Assamese Poem of Nilim Kumar | নীলিম কুমাৰৰ কবিতা

Assamese Poem of Nilim Kumar তথা কবি নীলিম কুমাৰৰ অসমীয়া কবিতা আজি আমি ইয়াত কিছু প্ৰকাশ কৰিব গৈ আছো। এতিয়া আপুনি যদি নেজানে কবি নীলিম কুমাৰ কোন তেন্তে আপোনাৰ বাবে এক চমু বিৱৰণ দিব লৈছোঁ।

Who is Nilim Kumar | কবি নীলিম কুমাৰ কোন?

সমসাময়িক অসমমীয়া সাহিত্যৰ অন্যতম জনপ্ৰিয় কবি নীলিম কুমাৰ। তেখেতৰ সৈতে মোৰ পৰিচয় ফেচবুকৰ জৰিয়তে। বৰ্তমান সময়ত ফেচবুকত Nilim Kumar or Kabita নামৰ এখন ফেচবুক পেজ আছে যত Assamese Poem of Nilim Kumar তথা কবি নীলিম কুমাৰৰ অসমীয়া কবিতা সমূহ প্ৰচাৰ হৈ থাকে।

Assamese Poem of Nilim Kumar

কবি নীলিম কুমাৰৰ জন্ম বৰপেটা জিলাৰ পাঠশালাত আৰু বৰ্তমানলৈকে Nilim Kumar য়ে মুঠ ১৭ টা কবিতা সংকলন প্ৰকাশ কৰিছে, যাৰ ভিতৰত কিছুমান হৈছে আচিনাৰ আখুখ (১৯৮৫), বাৰী কুঁৱৰ (১৯৮৮), স্বপ্নাৰ ৰেলগাৰী (১৯৯১), চেলুই গাধুলি (১৯৯২), টোপানীৰ বাগিছা (১৯৯৪) ইত্যাদি।

তেওঁ মাটিত উৰি ফুৰা চিত্ৰকাৰ, আকাশ এপাৰ্টমেণ্ট আৰু আঠখোন প্ৰেমৰ উপন্যাসৰ দৰে কেইবাখনো উপন্যাস ৰচনা কৰিছে।

“নিলিম কুমাৰ কি শ্ৰীষ্টা কবিতা” হিন্দী অনুবাদত তেওঁৰ কবিতাৰ সংকলন কলকাতাৰ প্ৰেচিডেন্সি বিশ্ববিদ্যালয়, 2011-ৰ দ্বাৰা প্ৰকাশিত হৈছিল।

Nilim Kumar অসমৰ সামাজিক-সাংস্কৃতিক সাহিত্য সংগঠন ‘The Call of the Brahmaputra’ ৰ সভাপতি, আৰু কেদাৰনাথ সিঙৰ কবিতা হিন্দীলৈ অনুবাদ কৰিছে ।

তেওঁ ফ্ৰান্স আৰু বাংলাদেশত অনুষ্ঠিত নতুন দিল্লীৰ সাহিত্য অকাডেমীৰ অধীনত আয়োজিত আন্তঃৰাষ্ট্ৰীয় বিনিময়ৰ বাবে কবি সন্মিলনতো অংশগ্ৰহণ কৰিছে।

শ্ৰীযুত কুমাৰ ৰাজা ফাউণ্ডেচন বঁটা (২০০৯) আৰু উদয় ভাৰতী ৰাষ্ট্ৰীয় বঁটা (১৯৯৪)ৰ দৰে কেইবাটাও বঁটা প্ৰাপ্তকৰ্তা হল এই Nilim Kumar (নীলিম কুমাৰ)। তেওঁৰ কবিতাবোৰ স্পেনিছ আৰু মণিপুৰীলৈ অনুবাদ কৰা হৈছে।

Assamese Poem of Nilim Kumar 2022 । নীলিম কুমাৰৰ অসমীয়া কবিতা

ইয়াত আমি ফেচবুকৰ পৰা সংগ্ৰহ কৰি কিছু কিছু Assamese Poem of Nilim Kumar তথা নীলিম কুমাৰৰ অসমীয়া কবিতা প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছো। আশা কৰোঁ আপুনি Assamese Poem of Nilim Kumar পঢ়ি ভাল পাব।

এটা প্ৰেমৰ কবিতা

নীলিম কুমাৰ

তুমি গুচি যোৱাৰ পিছত
ময়ো গুচি আহিলো
কিন্তু আমি য’ৰ পৰা আহিছিলো
তালৈ উভতি যাব পৰিলোঁনে?
এনে লাগে যেন
মই তোমাৰ ভিতৰতে ৰৈ গলো,
তুমি মোৰ ভিতৰতে ৰৈ গলা।
আমি য’ৰ পৰা আহিছিলো
তালৈ উভতি যাব পৰিলোঁনে আমি?
মই উভতা মানে
তোমাৰ ভিতৰলৈ উভতা,
তুমি উভতা মানে
মোৰ ভিতৰলৈ উভতা
আমি সঠিকভাৱে উভতিব পৰিলোঁনে?
আমি যদি উভতিলোঁ
গৈছিলোনো ক’লৈ

সেই ঠাইটুকুৰাৰ নামেই প্ৰেম নেকি
য’ৰ পৰা আমি উভতিব লাগে!


সহৃদয় পাঠক

নীলিম কুমাৰ

সহৃদয় পাঠক
আপোনালোকে চাগে ভাবিছে –
আমি কেৱল কবিতাই লিখিছোঁ

নহয়,
আমি বন্দুকত গুলী ভৰাবও জানো
আমি জেপত মাৰনাশ্ৰ লৈ ঘূৰি ফুৰো আৰু
ক’ত
কোন মুহূৰ্তত
কাৰ
ডিঙি মাটিত বগৰাই দিব লাগে
তাকো জানো আমি

মাথো আপোনালোকক লগ পাবলৈ
আপোনালোকৰ সৈতে কথা পাতিবলৈ
আমি কবিতা লিখোঁ

আপোনালোকে চাগে ভাবিছে


Assamese Poem of Nilim Kumar তথা নীলিম কুমাৰৰ অসমীয়া কবিতা আৰু পঢ়িবলৈ তলত উল্লেখ কৰা পৰৱৰ্তী পৃষ্ঠাত ক্লিক কৰক – যদি পৰৱৰ্তী পৃষ্ঠাত Assamese Poem of Nilim Kumar নাই তেন্তে চিন্তাৰ বাবে কোনো কাৰণ নাই, আমি অতি সোনকালে পৰৱৰ্তী পৃষ্ঠাত Assamese Poem of Nilim Kumar তথা নীলিম কুমাৰৰ অসমীয়া কবিতাৰ যোগান ধৰিম।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment