Class 6 Assamese Chapter 10 Question Answer | মহীয়সী হেলেন কেলাৰ প্ৰশ্ন উত্তৰ

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 10 Question Answer [মহীয়সী হেলেন কেলাৰ প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে মহীয়সী হেলেন কেলাৰ প্ৰশ্ন উত্তৰ [Class 6 Assamese Chapter 10 Question Answer] লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

ইয়াৰ আগতে আমি Class 6 Assamese Question Answer ত বহু কেইটা অধ্যায়ৰ আলোচনা কৰিছো, আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে।

মহীয়সী হেলেন কেলাৰ প্ৰশ্ন উত্তৰ। Class 6 Assamese Chapter 10 Question Answer 2023

Class 6 Assamese Chapter 10 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু Assamese Grammar সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 10 Question Answer

ক- পাঠভিত্তিক ক্ৰিয়া

১) পাঠটো শুদ্ধ উচ্চাৰণেৰে খোকোজা নলগাকৈ পঢ়া।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে পঢ়া ।

২) পাঠটো পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰ চাই লিখা ।
উত্তৰ—

শব্দঅৰ্থ
হতভম্বঅস্পষ্ট চিন্তাযুক্ত এক অৱস্থা
আপ্ৰাণপ্ৰাণপণ
নিঃস্বাৰ্থফললৈ ইচ্ছা নকৰা, আকাংক্ষা নথকা

৩) তলত বাক্যশাৰী পঢ়ি কোনে, কিয় আপ্ৰাণ চেষ্টা কৰিছিল কোৱা আৰু লিখা ।

“বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেখেতসকলে আপ্ৰাণ চেষ্টা কৰিছিল ।”

উত্তৰ— সন্তান হেলেন কেলাৰৰ বিষাদপূৰ্ণ অৱস্থা দেখি তেখেতৰ মনত বিভিন্ন উপায়েৰে সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ পিতৃ-মাতৃয়ে আপ্ৰাণ চেষ্টা চলাইছিল । ছোৱালীজনীৰ অন্ধ আৰু মূক-বধিৰ অৱস্থাই তেখেতসকলক মৰ্মাহত কৰিছিল আৰু তেতিয়াই তেনে চেষ্টা চলাইছিল ।

৪) পাঠটো পঢ়ি উপযুক্ত শব্দ আৰু চন খালী ঠাইত বহুওৱা ।

(ক) ………………. চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি ………………. কৰি সকলোকে ………………. কৰিলে ।
উত্তৰ— ১৯৫৪ চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি আঙুলিৰে স্পৰ্শ কৰি সকলোকে অবাক কৰিলে ।

(খ) ………………. চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক ………………. পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত ………………. ৰোগত আক্ৰান্ত হৈছিল ।
উত্তৰ— ১৮৮০ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত মেনিনজাইটিছ্ ৰোগত আক্ৰান্ত হৈছিল ।

(গ) নিঃস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে ………………. সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ………………. চনত ।
উত্তৰ— নিঃস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে বিশেষভাৱে সক্ষম সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ১৯৬৮ চনত ।

(ঘ) ………………. ভালকৈ উপলদ্ধি কৰিছিল যে বিশেষ প্ৰয়োজনসম্পন্ন ব্যক্তিসকলৰ বাবে ধন-বিততকৈ মৰম ………………. আৰু ………………. বেছি প্ৰয়োজন ।
উত্তৰ— গ্ৰাহাম বেলে ভালকৈ উপলদ্ধি কৰিছিল যে বিশেষ প্ৰয়োজনসম্পন্ন ব্যক্তিসকলৰ বাবে ধন-বিততকৈ মৰম চেনেহ আৰু আত্মবিশ্বাৰহে বেছি প্ৰয়োজন ।

৫) মহীয়সী নাৰীগৰাকীৰ জীৱনটো তোমাৰ কথাৰে লিখা ।
উত্তৰ— মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালৰ এজন সামৰিক বিষয়াৰ ঘৰত ১৮৮০ চনত হেলেন কেলাৰৰ জন্ম হৈছিল । ডেৰ বছৰ বয়সত হেলেন মেনিনজাইটিছ্ ৰোগত আক্ৰান্ত হৈ শ্ৰৱণ শক্তি, দৃষ্টিশক্তি হেৰুৱাই যথেষ্ট হতাশাত ভুগিছিল । সন্তানৰ এনে বিষাদপূৰ্ণ অৱস্থা দেখি হেলেনৰ পিতৃ-মাতৃ মৰ্মাহত হৈছিল আৰু বিভিন্ন চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাইও একো সুফল পোৱা নাছিল। শেষত পিতৃয়ে টেলিফোন যন্ত্ৰৰ আৱিস্কাৰক গ্ৰাহাম বেলৰ পৰা সহায় বিচাৰিলে । তেতিয়া গ্ৰাহাম বেলে হেলেনক এনি চুলিভান নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ তত্বৱধানত ওঁঠৰ কঁপনিৰ দ্বাৰা মনৰ ভাব বুজি পোৱা কৌশলটো শিকি ল’বলৈ দিলে ।

এই কৌশল শিকাৰ পাছতে হেলেন কেলাৰে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি ১৯০৪ চনত কলা শাখাৰ স্নাতক ডিগ্ৰীও ল’লে । এনেকৈ নিজৰ কষ্ট আৰু অধ্যৱসায়ৰ বলত পাছলৈ তেওঁ বিশেষভাৱে সক্ষম ব্যক্তি সকলৰ শিক্ষা আৰু বিকাশৰ বাবে প্ৰতিষ্ঠিত প্ৰতিষ্ঠান এখনৰ অধ্যক্ষ নিযুক্ত হয় । তেখেতে মানৱ সেৱাৰ হকে বহুতো গ্ৰন্থ ৰচনা কৰিছিল, যুদ্ধত আহতসকলৰ প্ৰতি সেৱা আগবঢ়াইছিল, নানান সংগঠনৰ জন্ম দিছিল আৰু সেৱাৰ মনোভাৱেৰে পৃথিৱীজুৰি ভ্ৰমণ কৰি বক্তৃতা দিছিল । ১৯৬৮ চনত এইগৰাকী মহীয়সী নাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল ।

৬) দলত আলোচনা কৰি উত্তৰ লিখা ।

চুলিভানে গ্ৰাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে ।

(ক) চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছে ?
উত্তৰ— ইয়াত চুলিভান বুলি হেলেন কেলাৰৰ শিক্ষয়িত্ৰী এনি চুলিভানৰ কথা কোৱা হৈছে ।

(খ) চুলিভানে গ্ৰাহাম বেলৰ পৰা কি শিকিছিল ?
উত্তৰ— চুলিভানে গ্ৰাহাম বেলৰ পৰা ওঁঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল শিকিছিল ।

(গ) চুলিভানে হেলেনক কি শিকাইছিল ?
উত্তৰ— চুলিভানে হেলেনক গ্ৰাহাম বেলৰ পৰা শিকা ওঁঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল শিকাইছিল ।

খ- ভাষা অধ্যয়ন (Assamese Grammar)

৭) তলৰ শব্দবোৰৰ সন্ধি ভাঙি পঢ়োঁ আহা ।

হিম+অচল=হিমাচল পৰি+ঈক্ষা=পৰীক্ষা
বিদ্যা+আলয়=বিদ্যালয় অতি+আচাৰ=অত্যাচাৰ
হিম+আলয়=হিমালয় যথা+ইষ্ট=যথেষ্ট
মণি+ইন্দ্ৰ= মণীন্দ্ৰ যথা+উপযুক্ত= যথোপযুক্ত
অতি+ইন্দ্ৰিয়=অতীন্দ্ৰিয় নৌ+ইক=নাৱিক
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

৮) ইচ্ছাশক্তি, কল্যাণ, নিঃস্বাৰ্থ, আত্মবিশ্বাস, প্ৰয়োজন, প্ৰবল, সহায়, কৰ্মপ্ৰৱণতা, দুঃসাহসী । এই শব্দকেইটা ব্যৱহাৰ কৰি কমেও পাঁচটা বাক্য সাজা ।
উদাহৰণ :- প্ৰবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ দ্বাৰা ছোৱালীজনীয়ে জীৱনত সফলতা লাভ কৰিব পাৰিলে ।
উত্তৰ—

  1. প্ৰবল ইচ্ছাশক্তি আৰু কৰ্মপ্ৰৱণতাই মানুহক জীৱনত সফল হোৱাত সহায় কৰে ।
  2. দৰিদ্ৰ সকলৰ কল্যাণৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰা মানুহৰ সমাজত খুবেই প্ৰয়োজন ।
  3. নিঃস্বাৰ্থ মানুহেহে কল্যাণকাৰী কামবোৰ কৰিব পাৰে ।
  4. হেলেন কেলাৰ প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী হোৱাৰ উপৰি তেখেতৰ আত্মবিশ্বাস আৰু কৰ্মপ্ৰৱণতাও শলাগিবলগীয়া আছিল ।
  5. জীৱনত দুঃসাহসী হ’বলৈ আত্মবিশ্বাসৰ খুবেই প্ৰয়োজন ।

৯) পাতখিলাত থকা শব্দবোৰ অভিধানৰ দৰে বৰ্ণমালাৰ ক্ৰমত-সজোৱা । প্ৰয়োজন হ’লে শিক্ষকৰ সহায় ল’বা । উদাহৰণ- অধ্যক্ষ, অবাক, আনুষ্ঠানিক, আপ্ৰাণ ।

উত্তৰ— অধ্যক্ষ,অবাক,আনুষ্ঠানিক, আপ্ৰাণ, আৰম্ভ, ইচ্ছাশক্তি, উপলব্ধি, উৎসৰ্গা, ওঁঠ, কৰ্ম, কৰ্মপ্ৰৱণতা, খুঁত, গ্ৰাহাম, চিকিৎসক, ছোৱালী, জৰিয়তে, টেলিফোন, ডিগ্ৰী, দুঃসাহসী, নিঃস্বাৰ্থ, নেহেৰু, প্ৰতিষ্ঠিত, ফলপ্ৰসূ, বিষাদপূৰ্ণ, মধ্যবিত্ত, মহীয়সী, যুক্তৰাষ্ট্ৰ, শাৰীৰিক, শিক্ষা, সংস্থাপন, হতভম্ভ, হতাশ, হাঁহি ।

১০) তলত দিয়াবোৰৰ পুংলিংগ,স্ত্ৰীলিংগ আৰু উভয়লিংগ নিৰ্ণয় কৰি তালিকা প্ৰস্তুত কৰা ।

মহিলা, নাৰী, শিক্ষক, সন্তান, প্ৰধানমন্ত্ৰী, ছোৱালী, পিতৃ, মাতৃ, শিক্ষয়িত্ৰী, শিশু, অধ্যক্ষ, ব্যক্তি, দেউতা, কেঁচুৱা, পুৰুষ, লোক


উত্তৰ—

পুংলিংগস্ত্ৰীলিংগউভয়লিংগ
শিক্ষকমহিলাসন্তান
পিতৃনাৰীপ্ৰধানমন্ত্ৰী
অধ্যক্ষছোৱালীশিশু
দেউতামাতৃব্যক্তি
পুৰুষশিক্ষয়িত্ৰীকেঁচুৱা
লোক

গ- জ্ঞান সম্প্ৰসাৰণ

১১) “বিশেষভাৱে সক্ষম ব্যক্তিসকল সমাজৰ সম্পদ” —এইসকলৰ বাবে তুমি কি কৰিবা, দলত আলোচনা কৰি লিখা ।
উত্তৰ— বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মনত আত্মবিশ্বাস গঢ়ি তোলাতো খুব প্ৰয়োজনীয় কথা । লগতে তেওঁলোকক প্ৰয়োজন যথেষ্ট মৰম-চেনেহৰ । আমি নিশ্চয়কৈ এনে ব্যক্তিৰ বাবে বিশেষ অনুষ্ঠান গঢ়ি তুলিব পাৰোঁ, যিবোৰে প্ৰয়োজনত তেওঁলোকৰ বাবে সহায়ৰ হাত আগবঢ়াই । । মৰম-চেনেহেৰে তেওঁলোকৰ সুপ্ত প্ৰতিভা জগাই তুলিবৰ বাবে চেষ্টা কৰিব পাৰোঁ ।তেনে লোকৰ প্ৰতি আমাৰ দৃষ্টিভংগী সলনি কৰিব পাৰিলে তেওঁলোকক সমাজৰ স’তে খোজ মিলোৱাত সহায় কৰিব পাৰোঁ ।

১২) “বিশেষভাৱে সক্ষম ব্যক্তিসকল দেশ তথা সমাজৰ সম্পদ” — এই বিষয়ে তোমাৰ শ্ৰেণীকোঠাত এটি বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা ।
উত্তৰ— সময় সলনি হৈছে। লগতে সময় আহি পৰিছে আমাৰ পুৰণি দৃষ্টিভংগী সলনি কৰাৰ । চৰকাৰেও এই ক্ষেত্ৰত যথেষ্ট ব্যৱস্থা লোৱা দেখা গৈছে । পূৰ্বতে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বিষয়ে মানুহৰ মনত ভুল ধাৰণা আছিল আৰু তেওঁলোকক সমাজৰ বাবে এক বোজা বুলি ধৰা হৈছিল। বৰ্তমান তেওঁলোকৰ প্ৰতিমানুহৰ ধাৰণা সলনি হৈছে । বিশেষভাৱে সক্ষম ব্যক্তিসকলেই তেনে ধাৰণা নিজ কৰ্মৰ দ্বাৰা সলনি কৰি পেলাইছে । তেনে ব্যক্তিও অসাধাৰণ প্ৰতিভা আৰু মানসিক ক্ষমতাৰ অধিকাৰী হ’ব পাৰে । হেলেন কেলাৰ, ষ্টিফেন হকিং আদি বিশ্ববৰেণ্য ব্যক্তিয়ে তাৰ প্ৰমাণ । মৰম-চেনেহেৰে তেনে লোকৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিব পাৰিলে সুপ্ত প্ৰতিভা জাগ্ৰত কৰিব পাৰি ।

১৩) শ্ৰুতলিপি লিখা ।
উত্তৰ— বিষয় শিক্ষকৰ সহায়ত কৰা ।

জানো আহা

ষ্টিফেন হকিং – বিজ্ঞান জগতত এটি প্ৰাতঃস্মৰণীয় নাম ষ্টিফেন উইলিয়াম হকিং । মাত্ৰ একৈশ বছৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈও তেখেতে বিজ্ঞান জগতলৈ আগবঢ়াইছে কেইবাখনো অমূল্য গ্ৰন্থ।

বহু সন্মান আৰু বঁটাৰ অধিকাৰী ষ্টিফেন হকিঙৰ জন্ম ১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলেণ্ডৰ অক্সফোৰ্ডত।ৰোগত আক্ৰান্ত হোৱাৰ পাছত তেখেতৰ শৰীৰৰ প্ৰায়বোৰ অংগ অচল হৈ পৰে মাত্ৰ এখন হাতৰ দুটা আঙুলী লৰচৰ কৰি সেই দুটা আঙুলিৰেই তেখেতে হুইলচেয়াৰত সংলগ্ন কম্পিউটাৰ চলায়। বেছি ভাগ জটিল অংক তেখেতে মনতে কৰি পেলাব পাৰে।তেখেতে ১৯৬২ চনত অক্সফোৰ্ড বিশ্ভিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে । ষ্টিফেন হকিঙৰ বিশ্ব বহ্মাণ্ডৰ সৃষ্টি ৰহস্য সম্পৰ্কীয় গৱেষণাই বিজ্ঞান জগতক সমৃদ্ধ কৰিছে।

বিশিষ্ট বিজ্ঞানীগৰাকীয়ে লাভ কৰা কেঈটামান সন্মান আৰু পুৰস্কাৰ-
♦ ১৯৮১ চনত ‘আমেৰিকান ফ্ৰেংকলীন’ মেডেল ।
♦ ১৯৮২ চনত ‘কমাণ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ’ সন্মান।
♦ ২০০২ চনত বি. বি. চি এ তেখেতক ‘১০০ জন মহান ব্ৰিটিছৰ এজন’ বুলি অভিহিত কৰে।
♦ ২০০৬ চনত ৰয়েল ছ’ছাইটিৰ পৰা ‘কপলে মেডেল’ বঁটা।
♦ ২০১২ চনত ‘ৰাছিয়ান ফাণ্ডামেন্টেল ফিজিক্স’ প্ৰাইজ ।

ঘ- প্ৰকল্প

♦ তোমাৰ অঞ্চলত থকা বিশেষভাৱে সক্ষম ব্যক্তিক লগ কৰি তেখেতসকলৰ নাম আৰু সমাজলৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ— নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কুদালিৰ বীৰেন শইকীয়া নামৰ এজন লোক বিশেষভাৱে সক্ষম ব্যক্তি। ২০০৪ চনত শিলঘাটৰ মৰাপাট কলত কৰ্মৰত অৱস্থাত এটা দূৰ্ঘটনাত বীৰেন শইকীয়াই নিজৰ সোঁহাতখন হেৰুৱাব লগীয়া হৈছিল। ইমানৰ পিছতো সংযম নেহেৰুৱাই ব্যক্তি গৰাকীয়ে পূৰ্ণোদ্যমে জপিয়াই পৰিছিল জীৱন যুঁজত।

দূৰ্ঘটনাটোৰ পাছত এখন হাতেৰেই দিনহাজিৰা কৰি, ঘৰৰে ব্ৰইলাৰ ফাৰ্মত কাম কৰি পোহপাল দিবলৈ সক্ষম হৈছিল পত্নী, দুই জীয়ৰী আৰু এটি পুত্ৰসহ তেওঁৰ সৰু পৰিয়ালটোক। শেহতীয়াকৈ বিশেষভাৱে সক্ষম প্ৰকাশে পদুমনি চাৰিআলিত সৰুকৈ এখন দোকান আৰম্ভ কৰি বিক্ৰী কৰিবলৈ লৈছে চাহ, ৰুটি, পকৰী আদি নিজে ৰন্ধা বিভিন্ন ব্যঞ্জনৰ লগতে গেলামালৰ সামগ্ৰী ।

(তোমালোকৰ ওচৰৰ ব্যক্তিৰ বিষয়ে এনেকৈয়ে লিখা।)

♦ বিশেষভাৱে সক্ষম ব্যক্তিৰ ছবি সংগ্ৰহ কৰি এলমাম প্ৰস্তুত কৰা । ব্যক্তিসকলৰ চমু চিনাকি দিবা।

উত্তৰ—

এওঁৰ নাম হৈছে সুধা চন্দ্ৰন ।১৯৬৫ চনৰ ২৭ চেপ্তেম্বৰত জন্ম গ্ৰহন কৰা সুধা হৈছে এগৰাকী বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী আৰু সৰু পৰ্দাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী । মাত্ৰ ১৬ বছৰ বয়সতে পথ দূৰ্ঘটনাত এখন দুখ পাই, পাছলৈ কৃত্ৰিম ভৰি সংস্থাপন কৰা সুধাই অশেষ কষ্টৰে ভাৰত নাট্যমৰ এগৰাকী বিশিষ্ট শিল্পী ৰূপে নিজকে প্ৰতিষ্ঠা কৰে।

এওঁৰ নাম গিৰিশ শৰ্মা, ভাৰতৰ বেডমিন্টন জগতৰ এটি চিনাকী নাম। শিশু অৱস্থাতেই এটা ৰেল দূৰ্ঘটনাত এখন ভৰি হেৰুওৱা গিৰিশে অশেষ কষ্টৰে নিজকে এজন আন্তৰাষ্টীয় বেডমিন্টন খেলুৱৈ হিছাপে প্ৰতিষ্ঠিত কৰে। ২০০৮ চনত ভাৰতত অনুষ্ঠিত হোৱা পেৰা অলিম্পিকত গিৰিশে সোনৰ মেডেল লাভ কৰে।

(এনেকৈয়ে তোমালোকে বিশেষভাৱে সক্ষম ব্যক্তি সকলৰ এটি এলবাম প্ৰস্তুত কৰা । ভাৰতৰ আন কেইজনমান বিখ্যাত হৈছে – চাই প্ৰসাদ বিস্বনাথন, প্ৰীতি নিবাসন, ৰবিন্দ্ৰ জৈন ইত্যাদি। তোমালোকে নিজে এওঁলোকৰ ফটো আৰু তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা।)

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment