Class 6 Assamese Chapter 13 Question Answer | আবিষ্কাৰৰ কাহিনী

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 13 Question Answer [আবিষ্কাৰৰ কাহিনী প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

ইয়াৰ আগতে আমি Class 6 Assamese Question Answer ত বহু কেইটা অধ্যায়ৰ আলোচনা কৰিছো, আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আবিষ্কাৰৰ কাহিনী প্ৰশ্ন উত্তৰ [Class 6 Assamese Chapter 13 Question Answer] লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

আবিষ্কাৰৰ কাহিনী প্ৰশ্ন উত্তৰ। Class 6 Assamese Chapter 13 Question Answer 2023

Class 6 Assamese Chapter 13 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু Assamese Grammar সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 13 Question Answer

ক- পাঠভিত্তিক ক্ৰিয়া

১) শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই নিজৰ বহীত লিখা ।

পৰিৱহণ, অধ্যৱসায়, অসাধ্য, অহৰহ, প্ৰায়োগিক, নেৰানেপেৰা, যুগান্তকাৰী, কৃতিত্ব, নিয়ন্ত্ৰণ, সুচল, গুৰুত্ব, অতুলনীয়, অদম্য, দৃষ্টিগোচৰ, দঢ়তা, সান্নিধ্য, কৰ্মস্পৃহা, উপলব্ধি, প্ৰশিক্ষণ, গৱেষণা, ঘাত-প্ৰতিঘাত

উত্তৰ—

শব্দঅৰ্থ 
পৰিৱহণবস্তু, মানুহ বা আন জীৱ-জন্তু স্থানান্তৰিত কৰাৰ যান্ত্ৰিক উপায়
অধ্যৱসায়কঠোৰ পৰিশ্ৰম, নেৰানেপেৰা চেষ্টা
অসাধ্যসঁচা হোৱা বা ঘটিবৰ সম্ভাৱনা নথকা, অসম্ভৱ
অহৰহএকেৰাহে, নিৰন্তৰে
প্ৰায়োগিকব্যৱহাৰিক
নেৰানেপেৰাএকেৰাহে, বিৰামহীন
যুগান্তকাৰীইতিহাস অথবা জ্ঞানৰ দিশত নতুন যুগৰ সূচনা কৰিব পৰা
কৃতিত্বসফলতা
নিয়ন্ত্ৰণকোনো কাম আয়ত্বৰ ভিতৰত ৰাখি কৰা পৰিচালনা
সুচলবাধা-বিঘিনি নোহোৱাকৈ সহজে যাব বা কৰিব পৰা
গুৰুত্বঅসামান্য বা হোৱা গুণ, মূল্য
অতুলনীয়এনে ভাল যে কাৰো সৈতে ৰিজাব নোৱাৰি, তুলনাবিহীন
অদম্যযাক দমন বা শাসন কৰিব নোৱাৰি
দৃষ্টিগোচৰচকুত পৰা
দৃঢ়তাঅবিচলিত নোহোৱা
সান্নিধ্যলগ-ভাগ, সংগ
কৰ্মস্পৃহাকাম কৰাৰ প্ৰবল ইচ্ছা
উপলব্ধিইন্দ্ৰিয় বা আত্মাৰ দ্বাৰা কোনো বিষয়ে সজাগ হোৱা
প্ৰশিক্ষণকাৰিকৰী, ক্ৰীড়া বা আন বিষয়ৰ বিশেষ শিক্ষা
গৱেষণাকোনো বিষয় প্ৰমাণ কৰা বা উদ্ভাৱন কৰাৰ বাবে কৰা পৰীক্ষা
ঘাত-প্ৰতিঘাতকষ্ট, বাধা-বিঘিনি

২) উত্তৰ লিখা ।

(ক) গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম লিখা ।
উত্তৰ— গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম ভেকুৱাম ব্ৰে’ক ।

(খ) গুৰুপ্ৰসাদ দাসে কলকাতাত কাৰ মটৰ গেৰেজত কাম কৰিছিল ?
উত্তৰ— গুৰুপ্ৰসাদ দাসে কলকাতাত ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল।

(গ) গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি কাৰ চকুত পৰিছিল ?
উত্তৰ— গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি এজন ব্ৰিটিছ চাহাবৰ চকুত পৰিছিল ।

(ঘ) ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানীত নিযুক্তি দিছিল ?
উত্তৰ— ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক ‘ৱাৰ্ণ এণ্ড কোম্পানী’ত কোম্পানীত নিযুক্তি দিছিল ।

(ঙ) গুৰুপ্ৰসাদ দাসে লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল ?
উত্তৰ— গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ইনষ্টিটিউট্ অব্ মেকানিকেল ইঞ্জিনিয়াৰিঙত প্ৰশিক্ষণ লৈছিল ।

(চ) লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল ?
উত্তৰ— লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে অসম প্রশাসনৰ পৰা বৃত্তি লাভ কৰিছিল ।

(ছ) আই আৰ এছৰ পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয়জন কোন ?
উত্তৰ— আই আৰ এছৰ পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয়জন হৈছে গুৰুপ্ৰসাদ দাস।

(জ) গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানীয়ে কি বুলি নামকৰণ কৰিছিল ?
উত্তৰ— গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানীয়ে জি পি ব্ৰে’ক বুলি নামকৰণ কৰিছিল ।

৩) চমুকৈ লিখা ।

ক) গুৰুপ্ৰসাদ দাস লণ্ডনলৈ কিয় গৈছিল ?
উত্তৰ— কলকাতাৰ ‘ৱাৰ্ণ এণ্ড কোম্পানী’ত চাকৰি কৰি থাকোঁতে গুৰুপ্ৰসাদ দাস লণ্ডনৰ ৰে’লৰ কাৰিকৰী প্ৰতিষ্ঠান ‘ইনষ্টিটিউট্ অব্ মেকানিকেল ইঞ্জিনিয়াৰিঙ’ত উচ্চস্তৰীয় প্ৰশিক্ষণ পাবলৈ নিৰ্বাচিত হয় । সেই সূত্ৰে তেখেত লণ্ডনলৈ গৈছিল ।

খ) তেখেতক অসমৰ সু-সন্তান বুলি কিয় কোৱা হৈছে ? গুৰুপ্ৰসাদ দাস কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল ?
উত্তৰ— ৰে’ল সেৱা অধিক সুচল আৰু নিৰাপদ কৰিবলৈ নেৰানেপেৰা আৰু কষ্টসাধ্য গৱেষণাৰে ‘ভেকুৱাম ব্ৰে’ক’ উদ্ভাৱন কৰি গুৰুপ্ৰসাদ দাসে বিশ্ব দৰবাৰত অসমৰ নাম উজলাই তুলিছিল । নেৰানেপেৰা চেষ্টা আৰু একাগ্ৰতাৰে কাম কৰি ভাৰতৰ প্ৰথমগৰাকী আই.আৰ.এছ বিষয়া হিচাপে নিযুক্তি লাভ কৰা গুৰুপ্ৰসাদ দাস নিঃসন্দেহে অসমৰ এগৰাকী সুসন্তান।

গুৰুপ্ৰসাদ দাস সৰুৰে পৰা অতুলনীয় মানসিক দৃঢ়তাৰ অধিকাৰী আছিল। ইয়াৰ বাহিৰেও তেখেত আছিল একান্ত অধ্যৱসায়ী, পৰিশ্ৰমী, কৰ্মনিষ্ঠাবান আৰু প্ৰচণ্ড ধৈৰ্যশক্তি থকা এজন ব্যক্তি ।

৪) ভাব বহলাই লিখা ।

ক) অভাৱেই আৱিষ্কাৰৰ মূল ।
উত্তৰ— কেতিয়াও কোনাে দিন অভাৱত নপৰা লােকে কোনাে নতুন কথা বা বিষয় চিন্তা কৰিব নোৱাৰে । কিন্তু মানুহে যেতিয়া কোনো বিষয়ত অভাৱ অনুভৱ কৰে, তেতিয়া সেই অভাৱ দূৰীকৰণৰ বাবে উপায় বিচাৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াই মানুহৰ মনত কিছুমান নতুন উপায়, নতুন বুদ্ধিয়ে দোলা দিয়েহি । এনেকৈয়ে পৃথিৱীত ন ন বস্তুৰ আৱিস্কাৰ বা উদ্ভাৱন হয় । সাধাৰনতে বিজ্ঞানৰ লগত জড়িত ব্যক্তি বা বিজ্ঞানী সকলে বস্তু আৱিস্কাৰ বা উদ্ভাৱনৰ ক্ষেত্ৰত আগভাগ লয় ।এইসকল ব্যক্তিয়ে এটা বস্তু উদ্ভাৱনৰ পাছতো বস্তুটো কেনেকৈ উন্নত কৰিব পাৰি তাৰে চেষ্টাত ব্ৰতী থাকে । তেতিয়াই পুনৰ ন ন আৱিস্কাৰ বা উদ্ভাৱন সংযোজিত হয়। এনদৰে অভাৱেই আৱিস্কাৰৰ মূল কাৰন ।

খ) একান্ত অধ্যৱসায় আৰু পৰিশ্ৰমেই উন্নতিৰ মূলমন্ত্ৰ ।
উত্তৰ— অধ্যৱসায় অৰ্থাৎ নেৰানেপেৰা চেষ্টা আৰু পৰিশ্ৰম নকৰাকৈ কোনেও নিজৰ আৰু সমাজৰ উন্নতি সাধন কৰিব নোৱাৰে । অসমীয়াত এষাৰ কথা আছে যে লাগি থাকিলে মাগি খাব নালাগে । অৰ্থাৎ চেষ্টা কৰি থাকিলে মানুহৰ উন্নতি হ’বই হ’ব। সফল ব্যক্তিসকলৰ জীৱনী পঢ়িলেই এই কথাৰ সত্যতা অনুভৱ কৰিব পাৰি । ৰবাৰ্ট ব্ৰুছ পলাই থকা অৱস্থাত এটা মকৰাই বাৰম্বাৰ চেষ্টা কৰি জাল বনোৱা দেখা পাই তেখেতেও নিজৰ মনোভাৱ সলনি কৰি নিৰন্তৰ চেষ্টা আৰু অশেষ পৰিশ্ৰমেৰে হেৰোৱা সাম্ৰাজ্য ঘূৰাই আনিব পাৰিছিল । অসমৰ সুসন্তান গুৰুপ্ৰসাদ দাসেও ছাত্ৰ অৱস্থাত মেকানিকৰ যোগালি হিচাপে কাম কৰি নিজৰ অধ্যৱসায় আৰু নিৰন্তৰ চেষ্টাৰ ফলত ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰি ৰেল যাতায়াতৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিছিল ।

খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

৫) এটা শব্দত প্ৰকাশ কৰা ।

ক) যিজনে কোনো বস্তু বা তথ্য আৱিষ্কাৰ কৰে ।
উত্তৰ— আৱিষ্কাৰক ।

খ) গোটেই জীৱন জুৰি ।
উত্তৰ— আজীৱন ।

গ) যিয়ে গুণীৰ গুণ বুজিব পাৰে ।
উত্তৰ— গুণগ্ৰাহী ।

ঘ) পুৱাই স্মৰণ কৰাৰ যোগ্য ।
উত্তৰ— প্ৰাতঃস্মৰণীয় ।

৬) তলৰ শব্দবোৰৰ পৰা শুদ্ধ বানান বোৰ বাছি উলিয়াই লিখা ।

আকৰ্ষন, বৰ্জণ,প্ৰতিষ্ঠিত,অনুষ্ঠান,পৰিৱহণ
আদৰণি,গ্ৰহন,পুৰস্কাৰ,পূৰন,আবিস্কাৰ
কলিতাণী,কমাৰণী,অধিস্থান,পৰিহাষ,গৱেষণা
উত্তীৰ্ণ,অৰ্জন,প্ৰশিক্ষণ

উত্তৰ— প্ৰতিষ্ঠিত, অনুষ্ঠান, পৰিৱহন, আদৰণি, পুৰস্কাৰ, অধিস্থান, গৱেষণা, উত্তীৰ্ণ, অর্জন, প্ৰশিক্ষণ ।

গ- জ্ঞান সম্প্ৰসাৰণ

মেডাম কুৰী:- ফৰাচী বিজ্ঞানী মেডাম কুৰীৰ আচল নাম মাৰিয়া ছক্লোডউস্কা। পোলেণ্ডৰ ৰাজধানী ৱাৰ্ছোত ১৮৬৭ চনত তেখেতৰ জন্ম হৈছিল। অভাৱ-অনাটন আৰু নানান দুৰ্যোগৰ মাজেৰে সোনৰ পদকেৰে বিভূষিত হৈ ১৮৮২ চনত মেডাম কুৰী (মাৰিয়া) বিদ্যালয়ৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হয়। স্বামী পিয়েৰে কুৰীৰ সৈতে ৰেডিয়াম আৱিস্কাৰ কৰাৰ কাৰণে তেখেতে যুটীয়াভাৱে ন’বেল পুৰস্কাৰ লাভ কৰে। ১৯১১ চনত ৰসায়ন বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে পুনৰায় ন’বেল বঁটা লাভ কৰে। দুবাৰকৈ ন’বেল বঁটা পোৱা তেখেতেই একমাত্ৰ মহিলা বিজ্ঞানী।

মেদাম কুৰীয়ে আৱিস্কাৰ কৰা ৰেডিয়াম চিকিৎসা বিজ্ঞানৰ বাবে এক গুৰুত্বপূৰ্ণ আৱিস্কাৰ । ছালৰ ৰোগ নিৰাময়ৰ বাবে ৰেডিয়ামৰ বিকিৰণ ক্ষমতাক ব্যৱহাৰ কৰিব পাৰি।

৭) বৰ্ণজালখনৰ পৰা বৰ্ণ আনি বিজ্ঞানীৰ নাম লিখা ।


উত্তৰ— আইনষ্টাইন, গেলেলিও, ৰামানুজন, নিউটন, গুৰুপ্ৰসাদ

৮) দফাটো পঢ়া আৰু কাষৰ বাকচৰ পৰা নাম এটা লৈ দফাটোৰ নামকৰণ কৰা । লগতে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া ।

“স্কটলেণ্ডৰ জেমছ ৱাটে ১৭৬৯ চনত উন্নত মানৰ ভাপ ইঞ্জিন আৱিষ্কাৰ কৰি স্থল পৰিবহণৰ ক্ষেত্রত আমূল পৰিৱৰ্তন সাধন কৰে । আকৌ ১৮০৩ চনত ইংলেণ্ডৰ অভিযন্তা ৰিছাৰ্ড ট্রেভিথিকে আগতকৈ উন্নত মানৰ ভাপ ইঞ্জিন তৈয়াৰ কৰি উলিয়ায় । পৰৱৰ্তী স্তৰত কয়লাৰ খনিত কাম কৰা জৰ্জ ষ্টিফেনছনে উন্নত এটি ইঞ্জিন তৈয়াৰ কৰি যাত্ৰীবাহী ৰে’ল-গাড়ীৰ চলাচলত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় । তাৰ পাছত ৰে’ল-গাড়ীৰ চলাচল সুচল আৰু নিৰাপদ কৰিবলৈ গুৰুপ্ৰসাদ দাসে ‘ভেকুৱাম ব্রে’ক’ উদ্ভাৱন কৰে।” ৰে’লৰ ক্ৰমবিকাশ জেমছ ৱাট ৰে’ল জৰ্জ ষ্টিফেনচন আৱিস্কাৰ ৰে’লৰ কথা

উত্তৰ— দফাটোৰ নাম ‘ৰে’লৰ ক্ৰমবিকাশ’ ।

(ক) জেমছ্ ৱাটে কি আৱিষ্কাৰ কৰে ?
উত্তৰ— জেমছ্ ৱাটে উন্নত মানৰ ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল ।

(খ) ৰিছাৰ্ড ট্রেভিথিকে কোন চনত আগতকৈ উন্নতমানৰ ইঞ্জিন তৈয়াৰ কৰে ?
উত্তৰ— ৰিছাৰ্ড ট্রেভিথিকে ১৮০৩ চনত চনত আগতকৈ উন্নতমানৰ ইঞ্জিন তৈয়াৰ কৰে ।

৯) অধ্যৱসায়ৰ জৰিয়তে বিজ্ঞানী গুৰুপ্ৰসাদ দাসে জীৱনত কেনেকৈ সফলতা লাভ কৰিলে, দলত আলোচনা কৰা আৰু বহলাই লিখা ।
উত্তৰ— অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই গুৰুপ্ৰসাদ দাসে কলকাতাৰ ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত মেকানিকৰ যোগালি হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল । তাতেই পঢ়া-শুনা কৰি তেখেতে প্ৰৱেশিকা পৰীক্ষাতো উত্তীৰ্ণ হয় । তেখেতৰ অধ্যৱসায় আছিল অতুলনীয় । যি মূলা বাঢ়ে তাৰ দুপাততে চিন- এই কথাষাৰ তেখেতৰ ক্ষেত্ৰত অতিশয় প্ৰয়োজ্য । গেৰেজত কাম কৰি থাকোতেই তেখেতৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্য এগৰাকী ব্ৰিটিছ চাহাবৰ চকুত পৰে আৰু তেখেতক ‘ৱাৰ্ণ এণ্ড কোম্পানী’ত নিযুক্তি দিয়ে । তাৰ পাছত গুৰুপ্ৰসাদ দাসে কেতিয়াও পাছলৈ ঘূৰি চাব লগা হোৱা নাই । তেখেতে ১৯২৫ চনৰ শেষৰ ফালে লণ্ডনৰ ৰে’লৰ কাৰিকৰী প্ৰতিষ্ঠান ‘ইনষ্টিটিউট অব্ মেকানিকেল ইঞ্জিনিয়াৰিঙ’ত উচ্চস্তৰীয় প্ৰশিক্ষণ লাভৰ বাবে নিৰ্বাচিত হয় । তেখেতৰ অতুলনীয় অধ্যৱসায়ৰ ফলশ্ৰুতিত ১৯২৬ চনৰ পৰা ১৯৩০ চনলৈ কৰা অবিৰত গৱেষণাৰ সাধন কৰি ভেকুৱাম ব্রে’ক উদ্ভাৱন কৰে । সফলতাৰ পুৰস্কাৰ স্বৰূপে তেখেতে ভাৰতীয় ৰে’ল সেৱাৰ প্ৰথমজন ভাৰতীয় বিষয়া আৰু কৰ্নেলৰ পদ মৰ্যাদা লাভ কৰে ।

১০) আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মাজত পাৰ্থক্য কি ? শিক্ষকৰ সহায়ত জানি লোৱা আৰু নিজৰ বহীত লিখা ।
উত্তৰ— বিশ্ববিশ্বব্ৰহ্মাণ্ডত পূৰ্বৰে পৰা থকা, কিন্তু কোনেও নজনা কথা, তথ্য বা বস্তু আদিৰ ৰহস্য ভেদ কৰা কাৰ্যকে আৱিষ্কাৰ বোলে; যেনে-কলম্বাছৰ আমেৰিকা আৱিষ্কাৰ, পানী অম্লজান আৰু জলজানৰ যৌগ বুলি আৱিষ্কাৰ ইত্যাদি ।

আনহাতে উদ্ভাৱন হৈছে পূৰ্বতে নথকা কোনো বস্তু, সূত্ৰ, তথ্য, আহিলা আদিৰ মৌলিক সৃষ্টিকে উদ্ভাৱন বোলা হয় । যেনে- টমাছ আলভা এডিচনে কৰা বিজুলী বাতিৰ আৱিস্কাৰ ।

১১) তলৰ চতুৰ্ভুজটোত উদ্ভাৱক আৰু উদ্ভাৱন কৰা বস্তুৰ নাম দিয়া আছে । কোনে কি উদ্ভাৱন কৰিছিল মিলাই লিখা ।

উত্তৰ—
১) টমাছ আলফা এডিচন— বিজুলী বাতি ।
২) গুৰুপ্ৰসাদ দাস — ভেকুৱাম ব্রে’ক ।
৩) জন লেগি বেয়াৰ্ড— দূৰদৰ্শন ।
৪) জেমছ ৱাট— ভাপ ইঞ্জিন ।

১২) ‘বিজ্ঞানী আৰু আৱিষ্কাৰ’ বিষয়ক এটি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা । প্ৰয়োজন হ’লে শিক্ষকৰ সহায় ল’বা ।
উত্তৰ— শিক্ষকৰ সহায় নিজে কৰা ।

ভাৰতৰ ক’ত আছে জানো আহা

ক) ৰে’লৰ ইঞ্জিন নিৰ্মাণ কৰা কাৰখানা

  • পশ্চিমবংগৰ চিত্তৰঞ্জন
  • ঝাৰখণ্ডৰ জামছেদপুৰ

খ) ৰে’লৰ দবা নিৰ্মাণ কৰা কাৰখানা

  • তামিলনাডুৰ পেৰাম্বুৰ
  • কৰ্ণাটকৰ বাংগালুৰু

গ) জাহাজ নিৰ্মাণ কৰা কাৰখানা

  • অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম
  • কেৰেলাৰ কোচিন

ঘ) উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা

  • কৰ্ণাটকৰ বাংগালুৰু

১৩) দলত ভাগ হৈ লোৱা । প্ৰতিটো দলে ৰে’ল গাড়ীৰ লগত সম্বন্ধ থকা শব্দৰে খালী ঘৰবোৰ সম্পূৰ্ণ কৰা আৰু আন দলৰ শব্দ কাৰ্ডৰ লগত তুলনা কৰা ।

ঘ- প্ৰকল্প

♦ দলত ভাগ হোৱা আৰু অসমৰ দুগৰাকী বিজ্ঞানীৰ তথ্য সংগ্ৰহ কৰি তলত উল্লেখ কৰা তালিকাত নথিভুক্ত কৰা ।
বিজ্ঞানীৰ নাম আৰু জন্মস্থান আৱিস্কাৰসমূহৰ নাম কেনেকৈ জীৱনত সফলতা লাভ কৰিছে
১)
২)
৩)
৪)
৫)
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment