Class 6 Assamese Chapter 14 Question Answer | স্কাউট আৰু গাইড

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 14 Question Answer [স্কাউট আৰু গাইড প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

ইয়াৰ আগতে আমি Class 6 Assamese Question Answer ত বহু কেইটা অধ্যায়ৰ আলোচনা কৰিছো, আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে স্কাউট আৰু গাইড প্ৰশ্ন উত্তৰ [Class 6 Assamese Chapter 14 Question Answer] লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

স্কাউট আৰু গাইড প্ৰশ্ন উত্তৰ। Class 6 Assamese Chapter 14 Question Answer 2023

Class 6 Assamese Chapter 14 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু Assamese Grammar সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 14 Question Answer

ক- পাঠভিত্তিক ক্ৰিয়া

১) ‘স্কাউট আৰু গাইড’ পাঠটো দলগতভাৱে মনোযোগেৰে পঢ়া। পাঠটোত দৰ্শনা আৰু দুৰ্লভৰ ভিতৰত কোনে দেউতাকক বেছিকৈ প্ৰশ্ন কৰিছে বিচাৰি উলিওৱা ।
উত্তৰ— দর্শনাই দেউতাকক দুৰ্লভতকৈ বেছিকৈ প্ৰশ্ন কৰিছে ।

২) উত্তৰ কোৱা আৰু লিখা ।

ক) দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল ?
উত্তৰ— দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল ।

খ) চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি কি বিতৰণ কৰিছিল ?
উত্তৰ— চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত চাউল, চিৰা, গুৰ বিতৰণ কৰিছিল ।

গ) চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল কোন ?
উত্তৰ— চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল স্কাউট গাইডৰ সদস্য-সদস্যা ।

ঘ) যুৱক-যুৱতীসকলে কি পোছাক পিন্ধি বান সাহায্যৰ কাম কৰিছিল ?
উত্তৰ— যুৱক-যুৱতীসকলে নীলা পোছাক, মূৰত টুপী আৰু ডিঙিত স্কাৰ্ফ পিন্ধি বান সাহায্যৰ কাম কৰিছিল ।

ঙ) দর্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে ?
উত্তৰ— দর্শনাহঁতৰ দেউতাক এসময়ত স্কাউট আছিল বাবে তেখেতে স্কাউট-গাইডৰ বিষয়ে জানে ।

৩) স্কাউট আৰু গাইড সংগঠনৰ মূল কথাখিনি চমুকৈ লিখা ।
উত্তৰ— স্কাউট আৰু গাইড গোটেই পৃথিৱীজুৰি থকা এটা সংগঠন । একেবাৰে নিম্ন পৰ্যায়ত থকা ল’ৰাৰ গোটটোক ‘কাব’ আৰু ছোৱালীৰ গোটটোক ‘বুলবুল’ বোলে । তেনেদৰে মধ্য পৰ্যায়ৰ ল’ৰাৰ গোটটোক ‘স্কাউট’ আৰু ছোৱালীক ‘গাইড’ বোলে আৰু একেবাৰে উচ্চ পৰ্যায়ৰ ল’ৰাৰ গোটটোক ৰোভাৰ আৰু ছোৱালী সদস্যাক ৰেঞ্জাৰ বোলা হয় । স্কাউট সংগঠনৰ জন্মদাতা বেডেন পাৱেল আৰু তেখেতৰ ভনীয়েক এগনেচ বেডেন পাৱেলে গাইড সংগঠনৰ জন্ম দিয়ে । স্কাউট আৰু গাইডসকলে বহুতো নীতি-নিয়ম আৰু সংকল্পৰ মাজেৰে জীৱন অতিবাহিত কৰে । যেনে- সাধুতা, বন্ধুত্ব, ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য, জীৱ-জন্তুৰ প্ৰতি দয়া, পৰোপকাৰ, সৎ চিন্তা, সৎ কৰ্ম, সৎ চৰিত্ৰৰ অধিকাৰী হোৱা, স্বাৱলম্বী হোৱা, বিপদত পৰাজনক সহায় কৰা, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আদি ।

৪) পাঠটোৰ জটিল শব্দবোৰৰ অৰ্থ জানি লোৱা ।

শব্দঅৰ্থ
থাউনিপানীত তল নোযোৱাকৈ ভৰিৰে পোৱা পানীৰ তলৰ মাটি।
নাজল-নাথল অৱস্থাআলাই আথানি ।
বিপদসংকুলবিপদেৰে ভৰা ।
আনুগত্যবাধ্য হৈ থকা অৱস্থা ।
জনহিতকৰজনসাধাৰনৰ বাবে মংগলজনক ।
স্বাৱলম্বীআপোনাক আপুনি প্ৰতিপাল কৰা ।
হস্ত-শিল্পকুটীৰ-শিল্প ।
হুৱা-দুৱাবিপদ আদিত কৰা চিঞৰ বাখৰ ।
জনপ্ৰিয়জনসাধাৰনে ভাল পোৱা ।
উচ্ছৃংখলনিয়ম নমনা ।
সংকল্পদৃঢ় ইচ্ছা, প্ৰতিজ্ঞা ।

ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্নোত্তৰ

৫) প্ৰথমে অকলে পঢ়া । তাৰ পাছত সৰু সৰু দলত ভাগ হৈ পঢ়া আৰু বাকীবোৰে শুনা ।

উপকাৰ অপকাৰ পৰোপকাৰ নিৰ্বিকাৰ
সৎ চিন্তা সৎ কৰ্ম সৎ চৰিত্ৰ সৎসংগ
সমাজ-সেৱা গুৰু-সেৱা অতিথি-সেৱা দেশ-সেৱা
আত্মকথা আত্মত্যাগ আত্মতুষ্টি আত্মগ্লানি
অপকৰ্ম অপবাদ অপহৰণ অপসংস্কৃতি

খ) ভাষা অধ্যয়ণ: প্ৰশ্নবোৰৰ উত্তৰ

৬) কাষৰ ফুলপাহৰ পৰা শব্দ আনি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা ।

ক) স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ _____ স্বীকাৰ কৰিছিল ।
উত্তৰ— স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ত্যাগ স্বীকাৰ কৰিছিল ।

খ) জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ _____ থকা উচিত ।
উত্তৰ— জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ আনুগত্য থকা উচিত ।

গ) সদায় ভাল সংগৰ লগত _____ কৰিব লাগে ।
উত্তৰ— সদায় ভাল সংগৰ লগত বন্ধুত্ব কৰিব লাগে ।

ঘ) _____ গুনে মানুহক মহান কৰে ।
উত্তৰ— সাধুতা গুনে মানুহক মহান কৰে ।

ঙ) _____ স্কাউট আৰু গাইডৰ মূল কথা ।
উত্তৰ— পৰোপকাৰ স্কাউট আৰু গাইডৰ মূল কথা ।

৭) তলত দিয়া বিশেষ্য পদবোৰৰ পৰা গুণবাচক বিশেষ্যবোৰ বাছি উলিয়াই লিখা ।


উত্তৰ— একতা, পৰোপকাৰ, ত্যাগ, দয়া, আনুগত্য, বন্ধুত্ব ।

৮) বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ন্যায় সৎচৰিত্ৰ সাধু বিস্বাস হিত
উত্তৰ—

শব্দবিপৰীত অৰ্থ
ন্যায়অন্যায়
সৎচৰিত্ৰঅসৎচৰিত্ৰ
সাধুঅসাধু
বিশ্বাসঅবিশ্বাস
হিতঅহিত

গ) জ্ঞান সম্প্ৰসাৰণ: প্ৰশ্ন উত্তৰসমূহ

৯) তলৰ চিঠিখন পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ লিখা ।

শ্ৰীহৰি
গুৱাহাটী
২১-০৫-২০১৩
কল্যানীয়া মাজনী,

মোৰ আশীৰ্বাদ গ্ৰহণ কৰিবা । আশাকৰোঁ মাৰাৰ লগতে মুনু আৰু তুমি কুশলে আছা । ভগৱানৰ কৃপাত ময়ো ভাল আছোঁ। তোমাৰ চিঠিখন পঢ়ি সন্তোষ পালোঁ। তুমি বাক্যবোৰ শুদ্ধকৈ লিখিব পাৰিছা, কেৱল দুই-এঠাইত বানান ভুল কৰিছা । বানান লিখাৰ ক্ষেত্ৰত সদায় সাৱধান হ’বা । সন্দেহ থাকিলে অভিধানৰ সহায় ল’বা ।

চাকৰিৰ সংক্ৰান্তত যদিও মই গুৱাহাটীত আছোঁহি, তথাপি অনবৰতে তোমালোকৰ বাবে চিন্তা লাগি থাকে । অৱশ্যে মাৰাই ঘৰৰ যাৱতীয় কাম-কাজ কৰাৰ উপৰি তোমালোকৰ যত্ন লোৱাৰ ত্ৰুটি কৰা নাই। তেওঁ অকলে মাক-দেউতাক দুয়োৰে দায়িত্ব পালন কৰিছে । তাৰ বাবে তেওঁৰ যথেষ্ট কষ্টও হৈছে । মুনু আৰু তুমি মাৰাক ঘৰুৱা কাম-বনত সহায় কৰি দিবা । তেওঁ নিজৰ স্বাস্থ্যৰ যত্ন লৈছেনে নাই তাৰ প্ৰতিও লক্ষ্য ৰাখিবা । মোৰ বাবে তোমালোকে চিন্তা কৰি নাথাকিবা ।

তোমালোকৰ দ্বিতীয় গোট মূল্যায়ন ওচৰ চাপিছে বুলি তুমি চিঠিত উল্লেখ কৰিছা । তোমালোক দুয়ো ভালদৰে পঢ়া-শুনা কৰিবা । তুমি মুনুৰ বায়েক যেতিয়া মুনুৰ পঢ়া-শুনাতো মাজে মাজে চকু দিবা । গণিতৰ অনুশীলন নিতৌ কৰিবা আৰু মুনুকো কৰিবলৈ দিবা।

মাজনী, তোমালোকৰ বিদ্যালয়ত স্কাউট আৰু গাইডৰ শাখা খুলিছে বুলি জানি আনন্দ পালোঁ । পাৰিলে মুনু আৰু তুমি ক্ৰমে ‘কাব’ আৰু ‘গাইড’ হিচাপে সদস্যভুক্ত হ’বা । আজিলৈ সামৰোঁ। শেষত তোমালোক দুয়ো মোৰ আশীৰ্বাদ আৰু মৰম ল’বা । মাৰাক মোৰ মৰম দিবা ।


ইতি-

ক) চিঠিখন মাজনীলৈ কোনে লিখিছে ?
উত্তৰ— চিঠিখন মাজনীলৈ দেউতাকে লিখিছে ।

খ) মুনু আৰু মাজনীৰ মাজত কি সম্বন্ধ ?
উত্তৰ— মাজনী মুনুৰ বায়েক ।

গ) চিঠিখন পঢ়ি মুনু ল’ৰা নে ছোৱালী চিনাক্ত কৰা ?
উত্তৰ— মুনু ল’ৰা কাৰন চিঠিখনত দেউতাকে মুনুক ‘কাব’ হিচাপে সদস্যভুক্ত হ’বলৈ কৈছে ।

ঘ) চিঠিখনত কোনটো বিষয় সদায় অনুশীলন কৰাৰ কথা কোৱা হৈছে ?
উত্তৰ— চিঠিখনত গণিতৰ অনুশীলন সদায় কৰাৰ কথা কোৱা হৈছে ।

ঙ) বানান লিখোঁতে কিহৰ সহায় ল’ব লাগে ?
উত্তৰ— বানান লিখোঁতে অভিধানৰ সহায় ল’ব লাগে ।

১০) তলত উল্লেখ কৰা গীতসমূহ কেতিয়া আৰু ক’ত গোৱা হয় ?

ক) ‘জন গণ মন অধিনায়ক…………….’
উত্তৰ— ভাৰত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলনৰ সময়ত গোৱা হয় ।

খ) ‘চিৰ চেনেহী মোৰ ভাষা জননী………….’
উত্তৰ— অসম সাহিত্য সভাৰ অধিৱেশনৰ আৰম্ভণী গীত হিচাপে গোৱা হয় ।

গ) ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে………..’
উত্তৰ— অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ সময়ত উত্তোলন-স্থলীত গোৱা হয় ।

ঘ) ‘ভাৰত স্কাউট-গাইড ঝাণ্ডা উচ্চা সদা ৰহেগা………’
উত্তৰ— ভাৰত স্কাউট-গাইডৰ পতাকা উত্তোলনৰ গীত হিচাপে উত্তোলন-স্থলীত গোৱা হয় ।

১১) তোমাৰ পাঠত মৌ-পালন, কৃষি, বয়ন, হস্ত-শিল্প- এইকেইটা বৃত্তিৰ নাম উল্লেখ আছে । ইয়াৰ বাহিৰে আৰু কি কি বৃত্তিৰ নাম জানা লিখা ।
উত্তৰ— গো পালন, ছাগলী পালন, হাঁহ-কুকুৰা পালন, দুগ্ধ উৎপাদন, বাঁহ-বেত শিল্প, কাঁহ-পিতলৰ বাচন-বৰ্তন তৈয়াৰ, মৃৎ শিল্প, ভাস্কৰ্য, মৎস্য পালন আদি ।

১২) তুমি অকলে আৰু দলীয়ভাৱে কৰি ভাল পোৱা কামৰ তালিকা কৰা ।
উত্তৰ— অকলে কৰি ভাল পোৱা কাম – পঢ়া-শুনা, ফুলনি বাগিচা স্থাপন, ছবি অঁকা, কবিতা লিখা, মা-দেউতাক সৰু-সুৰা কামত সহায় কৰা আৰু ডাক টিকত সংগ্ৰহ কৰা।

দলীয়ভাৱে কৰি ভাল পোৱা কাম – খেলা-ধূলা, মাছমৰা, কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ।

১৩) এসপ্তাহৰ বাবে ৰেডিঅ’ বা দূৰদৰ্শনৰ সন্ধিয়াৰ বাতৰি লৈ ঘাই ঘাই বাতৰিখিনি লিখি শিক্ষকক দেখুওৱা ।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

১৪)

‘একতাৰ বৰ বল’ সকলোৱে জানে,
একেলগে থাকিলে কি কৰিব আনে?
লগ হৈ ভেটোঁ আমি বাৰিষাৰ বান,
দা-কোৰ লৈ গাঁও একতাৰ গান ।
বান্ধো আমি ৰাজআলি, পীড়িতৰ ঘৰ,
সকলো আপোন মোৰ, নাই কোনো পৰ ।

ওপৰৰ পদ্যটোৰ দৰে তোমালোকেও নিজে ‘একতা’ক বিষয় হিচাপে লৈ পদ্য এটা লিখা। পদ্যটোৰ নাম দিবা আৰু শিক্ষকক দেখুৱাবা ।

ঘ- প্ৰকল্প

♦ তলত দিয়া যিকোনো এখন স্থানলৈ ক্ষেত্ৰ-ভ্ৰমনৰ বাবে গৈ ক্ষেত্ৰভিত্তিক টোকা এটা প্ৰস্তুত কৰা।
ক) কৃষি পাম
খ) মৎস্য পালন আৰু উৎপাদন কেন্দ্ৰ
গ) জাতীয় পতাকা প্ৰস্তুত কেন্দ্ৰ
ঘ) শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ স্থান
ঙ) সৰ্থেবাৰীৰ কাঁহ শিল্পৰ উদ্যোগ
চ) নলবাৰীৰ বাঁহ-বেতৰ উদ্যোগ
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment