Class 12 Logic Chapter 3 Question Answer

আপুনি বাৰু HS Final Exam 2023 দিয়াৰ বাবে প্ৰস্তুতি লৈছে নেকি? আপুনি এতিয়া Class 12 Logic Chapter 3 Question Answer বিচাৰি ইয়ালৈ আহিছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আপুনি এই লিখনিৰ পৰা Class 12 Logic Chapter 3 Question Answer পাব পাৰে।

Watch FREE Video Classes

ইয়াৰ আগতে আমি Class 12 Logic Chapter 1 Question Answer আলোচনা কৰিছো, যদি আপুনি বিচাৰে তেন্তে লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Class 12 Logic Chapter 3 Question Answer for AHSEC Exam 2023

এই Class 12 Logic Chapter 3 Question Answer ত আমি কি কি কথা আলোচনা কৰিব প্ৰয়াস কৰিছোঁ তাৰ বিষয়ে অলপ কব বিচাৰোঁ। আমি Class 12 Logic Chapter 3 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰৰ লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ যিয়ে আপোনাক 2023 HS Final Exam ত বহুত সহায় কৰিব।

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১। প্ৰকল্প হৈছে এক সাময়িক আনুমানিক ধৰাণা। এইটো সত্যনে?
উত্তৰঃ সত্য

২। মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ প্ৰথম স্তৰ কি?
উত্তৰঃ ঘটনাৰ প্ৰাথমিক নিৰীক্ষণ।

৩। প্ৰকল্প হৈছে এক——-আনুমানিক ধাৰণা।
উত্তৰঃ সাময়িক।

৪। মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ শেষ স্তৰ কি?
উত্তৰঃ প্ৰমাণীকৰণ।

৫। প্ৰকল্প সমস্যা সমাধানৰ প্ৰক্ৰিয়া হয়নে?
উত্তৰঃ হয়।

দীঘল উত্তৰৰ প্ৰশ্নঃ

১। প্ৰকল্প কাক বোলে? প্ৰকল্পৰ প্ৰকৃতি বাখ্যা কৰা।
উত্তৰঃ সাধাৰণতে প্ৰকল্প মানে হৈছে এটা আনুমানিক ধাৰণা। কোনো ঘটনাৰ কাৰণ নিৰ্ণয়ৰ সময়ত মনত উদয় হোৱা সাময়িক প্ৰাৰম্ভিক আৰু আনুমানিক ধাৰণাক প্ৰকল্প বোলে।
তৰ্কবিজ্ঞানী মিলে প্ৰকল্পৰ সংজ্ঞা এনেদৰে দিছে- “প্ৰকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্ত নিৰ্ণয়ৰ উদ্দেশ্যে কোনো সঠিক প্ৰমাণ নোহোৱাকৈ নাইবা অপৰ্যাপ্ত প্ৰমাণৰ ওপৰত ভিত্তি কৰি গঠণ কৰা আনুমানিক ধাৰণা, যদি দেখা যায় প্ৰকল্প নিঃসৃত সিদ্ধান্তৰ লগত জ্ঞাত সত্যৰ মিল আছে, তেন্তে প্ৰকল্পটো সত্য হ’ব নাইবা সত্য হোৱাৰ সম্ভাৱনা থাকিব”।
প্ৰকল্পৰ সংজ্ঞা বিশ্লেষণ কৰিলে তলত উল্লেখ কৰা প্ৰকৃতি বা স্বৰূপ বা বৈশিষ্ট্যসমূহ পোৱা যায়—

  • প্ৰকল্প হৈছে আনুমানিক ধাৰণা। অনুমানৰ ওপৰত নিৰ্ভৰ কৰি এনে ধাৰণা গঠন কৰা হয়।
  • এই ধাৰণা কৰোতে তাৰ সমৰ্থনত সঠিক প্ৰমাণ পোৱা নাইবা কিবা পালেওঁ ই পৰ্যাপ্ত নহয় বা সম্পূৰ্ণ নিৰ্ভৰযোগ্য নহয়।
  • এনে ধাৰণা গঠন কৰাৰ উদ্দেশ্য হৈছে এনে ধাৰণাৰ পৰা জ্ঞাত বাস্তৱ সত্য অনুসৰি কিছুমান সিদ্ধান্তত উপনীত হোৱা।
  • এই সিদ্ধান্তসমূহৰ লগত জ্ঞাত সত্য অৰ্থাৎ বাস্তৱ ঘটনাৰ মিল থাকিলে ধাৰণাটো সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব।

২। বৈধ প্ৰকল্পৰ চৰ্তবোৰ বাখ্যা কৰা।
উত্তৰঃ কোনো এটা ঘটনাক বিজ্ঞানসন্মতভাৱে বাখ্যা কৰাৰ কাৰণে প্ৰকল্প গঠন কৰা হয়। প্ৰকল্প বিজ্ঞানসন্মতভাৱে হ’বলৈ হ’লে কিছুমান চৰ্ত বা নিয়ম পালন কৰিবলগীয়া হয়। যিবোৰ চৰ্ত পালন কৰিলে প্ৰকল্প বৈধ বা বিজ্ঞানসন্মত হয়, সেই চৰ্তবোৰকেই বৈধ প্ৰকল্পৰ চৰ্ত বোলে। বৈধ প্ৰকল্পৰ চৰ্তবোৰ তলত আলোচনা কৰা হ’ল—

  1. প্ৰকল্প অবাস্তৱ, কৈল্পনিক আৰু উদ্ভদ হ’ব নোৱাৰেঃ বসন্ত ৰোগৰ কাৰণ হিচাপে যদি শীতলা দেৱীৰ কোপ বুলি ধৰা হয়, ৰাহুৱে গ্ৰাস কৰাৰ বাবে চন্দ্ৰ গ্ৰহণ আৰু সূৰ্যগ্ৰহণ হয়, কোনো এজন মানুহে হঠাতে নোহোৱা হ’লে যদি পৰী বা দেৱতাই আকাশলৈ নিয়া বুলি ধাৰণা কৰা হয়, তেন্তে ই সম্পূৰ্ণ অবাস্তৱ আৰু কাল্পনিক। বৈধ প্ৰকল্প কাল্পনিক হ’ব নোৱাৰে।
  2. প্ৰকল্প আত্মবিৰোধী হ’ব নোৱাৰেঃ বিজ্ঞানসন্মতভাৱে এটা কাৰ্যৰ মাথো এটা কাৰণহে থাকিব পাৰে। যদি ধাৰণা হয় একোটা কাৰ্যৰ বেলেগ-বেলেগ সময়ত বেলেগ-বেলেগ কাৰণৰ পৰা উৎপন্ন হয়, তেন্তে ই আত্মবিৰোধী হ’ব।
  3. বৈধ প্ৰকল্প প্ৰতিষ্ঠিত সত্য বা নিয়মৰ পৰিপন্থী হ’ব নোৱাৰেঃ অনেক নিৰীক্ষণ, পৰীক্ষণ আৰু গৱেষণা আদি কৰাৰ পিছত একো-একোটা সামান্য সত্য প্ৰতিষ্ঠা কৰা হয়। ঘটনাৰ বাখ্যাৰ বাবে নতুনকৈ গঠণ কৰা প্ৰকল্পটো সেই প্ৰতিষ্ঠিত সত্য বা নিয়মৰ বিৰোধিতা কৰিব নোৱাৰে। অৱশ্যে এই চৰ্তৰ ওপৰত অধিক গুৰুত্ব দিব নালাগে। কাৰণ আমাৰ জ্ঞান ক্ৰমবৰ্দ্ধমান। বিজ্ঞানৰ প্ৰগতিৰ লগে-লগে আমাৰ জ্ঞান পৰিবৰ্তিত, পৰিবৰ্ধিত আৰু সংশোধন হৈ আছে। এদিন যি তথ্যক বিজ্ঞানে সত্য বুলি প্ৰমাণিত কৰিছিল কালক্ৰমত সি অসত্য বুলি প্ৰমাণিত হ’ল। সেই কাৰণে এই চৰ্তটোক এটা সাৱধানসূচক বাণী হিচাপে গ্ৰহণ কৰা উচিত।
  4. প্ৰকল্প সুনিৰ্দিষ্ট আৰু ধাৰণাযোগ্য হ’ব লাগিবঃ অস্পষ্ট আৰু অনিৰ্দিষ্ট ধাৰণা প্ৰকল্প হ’ব নোৱাৰে। কাৰণ অনিৰ্দিষ্ট ধাৰণাৰ ওপৰত ভিত্তি কৰি কোনো অনুসন্ধান কৰিব নোৱাৰি। প্ৰকল্প বাস্তৱ তথ্য বা ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব। যদিওঁ প্ৰকল্পটো বাস্তৱ তথ্য বা ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত নহয়, তেন্তে প্ৰকল্পটো কাল্পনিক হ’ব। কিন্তু কাল্পনিক ধাৰণাৰ ওপৰত ভিত্তি কৰি অনুসন্ধান কৰিব নোৱাৰি।
  5. প্ৰকল্পৰ বিষয়বস্তু অস্তিত্বশীল কাৰণ হ’ব লাগেঃ অস্তীত্বশীল কাৰণ হৈছে যিবোৰ কাৰণৰ অস্তিত্ব ইন্দ্ৰিয়গ্ৰাহ্য আৰু পৰোক্ষভাৱে জনা যায়। ভূত-প্ৰেত, পৰী-অপেশ্বৰী, জলকুঁৱৰী আদি অস্তিত্বশীল কাৰণ হ’ব নোৱাৰে। কাৰণ এইবোৰ বাস্তৱ জগতত কোনো অস্তিত্ব নাই।
  6. বৈধ প্ৰকল্প একমাত্ৰ বা অপ্ৰতিদ্বন্ধী হ’ব লাগিবঃ কোনো-কোনো ক্ষেত্ৰত একেটা ঘটনাক কেইবাটাও প্ৰকল্পই সমান-সমান বাখ্যা কৰিব পাৰে যেন লাগে। ঘটনাৰ বাখ্যাৰ বাবে গঠন কৰা এনে একাধিক সমতুল্য প্ৰকল্পক প্ৰতিযোগী বা প্ৰতিদ্বন্ধী প্ৰকল্প বোলে। এনে প্ৰতিযোগী প্ৰকল্পবোৰৰ ভিতৰত যিটোৱে ঘটনাটোৰ সম্যক বাখ্যা দিব পাৰে তাক গ্ৰঙণ কৰি আন প্ৰকল্পবোৰক বৰ্জন কৰা হয়। তেতিয়া ইয়াক অপ্ৰতিদ্বন্ধী প্ৰকল্প বোলে।

৩। প্ৰকল্পৰ বিভন্ন প্ৰকাৰবোৰ উদাহৰণসহ বাখ্যা কৰা।
উত্তৰঃ কোনো ঘটনাৰ বাখ্যা কৰাৰ ভিন্নতা অনুসৰি তৰ্কবিদসকলে প্ৰকল্পক সাধাৰণতে তিনিটা শ্ৰেণীত ভাগ কৰিছে। যেনে-
ক) কৰ্তাসম্পৰ্কীয় প্ৰকল্পৰঃ কোনো এটা ঘটনা কেনেকৈ ঘটিলে তাক জনাৰ পিছত এই ঘটনা কিহে বা কোনে ঘটালে তাক জনাৰ বাবে কৰা প্ৰকল্পকে কৰ্তাসম্পৰ্কীয় প্ৰকল্প বোলে। যেনে- কোনো এঘৰত চুৰি হোৱাত চুৰিৰ কাৰ্য-প্ৰণালী জনাৰ পিছত অজ্ঞাত চোৰ সম্পৰ্কে জনাৰ বাবে কৰা প্ৰকল্পই কৰ্তাসম্পৰ্কীয় প্ৰকল্প।
খ) নিয়ম সম্পৰ্কীয় প্ৰকল্পঃ কোনো কাৰ্যৰ কৰ্তাৰ বিষয়ে জনাৰ পিছত কৰ্তাই কি নিয়মেৰে বা প্ৰণালীত কাৰ্যটো ঘটালে তাক জনাৰ বাবে কৰা প্ৰকল্পকে নিয়ম সম্পৰ্কীয় প্ৰকল্প বোলে। যেনে কোনো এঘৰত চুৰি কাৰ্য হোৱাৰ পিছত চোৰ সম্পৰ্কে জনাৰ পিছত চোৰৰ অজ্ঞাত কাৰ্য-প্ৰণালী সম্পৰ্কে জনাৰ বাবে কৰা প্ৰকল্পই হ’ল নিয়ম সম্প্ৰকীয় প্ৰকল্প।
গ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্পঃ কোনো কাৰ্যৰ কৰ্তা আৰু কৰ্তাৰ কাৰ্য-প্ৰণালী সম্পৰ্কে জনাৰ পিছত কি পাৰিপাৰ্শ্বিক অৱস্থাত কাৰ্যটো ঘটালে তাক জনাৰ বাবে কৰা প্ৰকল্পক পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প বোলে। যেনে কোনো এঘৰত চুৰি কাৰ্য হোৱাৰ পিছত চোৰ আৰু চোৰৰ কাৰ্য-প্ৰণালী সম্পৰ্কে জনাৰ পিছত যি পাৰিপাৰ্শ্বিক অৱস্থাত কাৰ্যটো ঘটালে তাক জনাৰ বাবে কৰা প্ৰকল্পক পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প বোলে।
প্ৰকল্পৰ উদ্দেশ্যমূলক দিশ অনযায়ী আধুনিক তৰ্কবিদ এল. এছ. ষ্টেবিঙে প্ৰকল্পক তিনিটা ভাগত ভাগ কৰিছে—
ক) বাখ্যামূলক প্ৰকল্পঃ কোনো ঘটনাৰ প্ৰকৃত বাখ্যা দিবলৈ ঘটনাটোৰ কাৰণ নিৰ্ণয় কৰিবৰ বাবে যি প্ৰকল্প কৰা হয়, তাকে বাখ্যামূলক প্ৰকল্প বোলে। যেনে বজাৰ কৰিবলৈ বুলি জেপত এশটকীয়া নোটএখন নি বজাৰত গৈ জেপত চোৱাত নোটখন নোপোৱাৰ বাবে তাৰ কাৰণ বৰ্ণনা কৰিবলৈ কৰা প্ৰকল্পই বাখ্যামূলক প্ৰকল্প।
খ) বৰ্ণনামূলক প্ৰকল্পঃ কোনো ঘটনাৰ কৰ্তাই কি নিয়মত ঘটনাটো ঘটালে তাৰ বৰ্ণনা দিবলৈ কৰা প্ৰকল্পকে বৰ্ণনামূলক প্ৰকল্প বোলে। যেনে কোনো এঘৰত চুৰি কাৰ্য হোৱাত চুৰি কাৰ্যটোনো কি প্ৰণালীত কৰিলে তাৰ বৰ্ণনা দিবলৈ কৰা প্ৰকল্পই হ’ল বৰ্ণনামূলক প্ৰকল্প।
গ) সাদৃশ্যমূলক প্ৰকল্পঃ কোনো এক ঘটনা শ্ৰেণীৰ ক্ষেত্ৰত যি সত্য হয়. আন এক ঘটনা শ্ৰেণীৰ মাজত কিছুমান নিৰ্দিষ্ট সাধাৰণ আকাৰগত ধৰ্মত সত্য হ’লে তাক সাদৃশ্যমূলক প্ৰকল্প বোলে।
এই প্ৰকল্পবোৰৰ উপৰিও তৰ্কবিদসকলে প্ৰকল্পক আন দুটা ভাগত ভাগ কৰিছে—
ক) তদৰ্থক প্ৰকল্পঃ কোনো সু-প্ৰতিষ্ঠিত মতবাদক বাখ্যা কৰিবৰ বাবে যি বিশেষ প্ৰকল্প গঠন কৰি সেই ব্যতিক্ৰম ঘটনা বা ঘটনা শ্ৰেণীক বাখ্যা কৰাৰ চেষ্টা কৰা হয়, তাক তদৰ্থক প্ৰকল্প বোলে।
খ) কাৰ্যকৰী প্ৰকল্পঃ যদিও অধিক নিৰিভৰযোগ্য প্ৰকল্পৰ অভাৱত সন্তোষজনক নহয় বুলি জানিওঁ কেৱল কাৰণ অনুসন্ধানৰ বাবে যি প্ৰাথমিক ধাৰণা সাময়িকভাৱে লোৱা হয়, তাকেই কাৰ্যকৰী প্ৰকল্প বোলে। উদাহৰণস্বৰূপে বিদ্যুতৰ প্ৰকৃতি ভালদৰে নিৰ্ণয় কৰিব পৰা নাই। সেইবাবে তেওঁলোকে বিদ্যুত এক প্ৰকাৰ তৰল পদাৰ্থ বুলি ধাৰণা কৰি ইয়াৰ স্বৰূপ আদি নিৰ্ণয়ৰ বাবে অনুসন্ধানত অগ্ৰসৰ হৈছে। গতিকে ই বিদ্যুতৰ প্ৰকৃতি সম্পৰ্কীয় কাৰ্যকৰী প্ৰকল্প।

৪। প্ৰকল্পৰ স্তৰ চাৰিটা বাখ্যা কৰা।
উত্তৰঃ ক) প্ৰকল্পৰ প্ৰথম স্তৰ হৈছে প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ কৰা। নিৰীক্ষণ কৰাৰ ফলত ঘটনাসমূহৰ লগত আমাৰ পৰিচয় ঘটে। এই পৰিচয়ৰ ফলত প্ৰকৃতি জগতৰ ঘটনাসমূহৰ অন্তৰালত থকা প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰা হয়।
খ) প্ৰকল্পৰ দ্বিতীয় স্তৰ হৈছে ঘটনাৰ সাম্ভাব্য কাৰণ সম্পৰ্কে মনত ধাৰণা জন্মোৱা। এনে ধাৰণা গঠন কৰাটো কোনো সঠিক প্ৰমাণ পোৱা নাই, আৰু যদি কিবা পোৱা গৈছে সি অপৰ্য়াপ্ত স্বভাৱৰ। তথাপি নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰি ঘটনাৰ বাখ্যাৰ ওপৰত আনুমানিক ধাৰণা গঠণ কৰা হয়।
গ) প্ৰকল্পৰ তৃতিয় স্তৰটো হৈছে আনুমানিক ধাৰণাৰ পৰা কিছুমান সিদ্ধান্তক নিঃসৃত কৰা। পৃথিৱীৰ আকৰ্ষণৰ শক্তি সম্পৰ্কীয় ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি নিউটনে সিদ্ধান্ত কৰিলে যে জড় বস্তু যেনে পৃথিৱী, চন্দ্ৰ, সূৰ্য আদিৰ ভিতৰতো আকৰ্ষণ আছে।
ঘ) প্ৰকল্পৰ চতুৰ্থ স্তৰটো হৈছে প্ৰমাণীকৰণ। প্ৰকল্প নিঃসৃত সিদ্ধান্তৰ লগত জ্ঞাত সত্যৰ মিল আছেনে নাই তাক ৰিজাই চোৱা হয়। প্ৰকল্প নিঃসৃত সিদ্ধান্তৰ লগত যদি বাস্তৱ ঘটনাৰ মিল থাকে, তেন্তে প্ৰকল্পটো সত্য হ’ব আৰু যদি মিল নাথাকে অসত্য হ’ব। তেতিয়া তাক বৰ্জন কৰি আন এটা প্ৰকল্প গঠন কৰিব লাগিব।

৫। প্ৰকল্পৰ চাৰিটা প্ৰয়োজনীতা বাখ্যা কৰা।
উত্তৰঃ বৈজ্ঞানিক অনুসন্ধানৰ ক্ষেত্ৰত ব্যৱহৃত হ’বলৈ হ’লে প্ৰকল্পটো যুক্তিসংগত হ’ব লাগিব। জ্ঞান-বিজ্ঞানৰ অন্বেষণৰ ক্ষেত্ৰত এনে বৈধ প্ৰকল্পৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ। তলত প্ৰকল্পৰ চাৰিটা প্ৰধান প্ৰয়োজনীতা বাখ্যা কৰা হ’ল—

  • ক) প্ৰকল্প বৈজ্ঞানিক অনুসন্ধানৰ এটা প্ৰাথমিক স্তৰ। প্ৰথমতে ঘটনাৰ সাম্ভাৱ্য স্বৰূপ সম্পৰ্কে মনত এটা ধাৰণা গঠন কৰি নল’লে অনুসন্ধান কৰিব নোৱাৰি। গতিকে প্ৰকল্পই বৈজ্ঞানিক অনুসন্ধানৰ আৰম্ভণি বা পথ-পদৰ্শক।
  • খ) প্ৰকল্প পৰীক্ষণ আৰু নিৰীক্ষণ সম্ভৱ কৰি তোলে। য’ত পৰীক্ষণ সম্ভৱ নহয়, নিৰীক্ষণৰ ফলো সম্ভাৱনামূলক। তেনেক্ষেত্ৰত প্ৰকল্পই ঘটনাৰ বাখ্যাৰ একমাত্ৰ উপায়।
  • গ) প্ৰকল্প বৈজ্ঞানিক আগমনৰো প্ৰাথমিক স্তৰ। কাৰ্যকাৰণ সম্বন্ধৰ ভিত্তিত যতাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰাই বৈজ্ঞানিক আগমন।
  • ঘ) প্ৰকল্পই নিগমন প্ৰক্ৰিয়াতো সহায় কৰে। নিগমনৰ সিদ্ধান্ত প্ৰতিষ্টাৰ বাবে যিবোৰ সামান্য আশ্ৰয় বাক্যৰ প্ৰয়োজন হয়, সেইবোৰ প্ৰকল্পৰ ধাৰণাযোগে পাব পাৰি।

৬। কৰ্তাসম্পৰ্কীয় প্ৰকল্প আৰু নিয়ম সম্পৰ্কীয় প্ৰকল্পৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ কৰ্তাসম্পৰ্কীয় প্ৰকল্প আৰু নিয়ম সম্পৰ্কীয় প্ৰকল্পৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—
ক) কোনো ঘটনা কেনেকৈ ঘটিল তাক জনাৰ পিছত এই ঘটনাটো কিহে বা কোনে ঘটালে তাক জনাৰ বাবে কৰা প্ৰকল্পকে কৰ্তাসম্পৰ্কীয় প্ৰকল্প বোলে।
আনহাতে, কোনো কাৰ্যৰ কৰ্তাৰ সম্পৰ্কে জনাৰ পিছত কৰ্তাই কি নিয়মেৰে বা প্ৰণালীত কাৰ্যটো ঘটালে তাক জনাৰ বাবে কৰা প্ৰকল্পক নিয়ম সম্পৰ্কীয় প্ৰকল্প বোলে।
খ) কোনো এঘৰত চুৰি কাৰ্য হোৱাত চোৰৰ কাৰ্য প্ৰণালী জনাৰ পিছত অজ্ঞাত চোৰৰ বিষয়ে জনাৰ বাবে কৰা প্ৰকল্পই হ’ল কৰ্তাসম্পৰ্কীয় প্ৰকল্প।
আনহাতে, কোনো এঘৰত চুৰি কাৰ্য হোৱাত চোৰ সম্পৰ্কে জনাৰ পিছত চোৰৰ অজ্ঞাত কাৰ্যপ্ৰণালী সম্পৰ্কে জনাৰ বাবে কৰা প্ৰকল্পই হ’ল নিয়ম সম্পৰ্কীয় প্ৰকল্প।
গ) কৰ্তাসম্পৰ্কীয় প্ৰকল্পক বাখ্যামূলক প্ৰকল্প বুলিও কোৱা হয়।
আনহাতে, নিয়ম সম্পৰ্কীয় প্ৰকল্পক বৰ্ণনামূলক প্ৰকল্প বুলিও কোৱা হয়।

৭। চৰম দৃষ্টান্ত বুলিলে কি বুজা? (চমু টোকা)
উত্তৰঃ ঘটনাৰ লগত যুক্ত যি বিশিষ্ট্য দৃষ্টান্ত বা লক্ষণ নিৰ্ণয়ৰ সহায়ত দুই বা ততোধিক প্ৰতিদ্বন্ধী প্ৰকল্পৰ ভিতৰত মাত্ৰ এটাক ঘটনাৰ সন্তোষজনক বাখ্যা হিচাপে অৰ্থাৎ অপ্ৰতিদ্বন্ধী প্ৰকল্প হিচাপে নিৰ্বাচন কৰা হয়, সেই দৃষ্টান্ত বা লক্ষণক চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত বোলে।
চৰম দৃষ্টান্ত নিৰীক্ষণ আৰু পৰীক্ষণ -উভয় প্ৰক্ৰিয়াৰেই নিৰ্ণয় কৰিব পাৰি। নিৰীক্ষণৰ জৰিয়তে নিৰ্ণয় হ’লে তাক নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত আৰু পৰীক্ষণৰ দ্বাৰা নিৰ্ণীত হ’লে তাক পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত বোলা হয়। পৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ মূল্য নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ততকৈ বেছি।

৮। কাৰ্যকৰী প্ৰকল্প বুলিলে কি বুজা?
উত্তৰঃ যদিও অধিক নিৰিভৰযোগ্য প্ৰকল্পৰ অভাৱত সন্তোষজনক নহয় বুলি জানিওঁ কেৱল কাৰণ অনুসন্ধানৰ বাবে যি প্ৰাথমিক ধাৰণা সাময়িকভাৱে লোৱা হয়, তাকেই কাৰ্যকৰী প্ৰকল্প বোলে। উদাহৰণস্বৰূপে বিদ্যুতৰ প্ৰকৃতি ভালদৰে নিৰ্ণয় কৰিব পৰা নাই। সেইবাবে তেওঁলোকে বিদ্যুত এক প্ৰকাৰ তৰল পদাৰ্থ বুলি ধাৰণা কৰি ইয়াৰ স্বৰূপ আদি নিৰ্ণয়ৰ বাবে অনুসন্ধানত অগ্ৰসৰ হৈছে। গতিকে ই বিদ্যুতৰ প্ৰকৃতি সম্পৰ্কীয় কাৰ্যকৰী প্ৰকল্প।

৯। তদৰ্থক প্ৰকল্প কাক বোলে?
উত্তৰঃ কোনো সু-প্ৰতিষ্ঠিত মতবাদক বাখ্যা কৰিবৰ বাবে যি বিশেষ প্ৰকল্প গঠন কৰি সেই ব্যতিক্ৰম ঘটনা বা ঘটনা শ্ৰেণীক বাখ্যা কৰাৰ চেষ্টা কৰা হয়, তাক তদৰ্থক প্ৰকল্প বোলে।

Leave a Comment