Class 7 Assamese Question Answer

আপুনি অসম চৰকাৰী বিদ্যালয়, অসম জাতীয় বিদ্যালয়  আৰু শংকৰ দেৱ শিশু নিকেতন ৰ Class 7 ৰ শিক্ষাৰ্থী নেকি বা আপুনি সপ্তম মান শ্ৰেণীৰ অসমীয়া বিষয় পঢ়াই নেকি? তেন্তে Class 7 Assamese Question Answer এই লিখনিয়ে আপোনাক কিছু সহায় কৰিব।

আমি Assamese Medium ত Class 7 Assamese ৰ সম্পূৰ্ণ Syllabus ৰ সমাধান আলোচনা কৰিব আহিছোঁ। Class 7 Assamese সূচীপত্ৰ আমি তলত উল্লেখ কৰিছো লগতে ইয়াত সম্পূৰ্ণ সমাধান দিয়াৰ প্ৰয়াস কৰিছো।

Class 7 Assamese Question Answer

Class 7 Assamese Question Answer [Assam Govt. School Syllabus]

তেজৰে কমলাপতি পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ

প্ৰশ্ন ১। বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰনৰে গাঁও আহা।
উত্তৰ: এইটো নিজে নিজে চেষ্টা কৰিব লাগিব। লগতে শিক্ষক বা আন কোনোবাৰ সহায় লব পাৰিব।

প্ৰশ্ন ২। বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া।
উত্তৰ:এইটো নিজে নিজে চেষ্টা কৰিব লাগিব। লগতে শিক্ষক বা আন কোনোবাৰ সহায় লব পাৰিব।

প্রশ্ন ৩। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা:-

(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি?
উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধবদেৱ ।

(খ) ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটোৰ ৰচক কোন?
উত্তৰ: শ্ৰীশ্ৰীমাৱধৱে।

(গ) ‘তিমিৰ ফেৰিয়া’ কি বাজ হয়?
উত্তৰ : ৰবিৰ কিৰণ।

(ঘ) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল?
উত্তৰ : সুৰভি চৰাবলৈ যাবৰ কাৰণে৷

প্রশ্ন ৪৷ তলত দিয়া পদ দুশাৰীত কোনে কাক কি কৈছে, নিজৰ কথাৰে লিখা।
নন্দ গেল বাথানে গোৱাল গেল পাল।
সুৰভি চাৰিতে লাগে উঠৰে গোপাল।

উত্তৰঃ মাক যশোদাই শুই থকা শিশু কৃষ্ণক কৈছে যে নন্দ বাথানলৈ, অৰ্থাৎ গৰু মই ৰখা ঠাইলৈ গ’ল, গোৱালবিলাকেও চৰাবলৈ গৰুৰ পাল লৈ গ’ল। গতিকে গোপাল তুমিও সুৰভি গাইজনীক চৰাবলৈ নিব লাগে, উঠা।

প্রশ্ন ৫। তলৰ শব্দবোৰৰ অৰ্থ লিখা- কমলাপতি, শতপত্র, তিমিৰ, ভ্ৰমৰ, ডাকে, ত্ৰিজগত, ব্রজবধু, ৰয়নী

কমলাপতিশ্রীকৃষ্ণ
শতপত্রপদুম
তিমিৰআন্ধাৰ
ডাকেমাতে
ত্রিজগতস্বৰ্গ, মর্ত্য, পাতাল এই তিনি জগত
ব্রজবধুব্রজধামৰ বোৱাৰী
ৰয়নীৰজনী, নিশা

প্রশ্ন ৬। বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বর্ণনা দিয়া।
উত্তৰ: বৰগীতটিত মাক যশোদাই শুই থকা শিশু শ্রীকৃষ্ণক জগাওতে ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা এনেদৰে দিছে ―
আন্ধাৰ আঁতৰাই চাৰিও দিশ পোহৰাই সূৰ্যৰ কিৰণ ওলাই আহিছে। পদুম ফুল ফুলি উঠাত তাত ভোমোৰাই গুণ গুণ কৰি উৰিছে। শ্ৰীকৃষ্ণ নাম-গুণ গাই ব্রজধামৰ বোৱাৰীসকলে দধি মথিব লাগিছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম-সুদাম আদি গৰখীয়াসকলে তেওঁৰ নাম ধৰি মাতিব লাগিছে। দাদাক বলৰাম ইতিমধ্যে বিছনাৰ পৰা উঠিছে। ৰজা নন্দও গৰু ৰখা ঠাইলৈ গ’ল। গোৱালবিলাকেই গৰুৰ পাল লৈ চৰাবলৈ গ’ল। শ্ৰীকৃষ্ণও সুৰৰ্ভী গাইজনী চৰাবলৈ নিব লাগে, গতিকে সোনকালে উঠিব লাগে। সোনকালে উঠি ক্ষীব-লৱণু, শিঙা, বেত, বেণু লৈ যাব লাগে বুলি যশোদাই শ্রীকৃষ্ণক কৈছে।

‘খ’ ভাষা অধ্যয়ন

প্রশ্ন ৮। (ক) তলৰ শব্দৰ আগত ত্ৰি’ শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ লিখা – জগত, ভুজ, কাল, শূল, কোন, নয়ন
উত্তৰ জগত = ত্রিগজত: স্বর্গ, মর্ত্য, পাতাল এই তিনিজগত৷
ভুজ = ত্রিভুজ : তিনিটা বহু থকা ক্ষেত্র; তিনিডাল সৰল ৰেখাৰে আগুৰা ক্ষেত্র।
কাল = ত্ৰিকাল: ভূত, ভরিষ্যৎ আৰু বর্তমান এই তিনি কাল।
কোন = ত্ৰিকোন: মূল তিনিটা জোং থকা এবিধ অস্ত্র।
নয়ন = ত্রিনয়ন: তিনিটা কোন থকা ক্ষেত্র বা তিনিটা চকু থকা শিৱ।

(খ) তলত দিয়া শব্দবোৰৰ আগত ‘বি’ পূর্ণসৰ্গ লগলগাই সেইবোৰেৰে অর্থ প্রকাশক একোটা বাক্য ৰচনা কৰা। — সুখ, দূৰ, কিৰণ, নন্দ
উত্তৰঃ মুখ = বিমুখ : ভিক্ষাৰীক কেতিয়াও বিমুখ নকৰিবা।
দূৰ = বিদূৰ: আত্মীয় মানুহ বিদূৰত থাকিলে বৰকৈ মনত পৰে।
কিৰণ = বিকিৰণ: ৰাতিপুৱা সূৰ্যৰ পোহৰ চাৰিওফালে বিকিৰণ হৈছে।
নন্দ = বিনন্দ: সদায় বিনন্দ মনেৰে থাকিব লাগে।

প্রশ্ন ৯। ব্রজাবলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা।
(ক) বয়নী বিদূৰ দিশ ধৱলী বৰণ
উত্তৰঃ (ক) এন্ধাৰ আঁতৰি গৈ চাৰিওদিশে পোহৰ হ’ল ৷
(খ) শতপত্র বিকশিত ভ্রমৰ উপায়।
উত্তৰঃ (খ) পদুম ফুলবোৰ ফুলি উঠাত তাত ভোমোৰাবোৰ উৰিব লাগিছে |
(গ) দাম-সুদাম ডাকে তেৰি লৈয়া নাম
উত্তৰঃ (গ) দাম-সুদামে তোমাৰ নাম ধৰি মাতিব লাগিছে।
(ঘ) ক্ষীৰ লৱণু লৈয়া শিঙা, বেত,বেণু
উত্তৰঃ (ঘ) ক্ষীৰ-লৱণু আৰু শিঙা, এচাৰি, বাঁহী লৈ সুৰৰ্ভী চৰাবলৈ যোৱা ৷

প্রশ্ন ১০। এটা শব্দত প্ৰকাশ কৰা –
উত্তৰঃ গৰু বন্ধা ঠাই ― গোহালি, বাথান
যিয়ে ৰাতি নেদেখে ― কুকুৰীকণা
যিজনে সকলো জানে ― সর্বজান
যি সকলোৰে মাজত প্রিয় ― জনপ্রিয়
যাক সহজে লাভ কৰিব নোৱাৰি ― দুর্লভ
যিজনে বিষ্ণুক উপাসনা কৰে ― বৈষ্ণৱ


কালিকা লগা পাট-কাপোৰ প্ৰশ্ন উত্তৰ

‘ক’ পাঠভিত্তিক ক্রিয়া

প্রশ্ন ২। উত্তৰ দিয়া –

(ক) চহকী মানুহজন কোন দেশৰ আছিল?
উত্তৰ: আচিক দেশৰ।

(খ) চহকী-মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?
উত্তৰঃ দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল।

(গ) ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?
উত্তৰঃ এখন কালিকা লগা বনকৰা পাটৰ কাপোৰ দিয়া হৈছিল।

(ঘ) কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?
উত্তৰ : ‘এটা মধু উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পঁচাবতে সিচৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰদন চৰাইৰ নেজ আৰু পাখি হৈ পৰিব।’ ―বুলি কৈছিল।

(ঙ) আচিক সম্প্রদায়ত সম্পত্তিৰ অধিকাৰী কোন?
উত্তৰঃ ছোৱালী পিতৃ-মাতৃৰ সম্পত্তিৰ অধিকাৰী হয়।

(চ) ছোৱালীয়ে কাপোৰখন ৰ’দত মেলি দি ক’লৈ গৈছিল ?
উত্তৰঃ মাছ মাৰিবলৈ গৈছিল।

(ছ) কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হৈছিল?
উত্তৰঃ এটা ডাঙৰ আৰু নানা বৰণীয়া জনকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল।

প্রশ্ন ৩। চমু উত্তৰ দিয়া 

(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাটৰ কাপোৰখনৰ বিশেষত্ব কি আছিল ?
উত্তৰঃ কাপোৰখন আছিল কালিকা লগা। এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰাতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এয়াই আছিল বিশেষত্ব।

(খ) গিৰিয়েকজন কিদৰে সুশোভিত চিত্ৰী চৰহিলৈ ৰূপান্তৰিত হৈছিল ?
উত্তৰঃ কালিকালগা পাটৰ কাপোৰখন ৰদত মেলি দি ছোৱালীজনীয়ে গিৰিয়েকক কোনো কাৰণতে কাপোৰখন নুচুবলৈ কৈ মাছ মাৰিবলৈ গৈছিল। এনেতে ধাৰাসাৰ বৰষুণ অহাত ঘৈণীয়েকক চিঞৰি মতাতো নহাত গিৰিয়েকে সামৰি থ’বলৈ বুলি কাপোৰখনত ধৰোঁতেই তেওঁ সুশোভিত চিত্ৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল।

(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ’ল ?
উত্তৰঃ গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকেও মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি “কি কৰিলা ঔ” বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে।

প্রশ্ন ৪৷ তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা। সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বহুত, চলি থকা
উত্তৰঃ প্রচলিত ― চলি থকা
দেখনিয়াৰ― সুঠাম আৰু দেখিবলৈ ধুনীয়া
চহকী ― ধনী
সুশোভিত― সুসজ্জিত
সৰহ― বহুত

‘খ’ ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৫৷ তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি, বিৰাম চিহ্ন বহুওৱা।
এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তায়ে এজনী চৰাইৰ ৰূপ পালে তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই আৰু ঘৈণীয়েজনী হৈ পৰিল মাইকী ম’ৰা চৰাই। মতাটোৰ পাখি বেছি জাকজমকীয়া কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল
উত্তৰঃ এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই; আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া। কাৰণ, সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।

প্রশ্ন ৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্রিয়াযুক্ত বাক্য লিখা
উত্তৰঃ সমাপিকা ক্রিয়াযুক্ত বাক্য :
(১) আচিক দেশত এজন বৰ চহকী মানুহ আছিল।
(২) পৰ্বতীয়া জাতিসমূহৰ ভিতৰত কেতবোৰ মাতৃপ্রধান জাতি আছে।

অসমাপিকা ক্রিয়াযুক্ত বাক্যঃ
(১) এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ’দত মেলি দিলে।
(২) কিন্তু তাই আহি পোৱাৰ আগতে শিল-বৰষুণ আহিল ৷

প্রশ্ন ৭। তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্রিয়া বাছি উলিওৱা।
উত্তৰঃ ১) মই ঘৰলৈ যাম। (সমাপিকা ক্রিয়া)
২) ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ। (সমাপিকা ক্রিয়া)
৩) পুৱা শুই উঠি ম‍ই বকুলফুল বুটলিম। (অসমাপিকা ক্রিয়া)
৪) মা-দেউতাই সদায় খবৰ কাগজ পঢ়ে। (সমাপিকা ক্রিয়া)
৫) স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ। (অসমাপিকা ক্রিয়া)

‘গ’ জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন ৮। পুৰণিকালত তোমাৰ ককা-আইতাহঁতে কাপোৰ-কানি, বাচন-বৰ্তন পেৰাত ভৰাই থৈছিল। তোমালোকে কাপোৰ-কানি, বাচন-বৰ্তন ক’ত থোৱা, তাৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ:

কাপোৰ-কানি থোৱা ঠাইবাচন-বৰ্তন থোৱা ঠাই
(১) আলমিৰা(১) আলমিৰ৷
(২) আলনা(২) ডিভান
(৩) বাকচ(৩) ৰেক
(৪) ছুটকেচ(৪) বাকচ

প্রশ্ন ১১। অসমৰ শিপিনীয়ে তাঁতশালত কি কি কাপোৰ বয় এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ অসমৰ শিপিনীয়ে তাঁতশালত বোৱা কাপোৰৰ তালিকা হ’ল—

১। মেখেলা
২। চাদৰ
৩। শাৰী
৪। গামোচা
৫। দখনা
৬ ৷ দোপাট্টা
৭। ধুতী
৮। আঁঠুৱাৰ কাপোৰ
৯। ৰুমাল
১০। বিছনা চাদৰ
১১। পর্দা
১২। স্কার্ফ
১৩। ধোচ

প্রশ্ন ১২৷ উত্তৰ-পূব ভাৰতৰ মাতৃপ্রধান জাতিসমূহৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ মাতৃপ্রধান জাতিসমূহ হ’ল– ১) খাচীয়া, ২) গাৰো


পণ্ডিত আনন্দৰাম বৰুৱা প্ৰশ্ন উত্তৰ

‘ক’ পাঠভিত্তিক ক্রিয়া

২। উত্তৰ দিয়া

(ক) আনন্দৰাম বৰুৱাৰ জন্ম কত হৈছিল ?
উত্তৰঃ, উত্তৰ গুৱাহাটীৰ বজাদুৱাৰত ১৮৫০ চনৰ ২১ মে তাৰিখে আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল।

(খ) তেওঁৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ তেওঁৰ পিতৃৰ নাম গণৰাম বৰুৱা আৰু মাতৃৰ নাম দুলাভেশ্বৰী বৰুৱানী আছিল।

(গ) আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাই কলকাতাৰ প্রেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল।

(ঘ) “আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা” কিয় প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ বাবে ১৯৮৯ চনত অসম চৰকাৰে “আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা” প্রতিষ্ঠা কৰিছিল। ইয়াৰ ইংৰাজী নামটো হ’ল Anundoram Borooah Institute of Language. Art and Culture, Assam – চমুকৈ ABILAC বুলি জনা যায়।

৩। ABILAC ৰ পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা। ‘
উত্তৰঃ ABILAC- ব সম্পূর্ণ নামটো ইংৰাজীত হ’ল— Anundoram Borooah Institute of Language, Art and Culture. Assam. অসমীয়াত হ’ল— “আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা”।

৪। তলত নাম লিখা পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা।
• কৌটিল্যৰ অৰ্থশাস্ত্র
• প্রাচীন ভাৰতৰ ভূগোল
• ভৱভূতিৰ মহাবীৰ চৰিত
• ইংৰাজী-সংস্কৃত অভিধান
• মহাভাৰত
• উচ্চ সংস্কৃত ব্যাকৰণ
• সৰস্বতী কণ্ঠাহৰণ
• ভাগৱতৰ দশম স্কন্ধ
• সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ
• সংস্কৃত শিক্ষার্থী সহচৰ
উত্তৰঃ আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ হ’ল— (১) প্রাচীন ভাৰতৰ ভূগোল, (২) ভৱভূতিৰ মহাবীৰ চৰিত, (৩) ইংৰাজী-সংস্কৃত অভিধান, (৪) উচ্চ সংস্কৃত ব্যাকৰণ, (৫) সৰস্বতী কণ্ঠাভৰণ, (৬) সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, (৭) সংস্কৃত শিক্ষার্থী সহচৰ।

৫। আনন্দৰাম বৰুৱাই আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি. শ্রেণ্ট ডাফে দিয়া মন্তব্যটি লিখা।
উত্তৰ : আই. ছি. এছ. পৰীক্ষাত উত্তীর্ণ বুলি ঘোষণা কৰাৰ বাবে যি ন্যূনতম বয়সৰ প্ৰয়োজন আনন্দৰামৰ সেই বয়স হোৱা নাছিল। সেইহেতু পালিয়ামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হোৱাত মি. গ্রেন্ট ডাফে এই মন্তব্যৰে বিতৰ্কৰ মোখনি মাৰিছিল— আমি এই সিদ্ধান্তত উপনীত হওতে আই. ছি. এছ পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্রতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিছে তেওঁৰ আকাঙ্খাৰ বাটত আমি একো প্রতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ।”

৬। আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা।
উত্তৰ: আই. ছি. এছ. পৰীক্ষা পাছ কৰাৰ পিছত স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱাই প্রথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্রেট হিচাপে যোগদান কৰিছিল । তাৰ পিছত মৈমনসিং জিলাৰ সহকাৰী মেজিষ্টেট আৰু কলেক্টৰ হিচাপে চাকৰি কৰিছিল। বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে চাকৰি কৰি ১৮৮৪ চনত নোৱাখালি জিলাৰ মেজিষ্ট্রেট নিযুক্ত হৈছিল। সেই সময়ত তেওঁ বংগদেশৰ ভালেমান উন্নয়নমূলক কাম কৰিছিল।

৭ ‘ক’ অংশত থকা শব্দৱ লগত ‘খ’ অংশত থকা অৰ্থবোৰ আঁচ টানি মিলোৱা।
উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
অধ্যৱসায়নেৰানেপেৰাকৈ লাগি থকা কার্য।
মন্থনমথা বা ঘোটা কার্য।
সুখ্যাতিসুনাম, যশস্যা।
জাকতজিলিকাঅতি শুৱনি
অৱদানবৰঙণি বা অৰিহণা।
সংকল্পকোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা।
অপ্রত্যাশিতআশা নকৰা ৷
প্রতিযোগীপ্রতিদ্বন্দ্বী।
নিযুক্তকামত লগোৱা, কামত নিয়োগ কৰা।
মনীষীজ্ঞানী।

‘খ’ ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

কালঃ ক্ৰিয়াৰ সময়কে কাল বোলে।
উত্তৰঃ কাল তিনিবিধ – বর্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল।
বর্তমান কাল: মই পঢ়িছোঁ— অর্থাৎ মই বর্তমান পঢ়ি আছোঁ৷ গতিকে পঢ়িছোঁ ক্ৰিয়াটো বৰ্তমান কালৰ ক্ৰিয়া ৷
অতীত কাল: মই পঢ়িছিলোঁ— অর্থাৎ যোৱা কোনোবা সময় বা কালত পঢ়া কাম কৰিছিলোঁ ৷ গতিকে ‘পঢ়িছিলোঁ’ অতীত কালৰ ক্ৰিয়া। 1
ভৱিষ্যৎ কাল : মই পঢ়িম— অর্থাৎ ভৱিষ্যতৰ কোনোবা সময় বা কালত পঢ়া কাম কৰিম৷ গতিকে ‘পঢ়িম’ ভৱিষ্যৎ কালৰ ক্ৰিয়া।

‘গ’ জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন ১১। ভাব বহলাই লিখা‘চেষ্টাৰ অসাধ্য একো নাই।’
উত্তৰঃ কোনো কামত কৃতকার্যতা লাভ কৰাৰ বাবে চেষ্টা বা যত্নৰ প্রয়োজন। চেষ্টা নকৰাকৈ একো কাম কৰিব নোৱাৰি। ‘দুখ কৰিলে মুখ ভৰে’ বুলি এযাৰ কথা আছে। এই ‘দুখ কৰা’ মানে যত্ন বা চেষ্টা কৰা আৰু ‘মুখ ভৰা’ মানে সফল বা কৃতকার্য হোৱা। পৃথিৱীত যিসকল পুৰুষে নিজৰ নাম চিৰকাললৈ জিলিকাই থৈ গৈছে, সেইসকলে জীৱনত চেষ্টা, যত্ন, দুখ বা পৰিশ্ৰম কৰি গৈছে। পণ্ডিত আনন্দৰাম বৰুৱাই নিজৰ চেষ্টাৰ ফলত তুমুল প্রতিযোগিতামূলক আই. ছি. এছ. পৰীক্ষাত আনকি প্রয়োজনীয় ন্যূনতম বয়স নৌহওঁতেই ৭ম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল৷ পৃথিৱীত হোৱা ডাঙৰ কাম, আৱিষ্কাৰ আদিও চেষ্টাৰ ফলতেই হৈছিল। আমেৰিকা আৱিষ্কাৰ কৰা কলম্বাচৰ লগৰীয়া নাবিকসকল হতাশ হৈ উভতি আহিব খোজাতো কলম্বাছে যত্ন কৰি আৰু দুদিন আগলৈ জাহাজ চলোৱাৰ বাবে নাবিকসকলক সৈমান কৰি চেষ্টা কৰাৰ ফলতেই আমেৰিকা আবিষ্কাৰ হৈছিল। সেয়ে সৰু-বৰ সকলো কামতে একান্ত চেষ্টাৰ প্ৰয়োজন। চেষ্টা কৰিলে সকলো কামেই সাধ্যৰ ভিতৰত আহি পৰে।

প্রশ্ন ১২। কিছুমান লোকে ভালদৰে পঢ়া-শুনা কৰি, ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে। তুমি নিজে তেনে এজন ব্যক্তি হ’বলৈ কি কৰিবা লিখা।
উত্তৰঃ নিজৰ বংশৰ লগতে দেশৰ নাম উজ্জ্বল কৰিবলৈ ময়ো সৰুৰে পৰা দৃঢ় প্রতিজ্ঞ হম। বয়স আৰু শিক্ষা কম কাৰণে এতিয়াও ভাল-বেয়া বহুত কথা জনা হোৱা নাই৷ গতিকে ভাল সৎ ব্যক্তিৰ আদৰ্শত চলিবলৈ যত্ন কৰিম। পিতৃ-মাতৃ, শিক্ষক গুৰুজন, জ্যেষ্ঠজনৰ কথা শুনি, মহৎ লোকৰ জীৱনী পঢ়ি তেনে গুণ আহৰণ কৰিবলৈ চেষ্টা কৰিম৷ সৰুৰে পৰা পঢ়াত অতি মনোযোগী হলে শিক্ষা ল’ব পাৰি। মই পঢ়াত অতি মনোযোগী হম আৰু এজন ভাল, সৎ মানুহ হ’বলৈ সদায় যত্ন কৰিম। সৎ বন্ধুৰ সংগ ল’ম৷ মানুহৰ প্ৰতি সন্মান আৰু মৰম কৰিবলৈ শিকিম। নিজৰ দেশক, সমাজক ভাল পাবলৈ শিকিম। কেতিয়াও স্বাৰ্থপৰ নহ’বলৈ যত্ন কৰিম। এনেবোৰ গুণৰ অধিকাৰী হ’ব পাৰিলে ময়ো নিজৰ বংশৰ লগতে দেশৰ নাম উজলাব পাৰিম বুলি মোৰ বিশ্বাস আছে।

জানো আহা:

কৃষ্ণকান্ত সন্দিকৈ (১৮৯৮-১৯৮২): ১৮৯৮ চনত (যোৰহাটত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল। তেওঁ আছিল ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ প্ৰথম পুত্র। কৃষ্ণকান্তই ১৯১৩ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্রথম বিভাগত মেট্রিক পাছ কৰি গুৱাহাটীৰ কটন কলেজত আই. এ. লৈ পঢ়ি কলকাতাৰ সংস্কৃত কলেজৰ পৰা প্রথম শ্রেণীৰ সাম্মানিক স্নাতক হয়। ১৯১৯ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ এম. এ. পাছ কৰে। পিছত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰাও বুৰঞ্জী বিষয়ত এম. এ. পাছ কৰে।

সন্দিকৈদেবে প্রথমে জে. বি. কলেজৰ প্ৰতিষ্ঠাপক অবৈতনিক অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচার্য হিচাপে যোগদান কৰি সেই পদৱীৰ পৰাই অৱসৰ গ্ৰহণ কৰে। সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত সন্দিকৈদেৱে কেইবাখনো মূল্যবান গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সেইবোৰৰ ভিতৰত নৈষধ চৰিত তেখেতৰ শেষ বয়সৰ অনূদিত গ্রন্থ। ইয়াৰ বাহিৰেও সমকালীন ‘বাঁহী’, ‘মিলন’, ‘আবাহন’, ‘চেতনা’ আদি কাকতত ভালেমান মূল্যবান প্রবন্ধ প্রকাশ কৰিছিল। সন্দিকৈদেৱৰ পাণ্ডিত্য, শৈক্ষিক আৰু সাহিত্য জগতলৈ আগবঢ়োৱা অমূল্য অৱদানসমূহৰ স্বীকৃতিত তেওঁক ‘পদ্মশ্ৰী’ আৰু ‘পদ্মভূষণ’ সন্মানেৰে চৰকাৰে সন্মান জনাইছে। ১৯৮২ চনত পণ্ডিত প্ৰবৰ সন্দিকৈদেৱ স্বৰ্গী হয়।

সীতানাথব্ৰহ্ম চৌধুৰীঃ১৯০৮ চনৰ ৮ অক্টোবৰত গোৱালপাৰা জিলাৰ ভালুকমাৰী গাঁৱত ব্ৰহ্ম৷ চৌধুৰীৰ জন্ম হয়। গুৱাহাটীৰ কটন কলেজৰ পৰা বি এ পাছ কৰে। ব্ৰহ্মচৌধুৰীৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান অতুলনীয়। তেখেতৰ প্ৰথম কবিতাপুথি ‘কমল কলি’ ১৯২৫ চনত প্ৰকাশ হৈছিল। ‘আৱেগ” আৰু “চকুলো” পিছত প্রকাশিত আন দুখন কবিতা পুথি। ‘কমল কলি’ৰ কবিতাত কবিয়ে নিৰুপমা সৌন্দর্য প্ৰতিমা’ৰ অন্বেষণ কৰিছে। ব্ৰহ্মচৌধুৰী অসম সাহিত্য সভাৰ ১৯৫৬ চনৰ ধুবুৰী অধিবেশনৰ মুকলি সভাৰ উদ্বোধক, ১৯৮১ আৰু ১৯৮২ চনত দুবছৰত দুবাৰ অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ গৌৰৱৰ অধিকাৰী। তেখেত আছিল জাতীয় সংস্কৃতিৰ সমন্বয়ৰ প্রতীকস্বৰূপ। ১৯৮২ চনৰ ২৩ নৱেম্বৰ তাৰিখে তেখেত স্বৰ্গী হয়।

গৌহাটি গভর্ণমেণ্ট ছেমিনাৰী: ১৮৩৫ চনত স্থাপিত এইখন আছিল অসমৰ প্রথম ইংৰাজী মাধ্যমৰ বিদ্যালয়। ১৮৪১ চনত শিৱসাগৰত দ্বিতীয়খন বিদ্যালয় স্থাপিত হয়। ১৮৬৪ চনত শিৱৰাম বৰা, মাধৱ চন্দ্ৰ বৰদলৈ আৰু জালনুৰ আলি আহমেদৰ লগত আনন্দৰাম বৰুৱাই এই বিদ্যালয়ত পঢ়িছিল।

আই.ছি.এছ. (Indian Civil Service): প্রশাসন পৰিচালনাৰ বাবে এক প্রতিযোগিতামূলক পৰীক্ষা। বৃটিছ চৰকাৰে ভাৰতৰ প্রশাসন চলাবৰ বাবে এই পৰীক্ষাৰ দ্বাৰা সুদক্ষ প্রশাসক নিৰ্বাচনৰ ব্যৱস্থা কৰিছিল। দুটা পৰ্যায়ৰ প্ৰথমটোত মুক্ত প্রতিযোগিতামূলক পৰীক্ষা হয়। ১ম পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে দ্বিতীয় পর্যায়ব পৰীক্ষা দিব পাৰে। ১৮৭০ চনত হোৱা এই আই. ছি. এছ পৰীক্ষাৰ প্ৰথম খণ্ডত আনন্দৰাম বৰুৱাই ৩৮তম স্থান লাভ কৰিছিল আৰু ইয়াৰ দ্বিতীয় পৰ্যায়ৰ ১৮৭২ চনৰ পৰীক্ষাত ৭ম স্থান লাভ কৰিছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দাদাক সত্যেন্দ্রনাথ ঠাকুৰ আছিল প্রথমজন ভাৰতীয় আই.ছি. এছ।

মহর্ষী পানিনি: মহষী পানিনিয়ে ‘অষ্টাধ্যায়ী’ নামে সংস্কৃত ভাষাৰ ব্যাকৰণ প্ৰণয়ন কৰে। এই ব্যাকৰণখনেই বিশ্বৰ ভিতৰত স্বীকৃত বিজ্ঞান সম্মত ব্যাকৰণ পুথি। জন বেকাচ (John Bakus) নামে এজন বিজ্ঞানীয়ে এই ব্যাকৰণ পুথিখনৰ ভিত্তিত পোন প্ৰথমে তথ্য প্ৰযুক্তিৰ আহিলা কম্পিউটাৰৰ উপযোগীকৈ ‘কৃত্রিম ভাষা প্রযুক্তি’ নির্মাণ কৰে । এই প্রযুক্তিক যান্ত্রিক ভাষা’ বুলি কোৱা হয়। ভাষাটো কম্পিউটাৰ জগতত PBNF (Panini Bakus Normal Form) নামে জনাজাত। পানিনিৰ এই অৱদানৰ বাবে বিশ্বই সদায় ভাৰতবৰ্ষ আৰু সংস্কৃত ভাষাৰ ওচৰত ৰণী হৈ থাকিব।

‘ঘ’ প্রকল্প

প্রশ্ন ১৫। ভবিষ্যতে কোনে কি হ’বলৈ বিচৰা আৰু কিয় হ’ব বিচৰা সেই বিষয়ে লিখা।
উত্তৰঃ প্ৰথম কথা, ভৱিষ্যতে মই এজন ভাল মানুহ হ’ব বিচাৰোঁ। ভাল মানুহ হোৱাৰ উপৰি কৰ্মময় জীৱনত মই এজন ডাক্তৰ হ’ব বিচাৰোঁ। মানৱ সেৱাৰ মনোভাব এটা সদায় মই পুহি ৰাখিছোঁ। অনেক দুখীয়া, গৰীৱ ৰগীয়া লোকে ধনৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি দুখ লগা অৱস্থাত বেয়াকৈ একালতে মৰিব লগা হোৱাটো মই সৰুৰে পৰা দেখি আহিছোঁ। এনে অৱস্থা হয় ঘাইকৈ গাঁও অঞ্চলত। সেয়ে মই কঠোৰ শ্ৰম কৰি পঢ়া-শুনা কৰিম যাতে নিষ্ঠাৰে এই বিদ্যা অধ্যয়ন কৰিম। আঁতি-গুৰি মাৰি বেমাৰ আৰু ঔষধ সম্পর্কীয় কথাবোৰ শিকি ল’ম যাতে ভবিষ্যতে চিকিৎসাৰ ক্ষেত্ৰত মোৰ কেতিয়াও ভুল নহয়।

মানুহে কয় ৰোগীৰ কাৰণে ডাক্তৰসকল ভগৱান স্বৰূপ। মই ভগৱান হ’ব নোৱাৰোঁ; কিন্তু ৰোগীসকলৰ সহায়কাৰী বন্ধু হ’ব পাৰোঁ। ৰোগীক শুশ্ৰূষা কৰাটো অন্যতম সহায় মানৱ সেৱা। চিকিৎসাত ৰোগীজন ভাল হৈ উঠিলে ডাক্তৰৰ ইয়াত ডাঙৰ আত্মতৃপ্তি একো নাই। এই সেৱাত দুটা লাভ হয়— প্রথম ৰোগীয়ে আৰোগ্য লাভ কৰে, আৰু দ্বিতীয়তে ডাক্তৰেও জীৱন নিৰ্বাহ কৰিবলৈ সামান্য হলেও আর্থিক লাভ কৰে।


জনমভূমি প্ৰশ্ন উত্তৰ

‘ক’ পাঠভিত্তিক ক্রিয়া

৩। উত্তৰ দিয়া —

(ক) কবিয়ে কাৰ কোলাত প্রথমে চকু মেলাৰ কথা কৈছে?
উত্তৰঃ জনমভূমিৰ কোলাত।

(খ) কবিৰ ভাগৰুৱা আত্মাঁই কোনঠাইত শেষ জিৰণি ল’বলৈ ইচ্ছা প্ৰকাশ কৰিছে?
উত্তৰঃ জনমভূমিৰ ছায়াত।

(গ) কবিয়ে হিমালয় পৰ্বতৰ ক’ত আৰু কি হৈ ৰ’ব বুলি কৈছে?
উত্তৰঃ কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ৰব বুলি কৈছে।

৫। তলৰ শব্দবোৰ অৰ্থ মিলাই লিখা:
উত্তৰ:
পখী ― চৰাই।
শীতলী ― চেঁচা, শীতল।
সোণোৱালী ― সোণ বৰণীয়া।
মৰম ― চেনেহে৷
প্রথম ― আদি।
টিং ― পৰ্বতৰ আগ বা ওখ ভাগ।

প্রশ্ন ৬। গদ্য ৰূপত লিখা
(ক) সোণোৱালী মেঘ হৈ
ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।
উত্তৰঃ সোণোৱালী মেঘ হৈ শেঁতা পৰা দুখনি ওঁঠত ৰঙা হাঁহি বিৰিঙাম।

(খ) আকাশৰ তৰা হৈ
ৰ লাগি চাই ৰ’ম
সেউজীয়া শুৱনি জেউতি।
উত্তৰঃ আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি ব লাগি চাই ৰম।

৭। পাঠত থকা ‘জনমভূমি’ কবিতাংশৰ মূলভাব লিখা।
উত্তৰঃ কবি নলিনীবালা দেৱীয়ে কৈছে যে তেওঁ যিখন ঠাইত জন্মগ্রহণ কৰিছে সেইখন ঠাইতেই মৃত্যুবৰণো কৰিব। মৰাৰ পিছতো তেওঁৰ আত্মাই আহি এইখন ঠাইৰ শীতলী কোলাত আৰু ছায়াতেই জিৰণি ল’বহি। মৰাৰ পিছত পখী হৈ জন্মভূমিৰ গছ-বিৰিখতে বাহ ল’বহি, পুৱতি নিশা সুমধুৰ গীত গাই মাতৃ জনমভূমিক জগাবহি। আকাশত তৰা হৈ জনমভূমিৰ সেউজীয়া শুৱনি জেউতি একেথৰে চাই থাকিব, জোনাকত জনমভূমিৰে আৰতি গাব। হিমালয় পর্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ফুলি তাৰ সুবাস জনমভূমিৰ বুকুত ছটিয়াই দিবহি। মলয়া বতাহত পাৰিজাত ফুলৰ ৰেণু আনি জনমভূমিৰ চৰণত ঢুলাব। নদী হৈ জনমভূমিৰ চৰণ পখালিব আৰু মাটি হৈ তেওঁৰ বুকুতে মিলি যাব। সোণোৱালী মেঘ হৈ তেওঁৰ শেঁতাপৰা ওঁঠত ৰঙা হাঁহি বিৰিঙাব ৷
কবিতাটিৰ মাজেৰে কবিৰ ওপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা প্ৰকাশ পাইছে।

৯। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা—জনম, ওখ, শেষ, ৰাতি, ছাঁ, দুখীয়া
উত্তৰঃ
জনম ― মৰণ।
ওখ ― চাপৰ
শেষ ― আদি, আৰম্ভণি৷
ৰাতি ― দিন
ছাঁ ― পোহৰ।
দুখীয়া ― ধনী

অতিৰিক্ত প্রশ্ন

(১) ‘জনমভূমি’ কবিতাটিৰ ৰচক কোন?
উত্তৰঃ ‘জনমভূমি’ কবিতাটিৰ ৰচক নলিনীবালা দেৱী।

(২) কবি নলিনীবালা দেৱীৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ কবি নলিনীবালা দেৱীৰ জন্ম বৰপেটাত হৈছিল।

(৩) কবি নলিনীবালা দেৱীৰ পিতৃ কোন আছিল?
উত্তৰঃ কবি নলিনীবালা দেৱীৰ পিতৃ আছিল কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ।

(৪) নলিনীবালা দেৱীৰ এখনি কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ নলিনীবালা দেৱীৰ এখন কবিতা পুথিৰ নম হ’ল ‘সন্ধিয়াৰ সুৰ’।

(৫) নলিনীবালা দেৱীয়ে কি সন্মান লাভ কৰিছিল?
উত্তৰঃ নলিনীবালা দেৱীয়ে ‘পদ্মশ্ৰী’ সন্মান লাভ কৰিছিল।


Leave a Comment