Class 12 Logic Chapter 4 Question Answer

আপুনি বাৰু HS Final Exam 2023 দিয়াৰ বাবে প্ৰস্তুতি লৈছে নেকি? আপুনি এতিয়া Class 12 Logic Chapter 4 Question Answer বিচাৰি ইয়ালৈ আহিছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আপুনি এই লিখনিৰ পৰা Class 12 Logic Chapter 4 Question Answer পাব পাৰে।

Watch FREE Video Classes

ইয়াৰ আগতে আমি Class 12 Logic Chapter 3 Question Answer আলোচনা কৰিছো, যদি আপুনি বিচাৰে তেন্তে লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Class 12 Logic Chapter 4 Question Answer for ASHEC 2023

এই Class 12 Logic Chapter 4 Question Answer ত আমি কি কি কথা আলোচনা কৰিব প্ৰয়াস কৰিছোঁ তাৰ বিষয়ে অলপ কব বিচাৰোঁ। আমি Class 12 Logic Chapter 4 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰৰ লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ যিয়ে আপোনাক 2023 HS Final Exam ত বহুত সহায় কৰিব।

চমু উত্তৰৰ প্ৰশ্নঃ

১। ব্যতিৰেকী প্ৰণালী প্ৰয়োগৰ বাবে কিমান দৃষ্টান্তৰ প্ৰয়োজন?
উত্তৰঃ দুটা।

২। অন্বয়ী প্ৰণালী প্ৰয়োগে এটা নিশ্চিত সিদ্ধান্ত দিয়েনে?
উত্তৰঃ নিদিয়ে।

৩। “তাপ যিমানেই বৃদ্ধি হয় থাৰ্মমিটাৰৰ পাৰা সিমানেই আয়তন বিস্তৃত হয়। গতিকে তাপেই পাৰাৰ বিস্তৃতৰ কাৰণ।” -কি পৰীক্ষণমূলক প্ৰণালীৰ দ্বাৰা এই সিদ্ধান্তত উপনীত হোৱা গৈছে লিখা।
উত্তৰঃ সহ-পৰিৱৰ্তন প্ৰণালী।

৪। “বৰফত তাপ প্ৰয়োগ কৰিলে বৰফ গলি যায়। তাপ প্ৰয়োগ নকৰিলে বৰফ গলি নাযায়। গতিকে তাপেই বৰফ গলি যোৱাৰ কাৰণ।” এই যুক্তিটোত প্ৰয়োগ কৰা পৰীক্ষণমূলক পদ্ধতিৰ নাম লিখা।
উত্তৰঃ ব্যতিৰেকী প্ৰণালী।

৫। “নানা কাৰণবাদৰ সম্ভাৱনীয়তাই অন্বয়ী প্ৰণালীক নিষ্ফল কৰিব নোৱাৰে”। এইটো সচা নে?
উত্তৰঃ মিচা।

৬। পৰিশেষ প্ৰণালী প্ৰয়োগৰ বাবে কাৰ্য বা কাৰণৰ পূৰ্বজ্ঞানৰ প্ৰয়োজন হয়নে?
উত্তৰঃ হয়।

৭। “কোনো এটা ঘটনাক যদি কোনো কাৰ্যৰ কাৰণ বুলি জনা যায় তেনেহলে সি আন কাৰ্যৰ কাৰণ হ’ব নোৱাৰে।” এই সূত্ৰটো প্ৰতিষ্ঠিত পৰীক্ষণমূলক প্ৰণালীটোৰ নাম লিখা।
উত্তৰঃ পৰিশেষ প্ৰণালী।

৮। কাৰণ আৰু কাৰ্যৰ মাজত থকা পৰিমাণগত সম্পৰ্ক বিচাৰ কৰা পৰীক্ষণমূলক পদ্ধতিটোৰ নাম লিখা।
উত্তৰঃ সহ-পৰিবৰ্তন প্ৰণালী।

দীঘল উত্তৰৰ প্ৰশ্নঃ

১। আগমনাত্মক পদ্ধতিক কিয় অপসৰণৰ পদ্ধতি বোলা হয়?
উত্তৰঃ তৰ্কবিজ্ঞানী মিলৰ পৰীক্ষণমূলক পদ্ধতিসমূহেই হ’ল আগমন পদ্ধতি। ‘অপসৰণ’ মানে হ’ল অপ্ৰাসংগিক বিষয়ৰ বৰ্জন। অন্বেষনীয় ঘটনাৰ লগত লগ লাগি থকা আন-আন অলাগতিয়াল বা অপ্ৰাসংগিক বিষয়বোৰক এটা-এটাকৈ বৰ্জন কৰাকেই অপসৰণ বোলে। জটিল ঘটনাসমূহক বিশ্লেষণ কৰি পৰস্পৰ তুলনা কৰি কাৰ্য আৰু কাৰণৰ লক্ষণ অনুযায়ী অপ্ৰাসংগিক ঘটনাক বৰ্জন কৰি মাত্ৰ প্ৰাসংগিক বিষয়ত মনোনিৱেশ কৰা হয়। গতিকে দেখা যায় অপসৰণৰ দুটা দিশ আছে- নঞৰ্থক আৰু সদৰ্থক। অপ্ৰাসংগিক বিষয় বৰ্জন হৈছে অপসৰণৰ নঞৰ্থক দিশ। আনহাতে, প্ৰাসংগিক বিষয়ত মনোনিৱেশ হৈছে অপসৰণৰ সদৰ্থক দিশ।

২। অন্বয়ী প্ৰণালীক সূত্ৰসহ বাখ্যা কৰা।
উত্তৰঃ তৰ্কবিজ্ঞানী মিলে আগমনৰ সামান্য বচনটো নিশ্চিতভাৱে প্ৰতিষ্ঠিত কৰাৰ কাৰণে উদ্ভাৱন কৰা প্ৰণালীসমূহৰ ভিতৰত অন্বয়ী প্ৰণালী এক মূখ্য প্ৰণালী। মিলে অন্বয়ী প্ৰণালীৰ সূত্ৰ এইদৰে দিছে “অন্বেষণীয় ঘটনাবোৰত উপস্থিত থকা দুই বা তাতোধিক দৃষ্টান্তৰ মাজত যদি এটা মাত্ৰ সামান্য সংস্থিতি থাকে, আৰু যদি আটাইকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোতেই মাত্ৰ মিল থাকে তেনেহ’লে ইয়ে অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কাৰ্য হ’ব”

মিলৰ অন্বয়ী প্ৰণালীৰ সূত্ৰটো বিশ্লেষণ কৰিলে পোৱা যায় যে অন্বেষণীয় ঘটনাটোত উপস্থিত থকা দুই বা তাতোধিক দৃষ্টান্ত নিৰীক্ষণৰ সহায়ত সংগ্ৰহ কৰিব লাগে। সংগৃহীত দৃষ্টন্ত কেইটাক নিৰীক্ষণৰ দ্বাৰাই বিশ্লেষণ কৰি দৃষ্টান্তকেইটাৰ মাজত মিল থকা একমাত্ৰ সংস্থিতিটোৰ দ্বাৰাই অন্বেষণীয় ঘটনাৰ কাৰণ বা কাৰ্য নিৰ্ণয় কৰা হয়।

বাস্তৱ উদাহৰণঃ ধৰাহ’ল মেলেৰিয়া জ্বৰৰ কৰাণ নিৰ্ণয় কৰিব লাগে। এই উদ্দেশ্যে মেলেৰিয়া ৰোগ হোৱা কেইজনমান ৰোগীৰ দৃষ্টান্ত সংগ্ৰহ কৰি পোৱা গ’ল যে সিঁহতৰ বয়স, খাদ্য, বাসস্থান আদি বিষয়ত মিল নাই। কিন্তু আটাইবোৰ ৰোগীক এনফিলিছ মহে কামোৰা বুলি জনা গ’ল। গতিকে এনফিলিছ মহেই হ’ল মেলেৰিয়া জ্বৰৰ কাৰণ।

সাংকেতিক উদাহৰণঃ
পূৰ্ৱবৰ্তী ঘটনা পৰৱৰ্তী ঘটনা
A, B, C a, b, c
A, C, D a, c, d
A, D, E a, d, e

অৰ্থাৎ ‘A’ই হ’ল ‘a’ৰ কাৰণ।

অন্বয়ী প্ৰণালী অপসৰণৰ প্ৰথম সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। কাৰণ এই প্ৰণালীটো কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ পূৰ্বৱৰ্তী ঘটনাৰ বাদ দিব পৰা অংশ কাৰ্যৰ কাৰণ বা উপকাৰণ হিচাপে লোৱা হয়। অন্বয়ী প্ৰণালীক মূলতঃ নিৰীক্ষণৰ প্ৰণালী বুলিও কোৱা হয়। কাৰণ ইয়াৰ বাবে প্ৰয়োজনীয় দৃষ্টান্ত নিৰীক্ষণৰ সহায়ত সংগ্ৰহ কৰা হয়।

৩। অন্বয়ী প্ৰণালীক একান্বয়ী প্ৰণালী বুলি কোৱা হয় কিয়?
উত্তৰঃ অন্বয়ী প্ৰণালীত একাধিক দৃষ্টান্ত সংগ্ৰহ কৰি দৃষ্টান্তকেইটা পৰস্পৰৰ লগত তুলনা কৰি একমাত্ৰ অন্বয় বা মিল থকা বিষয়টো নিৰ্ণয় কৰাৰ চেষ্টা কৰা হয় বাবে এই প্ৰণালীক একান্বয়ী প্ৰণালী বোলা হয়।

৪। অন্বয়ী প্ৰণালীৰ সুবিধা আৰু অসুবিধা লিখা।
উত্তৰঃ সুবিধাঃ ক) অন্বয়ী প্ৰণালীৰ সৰিসৰ অতি ব্যাপক। এই প্ৰণালীৰ দ্বাৰা জগতৰ সকলো ঘটনাকে নিৰীক্ষণ কৰিব পাৰি। অনকি পৰীক্ষণ কৰিব নোৱাৰা ঘটনাকো নিৰীক্ষণ কৰিব পাৰি। গতিকে জগতৰ সকলো ক্ষেত্ৰতে অন্বয়ী প্ৰণালী প্ৰয়োগ কৰিব পাৰি।
খ) নিৰীক্ষণৰ দৰে অন্বয়ী প্ৰণালীৰ দ্বাৰাও কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ পোনে-পোনে নিৰ্ণয় কৰিব পাৰি।
গ) অন্বয়ী প্ৰণালী কাৰণ সম্পৰ্কে প্ৰকল্প গঠন কৰাত আৰু কাৰণ আৱিস্কাৰ কৰাত সহায় কৰে। অন্বয়ী প্ৰণালী নিৰীক্ষণৰ প্ৰণালী যদিও ই ঘটনাৰ কাৰ্যকাৰণ সম্পৰ্কে আমাৰ মনত প্ৰকল্প যোগায়। গতিকে অন্বয়ী প্ৰণালীয়ে বৈজ্ঞানিক অনুসন্ধানৰ দিশ নিৰ্ধাৰণ কৰাত সহায় কৰে।

অসুবিধাঃ
ক) অন্বয়ী প্ৰণালী ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় দৃষ্টান্ত সংগ্ৰহৰ অসুবিধা হয়। কাৰণ এই প্ৰণালীৰ বাবে প্ৰয়োজনীয় দৃষ্টান্তবোৰ সংগ্ৰহ কৰাৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।
খ) অন্বয়ী প্ৰণালী ব্যৱহাৰ কৰাৰ বাবে সংগৃহীত দৃষ্টান্তবোৰ নিৰীক্ষণৰ দ্বাৰা সঠিকভাৱে বিশ্লেষণ কৰাটো সহজ নহয়। অন্বয়ী প্ৰণালীৰ বাবে সংগৃহীত বৈশিষ্ট্যপূৰ্ণ দৃষ্টান্তবোৰ কেৱল নিৰীক্ষণৰ দ্বাৰাই বিশ্লেষণ কৰি কাৰ্য-কাৰণ নিৰ্ণয় কৰিলে ইয়াত অপৰ্যবেক্ষণ দোষ ঘটাৰ সম্ভৱনা থাকে।
গ) অন্বয়ী প্ৰণালী প্ৰকৃতিগত দোষৰ পৰা মুক্ত নহয়। কৰাণ এই দোষ অন্বয়ী প্ৰণালীৰ প্ৰকৃতি বা স্বৰূপৰ মাজত নিহিত হৈ আছে। উদাহৰণস্বৰূপে- একেই নিৰ্মল পানীৰ লগত তিনিজন মানুহক বেলেগ-বেলেগ ধৰণৰ বিষ খোৱাই হত্যা কৰা হ’ল। অন্বয়ী প্ৰণালীৰ মতে নিৰ্মল পানীয়েই হ’ল এই মানুহ তিনিজনৰ মৃত্যুৰ কাৰণ। কিন্তু ই অসম্ভৱ। গতিকে এই প্ৰণালী নান কাৰণবাদৰ পৰা মুক্ত নহয়।
ঘ) অন্বয়ী প্ৰণালীয়ে কাৰ্যকাৰণ সম্বন্ধক সহাৱস্থান সম্বন্ধ আৰু সহকাৰ্য সম্বন্ধৰ পৰা পৃথক কৰিব নোৱাৰে। দুটা ঘটনা নিয়তভাৱে উপস্থিত থাকিলে এটা আনটোৰ কাৰ্য নহবও পাৰে। উদাহৰণস্বৰূপে- বিজুলী ঢেৰেকণীৰ কাৰণ নহয়, দুয়োটা সহকাৰ্যহে মাথোন।

৫। ব্যতিৰেকী প্ৰণালী কি? সূত্ৰ আৰু উদাহৰণসহ লিখা।
উত্তৰঃ তৰ্কবিজ্ঞানী মিলৰ মতে ব্যতিৰেকী প্ৰণালী হ’ল- “অন্বেষণীয় ঘটনাটোত উপস্থিত থকা এটা দৃষ্টান্ত আৰু ঘটনাটোত উপস্থিত নথকা আন এটা দৃষ্টান্তৰ মাজত যদি কেৱল এটা সংস্থিতি বা বিষয়ৰ বাহিৰে আন সকলো বিষয়তে সম্পূৰ্ণভাৱে মিল থাকে আৰু মিল নথকা বিষয়টো যদি প্ৰথম দৃষ্টান্ত উপস্থিত থাকে, তেনেহ’লে দৃষ্টান্ত দুটাৰ মাজত মিল নথকা একমাত্ৰ বিষয়টোৱে অন্বেষণীয় ঘটনাটোৰ কাৰ্য নাইবা কাৰণৰ অপৰিহাৰ্য অংগ হ’ব”। ব্যতিৰেকী প্ৰণালীৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে পোৱা যায় যে এই প্ৰণালী প্ৰয়োগ কৰাৰ বাবে মাত্ৰ দুটা দৃষ্টান্তৰ প্ৰয়োজন। দৃষ্টান্ত দুটাৰ মাজত একমাত্ৰ মিল নথকা বিষয়টো প্ৰথম দৃষ্টান্তত থাকে আৰু সেই বিষয়টোৱে অন্বেষণীয় ঘটনাৰ কাৰ্য বা কাৰণ বা উপকাৰণ।

সাংকেতিক উদাহৰণঃ

পূৰ্ববৰ্তী ঘটনা অনুৱৰ্তী ঘটনা
A, B, C a, b, c
B, C b, c

অৰ্থাৎ ‘A’ই হ’ল ‘a’ৰ কাৰণ।

বাস্তৱ উদাহৰণঃ বায়ুপূৰ্ণ পাত্ৰ এটাত ঘন্টা বজালে শব্দ শুনা যায়। কিন্তু বায়ু শুণ্য পাত্ৰ এটাত ঘন্টা বজালে শব্দ শুনা নাযায়। গতিকে বায়ুৰ উপস্থিতিয়ে শব্দ শুনাৰ কাৰণ।

ব্যতিৰেকী প্ৰণালীত দুটা দৃষ্টান্তৰ মাজত থকা ব্যতিৰেকী বা অমিলৰ ওপৰত ভিত্তি কৰি কাৰ্য বা কাৰণ নিৰ্ণয় কৰাৰ চেষ্টা কৰা হয় বাবে এই প্ৰণালীক ব্যতিৰেকী প্ৰণালী বোলা হয়। ব্যতিৰেকী প্ৰণালী অপসৰণৰ দ্বিতীয় সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। কাৰণ এই প্ৰণালীত কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ পূৰ্ৱবৰ্তী ঘটনাৰ বাদ দিব নোৱাৰা অংশ কাৰ্যৰ কাৰণ নাইবা উপকাৰণ হ’বই।

৬। ব্যতিৰেকী প্ৰণালীৰ সুবিধা আৰু অসুবিধাসমূহ লিখা।

উত্তৰঃ ব্যতিৰেকী প্ৰণালীত পৰীক্ষণৰ প্ৰণালী হিচাপে তলত দিয়া সুবিধাবোৰ থকা দেখা যায়—
ক) ব্যতিৰেকী প্ৰণালীৰ বাবে মাত্ৰ দুটা দৃষ্টান্তৰ প্ৰয়োজন। এই দৃষ্টান্ত দুটা পৰীক্ষণৰ জৰিয়তে সংগ্ৰহ কৰা হয়।
খ) পৰীক্ষণৰ জৰিয়তে দৃষ্টান্ত দুটা সংগ্ৰহ কৰি এই প্ৰণালী সঠিকভাৱে প্ৰয়োগ কৰিলে ই উৎকৃষ্ট আগমন প্ৰণালী হয়।
গ) ব্যতিৰেকী প্ৰণালী প্ৰয়োগৰ দ্বাৰা নিশ্চিতভাৱে কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰিব পাৰি।

ব্যতিৰেকী প্ৰণালীৰ কেইটামান দোষ বা অসুবিধা হ’ল—
ক) ব্যতিৰেকী প্ৰণালীৰ পৰিসৰ ঠেক। সকলো ক্ষেত্ৰতে ইয়াক প্ৰয়োগ কৰিব নোৱাৰি।
খ) এই প্ৰণালী প্ৰয়োগৰ দ্বাৰা কাৰ্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কাৰ্য পোনে-পোনে নিৰ্ণয় কৰিব নোৱাৰি।
গ) এই প্ৰণালী নানা কাৰণ সম্ভাৱনাৰ পৰা সম্পূৰ্ণভাৱে মুক্ত নহয়।
ঘ) এই প্ৰণালীয়ে কাৰণক উপকাৰণৰ পৰা পৃথক কৰিব নোৱাৰে।
ঙ) ইয়াক অসতৰ্কভাৱে প্ৰয়োগ কৰিলে কাকতালীয় দোষ ঘটাৰ সম্ভাৱনা থাকে।
চ) পৰীক্ষণৰ দৰে এই প্ৰণালীৰো প্ৰয়োগ সগজসাধ্য নহয়।

৭। উদাহৰণসহ সহ-পৰিৱৰ্তন পদ্ধতি বাখ্যা কৰা।
উত্তৰঃ তৰ্কবিজ্ঞানী মিলে সহ-পৰিৱৰ্তন পদ্ধতিৰ সংজ্ঞা এনেদৰে দিছে, “যেতিয়া কোনো এটা ঘটনাৰ কোনো ৰূপ পৰিৱৰ্তন হয়, তেতিয়াই যদি আন কোনো এটা ঘটনাৰো বিশেষ ধৰণৰ কোনো ৰূপ পৰিৱৰ্তন হয়, তেন্তে সেই ঘটনাটো আনটো ঘটনাৰ কাৰণ বা কাৰ্য বা কোনো প্ৰকাৰৰ কাৰ্যকাৰণ সম্বন্ধৰে জড়িত হ’ব”। এই সংজ্ঞাটো বিশ্লেষণ কৰিলে পোৱা যায় যে সহ-পৰিৱৰ্তন পদ্ধতিৰ বাবে দুটা দৃষ্টান্ত পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজন হয় আৰু সেই ঘটনা দুটাৰ সহ-পৰিৱৰ্তন ঘটিলে পূৰ্বৱৰ্তী ঘটনাটো অনুবৰ্তী ঘটনাটোৰ কাৰণ হ’ব।

সাংকেতিক উদাহৰণঃ
পূৰ্ববৰ্তী ঘটনা অনুৱৰ্তী ঘটনা
A, B, C x, y, z
A2, B, C x2, y, z
A3, B, C x3, y, z

অৰ্থাৎ ‘A’ই হ’ল ‘x’ৰ কাৰণ।

বাস্তৱ উদাহৰণঃ উত্তাপ যিমানে বাঢ়ে তাপমান যন্ত্ৰৰ পৰা পাৰা সিমানেই বাঢ়ে। গতিকে সিদ্ধান্ত কৰা হ’ল যে তাপ হ’ল পাৰা বৰ্দ্ধনৰ কাৰণ। সহ-পৰিৱৰ্তন পদ্ধতি অপসৰণৰ তৃতীয় সূত্ৰৰ লগত জড়িত। যদি দুটা ঘটনা একেলগে পৰিৱৰ্তন হয়, তেন্তে আগত ঘটা ঘটনাটো পৰৱৰ্তী ঘটনাটোৰ কাৰণ হ’ব। সহ-পৰিৱৰ্তন পদ্ধতি দুই প্ৰকাৰৰ- (ক) একমুখী সহ-পৰিৱৰ্তন আৰু (খ) বিপৰীতমুখী সহ-পৰিৱৰ্তন।

একমুখী সহ-পৰিৱৰ্তন পদ্ধতিত পূৰ্বৱৰ্তী ঘটনা আৰু অনুৱৰ্তী ঘটনা দুটা একে দিশত পৰিৱৰ্তন হয় আৰু বিপৰীতমুখী সহ-পৰিৱৰ্তন পদ্ধতিত ঘটনা দুটা বিপৰীত দিশত পৰিৱৰ্তন হয়।

৮। সহ-পৰিৱৰ্তন প্ৰণালীৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা।
উত্তৰঃসুবিধাঃ ক)স্থায়ী উপাদানসমূহৰ কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয়ৰ ক্ষেত্ৰত সহ-পৰিৱৰ্তন প্ৰণালীৰ বিশেষ উপযোগিতা আছে।
খ) কেৱল সহ-পৰিৱৰ্তন প্ৰণালীৰ জৰিয়তেহে কাৰ্য আৰু কাৰণৰ পৰিমাণগত লক্ষণ বিচাৰ কৰিব পাৰি।

অসুবিধাঃ
ক) বাস্তৱভাৱে নিৰীক্ষণ তথ্যৰ বাহিৰত সহ-পৰিৱৰ্তন প্ৰণালী কাৰ্যকৰী নহয়। যেনে- তাপৰ প্ৰভাৱত পানী প্ৰসাৰিত হয় আৰু চেঁচা হ’লে ই সংকুচিত হয়। কিন্তু এনে তাৰতম্য সকলো তাপমানত একে নহ’বও পাৰে।
খ) গুণগত তাৰতম্যৰ ক্ষেত্ৰত সহ-পৰিৱৰ্তন প্ৰণালী কাৰ্যকৰী নহয়। কেৱল পৰিমাণগত তাৰতম্যৰ ক্ষেত্ৰতহে এই প্ৰণালী প্ৰয়োগ হয়।
গ) সহ-পৰিৱৰ্তন প্ৰণালীৰ ঘটনা দুটা এটা আনটোৰ কাৰণ বা কাৰ্য নে তৃতীয় কোনো ঘটনাৰ সহপোজাত কাৰ্য তাক নিশ্চিতকৈ জানিব নোৱাৰি।

৯। পৰিশেষ প্ৰণালী কাক বোলে? উদাহৰণৰ সৈতে লিখা।
উত্তৰঃ তৰ্কবিজ্ঞানী মিলে পৰিশেষ প্ৰণালীৰ সূত্ৰ এনেদৰে দিছে, “কোনো ঘটনাৰ যি অংশক পূৰ্বজ্ঞাত আগমনৰ পৰা কোনো বিশেষ-বিশেষ পূৰ্বৱৰ্তী অংশৰ কাৰ্য বুলি জনা গৈছে, সেই অংশবোৰক সমগ্ৰ ঘটনাৰ পৰা বাদ দিলে যি অংশ অৱশিষ্ট থাকে সেই অংশ পূৰ্বৱৰ্তী অৱশিষ্ট অংশৰ কাৰ্য হ’ব”। এই সংজ্ঞাটো বিশ্লেষণ কৰিলে পোৱা যায় যে একাধিক কাৰণ সমন্বয়ে এক জটিল কাৰ্য কৰিব পাৰে। এনে কাৰ্যৰ কোনো অংশৰ কাৰণ জনা থাকিলে ইয়াৰ অৱশিষ্ট অংশৰ কাৰণ নিৰ্ণয় কৰিব পাৰি।

সাংকেতিক উদাহৰণঃ

পূৰ্বৱৰ্তী ঘটনা অনুৱৰ্তী ঘটনা
A, B, C a, b, c
B, C b, c

অৰ্থাৎ ‘A’ই হ’ল ‘a’ৰ কাৰণ।
বাস্তৱ উদাহৰণঃ কাপোৰৰ সৈতে বাকচ এটাৰ ওজন ২০ কি.গ্ৰা.। যদি বাকচটোৰ ওজন ২ কি. গ্ৰা. বুলি জনা থাকে, তেন্তে কাপোৰৰ ওজন ১৮ কি. গ্ৰা.।

পৰিশেষ প্ৰণালীক কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিবলৈ প্ৰয়োগ কৰাৰ উপৰিও কাৰণ নিৰ্ণয়ৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰি। অৱশ্যে পৰিশেষ প্ৰণালীত নিগমনাত্মক প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। যদিওঁ এই প্ৰণালী আন-আন আগমন প্ৰণালীসমূহৰ দৰেই আগমনাত্মক।

পৰিশেষ প্ৰণালী অপসৰণৰ চতুৰ্থ সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। পৰিশেষ প্ৰণালীৰ মতে যি ঘটনা কোনো এটা কাৰ্যৰ কাৰণ সি আন কোনো কাৰ্যৰ কাৰণ হ’ব নোৱাৰে। এই পদ্ধতিত অৱশিষ্ট অংশৰ ভিত্তিত কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰা হয় বাবে এই পদ্ধতিক পৰিশেষ প্ৰণালী বোলা হয়।

১০। পৰিশেষ প্ৰণালী ব্যতিৰেকী প্ৰণালীৰ এক বিশেষ ৰূপ নেকি?
উত্তৰঃ পৰিশেষ প্ৰণালী আৰু ব্যতিৰেকী প্ৰণালীৰ মাজত প্ৰয়োজনীয় উপাদান আৰু প্ৰয়োগ বিধিত গুৰুত্বপূৰ্ণ সাদৃশ্য থকা দেখা যায় বাবে এই প্ৰণালীক ব্যতিৰেকী প্ৰণালীৰ এক বিশেষ ৰূপ বুলি কোৱা হয়। কিন্তু প্ৰকৃততে পৰিশেষ প্ৰণালী আৰু ব্যতিৰেকী প্ৰণালীৰ মাজত মৌলিক পাৰ্থক্য দেখা যায়। ব্যতিৰেকী প্ৰণালীত নঞৰ্থক দৃষ্টান্তটো পৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হয়, কিন্তু পৰিশেষ প্ৰণালীত এই দৃষ্টান্তটো পূৰ্ব অভিজ্ঞতাৰ ভিত্তিত আগমন অনুমানৰ পৰা নিগমন প্ৰক্ৰিয়াৰে পোৱা যায়। পৰিশেষ প্ৰণালীত দৃষ্টান্তবোৰ যোগান ধৰে পূৰ্বৰ আগমনৰ পৰা নিগমনে। পৰিশেষ প্ৰণালীত নিগমনাত্মক প্ৰক্ৰিয়াৰ প্ৰয়োগ অধিক। কিন্তু ব্যতিৰেকী প্ৰণালীত নিগমনাত্মক প্ৰক্ৰিয়াৰ অধিক প্ৰয়োগ হোৱা দেখা নাযায়। কাৰণ এই প্ৰণালী এটা বিশুদ্ধ আগমনাত্মক পদ্ধতি। গতিকে দেখা যায় যে পৰিশেষ প্ৰণালী আৰু ব্যতিৰেকী প্ৰণালীৰ মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। কিন্তু এই দুয়োটা প্ৰণালী একেই নীতিৰ ওপৰত প্ৰতিষ্ঠিত। সেয়েহে পৰিশেষ প্ৰণালী এটা স্বতন্ত্ৰ প্ৰণালী, ই ব্যতিৰেকী প্ৰণালীৰ ৰূপ নহয়।

১১। অন্বয়ী প্ৰণালীক কিয় আবিস্কাৰৰ প্ৰণালী বোলা হয়?
উত্তৰঃ অন্বয়ী প্ৰণালী মূলতঃ আবিস্কাৰৰ প্ৰণালী। কাৰণ এই প্ৰণালীয়ে অন্বেষণীয় ঘটনাৰ সাম্ভাৱ্য কাৰণ সম্পৰ্কে এটা ইংগিতহে দিব পাৰে, কিন্তু এই সাম্ভাৱ্য কাৰণটো প্ৰকৃত কাৰণ হয় নে নহয়- তাৰ প্ৰমাণ দিব নোৱাৰে।

অন্বয়ী প্ৰণালী অন্বয়ী প্ৰণালী প্ৰয়োগ কৰিবলৈ হ’লে অন্বেষণীয় ঘটনা সম্পৰ্কীয় দুটা বা তাতোধিক দৃষ্টান্ত সংগ্ৰহ কৰিব লাগে আৰু এই দৃষ্টান্তকেইটাৰ মাজত মাত্ৰ এটা বিষয়ত মিল থাকিব লাগে। কিন্তু অন্বয়ী প্ৰণালীৰ দৃষ্টান্তকেইটা নিৰীক্ষণৰ সহায়ত সংগ্ৰহ কৰা হয়। দৃষ্টান্তকেইটাত মাত্ৰ এটা বিষয়তহে মিল আছে নে আন কোনো মিল থকা বিষয় নিৰীক্ষণৰ অন্তৰালত লুকাই আছে নিৰীক্ষণৰ দ্বাৰা নিশ্চিতভাৱে ধৰিব নোৱাৰি। সেইকাৰণে অন্বয়ী প্ৰণালীয়ে অন্বেষণীয় ঘটনাৰ নগত মিল থকা বিষয়টোৰ সম্বন্ধ কাৰ্যকাৰণ নে সহাৱস্থানৰ সম্বন্ধ তাক নিশ্চিতভাৱে নিৰ্ণয় কৰিব নোৱাৰে। কিন্তু কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিব নোৱাৰিলেও কাৰ্যকৰাণ সম্বন্ধ থাকিব পাৰে বুলি ইংগিত এই প্ৰণালীয়ে দিয়ে। সেই কাৰণেই অন্বয়ী প্ৰণালীক মূলতঃ আবিস্কাৰৰ প্ৰণালী বুলি কোৱা হয়।

১২। ব্যতিৰেকী প্ৰণালীক কিয় মূলতঃ পৰীক্ষণৰ প্ৰণালী বুলি কোৱা হয়?
উত্তৰঃ ব্যতিৰেকী প্ৰণালী প্ৰয়োগ কৰিবলৈ হ’লে মাত্ৰ দুটা দৃষ্টান্তৰ প্ৰয়োজন। কিন্তু দৃষ্টান্ত দুটা অতি বৈশিষ্ট্যপূৰ্ণ। কাৰণ দৃষ্টান্ত দুটাৰ এটাত অন্বেষণীয় ঘটনাটো উপস্থিত থাকে আৰু আনটোত নাথাকে। দৃষ্টান্ত দুটাৰ মাজত মাত্ৰ এটা বিষয়ত মিল থাকে আৰু আনটোত নাথাকে। এনে বৈশিষ্ট্যপূৰণ দৃষ্টান্ত নিৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰিব নোৱাৰি। কাৰণ নিৰীক্ষণত ঘটনা আৰু পৰিৱেশ নিৰীক্ষকৰ নিয়ন্ত্ৰণাধীন নাথাকে। এনে বৈশিষ্ট্যপূৰ্ণ দৃষ্টান্ত সকলো পাৰিপাৰ্শ্বিক অৱস্থা নিজৰ নিয়ন্ত্ৰণত ৰাখি কেৱল পৰীক্ষণৰ দ্বাৰাহে সংগ্ৰহ ৰপিব পাৰি। সেই কাৰণে ব্যতিৰেকী প্ৰণালীক মূলতঃ পৰীক্ষমৰ প্ৰণালী বুলি অভিহিত কৰা হয়।

পৰীক্ষণৰ প্ৰণালী হোৱা বাবে এই প্ৰণালীয়ে দুটা ঘটনাৰ মাজত কাৰ্যকাৰণ সম্বন্ধ সু-নিশ্চিতভাৱে প্ৰমাণ কৰিব পাৰে। সেইবাবে এই প্ৰণালীক মূলতঃ প্ৰমাণৰ প্ৰণালী বোলা হয়। আগমন প্ৰণালী কেইটাৰ ভিতৰত ব্যতিৰেকী প্ৰণালীয়েই হ’ল সৰ্বোত্তম।

১৩। মিশ্ৰ পদ্ধতি বা অন্বয়ী-ব্যতিৰেকী প্ৰণালীক সূত্ৰসহ বাখ্যা কৰা। ইয়াক কিয় দ্বৈত অন্বয়ী প্ৰণালী বোলে?

উত্তৰঃ তৰ্কবিজ্ঞানী মিলে অন্বয়ী-ব্যতিৰেকী প্ৰণালীৰ সূত্ৰটো এনেদৰে দিছে, “অন্বেষণীয় ঘটনাটোত উপস্থিত থকা দুই বা তাতোধিক দৃষ্টান্তৰ মাজত যদি এটা মাত্ৰ সামান্য সংস্থিতি থাকে আৰু অন্বেষণীয় এই ঘটনাটো উপস্থিত নথকা দুই বা তাতোধিক দৃষ্টান্তৰ মাজত যদি সামান্য সংস্থিতিটোৰ অনুপস্থিতিৰ বাহিৰে আন কোনো বিষয়তেই মিল নাথাকে, তেনেহ’লে এই দুই শ্ৰেণীৰ দৃষ্টান্তৰ মাজত থকা পাৰ্থক্যবোধক এই সামান্য সংস্থিতিটোৱেই অন্বেষণীয় ঘটনাটোৰ কাৰ্য নাইবা কাৰণৰ অপৰিহাৰ্য অংগ হ’ব।”

গতিকে অন্বয়ী-ব্যতিৰেকী প্ৰণালীত দুই শ্ৰেণীৰ দৃষ্টান্ত সংগ্ৰহ কৰি এটা বিষয়ৰ মিল থকা দৃষ্টান্তটো উলিয়াব লাগে। আকৌ আনটো শ্ৰেণীৰ দৃষ্টান্তটোত সামান্য দৃষ্টান্তটোত অমিল থাকে।

সাংকেতিক উদাহৰণঃ

দৃষ্টান্তৰ সংখ্যা
অন্বয়ী দৃষ্টান্তৰ শ্ৰেণী
ব্যতিৰেকী দৃষ্টান্তৰ শ্ৰেণী
প্ৰথম দৃষ্টান্ত
A, B, C—a, b, c
B, C, D—b, c, d

দ্বিতীয় দৃষ্টান্ত
A, C, D—a, c, d
C, D, E—c, d, e

তৃতীয় দৃষ্টান্ত
A, D, E—a, d, e
E, F, G—e, f, g
এতেকে, ‘A’ই হ’ল ‘a’ৰ কাৰণ

বাস্তৱ উদাহৰণঃ ধৰাহ’ল ফৰাচী সৈন্যৰ জয়লাভৰ কাৰণ নিৰ্ণয় কৰা হল। প্ৰথমে ফৰাচী সৈন্যই জয়লাভ কৰা কেইখন মান যুদ্ধৰ দৃষ্টান্ত সংগ্ৰহ কৰা হ’ল আৰু বিশ্লেষণ কৰি দেখা গ’ল প্ৰত্যেকখনতে নেপ’লিয়ন নিজে উপস্থিত থাকি যুদ্ধ পৰিচালনা কৰিছিল। ইয়াৰ পিছত ফৰাচী সৈন্যই পৰাজয় বৰণ কৰা কেইখনমান যুদ্ধৰ দৃষ্টান্ত সংগ্ৰহ কৰি বিশ্লেষণ কৰি দেখা গ’ল যে প্ৰত্যেকখনতেই নেপ’লিয়ন অনুপস্থিত আছিল।

গতিকে সিদ্ধান্ত কৰা হ’ল যে নেপ’লিয়নৰ নিপুণ সৈন্য পৰিচালনাই ফৰাচী সৈন্যৰ জয়লাভৰ কাৰণ।

এই পদ্ধটোক মিশ্ৰ পদ্ধতি বা অন্বয়ী-ব্যতিৰেকী প্ৰণালী বোলা হয়। কাৰণ ইয়াত অন্বয়ী আৰু ব্যতিৰেকী দুয়ো প্ৰকাৰৰ প্ৰণালীৰ কাৰণে দুই শ্ৰেণীৰ দৃষ্টান্ত লোৱা হয়। ইয়াত এক শ্ৰেণীৰ সদৰ্থক দৃষ্টান্ত লোৱা হয়, য’ত এটা মিল থকা সংস্থিতি আটাইবোৰ দৃষ্টান্ততে উপস্থিত থাকে। এক শ্ৰেণাৰ নঞৰ্থক দৃষ্টান্ত লোৱা হয়। নঞৰ্থক দৃষ্টান্তত অমিল বা ব্যতিৰেকী সংস্থিতি এটা থাকে। যিটো আটাইবোৰ দৃষ্টান্তৰ পূৰ্বৱৰ্তী আৰু অনুৱৰ্তী ঘটনা -উভয়তে অনুপস্থিত থাকে।

গতিকে ক’বলৈ গ’লে সদৰ্থক দৃষ্টান্ত শ্ৰেণীৰ উপস্থিতিৰ অন্বয় আৰু নঞৰ্থক দৃষ্টান্ত শ্ৰেণীৰ অনুপস্থিতিৰ অন্বয়ৰ দ্বাৰা কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰা হয়। গতিকে ইয়াক দ্বৈত অন্বয়ী প্ৰণালী বোলা হয়।

১৪। মিশ্ৰ পদ্ধতি বা অন্বয়ী-ব্যতিৰেকী প্ৰণালীৰ সুবিধা আৰু অসুবিধাবোৰ উল্লেখ কৰা।
উত্তৰঃসুবিধাঃ ক) মিশ্ৰ অন্বয়ী বা অন্বয়ী ব্যাতিৰেকী প্ৰণালী নিৰীক্ষণমূলক। মিৰীক্ষণৰ পৰিসৰ অতি ব্যাপক।
খ) এই প্ৰণালী প্ৰয়োগ কৰি কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ পোনে-পোনে নিৰ্ণয় কৰিব পাৰি।
গ) দুই শ্ৰেণীৰ দৃষ্টান্ত প্ৰয়োগ কৰা হয় বাবে ইয়াত আপেক্ষিকভাৱে নানাকাৰণবাদ দোষ উদ্ভৱৰ সম্ভাৱনা কম।

অসুবিধাঃ ক) নিৰীক্ষণৰ প্ৰণালী হোৱা হেতুকে ইয়াত নিৰীক্ষণৰ দোষসমূহ থাকি যায়।
খ) ই নানাকাৰণবাদ দোষৰ পৰা সম্পূৰ্ণ মুক্ত নহয়। নিৰীক্ষণত নিৰ্ভৰশীল হোৱা হেতুকে ইয়াত অপৰ্যবেক্ষণ দোষৰ সম্ভাৱনা থাকি যায়।
গ) কাৰ্যকাৰণ সম্বন্ধ আৰু সহাৱস্থান সম্পৰ্কৰ মাজত থকা পাৰ্থক্য মিশ্ৰ অন্বয়ী বা অন্বয়ী ব্যাতিৰেকী প্ৰণালীৰ দ্বাৰা নিৰ্ণয় কৰিব নোৱাৰি।
ঘ) এই পদ্ধতিৰ প্ৰয়োগ অতি কষ্টকৰ আৰু সময় সাপেক্ষ। সদৰ্থক দৃষ্টান্তসমূহ সংগ্ৰহ কৰিব পাৰিলেও নঞৰ্থক দৃষ্টান্তসমূহ সংগ্ৰহ কৰা সহজসাধ্য নহয়।

১৫। সহ-পৰিৱৰ্তন প্ৰণালীক কিয় অন্বয়ী আৰু ব্যতিৰেকী প্ৰণালীৰ সংশোধিত ৰূপ বুলি গ্ৰহণ কৰা হয়?
উত্তৰঃ সহ-পৰিৱৰ্তন প্ৰণালী নিৰীক্ষণ আৰু পৰীক্ষণ উভয়ৰে পদ্ধতি। সহ-পৰিৱৰ্তন প্ৰণালী অন্বয়ী প্ৰণালী আৰু ব্যতিৰেকী প্ৰণালীৰ সংশোধিত ৰূপ। এই প্ৰণালী যেতিয়া অন্বয়ী প্ৰণালীৰ ৰূপ হয় তেতিয়া এই প্ৰণালী নিৰীক্ষণৰ প্ৰণালী হ’ব। আকৌ যেতিয়া সহ-পৰিৱৰ্তন প্ৰণালী ব্যতিৰেকী প্ৰণালীৰ ৰূপ হয় তেতিয়া এই প্ৰণালী পৰীক্ষণৰ প্ৰণালী বুলি বিবেচিত হ’ব। নিৰীক্ষণলব্ধ দৃষ্টান্তৰ ওপৰত ভিত্তি কৰি এই পদ্ধতিক প্ৰয়োগ কৰিলে সিদ্ধান্ত সম্ভাৱনামূলক হয় আৰু পৰীক্ষণৰ দ্বাৰা সংগৃহীত দৃষ্টান্তৰ ওপৰত ভিত্তি কৰি এই পদ্ধতিক প্ৰয়োগ কৰিলে সিদ্দান্ত নিশ্চিত স্বভাৱৰ হয়। গতিকে সহ-পৰিৱৰ্তন প্ৰণালীক অন্বয়ী আৰু ব্যতিৰেকী প্ৰণালীৰ সংশোধিত ৰূপ বুলি কোৱা হয়।

১৬। “পৰিশেষ প্ৰণালীটো ব্যতিৰেকী প্ৰণালীৰ এক উন্নত সংস্কৰণ”। -যুক্তি দিয়া।
উত্তৰঃ পৰিশেষ প্ৰণালীটো ব্যতিৰেকী প্ৰণালীৰ এক বিশেষ সংস্কৰণ বুলি মিলে নিজেই স্বীকাৰ কৰিছে। কাৰণ পৰিশেষ প্ৰণালী আৰু ব্যতিৰেকী প্ৰণালীৰ বাবে দুটা দৃষ্টান্তৰ প্ৰয়োজন। দৃষ্টান্ত দুটাৰ এটা সদৰ্থক আৰু আনটো নঞৰ্থক। দুয়োটা পদ্ধতি মতে দৃষ্টান্ত দুটাৰ মাজত মাত্ৰ এটা বিষয়ত অমিল আৰু আন-আন বিষয়ত হুবহু মিল থাকে। দুয়োটা পদ্ধতি মতে দৃষ্টান্ত দুটাৰ মাজত ব্যতিৰেক বা পাৰ্থক্য থকা একমাত্ৰ সংস্থিতিটোৱেই অন্বেষণীয় ঘটনাৰ কাৰণ বা কাৰ্য। দুয়োটা পদ্ধতি একোটা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। সেইবাবে পৰিশেষ প্ৰণালী মৌলিক নহয়, ই ব্যতিৰেকী প্ৰণালীৰেই বিশেষ সংস্কৰণহে মাত্ৰ।

১৭। পৰিশেষ প্ৰণালীটোক কিছুমান তৰ্কবিদে কিয় নিগমনাত্মক বুলি বিচাৰ কৰে?
উত্তৰঃ কিছুমান তৰ্কবিদে পৰিশেষ প্ৰণালীটোক নিগমনাত্মক বুলি মন্তব্য কৰে। পৰিশেষ প্ৰণালীক প্ৰয়োগ কৰি কোনো জটিল ঘটনাৰ যি অংশ পূৰ্বজ্ঞাত আগমনৰ দ্বাৰা কোনো বিশেষ পূৰ্বৱৰ্তী অংশৰ কাৰ্য বুলি জনা আছে, সেই অংশবোৰক সমগ্ৰ ঘটনাটোৰ পৰা বাদ দিলে যি অংশ অৱশিষ্ট থাকে, সেই অংশ দুটাৰ মাজত কাৰ্যকাৰণ সম্বন্ধক প্ৰতিষ্ঠা কৰা হয়। ইয়াত সমগ্ৰৰ পৰা অংশক বিয়োগ কৰা হয়। এই বিয়োজন প্ৰক্ৰিয়া নিগমন অনুমানতহে অন্তৰ্ভুক্ত। এই পদ্ধতি নিৰীক্ষণ আৰু পৰীক্ষণৰ ওপৰত বিশেষ নিৰ্ভৰ নকৰি পূৰ্বজ্ঞানৰ ওপৰত অধিক নিৰ্ভৰশীল। সেইকাৰণে কোনো কোনো তৰ্কবিজ্ঞানীয়ে পৰিশেষ প্ৰণালীটোক নিগমনাত্মক বুলি মন্তব্য কৰে।

কিন্তু আমি যদি সূক্ষ্মভাৱে বিচাৰ কৰি চাও এই অভিমত গ্ৰহণযোগ্য নহয়। পৰিশেষ প্ৰণালীত নিগমনাত্মক প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিলেও ই সম্পূৰ্ণৰূপে নিগমনাত্মক নহয়। এই পদ্ধতি আন-আন পদ্ধতিৰ দৰে আগমনাত্মক। কাৰণ—

ক) এই পদ্ধতিক প্ৰয়োগ কৰিবলৈ হ’লে নিৰীক্ষণ আৰু পৰীক্ষণৰ সহায়তহে প্ৰয়োজনীয় দৃষ্টান্ত সংগ্ৰহ কৰা হয়। পৰ্যবেক্ষণ আগমন পদ্ধতিৰ প্ৰথম স্তৰ।
খ) পূৰ্বজ্ঞাত আগমনৰ দ্বাৰা লাভ কৰা জ্ঞানকহে নিগমন প্ৰক্ৰিয়াৰ সহায়ত জটিল বা মিশ্ৰ ঘটনাৰ পৰা বিয়োগ কৰা হয়।
গ) সমগ্ৰ ঘটনাৰ পৰা কোনো অংশক বিয়োগ কৰা বাবে যদি পৰিশেষ প্ৰণালীক নিগমনাত্মক বুলি কোৱা হয়, তেন্তে মিলে প্ৰৱৰ্তন কৰা সকলোবোৰ পদ্ধতিয়েই নিগমনাত্মক হ’ব লাগিব। প্ৰতিটো আগমন পদ্ধতি একেটা অপসৰণৰ মূল সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। আকৌ অপসৰণৰ সূত্ৰকেইটা কাৰ্যকাৰণ সম্বন্ধৰ পৰা নিঃসৃত হয়।

পৰিশেষ প্ৰণালীত মিগমনৰ সহায় লোৱা বাবে ইয়াক সম্পূৰ্ণৰূপে নিগমনাত্মক বুলি ক’নোৱাৰি। এই পদ্ধতি আন-আন পদ্ধতিৰ দৰেই আগমনাত্মক।

১৮। অন্বয়ী প্ৰণালীক কিয় মূলত নিৰীক্ষণৰ প্ৰণালী বোলা হয়?
উত্তৰঃ অন্বয়ী প্ৰণালীক মূলতঃ নিৰীক্ষণৰ প্ৰণালী বোলা হয়। কাৰণ নিৰীক্ষণৰ সহায়ত এই প্ৰণালীৰ বাবে প্ৰয়োজনীয় বৈশিষ্ট্যপূৰ্ণ দৃষ্টান্তকেইটাক বিভিন্ন উপাদানত ভাগ কৰি পৰস্পৰ তুলনা কৰি আন-আন অপ্ৰাসংগিক বিষয়বোৰ বৰ্জন কৰি ঘটনাৰ কাৰণ নিৰ্ণয় কৰা হয়।

অন্বয়ী প্ৰণালী নিৰীক্ষণ আৰু পৰীক্ষণ দুয়ো ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰি। তথাপি এই প্ৰণালীক মূলতঃ নিৰীক্ষণৰ প্ৰণালী বোলাৰ একমাত্ৰ কাৰণ হৈছে যি যি ক্ষেত্ৰত পৰীক্ষণ প্ৰয়োগ কৰিব নোৱাৰি, তেনে ক্ষেত্ৰত অকল নিৰীক্ষণৰ ওপৰতেই সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিবলগীয়া হয়। যেনে- ভূমিকম্প, বানপানী, সূৰ্যগ্ৰহণ আদিৰ দৰে প্ৰাকৃতিক ঘটনাসমূহ কেৱল নিৰীক্ষণহে কৰিব পাৰি, পৰীক্ষণ কৰিব নোৱাৰি। এনে প্ৰাকৃতিক ঘটনাবোৰৰ প্ৰকৃতি বা স্বৰূপ নিৰ্ণয়ৰ বাবে অন্বয়ী প্ৰণালী বিশেষভাৱে প্ৰযোজ্য। সেইবাবেই অন্বয়ী প্ৰণালীক মূলতঃ নিৰীক্ষণৰ প্ৰণালী বুলি অভিহিত কৰা হয়।

১৯। মিলৰ আগমনাত্মক পদ্ধতিকেইটাক ‘অপসৰণ’ৰ পদ্ধতি বুলি কোৱা হয় কিয়?
উত্তৰঃ তৰ্কবিজ্ঞানী মিলৰ আগমন পদ্ধতিকেইটাক অপসৰণৰ পদ্ধতি বুলি কোৱা হয়। অপসৰণ মানে হৈছে অপ্ৰাসংগিক বিষয়ৰ বৰ্জন। অন্বেষণীয় ঘটনাৰ লগত লগলাগি থকা বা মিশ্ৰিত হৈ থকা আন-আন অলাগতিয়াল বা অপ্ৰাসংগিক বিষয়বোৰক এটা-এটাকৈ বৰ্জন কৰাকেই অপসৰণ বোলে। জটিল ঘটনাসমূহক বিশ্লেষণ কৰি পৰস্পৰ তুলনা কৰি কাৰ্য আৰু কাৰণৰ লক্ষণ অনুযায়ী অপ্ৰাসংগিক ঘটনাক বৰ্জন কৰি প্ৰাসংগিক বিষয়ত মনোনিৱেশ কৰি ঘটনাৰ প্ৰকৃত কাৰণ নিৰণয় কৰা হয়।

মিলৰ আটাইকেইটা আগমনাত্মক পদ্ধতিৰ প্ৰকৃত উদ্দেশ্য হৈছে অপসৰণৰ সহায়ত অপ্ৰাসংগিক বিষয়বোৰক বৰ্জন কৰি প্ৰকৃত কাৰণ আৱিস্কাৰ আৰু প্ৰমাণ কৰা। সেইকাৰণে মিলৰ আগমন পদ্ধতিকেইটাক অপসৰণৰ পদ্ধতি বুলি কোৱা হয়।

২০। চৰম দৃষ্টান্ত মানে কি নাইবা নিৰণায়ক মানে কি?
উত্তৰঃ যিবিলাক দৃষ্টান্তৰ সহায়ত প্ৰকল্প এটাৰ ঘটনাবোৰৰ মাজৰ এটা ঘটনাক সন্তোষজনক বুলি বাখ্যা কৰাৰ উপৰিও অলাগতিয়াল ঘটনাবোৰক বৰ্জন কৰিব পাৰেস সেয়াই চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত।

২১। অপসৰণৰ দ্বিতীয় সূত্ৰটো লিখা? এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত পৰীক্ষণমূলক প্ৰণালীটোৰ নাম লিখা।
উত্তৰঃ কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ পূৰ্ববৰ্তী ঘটনাৰ যি অংশ বৰ্জন কৰিব নোৱাৰি সেই অংশ কাৰ্যটোৰ কাৰণ নাইবা কাণৰ অংগই হ’ব লাগিব। এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত পৰীক্ষণমূলক প্ৰণালীটোৰ নাম হ’ল- ব্যতিৰেকী প্ৰণালী।

Leave a Comment