Class 6 Assamese Chapter 11 Question Answer | সঞ্চয় প্ৰশ্ন উত্তৰ

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 11 Question Answer [সঞ্চয় প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে সঞ্চয় প্ৰশ্ন উত্তৰ [Class 6 Assamese Chapter 11 Question Answer] লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

ইয়াৰ আগতে আমি Class 6 Assamese Question Answer ত বহু কেইটা অধ্যায়ৰ আলোচনা কৰিছো, আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে।

সঞ্চয় প্ৰশ্ন উত্তৰ। Class 6 Assamese Chapter 11 Question Answer 2023

Class 6 Assamese Chapter 11 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু Assamese Grammar সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 11 Question Answer

ক- পাঠভিত্তিক ক্ৰিয়া

১) কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া ।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া ।

২) কবিতাটি লয়, ছন্দ আৰু তালৰ লগত সংগতি ৰাখি আবৃত্তি কৰা ।
উত্তৰ— ছাত্র-ছাত্ৰীয়ে নিজে কৰা ।

৩) তলত দিয়া শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানত চাই লিখা ।

উত্তৰ—

শব্দঅৰ্থ
কৰকৰাশুকান, নিৰস
বৰ্ষণবৰষুণ
কৃপণঅৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি
কুন্ধিনাৱৰ ভিতৰৰ খোটালি
পুণ্যতোয়াপবিত্ৰ পানী থকা নদী (যেনে- গংগা)
শান্তিয়নীমন্ত্ৰোচ্চাৰণেৰে পবিত্ৰ কৰা পানী
ঘুলিম’হ, গাহৰি আদিয়ে বোকা লেটি লোৱা খাল
নিৰ্মলমলি নথকা, খাঁটি, নিভাঁজ
হিতউপকাৰ

৪) কবিতাটিৰ মূলভাব লিখা ।
উত্তৰ— ‘সঞ্চয়’ কবিতাটোৰ মাজেৰে কবি নীলমণি ফুকনদেৱে সঞ্চয়ৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰত আলোকপাত কৰিছে । যেনেকৈ উঁইপোকে কৰা শুকান মাটিৰ সঞ্চয় আৰু মৌ-মাখিয়ে কৰা মৌ-জোলৰ সঞ্চয়ৰ মাজত পাৰ্থক্য আছে ঠিক তেনেকৈ জ্ঞানীৰ সঞ্চয় আৰু কৃপণৰ সঞ্চয়ৰ মাজতো বহুত পাৰ্থক্য আছে । জ্ঞানীয়ে কৰা জ্ঞানৰ সঞ্চয়ে বহুতৰে মনৰ ভিতৰত অজ্ঞানতাৰ এন্ধাৰ দূৰ কৰে । যেনে পাত্ৰতেই থোৱা নাযাওক কিয়, গংগাজল সদায় পবিত্ৰ । কিন্তু লেতেৰা পানী সোণৰ পাত্ৰত থ’লেও সি লেতেৰাই আৰু ব্যৱহাৰৰ অনুপযোগী । যি সঞ্চয়ে আনৰ বা সমাজৰ হিত সাধন কৰিব নোৱাৰে তেনে সঞ্চয় মানুহে কৰিব নালাগে ।

৫) কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে ?
উত্তৰ— যি সঞ্চয় কৰিলে আনৰ বা সমাজৰ হিত সাধন হয়, সেই সঞ্চয়কহে প্ৰকৃত সঞ্চয় বুলি কবিতাটিত কোৱা হৈছে ।

৬) জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই,
মনৰ নেদেখা কুন্ধিবোৰত ।।
‘কুন্ধি’ শব্দটোৱে সাধাৰণতে নাৱৰ খোটালিক বুজায় । কবিতাফাকিত থকা ‘কুন্ধি’ শব্দটোৱে কিহৰ খোটালিক বুজাইছে ?

উত্তৰ— কবিতাফাকিত থকা ‘কুন্ধি’ শব্দটোৱে মানুহৰ মনৰ ভিতৰৰ খোটালিক বুজাইছে ।

৭) উত্তৰ দিয়া ।

(ক) উঁয়ে কি সঞ্চয় কৰে ?
উত্তৰ— উঁয়ে শুকান বা কৰকৰা মাটি সঞ্চয় কৰে ।

(খ) মৌ-মাখিৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয় ?
উত্তৰ— মৌ-মাখিৰ সঞ্চয়ৰ ফলত মধু বৰ্ষণ হয় ।

(গ) উঁইৰ সঞ্চয়ৰ ফলত কি হয় ?
উত্তৰ— উইৰ সঞ্চয়ৰ ফলত মাটিৰ ৰস নোহোৱা হয় ।

(ঘ) জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুন্ধি বোৰত কি বিলায় ?
উত্তৰ— জ্ঞানৰ সঞ্চয়ে মনৰ কুন্ধিবোৰত পোহৰ বিলায় ।

(ঙ) জল ক’ত সাঁচি থ’লে নিৰ্মল নহয় ?
উত্তৰ— জল সোনৰ পাত্ৰত সাচি থ’লেও নিৰ্মল নহয় যদি সেই জল ম’হৰ ঘুলিৰ হয় ।

৮) কবিতাফাকি পঢ়া আৰু উত্তৰ দিয়া ।

(ক) পূণ্যতোয়া গংগা জল সাঁচি থ’লে
হয় শান্তিয়নী পবিত্ৰ জল ।
— পূণ্যতোয়া শব্দটোৱে কি বুজাইছে ?

উত্তৰ— যিবিলাক নদীৰ পানীক পবিত্ৰ বুলি গণ্য কৰা হয় সেই নদীসমূহক একেলগে পূণ্যতোয়া নদী বোলে । গঙ্গাও সেই নদীসমূহৰ ভিতৰতে পৰে। সেইবাবে গঙ্গাজলক পূণ্যতোয়া বুলি কোৱা হৈছে ।

— গংগাজল সাঁচি থ’লে কি হয় ?
উত্তৰ— গংগাজল সাঁচি থ’লে সেইজল শান্তিয়নী কৰা পবিত্ৰ জল হয় ।

(খ) বহলাই লিখা।
“সাঁচি থোৱাকেই সঞ্চয় নকয়
যদি তাৰে হিত সাধন নহয়।

উত্তৰ— যি বস্তু সাঁচি থ’লে একো উপকাৰ নহয়, সেই বস্তুৱে কেতিয়াও সঞ্চয় নাম পাব নোৱাৰে। সঞ্চয় বুলি সেইবিলাক বস্তুকহে কোৱা হয়, যি সমাজৰ বা আনৰ উপকাৰ কৰিব পাৰে। উদাহৰন স্বৰূপে- উঁয়ে তোলা মাটি বা কৃপণে সঞ্চয় কৰা ধনক, সঞ্চয় বুলি ক’ব নোৱাৰি। কিন্তু জ্ঞানী লোকে কৰা জ্ঞানৰ সঞ্চয়ক সঞ্চয় বুলিব পাৰি কাৰন ইয়াৰ দ্বাৰা সমাজৰ পৰা অজ্ঞানতাৰ এন্ধাৰ দূৰ হয় ।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

বাওঁ-ফালসোঁ-ফাল
অসাধু  —ব্যয়
সাধু 
আন্ধাৰ
অজ্ঞান 
 মলিয়ন 
দেখা
অহিত
পোহৰ  —
জ্ঞান  —
নেদেখা —
হিত  —

উত্তৰ—

বাওঁ-ফালসোঁ-ফাল
অসাধু  —সাধু
পোহৰ  —আন্ধাৰ
জ্ঞান  —অজ্ঞান
নেদেখা —দেখা
হিত  —অহিত

১০) খাই, কৰি, বাই, থৈ, উঠি – এই অসমাপিকা ক্ৰিয়াপদকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা ।
উত্তৰ—
খাই — ভাত খাই সদায় আইতাক তামোল এখন লাগে ।
কৰি — অমলে পথাৰত কাম কৰি আহিহে স্কুল যাব ।
বাই — হলিৰামে পথাৰত হাল বাই উঠি আলি দিছে ।
থৈ — তাইক স্কুলত থৈ আহি তই বজাৰলৈ যাবি ।
উঠি — হৰিয়ে বিয়াৰ বাবে গছত উঠি তামোল পাৰিছে।

১১) কবিতাটিৰ পৰা পাঁচটা ক্ৰিয়াপদ বাছি উলিওৱা ।
উত্তৰ— হৰে, থলে, নহয়, নকয়, আৰু হয় ।

১২) কবিতাটিৰ পৰা যুক্তাক্ষৰ থকা পাঁচটা শব্দ বিচাৰি তাত থকা যুক্তাক্ষৰকেইটাৰে একোটাকৈ আন শব্দ লিখা ।
উদাহৰণ — সঞ্চয় ঞ্চ বাঞ্চা

উত্তৰ—

আন্ধাৰন্ধন+ধ
জ্ঞানজ্ঞ জ+ঞ
গঙ্গাঙ্গঙ+গ
শান্তিয়নীন্ত ন+ত
পাত্ৰত্ৰ ত+ৰ

গ- জ্ঞান সম্প্ৰসাৰণ

১৩) মৌ-মাখিৰ দৰে আন বহুতো কীট-পতংগই অলেখ পৰিশ্ৰম কৰি ভৱিষ্যতৰ বাবে খাদ্যবস্তু সংগ্ৰহ কৰে । তুমি জনা তেনে এবিধ কীট-পতঙ্গৰ বিষয়ে পাঁচটা বাক্য লিখা ।
উত্তৰ— আমি সকলোৱে জনা তেনে এবিধ কীট-পতঙ্গ হৈছে পৰুৱা। এন্টাৰ্কটিকা মহাদেশৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতেই পৰুৱা পোৱা যায়। ইহতে মানুহৰ দৰে সমাজ পাতি বাস কৰে। একতাই পৰুৱাৰ মূল শক্তি। পৰুৱাবোৰে শীত সহ্য কৰিব নোৱাৰে। সেইবাবে জহকালিয়েই পৰুৱাই শীতকালৰ বাবে খাদ্য বস্তু সাচিঁ ৰাখে।

১৪) কৃপণে সঞ্চয় কৰা ধন অথলে যায় । কিন্তু সৎ লোকে সঞ্চয় কৰা ধনেৰে সমাজৰ হিত সাধন হয় । এই বিষয়ে দলত আলোচনা কৰা ।
উত্তৰ— কৃপণে সঞ্চয় কৰা ধন আনৰ বা সমাজৰ একো কামত নাহে । কৃপণে আনৰ উপকাৰৰ বাবেতো খৰচ কৰিব নোৱাৰেই আনকি নিজৰ বাবেও এটকাও খৰচ নকৰে । চোৰ-ডকাইতে তেনে লোকৰ ধন সৰকাবলৈ অনবৰতে চেষ্টা চলাই থাকে । আনহাতে, সৎ লোকে নিজৰ লগতে আনৰ উপকাৰৰ কথাও সমানে চিন্তা কৰে। তেনে লোকে সঞ্চয় কৰা ধন সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা দুখীয়া জনলৈ দান হিচাপে আগবঢ়ায় । এতেকে সৎ লোকে সঞ্চয় কৰা ধনেৰে সমাজৰ হিত সাধন হয় ।

১৫) ‘মৌ’ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ চোৱা ।
মৌ-কুঁৱৰী (মৌ-বাহৰ ৰাণী)
মৌ-কোঁহ
মৌ-গুটি
মৌ-চাক
মৌ-চেপা
মৌ-জোল
মৌ-জোলোঙা
মৌ-পিয়া
মৌ-বাহ
মৌ-বিচনী
মৌ-মাখি
মৌ-সিতা ইত্যাদি ।

অভিধান চাই এই শব্দবিলাকৰ অৰ্থ আয়ত্ত কৰা । একেদৰে ‘মুখ’ শব্দটোৰে আৰম্ভ হোৱা শব্দবিলাকৰ অৰ্থ অভিধানত চোৱা আৰু আয়ত্ত কৰা ।

উত্তৰ—

শব্দঅৰ্থ
মৌ-কুঁৱৰীমৌ-বাহৰ ৰাণী
মৌ-কোঁহমৌ-মাখিৰ বাহৰ মোৰ ভঁৰাল
মৌ-গুটিমৌ-মাখি
মৌ-চাকমৌ-বাহ
মৌ-চেপামৌ-বাহ চেপিলে ৰস একেধাৰে ওলাই থকাৰ দৰে ধাৰ নিছিগা
মৌ-জোলমধু, মৌ-মাখিয়ে সঞ্চয় কৰা ৰস
মৌ-জোলোঙামৌ-মাখিয়ে ফুলৰ পৰা ৰস কঢ়িয়াই অনা সিঁহতৰ শৰীৰৰ মোনা
মৌ-পিয়াফুলৰ ৰস খোৱা এবিধ সৰু চৰাই
মৌ-বাহমৌ-মাখিৰ বাহ বা ঘৰ
মৌ-বিচনীমৌ-চাকৰ কাষত ওলমি থকা চেপেটা ঘূৰনীয়া অংশ
মৌ-মাখিফুলৰ ৰস সংগ্ৰহ কৰা পতঙ্গ বিশেষ
মৌ-সিতামৌ-জোল চেপি উলিওৱাৰ পাছত থাকি যোৱা ম’ম জাতীয় পদাৰ্থ

মুখ’ শব্দটোৰে আৰম্ভ হোৱা শব্দ আৰু অৰ্থ

শব্দঅৰ্থ
মুখ-চোকাসংকোচ নকৰাকৈ আনক টান কথা ক’ব পৰা
মুখ-লগাআনৰ বেয়া নজৰ পৰা
মুখ-থেকেচাহামখুৰি খোৱা
মুখপাত্ৰদল-সংস্থা আদিৰ হৈ বক্তব্য ৰখাৰ কতৃত্ব থকা ব্যক্তি
মুখপত্ৰদল-সংস্থা আদিৰ আলোচনী
মুখ বজোৱাকাজিয়া কৰা
মুখৰাখ্সন্মান ৰক্ষা কৰ্

১৬) তলৰ কবিতাটি পঢ়া ।

বৰুৱাৰ ঘৰতে পৰুৱা সোমাই
নিলে ভঁৰালৰ ধান,
বাৰিষা আহিলে আকাশ পৰিব
পৰুৱাই বচাব প্ৰাণ ।
ফৰিঙে সুধিলে- “কষ্ট কৰি দেহা
কিয়নো কৰিছা নষ্ট ?”
পৰুৱা ৰাণীয়ে হাঁহি মাৰি ক’লে-
সময়ত পস্তাবা মস্ত ।”
আহিল বাৰিষা ফেনে-ফোটোকাৰে
পৰুৱা উঠিল গছত,
যত ধান, কণী আৰু পোৱালি
সকলোকে নিলে লগত ।
ফৰিং বপুৰা উটি উটি গৈ
পৰিল পানীৰ পাকত,
ৰাণীৰ আদেশত মাউখে উটি
পৰুৱাই ধৰিলে ঠেঙত ।
সুধিলে ৰাণীয়ে- “ফৰিং বোপাই
বল কিয় নাইকিয়া ?”
হাতযুৰি ক’লে- “ক্ষমা মহাৰাণী,
ভোকতে হলোঁ মই চিয়াঁ ।
এতিয়া বুজিলো সঞ্চয়ৰ বল
আন গর্বতকৈ চৰা,
কৰিম সঞ্চয় ভাল কামলৈ
নিশ্চয় আজিৰ পৰা ।


— ওপৰৰ কবিতাটিৰ কোনকেইটা পংক্তিৰ ভাব “সঞ্চয়’ কবিতাটিৰ শেষৰ পংক্তি দুটাৰ লগত মিলে ভাবি উলিওৱা ।
উত্তৰ— ওপৰৰ কবিতাফাকিৰ “কৰিম সঞ্চয় ভাল কামলৈ/নিশ্চয় আজিৰ পৰা” এই পংক্তি দুটা ‘সঞ্চয়’ কবিতাটিৰ শেষৰ পংক্তি দুটাৰ লগত মিলে ।

— ওপৰৰ কবিতাটিৰ দৰে তোমালোকেও প্ৰচলিত কাহিনী সাধুকথা আদিৰ আলমত সঞ্চয়ৰ সু-অভ্যাসৰ ভিত্তিত কবিতা ৰচনা কৰা আৰু শিক্ষকক দেখুওৱা ।

শনিৰামৰ এজনেই পুতেক
নাম মাঘিৰাম,
কাম-বন নকৰে একো
ঘূৰি-ফুৰাই কাম।
যি মন যায় তাকে কিনে
মাকৰ আলাসৰ লাড়ু

১৭) মানুহে অলপ অলপকৈ সঞ্চয় কৰা ধনেৰে ভৱিষ্যতে কি কি ভাল কাম কৰিব পাৰে লিখা ।
উত্তৰ— আমি সকলোৱে জানো যে টোপ টোপ বৰষুণৰ পানীয়ে নদ-নদী, সাগৰ ওপচাই পেলায়, কণ কণ ফুলৰ ৰসেৰে মৌ-বাহ ভৰি পৰে । ঠিক একেদৰে অলপ অলপকৈ ধন সঞ্চয় কৰি শেষত এক বিশাল ধনৰ অধিকাৰী হ’ব পাৰি । কিন্তু সেই ধনবোৰ কেৱল সাঁচি থলেই নহ’ব । আনৰ বা সমাজৰ বিভিন্ন কামত সেই ধন খৰছ কৰিব লাগিব ।

মাক-দেউতাকে সৰু ল’ৰা-ছোৱালীক কেনেদৰে সঞ্চয় কৰিব লাগে আৰু সেই সঞ্চয়ৰ ধন কেনেদৰে সৎ কামত নিজৰ তথা দহৰ বাবে খৰছ কৰিব পাৰি শিকাব লাগে। সৰু ল’ৰা-ছোৱালীক সঞ্চয়ৰ ধনেৰে কিতাপ কিনি পঢ়াৰ এক সুঅভ্যাস মাক-দেউতাকে গঢ়ি তুলিব পাৰে। প্ৰয়োজন হ’লে বিহু-পূজাত এযোৰ কাপোৰ নিজৰ সাঁচতীয়া ধনেৰে কিনিব পাৰে । বানপানীৰ সময়ত ইচ্ছা কৰিলে সেই ধনেৰে দুৰ্গত আৰ্ত জনক সহায় কৰিব পাৰে । নিজৰ বাবে এখন বাইচাইকেল ক্ৰয় কৰিব পাৰে ।

ঘ- প্ৰকল্প

♦ আমাৰ চোপাশে থকা জীৱ-জ্ন্তু, চৰাই-চিৰিকটি, কীট পতঙ্গবোৰ পৰ্যবেক্ষণ কৰা আৰু সিহঁতে কি কি সঞ্চয় কৰে, এখন তালিকাত লিখা। প্ৰত্যেকৰে তালিকাবোৰ মিলাই এখন ডাঠ কাগজত লিখি উলিওৱা আৰু শ্ৰেণীকোঠাত আঁৰি থোৱা।
উত্তৰ— ছাত্র-ছাত্ৰীয়ে নিজে কৰা ।

♦ “ঔৰে গছতে মৌৱে বাহে ল’লে ককাই পাৰি দিয়া খাওঁ ।।”
অসমৰ থলুৱা গীত-মাতত ‘মৌ’ শব্দটোৰ বহুল ব্যৱহাৰ দেখা যায়। তুমিও তেনেধৰনৰ ‘মৌ’ শব্দটো থকা গীত-মাত সংগ্ৰহ কৰা।

উত্তৰ— ছাত্র-ছাত্ৰীয়ে নিজে কৰা ।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment