগিব। কিৰণ নিধি যােজনা’ৰ অধীনত পিপলান্ত্রি গাঁৱত মানুহে এই চাৰিটা বিশেষ দায়িত্ব পালন কৰিব লাগে।

  1. কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা,
  2. পানী সংৰক্ষণ কৰা,
  3. গছ-গছনি ৰুই প্রতিপালন কৰা,
  4. খেতি-বাতি কৰি নিজৰ প্ৰয়ােজন পূৰণ কৰা।।

৫। কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল?
উত্তৰঃ কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিৱালে আঁচনিৰ জৰিয়তে কেইটামান নিয়ম কৰি দিছিল। সেই কেইটা এনেধৰণৰ প্ৰথমতে, গাৱৰ কোনাে লােকে কন্যাভ্রুণ হত্যা কৰিব নােৱাৰিব। দ্বিতীয়তে, ছােৱালীজনীক যেনে আলফুলে ডাঙৰ-দীঘল কৰা হ’ব সেই একেই মৰম- চেনেহ আৰু যত্নেৰে ১১১ টা গছ-পুলিকে প্রতিপালন কৰিব লাগিব। তৃতীয়তে, কোনাে ছােৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নােৱাৰিব। চতুর্থত, কোনাে পৰিস্থিতিতে বাল্যবিবাহ সম্পন্ন কৰিব নােৱৰিব। পঞ্চমতে, ছােৱালীৰ নামত বেংকত থােৱা ৩১ হাজাৰ টকা ছােৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব। শেষত, ছােৱালীৰ জন্মৰ সময়ত ৰােৱা গছপুলিবোেৰ গাঁৱৰ সম্পত্তি হ’ব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তি স্বাক্ষৰ কৰি গাঁৱত ৰাইজে প্রতিশ্রুতি দিব লগীয়া হয়।

৬। পিপলান্ত্রি গাঁৱত প্রকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল, পাঠৰ সহায়ত লিখা।
উত্তৰঃ কিৰণ নিধি যােজনা’ৰ আঁচনি মতে প্রতি গৰাকী কন্যা সন্তান জন্ম পােৱাৰ লগে লগে ৰাইজে ১১১ টা গছপুলি ৰুব লাগিছিল আৰু কন্যা সন্তানৰ দৰেই গছ পুলিবােৰ লালন-পালন কৰি ডাঙৰ-দীঘল কৰিব লাগিছিল। পানী সংৰক্ষণ কৰি আৰু গছ-গছনিৰ দ্বাৰা গাঁওখনত প্রাকৃতিক পৰিবেশ সুন্দৰ হৈ পৰিছিল। একোজোপা গছ পূর্ণাংগ গছ হৈ উঠালৈকে গাঁওখনৰ মানুহে সন্তান পালন কৰাদি পালন কৰিছিল। ৰাখী বন্ধনৰ দিনা গাঁৱত ছােৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে আৰু এই কাৰ্যৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে, প্রকৃতি আৰু মানুহৰ মাজত আত্মিক সম্পর্ক গঢ় লৈ উঠে।

৭। পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে?
উত্তৰঃ শ্যামসুন্দৰ পালিৱালে নতুন ৰূপ দিয়া পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী সেই গাঁও চাবলৈ অহা বিভিন্ন প্রান্ত মানুহ আৰু চৰকাৰী প্রতিনিধিৰ দ্বাৰা প্ৰচাৰ হােৱাৰ উপৰিও আর্জেন্টিনাৰ এটা দলে এই গাঁওখনক লৈ ‘Tree Sisters’নামৰ এখনি চিনেমা নির্মাণ কৰিছে। বহুতেই এই গাঁৱক লৈ শতাধিক তথ্যচিত্র নির্মাণ কৰিছে। ‘পিপলান্ত্রি’ নামৰ এখন হিন্দী ছবিও নির্মাণ হৈছে। এনেদৰেই পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী প্রচাৰ হৈছে। ইয়াৰ ফলত ডেনমার্ক প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁৱত সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ বিষয়ে অধ্যয়ন কৰি নিজ দেশৰ প্রতি দায়িত্ব পালন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। ৰাজস্থানত চৰকাৰৰ শিক্ষা বিভাগেও সপ্তম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত এই গাঁৱৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰিছে আৰু ছাত্ৰ-ছাত্ৰীয়ে গাঁওখনৰ বিষয়ে পঢ়ি তেনে কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছে।

৮। পিপলান্ত্রি গাঁওখন কিয় আদর্শ গাঁও বুলি তুমি ভাবা ? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক ?
উত্তৰঃ পিপলান্ত্রি গাঁওখন মই আদর্শ গাঁও বুলি ভবাৰ কাৰণ আছে। মাৰ্বলখনিৰ দ্বাৰা প্রায় বিধ্বস্ত আৰু নিঃসেষ গাঁও এখনি শ্যাম সুন্দৰ পালিৱাল নামৰ লােকজনৰ নেতৃত্ব আৰু সুপৰিকল্পিত নির্দেশত ঠন ধৰি পৃথিৱীৰ মানুহক চমক লগাইছে। গছ ধ্বংস হৈ একেবাৰে উদং হােৱা গাঁওখনি এক নীতি-নিয়মৰ মাজেৰে গছ পুলি ৰুই পুনৰ সেউজ সুন্দৰ কৰি তুলিলে। মানুহখিনিৰ কঠোৰ শ্ৰম আৰু কার্য তৎপৰতাই সকলােকে আকর্ষণ কৰিলে। ছােৱালী সন্তানৰ প্ৰতি লােৱা আকর্ষণী আৰু আদৰণীয় ব্যৱস্থাই সকলো শ্রেণী মানুহকে এক নতুন দিশৰ সন্ধান দিছে। এই গাঁৱত কাম-কাজ, প্রাকৃতিক শােভাই পৃথিৱীৰ লােকক আকর্ষিত কৰিছে। প্রকৃতি প্রেম এই গাঁৱৰ মানুহৰ আন এক প্রেৰণাৰ উৎস। এই গাঁৱক লৈ চিনেমা, চলচ্চিত্র, তথ্যচিত্র, আদি শতাধিক নির্মাণ হৈছে। বিদেশত আৰু নিজ ৰাজ্যতাে এই গাঁৱত সফলতাৰ পাঠ্যক্রম অন্তর্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীক প্রেৰণ দিবলৈ চেষ্টা কৰা হৈছে। এনেবােৰ কাৰণতেই সকলােৰে বাবে, মােৰ বাবে পিপলান্ত্রি গাঁও এখন আদর্শ গাঁও। এই পাঠটোৰ শিক্ষণীয় দিশ হ’ল পাঠটিৰ জৰিয়তে মানুহৰ মানসিক দৃঢ়তা, সুচিন্তিত পৰিকল্পনা, উদ্যম, আগ্রহ আদিৰ দ্বাৰা কেনেকৈ অসম্ভৱ বুলি ভবা কাম এটাও সম্ভৱ কৰি তুলিব পাৰি তাৰ আভাস পােৱা যায়। যৌথ প্রচেষ্টাৰে সমাজ তথা নিজৰ নিজৰ অঞ্চলৰ সর্বাংগীন বিকাশৰ বাবে আগবাঢ়ি অহাটো উচিত। কন্যা সন্তানৰ প্রতি দেখুওৱা অৱহেলাৰ বিপৰীতে ল’ৰা-ছােৱালী সকলাে সন্তানেই পিতৃ-মাতৃৰ বাবে সমান হ’ব লাগে। সমাজৰ প্রতি আমি সকলােৱে সমানে দায়বদ্ধ। এনেবােৰ শিক্ষণীয় দিশ এই পাঠটিৰ পৰা পােৱা যায়।

৯। বহলাই বুজাই লিখা

(ক) বাৰটা মাহত তেৰটা খেতি।
উত্তৰঃ বাৰটা মাহত তেৰটা খেতি→পানীৰ অভাৱত আৰু কর্ম তৎপৰতাৰ অভাৱত মানুহে বাৰটা মাহত দুই এটা খেতিও কৰিব নােৱাৰে। পানী থাকিলেও কর্ম তৎপৰ নহ’লে অথবা কর্মতৎপৰ, কিন্তু খেতিৰ কাৰণে পানীৰ অভাৱ এনে কাৰণতে মানুহবােৰৰ অৱস্থা দুখ লগা হয়। পানী আৰু কর্ম তৎপৰতা বাবেই মানুহে উচিত সময়ত উচিত খেতি কৰি লাভবান হ’ব পাৰে, অভাৱহীনভাৱে জীৱন কটাব পাৰে। একেবাৰে বিধ্বংস হ’বলৈ ধৰা পিপলান্ত্রি গাঁওখনৰ মানুহবােৰ এগৰাকী সুচিন্তিত আদর্শ ব্যক্তি শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত অতি কর্মঠ হৈ পৰিল। পানী সংৰক্ষণ আৰু গছৰুপণ কৰা ব্যৱস্থাই মাটি সাৰুৱা কৰি তুলিলে। সেই কাৰণেই সেই গাঁৱৰ মানুহে বাৰটা মাহত তেৰটা, অর্থাৎ গােটেই বছৰ ধৰি খেতি কৰি লাভবান হৈছে।

খ) স্বচ্ছ ভাৰত অভিযান
উত্তৰঃ খ) স্বচ্ছ ভাৰত অভিযান → স্বচ্ছ ভাৰত অভিযান এখন পৰিষ্কাৰ-পৰিচ্ছন্ন ভাৰতৰ কল্পনা কৰি ভাৰত চৰকাৰে ২০১৫ চনত ‘স্বচ্ছ ভাৰত অভিযান’ আঁচনি আৰম্ভ কৰে। মুকলি স্থানত কোনােৱে যাতে শৌচ-প্ৰস্ৰাৱ নকৰে, প্রতিঘৰ মানুহে নিজাকৈ একোটা শৌচালয় কৰি লব পাৰে, গাঁও, নগৰ-চহৰ; ঘৰৰ পদূলি, চৌহদ আদি নিজে নিজে তথা ৰাইজে সহযােগিতাৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখি পৰিবেশ সুন্দৰ কৰি ৰাখে, সেয়াই হৈছে ‘স্বচ্ছ ভাৰত অভিযান’ৰ মূল উদ্দেশ্য আৰু কাম। এই ক্ষেত্ৰত উৎকৃষ্টতা দেখুওৱা গাঁও, চহৰ, জিলা, ৰাজ্য আদিক বিশেষভাবে সাহায্য আৰু পুৰষ্কৃত কৰাৰাে ব্যৱস্থা আছে আৰু বিগত সময়ছােৱাত ভালেমান গাঁও আৰু চহৰ, জিলা পুৰষ্কৃত হৈছেও। ভাৰত চৰকাৰৰ এই অভিযানে এতিয়ালৈকে যথেষ্ট সফলতা লাভ কৰিছে। ইয়াত সাধাৰণ জনগণৰ পৰা আৰম্ভ কৰি চৰকাৰী-বেচৰকাৰী একেবাৰে উচ্চ পদস্থ বিষয়াকর্মচাৰী, মন্ত্রী এম.এল.এ-সাংসদ আদিয়ে ইয়াত হাতে-কামে সহযােগ কৰিছে।

(গ) সামাজিক মাধ্যম
উত্তৰঃ(গ) সামাজিক মাধ্যম → ইউটিউব, ফেচবুক টুইটাৰ আদি হৈছে সামাজিক মাধ্যম। এই মাধ্যমৰ জৰিয়তে যিকোনাে কথা বা কার্য আদি দেশ-বিদেশ, জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব পৰা যায়। বাতৰি কাকত, সংবাদ মাধ্যম, ৰেডিঅ’, টি. ভি. আদিৰ দৰে প্ৰচাৰত সামাজিক মাধ্যমেও কাম কৰে।

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

১০। বাক্য ৰচনা কৰা ঃ হাতে কামে, নিয়মশৃংখলা, দিনে-নিশাই, খেতি-বাতি, আনন্দ-উল্লাস, ডাঙৰ-দীঘল, সুখ-সমৃদ্ধি।
উত্তৰঃ
হাতেকামেঃ→ মুখেৰে কৈ থাকিলে নহয়, হাতে-কামে কৰি দেখুৱাব লাগে।
নিয়মশৃংখলা→ সকলাে ক্ষেত্রতে নিয়ম-শৃংখলা মানি কাম কৰিব লাগে।
দিনে নিশাই → অকণাে জিৰণি নােহােৱাকৈ দিনে-নিশাই কাম কৰি থাকিলে দেহা ৰুগীয়া হয়।
খেতি-বাতি→ খেতিয়কে খেতি-বাতিত মনপুতি লাগিলেহে খেতি ভাল কৰিব পাৰে।
আনন্দ-উল্লাসঃ→ স্বচ্ছ ভাৰত অভিযান’অনুসৰি কাম কৰাত গাঁওখনে পুৰস্কাৰ লাভ কৰাত সকলােৰে মনত আনন্দ-উল্লাসে ভৰি পৰিছে।
ডাঙৰ-দীঘল→ ল’ৰা সন্তানৰ দৰেই কন্যা সন্তানকে লালন-পালন কৰি ডাঙৰ-দীঘল কৰিব লাগে।
সুখ-সমৃদ্ধি → কঠোৰ পৰিশ্ৰম কৰাৰ ফলত ঘৰখনলৈ পুনৰ সুখ-সমৃদ্ধি আহি পৰিছে।

১১। কিয় মূর্ধণ্য ‘ণ’ হৈছে লিখা: বৰষুণ, পৰিমাণ; ৰূপায়ণ
উত্তৰঃ
বৰষুণ – মূর্ধণ্য ষ’ৰ পিছৰ ন মূর্ধণ্য ণ হয় কাৰণে ।
পৰিমাণ — ‘প’ বৰ্গৰ আখৰ মাজত থাকিলেও ৰ’ৰ পিছৰ ন মূর্ধণ্য ‘ণ’ হয় কাৰণে।
ৰূপায়ণ — ‘য়’ৰ পিছৰ ন’ মূর্ধণ্য ‘ণ হয় কাৰণে।

১২। তলৰ শব্দবােৰৰ প্ৰতিটোৰ একোটাকৈ সমার্থক শব্দ লিখা – মুক্ত, বায়ু, বৃহৎ, পানী, গছ, চকু, গাঁও.মুক্ত
উত্তৰ:
বায়ু – বতাহ,
বৃহৎ – ডাঙৰ
পানী – জল,
গছ – বৃক্ষ,
চকু – চক্ষু, আখ
গাও —গ্রাম।

১৩। তলৰ উপসর্গ কেইটিৰে একোটিকৈ শব্দ গঠন কৰা – প্রতি, অধি, উপ, অৱ, দুৰ।
উত্তৰ: প্রতি- প্রতিকাৰ, অধি— অধিকাৰ, উপ– উপকাৰ, অৱ -অৱতৰণ, দুৰ— দুর্নীতি

অতিৰিক্ত চমু প্রশ্নোত্তৰ

1। পিপলাথ্রি গাঁও কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰঃ ৰাজস্থান ৰাজ্যত অৱস্থিত।

2। পিপলান্ত্রি গাঁওখন কোনখন জিলাত অৱস্থিত?
উত্তৰঃ ৰাজস্থানৰ ৰাজছমন্দ জিলাত অৱস্থিত।

3। কোনজন মানুহে পিপলান্ত্ৰি গাঁওৰ পৰিবর্তন সাধিলে?
উত্তৰঃ শ্যাম সুন্দৰ পালিৱালে।

4। কোনদেশৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ বিষয়টো অন্তর্ভুক্ত হৈছে?
উত্তৰঃ ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁওখনৰ সফলতা আৰু কাম-কাজৰ বিষয়টো পাঠ্যক্রমত অন্তর্ভুক্ত কৰা হৈছে।

5। ৰাজস্থান চৰকাৰৰ কোন শ্রেণীৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁওৰ বিষয়টো অন্তর্ভুক্ত হৈছে?
উত্তৰঃ ৰাজস্থান চৰকাৰৰ শিক্ষা বিভাগে সপ্তম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁওখনৰ বিষয়টো পাঠ্যক্রমত অন্তর্ভুক্ত কৰিছে।

6। কোনখন দেশৰ এটা দল আহি পিপলান্ত্রি গাঁওখনক লৈ চিনেমা নিৰ্মাণ কৰিছে?
উত্তৰঃ আর্জেন্টিনাৰ এটা দল আহি এই গাঁওখনক লৈ ‘Tree Sisters নামৰ এখন চিনেমা নিৰ্মাণ কৰিছে।

7। কোন চনত পালিৱালে পিপলান্ত্ৰি গাঁৰৰ মুখিয়ালৰ দায়িত্ব লাভ কৰে?
উত্তৰঃ ২০০৫ চনত শ্যাম সুন্দৰ পালিৱাল পিপলান্ত্ৰি গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰে।

8। কন্যা কিৰণৰ মৃত্যুতে পালিৱালে কি কৰে?
উত্তৰঃ পালিৱালে এয়া নিয়তিৰ ইচ্ছা বুলি ভাবি লৈ কন্যাৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰে।

9। কন্যাসন্তানৰ জন্ম হ’লে পিপলান্ত্ৰি গাঁৱত কি কৰা হয়?
উত্তৰঃ প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১টা গছপুলি ৰোপণ কৰে।

10। পিপলান্ত্ৰি গাঁৱত বর্তমান জনসংখ্যা কিমান?
উত্তৰঃ পিপলান্ত্ৰি গাঁৱত এতিয়া ৮০০০-ৰো অধিক লোক আছে।

11। ১১১-জোপা গছৰ পূৰ্ণতাপ্রাপ্তিত মূল্য কিমান হয়?
উত্তৰঃ ছোৱালীজনীৰ জন্মৰ সময়ত ৰোৱা গছপুলিটো এজোপা পূর্ণাংগ গছলৈ ৰূপান্তৰিত হোৱাত ১১১-জোপা গছৰ মূল্যত ১ কোটি ১১ লাখ টকা হয়।

12। ২০০৭ চনত পিপলান্ত্ৰি গাঁৱ কি পুৰস্কাৰ লাভ কৰে?
উত্তৰঃ খ্ৰীষ্ট্ৰীয় ২০০৭ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামে পিপলান্ত্ৰি গাঁৱলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ আগবঢ়ায়।

13। বর্তমান গাঁওখনত কোনোবা মানুহ ঢুকালে কি কৰা হয়?
উত্তৰঃ বৰ্তমান গাঁওখনত কোনোবা মানুহে ঢুকালে তেওঁৰ স্মৃতিত ১১-টা গছপুলি ৰোপণ কৰা হয়।

14। ইউনিয়ন বেংক অৱ ইণ্ডিয়া গাঁওখনত কি সহায়তা আগবঢ়াইছে?
উত্তৰঃ ইউনিয়ন বেংক অব ইণ্ডিয়াই গাঁওখনৰ তিনিশ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে ৬০ লাখ টকা আগবঢ়াইছে।

15। বৰষুণৰ পানী সংৰক্ষণ কৰাৰ কাৰণ কি?
উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণ কৰিলে ইয়াৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি তথা ই ভূ-গৰ্ভত পানীৰ পৰিমাণ বৃদ্ধি কৰে আৰু ফলত উক্তস্থানত খেতি-পথাৰৰ উৰ্বৰা শক্তি বৃদ্ধি হয়।

16। ৰাজস্থানৰ ৰাজধানী কি?
উত্তৰঃ জয়পুৰ।

17। পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন বুলি কোনখন গাৱৰ কথা কৈছে?
উত্তৰঃ ৰাজস্থানৰ ‘পিপলান্ত্রি’ নামৰ গাঁওখনৰ কথা কৈছে।

18। উদয়পুৰ কাৰ জন্মস্থান বুলি কৈছে?
উত্তৰঃমহাৰাণা প্রতাপ।

19। উদয়পুৰ কোন জিলাৰ অন্তৰ্গত?
উত্তৰঃ ৰাজছমন্দ জিলাৰ।

20। মাৰ্বল পাথৰৰ বাবে কোনখন গাঁও গ্রীণিজ বর্ল্ড ৰেকৰ্ডছত স্থান পাইছিল ?
উত্তৰঃ ৰাজস্থানৰ পিপলান্ত্রি গাঁওখন ।

21। পিপলান্ত্রি গাঁওখনি পুনৰ জীয়াই তোলাৰ আঁৰত কোন আছিল ?
উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল।

22।কোন কোন শ্রেণীত ৰাজস্থানৰ শিক্ষা বিভাগে পিপালান্ত্রি গাঁওৰ বিষয়ে পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিছে?
উত্তৰঃ সপ্তম আৰু অষ্টম শ্রেণীৰ।

23। পিপালান্ত্রি গাঁওখনক লৈ নিৰ্মাণ কৰা হিন্দী ছবিখনৰ নাম কি ?
উত্তৰঃ “পিপলান্ত্রি।

24। শ্যাম সুন্দৰ পালিৱালৰ মৃত কন্যাজনীৰ নাম কি আছিল ?
উত্তৰঃ কিৰণ।

25। শ্যাম সুন্দৰ পালিৱালে তেওঁৰ কিমান বছৰ বয়সত মাতৃক হেৰুৱাইছিল?
উত্তৰঃ ছয় বছৰ বয়সত।

26। গাঁৱৰ মুখিয়াল হিচাপে শ্যাম সুন্দৰ পালিৱালে কিমান চনৰ পৰা কিমান চনলৈ কার্যনির্বাহ কৰিছিল।
উত্তৰ : ২০০৫ চনৰ পৰা ২০১০চনলৈ।

27। শ্যামসুন্দৰ পালিৱালে মৃত কন্যাৰ স্মৃতিত কি কৰিছিল ?
উত্তৰঃ এটি গছ পুলি ৰুইছিল আৰু কিৰণ নিধি যােজনা’ৰ সূচনা কৰিছিল।

28। গাঁওখনত জন্ম হােৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে কি কৰিব লাগিছিল?
উত্তৰঃ ১১১ টাকৈ গছপুলি ৰুব আৰু প্ৰতিপাল কৰিব লাগিছিল।

29। পিপলান্ত্রি গাঁৱত ‘কিৰণ নিধি যােজনা’ কোনে প্রবর্তন কৰিছিল?
উত্তৰঃ শ্যাম সুন্দৰ পালিৱালে।

30। পিপলান্ত্রি গাঁৱত একোজনী কন্যা সন্তানৰ নামত ৰাইজে কিমান টকা বেংকত স্থায়ী জমা (ফিক্স ডিপজিত) ৰাখিছিল ?
উত্তৰঃ ৩১ হাজাৰ টকা।

31। এজনী কন্যা সন্তানৰ নামত বেংকত জমা ৰখা ৩১ হাজাৰ টকা কি উদ্দেশ্যত খৰচ কৰিব পাৰিছিল ?
উত্তৰঃ কন্যাজনীৰ শিক্ষা আৰু বিবাহৰ ক্ষেত্ৰত।

32। এজনী কন্যা সন্তানৰ নামত বেংকত জমা ৰখা ৩১ হাজাৰ টকা বেংকত কেনেকৈ জমা কৰিছিল ?
উত্তৰঃ ৰাইজে ২১হাজাৰ আৰু পিতৃ-মাতৃ তথা অভিভাৱকে ১০ হাজাৰ মুঠ ৩১ হাজাৰ বেংকত জমা ৰাখিছিল।

33। পিপলান্ত্রি গাঁৱৰ অধিবাসীৰ সংখ্যা কিমান?
উত্তৰঃ ৮০০০ৰ অধিক।

34। কোনে কেতিয়া গছত ৰছী বান্ধিছিল?
উত্তৰঃ পিপলান্ত্রি গাঁৱৰ ছােৱালী আৰু মহিলাসকলে ৰাখীবন্ধনৰ দিনা গছত ৰছী বান্ধিছিল।

35। ভাৰতৰ কোন ৰাষ্ট্ৰপতিয়ে পিপলান্তি গাঁৱলৈ গৈছিল আৰু ৰাষ্ট্রপতি পুৰস্কাৰ আগবঢ়াইছিল?
উত্তৰঃ ২০০৭ চনত ভাৰতৰ মাননীয় ৰাষ্ট্রপতি উ০ এ. পি. জে. আব্দুল কালামে।

36। কিমান চনত ভাৰত চৰকাৰে “স্বচ্ছ ভাৰত অভিযান’ আৰম্ভ কৰিছিল?
উত্তৰঃ ২০১৫ চনত।

37। “ইউনিয়ন বেংক অব ইণ্ডিয়াই পিপলান্ত্রি গাঁৱত ল’ৰা-ছােৱালীৰ পঢ়া-শুনাৰ বাবে কিমান টকা আগবঢ়াইছিল?
উত্তৰঃ ৬০ লাখ টকা।

38। কিৰণ যােজনাৰ আঁৰৰ মানুহজন কোন?
উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল।

39। কোনাে এজন মানুহৰ মৃত্যুত পিপলান্ত্রি গাঁৱৰ মানুহে কি কৰে?
উত্তৰ: মৃতকৰ স্মৃতিত ১১ জোপা গছপুলি ৰােপণ কৰে।

40। পিপলান্ত্রি গাঁওৰ উন্নয়নত চৰকাৰৰ ভূমিকা কি?
উত্তৰঃ পিপলান্ত্ৰি গাঁৱৰ উন্নয়নত চৰকাৰেও উল্লেখনীয় ভূমিকা পালন কৰিছে। গাঁৱৰ কাষত চলি থকা

অতিৰিক্ত বহল প্ৰশ্ন উত্তৰ

1। পিপলান্ত্রি গাঁওখন এসময়ত কেনে দুখ লগা অৱস্থা হৈছিলগৈ ?
উত্তৰঃ পিপলান্ত্রি গাঁওখনে এসময়ত পৰিবেশ প্ৰদূষণ আৰু খেতি-বাতিৰ বাবে পানীৰ নাটনিত ভুগিছিল। ইয়াৰ ফলত গাঁওখনৰ লােকসকলৰ অৱস্থা অতি দুখ লগা হৈছিল। প্রাকৃতিক সম্পদত অতি চহকী হােৱা সত্ত্বেও গাঁওখনৰ মানুহে জীয়াই থাকিবলৈ কঠোৰ সংগ্রাম কৰিব লাগিছিল। মাৰ্বল পাথৰৰ বৃহৎ খনিবােৰৰ বাবে হাহাকাৰ কৰিব লাগিছিল। নৈ, জলাশয়, পুখুৰী আদিৰ পানীও প্ৰদূষিত হৈছিল। উপায়হীন হৈ সেই পানীকে খােৱাত ব্যৱস্থাৰ ফলত মানুহবিলাক নানান বেমাৰ-আজাৰত ভুগিছিল। ভূ-গর্ভৰ পানী প্রায় ৮০০ ফুট তললৈ নামি গৈছিল। কৃষিৰ উৰ্বৰা শক্তি কমি গৈছিল। চৰাই-চিৰিকতি, জীৱ-জন্তুৰ সংখ্যা হ্রাস পাইছিল। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালবােৰৰ যুবক সকলে কাম বিচাৰি জয়পুৰ, ভূপাল, ইন্দোৰ, হায়দৰাবাদ, দিল্লী, মুম্বাই আদি ঠাইলৈ যাবলগীয়া হৈছিল।

2। পিপলান্ত্রি গাঁৱৰ প্ৰতি কৰা চৰকাৰৰ উন্নয়নমূলক কামৰ উল্লেখ কৰা।
উত্তৰঃ পিপলান্ত্রি গাঁৱত পৰিৱেশ প্ৰদূষিত কৰা আৰু প্রকৃতি ধ্বংস কৰা, সেই গাঁৱত বৃহৎ ব্যৱসায়ীৰ দ্বাৰা গঢ়ি উঠা মাৰ্বল পাথৰৰ খনিবােৰ ৰাজস্থান চৰকাৰে বন্ধ কৰি দিলে। গাঁওখনৰ ৰাস্তাবােৰ পকী কৰি দিলে। চৰকাৰে বিদ্যালয় স্থাপন কৰিলে।

3। পিপলান্ত্রি গাঁৱৰ পৰিবেশ কিয় দূষিত হৈছিল ?
উত্তৰঃ পিপলান্ত্রি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাৰ ফলত প্রকৃতিও ধ্বংস হ’বলৈ ধৰে। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবােৰত দিনে-নিশাই কাম চলাৰ ফলত পিপলান্ট্রি গাঁৱৰ পৰিবেশ দূষিত হয়। গছ-গছনি কমি অহাত বৰষুণৰ পৰিমাণে কমি আহিল; ফলত অধিক মাত্রাত পৰিবেশ দূষিত হৈ পৰিল।

4। শ্যামসুন্দৰ পালিৱালে দেশৰ প্ৰতিজন নাগৰিকক কি আহ্বান জনাইছে?
উত্তৰঃ শ্যামসুন্দৰ পালিৱালে আৰু পিপলান্ত্ৰি গাঁৱৰ লোকে দেশৰ প্ৰতিজন নাগৰিকক আহ্বান জনাইছে যে, গছপুলি ৰোপণ কৰক, প্রতিপালন কৰক, কাম কাজ কৰক, তেতিয়া নিজে বাস কৰা স্থানেই হৈ পৰিব স্বৰ্গসদৃশ।

5। আমাৰ দেশত বিভিন্ন ৰাজ্যত কন্যা সন্তানৰ প্ৰতি কেনে মনোভাৱ পোষণ কৰা হয়?
উত্তৰঃ আমাৰ দেশৰ বিভিন্ন ৰাজ্যত এতিয়াও কন্যা সন্তানৰ প্ৰতি বৈষম্যৰ ভাৱ পোষণ কৰা হয়। বহুতে কন্যা সন্তানক পেলাই দিবলৈ বিচাৰে বা গৰ্ভতে হত্যা কৰিব বিচাৰে। ভ্রূণ-হত্যা অতিশয় গুৰুতৰ অপৰাধ বুলি জানিও বহুতে গোপনে গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষণ কৰাই ছোৱালী সন্তান বুলি জানিলে গর্ভপাত কৰায়। ইয়াৰ ফলত দেশৰ কিছুমান ৰাজ্যত ল’ৰা আৰু ছোৱালীৰ অনুপাতৰ অনাকাংক্ষিত ভাৱে তাৰতম্য ঘটিছে।

6। পিপলান্ত্ৰি গাঁৱত কন্যাসন্তানক আর্থিকভাৱে কেনেদৰে সহায় কৰা হয়?
উত্তৰঃ পিপলান্ত্ৰি গাঁৱত প্ৰতিবছৰে এশৰো অধিক সন্তানৰ জন্ম হয় আৰু ইয়াৰ আধাই হৈছে কন্যা সন্তান। যেতিয়া কন্যা সন্তান এটিৰ জন্ম হয়, তেতিয়া গাঁৱৰ ৰাইজে ২১,০০০ টকা তোলে আৰু সন্তানৰ পিতৃ-মাতৃৰ পৰা ১০,০০০ টকা লোৱা হয়। মুঠ ৩১,০০০ টকা উক্ত কন্যা সন্তানটিৰ নামত বেংকত ফিক্সড ডিপজিট কৰি ৰখা হয়। এই ধনখিনি পিতৃ-মাতৃয়ে কোনো কাৰণতে আগতীয়াকৈ ‘বেংকৰ পৰা উলিয়াব নোৱাৰিব। পঢ়া-শুনা কৰি ছোৱালীয়ে যেতিয়া বিয়াৰ উপযুক্ত বয়সত উপনীত হ’ব, তেতিয়াহে এই ধন বেংকৰ পৰা উলিয়াব পাৰিব। ফিক্সড্ ডিপ’’জিট কৰি ৰখা সেই ধনখিনি তেতিয়া লাখৰো অধিক হ’বগৈ। ছোৱালীৰ বাহিৰে সেই ধনখিনি যাতে বেলেগত খৰচ কৰা নহয় তাৰো নিয়ম কৰা হৈছে। এনেদৰে গাঁওখনৰ কন্যাসন্তানক অর্থনৈতিক ভাবে সহায় কৰা হয়।

7। পিপলান্ত্ৰি গাঁৱত কেনেধৰণৰ প্ৰাকৃতিক পৰিৱৰ্ত্তন ঘটিছে?
উত্তৰঃ ২০০৫ চনৰ পৰা পিপলান্ত্ৰি গাঁৱৰ মানুহে কন্যা সন্তানৰ জন্ম হ’লে ১১১টা মূল্যৱান প্ৰজাতিৰ গছপুলি ৰোপণ কৰা আৰম্ভ কৰাৰে পৰা গাঁৱত সুদিন আহিল। গাঁওখনৰ প্ৰাকৃতিক পৰিবেশৰ পৰিৱৰ্তন হৈ গাঁওখন সেউজীয়া হ’বলৈ আৰম্ভ কৰিলে। গছ-গছনিৰ সংখ্যা বৃদ্ধি পোৱাত চৰাই-চিৰিকটি, জীৱ-জন্তুৰ আগমন ঘটিল। প্ৰদূষিত বতাহৰ সলনি মুক্ত আৰু বিশুদ্ধ বায়ু বলিবলৈ ল’লে। অধিক গৰমৰ প্ৰকোপ কমিল আৰু সময়মতে বৰষুণ আহিবলৈ লোৱাত ভূ-গৰ্ভৰ পানীৰ স্তৰ ওপৰলৈ উঠিল। পুখুৰী-জলাশয়ত পানী ভৰি পৰিল। খেতি-বাতিৰ বাবেও পর্যাপ্ত পৰিমাণৰ পানী লাভ কৰিবলৈ সক্ষম হ’ল গাঁৱৰ ৰাইজে, ফলত লাহে লাহে গাঁৱলৈ সুখ-সমৃদ্ধি ঘূৰি আহিল।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment