Class 12 Logic Chapter 2 Question Answer | কাৰ্য কাৰণ বিধি

Class 12 Logic Chapter 2 Question Answer 2023

অতি চমু উত্তৰৰ প্ৰশ্ন

১। “কাৰণ হৈছে সদৰ্থক বা অনুকূল আৰু নঞৰ্থক বা প্ৰতিকূল উপকাৰণৰ সমষ্টি”। এই উক্তিটো প্ৰকাশ কৰা তৰ্কবিদজনৰ নাম লিখা।
উত্তৰঃ কাৰভেথৰীড।

২। “কাৰণ আৰু কাৰ্য দুয়োটাই একে সময়তে সংঘটিত ঘটনা”। এইটো কাৰণৰ পৰিমাণগত লক্ষণ হয়নে?
উত্তৰঃ নহয়।

৩। পূৰ্বস্থাপিত শৃংখলা মতবাদ কোনে আগবঢ়াইছিল?
উত্তৰঃ লাইৱনিজ।

৪। বাস্তব কাৰণ কাক বোলে?
উত্তৰঃ কাৰ্য ঘটাব পৰা অস্তিত্বশীল কাৰণক বাস্তব কাৰণ বোলে।

৫। কাৰ্য এটাৰ এটাতকৈ বেছি কাৰণ থাকিব পাৰেনে?
উত্তৰঃ নোৱাৰে।

Class 12 Logic Chapter 2 Question Answer

চমু/দীঘল উত্তৰৰ প্ৰশ্ন

১। কাৰণ কাক বোলে? ইয়াৰ গুণগত লক্ষণবোৰ আলোচনা কৰা।
উত্তৰঃ কাৰণ সম্পৰ্কে তৰ্কবিদ হিউম, মিল, বেইন আদিয়ে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। এই সংজ্ঞাবোৰ বিশ্লেষণ কৰি তৰ্কবিদ কাৰভেম ৰীডে এই কাৰণৰ এক বৈজ্ঞানিক সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ নিয়ত, নিৰূপাধিক, অব্যবহিত, পূৰ্বৱৰ্তী ঘটনা আৰু পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সমান।
কাৰভেম ৰীডৰ উক্ত সংজ্ঞাটোৰ পৰা বোৱা যায় যে কাৰণৰ লক্ষণ দুই প্ৰকাৰৰ- গুণগত লক্ষণ আৰু পৰিমাণগত লক্ষণ। কাৰণৰ গুণগত লক্ষণবোৰ তলত আলোচনা কৰা হ’ল-

ক) কাৰণ আৰু কাৰ্য পৰস্পৰ সাপেক্ষ স্বভাৱৰ। কাৰণ নাথাকিলে কাৰ্য অৰ্থহীন। এটাৰ অবিহনে আনটোৰ ধাৰণা হ’ব নোৱাৰে। অৱশ্যে একে ঘটনাই কোনো এটা ঘটনা সম্বন্ধত কাৰণ আৰু আন এটা সম্বন্ধত কাৰ্যও হ’ব পাৰে।
খ) কাৰণ আৰু কাৰ্য দুয়োটাই কোনো এক বিশেষ সময়ত সংঘটিত হোৱা ঘটনা। প্ৰকৃতিত পৰিৱৰ্তন আছে বাবে কাৰ্য কাৰণৰ ধাৰণা সৃষ্টি হৈছে।
গ) কাৰণ কাৰ্যৰ পূৰ্বৱৰ্তী ঘটনা। কাৰণ সদায় কাৰ্যৰ আগত আৰু কাৰ্য সদায় কাৰণৰ পিছত ঘটা ঘটনা। কোনো দুটা ঘটনা অগা-পিছাকৈ ঘটিলে আগত ঘটা ঘটনাক কাৰণ আৰু পিছত ঘটা ঘটনাটোক কাৰ্য বোলে।
ঘ) কাৰণ কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা, যি ঘটনা কাৰ্যৰ পূৰ্বে কোনো ব্যতিক্ৰম নোহোৱাকৈ সদায় উপস্থিত থাকে। তেনে ঘটনাহে কাৰ্যৰ কৰাণ হ’ব পাৰে। যিকোনো পূৰ্বৱৰ্তী ঘটনাক কাৰণ বুলি ধৰি ললে কাকতালীয় ঘটনা ঘটে।
ঙ) কাৰণ কাৰ্যৰ নিয়ত নিৰূপাধিক পূৰ্বৱৰ্তী ঘটনা। কাৰণ কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা যদিওঁ ইহঁতৰ মাজত সম্পৰ্ক চৰ্তহীন হ’ব নালাগে।
চ) কাৰণ কাৰ্যৰ নিয়ত নিৰূপাধিক অব্যৱদিত পূৰ্বৱৰ্তী ঘটনা। কাৰণ কাৰ্যৰ নিয়ত চৰ্তহীন পূৰ্বৱৰ্তী ঘটনা যদিওঁ কাৰণটো সদায় কাৰ্যৰ নিকটৱৰ্তী (অব্যৱহিত) হ’ব লাগে। যদি কাৰণ আৰু কাৰ্যৰ মাজত সময়ৰ অধিক ব্যৱধান থাকে, তেন্তে সেই সময়ৰ ভিতৰত আন ঘটনা অন্তৰ্ভুক্ত হৈ কাৰণক প্ৰভাৱিত কৰিব পাৰে।

২। কাৰণৰ পৰিমাণগত লক্ষণবোৰ চমুকৈ বাখ্যা কৰা।
উত্তৰঃ পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সমান। অৰ্থাৎ কাৰণৰ অন্তৰ্গত ‘দ্ৰৱ্য’ আৰু ‘শক্তি’ৰ পৰিমাণ কাৰ্যৰ অন্তৰ্গত ‘দ্ৰৱ্য’ আৰু ‘শক্তি’ৰ সমান।
কাৰণৰ পৰিমাণগত স্বভাৱৰ পৰা আৰু বিজ্ঞানৰ ‘দ্ৰৱ্য’ আৰু ‘শক্তি’ৰ অবিনশ্বৰতা নিয়মৰ পৰা এই পৰিমাণগত লক্ষণটো পোৱা যায়। দ্ৰৱ্য আৰু শক্তিৰ অবিনশ্বৰতা- বিজ্ঞানৰ এই নিয়ম অনুসৰি এই বিশ্বজগতত দ্ৰৱ্য আৰু শক্তিৰ পৰিমাণৰ কোনো হ্ৰাস-বৃদ্ধি নহয়। দ্ৰৱ্যৰ অবিনশ্বৰতা নিয়ম- মতে এই জগতত বস্তুৰ পৰিমাণ যিমান আছে সিমানেই থাকিব। ইয়াৰ কোনো হ্ৰাস-বৃদ্ধি নহয়। কালৰ কবলত পৰি এটা বস্তুৰ নাম আৰু ৰূপ ধ্বংস হৈ আন কোনো নতুন বস্তুৰ সৃষ্টি হ’ব পাৰে, কিন্তু তাৰ ফলত ইয়াৰ পৰিমাণৰ কোনো পৰিৱৰ্তন নহয়। যেনে নিৰ্দিষ্ট পৰিমাণৰ হাইড্ৰজেন আৰু অক্সিজেন মিহলাই নিৰ্দিষ্ট পৰিমাণৰ পানী পোৱা যায়। ইয়াত হাইড্ৰজেন আৰু অক্সিজেন গেছীয় পদাৰ্থ, কিন্তু পানী জুলীয়া পদাৰ্থ। গতিকে বস্তুৰ আকৃতিৰ পৰিৱৰ্তন হলেওঁ ইয়াৰ পৰিমাণৰ কোনো পৰিৱৰ্তন নহয়।
সেইদৰে শক্তিৰ অবিনশ্বৰতা নিয়ম মতেওঁ এই জগতত শক্তিৰ পৰিমাণ যি আছে সেয়াই থাকিব। ইয়াৰো কোনো হ্ৰাস-বৃদ্ধি নহয়। এক প্ৰকাৰৰ শক্তি আন এক প্ৰকাৰৰ শক্তিলৈ ৰূপান্তিৰত হ’ব পাৰে। এই ৰূপান্তৰণৰ ফলত ইয়াৰ পৰিমাণৰ কোনো পৰিৱৰ্তন নহয়। যেনে ঘূৰি থকা ফেন এখনত গতিশক্তিয়ে কাম কৰি থাকে। ফেনখন বন্ধ কৰি দিয়াৰ পিছত এনে লাগে যেন ইয়াৰ গতিশক্তিৰ অৱসান ঘটে। আচলতে গতি শক্তি তাপশক্তিলৈ ৰূপান্তৰিত হয়। গতিকে শক্তিৰ পৰিমাণো একেই থাকে।
কাৰ্য আচলতে কাৰণৰ ৰূপান্তৰহে মাথোন। গতিকে পৰিমাণৰ দিশৰ পৰা কাৰণ আৰু কাৰ্য সমান।

৩। নানা কাৰণবাদ আৰু কাৰণসমন্বয়ৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ নানা কাৰণবাদ আৰু কাৰণসমন্বয়ৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—

ক) নানাকাৰণবাদৰ মতে একেই কাৰ্য বিভিন্ন সময়ত বিভিন্ন কাৰণৰ দ্বাৰা উৎপন্ন হ’ব পাৰে। যেনে একেই পোহৰ কেতিয়াবা সূৰ্যৰ দ্বাৰা, কেতিয়াবা চন্দ্ৰৰ দ্বাৰা, আকৌ কেতিয়াবা চাকিৰ দ্বাৰা পোৱা যায়। আনহাতে, কাৰণসমন্বয়ৰ মতে একাধিক কাৰণ একেলগে সমন্বিত বা সংযোজিত হৈ এটা মিশ্ৰ বা জটিল কাৰ্য উৎপন্ন হয়। যেনে গধুৰ শিল এটা এজনে তুলিব নোৱাৰি তিনিজন মানুহ একলগ হৈ তুলিলে।

খ) নানাকাৰণবাদৰ কাৰণবোৰৰ প্ৰত্যেকটোৱেই পৃথক-পৃথকভাৱে কাৰ্যটো সম্পাদন কৰিব পাৰে। আনহাতে, কাৰণসমন্বয়ৰ কাৰণবোৰৰ প্ৰত্যেকটোৱেই পৃথক-পৃথকভাৱে কাৰ্যটো সম্পাদন কৰিব নোৱাৰে।

গ) নানাকাৰণবাদ কাৰণ সম্বন্ধীয় এটা ভ্ৰান্ত ধাৰণা। আনহাতে, কাৰণসমন্বয় কাৰণ সম্বন্ধীয় এটা বাস্তৱ ধাৰণা।

ঘ) নানাকাৰণবাদ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা গ্ৰহণযোগ্য নহয়। আনহাতে, কাৰণসমন্বয় বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা গ্ৰহণযোগ্য এটি ধাৰণা।

৪। কাৰণ আৰু উপকাৰণৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ কাৰণ আৰু উপকাৰণৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—

ক) কাৰণ হ’ল কাৰ্যৰ নিয়ত, নিৰূপাধিক, অব্যৱহিত পূৰ্বৱৰ্তী ঘটনা। আনহাতে, উপকাৰণ হ’ল কাৰণৰ অপৰিহাৰ্য অংগ।
খ) কাৰণ হ’ল সাৰ্বিক। আনহাতে উপকাৰণ হ’ল আংশিক।
গ) কাৰণ হ’বলৈ হ’লে উপকাৰণ থাকিবই লাগিব। আনহাতে, স্পষ্ট কাৰণ অবিহনেও কিছুমান উপকাৰণ থাকিব পাৰে।
ঘ) কাৰণে কাৰ্যৰ সৃষ্টি কৰে। আনহাতে, উপকাৰণে কাৰ্যৰ সৃষ্টি নকৰে, কাৰণৰহে সৃষ্টি কৰে।

৫। উপকাৰণ বুলিলে কি বুজা?
উত্তৰঃ কাৰণৰ অপৰিহাৰ্য অংগক উপকাৰণ বোলে। উপকাৰণ হৈছে কাৰণৰ অন্তৰ্ভুক্ত। বিভিন্ন ঘটনাবোৰৰ প্ৰত্যেকটোৱে একো-একোটা উপকাৰণস্বৰূপ। উপকাৰণ দুই প্ৰকাৰৰ- অনুকূল আৰু প্ৰতিকূল। লৌকিক দৃষ্টিত যিকোনো এটা উপকাৰণেই কাৰণ যেন লাগে। উদাহৰণস্বৰূপে গছৰ পৰা পৰি মানুহ এজনৰ মৃত্যু হোৱা ক্ষেত্ৰত গছৰ উচ্চতা, মাটিৰ কঠিনতা, আঘাতৰ গুৰুত্ব আদি অনুকূল উপকাৰণ; আনহাতে আশ্ৰয়ৰ অভাৱ, আঘাত সহ্য কৰিব পৰা দৈহিক শক্তিৰ অভাৱ আদি প্ৰতিকূল উপকাৰণ।

৬। পাৰ্থক্য লিখাঃ প্ৰযোজক আৰু সংস্থা।

উত্তৰঃ প্ৰযোজক আৰু সংস্থাৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—

ক) যি শক্তিয়ে ক্ৰিয়াক উদ্দীপিত কৰে তাক প্ৰযোজক বোলে। আনহাতে, যি পাৰিপাৰ্শ্বিক ঘটনাৰ সমাৱেশত প্ৰযোজকে কাৰ্য সম্পন্ন কৰিব পাৰে, তাক সংস্থা বোলে।

খ) জ্বলন্ত দিয়াচলাইৰ কাঠি এডাল শুকান খেৰ এদমত পেলাই দিয়াত জুই জ্বলি উঠিল। ইয়াত জ্বলন্ত দিয়াচলাইৰ কাঠিডাল প্ৰযোজক। আনহাতে, শুকান খেৰৰ দমখিনি হ’ল সংস্থা।

গ) প্ৰযোজকে সংস্থাৰ ওপৰত পোন-পটীয়াকৈ ক্ৰিয়া কৰে। আনহাতে, সংস্থাই প্ৰযোজকক প্ৰত্যক্ষভাৱে কাৰ্য সম্পন্ন কৰাত সহায় নকৰে, পৰোক্ষভাৱেহে কৰে।

ঘ) প্ৰযোজক অধিক ক্ৰিয়াশীল। আনহাতে, সংস্থা প্ৰযোজকৰ তুলনাত নিষ্ক্ৰিয়।

৭। কাৰ্য সংমিশ্ৰণৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ যেতিয়া একাধিক কাৰণ লগ হৈ কোনো এক জটিল বা মিশ্ৰ কাৰ্য সৃষ্টি কৰে, তেনে জটিল কাৰ্যৰ মিশ্ৰণক কাৰ্য সংমিশ্ৰণ বোলে। যেনে- এজনে নোৱাৰি চাৰিজন মানুহে লগ হৈ গছ এডাল কঢ়িয়াই নিলে। ইয়াত মানুহ চাৰিজনৰ সন্মিলিত প্ৰতেষ্টাত গছডাল কঢ়িয়াই নিয়া কাৰ্যটো হ’ল কাৰ্য সংমিশ্ৰণ। কাৰ্য সংমিশ্ৰণত একাদিক কাৰণৰ সমন্বয়ত জটিল কাৰ্য সমাধান হয়। কাৰ্য সংমিশ্ৰণ দুই প্ৰকাৰৰ -সমজাতীয় কাৰ্য সংমিশ্ৰণ আৰু বিজাতীয় কাৰ্য সংমিশ্ৰণ।
যি কাৰ্য সংমিশ্ৰণৰ কাৰণবোৰৰ প্ৰত্যেকে স্বতন্ত্ৰভাৱে সৃষ্টি কৰা কাৰ্যৰ সমজাতীয় হয়। তেন্তে সেই মিশ্ৰ কাৰ্যটোক সমজাতীয় কাৰ্য বোলে। যেনে এটা কোঠাত একেই আকাৰৰ পাঁচডাল মমবাতি জ্বলাই পোৱা পোহৰ সমজাতীয় কাৰ্য সংমিশ্ৰণ। আকৌ যি কাৰ্য সংমিশ্ৰণত কাৰণবোৰৰ প্ৰত্যেকেই স্বতন্ত্ৰভাৱে সৃষ্টি কৰা কাৰ্যৰ বিজাতীয় হয়, তেন্তে সেই মিশ্ৰ কাৰ্যটোক বিজাতীয় কাৰ্য সংমিশ্ৰণ বোলে। যেনে দুভাগ হাইড্ৰজেন আৰু এভাগ অক্সিজেন মিহলাই পানী পোৱা গ’ল; ইয়াত পানী বিজাতীয় কাৰ্য সংমিশ্ৰণ। কাৰণ অক্সিজেন আৰু হাইড্ৰজেন গেছীয় পদাৰ্থ কিন্তু পানী জুলীয়া পদাৰ্থ।
কাৰ্য সংমিশ্ৰণ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও গ্ৰহণযোগ্য। একাধিক কাৰণ লগ হৈ সৃষ্টি কৰা জটিল বা মিশ্ৰ কাৰ্যটো এক বাস্তৱ ঘটনা।

৮। সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকাৰণৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকাৰণৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—

ক) যিবোৰ উপকাৰণ ক্ৰিয়াশীল তাকেই সক্ৰিয় উপকাৰণ বোলে। আনহাতে, যিবোৰ উপকাৰণৰ ওপৰত ক্ৰিয়াশীল উপকাৰণে ক্ৰিয়া কৰে, তাকেই নিষ্ক্ৰিয় উপকাৰণ বোলে।

খ) জ্বলি থকা জুই শিখা এটা খেৰৰ দমৰ ওপৰত পেলাই দিয়াত পুৰি দাহ হৈ গ’ল। ইয়াত জুই শিখাটো সক্ৰিয় উপকাৰণ আৰু খেৰৰ দমটো নিষ্ক্ৰিয় উপকাৰণ।

গ) সক্ৰিয় উপকাৰণক শক্তিৰ প্ৰকৃত উৎস বুলি ধৰা হয়। আনহাতে, নিষ্ক্ৰিয় উপকাৰণক শক্তিবিহীন বুলি ধৰা হৈছে। তথাপি সক্ৰিয় উপকাৰণৰ দৰে ইয়াৰ অৰিহনা নুই কৰিব নোৱাৰি।

৯। কাৰণ সমন্বয় আৰু কাৰ্য সংমিশ্ৰণৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ কাৰণ সমন্বয় আৰু কাৰ্য সংমিশ্ৰণৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—

ক) যেতিয়া একাধিক কাৰণ লগ-লাগি কোনো এক জটিল বা মিশ্ৰ কাৰ্য সম্পাদন কৰে, তেতিয়া সেই কাৰণবোৰৰ সংযোজনক কাৰণ সমন্বয় বোলে। আনহাতে, সংযোজিত কাৰণৰ দ্বাৰা সম্পন্ন হোৱা বিভিন্ন কাৰ্যৰ মিশ্ৰণক কাৰ্য সংমিশ্ৰণ বোলে।

খ) এখন ফুটবল খেলত জয়ী হ’বলৈ হ’লে এজনৰ নহয়, বহুত কেইজন খেলুৱৈৰ প্ৰচেষ্টাৰ প্ৰয়োজন। ইয়াক কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলে। আনহাতে, পানী, চাহপাত, চেনী, গাখীৰ আদিৰ সংমিশ্ৰণৰ ফলত চাহ বনোৱা হয়। ইয়াক কাৰ্য সংমিশ্ৰণ বোলে।

গ) কাৰণ সমন্বয়ত কেইবাটাওঁ কাৰণৰ সমন্বয়ৰ প্ৰয়োজন। আনহাতে, কাৰ্য সংমিশ্ৰণত কেইবাটাও উপাদানৰ প্ৰয়োজন।

১০। এৰিষ্ট’টলৰ মতে কাৰণ কেই প্ৰকাৰৰ আৰু কি কি? আলোচনা কৰা।
উত্তৰঃ বিখ্যাত গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলৰ মতে কাৰণ কোনো এক বিশিষ্ট ঘটনা নহয়, ই ঘটনাৰ সমবায় বা কেইবাটাও উপকাৰণৰ সমষ্টি। এৰিষ্ট’টলৰ মতে কাৰণ চাৰি প্ৰকাৰৰ। যেনে—

ক) উপাদান কাৰণঃ যি দ্ৰৱ্য, বস্তু বা পদাৰ্থ বা উপাদানেৰে কোনো কাৰ্য উৎপন্ন কৰা হয়, তাকেই উপাদান কাৰণ বোলে। যি দ্ৰৱ্য বা উপাদানত কোনো পৰিৱ্ৰতন ঘটোৱা হয়, সেই দ্ৰৱ্য বা উপাদানক উপাদান কাৰণ বোলে। কাৰ্যৰ প্ৰকৃতি উপাদানৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰে। উদাহৰণস্বৰূপে কুমাৰে মাটিৰ এটা মূৰ্ত্তি সাজিলে। ইয়াত মাটি হ’ব মূৰ্তিৰ উপাদান কাৰণ।

খ) আকাৰগত কাৰণঃ দ্ৰৱ্য বা উৎপাদনত যি আকাৰ প্ৰদান কৰি কাৰ্যটো ঘটোৱা হয়, তাকেই আকাৰগত কাৰণ বোলে। বস্তু এটা উৎপন্ন হোৱাৰ পিছত সেই বস্তুটোত এটা নতুন ৰূপ দেখা যায়। উদাহৰণস্বৰূপে কোনো এজন খনিকৰে মাৰ্বল পাঁথৰত মহাত্মা গান্ধীৰ ৰূপ দি মূৰ্তি এটা সাজিলে। এনে ক্ষেত্ৰত মূৰ্তিটোত যি ৰূপ দিয়া হয় সেয়াই হ’ব আকাৰগত কাৰণ।

গ) নিমিত্ত কাৰণঃ কোনো এটা কাৰ্য উৎপাদন কৰিবলৈ যি শক্তি, দক্ষতা, কৌশল, পাৰদৰ্শিতা আদিৰ প্ৰয়োজন, তাকেই নিমিত্ত কাৰণ বোলে। উদাহৰণস্বৰূপে, শিপিনীৰ দক্ষতা, পাৰদৰ্শিতা আদি হ’ব বস্ত্ৰৰ নিমিত্ত কাৰণ।

ঘ) পৰিণাম কাৰণঃ যি উদ্দেশ্য পূৰণৰ বাবে কোনো কাৰ্য উৎপন্ন কৰা হয়, তাকেই পৰিণাম কাৰণ বোলে। কোনো ব্যক্তিৰ স্মৃতিক যুগমীয়া কৰাৰ উদ্দেশ্যে মাৰ্বল পাথৰেৰে তেওঁৰ প্ৰতিমূৰ্তি সজোৱা হয়।

এৰিষ্ট’টলৰ মতে উপাদান কাৰণ আৰু আকাৰগত কাৰণ হৈছে আভ্যন্তৰীণ কাৰণ। আনহাতে, নিমিত্ত কাৰণ আৰু পৰিণাম কাৰণ হৈছে বাহ্যিক কাৰণ।

১১। প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—

ক) প্ৰকৃতিৰ একৰূপতা বিধি অনুসৰি একেই পৰিস্থিতিত প্ৰকৃতিয়ে সদায় একেদৰে আচৰণ কৰে। আনহাতে, কাৰ্যকাৰণ বিধি অনুসৰি প্ৰত্যেক ঘটনাৰ একোটা সুনিৰ্দিষ্ট কাৰণ আছে।

খ) প্ৰকৃতিৰ একৰূপতা বিধি আগমনৰ অৱশ্য স্বীকাৰ্য, স্বতঃসিদ্ধ মৌলিক নীতি।আনহাতে, কাৰ্যকাৰণ বিধি প্ৰকৃতিৰ একৰূপতাৰ এটা বিশেষ ৰূপ মাত্ৰ।

গ) প্ৰকৃতিৰ একৰূপতা বিধিৰ প্ৰয়োগক্ষেত্ৰ বহল। আনহাতে, কাৰ্যকাৰণ বিধিৰ প্ৰয়োগক্ষেত্ৰ সীমিত।

ঘ) প্ৰকৃতিৰ একৰূপতা বিধিয়ে দৃষ্টান্তৰ সংখ্যাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে।আনহাতে, কাৰ্যকাৰণ বিধিয়ে দৃষ্টান্তৰ সংখ্যাৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে।

ঙ) প্ৰকৃতিৰ একৰূপতা বিধি বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ ভিত্তি।আনহাতে, কাৰ্যকাৰণ বিধি অকল বৈজ্ঞানিক আগমন অনুমানৰহে মূল ভিত্তি।

১২। প্ৰতীত্যসমূৎপাদ বুলিলে কি বুজা?
উত্তৰঃ প্ৰতীত্যসমূৎপাদ মতবাদটোৱে বৌদ্ধ দৰ্শনত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। ‘প্ৰতীত্য’ শব্দটোৰ অৰ্থ ‘পোৱা’ ‘সমূৎপাদ’ শব্দটোৰ অৰ্থ হৈছে ‘উদ্ভৱ হোৱা’ অৰ্থাৎ প্ৰতীত্যসমূৎপাদৰ অৰ্থ হৈছে কিবা এটাক অৱলম্বন কৰি অন্য কিবা এটাৰ উদ্ভৱ হোৱা। বুদ্ধৰ মতে এই জগতত বিনা কাৰণে বা আকস্মিকভাৱে একো ঘটিব নোৱাৰে। প্ৰতিটো ঘটনা কিবা এটা কাৰণৰ ওপৰত নিৰ্ভৰশীল। এই কাৰ্যকাৰণ সম্বন্ধ এক সাৰ্বিক আৰু অৱশ্য-স্বীকাৰ্য নিয়ম। এই কাৰ্যকাৰণ নিয়ম অনুসাৰে জগতৰ সকলো ঘটনা পৰিচালিত হৈ আছে। বৌদ্ধ দৰ্শনত কাৰ্যকাৰণ নিয়মক প্ৰতীত্যসমূৎপাদ বোলা হৈছে। এই নিয়ম অনুসাৰে জগতৰ সকলো ঘটনা কোনো কাৰণ অবলম্বন কৰিহে উৎপন্ন হয়।

Leave a Comment