Oxidation and Reduction in Assamese 2024

আপুনি যদি Oxidation and Reduction in Assamese বিষয় পঢ়িবলৈ Assamese Medium নামৰ এই শিক্ষামূলক ৱেবছাইটত আহিছে তেন্তে ধন্যবাদ জনাইছোঁ আপোনাক।

ইয়াৰ আগলৈকে আমি সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া (Decomposition Reaction) , অপসৰন বা প্ৰতিষ্ঠাপন (Displacement Reaction) আৰু দ্বি-অপসৰন বিক্ৰিয়া (Double Displacement Reaction) ৰ বিষয়ে আলোচনা কৰিলোঁ । যদি আপুনি পঢ়া নাই আৰু পঢিব বিচাৰে তেন্তে এতিয়াই ক্লিক কৰক ওপৰৰ লিংকত।

এতিয়া আমি আলোচনা কৰিব গৈ আছোঁ অসমীয়া মাধ্যমৰ Class 10 Science ৰ জাৰন আৰু বিজাৰন (Oxidation and Reduction in Assamese) ৰ বিষয়ে। অতি সহজভাৱে আলোচনা কৰিব কৰিবলৈ গ’লে Oxidation আচলতে “Addition of Oxidation” আৰু Reduction হ’ল Oxidation ৰ বিপৰীত ঘটনা

জাৰণ আৰু বিজাৰন আচলতে যৌগ এটাত অক্সিজেন যোগ দিয়া বা আঁতৰ কৰাৰ ক্ষেত্ৰত সংজ্ঞায়িত কৰিব পাৰি। যদিও এইটো আটাইতকৈ শক্তিশালী সংজ্ঞা নহয়, তলত আলোচনা কৰা অনুসৰি, ইয়াক মনত ৰখাটো আটাইতকৈ সহজ।

Oxidation and Reduction in Assamese

জাৰণ আৰু বিজাৰণ [Oxidation And Reduction In Assamese]

জাৰণ আৰু বিজাৰণৰ বহুত সংজ্ঞা আছে যদিও Class 10 Science ৰ বাবে প্ৰযোজ্য হোৱাকৈ মুঠ তিনিটা জাৰণ আৰু বিজাৰণৰ সংজ্ঞা আগবঢ়োৱা হল।

অক্সিজেনৰ সন্দৰ্ভত জাৰণ আৰু বিজাৰন

জাৰণ হৈছে অক্সিজেনৰ লাভ কিন্ত বিজাৰন হৈছে অক্সিজেন হেৰুওৱা।

হাইড্ৰজেনৰ সন্দৰ্ভত জাৰণ আৰু বিজাৰন

জাৰণ হৈছে হাইড্ৰজেন হেৰুওৱা কিন্ত বিজাৰন হৈছে হাইড্ৰজেনৰ লাভ।

ইলেক্ট্ৰন স্থানান্তৰৰ সন্দৰ্ভত জাৰণ আৰু বিজাৰন

জাৰণ হৈছে ইলেক্ট্ৰনৰ হ্ৰাস কিন্ত বিজাৰন হৈছে ইলেক্ট্ৰনৰ লাভ ।

Oxidation and Reduction in Assamese
জাৰণ (Oxidation)  বিজাৰণ (Reduction)  
জাৰণ হৈছে অক্সিজেনৰ লাভ।বিজাৰন হৈছে অক্সিজেন হেৰুওৱা।
জাৰণ হৈছে হাইড্ৰজেন হেৰুওৱা।বিজাৰন হৈছে হাইড্ৰজেনৰ লাভ।
জাৰণ হৈছে ইলেক্ট্ৰনৰ হ্ৰাস ।বিজাৰন হৈছে ইলেক্ট্ৰনৰ লাভ ।

জাৰণ আৰু বিজাৰণৰ সংজ্ঞা আমি বিভিন্ন প্ৰকাৰে আলোচনা কৰিলোঁ যদিও কোনো উদাহৰণ লোৱা নাই। এটা উদাহৰণৰ সৈতে আলোচনা কৰিলে আপুনি অতি সহজেই বুজিব পাৰিব।

2Cu + O2 ------> 2CuO

এই বিক্ৰিয়াত কপাৰৰ সৈতে অক্সিজেন যোগ হৈছে কাৰণে ইয়াক আমি জাৰণ বিক্ৰিয়া বুলি কব পাৰি।

 CuO + H2 -----> Cu + H2O

আনহাতে, ইয়াত CuO এ অক্সিজেন হেৰুৱাইছে কাৰণে আমি বিজাৰণ বুলি কব পাৰি।

উপৰোক্ত উদাহৰণ আৰু আলোচনাৰ উপৰিও কিছু বিক্ৰিয়া দেখা যায় যত জাৰন আৰু  বিজাৰণ দুয়োটা একেলগে সংগঠিত হয়। যেনে

CuO + H2 -------> Cu + H2O

ইয়াত CuO ই অক্সিজেন হেৰুৱাইছে আৰু H2 ই অক্সিজেন লাভ কৰিছে। এনেদৰেই বিক্ৰিয়াক জাৰন-বিজাৰন বা ৰেডক্স বিক্ৰিয়া (Redox Reaction) বুলি কোৱা হয়।

ৰেডক্স বিক্ৰিয়াৰ আন কিছুমান উদাহৰণ হিচাপে আমি উল্লেখ কৰিব পাৰোঁ। যেনে –

ZnO + C ------> Zn + CO
MnO2 + 4HCl -----> MnCl2 + 2H2O + Cl2

ক্ষয়ীভৱন আৰু ৰেনচিডিটি

জাৰণ বিক্ৰিয়াৰ বাবেই সংঘঠিত হয় ক্ষয়ীভৱন আৰু ৰেনচিডিটি। কিন্তু কি এই ক্ষয়ীভৱন আৰু ৰেনচিডিটি জানো আহক।

ক্ষয়ীভৱন: যি প্ৰক্ৰিয়াৰ জৰিয়তে কোনো ধাতু বা ইয়াৰ উপৰিভাগ বিভিন্ন পদাৰ্থ যেনে- এচিড, জলীয় বাষ্প আৰু বিভিন্ন কাৰকৰ দ্বাৰা আক্ৰান্ত হৈ ধাতু বা ইয়াৰ উপৰি ভাগত ক্ষয় সাধন তাক ক্ষয়ীভৱন বোলে। ক্ষয়ীভৱন প্ৰক্ৰিয়াত ভাস্বৰ্য্যো বিদ্যা আৰু অট্টালিকা আদিৰ বিস্তৰ ক্ষতসাধন কৰে।

ৰেনচিডিটি: কোনো খাদ্য সামগ্ৰী বিশেষকৈ তেল বা চৰ্বি জাতীয় খাদ্যত অতিৰিক্ত অক্সিজেন লগ লাগি খাদ্য বস্তুৰ জাৰণ ঘটি যি গোন্ধৰ সৃষ্টি হয় তাক ৰেনচিডিটি বোলে। এই ৰেনচিডিটি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ প্ৰতি জাৰক পদাৰ্থ ব্যৱহাৰ কৰা দেখা যায়।

Important Question From Oxidation and Reduction in Assamese

Class 10 Science ৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ জাৰণ আৰু বিজাৰনৰ কিছু প্ৰয়োজনীয় প্ৰশ্ন উল্লেখ কৰিব গৈ আছোঁ যি আগন্তুক HSLC 2022 ৰ বাবে প্ৰয়োজন।

  1. জাৰন কি? উদাহৰণ দিয়া ।
  2. বিজাৰন কি? উদাহৰণ দিয়া ।
  3. জাৰন-বিজাৰন কি? উদাহৰণ দিয়া ।

Oxidation and Reduction in Assamese শেষ বাক্য

এতিয়ালৈকে আমি Oxidation and Reduction in Assamese ত জাৰন কি, বিজাৰন কি, জাৰন-বিজাৰন কি আদি আলোচনা কৰিলোঁ। ইয়াৰ উপৰিও যদি আপোনাৰ কিবা অসুবিধা আছে তেন্তে জনাব পাৰে আমাৰ comment section ত। আমি যথা সময়ত আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।

Leave a Comment