Class 6 Assamese Chapter 7 Question Answer | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 7 Question Answer [ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা প্ৰশ্ন উত্তৰ [Class 6 Assamese Chapter 7 Question Answer] লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

Class 6 Assamese Chapter 7 Question Answer 2023 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা প্ৰশ্ন উত্তৰ

Class 6 Assamese Chapter 7 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু ব্যাকৰণ (Assamese Grammar) সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 7 Question Answer

ক- পাঠভিত্তিক ক্ৰিয়া

১) উত্তৰ লিখা

(ক) লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘ৰসৰাজ’ উপাধি দিয়া হৈছিল ?
উত্তৰ— লক্ষ্মীনাথ বেজবৰুৱাৰ লেখনিবোৰৰ প্ৰায়বোৰ কথাই ৰসেৰে উপচি থকা বাবে তেখেতক ‘ৰসৰাজ’ উপাধি দিয়া হৈছিল ।

(খ) তেখেতৰ আত্মজীৱনীখনৰ নাম কি ?
উত্তৰ— লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আত্মজীৱনীখনৰ নাম ‘মোৰ জীৱন সোঁৱৰণ’ ।

(গ) লক্ষ্মীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ দিছিল ?
উত্তৰ— লক্ষ্মীনাথ বেজবৰুৱাক বৰবৌয়েকে চিঠিখন ডাকত দিবলৈ দিছিল ।

(ঘ) চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ক’ত সুমুৱাই দিছিল ?
উত্তৰ— চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ডাকঘৰৰ সমুখৰ পৰি থকা ভগা পেৰা এটাৰ ভিতৰত সুমুৱাই দিছিল ।

(ঙ) শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়াপৰৱশ হৈছিল ?
উত্তৰ— শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি পোষ্ট মাষ্টৰ দয়া পৰৱশ হৈছিল ।

(চ) লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথিৰ নাম লিখা ।
উত্তৰ— লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথি হৈছে – ‘বুঢ়ী আইৰ সাধু’ আৰু ‘ককাদেউতা আৰু নাতি-ল’ৰা’ ।

২) চমু উত্তৰ দিয়া

(ক) অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল ?
উত্তৰ— অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই যৎপৰোনাস্তি চেষ্টা কৰিছিল । কলিকতাত পঢ়ি থকাৰ সময়তে তেখেতে আন আন অসমীয়া ছাত্ৰৰ সহযোগত অসমীয়া সাহিত্য চ’ৰা স্থাপন কৰিছিল । পৰৱৰ্তী কালত এই চ’ৰাৰ নাম হয়গৈ ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা (অ ভা উ সা সভা)’ ।

(খ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘সাহিত্যৰথী’ উপাধিৰে সন্মানিত কৰা হৈছিল ?
উত্তৰ— লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ বৰঙণি আগবঢ়াইছিল । সেইবাবে তেখেতক ‘সাহিত্যৰথী’ উপাধিৰে সন্মানিত কৰা হৈছিল।

(গ) ‘অ’ মোৰ আপোনৰ দেশ’ গীতটিক কি সংগীত বোলে ?
উত্তৰ— ‘অ’ মোৰ আপোনৰ দেশ’ গীতটিক অসমৰ জাতীয় সংগীত বুলি কোৱা হয় ।

৩) পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ৰ ঘটনাটো নিজৰ কথাৰে কোৱা আৰু লিখা।
উত্তৰ— লক্ষ্মীনাথ বেজবৰুৱাদেৱ সৰু থকাৰ সময়ত জীয়ৰী-বোৱাৰীয়ে চিঠি লেখাটো অকৰণীয় অকাৰ্য বুলি ধৰা হৈছিল । এদিনাখন বৰবৌৱেকে চিঠি এখন লিখি মনে মনে শিশু লক্ষ্মীনাথক ডাকত দিবলৈ দিছিল । বেজবৰুৱাদেৱে চিঠিখন চেলেঙৰ তলত ভৰাই নি ডাকঘৰৰ সমুখত পৰি থকা ভগা কাঠৰ বাকচ এটাত ভৰাই দিলে । তেতিয়া ওচৰৰ পৰা দেখি থকা মানুহ এজনে আনফালে দেখুৱাই ক’লে যে চিঠিখন সৌ তাতহে দিব লাগিছিল । তেতিয়া বেজবৰুৱাদেৱৰ ওঁঠ-মুখ শুকাই গৈ ভগা কাঠৰ বাকচটোৰ পৰা চিঠিখন উলিয়াবলৈ যত্ন কৰিলে । কিন্তু উলিয়াব নোৱাৰিলে । তেতিয়া তেওঁৰ বিপদৰ কথা পোষ্ট মাষ্টৰক কোৱাত পোষ্ট মাষ্টৰে পেৰাৰ ভগা অংশটো ভাঙি বহলাই চিঠিখন উলিয়াই আনিলে । তাৰ পাছত ক’ত চিঠি দিব লাগে, সেয়া দেখুৱাই দিলে। বেজবৰুৱাদেৱে তাতে চিঠিখন দি নিশ্চিন্তমনে ঘৰলৈ ঘুৰি গ’ল।

৪) কোনে কাক কি প্ৰসংগত কৈছিল পাঠৰ আধাৰত লিখা ।
“সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমাই দিলা কিয় ?”

উত্তৰ— উক্ত কথাষাৰ ডাকঘৰৰ সমুখত ৰৈ থকা এজন মানুহে লক্ষ্মীনাথ বেজবৰুৱাক কৈছিল ।

বৰবৌৱেকে লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত ডাকত দিবলৈ দিয়া চিঠি খন নাজানি ডাকঘৰৰ সন্মুখৰ ভগা পেৰা এটাৰ ভিতৰত ভৰাই দিওঁতে উক্ত কথাষাৰ মানুহজনে কৈছিল ।

৫) পাঠত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা ।

সংগোপন     দয়াপৰৱশ      যৎপৰোনাস্তি       হাস্যব্যংগাত্মক       বহুমুখী
তত্বগধুৰ       পৰিগণিত      নিশ্চিন্ত              সুৰুঙা                  ভিৰাই লৰ মাৰ্

উত্তৰ—

শব্দঅৰ্থ
সংগোপনঅতি গোপন
দয়াপৰৱশদয়াৱান, উদাৰমনা
যৎপৰোনাস্তিআশা কৰাতকৈ বা লগাতকৈ বেছি, যিমান পাৰি সিমান।
 হাস্যব্যংগাত্মকখুহুতীয়া, ধেমেলীয়া।
বহুমুখীকেইবাটাও উদেশ্য থকা, কেইবাটাও দিশ
তত্বগধুৰঅৰ্থবহুল।
পৰিগণিতচিহ্নিত, অৱগত
নিশ্চিন্তচিন্তাশূণ্য, থিৰাং
সুৰুঙাসুযোগ, ছিদ্ৰ
ভিৰাই লৰ মাৰ্বেগাই দৌৰা

৬)
আমি অসমীয়া নহওঁ দুখীয়া,
কিহৰ দুখীয়া হ’ম?
সকলো আছিল সকলো আছে,
নুবুজোঁ নলওঁ গম ।

(ক) ওপৰৰ কবিতাফাকি কোনটো কবিতাৰপৰা তুলি দিয়া হৈছে ?
উত্তৰ— ওপৰৰ কবিতাফাকি ‘অসম সংগীত’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

(খ) কবিতাফাকি কাৰ ৰচনা ?
উত্তৰ— কবিতাফাকি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচনা ।

(গ) কবিতাফাকিৰ জৰিয়তে কবিয়ে কি ক’বলৈ বিচাৰিছে ?
উত্তৰ— কবিয়ে কবিতাফাকিৰ জৰিয়তে ইয়াকেই ক’বলৈ বিচাৰিছে যে- আমি অসমীয়াসকল কোনো ক্ষেত্ৰতে দুখীয়া নহয় । আমাৰ সকলো আছিল আৰু আছে; কিন্তু আমি সেই কথা অনুধাবন কৰিবলৈ চেষ্টা নকৰো ।

৭) লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে দহটা বাক্য লিখা ।
উত্তৰ— লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ১৮৬৪ চনৰ ১৪ অক্টোবৰত নগাৱৰ আহতগুৰি নামৰ ঠাইত হৈছিল । তেখেতৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী আছিল । কলিকতাত পঢ়িবলৈ যোৱাৰ দিনৰে পৰা তেখেতে অসমীয়া সিহিত্য চৰ্চা কৰিছিল। তেখেতে অসমীয়া সাহিত্যৰ প্ৰায় সকলোবোৰ দিশলৈ অৱদান আগবঢ়াই থৈ গৈছে । ‘বুঢ়ী আইৰ সাধু’ তেখেতৰ প্ৰসিদ্ধ সাধুকথাৰ সংকলন । বেজবৰুৱাদেৱ এগৰাকী গীতিকাৰো আছিল । ‘অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ শীৰ্ষক গীতটিৰো ৰচক লক্ষ্মীনাথ বেজবৰুৱা । কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল । তেখেতৰ প্ৰায়বোৰ লেখায়েই ৰসেৰে ভৰপূৰ আছিল । সেইবাবে তেখেতক ‘ৰসৰাজ’ উপাধি দিয়া হৈছিল ।

খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

৮) তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ তালিকাখনত শ্ৰেণীভুক্ত কৰা ।

লক্ষ্মীনাথ    তেওঁ    মই   কলকাতা     শ্ৰীমন্ত শংকৰদেৱ    শ্ৰী শ্ৰী মাধৱদেৱ    মোৰ     কৰে ধুনীয়া     তাই  শুৱনি     সি      তোমালোক    দুষ্টালি     ৰসাল    দীঘল    মিঠা     দয়া ডাকঘৰ    ভগা     পেৰা    অথবা     চন্দ্ৰকুমাৰ     গুৱাহাটী    আৰু    মাৰিছিল     যদি

উত্তৰ—

ক্ৰ. নংবিশেষ্যবিশেষণসৰ্বনামঅব্যয়ক্ৰিয়া
লক্ষ্মীনাথধুনীয়াতেওঁঅথবাকৰে
কলকাতাশুৱনিমইআৰুমাৰিছিল
শ্ৰীমন্ত শংকৰদেৱদুষ্টালিমোৰযদি
শ্ৰী শ্ৰী মাধৱদেৱৰসালতাই
চন্দ্ৰকুমাৰদীঘলসি
গুৱাহাটীমিঠাতোমালোক
ডাকঘৰদয়া
ভগা

৯) সোঁ-ফালৰ খালী বাকচত একোটাকৈ বাক্য লিখা।

এটাসৰলবাক্য
মিশ্ৰ
যৌগিক
নিশ্চয়াত্মক
প্ৰশ্নবোধক
ইচ্ছাত্মক
অনুজ্ঞাবোধক
ভাববোধক

উত্তৰ—

এটাসৰলবাক্যবেজবৰুৱা আছিল এগৰাকী গীতিকাৰো ।
মিশ্ৰঅকল সাধুৱেই নহয়, তেখেতে নিজৰ জীৱনৰ ঘটনাবোৰো বৰ ৰসালকৈ ‘মোৰ জীৱন সোঁৱৰণ’ নামৰ আত্মজীৱনীখনত লিখি থৈ গৈছিল।
যৌগিকসেই যে বাঘে চোৰক আৰু চোৰে বাঘক দীঘল-ঠেঙীয়া বুলি  ভাবি ভিৰাই লৰ মাৰিছিল।
নিশ্চয়াত্মকমই তাতে দি নিশ্চিন্ত মনেৰে ঘৰলৈ উভতি আহিলো।
প্ৰশ্নবোধকসাধু শুনি তোমালোকে ভাল পোৱানে ?
ইচ্ছাত্মককবিতাটিৰ এটা অংশ গাওঁ আহাচোন
অনুজ্ঞাবোধকডাকত এইপিনে ইয়াতহে দিব লাগে ।
ভাববোধকআমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম

১০) বাক্য পৰিৱৰ্তন কৰা ।

(ক) যিজন লোক চোৰ স্বভাৱৰ, তেওঁক সকলোৱে সন্দেহৰ চকুৰে চায় । (সৰল বাক্যলৈ নিয়া)
উত্তৰ— চোৰ স্বভাৱৰ লোকক সকলোৱে সন্দেহৰ চকুৰে চায় ।

(খ) ৰমেনে মাকৰ কথা শুনি গাঁৱতে থাকি খেতি-বাতি কৰিবলৈ ধৰিলে । (যৌগিক বাক্যলৈ নিয়া )
উত্তৰ— ৰমেনে মাকৰ কথা শুনিলে আৰু গাঁৱতে থাকি খেতি-বাতি কৰিবলৈ ধৰিলে ।

(গ) আমি আজি নগৰলৈ যাম । (প্ৰশ্নবোধক বাক্যলৈ নিয়া)
উত্তৰ— আমি আজি নগৰলৈ যামনে?

(ঘ) তোমালোকে ৰাতিপুৱা সোনকালে উঠা উচিত । (অনুজ্ঞাবোধক বাক্যলৈ নিয়া)
উত্তৰ— তোমালোকে ৰাতিপুৱা সোনকালে উঠিবা ।

১১) উপযুক্ত যোজক অব্যয়েৰে খালি ঠাই পূৰ কৰা ।

(ক) মই উদ্যানলৈ যাম ____ মুক্ত বায়ু সেৱন কৰিম । (কিন্তু/আৰু)
উত্তৰ— মই উদ্যানলৈ যাম আৰু মুক্ত বায়ু সেৱন কৰিম ।

(খ) ৰাম স্কুললৈ নগ’ল, ____ ৰহিম গ’ল । (যদি/আৰু/কিন্তু)
উত্তৰ— ৰাম স্কুললৈ নগ’ল, কিন্তু ৰহিম গ’ল ।

(গ) আমি ফল-মূল কিনি খাম ____ ৰেস্তোৰাঁত বহি চাহ, মিঠাই খাম । (কিন্তু/নাইবা/যদি)
উত্তৰ— আমি ফল-মূল কিনি খাম নাইবা ৰেস্তোৰাঁত বহি চাহ, মিঠাই খাম ।

১২) ফুলপাহত থকা শব্দবোৰ পঢ়া আৰু যদি তাৰ পৰা শব্দ আনি তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা ।

(ক) শ্ৰী ৰামৰ ____ সীতাও বনলৈ গৈছিল ।
উত্তৰ— শ্ৰী ৰামৰ সৈতে সীতাও বনলৈ গৈছিল ।

(খ) মাকে জীয়েকৰ ____ কিতাপ কিনিছে ।
উত্তৰ— মাকে জীয়েকৰ বাবে কিতাপ কিনিছে ।

(গ) তুমি ____ সময়মতে আহা ____ মই যাম ।
উত্তৰ— তুমি যদি সময়মতে আহা তেহে মই যাম ।

(ঘ) মোৰ ____ তুমি চিন্তা নকৰিবা ।
উত্তৰ— মোৰ কাৰনে তুমি চিন্তা নকৰিবা ।

(ঙ) প্ৰচণ্ড বৰষুণৰ ____ ৰাস্তাত পানী জমা হৈছে ।
উত্তৰ— প্ৰচণ্ড বৰষুণৰ বাবে ৰাস্তাত পানী জমা হৈছে ।

(চ) তেওঁ ____ তুমি গুৱাহাটীলৈ যাবা ।
উত্তৰ— তেওঁ নাইবা তুমি গুৱাহাটীলৈ যাবা ।

(ছ) তোমাক ____ সিহঁতে বৰ ভাল পালে ।
উত্তৰ— তোমাক কিন্তু সিহঁতে বৰ ভাল পালে ।

১৩) বাক্য ৰচনা কৰা – ভিৰাই , জেঙা, সুৰুঙা, বহুমুখী, দয়াপৰৱশ

উত্তৰ—
ভিৰাই → বনৰীয়া ম’হটোক দেখি মোহনে ভিৰাই লৰ মাৰিলে ।
জেঙা → গুৱাহাটীলৈ যাম বুলি ভাবোতেই ভৰি ভাঙি জেঙা লাগিল ।
সুৰুঙা → ইমান কামৰ মাজতো হৰিয়ে সুৰুঙা উলিয়াই পঢ়ি ১ম বিভাগ পালে ।
বহুমুখী → খুব কম মানুহহে বহুমুখী প্ৰতিভাৰ অধিকাৰী হয় ।
দয়াপৰৱশ → ৰহিমে দয়াপৰৱশ হৈ বৃদ্ধজনক ৰাতিটোৰ বাবে স্থান দিলে ।

গ-জ্ঞান সম্প্ৰসাৰন

১৪) পাঠটোত ‘অসম সংগীত’ কবিতাটিৰ ছয়শাৰী দিয়া আছে। কবিতাটিৰ বাকী অংশ সংগ্ৰহ কৰি গোৱা ।
উত্তৰ— ‘অসম সংগীত’ কবিতাটিৰ বাকী অংশ-

যতন কৰিলে সৰু বৰ হয়
তামুলী মোমায়ে কলে,
ৰজা হৈ ৰাম ৰজা হব পাৰি
ৰুদ্ৰসিংহে দেখুৱালে।
শঙ্কৰাচাৰ্য্যৰ গুৰু অসমীয়া
কুমাৰিল ভট্ট নাম,
জগত-গুৰুৰোগুৰু হ’ব পাৰি
ভট্টই দেখালে কাম।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

(৩)
ভাস্কৰ-জেউতি ভাস্কৰবৰ্ম্মা
প্ৰাগজ্যোতিষৰ ৰজা,
ভাৰতৰ ৰজাৰ আগশাৰী ললে,
নহয় ই কথা সজা।
উত্তৰ ভাৰতৰ কেদাৰ ব্ৰাহ্মণ
মহাবলৱন্ত ৰজা,
কামৰূপাধিপতি শঙ্কলাদিবে
ঘটুৱালে কেনে বুজা।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

(৪)
চাৰি লাখ পদাতি, লাখ অশ্বাৰোহী
চাৰি হেজাৰেক হাতী,
শঙ্কলাদিবৰ বীৰ্য্য-বিক্ৰমৰ
ভাৰত বিয়পা খ্যাতি।
লক্ষ্মণাৱতী গৌৰ ৰজাৰ
আমাৰ শঙ্কলে কৰা,
ৰাজধানী হৈ আছিল বঙ্গৰ
দুহাজাৰ বছৰ জোৰা।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

(৫)
পাৰস্যবিজেতা আফ্ৰচিয়াৰ
আদলাখ মোগল সেনা
ঘটুৱাই শঙ্কলে ঘোঁৰাহাট পৰ্ব্বতত
কীৰ্ত্তি ৰাখিলে জানা।
মছলেম বুৰঞ্জীত ফেৰেষ্টাই লিখিছে
নহয় ই সাধুকথা,
প্ৰাণৰ প্ৰাণত অসমীয়া ভাই,
ই কথা তোমাৰ গোথা।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

(৬)
সিদিনা তোমাৰ ঢেকিয়াল ফুকনে
উনত্ৰিশ বছৰীয়া ডেকা,
অসমৰ হকে যিখিনি কৰিলে,
কি কীৰ্ত্তি ৰাখিলে লেখা।
তোমাৰে আনন্দ বৰুৱাই চোৱা
সংস্কৃত সাহিত্য মথি,
ইউৰোপ, এছিয়াত কীৰিতি ৰাখিলে,
জগতে কৈছে ডাঠি।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

(৭)
‘হেমকোষ’ ৰচি হেমচন্দ্ৰ হেৰা
ভাষা আকাশৰ জোন,
স্বদেশ ভাষাত এনে শব্দকোষ
ভাৰতত ৰচিলে কোন?
তামুলী ফুকন গুনাভি বৰুৱা
বুৰঞ্জী জ্ঞানত জ্ঞানী,
স্বাধীন ব্যৱসায় দেশৰ হিতত
জগন্নাথ মাণিক মানী।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

(৮)
হেৰা অসমীয়া, নোহোৱা দুখীয়া
কিহৰ দুখীয়া হবা?
নিজ নাপাহৰি বিভুক সুঁৱৰি
লাগাচোন সুফল পাবা।
‘বুৰঞ্জীৰ হব পুনৰ অভিনয়’
জ্ঞান বৃদ্ধসৱে গায়,
লক্ষ্য স্থিৰ ৰাখা, আগবাঢ়ি যোৱা,
মানুহমুৱা হোৱা ভাই।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

১৫) পাতৰ বাক্যৰে গছ সজোৱা ।

♦ গা-গছত এটা বাক্য সজাই দিয়া হৈছে । এতিয়া ডালত থকা খালী অংশত বাক্য সজোৱা।
উত্তৰ— তোমালোকে নিজে কৰা ।
♦ গছৰ বাক্যবোৰেৰে এটা দফা সজাই লিখা।
উত্তৰ— তোমালোকে নিজে কৰা ।

১৬) ই স্বাধীনচিতীয়াকৈ কাঠৰ ব্যৱসায়কে বৃত্তি হিচাপে গ্ৰহণ কৰিছিল। তুমি ডাঙৰ হৈ কি বৃত্তি লোৱাৰ কথা ভাবিছা চমুকৈ লিখা ।
উত্তৰ— মই ডাঙৰ হৈ এজন চিকিৎসক হ’ব বিচাৰো । আৰু সমাজৰ পিছ পৰা শ্ৰেনীৰ মানুহক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব বিচাৰো ।

ঘ- প্ৰকল্প

♦ তুমি জনা তিনিগৰাকী সাহিত্যিকৰ চমু পৰিচয় সংগ্ৰহ কৰি লিখা আৰু শ্ৰেণীকোঠাত পঢ়ি শুনোৱা।
উত্তৰ—

হোমেন বৰগোহাঞি: হোমেন বৰগোহাঞি দেৱৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিছেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখানাত। তেওঁ আছিল এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। বৰগোহাঞিদেৱে বহু কেইখন উপন্যাস লিখিছিল, তাৰ ভিতৰত ‘সাউদৰ পুতেকে নাও মেলি যায়’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘অস্তৰাগ’, ‘পিতাপুত্ৰ’, ‘মৎসগন্ধা’, ‘তিমিৰ তীৰ্থ’ আদি উল্লেখনীয়।

চৈয়দ আব্দুল মালিক: চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল ১৯১৯ চনৰ ১৫ জানুৱাৰীত অন্তৰ্গত গোলাঘাট জিলাৰ নাহৰণিত । তেওঁ আছিল এজন বিশিষ্ট গল্পকাৰ, কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনী লেখক আৰু ভ্ৰমণ কাহিনী ৰাচোঁতা। তেওঁ জীৱনকালত বহুকেইখন উপন্যাস ৰচনা কৰিছিল । ইয়াৰ ভিতৰত অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । মালিকদেৱৰ আন কেইখনমান উল্লেখনীয় উপন্যাস হৈছে- শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত ‘ধন্য নৰ তনু ভাল’ আৰু মাধৱদেৱৰ বৰ্ণাঢ্য কৰ্ম আৰু জীৱনক লৈ ৰচিত ‘প্ৰেম অমৃতৰ নদী’।

ড° ভবেন্দ্ৰ নাথ শইকীয়া: ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত। তেখেতৰ পিতৃৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰা শইকীয়াদেৱে পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে । তেখেতে জীৱন কালত বহুতো হাস্য-ব্যংগমিশ্ৰিত ৰচনা লিখিছিল । অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ।

Leave a Comment