Decomposition Reaction Assamese | বিযোজন বিক্ৰিয়া

ইয়াৰ আগতে আমি সংযোজন বিক্ৰিয়া (Combination Reaction In Assamese)ৰ বিষয়ে আলোচনা কৰিলোঁ, যদি আপুনি এতিয়াও পঢ়া নাই তেন্তে পঢ়িব পাৰে সংযোজন বিক্ৰিয়া কি বা ইয়াৰ সৈতে সম্পৰ্কিত প্ৰশ্ন উত্তৰ। আজি আমি আকৌ আপোনালোকৰ বাবে লৈ আহিছোঁ Class 10 Science Assamese Medium ৰ প্ৰথম অধ্যায় “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” ৰ বিযোজন বিক্ৰিয়া (Decomposition Reaction Assamese)।

Decomposition Reaction Assamese

বিযোজন শব্দটো সংযোজনৰ বিপৰীত, গতিকে সংযোজন বিক্ৰিয়াৰ বিপৰীতে হব বিযোজন বিক্ৰিয়া । সংযোজন বিক্ৰিয়াত যেনেকৈ দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় ঠিক ইয়াৰ বিপৰীত পৰিঘটনাই হল বিযোজন বিক্ৰিয়া । অৰ্থাৎ বিযোজন বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি দুই বা ততোধিক সৰল বিক্ৰিয়া জাত পদাৰ্থ উৎপন্ন হয়। যেনে-

AB ——> A +B


যত AB হল বিক্ৰিয়ক পদাৰ্থ আৰু A,B হল বিক্ৰিয়া জাত পদাৰ্থ । বিযোজন বিক্ৰিয়াৰ উদাহৰণ স্বৰূপে তলৰ বিক্ৰিয়া কেইটা উল্লেখ কৰিব পাৰোঁ।

2FeSO4 —–> Fe2O3 + SO2 + SO3
CaCO3 —–> CaO + CO2
2Pb(NO3)2 —–> 2PbO + 4NO2 + O2

উপৰোক্ত বিযোজন বিক্ৰিয়াৰ উদাহৰণৰ পৰা এটা কথা স্পষ্ট যে বিযোজন বিক্ৰিয়া (Decomposition Reaction Assamese Medium) সংঘটিত হবলৈ তাপৰ যোগান ধৰা হয়। সেইকাৰণে এনেবোৰ বিক্ৰিয়াক তাপগ্ৰহী (Exothermic Chemical Reaction) বিক্ৰিয়া বোলে।

বিযোজন বিক্ৰিয়াৰ উদাহৰণ স্বৰূপে কাৰ্য কলাপ 1.7 আলোচনা কৰিব পাৰোঁ।

কাৰ্য কলাপ 1.7 ৰ বৰ্ণনা মতে পানীৰ এচিড অনুঘটকৰ উপস্থিতত বিদ্যুৎ বিযোজন ঘটালে H2 আৰু O2 গেছ উৎপন্ন হয়।

2H2O + লঘু H2SO4 ———–> 2H2 + O2

এই পৰিঘটনাত সাধাৰণতে উৎপন্ন হোৱা H2 গেছৰ পৰিমাণ অক্সিজেন (O2) গেছৰ তুলনাত দুগুণ।

এতিয়া আমি দশম মান শ্ৰেণীৰ প্ৰথম অধ্যায় “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” ৰ কাৰ্যকলাপ 1.8 আলোচনা কৰিব গৈ আছোঁ।

কাৰ্যকলাপ 1.8 ৰ মতে কিছু পৰিমাণৰ ছিলভাৰ ক্ল’ৰাইড (AgCl) সূৰ্য্যৰ ৰশ্মিৰ উপস্থিতত ৰাখিলে বগা AgCl ৰ ৰং মটীয়া বৰণলৈ পৰিবৰ্তিত হব আৰু AgCl ৰ বিযোজন ঘটি Ag আৰু Cl2 গেছ উৎপন্ন হব।


শেষ বাক্য: Decomposition Reaction Assamese

এতিয়ালৈকে কৰা বিযোজন বিক্ৰিয়া (Decomposition Reaction Assamese) ৰ আলোচনা আৰু তাৰ পৰা HSLC 2021 EXAM ৰ বাবে প্ৰয়োজনীয় প্ৰশ্ন সমূহ আমি উল্লেখ কৰি আছোঁ । যদি আপুনি আমাৰ আলোচনা খিনি বুজিব পৰিছে তেন্তে অতি সহজেই প্ৰশ্নৰ উত্তৰ কৰিব পঢ়িব।

প্ৰশ্ন 1: বিযোজন বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া?

প্ৰশ্ন 2: তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা?

প্ৰশ্ন 3: কি ঘটিব যেতিয়া এচিড অনুঘটকৰ উপস্থিতত পানীৰ বিযোজন ঘটোৱা হয়?

প্ৰশ্ন 4: কি ঘটিব যেতিয়া ছিলভাৰ ক্ল’ৰাইড (AgCl) সূৰ্য্যৰ ৰশ্মিৰ উপস্থিতত কিছু সময় ৰখা হয়?


1 thought on “Decomposition Reaction Assamese | বিযোজন বিক্ৰিয়া”

Leave a Comment