Class 6 Assamese Chapter 9 Question Answer | আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 9 Question Answer [আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ প্ৰশ্ন উত্তৰ [Class 6 Assamese Chapter 9 Question Answer] লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ প্ৰশ্ন উত্তৰ। Class 6 Assamese Chapter 8 Question Answer 2023

Class 6 Assamese Chapter 9 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু Assamese Grammar সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 9 Question Answer

ক- পাঠভিত্তিক ক্ৰিয়া

১) পাঠটো মনোযোগেৰে পঢ়া । পাঠৰ কোনখিনি কথা তোমাৰ আটাইতকৈ ভাল লগিছে আৰু কিয় ভাল লাগিছে কোৱা ।
উত্তৰ— পাঠটোৰ কৃছ্তাক্কাই কন্নড় বৰ্নমালা শিকিবলৈ নাতিনীয়েকৰ সমুখত সংকল্প লোৱা দফাটো মোৰ আটাইতকৈ ভাল লাগিছে । কাৰন কৃছ্তাক্কাই দেৰিকৈ হ’লেও তেখেতৰ নিজৰ অক্ষমতাৰ কথা বুজি পালে আৰু শিক্ষাৰ ক্ষেত্ৰত স্বাধীন হ’বলৈ দৃঢ় সংকল্প ল’লে।

২) উত্তৰ লিখা ।

(ক) দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা ‘মই’ শব্দটোৱে কাক বুজাইছে ?
উত্তৰ— দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা ‘মই’ শব্দটোৱে কাহিনীটোৰ মূল লেখক সুধা মূৰ্তিক বুজাইছে ।

(খ) সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল ?
উত্তৰ— সেই সময়ত যোগাযোগ ব্যৱস্থা খুব বেয়া আছিল, ইমানেই বেয়া আছিল যে ৰাতিপুৱাৰ বাতৰিকাকতখন আবেলি পৰত হে আহি পৰিছিল ।

(গ) প্ৰতিদিনে কাকত-পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল ?
উত্তৰ— প্ৰতিদিনে কাকত-পত্ৰবোৰ চহৰৰ পৰা এখন বাছত আহিছিল ।

(ঘ) বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি ?
উত্তৰ— বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ হৈছে বাছখনত চহৰৰ পৰা কাকত-পত্ৰবোৰ আহিছিল ।

৩) উত্তৰ লিখা ।

(ক) পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম লিখা ।
উত্তৰ— পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম কৰ্মবীৰ ।

(খ) আইতাকে কাকতখন কিয় ভাল পাইছিল ?
উত্তৰ— কাকতখনত ধাৰাবাহিক হিচাপে প্ৰকাশ হোৱা ‘কাশীযাত্ৰী’ নামৰ উপন্যাসখনৰ বাবে আইতাকে কাকতখন ভাল পাইছিল ।

(গ) আইতাকে লোৱা দৃঢ় সংকল্পটো কি ?
উত্তৰ— আইতাকে কন্নড় ভাষাৰ বৰ্ণমালা শিকিবলৈ দৃঢ় সংকল্প লৈছিল ।

৪) পাঠটোত থকা কিছুমান জটিল শব্দ বাওঁ-ফালে দিয়া হৈছে । সোঁ-ফালে শব্দবোৰৰ অৰ্থ আছে । আৰু সৰু দলত বহি সেইবোৰৰ অৰ্থ মিলাই লিখা । প্ৰয়োজন হ’লে শিক্ষকৰ সহায় ল’বা ।

বাওঁ-ফালসোঁ-ফাল
স্বচ্ছল   অতিক্ৰম   উদগ্ৰীৱদঢ়সংকল্প   অক্ষম  প্ৰচেষ্টা  সিদ্ধান্তকঠোৰ পণ, নিশ্চিত সংকল্প ।পাৰ হৈ যোৱা কাৰ্য ।বিশেষ চেষ্টা, যত্ন ।ব্যগ্ৰ, উৎকণ্ঠিত, আগ্ৰহান্বিত ।নোৱাৰা, অপাৰগ ।সুচল অৱস্থা, ফটফটীয়া ।নিৰ্ধাৰণ, মীমাংসা ।

উত্তৰ—

বাওঁ-ফালসোঁ-ফাল
স্বচ্ছলসুচল অৱস্থা, ফটফটীয়া ।
অতিক্ৰমপাৰ হৈ যোৱা কাৰ্য ।
উদগ্ৰীৱব্যগ্ৰ, উৎকণ্ঠিত, আগ্ৰহান্বিত ।
দঢ়সংকল্পকঠোৰ পণ, নিশ্চিত সংকল্প ।
অক্ষমনোৱাৰা, অপাৰগ ।
প্ৰচেষ্টাবিশেষ চেষ্টা, যত্ন ।
সিদ্ধান্তনিৰ্ধাৰণ, মীমাংসা ।

৫) দুজনীয়া দলত ভাগ হোৱা আৰু পাঠটোৰ কোনটো অংশত আইতাৰ মনৰ দৃঢ়তা প্ৰকাশ পাইছে, আলোচনা কৰি কোৱা ।
উত্তৰ— “মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে কাইলৰ পৰা মই কন্নড় বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিম । জেদ কৰি হ’লেও শিকিম আৰু সৰস্বতী পূজাৰ দিনাখন মোৰ শিকন সমাপ্ত কৰিম । মই শিকিব লাগিবই যাতে আনৰ সহায় নোলোৱাকৈ নিজেই উপন্যাস পঢ়িব পাৰোঁ । শিক্ষাৰ ক্ষেত্ৰত মই স্বাধীন হ’বই লাগিব ।” – পাঠটোৰ এই অংশতে আইতাৰ মনৰ দৃঢ়তা প্ৰকাশ পাইছে ।

৬) তলৰ বাক্যকেইটা কোনে, কেতিয়া আৰু কিয় কৈছিল?

— “ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে শতেক বাধা-বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ’ব পাৰিবা ।”
উত্তৰ— প্ৰশ্নোক্ত বাক্যটো আইতাক কৃছ্তাক্কাই নাতিনীয়েক সুধা মূৰ্তিক কৈছিল যেতিয়া বাষষ্ঠি বছৰ বয়সীয়া আইতাকে পঢ়িব নোৱাৰিব বুলি সন্দেহ প্ৰকাশ কৰিছিল ।

— “যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰীক মই কিয় বা সন্মান নকৰিম ?”
উত্তৰ— প্ৰশ্নোক্ত বাক্যটো আইতাক কৃছ্তাক্কাই নাতিনীয়েক সুধা মূৰ্তিক কৈছিল । আইতাকে সুধাৰ চৰণ স্পৰ্শ কৰাত যেতিয়া সুধা আচৰিত হৈছিল তেতিয়া আইতাকে উক্ত কথাষাৰ কৈছিল ।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

৭) পাঠটোৰ পৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বিচাৰি উলিয়াই তালিকা কৰা । যুক্তাক্ষৰবিলাক ভাঙি দেখুওৱা ।
উত্তৰ—

শব্দযুক্তাক্ষৰ
সম্পত্তিবোৰৰম্প=ম + প, ত্ত=ত + ত
সিদ্ধান্তদ্ধ= দ+ধ, ন্ত= ন+ত
আৰম্ভম্ভ=ম+ভ
সৰস্বতীস্ব=স+ব
সমাপ্তপ্ত=প+ত
স্বাধীনস্ব=স+ব
সংকল্পল্প=ল+প
বাষষ্ঠিষ্ঠ=ষ+ঠ
পিন্ধিছেন্ধ=ন+ধ
ৰান্ধনিন্ধ=ন+ধ
প্ৰতিজ্ঞাবদ্ধজ্ঞ=জ+ঞ, দ্ধ= দ+ধ,
অতিক্ৰমক্ৰ=ক+ৰ
ক্লান্তিক্ল=ক+ল, ন্ত=ন+ত
গ্ৰন্থন্থ=ন+থ
মণ্ডপটোণ্ড=ণ+ড
বিশ্বনাথশ্ব=শ+ব
স্বচ্ছলস্ব=স+ব, চ্ছ=চ+ছ

৮) উপযুক্ত স্থানত যতি চিহ্ন বহুৱাই তলৰ দফাটো পুনৰ লিখা ।
আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ হাঁহি হাঁহি ক’লোঁ বাষষ্ঠি বছৰ বয়সত আপুনি লিখা-পঢ়া শিকিব আইতা আপোনাৰ আটাইবোৰ চুলি পকিছে হাত-মুখৰ ছাল শোটোৰা-শোটোৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চচমা পিন্ধিছে এইবোৰৰ উপৰি ৰান্ধিনি ঘৰৰ কাম পাৰিব আপুনি
উত্তৰ— আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ । হাঁহি হাঁহি ক’লোঁ – “বাষষ্ঠি বছৰ বয়সত আপুনি লিখা-পঢ়া শিকিব আইতা ? আপোনাৰ আটাইবোৰ চুলি পকিছে । হাত-মুখৰ ছাল সোঁতোৰা-সোঁতোৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চচমা পিন্ধিছে । এইবোৰৰ উপৰি ৰান্ধিনি ঘৰৰ কাম ! পাৰিব আপুনি ?”

৯) পাঠটোৰ পৰা পাঁচটা বিশেষণ পদ বাছি উলিয়াই লিখা ।
উত্তৰ— বেয়া, অধীৰ, জনপ্ৰিয়, সুন্দৰ, ভাল ।

১০) পাঠটোত থকা যুৰীয়া শব্দবোৰ চিনাক্ত কৰা ।
উত্তৰ— ককাদেউতা-আইতা, কাকত-পত্ৰ, কাম-কাজ, লুকা-চুৰি, লেখা-পঢ়া, ল’ৰা-ছোৱালী, মনে-প্ৰাণে, শিক্ষা-দীক্ষা, ধন-সম্পত্তি, হাঁহি-হাঁহি, শোটোৰা-শোটোৰ, বাধা-বিঘিনি, ছাত্ৰ-ছাত্ৰী ।

১১) তলৰ বাক্যকেইটাৰ পদৰ লগত যুক্ত বিভক্তিবোৰ বাছি উলিওৱা আৰু কোনবোৰ ক্ৰিয়া বিভক্তি আৰু কোনবোৰ শব্দ বিভক্তি লিখা ।

(ক) ৰামে লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাস খাটিছিল ।
উত্তৰ— ৰামে = ৰাম + এ — শব্দবিভক্তি ।
সীতাৰ = সীতা + ৰ — শব্দবিভক্তি ।

(খ) বনত তেওঁলোকে ফল-মূল খাই জীৱন নিৰ্বাহ কৰিছিল ।
উত্তৰ— বনত = বন + অত — শব্দবিভক্তি ।
তেওঁলোকে = তেওঁলোক + এ — শব্দবিভক্তি ।
খাই = খা + ই — ক্ৰিয়াবিভক্তি ।
কৰিছিল — ক্ৰিয়াবিভক্তি ।

(গ) চৈধ্য বছৰৰ পাছত তেওঁলোকে অযোধ্যালৈ উভতি আহিল ।
উত্তৰ— বছৰৰ = বছৰ + ৰ — শব্দবিভক্তি ।
অযোধ্যালৈ = অযোধ্যা + লৈ — শব্দবিভক্তি ।

গ) জ্ঞান সম্প্ৰসাৰণ: প্ৰশ্ন উত্তৰসমূহ

১২) অসম তথা ভাৰতৰ কেইখনমান দৈনিক আৰু সাপ্তাহিক বাতৰি কাকতৰ নাম লিখা ।
উত্তৰ— অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, দৈনিক অসম, দৈনিক বাতৰি, আমাৰ অসম, অসম বাণী, সাদিন, অগ্ৰদূত, The Assam Tribune, The Setinel ইত্যাদি ।

১৩) চাৰি-পাঁচজনীয়া দলত 1 ভাগ হোৱা । প্ৰতিটো দলে তলৰ যিকোনো এটাৰ বিষয়ে স্থানীয় দৈনিক বাতৰি কাকতত দিবলৈ এটি বাতৰি যুগুত কৰা ।

(ক) তোমালোকৰ অঞ্চলত এটা বাঘ ওলাইছে ।
উত্তৰ— তেজপুৰ ১২ নৱেম্বৰ : আজি আবেলি তেজপুৰৰ কমাৰচুবুৰীৰ এখন পথাৰত এটা বাঘ দৃষ্টিগোচৰ হয় । বাঘটো প্ৰথম চকুত পৰে পথাৰত ধান দাই থকা মানুহৰ । ওচৰতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘটো ওলাই অহা বুলি সন্দেহ কৰা হৈছে। তাৰ পাছত ওচৰৰ গাঁৱৰ মানুহে বাঘটো চাবলৈ হৈ-চৈ লগোৱাত বাঘটো ওচৰতে থকা হাবিৰ মাজলৈ পলাই যায়। । ইতিমধ্যে বন-কৰ্মী আৰু আৰক্ষী উপস্থিত হৈ বাঘটো বিচাৰিছে যদিও বৰ্তমানলৈকে একো সন্ধান পোৱা নাই। । স্থানীয় ৰাইজৰ অভিযোগমতে যোৱা এমাহ ধৰি সেই অঞ্চলৰ গৰু পোৱালি, ছাগলী, হাঁহ আদি বাঘৰ হাতত নিধন হৈছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।

(খ) তোমালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে ।
উত্তৰ— নগাওঁ, ২৬ জানোৱাৰী : নগাওঁ জিলাৰ চলচলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰী যুতা সুশীলা গগৈয়ে কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা শ্ৰী যুতা গগৈয়ে আহোপুৰুষাৰ্থ কৰি স্থানীয় কৃষক-বনুৱাৰ সন্তানসকলক বিনামূলীয়াকৈ শিক্ষা লাভৰ সুযোগ দি আহিছিল । অসমীয়া বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী শ্ৰী যুতা সুশীলা গগৈয়ে হয়তো তেখেতে ডিগ্ৰী লাভ কৰাৰ সময়ত যিকোনো উচ্চ দৰমহা থকা চৰকাৰী চাকৰি পালেহেঁতেন । শ্ৰী যুতা গগৈয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাত স্থানীয় বিধায়কৰ লগতে, অসমৰ মুখ্যমন্ত্ৰীয়েও তেখেতক অভিনন্দন জনাইছে।

(গ) এই বছৰৰ গ্ৰন্থমেলাত কেইবাখনো শিশু উপযোগী পুথি প্ৰকাশ পাইছে ।
উত্তৰ— গুৱাহাটী, ২০ ডিচেম্বৰ : গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক ইনষ্টিটিউটৰ খেলপথাৰত চলি থকা উত্তৰ-পূৱ গ্ৰন্থমেলাত কেইবাখনো শিশু-উপযোগী গ্ৰন্থৰ প্ৰকাশে গ্ৰন্থপ্ৰেমীলৈ বিশেষ আনন্দৰ বতৰা কঢ়িয়াই আনিছে। ইয়াৰ ভিতৰত ন-লেখিকা শ্ৰী জয়শ্ৰী বৰাৰ “বৃন্দাবনত অঘৰী আইতা”ৰ পাঠকৰ বিশেষ দৃষ্টি আকৰ্ষন কৰিছে। সমান্তৰালভাৱে ভালেসংখ্যক নবীন-প্রৱীণ লেখকৰ গ্রন্থও পাঠকে ক্রয় কৰা পৰিলক্ষিত হৈছে৷ তদুপৰি ইংৰাজী সাহিত্যৰ অনেকবোৰ গ্রন্থও বিশেষভাৱে পঢ়ুৱৈ সমাজত সঁহাৰি লাভ কৰে ৷ সর্বাধিক বিক্রী হ’ল জীৱনীমূলক শিশু উপযোগী গ্রন্থ, গল্প আৰু উপন্যাস ৷

(ঘ) বৰষুণৰ পানীয়ে বিদ্যালয়ৰ চৌহদ বুৰাই পেলাইছে ।
উত্তৰ— নলবাৰী, ২৭ জুন : যোৱা কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ কৃত্রিম বানপানীয়ে বুৰাই পেলায় । ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ অভিযোগমতে স্থানীয় ঠিকাদাৰ এজনে পানী ওলাই যোৱা নলাটো বন্ধ কৰি দিয়াৰ ফলত আজিৰ এই পৰিস্থিতিৰ উদ্ভৱ হ’ল । স্থানীয় সচেতন ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে মহকুমাধিপতিক লগ কৰি উচিত ব্যৱস্থা লোৱাৰ বাবে দাবী কৰিছে । উল্লেখযোগ্য যে আজিৰ কৃত্ৰিম বানপানীত বিদ্যালয়খনৰ চৌহদলৈ লেতেৰা পানী সোমাই ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে কিছুমান আচবাব আৰু নথিপত্ৰও নষ্ট কৰিছে ।

১৪) এখন দৈনিক বাতৰি কাকত এসপ্তাহৰ বাবে ভালদৰে চোৱা আৰু কোন দিনা কি কি শিতান থাকে, সেয়া বাৰৰ নামেৰে সৈতে এখন তালিকা যুগুত কৰা ।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

১৫) ছবি পৰ্যৱেক্ষণ কৰি উত্তৰ দিয়া ।


(ক) ছোৱালীজনীয়ে কি কৰি আছে ?
উত্তৰ— ছোৱালীজনীয়ে বয়োজ্যেষ্ঠসকলক পাঠদান কৰি আছে ।

(খ) আইতাই কৰি থকা কামটো তোমালোকৰ ঘৰত কোনে কোনে কৰি ভাল পায় ?
উত্তৰ— আইতাই কৰি থকা কামটো অৰ্থাৎ বাতৰি কাকত পঢ়ি আমাৰ ঘৰত দেউতা আৰু ককায়ে ভাল পায় ।

ঘ) প্ৰকল্প

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment