Class 10 Science Chapter 14 Assamese Medium | শক্তিৰ উৎস

Class 10 science chapter 14 Assamese Medium তথা দশম মান শ্ৰেণীৰ বিজ্ঞানৰ ১৪তম অধ্যায় ‘শক্তিৰ উৎস’ নামৰ অধ্যায়ৰ সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্নোত্তৰ আজি আমি আলোচনা কৰিবলৈ আপোনালোকক Assamese Medium লৈ স্বাগতম জনাইছোঁ।

Class 10 science chapter 14 Assamese Medium ত বহুতো গুৰুত্বপুৰ্ণ বিষয় সন্নিৱিষ্ট কৰিছে সেয়ে আমি Class 10 science chapter 14 Assamese Medium ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছোঁ।

Class 10 science chapter 14 Assamese medium । শক্তিৰ উৎস প্ৰশ্ন উত্তৰ

ইয়াত আমি পাঠ্য পুথিৰ ভিতৰত থকা প্ৰশ্ন উত্তৰ আৰু অনুশীলনীৰ যি প্ৰশ্ন উত্তৰ দিয়া আছে সেয়াও সম্পূৰ্ণ আলোচনা কৰিছোঁ

Class 10 Science Chapter 14 Assamese Medium

Class 10 Science Chapter 14 MCQ Assamese Medium

1. বায়ুশক্তি উৎপাদনত ভাৰতৰ স্থান কিমান
(a) প্রথম
(b) তৃতীয
(c) পঞ্চম
(d) সপ্তম
উত্তৰ: (c) পঞ্চম

2. বায়ুশক্তি উৎপাদনত কোন দেশৰ স্থান প্রথম –
(a) অষ্ট্ৰেলিয়া
(c) ভাৰত
(b) হলেণ্ড
(d) জার্মানী )
উত্তৰ: (d) জার্মানী

3. সৌৰ কোষৰ প্ৰস্তুতকৰণত কি ধাতু ব্যৱহাৰ হয়
(a) এলুমিনিয়াম
(b) কেডমিয়াম
(c) ছিলিকন
(d) ৰূপ
উত্তৰ: (c) ছিলিকন

4. তলৰ কোনটো জৈৱ উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয় ?
(a) খৰি
(c) নিউক্লীয় শক্তি
(b) গোবৰ গেছ
(d) কয়লা
উত্তৰ : (c) নিউক্লীয় শক্তি

5. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?
(a) ভূ-তাপীয় শক্তি
(c) নিউক্লীয় শক্তি
(b) বায়ু শক্তি
(d) জৈৱ উপাদান
উত্তৰ : (c) নিউক্লীয় শক্তি

6. পেট্ৰ’ল আৰু ডিজেল হৈছে –
(a) নৱীকৰণযোগ্য শক্তিৰ উৎস
(b) প্ৰদূষণ নকৰা শক্তিৰ উৎস
(c) শক্তিৰ মুখ্য উৎস
(d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস
উত্তৰ : (d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস ।

7. পেট্ৰ’লিয়ামৰ পাতত জড়িত এটা প্রক্রিয়া হৈছে—
(a) ঘনীভৱন
(b) বাষ্পীভৱন
(c) পাতন
(d) তৰলীকৰণ
উত্তৰ: (b) বাষ্পীভৱন

8. এনথ্রাছাইটত থকা কাৰ্বনৰ পৰিমাণ হৈছে—
(a) 65%
(c) 95%
(b) 78%
(d) 99%
উত্তৰ : (c) 95%

9. খাৰুৱা তেলৰ তাপ অপঘটন কৰাৰ কাৰণটো—
(a) খাৰুৱা তেলত সহজে পৰিবহণযোগ্য কৰিবলৈ
(b) কেল’ৰি মান বঢ়াবলৈ
(c) অশুদ্ধি আঁতৰাবলৈ
(d) উৎপন্ন হোৱা পেট্ৰ’লৰ পৰিমাণ বঢ়াবলৈ
উত্তৰ : (d) উৎপন্ন হোৱা পেট্ৰ’লৰ পৰিমাণ বঢ়াবলৈ

10. এল. পি. জিক সংৰক্ষিত কৰা হয়—
(a) উচ্চ চাপত
(b) কম উষ্ণতাত
(c) অনুঘটকৰ উপস্থিতিত
(d) ওপৰত উল্লেখ কৰা আটাইকেইটা
উত্তৰ : (a) উচ্চ চাপত

11. নিউক্লীয় শক্তি উৎপাদন কৰা হয়—
(a) নিউক্লীয় একীভৱনৰ দ্বাৰা
(b) তাপ অঘটনৰ দ্বাৰা
(c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা
(d) বিভাজন পাতনৰ দ্বাৰা
উত্তৰ : (c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা

12. প্লাষ্টিকবোৰ—
(a) অপচয়ৰ-পৰা-শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস
(b) অপচয়ৰ-পৰা-শক্তিৰ উদ্যোগত ব্যৱহাৰ কৰিব নোৱাৰি
(c) জীৱনমনীয়
(d) এবিধ জীৱাৱশেষ শক্তিৰ উৎস
উত্তৰ : (a) অপচয়ৰ-পৰা শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস

13. তৰলীকৃত পেট্ৰলীয়াম গেছৰ প্ৰধান উপাদান হৈছে –
(a) এক্টিন
(b) বিউটিন
(c) বিউটেন
(d) পেন্টেন
উত্তৰ: (c) বিউটেন

14. তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় ?(HSLC ’16)
(a) জীৱাশ্ম ইন্ধন
(b) জীৱভৰ
(c) নিউক্লীয় শক্তি
(d) বায়ু শক্তি
উত্তৰ: (c) নিউক্লীয় শক্তি

15. তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় ?(HSLC-2018)
(a) জৈৱ উপাদান
(b) নিউক্লীয় শক্তি
(c) ভূতাপীয় শক্তি
(d) বায়ু শক্তি
উত্তৰ : (b) নিউক্লীয় শক্তি ।

16. তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উৎসৰউদাহৰণ নহয় ?(HSLC-2019)
(i) খৰি
(ii) নিউক্লীয় শক্তি
(iii) গোবৰ গেছ
(iv) কয়লা
উত্তৰ : (ii) নিউক্লীয় শক্তি

17. তলত কোনটো অপৰম্পৰাগত শক্তিৰ উৎস?(HSLC-2022)
(i) জীৱাশ্মজাত ইন্ধন
(ii) তাপভিত্তিক শক্তি প্রকল্প
(iii) জলশক্তি প্রকল্প
(iv) সৌৰশক্তি
উত্তৰ : (iv) সৌৰশক্তি

18. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ খৰিব নোৱৰা দিনটো হৈছে এটা —
(a) ৰৌদ্রোজ্বল দিন
(b) ডাৱৰীয়া দিন
(c) গৰম দিন
(d) বতাহে কোবোৱা দিন
উত্তৰ: (b) ডাৱৰীয়া দিন

19. কিহৰ পৰা ক’ক উৎপন্ন হয়
(a) পেট্রলিয়াম
(b) বিটুমিনাচ কয়লা
(c) কাঠ কয়লা
(d) আয়ন
উত্তৰ: (b) বিটুমিনাচ কয়লা

20. বায়ুকল সাজিবলৈ বতাহৰ বেগ অতিকমেও কিমান হোৱা উচিত
(a) 15 km/hr
(b) 200km/hr
(c) 10km/hr
(d) 5 km/hr
উত্তৰ : (a) 15 km/hr

21. জোৱাৰ শক্তি উৎপাদন কৰিবলৈ বাসন্তী জোৱাৰ আৰু লঘু জোৱাৰৰ ব্যৱধান অতি ক্রমেও কিমান হোৱা উচিত
(a) 5 মিটাৰ
(b) 6 মিটাৰ
(c) 4 মিটাৰ
(d) 7 মিটাৰ
উত্তৰ: (d) 7 মিটাৰ

22. বতাহৰ দেশ বুলিলে কি বুজা যায়
(a) ছিডনি
(b) ডেনমার্ক
(c) নিউজিলেণ্ড
(d) ইৰাক
উত্তৰ: (b) ডেনমার্ক

Blue Question Answer Page No. 243

1. শক্তিৰ ভাল উৎস কি ?
উঃ শক্তিৰ ভাল বা আদৰ্শ উৎস হ’ল যিবোৰত তলত দিয়া শুণসমূহ থাকেঃ
a)যিটোৱে প্রতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে।
b) যিটো সহজে উপলব্ধ।
c) যিটোৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য।
d) যিটো মিতব্যয়ী।
e) যিটো পৰিৱেশ হিতৈষী।

2.ভাল ইন্ধন কি ?
উঃ ভাল ইন্ধন হ’ল সেইবোৰেই যিবোৰত তলত দিয়া বৈশিষ্ট্যসমূহ থাকেঃ
a)প্ৰতি একক ভৰ বা আয়তনত নিৰ্গত তাপশক্তি অধিক হ’ব লাগে।
b) প্ৰজ্বলাংক মধ্যমীয়া আৰু বায়ুমণ্ডলৰ উষ্ণতাতকৈ অধিক হ’ব লাগে যাতে সহজে পৰিবহণ কৰিব পাৰি।
c( ব্যয়সাধ্য আৰু সহজে উপলব্ধ হ’ব লাগে।
d) ধোৱা সৃষ্টিকাৰী হ’ব নালাগে।
e) দহনৰ পিছত ছাই আদিৰ দৰে অৱশিষ্ট ৰৈ যাব নালাগে ।

3.যদি তুমি খাদ্য গৰমোৱাৰ বাবে যিকোনো ইন্ধনৰ উৎস ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে তুমি কি উৎস ব্যৱহাৰ কৰিবা ?
উঃ তলত দিয়া কাৰণবশত মই তৰলীকৃত পেট্ৰলিয়াম গেছ ব্যৱহাৰ কৰিম –
a) ইয়াৰ কেলৰি মান অধিক, সেয়ে প্রতি এককত নিৰ্গত তাপৰ পৰিমাণ বেছি।
b) ধৌঁৱাবিহীন শিখাৰে জ্বলে আৰু কোনো হানিকাৰক গেছ উৎপন্ন নকৰে বাবে পৰিৱেশ প্ৰদূবণো নহয় আৰু স্বাস্যতোবিৰূপ প্রভাৱ নেপেলায়।
c) জ্বলনাংক সাধাৰণ।
d) মজুতকৰণ আৰু পৰিৱহণৰ বাবে সুবিধাজনক
e) মিতব্যয়ী ।

Blue Question Answer Page No. 248

1. জীৱাশ্মইন্ধনৰ অসুবিধাসমূহ লিখা ।
উঃ জীৱাশ্ম ইন্ধনৰ অসুবিধাসমূহ হ’লঃ
a) নৱীকৰণ-অযোগ্য শক্তিৰ উৎস (Non-renewable source of energy): জীৱাশ্ম ইন্ধন নৱীকৰণযোগ্য নহয়।এইবোৰ দীঘলীয়া সময়ৰ প্রক্ৰিয়াত প্ৰকৃতিৰ বুকুত জমা হৈছিল। এবাৰ এই উৎস শেষ হৈ গ’লে তাক পুনৰায়পোৱাটো সম্ভৱ নহয়।
b) বায়ু প্ৰদূষণ (Air pollution): জীৱাশ্ম ইন্ধন দহন কৰিলে উৎপন্ন হোৱা নাইট্ৰ’জেন,ছালফাৰ আৰু কাৰ্বনৰ আম্লিকঅক্সাইডে বায়ু প্ৰদূষণ ঘটায়৷
c) এছিড বৰষুণ (Acid rain): জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা আম্লিক অক্সাইডে এছিড বৰষুণৰ সৃষ্টি কৰেযিয়ে ভূমি আৰু জলসম্পদত বিৰূপ প্রভাৱ পেলায়৷
d) সেউজগৃহ প্ৰভাৱ (Green house effect): জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কাৰ্বন ভাই-অক্সাইড উৎপন্ন হয়, বায়ুমণ্ডলতযাৰ মাত্ৰাধিক উপস্থিতিয়ে সেউজ গৃহ প্রভাৱ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে।
সেউজগৃহ গেছৰ বৰি নিৰ্র্ণৰ ফলত পৃথিৱীৰ উষ্ণতা ৰৃক্ধি পোৱা পৰিঘটনাটোৱেই হৈছে গোলকীয় উভতাপন প্ৰধানসেউজগৃহ গেছসমূহ হ’ল কাৰ্বন ডাই-অক্সাইড, অ’জন, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ ফ্লুৰ কাৰ্বন আৰু জলীয়বাষ্প।

2. আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰো ?
উঃ প্রযুক্তিৰ বিকাশৰ লগে লগে শক্তিৰ চাহিদা দ্ৰুত গতিতবৃদ্ধি পাইছে। বিকল্প আৰু অপৰম্পৰাগত শক্তিৰ উৎস আহৰণকৰাৰ কাৰণসমূহ হ’লঃ
a) পৰম্পৰাগত শক্তিৰ উৎস যেনে-কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ আদি নৱীকৰণযোগ্য নহয়, এই উৎস সীমিতহেতুকে ভঁৰাল শেষ হৈ যাব।
b) জীৱাশ্ম ইন্ধন আদি দহনৰ ফলত পৰিৱেশৰ ক্ষতি হয়।
সেয়ে আমি নৱীকৰণযোগ্য আৰু পৰিৱেশ হিতৈষী বিকল্প শক্তিৰ উৎসৰ সন্ধান কৰাৰ প্ৰয়োজন ।

3. আমাৰ সুবিধাৰ বাবে বায়ু আৰুজল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে ?
উঃ তলত দিয়া ধৰণে আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰক উন্নত কৰা হৈছেঃ
a) বায়ুশক্তি : পৰম্পৰাগতভাৱে বায়ুৰ গতিশক্তিক কুঁৱাৰ পৰা পানী তোলাৰ দৰে কামৰ বাব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই শক্তিক বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে ব্যৱহাৰ কৰা হয় বায়ুকলৰ ঘূৰ্ণন গতিব্যৱহাৰেৰে বৈদ্যুতিক জেনেৰেটৰৰ টাৰ্বাইন ঘূৰাই বাণিজ্যিক মাত্ৰাত বিদ্যুৎ আহৰণ কৰা হয়। বায়ু শক্তি পামতভালেমান বায়ুকল স্থাপন কৰি প্ৰত্যেক বায়ুকলৰ উৎপাদিত শক্তি একত্ৰিত কৰা হয়।
b) জল শক্তি (Wild energy): পূৰ্বতে জলপ্ৰপাতসমূহক স্থিতি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছিল।জলবিদ্যুৎ প্রকল্পসমূহত অধোগামী পানীত বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আজিকালি নদীবান্ধ তৈয়াৰ কৰি বোৱঁতী পানীৰ সোতক বেষ্টিত কৰি গতি শক্তিক স্থিতি শক্তিলৈ ৰূপা্তৰ কৰা হয়। জলশক্তি প্রকল্পৰ জৰিয়তে আজিকালি বৃহৎ মাত্ৰাত বিদ্যুৎ উৎপাদন কৰা হয়।

Blue Question Answer Page No. 253

1. কোন ধৰণৰ দাপোন- অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ? কিয় ?

উঃ সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে অৱতল দাপোণ বা (অৱতল প্রতিফলক) উৎকৃষ্ট।অৱতল দাপোণেআপতিত সৌৰ ৰশ্মিক এটাবিন্দুলৈ অভিসাৰিত কৰে। ফলস্বৰূপে ফ’কাছঅঞ্চলত অত্যধিক তাপ উৎপন্ন হয় ।

2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি ?
উঃ মহাসাগৰৰ পৰা আহৰণ কৰিব পৰা শক্তিসমূহহ’ল:
জোৱাৰ শক্তি, তৰংগ শক্তি আৰু তাপশক্তি।

মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতাসমূহহ’ল:
a) জোৱাৰ শক্তি পাবৰ বাবে সাগৰলৈ যোৱা এক সংকীৰ্ণ পথত বান্ধ দিবলগা হয় আৰু এনে ঠাই খুবেই সীমিত।
b) সামুদ্ৰিক টৌ অতি শক্তিশালী হ’লেহে তাৰ পৰা শক্তি আহৰণ কৰিব পাৰি।
c) পৃষ্ঠভাগৰ পানী আৰু 2 কিঃমিঃ পৰ্যপ্ত গভীৰতাত থকা পানীৰ উষ্ণতাৰ পাৰ্থক্য 20° বা ততোধিক হ’ব লাগে। ব্যৱসায়িক ভিত্তিত ইয়াৰ উৎপাদন কষ্টসাধ্য।
d) এই সকলোবোৰ শক্তি কেৱল উপকূলৱতী অঞ্চলতহে সদ্ব্যৱহাৰ কৰিব পাৰি। শক্তি উৎপাদনত এনেধৰণৰ উৎসৰ ব্যৱহাৰ এতিয়াও গৱেষণাৰ পৰ্যায়তে আছে।

3. ভূ-তাপীয় শক্তি কি ?
উঃ ভূ-তাপীয় শক্তি হ’ল ভূ-গৰ্ভত নিহিত হৈ থকা তাপ শক্তি বিদ্যুৎ শক্তি উৎপাদনৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। ভূ-পৃষ্ঠৰঅন্তঃভাগৰ শিলাত্তৰৰ পৰা শিলবোৰ ঠেলা খাই ওপৰলৈ উঠি আহি উষ্ণ অঞ্চল গঠন কৰে আৰু ভূ-গৰ্ভৰ পানী এই উষ্ণঅঞ্চলৰ সংস্পৰ্শলৈ আহিলে বাষ্পলৈ ৰূপান্তৰিত হয়। এই বাষ্প পাইপৰ জৰিয়তে
টাৰ্বাইনলৈ আনি বিদ্যুৎ শক্তি উৎপাদনৰব্যৱস্থা কৰা হয়।

4. নিউক্লীয় শক্তিৰ অসুবিধা সমূহ কি কি ?
উঃ নিউক্লীয় শক্তিৰ অসুবিধা সমূহ –

  • ইউৰেনিয়াম, গ্লুটনিয়াম বা থ’ৰিয়ামৰ দৰে নিউক্লীয়ইন্ধনৰ কম পৰিমাণৰ পৰাই প্ৰচুৰ পৰিমাণে শক্তি পাব পাৰি।
  • নিউক্লীয় শক্তি প্ৰকল্পৰ ৰিয়েক্টৰত এবাৰ নিউক্লীয় ইন্ধন ভৰালে ই বহুদিনলৈ শক্তি উৎপাদন কৰিব পাৰে। সেয়ে ইঅধিক সুবিধাজনক।
  • প্ৰদূষণৰ মাত্ৰা কম আৰু ব্যয়সাধ্য।

প্রশ্নাৱলী পাঠ্যপুথিৰ পৃষ্ঠা নং 253

শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ?

উঃ কোনো শক্তিৰ উৎসয়ে প্রদূষণমুক্ত হ’ব নোৱাৰে। যিকোনো শক্তিৰ উৎসৰ ব্যৱহাৰে কিবা নহয় কিবা প্ৰকাৰে পৰিৱেশৰওপৰত প্রভাৱ পেলায়৷ মাত্ৰ উৎসভেদে প্ৰদূষণৰ প্রকৃতি আৰু মাত্ৰাহে ভিন ভিন ৷ উদাহৰণস্বৰূপে: সৌৰ শক্তিৰ ব্যৱহাৰপ্রদূষণমুক্ত কিন্ত সৌৰকোষৰ দৰে সঁজুলিৰ প্ৰস্তুতকৰণ প্রক্ৰিয়াৰ জৰিয়তে পৰিৱেশ প্রদূষিত হয়।

2. ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰ’জেন ব্যৱহাৰহয়। তোমালোকে ইয়াক চি. এন. জি. (মেখ)ত কৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্যকৰিবানেকি? কিয় কৰিবা বা কিয় নকৰা ?

উঃ হাইড্ৰ’জেনক চি. এন.জি. তকৈ অধিক প্রদূষণমুক্ত ইন্ধন বুলি বিবেচনা কৰিব পাৰি, কাৰণ-
a) হাইডু’জেনৰ কেলৰি মান অধিক, সেয়ে ই চি. এন. জিৰ তুলনাত প্রতি একক ভৰত অধিক শক্তি যোগান ধৰে।
b) হাইড্‌’জৈনে চি. এন. জিৰ (CNG) দৰে সেউজগৃহ গেছ উৎপন্ন নকৰে।
c) হাইডু’জেনে দহনৰ সময়ত মাত্ৰ পানীৰ বাষ্প নিৰ্গত কৰে যিয়ে প্ৰদূষণৰ সৃষ্টি নকৰে, আনহাতে চি. এন জিয়ে প্রদূষণকাৰী গেছ যেনে— কাৰ্বন ডাই-অক্সাইড, কাৰ্বন মন’ক্সাইড আদি উৎপন্ন কৰে।

Blue Question Answer Page No. 254

1. তুমি নৱীকৰণযোগ্য বুলি বিৰ্চনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।

উঃ নৱীকৰণযোগ্ বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎস হ’ল :1.জলশক্তি 2.বায়ুশক্তি
জল আৰু বায়ু শক্তি প্রত্যক্ষ বা পৰোক্ষভাৱে সূৰ্যৰপৰা আহৰণ কৰা হয়, যি পৃথিৱীৰ সকলো শক্তিৰ মূল। নিৰ্ধাৰণ কৰাহৈছে যে সূৰ্যই আৰু প্রায় 500 নিযুত বছৰ পৰ্যপ্ত শক্তি বিকিৰণ কৰি থাকিব। সেয়ে, পৃথিৱীত জীৱ বৰ্তি থকালৈ জল শক্তিআৰু বায়ু শক্তি ব্যৱহাৰ কৰি থাকিব পৰা যাব।

2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।
উঃ ক্ষয়িষু বুলি বিবেচনা কৰা দুটা শক্তি হ’ল : 1.কয়লাআৰু 2.পেট্ৰলিয়াম
পেট্ৰ’লিয়াম, কয়লা আদিৰ দৰে জীৱাশ্ম ইন্ধন উৎপন্ন হ’বলৈ নিযুত নিযুত বছৰৰ প্রয়োজন হয় আৰু সেয়া সীমিতপৰিমাণতহে মজুত হৈ আছে। যদি এই আধাৰ শেষ হৈ যায়, তেন্তে তাক কম সময়ৰ ভিতৰত পুনৰায় ঘূৰাই পোৱাঅসম্ভৱ। সেয়ে, কয়লা আৰু পেট্ৰ’লিয়ামক ক্ষয়িষু শক্তিৰ উৎস হিচাপে বিবেচনা কৰা হয়।

Class 10 Science Chapter 14 Question Answer

1.পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱৰা দিনটো হৈছেঞা ।
(1) ৰৌদ্ৰোজ্বলদিন (2) ডাৱৰীয়াদিন
(3) গৰমদিন (4) বতাহে কোবোৱা দিন

উঃ ডাৱৰীয়া দিন

2. তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় ?
1) খৰি 2) গোবৰ-গেছ
(3) নিউক্লীয় শক্তি 4) কয়লা

উঃ নিউক্লীয় শক্তি

3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহসংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰ শক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিতনহয় ?
( 1) ভূ-তাপীয়শক্তি 2) বায়ুশক্তি
(3)নিউক্লীয়শক্তি 4) জৈৱ উপাদান

উঃ নিউক্লীয়শক্তি

4. শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা ।
উঃ শক্তিৰপ্রত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰশক্তিৰ তুলনা আৰু পাৰ্থক্য :

জীৱাশ্ম ইন্ধন সৌৰ শক্তি
নৱীকৰণ অযোগ্য শক্তিৰ উৎস।নৱীকৰণযোগ্য শক্তিৰ উৎস।
দহনৰ ফলত প্ৰদূষণ হয়।প্ৰদূষণ নহয়।
দিনৰ যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি। কেৱল দিনতহে ব্যৱহাৰ কৰিব পাৰি।
জীৱাশ্ম ইন্ধনৰ বাবে বাৰে বাৰে ব্যয় মাত্ৰ এবাৰেই ব্যয়কৰিব লাগে।মাত্ৰ এবাৰেই ব্যয়কৰিব লাগে।
পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰিপোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি।
সীমিতভাৱে উপলব্ধ।উপলব্ধতাৰ সীমা নাই।

5. শক্তিৰ উৎস হিচাপে জীৱ ভৰ আৰু জলবিদ্যুতৰ মাজৰ পাৰ্থক্যসমূহ দেখুওৱা ।
উঃ শক্তিৰ উৎস হিচাপে জীৱ ভৰ আৰু জলবিদ্যুতৰ মাজৰ পাৰ্থক্যসমূহ হ’ল:

জীৱ ভৰজলবিদ্যুৎ
নৱীকৰণযোগ্য।নৱীকৰণযোগ্য।
বায়ু প্রদূষণ নহয়।কোনো প্ৰদূষণ নহয়।
কৃষি-আৱৰ্জনাৰ পৰা উৎপন্ন হয়।গতিশীল পানীৰ পৰা উৎপন্ন হয়।
জৈৱ গেছ পাম স্থাপন কৰিব লগা হয়।বান্ধ নিৰ্মাণ কৰিব লগা হয়।
অতি মিতব্যয়ী।আপেক্ষিকভাৱে ব্যয়বহুল।

6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি ?
1) বতাহ 2) তৰংগ 3)জোৱাৰ-ভাটা
উঃ

বতাহৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতাসমূহ হ’ল :

  • বছৰৰ বেছিভাগ সময়তে বায়ুপ্ৰৱাহ থকা অঞ্চলতহে উৎপাদন কৰিব পাৰি।
  • বায়ু প্ৰৱাহৰ নিম্নতম বেগ প্রতি ঘণ্টাত 15 কিলোমিটাৰ হ’ব লাগিব।
  • বায়ু প্রৱাহ নথকা সময়ত শক্তিৰ যোগান অব্যাহত ৰাখিবলৈ সঞ্চায়ক কোষৰ ব্যৱস্থা থাকিব লাগিব।
  • বৃহৎ ভূমিখণ্ডৰ প্রয়োজন হয়।
  • বায়ুকল স্থাপনৰ প্রাৰম্ভিক ব্যয় অতি বেছি।
  • উচ্চত্তৰৰ তত্ববাৱধানৰ প্রয়োজন।

তৰংগ বা ঢৌৰপৰা শক্তি আহৰণৰ সীমাবদ্ধতাসমূহ হ’ল :

  • সামুদ্ৰিক টৌ অতি বেছি থকা অঞ্চলতহে এনে প্রকল্প প্ৰযোজ্য ৷ টৌ কমিলেই উৎপাদন বন্ধ হৈ পৰে।
  • বৰ্তমান উপলব্ধ প্ৰযুক্তিৰ সহায়ত ঢৌৰ পৰা শক্তি আহৰণ কৰাটো অত্যধিক ব্যয়বহুল ৷
  • উপকূলীয় অঞ্চলতহে এয়া সম্ভৱ।

জোৱাৰৰ পৰা শক্তি উৎপাদনৰ সীমাবদ্ধতাসমূহ হ’ল :

  • জোৱাৰ ভাটাৰ বাবে বান্ধ নিৰ্মাণ কৰিব পৰা ঠাই সীমিত।
  • উৎপাদিত শক্তিৰ পৰিমাণ অতি কম।
  • ব্যয়বহুল।

7. কি আধাৰত শক্তিৰ উৎসসমূহ : a) নৱীকৰণযোগ্য আৰু নৱীকৰণ-অযোগ্য b) ক্ষয়িষ্ণু আৰু অক্ষয়িষণু বুলি শ্ৰেণীভুক্ত কৰিবা ? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে ?

উঃ a) নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে অথবা এইবোৰৰ পুনঃনৱীকৰণ কৰিবপাৰি।যেনে সৌৰ শক্তি, বায়ু শক্তি, জল শক্তি ইত্যাদি৷আনহাতে, নৱীকৰণ-অযোগ্য শক্তিৰ উৎসসমূহ গঠন হওঁতে নিযুত নিযুত বছৰৰ প্রয়োজন হয় আৰু এবাৰ শেষহ’লে ততালিকে ঘূৰাই পাব পৰা নাযায়।যেনে জীৱাশ্ম ইন্ধন।

b) সীমিত শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তি উৎস বোলে। যেনে ঃ কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ ইত্যাদি৷আনহাতে যি শক্তিৰ যোগান অসীম আৰু ই সহজে বা কেতিয়াও শেষ হৈ নাযায় তেনে শক্তিৰ উৎসক অক্ষয়িষ্ণুশক্তিৰ শাৰীত ধৰা হয়। যেনেঃ সৌৰ শক্তি, বায়ু শক্তি, জল শক্তি ইত্যাদি৷

a) আৰু b) ত’ দিয়া বিকল্পসমূহ প্রায় একেই বুলি ক’ব পাৰি। নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ নিঃশেষ হৈ নাযায় অৰ্থাৎঅক্ষয়িষ্ণু। আনহাতে, নৱীকৰণ-অযোগ্য শক্তিৰ উৎস শেষ হৈ যোৱা বিধৰ উৎস অৰ্থাৎ ক্ষয়িষ্ণু ।

8. এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি ?

উঃ এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ হ’ল :

  • প্রতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰিব পাৰে।
  • মিতব্যয়ী আৰু সহজে উপলব্ধ।
  • সহজে মজুত আৰু পৰিবহণ কৰিব পাৰি।
  • পৰিৱেশ হিতৈষী।

9. সৌৰ চূলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ?

সৌৰ চুলা ব্যৱহাৰৰ সুবিধাসমূহ হ’লঃ

  • ই প্রদূষণৰ সৃষ্টি নকৰে।
  • খাদ্য ধীৰ গতিত ৰন্ধা যায় বাবে খাদ্যবস্তুৰ পুষ্টি দ্রব্য অক্ষুন্ন থাকে।
  • ব্যয়সাধ্য আৰু সহজে ব্যৱহাৰ কৰিবপৰা বিধৰ।

অসুবিধাসমূহ হ’লঃ

  • ৰাতি বা মেঘাচ্ছন্ন বতৰত ব্যৱহাৰ কৰিব নোৱাৰি।
  • ভাজনৰ দৰে অতি বেছি তাপ প্রয়োজন হোৱা খাদ্য প্রস্তুতকৰণ প্রক্ৰিয়াত ব্যৱহাৰ কৰিব নোৱাৰি।
  • প্রতিফলক কীচখন সূৰ্যৰ পিনে মুখ কৰি থৈ দিব লগা হয়।
  • খাদ্য প্ৰস্তুতকৰণত অধিক সময়ৰ প্রয়োজন হয়।
  • ৰাতি দীঘলীয়া হোৱা ঠাই বা ডাৱৰীয়া হৈ থকা ঠাইত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত হয়।

10. পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্রভাৱ কি কি? শক্তিৰ ব্যয় হাস বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা ?

শক্তিৰ বৰ্ধিত চাহিদাৰ ফলস্বৰূপে পৰিৱেশৰ ওপৰত পৰা প্রভাৱসমূহ হ’ল:

  1. শক্তিৰ চাহিদা পূৰাবৰ বাবে জীৱাশ্ম ইন্ধনৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ হৈছে। জীৱাশ্ম ইন্ধন দহন কৰিলেনাইট্ৰ’জেন, ছালফাৰ আৰু কাৰ্বনৰ আম্লিক অক্সাইড উৎপন্ন হয় যিয়ে এছিড বৰুণৰ সৃষ্টি কৰি ভূমি আৰু জলসম্পদতবিৰূপ প্রভাৱ পেলায়।বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ মাত্ৰাধিক উপস্থিতিয়ে সেউজগৃহ প্রভাৱ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে।সেউজগৃহ গেছৰ বৰ্ধিত নিৰ্গমন গোলকীয় উত্তাপ বৃদ্ধি পোৱাৰ মূল কাৰণ।
  2. জলবিদ্যুৎ উৎপন্ন কৰিবৰ বাবে নিৰ্মাণ কৰা নদীবান্ধসমূহ পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্যতা বিনষ্ট কৰে।
  3. নিউক্লীয় শক্তি প্রকল্প হ’ল তেজস্ক্ৰিয় প্ৰদূষণৰ মূল কাৰণ। এনে প্রকল্পৰ পৰা নিৰ্গত বিকিৰণ পৰিৱেশৰ বাবে খুবেইহানিকাৰক।

শক্তিৰ ব্যয় কমোৱাৰ বাবে তলত কেইটামান পৰামৰ্শ আগবঢ়োৱা হৈছে:

  • শক্তিৰ নৱীকৰণ অযোগ্য উৎসৰ ব্যৱহাৰ যথোচিত হ’ব লাগে।
  • শক্তিৰ নৱীকৰণযোগ্য উৎস, যেনে— সৌৰ শক্তি, বায়ু শক্তি, বৌৱতী পানীৰ শক্তি, জৈৱ ভৰৰ শক্তি, জোৱাৰশক্তি, ভূ-তাপীয় শক্তি আদিৰ ব্যৱহাৰ কৰিব লাগে।
  • শক্তি সংৰক্ষণ কৰিব লাগে। পাংখা, বৈদ্যুতিক চাকি, প্ৰশীতকযন্ত্ৰ আদি ব্যৱহাৰ নকৰাৰ সময়ত বন্ধ কৰি বা সংযোগ বিচ্ছিন্ন কৰি থব লাগে।
  • ৰাজহুৱা যাত্ৰীবাহী বাহন যেনে- বাছ, ৰে’লগাড়ী আদিৰ ব্যৱহাৰে ইন্ধনৰ খৰচ কমাব।
  • পানীৰ টেপ ব্যৱহাৰৰ পিছত বন্ধ কৰি থব লাগে।
  • খাদ্য ৰন্ধাৰ বাবে প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰিব লাগে।
  • সকলো যান্ত্ৰিক সা-সৰঞ্জাম নিয়মিতভাৱে চোৱা-চিতা আৰু প্রয়োজন অনুসাৰে মেৰামতি কৰি থাকিলে যথেষ্ট ইন্ধন ৰাহি হয়।
  • তৰলীকৃত পেট্ৰ’লিয়াম গেছ ব্যৱহাৰ নকৰাৰ সময়ত নিয়ন্তুক (ৰেগুলেটৰ) বন্ধ কৰি থব লাগে।

Class 10 Science Chapter 14 PDF Note in Assamese

Download PDF Notes

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Class 10 Science Chapter 14 Assamese Medium | শক্তিৰ উৎস”

Leave a Comment