Class 12 Logic Chapter 5 Question Answer

আপুনি বাৰু HS Final Exam 2023 দিয়াৰ বাবে প্ৰস্তুতি লৈছে নেকি? আপুনি এতিয়া Class 12 Logic Chapter 5 Question Answer বিচাৰি ইয়ালৈ আহিছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আপুনি এই লিখনিৰ পৰা Class 12 Logic Chapter 5 Question Answer পাব পাৰে।

ইয়াৰ আগতে আমি Class 12 Logic Chapter 4 Question Answer আলোচনা কৰিছো, যদি আপুনি বিচাৰে তেন্তে লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Watch FREE Video Classes

Class 12 Logic Chapter 5 Question Answer for ASHEC 2023

এই Class 12 Logic Chapter 5 Question Answer ত আমি কি কি কথা আলোচনা কৰিব প্ৰয়াস কৰিছোঁ তাৰ বিষয়ে অলপ কব বিচাৰোঁ। আমি Class 12 Logic Chapter 5 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰৰ লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ যিয়ে আপোনাক 2023 HS Final Exam ত বহুত সহায় কৰিব।

অতি চমু উত্তৰৰ প্ৰশ্ন

১। বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰবৰ্তক কোন?
উত্তৰঃ জন লক।

২। “পূৰ্বস্থাপিত শৃংখলা মতবাদ” কোনে আগবঢ়াইছিল?
উত্তৰঃ লাইবনিজে।

৩। আধুনিক বাস্তৱবাদৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰঃ ডেকাৰ্ট।

৪। বাস্তৱবাদ কাক বোলে?
উত্তৰঃ যি মতবাদৰ মতে জ্ঞানৰ বিষয়বস্তু নিৰপেক্ষ বুলি জ্ঞান কৰা হয় তাক বাস্তৱবাদ বোলে।

৫। সৰল বাস্তৱবাদৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পৰ্কটো হ’ল —–।
উত্তৰঃ সৰল বাস্তৱবাদৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পৰ্কটো হ’ল বাহ্যিক।

৬। বৈজ্ঞানিক বাস্তৱবাদৰ মতে বস্তুৰ সকলো গুণ মনৰ পৰা ——- নহয়।
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ মতে বস্তুৰ সকলো গুণ মনৰ পৰা স্বতন্ত্ৰ নহয়।

৭। Essay Concerning Human Understanding – গ্ৰন্থৰ লিখক কোন?
উত্তৰঃ জন লক।

দীঘল উত্তৰৰ প্ৰশ্নঃ

১। সৰল বাস্তৱবাদ বুলিলে কি বুজা? জ্ঞানৰ বিষয়বস্তু সম্পৰ্কীয় সৰল (লৌকিক) বাস্তৱবাদৰ এক সমালোচনাত্ম বাখ্যা দাঙি ধৰা।
উত্তৰঃ যি মতবাদৰ মতে জ্ঞানৰ বিষয়বস্তু নিৰপেক্ষ তাক বাস্তৱবাদ বোলে। সৰল বাস্তৱবাদ বাস্তৱবাদৰ এক প্ৰধান প্ৰকাৰ। যি বাস্তৱবাদে মনৰ পৰা স্বতন্ত্ৰ বাহ্য জগতৰ অস্তিত্ব স্বীকাৰ কৰে, তাকে সৰল বাস্তৱবাদ বোলে। সৰল বাস্তৱবাদত বস্তুৰ জ্ঞান পোনপোটীয়া প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল। প্ৰত্যক্ষৰ জৰিয়তে বিষয়বস্তুৰ যথাৰ্থ জ্ঞান পোৱা যায়। গতিকে বাহ্য বস্তু আৰু তাত থকা গুণবোৰ মন নিৰপেক্ষ স্বতন্ত্ৰ অস্থিত্বশীল।

সৰল বাস্তৱবাদ বাখ্যাত সাধাৰণ মানুহৰ মনৰ ধাৰণা প্ৰতিফলিত হয়। সেইবাবে ইয়াক লৌকিক বাস্তৱবাদ বুলিওঁ কোৱা হয়। লৌকিক বাস্তৱবাদে সাধাৰণ মানুহৰ মনোভাৱ প্ৰকাশ কৰে। গতিকে সৰল বাস্তৱবাদ মতে, বস্তুবোৰক সকলোৱে একদৰে প্ৰত্যক্ষ কৰে। উদাহৰণস্বৰূপে- মই প্ৰত্যক্ষ কৰা চকী এখনক আন এজনেও সাধাৰণতে তেনেভাৱে প্ৰত্যক্ষ কৰে। আকৌ এই প্ৰত্যক্ষৰ মাজত কিবা পাৰ্থক্য পালেও ই নগন্য মাত্ৰ।

সৰল বাস্তৱবাদৰ উক্ত বাখ্যাৰ পৰা পোৱা গ’ল যে বস্তু জ্ঞাতাৰ পৰা স্বতন্ত্ৰ। জ্ঞেয় আৰু জ্ঞাতাৰ মাজৰ সম্পৰ্ক মানি লোৱাটো সকলো সৰল বাস্তৱবাদীয়ে বিচাৰে। প্ৰকৃততে জ্ঞেয় আৰু জ্ঞাতা বস্তুৰ স্বৰূপ একেই। বস্তুৰ অস্তিত্ব জ্ঞানে নিৰ্ণয় নকৰে। কাৰণ যেতিয়া এটা বস্তুক জনা যায়, তেতিয়া সি জ্ঞানৰ বিষয়বস্তুৰূপে পৰিগণিত হয়।

সমালোচনাঃ সৰল বাস্তৱবাদ মতবাদটো বিভিন্ন সমালোচকে তলত দিয়াধৰণে সমালোচনা কৰিছে

  1. সৰল বাস্তৱবাদে ভুল বা অসত্যক বাখ্যা কৰিব নোৱাৰে। কাৰণ ৰচী এডালক সাপ যেন পালেও, ই সাপ হ’ব নোৱাৰে।
  2. সৰল বাস্তৱবাদে বাখ্যা কৰাৰ দৰে বস্তুৰ সকলো গুণ জ্ঞানৰ পৰা স্বতন্ত্ৰ নহয়।
  3. সৰল বাস্তৱবাদে ব্যক্তি বিশেষৰ জ্ঞানৰ ভিন্নতাক অস্বীকাৰ কৰিছে যদিও ই গ্ৰহণযোগ্য নহয়।
  4. সৰল বাস্তৱবাদে সপোন সম্পৰ্কে বাখ্যা কৰিব নোৱাৰে।
  5. সৰল বাস্তৱবাদে জ্ঞানৰ ক্ষেত্ৰত মনৰ বিশ্লেষণাত্মক কাৰ্যসমূহৰ ওপৰত গুৰুত্ব দিয়া নাই।
  6. সৰল বাস্তৱবাদে জ্ঞানৰ সত্যতাৰ ক্ষেত্ৰত সাদৃশ্যবাদ গ্ৰহণ কৰি সংগতিবাদ, উপযোগিতাবাদ আদিক অস্বীকাৰ কৰিছে।

২। সৰল বাস্তৱবাদৰ সাধাৰণ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ সৰল বাস্তৱবাদৰ কেতবোৰ মূখ্য বৈশিষ্ট্য আছে। সেইবোৰ তলত উল্লেখ কৰা হ’ল—
ক) জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ। বাহ্যিক বস্তু এটা আছেনে নাই তাক জ্ঞাতাই জনা বা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে। আমি জানিলেও বা নাজানিলেও বস্তু এটা একে ধৰণেই অস্তীত্বশীল হয়।
খ) মনৰ বাহিৰত এখন বাহ্যিক জগত আছে।
গ) বাহ্যিক জগতৰ জ্ঞান আমি প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰো।
ঘ) বাহ্যিক জগতখনৰ বিষয়বস্তুৰ জ্ঞান তাৰ গুণৰ দ্বাৰা জনা যায়। বস্তুৰ বিভিন্ন গুণ, যেনে- গোন্ধ, ৰস, ৰূপ, আদি সকলোবোৰ মনৰ পৰা স্বতন্ত্ৰ।
ঙ) জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্ক থাকে। দুয়োৰে মাজত কোনো তৃতীয় বা মধ্যম পন্থা নাথাকে।
চ) সৰল বাস্তৱবাদ সত্যতাৰ অনুৰূপতাবাদ সিদ্ধান্তৰ সমৰ্থক।

৩। বৈজ্ঞানিক বাস্তৱবাদ বুলিলে কি বুজা? জ্ঞানৰ বিষয়বস্তু সম্পৰ্কীয় বৈজ্ঞানিক বাস্তৱবাদৰ এক সমালোচনাত্মক বাখ্যা আগবঢ়োৱা।
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদ বাস্তৱবাদৰ এক প্ৰধান প্ৰকাৰ। এই বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰৱৰ্তক হ’ল জন ল’ক। সৰল বাস্তৱবাদক সংগঠিত কৰি লকে যি নতুন মতবাদ প্ৰতিষ্ঠা কৰিছে তাক বৈজ্ঞানিক বাস্তৱবাদ বোলে। বৈজ্ঞানিক বাস্তৱবাদ মতে জ্ঞানৰ পৰা জ্ঞানৰ বিষয়বস্তু স্বতন্ত্ৰ আৰু বাহ্য জগতৰ মন নিৰপেক্ষ স্বতন্ত্ৰ সত্বা আছে। গতিকে বাহ্য বস্তুৰ অস্তিত্ব সম্পূৰ্ণৰূপে জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়।

বৈজ্ঞানিক বাস্তৱবাদ মতে বাহ্য বস্তুত থকা সকলো গুণেই মন নিৰপেক্ষ নহয়, কিছুমান পৰিৱৰ্তনশীল গুণ ব্যক্তিনিষ্ঠ। বস্তুত থকা গুণবোৰ মূখ্য গুণ আৰু ব্যক্তিত থকা গুণবোৰ গৌণ গুণ। বস্তুৰ আকাৰ, আয়তন, ওজন, আদি মূখ্য গুণ। আনহাতে বস্তুৰ ৰং, সোৱাদ, আদি গৌণ গুণ। এই মূখ্য আৰু গৌণ গুণ বৈজ্ঞানিক চিন্তাধাৰাৰ লগত সংগতি থকা বাবে দাৰ্শনিক লকে তেওৰ বাস্তৱবাদক বৈজ্ঞানিক বাস্তৱবাদ আখ্যা দিছে। বস্তু বিভিন্ন গুণৰ সম্যক বিচাৰ-বিবেচনাৰ আধাৰত প্ৰতিষ্ঠিত হৈছে বাবে এই মতবাদক সবিচাৰ বাস্তৱবাদ বুলিওঁ কোৱা হয়। লকৰ মতে মূখ্য গুণ মনৰ বাহ্যিক অৱস্থা আৰু গৌণ গুণবোৰ আমাৰ মানসিক অৱস্থা। গৌণ গুণ বস্তুৰ মৌলিক গুণৰ বিশেষ সংমিশ্ৰণৰ ফলত আমাৰ মনত উদয় হয়। গতিকে বৈজ্ঞানিক বাস্তৱবাদে বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব স্বীকাৰ কৰাৰ উপৰিও মনৰ ধাৰণাৰ অস্তিত্বও মানি লৈছে।

সমালোচনাঃ দাৰ্শনিক লকে প্ৰতিষ্ঠা কৰা বৈজ্ঞানিক বাস্তৱবাদক নিম্নলিখিত ধৰণে সমালোচনা কৰিব পাৰি—

  1. বৈজ্ঞানিক বাস্তৱবাদ প্ৰতিষ্ঠাৰ কাৰণে লকে যি মূখ্য গুণ আৰু গৌণ গুণৰ পাৰ্থক্য কৰিছিল, সেয়া গ্ৰহণযোগ্য নহয়। কাৰণ গুণবোৰ অভিন্ন। আমি ৰং অবিহনে বস্তু এটাৰ আকাৰ প্ৰত্যক্ষ কৰিব নোৱাৰো।
  2. দাৰ্শনিক বাৰ্কলিৰ মতে মূখ্য গুণবোৰ পৰিৱৰ্তনশীল আৰু আত্মনিষ্ঠহে।
  3. লকৰ মতে মনে ধাৰণাৰ বাহিৰে একোৱে জানিব নোৱাৰে বাবে বাহ্য জগত অজ্ঞাত আৰু অজ্ঞ। এনে ক্ষেত্ৰত তেওঁ কোৱাৰ দৰে আমাৰ ধাৰণাৰ প্ৰতিৰূপ বাহ্য জগতৰ বস্তুৰ দ্বাৰাই কেনেকৈ সত্যতাৰ প্ৰমাণিত হ’ব।
  4. লকৰ বৈজ্ঞানিক বাস্তৱবাদৰ বাখ্যাত ভাৱবাদী প্ৰৱণতা থকা দেখা যায়।
  5. বৈজ্ঞানিক বাস্তৱবাদে ধাৰণা আৰু বস্তুৰ মন আৰু দেহৰ মাজত দ্বৈত্যতাৰ সৃষ্টি কৰে।

৪। বৈজ্ঞানিক বাস্তৱবাদক প্ৰতীকবাদ বুলি কোৱা হয় কিয়?
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ মতে বস্তুৰ প্ৰতীক বা ধাৰণাই আমাৰ মনৰ পৰ্দাত এটা চাপ পেলায় আৰু ইয়াৰ মাধ্যমেৰে বস্তু সম্বন্ধে জ্ঞান হয়। মনৰ পৰ্দাত পোৱা মৌলিক গুণৰ লগত গৌণ গুণৰ সংমিশ্ৰণৰ ফলত বস্তু সম্বন্ধে আমাৰ ধাৰণা হয়। প্ৰতীক বা ধাৰণাৰ লগত যদি বাহ্যিক বস্তুৰ মিল থাকে, তেন্তে আনাৰ জ্ঞান সত্য হ’ব আৰু যদি মিল নাথাকে তেন্তে অসত্য হ’ব। প্ৰতীকৰ যোগেদি জ্ঞান লাভ কৰাৰ কাৰণে এই মতবাদক বা বৈজ্ঞানিক বাস্তৱবাদক প্ৰতীকবাদ বুলিওঁ কোৱা হয়।

৫। বৈজ্ঞানিক বাস্তৱবাদৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ বৈশিষ্ট্যসমূহ হ’ল—

  • বৈজ্ঞানিক বাস্তৱবাদৰ মতে আমাৰ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ।
  • বস্তুবোৰ তাৰ গুণৰ জৰিয়তেহে জানিব পাৰি। এই গুণসমূহৰ মূখ্য গুণসমূহ মনৰ পৰা স্বতন্ত্ৰ। ব্যক্তিৰ মানসিক অৱস্থাই বিভিন্ন মূখ্য গুণ। মূখ্যগুণ পৰিৱৰ্তন কৰিব নোৱাৰি। কিন্তু গৌণ গুণসমূহ মন সাপেক্ষ। স্থান, কাল বা ব্যক্তিভেদে গৌণ গুণবোৰ পৰিৱৰ্তন হ’ব পাৰে।
  • বৈজ্ঞানিক বাস্তৱবাদৰ মতে বস্তু এটা আমি দেখিব নোৱাৰো। তাৰ প্ৰতিলিপি বা নকলহে জ্ঞাতাই দেখিবলৈ পায়।
  • বৈজ্ঞানিক বাস্তৱবাদ জ্ঞানৰ এটা সম্পূৰ্ণ স্বাধীন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ দ্বাৰা বস্তুৰ প্ৰকৃত স্বৰূপ প্ৰভাৱান্বিত নহয়।
  • বৈজ্ঞানিক বাস্তৱবাদৰ মতে জ্ঞান এক পৰোক্ষ প্ৰক্ৰিয়া। জ্ঞান পৰোক্ষ কাৰণ জ্ঞানৰ বিষয়বস্তুক জ্ঞাতাই জানিব নোৱাৰে। তাৰ প্ৰতিলিপি বা প্ৰত্যয়কহে জানিব পাৰে।
  • বস্তুৰ প্ৰকৃত স্বৰূপ মূখ্য গুণেহে প্ৰকাশ কৰিব পাৰে। কাৰণ মূখ্য গুণসমূহ বস্তুৰ বস্তুগত ধৰ্ম আৰু ই অপৰিৱৰ্তনীয়।

৬। মূখ্য গুণ আৰু গৌণ দুণৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ মূখ্য গুণ আৰু গৌণ গুণৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—
ক) মূখ্য গুণবোৰ বস্তুনিষ্ঠ অন্তৰ্নিহিত গুণ। আনহাতে, গৌণ গুণবোৰ বস্তুৰ মৌলিক বা প্ৰকৃত নহয়। বস্তুৰ আকাৰ, আয়তন, ওজন আদি মূখ্য গুণ; আৰু বৰণ, সোৱাদ, আদি গৌণ গুণ।
খ) মূখ্য গুণবোৰ মনৰ বা জ্ঞাতাৰ ওপৰত নিৰভৰ নকৰে। আনহাতে, গৌণ গুণবোৰ ব্যক্তি নিৰ্ভৰশীল বাবে ব্যক্তিভেদে বেলেগ-বেলেগ হয়।
গ) মূখ্য গুণৰ আধাৰ হ’ল এক অজ্ঞাত আৰু অজ্ঞ দ্ৰৱ্য যাক ধাৰণাৰ যোগেদি জানিব পাৰি। আনহাতে, গৌণ গুণৰ আধাৰ হ’ল ব্যক্তিমনৰ মানসিক অৱস্থা।
ঘ) মূখ্য গুণবোৰ উমৈহতীয়া আৰু অপৰিৱৰ্তনশীল। আনহাতে, গৌণ গুণবোৰ উমৈহতীয়া নহয় আৰু পৰিৱৰ্তনশীল।

৭। “মূখ্য গুণ আৰু গৌণ গুণৰ পাৰ্থক্য মূলতঃ অমনস্তাত্বিক”। তিনিটা যুক্তি দিয়া।
উত্তৰঃ মূখ্য গুণ আৰু গৌণ গুণৰ পাৰ্থক্য দৰ্শনমূলক, মনস্তাত্বিক নহয়। দৰ্শনমূলক বোলাৰ কাৰণ হ’ল—

  1. লকৰ মতে গৌণ গুণবোৰ ব্যক্তিনিষ্ঠ। এইবোৰ গুণৰ আধাৰ হিচাপে শক্তি মনৰ ধাৰণা জড়িত। ইয়াৰ বিপৰীতে মূখ্য গুণবোৰ বস্তুনিষ্ঠ আৰু এইবোৰ গুণ প্ৰায় সাৰ্বজনীন।
  2. মূখ্য গুণবোৰ বস্তুৰ একোটা প্ৰতীক। প্ৰতীকৰ মাধ্যমেৰেহে বস্তুৰ জ্ঞানৰ ধাৰণা কৰা হয়। মূখ্য গুণৰ আধাৰ স্বৰূপে বস্তুক অজ্ঞাত আৰু অজ্ঞেয় বোলা মত কেতিয়াও মনস্তাত্বিক নহয়।
  3. গুণ আৰু বস্তুৰ সাদৃশ্যতাৰ মতবাদ মনস্তাত্বিক নহয়। লকৰ মতে গুণ আৰু ধাৰণাৰ সাদৃশ্যতাই জ্ঞানৰ প্ৰকৃতি নিৰ্ণয় কৰে।

৮। “সৰল বাস্তৱবাদে ভুল বা ভ্ৰান্তিৰ বাখ্যা কৰিব নোৱাৰে।” কিয়? আলোচনা কৰা।
উত্তৰঃ সৰল বাস্তৱবাদে ভুল বা ভ্ৰান্তিক বাখ্যা কৰিব নোৱাৰে। ভুল প্ৰত্যক্ষ, অলীক প্ৰত্যক্ষ আদিৰ পৰা যি ভ্ৰান্ত জ্ঞানৰ উদ্ভৱ হয় সৰল বাস্তৱবাদে তেনে অৱস্থাৰ পৰা জ্ঞানক মুক্ত কৰিব নোৱাৰে। ভ্ৰান্ত প্ৰত্যক্ষত আমি অস্তিত্বশীল বস্তু এটাক ভুলবশত অন্য অটা ৰূপত প্ৰত্যক্ষ কৰো। যেনে- মৰুভূমিৰ বালিত সূৰ্যৰ পোহৰ পৰা হেতুকে মাজে-মাজে বালিকে পানী যেন বোধ হয়, যাক আমি মৰীচিকা বুলি কওঁ। তেনে ক্ষেত্ৰত দেখা যায় যে বস্তুৰ প্ৰকৃত স্বৰূপ আমাৰ প্ৰত্যক্ষত ধৰা নপৰে। সৰল বাস্তৱবাদে এনেকুৱা ভ্ৰান্তিমূলক প্ৰত্যক্ষ বা অভিজ্ঞতা কিয় হয়, তাক বাখ্য কৰিব নোৱাৰে। কাৰণ ইয়াৰ মতে বস্তুৰ প্ৰকৃত স্বৰূপেই আমাৰ প্ৰত্যক্ষ হয়। অৰ্থাৎ জ্ঞানৰ ক্ষেত্ৰত ভুল বা ভ্ৰান্তিৰ স্থান নাই। কিন্তু এই কথা মানি ল’ব পৰা নাযায়।

৯। সৰল বাস্তৱবাদ আৰু বৈজ্ঞানিক বাস্তৱবাদৰ মাজত থকা প্ৰভেদবোৰ লিখা।
উত্তৰঃ সৰল বাস্তৱবাদ আৰু বৈজ্ঞানিক বাস্তৱবাদৰ মাজত থকা প্ৰভেদবোৰ হ’ল—
ক) যি মতবাদ মতে, বিষয়বস্তুৰ সমগ্ৰ গুণ সন্নিবিষ্ট জগত মন নিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্বশীল, তাকে সৰল বাস্তৱবাদ বোলে।
আনহাতে, যি মতবাদে বিষয়বস্তুৰ মূখ্য আৰু গৌণ গুণৰ পাৰ্থক্য স্বীকাৰ কৰে, তাকে বৈজ্ঞানিক বাস্তৱবাদ বোলে।
খ) সৰল বাস্তৱবাদ মতে ইন্দ্ৰিয় পোনপটীয়াকৈ বিষয়বস্তুৰ জ্ঞান প্ৰত্যক্ষ কৰে।
আনহাতে, বৈজ্ঞানিক বাস্তৱবাদে বস্তুৰ পোনপটীয়া প্ৰত্যক্ষত মনৰ গৌণ প্ৰভাৱ থাকে।
গ) সৰল বাস্তৱবাদে গুণৰ পাৰ্থক্য নকৰে। আনহাতে, বৈজ্ঞানিক বাস্তৱবাদে মূখ্য আৰু গৌণ গুণৰ আধাৰত বিষয়বস্তুক বাখ্যা কৰিছে।
ঘ) সৰল বাস্তৱবাদত ভাৱবাদী প্ৰৱণতা থকা দেখা নাযায়। আনহাতে, বৈজ্ঞানিক বাস্তৱবাদত ভাৱবাদী প্ৰৱণতা থকা দেখা নাযায়।

১০। বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল—
ক) বাস্তৱবাদে বস্তুজগতৰ মন নিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্বক স্বীকাৰ কৰিছে। আনহাতে, ভাৱবাদে বস্তুজগতৰ অস্তিত্বত বিশ্বাস নকৰে।
খ) বাস্তৱবাদীসকলে জ্ঞানৰ প্ৰক্ৰিয়াটোত জ্ঞানৰ বিষয় বা জ্ঞেয় বস্তুক প্ৰাধান্য দিয়ে। আনহাতে, ভাৱবাদীসকলে জ্ঞেয় বস্তুতকৈ জ্ঞাতাকহে বেছি প্ৰাধান্য দিয়ে।
গ) বাস্তৱবাদ অনুসৰি জ্ঞান আৰু জ্ঞেয় বিষয়ৰ মাজৰ সম্পৰ্ক বাহ্যিক সম্পৰ্কহে মাথোন। আনহেত, ভাৱবাদ অনুসৰি এই সম্পৰ্ক বাহ্যিক নহয়, আভ্যন্তৰীণহে।
ঘ) চেতনাৰ বাখ্যা ভাৱবাদৰ অন্যতম বৈশিষ্ট্য। আনহাতে, বাস্তৱবাদে ইন্দ্ৰিয় অভিজ্ঞতাৰ বাখ্যাতহে অগ্ৰাধিকাৰ দিয়ে।

১১। জন লকৰ প্ৰতীকবাদ বা প্ৰতিনিধিত্বমূলক বাস্তৱবাদৰ এটা চমুটোকা লিখা।
উত্তৰঃ এই মত অনুসৰি আমি পোনপটীয়াভাৱে বাহ্য বস্তুৰ জ্ঞান লাভ কৰিব নোৱাৰে। পৰোক্ষভাৱে ধাৰণা বা প্ৰতিৰূপৰ মাধ্যমত বাহ্যবস্তু সম্বন্ধে জ্ঞান লাভ কৰা যায়। আমি সাক্ষাৎভাৱে বস্তুৰ জ্ঞান লাভ নকৰো। আমি সাক্ষাৎভাৱে যি লাভ কৰো, সি হ’ল বস্তুৰ ধাৰণা বা প্ৰতিৰূপ। যেনে- গোলাপ ফুল এপাহৰ জ্ঞান আমি সাক্ষাৎভাৱে লাভ নকৰো। লাভ কৰো গোলাপ ফুলৰ প্ৰতিৰূপ বা ধাৰণা। লকৰ মতে আমাৰ মন এটি স্বচ্ছ পৰ্দাৰ দৰে যাৰ ওপৰত বস্তুৰ প্ৰতিৰূপ বা ধাৰণা পৰে আৰু এই ধাৰণাৰ মাধ্যমত বাহ্যবস্তু সম্বন্ধে জ্ঞান লাভ কৰো। এই ধাৰণা বা প্ৰতিৰূপৰ লগত যদি বাহ্যবস্তুৰ মিল থাকে তেনেহলে সত্য জ্ঞান হয়; আনহাতে, মিল নাথাকিলে আমাৰ ভ্ৰান্ত জ্ঞান হয়। এনেদৰে ধাৰণা বা প্ৰতিৰূপৰ মাধ্যমত বাহ্যবস্তুৰ জ্ঞান পৰোক্ষভাৱে লাভ কৰা যায় বাবে লকৰ বাস্তৱবাদক প্ৰতীকবাদ বা প্ৰতিনিধিত্বমূলক বাস্তৱবাদ বোলা হয়। বৈজ্ঞানিক বাস্তৱবাদক পৰোক্ষ বাস্তৱবাদ বুলিওঁ কোৱা হয়।

১২। সত্ত্বা কি?
উত্তৰঃ দাৰ্শনিকসকলে জগতৰ সকলো বস্তুৰ দুটা দিশ থকা বুলি ভাৱে— বস্তুৰ বাহ্যৰূপ আৰু বস্তুৰ অন্তৰ্নিহিত ৰূপ। চকু, নাক, কাণ, জিভা আদি ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে জগতৰ বস্তুবোৰৰ বিষয়ে যি অভিজ্ঞতা লাভ হয়, সেয়া বস্তু বা জগতৰ অৱভাস বা প্ৰতিভাস বোলা হয়। জগতৰ এই বাহ্যিক ৰূপৰ অন্তৰালত এক নিজস্ব স্বৰূপ আছে যাক সত্ত্বা বোলা হয়। সত্ত্বাৰ জ্ঞান ইন্দ্ৰিয় প্ৰত্যক্ষ বা অভিজ্ঞতাৰ দ্বাৰা পাব নোৱাৰি। সত্ত্বাৰ জ্ঞান বিচাৰ-বুদ্ধি আৰু আন্ত-অনুভূতিৰ দ্বাৰাহে পাব পাৰি।

Leave a Comment