Class 12 Logic Chapter 1 Question Answer

আপুনি বাৰু Class 12 Logic Chapter 1 Question Answer তথা দ্বাদশ শ্ৰেণীৰ তৰ্ক বিজ্ঞানৰ প্ৰথম অধ্যায় “আগমন আৰু ইয়াৰ প্ৰকাৰ” সকলো প্ৰশ্ন উত্তৰ বিচাৰি ইয়ালৈ আহিছে নেকি? তেন্তে চিন্তাৰ কোনো কৰোঁ নাই, আমি Assamese Medium ৱেবচাইটে আপোনালোকৰ বাবে আজি Class 12 Logic Chapter 1 Question Answer লৈ আহিছোঁ।

Watch FREE Video Classes

Class 12 Logic Chapter 1 Question Answer for HS Final Exam

আজিৰ আলোচনাত Class 12 Logic Chapter 1 Question Answer ৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, দীঘল প্ৰশ্ন উত্তৰ লগতে আনুসঙ্গিক যিমান প্ৰশ্ন আছে তাৰ সম্পুৰ্ণ উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে।

Class 12 Logic Chapter 1 Question Answer

অতি চমু উত্তৰৰ প্ৰশ্ন উত্তৰ

১। ‘নিগমনত আধাৰ বচন হিচাপে ব্যৱহূত সাৰ্বিক বচন আগমনে যোগান ধৰে’। -এইটো সত্যনে?
উত্তৰঃ সত্য।

২। ‘আগমনত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে সিদ্ধান্ত নিঃসৃত হয়’। -কথাষাৰ সত্যনে?
উত্তৰঃ অসত্য।

৩। ‘আগমন অনুমানৰ আশ্ৰয় বাক্যই সিদ্ধান্তৰ সত্যতাৰ নিশ্চয়তা সাব্যস্ত কৰে’। এইটো সত্য নে?
উত্তৰঃ অসত্য।

৪। অবৈজ্ঞানিক আগমনৰ মূল আধাৰ কি?
উত্তৰঃ অবাধিত অভিজ্ঞতা।

৫। ‘সকলোবেৰ আগমনেই সাদৃশ্যমূলক’। এই উক্তিটোৰ সৈতে জড়িত তৰ্কবিদগৰাকীৰ নাম কি?
উত্তৰঃ জে. এচ. মিল।

চমু/দীঘল প্ৰশ্ন উত্তৰ

১। আগমন কাক বোলে? ইয়াৰ লক্ষণ বা বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ যি অনুমান পদ্ধতিৰ সহায়ত বিশেষ-বিশেষ বস্তু সম্বন্ধৰ অভিজ্ঞতাৰ পৰা সেইজাতীয় সকলো বস্তু সম্পৰ্কে কোনো সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাকেই আগমন অনুমান বোলে।
যেনে- ৰাম হয় মৰণশীল।
যদু হয় মৰণশীল।
হৰি হয় মমৰণশীল।
এতেকে সকলো মানুহ হয় মৰণশীল।

আগমন অনুমানৰ বৈশিষ্ট্যকেইটা হ’ল—
ক) সম্বান্ধিত কাৰণ প্ৰক্ৰিয়া আগমনৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। আগমনত বিশেষ-বিশেষ বস্তু সম্বন্ধৰ জ্ঞানৰ জৰিয়তে সাৰ্বিক সাৰ্বিক সত্য প্ৰতিষ্ঠা কৰা হয়।
খ) আগমনাত্মক জাঁপ বা সংকট আগমনৰ আন এক প্ৰধান বৈশিষ্ট্য। আগমনত সদায় বিশেষৰ পৰা সামান্যলৈ জাঁপ মৰা বা গতি কৰা হয়।
গ) আগমনৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক। কাৰণ ইয়াৰ সিদ্ধান্ত সদায় অনুমানমূলক।
ঘ) আগমনত প্ৰকৃতিৰ একৰূপতা নীতি, কাৰ্যকাৰণ সম্বন্ধ, পৰীক্ষণ, নীৰিক্ষণ ইত্যাদি প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল।
ঙ) আগমনৰ সিদ্ধান্ত সদায় সামান্য বচন হব লাগে। এই সামান্য বচনেই নিগমন অনুমানৰ প্ৰধান আশ্ৰয়বাক্য। সেইবাবে আগমন অনুমানক নিগমন অনুমানৰ ভিটিস্বৰূপ বুলিওঁ কোৱা হয়।

২। বৈজ্ঞানিক আগমন কাক বোলে? ইয়াৰ লক্ষণ বা বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা।
উত্তৰঃ বৈজ্ঞানিক আগমন প্ৰকৃত আগমনৰ এটা উল্লেখযোগ্য প্ৰকাৰ। যি আগমনত কেতবোৰ বিশেষ-বিশেষ দৃষ্টান্ত পৰ্যবেক্ষন কৰি কাৰ্যকাৰণ বিধি আৰু প্ৰকৃতিৰ একৰূপতা নীতিৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাকে বৈজ্ঞানিক আগমন বোলে। যেনে—
ৰাম হয় মৰণশীল।
যদু হয় মৰণশীল।
হৰি হয় মমৰণশীল।
এতেকে সকলো মানুহ হয় মৰণশীল।

বৈজ্ঞানিক আগমনৰ সংজ্ঞাটো বিশ্লেষণ কৰিলে তলত উল্লেখিত বৈশিষ্ট্যবোৰ পোৱা যায়—
ক) বৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠ কৰে। এই আগমনে এটা বচনহে প্ৰতিষ্ঠা কৰে আৰু সেই বচনটো সামান্য বচন হ’ব লাগে।
খ) বৈজ্ঞানিক আগমনে বিশেষ-বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল। এই আগমনত তথ্য হিচাপে ব্যৱহাৰ কৰা দৃষ্টান্তবোৰ বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয়। সেইবাবে বৈজ্ঞানিক আগমন প্ৰত্যক্ষ সাপেক্ষ, প্ৰত্যক্ষ সিদ্ধ নহয়।
গ) বৈজ্ঞানিক আগমন অনুমিত স্বভাৱৰ। কাৰণ বৈজ্ঞানিক আগমনৰ বাবে প্ৰয়োজনয়ীয় দৃষ্টান্তবোৰ অনুমানৰ দ্বাৰা সংগ্ৰহ কৰা হয়। বিশেষ-বিশেষ দৃষ্টান্তবোৰ পৰ্যবেক্ষণ কৰা হয়, কিন্তু সামান্য সত্যৰ জ্ঞান আমাক পৰ্যবেক্ষণে দিব নোৱাৰে। গতিকে সামান্য সত্যৰ জ্ঞান অনুমানমূলক।
ঘ) বৈজ্ঞানিক আগমন এক প্ৰকৃত আগমন। কাৰণ ইয়াত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ আছে।
ঙ) বৈজ্ঞানিক আগমন প্ৰকৃতিৰ একৰূপতা নীতি আৰু কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত নিৰ্ভৰশীল। বৈজ্ঞানিক আগমনৰ বাবে সংগৃহীত দৃষ্টান্তবোৰক প্ৰকৃতিৰ একৰূপতা নীতিৰ দ্বাৰা সেইজাতীয় সকলো দৃষ্টান্তলৈ সম্প্ৰসাৰণ কৰি কাৰ্যকাৰণ বিধিৰ জৰিয়তে সাৰ্বিক সম্বন্ধত উপনীত হোৱা যায়। সেইবাবে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ।

৩। অবৈজ্ঞানিক আগমন কাক বোলে? ইয়াৰ লক্ষণ বা বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা।
উত্তৰঃ যি আগমনত কোনো বস্তু বা ঘটনাৰ কেতবোৰ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাকে অবৈজ্ঞানিক আগমন বোলে। উদাহৰণস্বৰূপে- আজিলৈকে আমি দেখা সকলোবোৰ কাউৰী কলা বৰণৰ। গতিকে সিদ্ধান্ত কৰা হ’ল যে সকলো কাউৰীয়েই হ’ল কলা।
বৈজ্ঞানিক আগমনৰ সংজ্ঞাটো বিশ্লেষণ কৰিলে তলত উল্লেখিত বৈশিষ্ট্যবোৰ পোৱা যায়—
ক) অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্য সামান্য বচন প্ৰতিষ্ঠা কৰে। ই শাব্দিক বা বিশ্লেষক বচন প্ৰতিষ্ঠা নকৰে।
খ) অবৈজ্ঞানিক আগমন বিশেষ-বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষনৰ ওপৰত নিৰ্ভৰশীল। এনে আগমনৰ বাবে প্ৰয়োজনীয় দৃষ্টান্তবোৰ পৰ্যবেক্ষনৰ জৰিয়তে বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয়।
গ) অবৈজ্ঞানিক আগমন প্ৰত্যক্ষ সাপেক্ষ। কৰাণ ইয়াৰ দৃষ্টান্তবোৰ সংগ্ৰহৰ বাবে প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
ঘ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল হলেও ই অনুমিত স্বভাৱৰ। কাৰণ ইয়াৰ সিদ্ধান্তটো অনুমানৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হয়।
ঙ) অবাধিত অভিজ্ঞতাই অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি।
চ) অবৈজ্ঞানিক আগমন প্ৰকৃতিৰ একৰূপতা নীতিৰ ওপৰত নিৰ্ভৰশীল, কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত নহয়।
ছ) অবৈজ্ঞানিক আগমন এক প্ৰকৃত আগমন। কাৰণ ইয়াত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ আছে।
জ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক। কাৰণ অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিয়েই কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ইয়াৰ সিদ্ধান্তটো প্ৰতিষ্ঠা কৰা হয়।

৪। আগমনাত্মক জাঁপ (চমুটোকা)
উত্তৰঃ প্ৰকৃত আগমনত আমাৰ জ্ঞান প্ৰক্ৰিয়া বিশেষৰ পৰা সামান্যলৈ, জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ প্ৰসাৰিত হয়। বিশেষৰ পৰা সামান্যলৈ, ‘কিছুমানৰ’ পৰা ‘সকলো’লৈ যোৱা যুক্তিৰ এনে ঊৰ্ধমূখী গতিকেই আগমনাত্ম জাঁপ বোলে।

মিল আৰু বেইনৰ মতে এই আগমনাত্মক জাঁপ বা আগমনৰ সংকটেই আগমনৰ মূল লক্ষণ। এই লক্ষণ নাথাকিলে কোনো আগমন প্ৰক্ৰিয়াই প্ৰকৃত আগমন হব নোৱাৰে। কিন্তু বিশেষৰ পৰা সামান্যলৈ, দেখা ঘটনাৰ পৰা নেদেখা ঘটনালৈ যোৱাৰ এই পথ সকলো সময়তে নিৰাপদ নহয়, ইয়াত বিপদো আছে। কাৰণ আগমনাত্মক এনে জাঁপৰ ক্ষেত্ৰত সকলো সময়তেই এক অনিশ্চয়তাৰ সম্ভৱনা থাকে। সেইবাবে আগমনাত্মক এই জাঁপক আগমনৰ সংকট বুলিওঁ কোৱা হয়।

৫। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—
ক) বৈজ্ঞানিক আগমনত বিশেষ-বিশেষ দৃষ্টান্তবোৰ নিৰীক্ষণ আৰু পৰীক্ষণ -এই উভয় প্ৰক্ৰিয়াৰে সংগ্ৰহ কৰা হয়।
আনহাতে, অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাহে দৃষ্টান্তবোৰ সংগ্ৰহ কৰা হয়।
খ) বৈজ্ঞানিক আগমনত আকাৰগত ভিত্তি হিচাপে প্ৰকৃতিৰ একৰূপতা আৰু কাৰ্যকাৰণ বিধিৰ ওপৰতে নিৰ্ভৰ কৰি যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়।
আনহাতে, অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰা হয়, কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয়ৰ কোনো চেষ্টা কৰা নহয়।
গ) বৈজ্ঞানিক আগমন এটা জটিল প্ৰক্ৰিয়া। কাৰণ বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত।
আনহাতে, অবৈজ্ঞানিক আগমন প্ৰক্ৰিয়া বৈজ্ঞানিক আগমনৰ তুলনাত সৰল। কাৰণ ইয়াত কেৱল দৃষ্টান্তসমূহৰ অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সামান্যীকৰণ কৰা হয়।
ঘ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় নিশ্চিত স্বভাৱৰ।
আনহাতে, অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক।

৬। অবৈজ্ঞানিক আগমনে কেনেকৈ বৈজ্ঞানিক আগমনৰ বাট মুকলি কৰে? অথবা বৈজ্ঞানিক অনুসন্ধানৰ ক্ষেত্ৰত অবৈজ্ঞানিক আগমনৰ মূল্য কি? চমুকৈ লিখা।
উত্তৰঃ অবৈজ্ঞানিক আগমনত অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত হিচাপে সামান্য বচনটো প্ৰতিষ্ঠা কৰা হয়। সেইবাবে বিভিন্ন তৰ্কবিদসকলে এই অবৈজ্ঞানিক আগমনৰ মূল্যাংকনৰ ক্ষেত্ৰত বিৰোপ মত পোষণ কৰা দেখা যায়।

দাৰ্শনিক বেকনৰ মতে অবৈজ্ঞানিক আগমন এক মূল্যহীন প্ৰক্ৰিয়া। কাৰণ অবাধিত অভিজ্ঞতাই এই প্ৰকাৰ অনুমানৰ মূল ভিত্তি হোৱা বাবে মাত্ৰ এটা বিৰোধী দৃষ্টান্তই সিদ্ধান্তৰ সাৰ্বিকতা নিষ্ফল কৰিব পাৰে। কিন্তু বেকনৰ এনে মন্তব্য গ্ৰহণযোগ্য নহয়। কাৰণ সকলো যুগৰ সকলো মানুহৰ অভিজ্ঞতাক অস্বীকাৰ কৰিব নোৱাৰি। আজিলৈকে কোনো মানুহে কলা বৰণৰ বাহিৰে আন বৰণৰ কাউৰী দেখা নাই। গতিকে সকলো কাউৰীয়েই কলা -এনে সিদ্ধান্ত প্ৰায় নিশ্চিত স্বভাৱৰ।

অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত মূল্যহীন নহয়। দুটা ঘটনা কোনো এক বিশেষ ৰূপত সদায় সম্বন্ধযুক্ত দেখিলে সেই ঘটনা দুটাৰ মাজত কাৰ্যকাৰণ সম্বন্ধ থাকিব পাৰে বুলি মনত ধাৰণা জন্মে। এনে ধাৰণাৰ বশৱৰ্তী হৈ অনুসন্ধান কৰিলে ভৱিষ্যতে কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণীত হব পাৰে। কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণীত হলে অবৈজ্ঞানিক আগমনে বৈজ্ঞানিক আগমনৰ প্ৰযায়লৈ উন্নীত হব পাৰে আৰু তেতিয়া ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয়। সেইবাবে কোৱা হয় যে অবৈজ্ঞানিক আগমনেই হল বৈজ্ঞানিক আগমনৰ মূল বা আৰম্ভণি। এই অবৈজ্ঞানিক আগমনে বৈজ্ঞানিক আগমনৰ বাট মুকলি কৰে। গতিকে কব পাৰি যে বৈজ্ঞানিক অনুসন্ধানৰ ক্ষেত্ৰত অবৈজ্ঞানিক আগমন অতিকৈ প্ৰয়োজনীয়।

৭। সাদৃশ্যানুমান কাক বোলে? ইয়াৰ লক্ষণ বা বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ যি অনুমানত দুটা বস্তুৰ মাজত থকা কেতবোৰ গুণ বা লক্ষণৰ সাদৃশ্য প্ৰৰ্যবেক্ষণ কৰি সেই সাদৃশ্য জ্ঞানৰ ভিত্তিত এটা বস্তুত থকা কোনো গুণ আনটো বস্তুত থকা বুলি কৰা অনুমানকে সাদৃশ্যানুমান বোলে। উদাহৰণস্বৰূপে- মংগল গ্ৰহ আৰু পৃথিৱীৰ মাজত কেতবোৰ বিষয়ত সাদৃশ্যতা আছে। দুয়োটা গ্ৰহৰেই নিৰ্দিষ্ট আকাৰ, আয়তন, উষ্ণতা আছে। দুয়োটা গ্ৰহই সূৰ্যক প্ৰদিক্ষণ কৰে। এনে সাদৃশ্যক ভিত্তি কৰি পৃথিৱীত জীৱ থকা বাবে মংগল গ্ৰহতো জীৱ থকা বুলি অনুমান কৰা হয়।

সাদৃশ্যানুমানৰ সংজ্ঞাটো বিশ্লেষণ কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যবোৰ পোৱা যায়—
ক) দুটা বস্তুৰ মাজত থকা কেতবোৰ গুণ বা বিষয়ৰ সাদৃশ্যই সাদৃশ্যানুমানৰ মূল ভিত্তি।
খ) সাদৃশ্যানুমান বিশেষ-বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল। সাদৃশ্যানুমানত সাদৃষ্য থকা বিষয়বোৰ প্ৰত্যক্ষ কৰা হয়।
গ) সাদৃশ্যানুমানত সিদ্ধান্ত সদায় সম্ভাৱনামূলক। কাৰণ সাদৃশ্যানুমানত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা কৰা নহয়।
ঘ) সাদৃশ্যানুমান এক প্ৰকৃত অনুমান। কাৰণ ইয়াত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ আছে।
ঙ) সাদৃশ্যানুমান সাদৃশ্য জ্ঞানৰ ওপৰত নিৰ্ভৰশীল হ’লেও কেই সাদৃশ্য জ্ঞান অসম্পূৰ্ণ স্বভাৱৰ। গতিকে সাদৃশ্যানুমান এক প্ৰকাৰৰ অসম্পূৰ্ণ অনুমান।

৮। সাদৃশ্যানুমানৰ মূল্য কেনেকৈ নিৰূপণ কৰা হয়?
উত্তৰঃ সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা কেতবোৰ গুণ বা বিষয়ৰ সাদৃশ্যক মূল ভিত্তি হিচাপে লোৱা হয় বাবে ইয়াৰ সিদ্ধান্ত সম্ভাৱনামূলক। সম্ভাৱনাৰ পৰিসৰ শূণ্যৰ পৰা প্ৰায় নিশ্চিতকৈ বিস্তৃত। গতিকে সম্ভাৱনা সদায় পৰিমাণ সাপেক্ষ আৰু সম্ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিয়েই সাদৃশ্যানুমানৰ মূল্য নিৰূপণ কৰা হয়। তৰ্কবিজ্ঞানী মিলৰ মতে জ্ঞাত সাদৃশ্যৰ পৰিমাণ, জ্ঞাত বৈসাদৃশ্যৰ পৰিমাণ আৰু অজ্ঞাত গুণাৱলীৰ ওপৰত নিৰ্ভৰ কৰিয়েই সাদৃশ্যানুমানৰ মূল্য নিৰ্ণয় কৰা হয়। সেইদৰে বিভিন্ন তৰ্কবিদে আগবঢ়োৱা মতামতবোৰ বিশ্লেষণ কৰি তলত উল্লেখিত নিয়ম কেইটাৰে সাদৃশ্যানুমানৰ মূল্য নিৰূপণ কৰা হয় বুলি বাখ্যা কৰিছে—

ক) জ্ঞাত সাদৃশ্যৰ গুণৰ পৰিমাণ আৰু গুৰুত্ব যিমানে বেছি হয়, সাদৃশ্যানুমানৰ মূল্যও সিমানে অধিক হয়। যেনে মংগল আৰু পৃথিৱীৰ মাজত থকা সাদৃশ্যৰ সম্বাৱনাৰ পৰিমাণ অধিক।
খ) বৈসাদৃশ্য থকা গুণবিলাকৰ সংখ্যা বা পৰিমাণ আৰু গুৰুত্ব যিমানেই বেছি হয়, সাদৃশ্যানুমানৰ সম্ভাৱনা সিমানেই কম হয়। যেনে চন্দ্ৰ আৰু পৃথিৱীৰ মাজত থকা সাদৃশ্যানুমানৰ সম্ভাৱনা বহুত কম।
গ) জ্ঞাত গুণসমূহৰ তুলনাত অজ্ঞাত গুণসমূহৰ পৰিমাণ যিমানে বেছি হ’ব, সাদৃশ্যানুমানৰ সম্ভাৱনাও সিমানেই কম হ’ব।

৯। সু-সাদৃশ্যানুমান আৰু দুঃসাদৃশ্যানুমানৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।
উত্তৰঃ সু-সাদৃশ্যানুমান আৰু দুঃসাদৃশ্যানুমানৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—
ক) যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য সেই সাদৃশ্যানুমানক সু-সাদৃশ্যানুমান বোলে।
আনহাতে, যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ স্বভাৱৰ নহয়, সেই সাদৃশ্যানুমানক দুঃসাদৃশ্যানুমান বোলে।
খ) মংগল আৰু পৃথিৱীৰ মাজত থকা সাদৃশ্য সু-সাদৃশ্যানুমান। কাৰণ ইহঁতৰ মাজত মৌলিক আৰু গুৰুত্বপূৰ্ণ বিষয়ৰ সাদৃশ্য আছে।
আনহাতে, মানুহ আৰু গ্ৰাম’ফোনৰ মাজত থকা সাদৃশ্য কু-সাদৃশ্যানুমান। কাৰণ ইহঁতৰ মাজত মৌলিক আৰু গুৰুত্বপূৰ্ণ বিষয়ৰ সাদৃশ্য নাই।
গ) সু-সাদৃশ্যানুমানৰ মূল্য অধিক। আনহাতে, কু-সাদৃশ্যানুমান বা দুঃসাদৃশ্যানুমানৰ মূল্য কম।

১০। সকলো অনুমান মূলতঃ সাদৃশ্যানুমানভিত্তিক নে? আলোচনা কৰা।
উত্তৰঃ সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যৰ পৰাই এটা বস্তুত থকা কোনো গুণ আনটো বস্তুত থকা বুলি অনুমান কৰা হয়। গতিকে সাদৃশ্য জ্ঞানেই হ’ল সাদৃশ্যানুমানৰ মূল ভিত্তি। আগমন অনুমানৰ ক্ষেত্ৰতো ৰাম, হৰি, যদু, মধু আদি লোকৰ মনুষত্ব সাদৃশ্য থকা দেখি আটাইবোৰ মানুহক মৰণশীল বুলি অনুমান কৰা হয়। সেইদৰে নিগমন অনুমানতো ‘সকলো মানুহ মৰণশীল’- ইয়াৰ ওপৰত ভিত্তি কৰি আন মানুহৰ লগত সাদৃশ্য দেখি ৰামক মৰণশীল বুলি অনুমান কৰা হয়।

তৰ্কবিজ্ঞানী মিলে সাদৃশ্য জ্ঞানেই সকলো প্ৰকাৰ অনুমানৰে মূল ভিত্তি হোৱা দেখি সকলো অনপমানেই মূলতঃ সাদৃশ্যানুমান ভিত্তিক বুলি মন্তব্য কৰিছে। কিন্তু এনে যুক্তি গ্ৰহণযোগ্য নহয়। কাৰণ সাদৃশ্যানুমানত এটা বিশে, বচনৰ পৰা আন এটা বিশেষ বচনলৈহে যোৱা হয়। সাদৃশ্যানুমানত সাৰ্বিক নিয়মৰ উল্লেখ নাই। কিন্তু আগমন আৰু নিগমনত সাৰ্বিক নিয়মৰ প্ৰয়োজন আছে। সাদৃশ্যানুমানত সাদৃশ্য জ্ঞান আংশিক যদিও আগমন আৰু নিগমনত সাদৃশ্য জ্ঞান পূৰ্ণ স্বভাৱৰ।

গতিকে, দেখা গ’ল যে কোনো সামান্য ধাৰণা থাকিলেহে সাদৃশ্যমূলক সকলো অনুমানেই সিদ্ধ হৈ পৰে। যিহেতু সাদৃশ্যানুমানতেই সাদৃশ্য জ্ঞান অসম্পূৰ্ণ স্বভাৱৰ। সেয়ে সাদৃশ্য জ্ঞান সকলো প্ৰকাৰ অনুমানৰ আধাৰ বা আশ্ৰয় হলেও, সকলো প্ৰকাৰ অনুমান মূলতঃ সাদৃশ্যানুমান ভিত্তিক নহয়।

১১। প্ৰকৃত আগমন কাক বোলে? ইয়াৰ বৈশিষ্ট্যকেইটা লিখা।
উত্তৰঃ যি আগমন অনুমানত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ থাকে তাকেই প্ৰকৃত আগমন বোলে। অৰ্থাৎ যি আগমনত বিশেষ-বিশেষ বস্তু বা দৃষ্টান্তৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি সেই জাতীয় জ্ঞাত-অজ্ঞাত সকলো বস্তু বা দৃষ্টান্ত সম্বন্ধে এটা সাৰ্বিক সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাকেই প্ৰকৃত আগমন বোলে। যেনে- জেমচ্, পিটাৰ, স্মিথ আদি কেইজনমান মানুহৰ মৃত্যুক পৰ্যবেক্ষণ কৰি “সকলো মানুহ হয় মৰণশীল” বুলি এটা সামান্য বচনত উপনীত হোৱা যায়। ঠিক সেইদৰে কেইপাঁহমান সেন্দুৰীয়া ফুলৰ গোন্ধ নথকা প্ৰত্যক্ষ কৰি “সকলো সেন্দুৰীয়া ফুল হয় গোন্ধহীন” বুলি এটা সামান্য বচন প্ৰতিষ্ঠা হয়।

প্ৰকৃত আগমনৰ সংজ্ঞাটো বিশ্লেষণ কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যকেইটা পোৱা যায়—
ক) প্ৰকৃত আগমন আগমনৰ এটা প্ৰকাৰ।
খ) প্ৰকৃত আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে।
গ) প্ৰকৃত আগমন বিশেষ-বিশেষ দৃষ্টান্তৰ পৰ্ষবেক্ষণৰ ওপৰত নিৰ্ভৰশীল।
ঘ) প্ৰকৃত আগমন প্ৰত্যক্ষ বা পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল হলেও প্ৰত্যক্ষ সিদ্ধ নহয়, ই অনুমানমূলক।
ঙ) প্ৰকৃত আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ থাকে।

১২। তথাকথিত আগমন কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ যি আগমন অনুমানত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ নাথাকে অৰ্থাৎ যি আগমনত বিশেষ-বিশেষ বস্তু বা দৃষ্টান্তৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি সেই জাতীয় জ্ঞাত-অজ্ঞাত সকলো বস্তু বা দৃষ্টান্ত সম্বন্ধে এটা সাৰ্বিক সম্বন্ধৰ জ্ঞানত উপনীত হোৱা নাযায়, তাকে তথাকথিত আগমন বোলে। এই প্ৰকাৰ আগমনক ওপৰে-ওপৰে চালে আগমন যেন দেখি। সেইকাৰণেই ইয়াক আগমনাভাষ বোলে। যেনে- শ্ৰেণীটোৰ সকলো ছাত্ৰৰ বয়স ২০ বছৰতকৈ কম। সকলো ত্ৰিভূজৰ কোণৰ সমষ্টি দুই সমকোণৰ সমান।

তথাকথিত আগমনৰ সূত্ৰটো বিশ্লেষণ কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ পোৱা যায়—
ক) তথাকথিত আগমন আগমনৰ এটা প্ৰকাৰ।
খ) তথাকথিত আগমনত বিশেষ-বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰা হয় যদিওঁ সামান্য বচন প্ৰতিষ্ঠা কৰা নহয়।
গ) তথাকথিত আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ নাথাকে।
ঘ) এই প্ৰকাৰ আগমনত প্ৰতিটো দৃষ্টান্তক পৃথকে-পৃথকে পৰীক্ষা কৰা হয়।
ঙ) তথাকথিত আগমনৰ দৃষ্টান্তৰ সংখ্যা সীমিত হ’ব লাগে। দৃষ্টান্তৰ সংখ্যা অসীম বা অগণন হ’লে এই প্ৰকাৰ অনুমান প্ৰয়োগ কৰিব নোৱাৰি।

১৩। প্ৰকৃত আগমন কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ প্ৰকৃত আগমন তিনি প্ৰকাৰৰ আৰু সেইবোৰ হ’ল—
ক) বৈজ্ঞানিক আগমন।
খ) অবৈজ্ঞানিক আগমন।
ঘ) সাদৃশ্যানুমান বা সাদৃশ্যমূলক আগমন।

১৪। তথাকথিত আগমন কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ তথাকথিত আগমন তিনি প্ৰকাৰৰ আৰু সেইবোৰ হ’ল—
ক) পূৰ্ণ আগমন বা গণনাভিত্তিক আগমন।
খ) যুক্তিসাদৃশ্যানুমান।
গ) ঘটনাসংযোজন।

১৫। আগমনাত্মক পদ্ধতিৰ বিভন্ন স্তৰসমূহ কি কি?
উত্তৰঃ বিশেষ-বিশেষ ঘটনাৰ অভিজ্ঞতাৰ ভিত্তিত সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ হ’লে আগমন পদ্ধতিয়ে চাৰিটা স্তৰ অতিক্ৰম কৰিব লাগে। এই স্তৰকেইটা হ’ল—
ক) পৰ্যবেক্ষণ(Observation)
খ) প্ৰকল্প গঠণ (Formation of Hypothesis)
গ) সামান্যীকৰণ (Generalization)
ঘ) প্ৰমাণীকৰণ বা সত্যাপন (Verification)

১৬। প্ৰমাণীকৰণ বা সত্যাপন কাক বোলে? ই কেই প্ৰকাৰৰ?
উত্তৰঃ পৰ্যবেক্ষণলব্ধ বিশেষ-বিশেষ ঘটনা বা বস্তু সম্বন্ধৰ জ্ঞানৰ ভিত্তিত যি সাৰ্বিক সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, সেই সাৰ্বিক সম্বন্ধক বাস্তৱ ঘটনাৰ লগত ৰিজাই সত্যাসত্য নিৰ্ণয় কৰাকেই প্ৰমাণীকৰণ বা সত্যাপন বোলে। ই দুই প্ৰকাৰৰ— ক) প্ৰত্যক্ষ প্ৰমাণীকৰণ আৰু খ) পৰোক্ষ প্ৰমাণীকৰণ।

১৭। বৈজ্ঞানিক আগমন কোন দুটা নীতিৰ ওপৰত নিৰ্ভৰ কৰে? এই নীতি দুটাৰ অৰ্থ কি?
উত্তৰঃ বৈজ্ঞানিক আগমন দুটা মৌলিক নীতিৰ ওপৰত নিৰ্ভৰ কৰে। এই নীতি দুটা হ’ল—
ক) প্ৰকৃতিৰ একৰূপতা নীতি।
খ) কাৰ্যকাৰণ বিধি।
প্ৰকৃতিৰ একৰূপতা নীতিৰ অৰ্থ হৈছে একেই পৰিৱেশত প্ৰকৃতিয়ে সদায় একেদৰে আচৰণ কৰে। যি অৱস্থাত যি ঘটে অনুৰূপ অৱস্থাৰ পুনৰাবৃত্তি হলে সেই ঘটনা আকৌ ঘটিব।
আনহাতে কাৰ্যকাৰণ বিধিৰ অৰ্থ হৈছে প্ৰত্যেক ঘটনা বা কাৰ্যৰ একোটা কাৰণ আছে কাৰণ নোহোৱাকৈ কোনো কাৰ্য সংঘটিত নহয় বা হব নোৱাৰে।

১৮। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ কিয়?
উত্তৰঃ বৈজ্ঞানিক আগমনে কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰে। কাৰ্যকাৰণ বিধিৰ অৰ্থ হৈছে প্ৰত্যেক ঘটনা বা কাৰ্যৰ একোটা কাৰণ আছে। কাৰণ নোহোৱাকৈ কাৰ্য সংঘটিত হ’ব নোৱাৰে। এটা বিশেষ প্ৰাকৰৰ কাৰণৰ পৰা এটা বিশেষ প্ৰকাৰৰ কাৰ্যৰ আবিৰ্ভাৱ হ’ব পাৰে। যিকোনো কাৰ্যৰ পৰা যিকোনো কাৰ্যৰ উৎপত্তি হ’ব নোৱাৰে। কাৰণটো উপস্থিত থাকিলে কাৰ্যটো ঘটে আৰু কাৰণটো উপস্থিত নাথাকিলে কাৰ্যও ঘটিব নোৱাৰে। কাৰ্যকাৰণ সম্বন্ধটো হৈছে এক নিশ্চিত স্বভাৱৰ নিয়ত সম্বন্ধ। সেইকাৰণে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় নিশ্চিত স্বভাৱৰ হয়।

১৯। সু-সাদৃশ্যানুমানৰ দুটা চৰ্ত উল্লেখ কৰা।
উত্তৰঃ ক) জ্ঞাত সাদৃশ্যৰ গুণৰ পৰিমাণ আৰু গুৰুত্ব যিমানে বেছি হয়, সাদৃশ্যানুমানৰ মূল্যও সিমানে অধিক হয়। যেনে মংগল আৰু পৃথিৱীৰ মাজত থকা সাদৃশ্যৰ সম্বাৱনাৰ পৰিমাণ অধিক।
খ) বৈসাদৃশ্য থকা গুণবিলাকৰ সংখ্যা বা পৰিমাণ আৰু গুৰুত্ব যিমানেই বেছি হয়, সাদৃশ্যানুমানৰ সম্ভাৱনা সিমানেই কম হয়। যেনে চন্দ্ৰ আৰু পৃথিৱীৰ মাজত থকা সাদৃশ্যানুমানৰ সম্ভাৱনা বহুত কম।

২০। বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা সাদৃশ্যবোৰ উল্লেখ কৰা।
উত্তৰঃ বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা সাদৃশ্যবোৰ হ’ল—
ক) বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনে একো-একোটা যথাৰ্থ সামান্য প্ৰতিষ্ঠা কৰে।
খ) বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন উভয়েই পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল।
গ) বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন উভয়তেই আগমনৰ মূল লক্ষণ আগমনাত্ম জাঁপ বিদ্যমান।
ঘ) বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন উভয়েই প্ৰকৃত আগমনৰ প্ৰকাৰ।

২১। সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমনৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ উল্লেখ কৰা।
উত্তৰঃ
সাদৃশ্যঃ
ক) সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমন প্ৰকৃত আগমনৰ প্ৰকাৰ।
খ) সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ বিদ্যমান।
গ) সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমন পৰ্যবেক্ষণ আৰু নীৰিক্ষণ ওপৰত নিৰ্ভৰশীল।

বৈসাদৃশ্যতাঃ
ক) যি অনুমানত দুটা বস্তুৰ মাজত থকা কেতবোৰ গুণ বা লক্ষণৰ সাদৃশ্য প্ৰৰ্যবেক্ষণ কৰি সেই সাদৃশ্য জ্ঞানৰ ভিত্তিত এটা বস্তুত থকা কোনো গুণ আনটো বস্তুত থকা বুলি কৰা অনুমানকে সাদৃশ্যানুমান বোলে।
আনহাতে, বৈজ্ঞানিক আগমন প্ৰকৃত আগমনৰ এটা উল্লেখযোগ্য প্ৰকাৰ। যি আগমনত কেতবোৰ বিশেষ-বিশেষ দৃষ্টান্ত পৰ্যবেক্ষন কৰি কাৰ্যকাৰণ বিধি আৰু প্ৰকৃতিৰ একৰূপতা নীতিৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাকে বৈজ্ঞানিক আগমন বোলে।
খ) সাদৃশ্যানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়।
আনহাতে, বৈজ্ঞানিক আগমনত কিছুমান বিশেষ-বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষণ কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়।
গ) সাদৃশ্যানুমান কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়।
আনহাতে, বৈজ্ঞানিক আগমন কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত।
ঘ) সাদৃশ্যানুমানৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক।
আনহাতে, বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ।

২২। সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃ্শ্যবোৰ লিখা।
উত্তৰঃ
সাদৃশ্যঃ
ক) দুয়ো প্ৰকাৰ আগমনেই প্ৰকৃত আগমনৰ প্ৰকাৰ। কাৰণ দুয়ো প্ৰকাৰ আগমনতেই আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ থাকে।
খ) দুয়ো প্ৰকাৰ আগমনতেই কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা কৰা নহয়।
গ) দুয়ো প্ৰকাৰ আগমনৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক।
ঘ) দুয়ো প্ৰকাৰ আগমনেই পৰ্যবেক্ষণ বা নিৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল।
ঙ) দুয়ো প্ৰকাৰ আগমনেই বৈজ্ঞানিক আগমনৰ মূল্যৱান সহায়ক।

বৈসাদৃশ্যতাঃ
ক) সাদৃশ্যানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্ত প্ৰতিষ্ঠা কৰা হয়।
আনহাতে, অবৈজ্ঞানিক আগমনত কিছুমান বিশেষ-বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়।
খ) সাদৃশ্যানুমানৰ মূল ভিত্তি হৈছে দুটা বস্তুৰ মাজত থকা অসম্পূৰ্ণ সাদৃশ্য জ্ঞান।
আনহাতে, অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি হ’ল অবাধিত অভিজ্ঞতা বা ব্যতিক্ৰমহীন অভিজ্ঞতা।
গ) সাদৃশ্যানুমানৰ সিদ্ধান্তৰ সম্ভাৱনা নিৰ্ভৰ কৰে বস্তু দুটাৰ মাজত থকা সাদৃশ্য থকা বিষয় বা গুণৰ সংখ্যা আৰু গুৰুত্বৰ ওপৰত।
আনহাতে, অবৈজ্ঞানিক আগমনৰ সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে অবাধিত অভিজ্ঞতাৰ পৰা পোৱা দৃষ্টান্তৰ সংখ্যাৰ ওপৰত।
ঘ) সাদৃশ্যানুমানত ঘাইকৈ বস্তুৰ গুণ বা লক্ষণাৰ্থৰ জ্ঞান জন্মে।
আনহাতে, অবৈজ্ঞানিক আগমনত বস্তুৰ সংখ্যা বা বাচ্যাৰ্থ সম্পৰ্কে জ্ঞান জন্মে।

২৩। আগমনৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ যি অনুমান পদ্ধতিৰ সহায়ত বিশেষ-বিশেষ বস্তু সম্বন্ধৰ অভিজ্ঞতাৰ পৰা সেইজাতীয় সকলো বস্তু সম্পৰ্কে কোনো সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাকেই আগমন অনুমান বোলে। আমাৰ দৈনন্দিন ব্যৱহাৰিক জীৱনত বৈজ্ঞানিক অনুসন্ধানৰ ক্ষেত্ৰত তৰ্কবিজ্ঞানত আগমনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

আগমনৰ প্ৰয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হ’ল-
ক) আগমনে যুক্তিৰ বস্তুগত সত্যতা নিৰ্ণয় কৰি পূৰ্ণসত্য লাভ কৰাত সহায় কৰেঃ তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান। জ্ঞানৰ সত্যতাই তৰ্কবিজ্ঞানৰ পৰম আদৰ্শ। সত্যতা দুই প্ৰকাৰৰ- আকাৰগত আৰু বস্তুগত। কোনো এটা যুক্তি আকাৰগতভাৱে সত্য হ’লে যেতিয়ালৈকে ইয়াৰ বস্তুগত সত্যতা নিৰূপন নহয়, তেতিয়ালৈকে ই পূৰ্ণসত্য হিচাপে প্ৰতিষ্ঠিত নহয়। আগমন প্ৰক্ৰিয়াই যুক্তিৰ বস্তুগত সত্যতা নিৰূপন কৰি পূৰ্ণসত্য লাভ কৰাত সহায় কৰে।
খ) নিগমন অনুমানৰ সামান্য বচন আগমনেই যোগান ধৰেঃ নিগমন অনুমানত দুটা বিশেষ বচনৰ পৰা কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰি। এটা আশ্ৰয়বাক্য সামান্য বচন হ’ব লাগিব। সেই সামান্য বচনটো আগমনেই যোগান ধৰে আৰু এই বচনটোক বিনা প্ৰমাণে সত্য বুলি গ্ৰহণ কৰি আশ্ৰয় বাক্য হিচাপে ব্যৱহাৰ কৰা হয়।
গ) প্ৰকৃতি নিয়মৰ ৰাজত্ব আৰু এই নিয়মৰ জ্ঞান আগমনৰ দ্বাৰাই লাভ কৰা হয়ঃ প্ৰকৃতি জগত যে নিয়মৰ ৰাজত্ব, প্ৰকৃতিৰ অন্তৰালত যে বিভিন্ন নিয়মে ক্ৰিয়া কৰি আছে আৰু সেই বিভিন্ন নিয়মৰ অন্তৰালত যে এটা সাধাৰণ সৰ্বগ্ৰাহী নিয়মে ক্ৰিয়া কৰি আছে, প্ৰকৃতি যে বিভিন্নতা আৰু বিচিত্ৰতাৰ মজাতো এক -এনে জ্ঞান আমাক অকল আগমনেহে দিব পাৰে।
ঘ) প্ৰত্যেক বিজ্ঞানেই আগমনৰ ওপৰত নিৰ্ভৰশীলঃ প্ৰত্যেক বিজ্ঞানেই নিজৰ বিভাগ সম্পৰ্কে কিছুমান সামান্য নিয়ম আৱিষ্কাৰ কৰে। বিশেষ-বিশেষ বস্তু সম্বন্ধৰ জ্ঞানৰ পৰা সামান্য বা সাৰ্বিক জ্ঞানত উপনীত হোৱাই সামান্যীকৰণ। এই সামান্যীকৰণ প্ৰক্ৰিয়া কিভাৱে যথাৰ্থ হ’ব তাৰ জ্ঞান আমাক আগমনেই দিয়ে।
ঙ) আগমন ভৱিষ্যত গৱেষণা বা অনুসন্ধানৰ পথ নিৰ্দেশকঃ বিশেষ-বিশেষ ঘটনাসমূহৰ অনেতৰালত থকা সামান্য সত্য আৱিষ্কাৰ আৰু প্ৰমাণ কৰি আগমনে ভৱিষ্যত অনুসন্ধানৰ পথ সুগম কৰি দিয়ে।
চ)আগমন স্মৃতি শক্তিৰ সহায়কঃ বিশেষ-বিশেষ কেতবোৰ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি আগমনে সামান্য সত্য প্ৰতিষ্ঠা কৰে আৰু সামান্য সত্যৰ জৰিয়তেই বিশ্বজগতৰ অসংখ্য ঘটনাক সহজে মনত ৰাখিব পাৰে।

২৪। আগমনৰ সমস্যাৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰঃ আগমন অনুমানৰ প্ৰধান বৈশিষ্ট্য হৈছে বিশেষ-বিশেষ বস্তু বা ঘটনা কিছুমান পৰ্যবেক্ষণ কৰি সেই জাতীয় অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো দৃষ্টান্ত সম্বন্ধে এটা সামান্য সংশ্লেষক বচন প্ৰতিষ্ঠা কৰা। অনুমানত জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ উপনীত হোৱা যায়। অভিজ্ঞতালব্ধ বিশেষ দৃষ্টান্তৰ ওপৰত ভিত্তি কৰি অনুমানৰ জৰিয়তে সেই জাতীয় সকলো বস্তু বা দৃষ্টান্ত এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। আগমনত কেইজনমান মানুহৰ মৃত্যুৰ প্ৰতি লক্ষ্য ৰাখি “সকলো মানুহ মৰণশীল” ; কেইটামান চৰাইৰ দাত নথকা দেখি “চৰাইৰ দাত নাই” বুলি সামান্য বচন প্ৰতিষ্ঠা কৰা হয়।
আমি বিশেষ-বিশেষ বস্তু বা দৃষ্টান্ত কিছুমানহে প্ৰত্যক্ষ কৰিব পাৰো। কিন্তু সেই জাতীয় সকলো দৃষ্টান্ত অৰ্থাৎ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলসো দৃষ্টান্তুক প্ৰত্যক্ষ কৰা কোনো লোকৰ পক্ষে সম্ভৱ নহয়। সীমিত দৃষ্টান্তৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্তৰূপে সোনো সামান্য বচন প্ৰতিষ্ঠা কৰিলে সেই সিদ্ধান্ত নিশ্চ্ত স্বভাৱৰ নহৱওঁ পাৰে। সেইকাৰণে কি নীতি বা প্ৰক্ৰিয়া অৱলম্বন কৰি প্ৰত্যক্ষলব্ধ কেইটামান দৃষ্টান্তত পোৱা গুণ-স্বভাৱ সেই জাতীয় জ্ঞাত, অজ্ঞাত, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো দৃষ্টান্তলৈ সম্প্ৰসাৰিত কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰিব পাৰি -সেইটোৱেই হ’ল পাশ্চাত্য আগমন অনুমানৰ প্ৰধান সমস্যা।
আগমনৰ এই সমস্যা সমাধানৰ বাবে দুটা মৌলিক নীতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এই নীতি দুটা হৈছে- প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি। প্ৰকৃতিৰ একৰূপতা বিধি অনুসৰি একে পৰিস্থিতিত প্ৰকৃতিয়ে সদায় একেদৰে আচৰণ কৰে। কাৰ্যকাৰণ বিধি অনুসৰি প্ৰত্যেক কাৰ্যৰে একোটা কাৰণ থাকে। বিশেষ-বিশেষ দৃষ্টান্তৰ মাজত সাধাৰণ আৰু মৌলিক গুণসমূহ অৱিস্কাৰ আৰু প্ৰমাণ কৰিব পাৰিলে আগমনৰ এই সমস্যা সমাধান হয়।

২৫। আগমনাত্ম জাঁপ কি? আগমনাত্মক জাঁপৰ জটিলতাবোৰ আতৰাবলৈ বৈজ্ঞানিক আগমনে কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ প্ৰকৃত আগমনত আমাৰ জ্ঞান প্ৰক্ৰিয়া বিশেষৰ পৰা সামান্যলৈ, জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ প্ৰসাৰিত হয়। বিশেষৰ পৰা সামান্যলৈ, ‘কিছুমানৰ’ পৰা ‘সকলো’লৈ যোৱা যুক্তিৰ এনে ঊৰ্ধমূখী গতিকেই আগমনাত্ম জাঁপ বোলে।
মিল আৰু বেইনৰ মতে এই আগমনাত্মক জাঁপ বা আগমনৰ সংকটেই আগমনৰ মূল লক্ষণ। এই লক্ষণ নাথাকিলে কোনো আগমন প্ৰক্ৰিয়াই প্ৰকৃত আগমন হব নোৱাৰে। কিন্তু বিশেষৰ পৰা সামান্যলৈ, দেখা ঘটনাৰ পৰা নেদেখা ঘটনালৈ যোৱাৰ এই পথ সকলো সময়তে নিৰাপদ নহয়, ইয়াত বিপদো আছে। কাৰণ আগমনাত্মক এনে জাঁপৰ ক্ষেত্ৰত সকলো সময়তেই এক অনিশ্চয়তাৰ সম্ভৱনা থাকে। সেইবাবে আগমনাত্মক এই জাঁপক আগমনৰ সংকট বুলিওঁ কোৱা হয়।
আগমনাত্মক জাঁপৰ জটিলতাবোৰ আতৰাবলৈ বৈজ্ঞানিক আগমনে দুটা মৌলিক নীতিৰ ওপৰত নিৰ্ভৰ কৰে- প্ৰকৃতিৰ এৰৃকৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি।

২৬। আগমনৰ স্তৰ চাৰিটা চমুকৈ বাখ্যা কৰা।
উত্তৰঃ বিশেষ-বিশেষ ঘটনাৰ অভিজ্ঞতাৰ ভিত্তিত সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ হ’লে আগমন পদ্ধতিয়ে তলত উল্লেখ কৰা স্তৰবোৰ ক্ৰম অনুযায়ী অতিক্ৰম কৰিব লাগে—

ক)পৰ্যবেক্ষণঃ পৰ্যবেক্ষণ আগমন পদ্ধতিৰ প্ৰথম স্তৰ। উদ্দেশ্যবিহীন যিকোনো সাধাৰণ প্ৰত্যক্ষ পৰ্যবেক্ষণ নহয়। পৰ্যবেক্ষণ হৈছে এক উদ্দেশ্য প্ৰণোদিত, সুনিয়ন্ত্ৰিত আৰু অবিৰ্যভাৱে নিৰ্বাচনমূলক প্ৰত্যক্ষ। পৰ্যবেক্ষণ নিনীক্ষণমূলক নাইবা পৰীক্ষণমূলক হ’ব পাৰে। প্ৰকৃতিৰ ঘটনাৱলী সদায় জটিল। এই জটিলতাৰ পৰা অন্বেষণীয় ঘটনাৰ কাৰ্য নাইবা কাৰণ উদ্ঘাটন কৰাই পৰ্যবেক্ষণৰ উদ্দেশ্য। গতিকে পৰ্যবেক্ষণ কৰোতে প্ৰথমৰ পৰাই অতি সতৰ্কভাৱে সুনিৰ্দিষ্ট পথেৰে অগ্ৰসৰ হ’ব লাগে।
খ)প্ৰকল্প গঠনঃ অন্বেষণীয় ঘটনাৰ বিশেষ-বিশেষ দৃষ্টান্ত কিছুমান সতৰ্কভাৱে পৰ্যবেক্ষণ কৰিলে ঘটনাৰ সাম্ভাৱ্য কাৰণ সম্বন্ধে মনত এটা ধাৰণা জন্মে। কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয়ৰ সময়ত মনত উদয় হোৱা এনে আনুমানিক ধাৰণাক প্ৰকল্প বোলে। এনে প্ৰকল্প বা আনুমানিক ধাৰণাৰ আলমত ঘটনাৰ কাৰণ নিৰ্ণয়ৰ বাবে অনুসন্ধান চলোৱা হয়।
গ)সামন্যীকৰণঃ আগমন অনুমানত বিশেষ-বিশেষ দৃষ্টান্ত বা বস্তু সম্বন্ধৰ জ্ঞানৰ ভিত্তিত যি প্ৰকল্পৰ উৎপত্তি হয়, তাক সেইজাতীয় জ্ঞাত-অজ্ঞাত সকলো দৃষ্টান্তলৈ সম্প্ৰসাৰণ কৰাকেই সামান্যীকৰণ বোলে।
ঘ)প্ৰমাণীকৰণঃ পৰ্যবেক্ষণলব্ধ বিশেষ-বিশেষ ঘটনা বা বস্তু সম্বন্ধৰ জ্ঞানৰ ভিত্তিত যি সাৰ্বিক সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, সেই সাৰ্বিক সম্বন্ধক বাস্তৱ ঘটনাৰ লগত ৰিজাই সত্যাসত্য নিৰ্ণয় কৰাকেই প্ৰমাণীকৰণ বা সত্যাপন বোলে। ই দুই প্ৰকাৰৰ— ক) প্ৰত্যক্ষ প্ৰমাণীকৰণ আৰু খ) পৰোক্ষ প্ৰমাণীকৰণ।

This Post Has One Comment

প্ৰত্যুত্তৰ দিয়ক