Class 7 Assamese Chapter 4 Question Answer

আপুনি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 7 ৰ শিক্ষাৰ্থী নেকি বা আপুনি সপ্তম মান শ্ৰেণীৰ অসমীয়া বিষয় পঢ়াই নেকি? তেন্তে এই লিখনিয়ে আপোনাক কিছু সহায় কৰিব।

আমি আজি Assamese Medium ত Class 7 Assamese Chapter 4 Question Answer আলোচনা কৰিব আহিছোঁ। Class 7 Assamese Chapter 4 Question Answer তথা “জনমভূমি” ৰ সম্পুৰ্ণ প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। আশা কৰোঁ আপুনি এই লিখনি ভাল পাব।

আমি ইয়াত “জনমভূমি” তথা Class 7 Assamese Chapter 4 ৰ চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ আদিৰ লগতে কিছু কিছু গুৰুত্বপূৰ্ণ Assamese Grammar ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপুনি এই লিখনি পঢ়িলে Class 7 Assamese Chapter 4 Question Answer ৰ বাবে আন একো পঢ়াৰ প্ৰয়োজন নাই।

কবি পৰিচয়:- নলিনী বালা দেৱী (১৮৯৮-১৯৭৭) অসমৰ মহিলা কবিসকলৰ ভিতৰত নলিনী বালা দেৱী এগৰাকী প্রতিষ্ঠিত কবি। তেখেতৰ জন্ম বৰপেটাত। তেখেত স্বাধীনতা সংগ্রামী কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ জীয়ৰী। অকালতে স্বামীক হেৰুৱাই তেখেতে কাব্য-চৰ্চাত মন দিছিল। ‘সন্ধিয়াৰ সুৰ’, ‘সপোনৰ সুৰ’, ‘পৰশমণি’ আদি হ’ল তেখেতৰ উল্লেখযোগ্য কবিতাৰ পুথি। ‘মীৰাবাঈ’, ‘শেষ পূজা’, ‘পাৰিজাতৰ অভিষেক’ আদি শিশু নাটিকাৰ লগতে তেখেতে আত্মজীৱনী আৰু দেউতাকৰ জীৱনীও লিখি থৈ গৈছে। ‘পদ্মশ্ৰী’ সন্মান লাভ কৰা কবি নলিনী বালা দেৱী আমাৰ চিৰনমস্য।

‘ক’ পাঠভিত্তিক ক্রিয়া

৩। উত্তৰ দিয়া —

(ক) কবিয়ে কাৰ কোলাত প্রথমে চকু মেলাৰ কথা কৈছে?
উত্তৰঃ জনমভূমিৰ কোলাত।

(খ) কবিৰ ভাগৰুৱা আত্মাঁই কোনঠাইত শেষ জিৰণি ল’বলৈ ইচ্ছা প্ৰকাশ কৰিছে?
উত্তৰঃ জনমভূমিৰ ছায়াত।

(গ) কবিয়ে হিমালয় পৰ্বতৰ ক’ত আৰু কি হৈ ৰ’ব বুলি কৈছে?
উত্তৰঃ কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ৰব বুলি কৈছে।

৫। তলৰ শব্দবোৰ অৰ্থ মিলাই লিখা:
উত্তৰ:
পখী ― চৰাই।
শীতলী ― চেঁচা, শীতল।
সোণোৱালী ― সোণ বৰণীয়া।
মৰম ― চেনেহে৷
প্রথম ― আদি।
টিং ― পৰ্বতৰ আগ বা ওখ ভাগ।

প্রশ্ন ৬। গদ্য ৰূপত লিখা
(ক) সোণোৱালী মেঘ হৈ
ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।
উত্তৰঃ সোণোৱালী মেঘ হৈ শেঁতা পৰা দুখনি ওঁঠত ৰঙা হাঁহি বিৰিঙাম।

(খ) আকাশৰ তৰা হৈ
ৰ লাগি চাই ৰ’ম
সেউজীয়া শুৱনি জেউতি।
উত্তৰঃ আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি ব লাগি চাই ৰম।

৭। পাঠত থকা ‘জনমভূমি’ কবিতাংশৰ মূলভাব লিখা।
উত্তৰঃ কবি নলিনীবালা দেৱীয়ে কৈছে যে তেওঁ যিখন ঠাইত জন্মগ্রহণ কৰিছে সেইখন ঠাইতেই মৃত্যুবৰণো কৰিব। মৰাৰ পিছতো তেওঁৰ আত্মাই আহি এইখন ঠাইৰ শীতলী কোলাত আৰু ছায়াতেই জিৰণি ল’বহি। মৰাৰ পিছত পখী হৈ জন্মভূমিৰ গছ-বিৰিখতে বাহ ল’বহি, পুৱতি নিশা সুমধুৰ গীত গাই মাতৃ জনমভূমিক জগাবহি। আকাশত তৰা হৈ জনমভূমিৰ সেউজীয়া শুৱনি জেউতি একেথৰে চাই থাকিব, জোনাকত জনমভূমিৰে আৰতি গাব। হিমালয় পর্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ফুলি তাৰ সুবাস জনমভূমিৰ বুকুত ছটিয়াই দিবহি। মলয়া বতাহত পাৰিজাত ফুলৰ ৰেণু আনি জনমভূমিৰ চৰণত ঢুলাব। নদী হৈ জনমভূমিৰ চৰণ পখালিব আৰু মাটি হৈ তেওঁৰ বুকুতে মিলি যাব। সোণোৱালী মেঘ হৈ তেওঁৰ শেঁতাপৰা ওঁঠত ৰঙা হাঁহি বিৰিঙাব ৷
কবিতাটিৰ মাজেৰে কবিৰ ওপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা প্ৰকাশ পাইছে।

৯। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা—জনম, ওখ, শেষ, ৰাতি, ছাঁ, দুখীয়া
উত্তৰঃ
জনম ― মৰণ।
ওখ ― চাপৰ
শেষ ― আদি, আৰম্ভণি৷
ৰাতি ― দিন
ছাঁ ― পোহৰ।
দুখীয়া ― ধনী

অতিৰিক্ত প্রশ্ন

(১) ‘জনমভূমি’ কবিতাটিৰ ৰচক কোন?
উত্তৰঃ ‘জনমভূমি’ কবিতাটিৰ ৰচক নলিনীবালা দেৱী।

(২) কবি নলিনীবালা দেৱীৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ কবি নলিনীবালা দেৱীৰ জন্ম বৰপেটাত হৈছিল।

(৩) কবি নলিনীবালা দেৱীৰ পিতৃ কোন আছিল?
উত্তৰঃ কবি নলিনীবালা দেৱীৰ পিতৃ আছিল কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ।

(৪) নলিনীবালা দেৱীৰ এখনি কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ নলিনীবালা দেৱীৰ এখন কবিতা পুথিৰ নম হ’ল ‘সন্ধিয়াৰ সুৰ’।

(৫) নলিনীবালা দেৱীয়ে কি সন্মান লাভ কৰিছিল?
উত্তৰঃ নলিনীবালা দেৱীয়ে ‘পদ্মশ্ৰী’ সন্মান লাভ কৰিছিল।

Final Word on Class 7 Assamese Chapter 4 Question Answer

শেষ বাক্য হিচাপে কবলৈ গলে বহু কথাকে কব পাৰি, কিন্তু ইয়াত আমি এটি কথাই উল্লেখ কৰিম যে Assamese Medium ৰ শিক্ষাৰ্থী যাতে টিউচনলৈ যাব নেলাগে তাৰ বাবে এই ক্ষুদ্ৰ প্ৰয়াস।

আমাৰ লিখনিসমূহ আনৰ সৈতে Share কৰি পঢ়িবলৈ সুযোগ কৰি দিলে আমি আৰু দুগুণ উৎসাহৰ সৈতে আপোনালোকৰ বাবে Assamese Medium Class 6 – Assamese Medium Class 12 ৰ সকলো সমাধান দিয়াৰ প্ৰয়াস কৰিম।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

2 thoughts on “Class 7 Assamese Chapter 4 Question Answer”

Leave a Comment