Class 6 Assamese Chapter 12 Question Answer | মনোৰম মাজুলী প্ৰশ্ন উত্তৰ

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 12 Question Answer [মনোৰম মাজুলী প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে মনোৰম মাজুলী প্ৰশ্ন উত্তৰ [Class 6 Assamese Chapter 12 Question Answer] লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

ইয়াৰ আগতে আমি Class 6 Assamese Question Answer ত বহু কেইটা অধ্যায়ৰ আলোচনা কৰিছো, আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে

মনোৰম মাজুলী প্ৰশ্ন উত্তৰ। Class 6 Assamese Chapter 12 Question Answer 2023

Class 6 Assamese Chapter 12 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু Assamese Grammar সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 12 Question Answer

ক- পাঠভিত্তিক ক্ৰিয়া

১) দলত ভাগ হৈ পাঠটো মনোযোগেৰে পঢ়া আৰু তলত উল্লেখ কৰা দিশসমূহ ক’ত আৰু কেনেদৰে প্ৰতিফলিত হৈছে- আলোচনা কৰি লিখা ।
— প্ৰাকৃতিক দিশ (চৰাই-চিৰিকটি আদি)
— সাংস্কৃতিক দিশ
— পুৱাৰ আধ্যাত্মিক দিশ

উত্তৰ— প্ৰাকৃতিক দিশ (চৰাই-চিৰিকটি আদি :- ছাত্ৰ-ছাত্ৰী সকলে গড়মূৰ সত্ৰ দৰ্শনৰ পাছত কাষৰীয়া জলাশয় এখনলৈ যাত্ৰা কৰিছিল । সেই জলাশয়ৰ আশেপাশে অজস্ৰ চিনাকি-অচিনাকি চৰাই উৰি ফুৰিছিল । ইয়াতে মাজুলীৰ নৈসৰ্গিক শোভাৰ পৰিচয় পোৱা যায় ।

সাংস্কৃতিক দিশ :- মাজুলীৰ সাংস্কৃতিক দিশৰ কথা ক’বলৈ গ’লে প্ৰথমেই ক’ব লাগিব শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ আগত বৰ্ননা কৰা ইয়াৰ সত্ৰ সমূহত চৰ্চা কৰা বিভিন্ন সত্ৰীয়া নৃত্য যেনে- ঝুমুৰা নাচ, চালি নাচ, নটুৱা নাচ, দশাৱতাৰ নৃত্য, কৃষ্ণ নাচ আদিৰ কথা। ইয়াত থকা প্ৰতিখন সত্ৰৰে সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য আছে। যেনে কমলাবাৰী সত্ৰৰ শিল্পকলা, কমলাবাৰী সত্ৰৰ ভাওনা, বেলগুৰি সত্ৰৰ নৃত্য-গীত, চামগুৰি সত্ৰৰ মুখাশিল্পী আদি। ইয়াৰ বাহিৰেও মাজুলীত উৎযাপন কৰা বিভিন্ন উৎসৱ যেনে বিহু, ৰাস, পালনাম, ভাওনা, আলি-আয়ে-লৃগাং, ৰাজকেবাং, বাথৌ আদিৰ মাজেৰে মাজুলীৰ বাৰে ৰহনীয়া সাংস্কৃতিক দিশটোৰ পৰিচয় পোৱা যায়।

পুৱাৰ আধ্যাত্মিক দিশ :- কমলাবাৰী সত্ৰৰ অতিথিশালাত ৰাতি কটোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰ প্ৰসংগ দেখা পোৱাৰ আৰু প্ৰভাতী বৰগীত শুনাৰ সৌভাগ্য লাভ কৰিলে । ইয়াতে পুৱাৰ আধ্যাত্মিক দিশ প্ৰতিফলিত হৈছে ।

২) বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহৰ উপৰি মাজুলীত আৰু কি উৎসৱ পালন কৰা হয় ?
উত্তৰ— মাজুলীত বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহৰ উপৰি আলি-আয়ে-লৃগাং, ৰাজকেবাং, বাথৌ আদি লোক উৎসৱো ইয়াত পালন কৰা হয় ।

৩) পাঠটো পঢ়া আৰু লিখা।

ক) “কি ক’বা ! ইয়াত মানুহৰ সপোনে পোখা মেলে, কিন্ত বানপানী আৰু গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায় ।” — কথাষাৰ কোনে কি প্ৰসঙ্গত আৰু কিয় কৈছিল ?
উত্তৰ— প্ৰশ্নোক্ত কথাষাৰ বৰুৱা ছাৰে হিমশিখৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কৈছিল । ছাত্ৰ-ছাত্ৰীসকলে কমলাবাৰী সত্ৰখন পৰিভ্ৰমণ কৰাৰ পাছত হিমশিখৰে বৰুৱা ছাৰৰ পৰা বৰ্তমান মাজুলীত থকা সত্ৰৰ সংখ্যা জানিবলৈ বিচাৰিছিল । তেতিয়া বৰুৱা ছাৰে দুখ মনেৰে কৈছিল যে, আগতে মাজুলীত পঁয়ষষ্ঠিখন সত্ৰ আছিল, কিন্তু ক্ৰমান্বয়ে ইয়াৰ সংখ্যা কমি গৈ বৰ্তমান সৰু-বৰ বাইশখ সত্ৰ আছেগৈ। এই কথা শুনি সংগীত স্বৰগম নামৰ ছাত্ৰজনে সত্ৰৰ সংখ্যা কেনেকৈনো পঁয়ষষ্ঠিৰ পৰা বাইশ হ’ল জানিব বিচাৰিছিল। তেতিয়াই বৰুৱা চাৰে উক্ত কথাষাৰ কৈছিল।

খ) “বুজিছা, মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটী, কমলাবাৰী, বেঙেনাআটী, চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে ।” — কোনখন সত্ৰৰ কি কি বৈশিষ্ট্য আছে ?
উত্তৰ— আউনীআটি সত্ৰৰ প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ পালনাম আৰু অপ্সৰা নৃত্য । লগতে অসমীয়া ঠাঁচৰ আ-অলংকাৰ আৰু বাচন-বৰ্তনৰ বাবেও এই সত্ৰ বিখ্যাত ।

কমলাবাৰী সত্ৰ হৈছে শিল্প, সাহিত্য আৰু নানান সত্ৰীয়া শৈলীৰ সংৰক্ষণ থলী।

চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত । বেঙেনাআটিকে ধৰি মাজুলীৰ প্ৰায়বোৰ সত্ৰতে সাঁচিপাতৰ পুথি আৰু হাতীদাঁতৰ বিভিন্ন অলংকাৰ, হাতীদাঁতৰ পাটী আদি সংৰক্ষিত হৈ আছে।

৪) ‘মনোৰম মাজুলী’ ভ্ৰমণ কাহিনীটো তোমাৰ আইতা আৰু মাৰা-দেউতাৰাৰ আগত বৰ্ণনা কৰা ।
উত্তৰ— গৰমৰ বন্ধত বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল বৰুৱা ছাৰ আৰু গগৈ বাইদেউৰ তত্ত্বাৱধানত পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ মাজুলীলৈ যাবলৈ সাজু হ’ল । যথাসময়ত দলটো বিদ্যালয়ৰ খেলপথাৰত সমবেত হ’ল আৰু গাড়ীত উঠি নিমাতীঘাট পালেগৈ। ইয়াৰ পাছত তেওঁলোক ফেৰীত উঠি বহ্মপুত্ৰ পাৰ হ’বৰ বাবে সাজু হ’ল । ফেৰীত গাড়ী-মটৰ, মাল-বস্তুও উঠোৱা হ’ল । ফেৰী যাত্ৰা কৰাৰ পাছত ছাত্ৰ-ছাত্ৰী সকলে ব্ৰহ্মপুত্ৰৰ মনোৰম দৃশ্য তথা নদীত মাছ মৰা দৃশ্য উপভোগ কৰিলে । এটা সময়ত তেওঁলোক গৈ কমলাবাৰী ঘাট পালেগৈ আৰু তাৰপৰা আটায়ে গৈ কমলাবাৰী সত্ৰত উপস্থিত হৈ ডেকা সত্ৰাধিকাৰৰ নিৰ্দেশত এজন ভকতৰ সহযোগত সত্ৰ পৰিদৰ্শন কৰিলে । ইতিমধ্যে সকলো ভোকে-ভাগৰে লেবেজান হৈ পৰিছিল। গতিকে আটায়ে ভাত-পানী খাই অলপ জিৰাই শঁতাই ল’লে আৰু পুনৰ গড়মূৰ সত্ৰলৈ বুলি যাত্ৰা কৰিলে । ইয়াৰ পাছত এখন জলাশয়লৈ গৈ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিলে ।

আবেলি তেওঁলোক কমলাবাৰীৰ অতিথিশালাত উপস্থিত হ’ল আৰু নিশা ‘কেলিগোপাল’ ভাওনা উপভোগ কৰিলে। পিছদিনা সূৰ্যোদয়ৰ আগতেই সকলোৱে পুৱাৰ প্ৰসংগৰ স্থানত উপস্থিত হ’লগৈ । পাছত তেওঁলোকে হাত নাও আৰু যন্ত্ৰচালিত নাৱৰ বিষয়ে ছাৰৰ পৰা জানিব পাৰিলে । সিদিনা সকলোৱে চামগুৰি সত্ৰত উপস্থিত হৈ মুখাবোৰ দেখি বৰ আনন্দ পালে । গধূলি কমলাবাৰী সত্ৰৰ অতিথগৃহত উপস্থিত হৈ স্থানীয় ৰাইজে ভাওনা তথা অনুষ্ঠিত কৰা ভাওনা, লগতে ছাত্ৰ-ছাত্ৰীৰ দলটোৰ মাজৰে দুগৰাকীয়ে পৰিবেশন কৰা অনুষ্ঠান উপভোগ কৰি পাছদিনা প্ৰত্যাৱৰ্তন কৰিলে ।

৫) পাঠত পোৱা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ অথবা অভিধান চাই জানি লোৱা ।
উত্তৰ—

শব্দ অৰ্থ
প্ৰলয়ঙ্কাৰীসংহাৰী, সৰ্বনাশী,
বিশালডাঙৰ
অজস্ৰবহুত, অগণন

৬) মাজুলীৰ বিষয়ে দহটা বাক্য লিখা ।
উত্তৰ— মাজুলী পৃথিৱীৰ ভিতৰত অন্যতম বৃহৎ নদীদ্বীপ । ‘সত্ৰনগৰী’ নামেৰে বিশ্ববিখ্যাত, মাজুলীখন হৈছে অসমৰ বৈষ্ণৱ সংস্কৃতিৰো প্ৰাণকেন্দ্ৰ। । পূৰ্বতে ইয়াত পঁয়ষষ্ঠিখন সত্ৰ আছিল । ক্ৰমান্বয়ে ইয়াৰ সংখ্যা কমি গৈ বৰ্তমান সৰু-বৰ বাইশখ সত্ৰহে আছেগৈ।

বৰ্তমান মাজুলীত থকা মূল সত্ৰকেইখন হ’ল :-

  1. দক্ষিণপাট সত্ৰ
  2. গড়মূৰ সত্ৰ
  3. আউনীআটী সত্ৰ
  4. কলম্বাৰী
  5. বেঙেনাআটী সত্ৰ
  6. চামগুৰি সত্ৰ আদি

মাজুলীত থকা সত্ৰখমূহৰ প্ৰত্যকখন সত্ৰৰে সুকীয়া-সুকীয়া বৈশিষ্ট্য আছে। বানপানী আৰু গৰাখহনীয়া মাজুলীবাসীৰ প্ৰধান সমস্যা । মাজুলীৰ জনগাথনি মিশ্ৰিত, ইয়াত বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰে। মাজুলীত উৎযাপন কৰা প্ৰধান উৎসৱসমূহ হ’ল- বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহৰ উপৰি আলি-য়াই-লৃগাং, ৰাজকৃবাং, বাথৌপূজা। মাজুলীৰ নৈসৰ্গিক শোভা অতিশয় মনোহৰ । প্ৰতি বছৰে ইয়ালৈ অসংখ্য দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে ।

খ) ভাষা অধ্যয়ণ: প্ৰশ্নবোৰৰ উত্তৰ

জানো আহা:-

প্ৰাক্ শংকৰী যুগৰে পৰা অসমৰ প্ৰাচীন কবিসকলে সাঁচিপাতত কাব্য লিখিছিল। সাঁচিপাত হ’ল সাঁচি গছৰ ছাল। এইবোৰ ঘূণে নধৰিবৰ বাবে হেঙুল-হাইতাল বোলাই লিখাৰ উপযোগী কৰা হৈছিল।

৭) উপযুক্ত পুৰুষবাচক বিভক্তিৰে বাক্য পূৰ কৰা ।

(ক) ছাৰ, আপোনাৰ দেউতা _____ কোন আছিল ?
উত্তৰ— ছাৰ, আপোনাৰ দেউতা কোন আছিল?

(খ) গগৈ বাইদেৱে ক’লে— “তগৰ, তোমাৰ মা _____ আহিছে ।”
উত্তৰ— গগৈ বাইদেৱে ক’লে— “তগৰ, তোমাৰ মাৰা আহিছে ।”

(গ) তোৰ ককা _____ ৰ বয়স কিমান হ’ল ?
উত্তৰ— তোৰ ককাৰৰ বয়স কিমান হ’ল ?

(ঘ) তোমাৰ পেহী _____ ক চিনি পাওঁ ।
উত্তৰ— তোমাৰ পেহীয়েৰাক চিনি পাওঁ ।

(ঙ) প্ৰভাতৰ আইতা _____ আহিব ।
উত্তৰ— প্ৰভাতৰ আইতা আহিব ।

৮) পাঠৰ পৰা যুৰিয়া শব্দবোৰ বিচাৰি লিখা । যেনে —খলা-বমা ।
উত্তৰ— ছাত্ৰ-ছাত্ৰীসকলৰ, ছাৰ-বাইদেউসকলে, নীৰৱে-নিতালে, গৰু-ম’হ, কাটি-কাটি, মাজে-মাজে, লুকা-ভাকু, সৰু-সৰু, আহি-আহি, আহ-যাহ, আন-আন, সৰু-বৰ, জিৰাই-শঁতাই, উঠা-নমা, খলা-বমা, গছ-লতা, হাত-ভৰি, খোৱা-লোৱাৰ, পাতি-পাতি, সুকীয়া-সুকীয়া, আ-অলংকাৰ, বাচন-বৰ্তনৰ ।

৯) বাক্য সাজা –

পৰিভ্ৰমী, ৰহণ, সংৰক্ষণ, মণিকূট, সীৰলু, মায়াময়, কিৰিলি

উত্তৰ—

  • পৰিভ্ৰমী → শৰৎ কালত অসমৰ বিল সমূহ পৰিভ্ৰমী চৰাইৰে ভৰি পৰে ।
  • ৰহণ → অস্তগামী সুৰুযে বহ্মপুত্ৰৰ পানীত ৰহন সানে ।
  • সংৰক্ষণ → অতীতৰ বহুতো বস্তু উপযুক্ত সংৰক্ষণৰ অভাৱত ধ্বংস হৈ গৈছে।
  • মণিকূট → আমাৰ গাৱৰ নামঘৰৰ মণিকূট নকৈ সজা হ’ব।
  • সীৰলু → আজিকালিৰ ল’ৰা-ছোৱালীয়ে নাঙলৰ সিৰলু কি বস্তু চিনিয়েই নাপায় ।
  • মায়াময় → পূৰ্ণিমাৰ জোনাকৰ মায়াময় পৰিবেশত বহি আইতাৰ সাধু শুনাৰ মজাই বেলেগ ।
  • কিৰীলি→ পুতেক প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ খবৰটো পাই হলিৰামে কিৰীলি পাৰি উঠিল ।

১০) সমাৰ্থক শব্দ লিখা –

পৃথিৱী, সুচল, আনন্দ, লেখীয়া, চুই, শেষ, বেছি, বিখ্যাত, নিশা

উত্তৰ—

শব্দসমাৰ্থক শব্দ
পৃথিৱীধৰিত্ৰী, ধৰনী
সুচলসুবিধা, উজু, সহজ
আনন্দৰং, আমোদ, ধেমালি
লেখীয়ানিচিনা, দৰে
চুইস্পৰ্শ
শেষ সামৰণি, অন্ত, ইতি
বেছিসৰহ, অধিক
বিখ্যাতপ্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত
নিশাৰাতি, ৰজনী

গ- জ্ঞান সম্প্ৰসাৰণ

মাজুলীৰ সত্ৰসমূহৰ দৰে বৰপেটা সত্ৰও শংকৰী কলা কৃষ্টিৰ মিলনভূমি আৰু আধ্যাত্মিক, সাংস্কৃতিক ভাৱধাৰাৰ মুখ্যস্থান বুলিব পাৰি শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ পদধূলাৰ পবিত্ৰতা আৰু আতা পু্ৰুষসকলৰ শ্ৰদ্ধা আৰু আন্তৰিক প্ৰচেষ্টাৰ স্বাক্ষৰ আজিও বৰপেটা ধামে বহন কৰি আছে।

‘বৰপেটা’ নামটোৰ ইতিহাস আছে। কিছুলোকৰ মতে ‘বৰপেটা’ ঠাইখিনি এসময়ত ব্ৰহ্মপুত্ৰৰ পেট অৰ্থাৎ মাজ আছিল। কালক্ৰমত ঠাইখিনি বাম হ’লত বৰপেট বা বৰপেটা বোলা হ’ল। কিছুৱে কয় – এই ঠাইখিনিত ডাঙৰ এটি পিট আছিল আৰু সেই অনুসাৰে ইয়াৰ নাম হৈ পৰিল বৰপিট কালক্ৰমত বৰপেট বা বৰপেটা। আন অধিক সংখ্যক লোকে কয় শংকৰী কলা কৃষ্টিকে আদি কৰি পবিত্ৰ বৈষ্ণৱ একশৰণ ভাগৱতী ধৰ্ম তথা হৰিনাম ধৰ্মৰ আটাইখিনি বস্তুৰ ইয়াতে ভঁৰাল আৰু সেই হিচাপে এই পবিত্ৰ ভূমিখণ্ডৰ নাম হ’ল- বৰপাট-বৰপাটা-বৰপেটা। ‘বৰ’ (প্ৰধান) ‘পাট’ (বেদী) । বৰপেটাৰ পুৰণি নাম তাঁতীকুছি।

১১) ভ্ৰমণ কিয় কৰিব লাগে ? এই ভ্ৰমণৰ পৰা কি কি লাভ হয় পাঠৰ আধাৰত লিখা ।
উত্তৰ— মানুহে দৈনন্দিন জীৱনৰ কৰ্মব্যস্ততাৰ পৰা অলপ জিৰনি লৈ নতুন উদ্যমেৰে কাম কৰাৰ শক্তি পাবলৈ, আনন্দ লাভ কৰিবলৈ আৰু ন ন অভিজ্ঞতা তথা শিকনি আহৰণ কৰিবলৈ ভ্ৰমণ কৰা উচিত । ভ্ৰমণ কৰিলে আমাৰ বহুতো লাভ হয়; যেনে-

  1. সেই ঠাইৰ পিন্ধা-উৰা, খোৱা-বোৱা, বেশ-ভূষা, ভৌগোলিক অৱস্থান, সাহিত্য-সংস্কৃতিৰ অনেক কথা আমি জানিব পাৰোঁ ।
  2. ভ্ৰমণে দেহ মনলৈ সতেজতা তথা নতুন উদ্যম আনে ।
  3. ভ্ৰমণে আমাক ব্যৱহাৰিক শিক্ষা প্ৰদান কৰে ।

১২) অসমৰ এখন প্ৰসিদ্ধ তীৰ্থস্থান বৰদোৱা । বৰদোৱা কিয় প্ৰসিদ্ধ, দলত আলোচনা কৰি লিখা।
উত্তৰ— এই বৰদোৱাতে নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, অসমীয়া সংস্কৃতিক বিশ্বদৰবাৰলৈ নিওঁতা শ্ৰীমন্ত শংকৰদেৱে জন্ম লাভ কৰিছিল । সেই সূত্ৰে এই স্থান অতি প্ৰসিদ্ধ আৰু বৈষ্ণৱসকলৰ বাবে অতিশয় পবিত্ৰ ।

১৩) ভাওনাৰ উপৰি মুখা অন্য কি কি কামত ব্যৱহাৰ হয়, দুজনে লগ হৈ আলোচনা কৰি লিখা ।
উত্তৰ— ভাওনাৰ উপৰি মুখা আন বহুতো কামত ব্যৱহাৰ হয় । যেনে – মহো-হো উৎসৱত মুখা ব্যৱহাৰ কৰা হয়। খেতিয়কে পাঁচলিৰ বাগিচাতো মুখা ওলোমাই থয়, যাতে চৰাই-চিৰিকতিৰ পৰা তথা আন মানুহৰ কু-দৃষ্টিৰ পৰা তেওঁৰ খেতিডৰা ৰক্ষা হয় । আজিকালি উপহাৰ হিচাপে দিবলৈও মুখা ব্যৱহাৰ কৰা হয়। সুন্দৰবনৰ ডাঠ হাবিৰ মাজত বাস কৰা লোকসকলেও বাঘৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ মূৰৰ পাছফালে মূখা পৰিধান কৰে ।

১৪) তলৰ কবিতাংশ পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ লিখা ।

অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী
অসমৰ বৰপেটা ধাম,
চাই যোৱা বাটৰুৱা পৰাণ জুৰাই যোৱা
শুনি যোৱা হৰিগুণ নাম ।
চউপাশে তাল-খোল মৃদঙ্গৰ মহোৰোল
থানে থানে হৰি সংকীৰ্তন,
সুখী দুখী পাপী তাপী চাই যোৱা কাষ চাপি
মানৱৰ ই মহামিলন ।
নাই পূজা আৱাহন নাই বলি বিসৰ্জন
উচ্চ-নীচ ভেদাভেদ জ্ঞান,
নাই কাৰো উচ্চাসন নাই কাৰো নীচাসন
হৰিভক্ত সকলো সমান ।

কবি- শৈলধৰ ৰাজখোৱা

(উৎস:- ‘সোণৰ সঁফুৰা’, সংকলক-ভৱকান্ত শইকীয়া, প্ৰকাশক- শ্ৰীমতী কমল কুমাৰী বৰুৱা চেৰিটেবুল ফাউণ্ডেচন, পৃষ্ঠা -৩৪২-৩৪৩)

(ক) বৰপেটা ধামক কিহৰ লগত তুলনা কৰিছে?
উত্তৰ— বৰপেটা ধামক পবিত্ৰ তীৰ্থস্থান কাশী, দ্বাৰকা আৰু মথুৰাপুৰীৰ লগত তুলনা কৰিছে ।

(খ) কবিয়ে বাটৰুৱাক কি শুনি যাবৰ বাবে কৈছে ?
উত্তৰ— কবিয়ে বাটৰুৱাক হৰিগুণ নাম শুনি যাবৰ বাবে কৈছে ।

(গ) কবিয়ে কাক কাক কাষ চাপি কি চাই যাবলৈ কৈছে ?
উত্তৰ— কবিয়ে সুখী, দুখী, পাপী, তাপী সকলোকে মানৱৰ মহামিলন চাই যাবলৈ কৈছে।

(ঘ) কবিয়ে ক’ত সকলো সমান বুলি কৈছে ?
উত্তৰ— কবিয়ে বৰপেটা ধামত সকলো সমান বুলি কৈছে ।

ঘ- প্ৰকল্প

♦ দুই বা তিনিজনীয়া দল হৈ ডাঠ কাগজ, কুহিলা আদিৰে চৰাই, বান্দৰ, বাঘ, হাতীৰ মুখা প্ৰস্তুত কৰা।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment