Class 10 Social MCQ Assamese Medium

  • Post category:MCQ
  • Post last modified:20/02/2023

আপুনি যদি এইবাৰ HSLC পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে আৰু MCQ ৰ বাবে চিন্তিত হৈ আছে তেন্তে Assamese Medium ৱেবচাইটৰ এই লিখনিয়ে আপোনাক বহু প্ৰকাৰে সহায় কৰিব। আজি আমি এই লিখনিত আমি Class 10 Social MCQ Assamese Medium ৰ বিষয়ে আলোচনা কৰিছো।

ইয়াৰ আগতে আমি Class 10 Science MCQ Assamese Medium আৰু Class 10 English MCQ আলোচনা কৰিছো। যদি আপুনি পঢ়িব খোজে আৰু নিজকে আগন্তুক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিব খোজে তেন্তে লিংকত ক্লিক কৰক।

ইয়াত আমি Class 10 Social MCQ Assamese Medium ত History, Geography আৰু Politics & Economics ৰ বহুত MCQ লৈ আহিছোঁ। ইয়াত আলোচনা কৰা Class 10 Social MCQ Assamese Medium ৰ প্ৰতিটো MCQ য়েই HSLC 2023 ৰ বাবে অতি প্ৰয়োজন।

Watch FREE Video Classes

তেন্তে আহক সময় নষ্ট নকৰি আজি আমি Class 10 Social MCQ Assamese Medium আলোচনা কৰোঁ।

Class 10 Social MCQ Assamese Medium

Class 10 Social MCQ Assamese Medium [For HSLC 2023]

প্ৰথমতে আমি Class 10 Social History MCQ আলোচনা কৰিব বিচাৰিছে। ইয়াত সৰ্বমুঠ ৫ টা অধ্যায় আছে যাৰ সম্পূৰ্ণ MCQ 2023 HSLC Final Exam তলত আমি আলোচনা কৰিছো।

Class 10 Social MCQ Assamese Medium Chapter 1 History

1) ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?
(a) নবাব ছলিমউল্লা
(b) নীলতন চৰকাৰ
(c) অম্বিকাগিৰি ৰায়চৌধুৰী
(d) আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়
উত্তৰ: (d) আচার্য প্রফুল্ল চন্দ্ৰ ৰায়

2) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?
(a) ১৯১০ চনৰ ১১ ডিচেম্বৰত
(b) ১৯১২ চনৰ ১২ ডিচেম্বৰত
(c) ১৯১১ চনৰ ১১ ডিচেম্বৰত
(d) ১৯১১ চনৰ ১০ ডিচেম্বৰত
উত্তৰ: (c) ১৯১১ চনৰ ১১ ডিচেম্বৰত

3) “ডি ডন” পত্ৰিকাৰ সম্পাদক কোন আছিল ?
(a) চাৰু দাস বন্দোপাধ্যায়
(b) সতীশচন্দ্র মুখোপাধ্যায়
(c) ৰবীন্দ্ৰনাথ ঠাকুৰ
(d) আব্দুল ৰছুল
উত্তৰ : (b) সতীশচন্দ্ৰ মুখোপাধ্যায়

4) ১৯০৬ চনত মুচলিম লীগ গঠনত সহায় কৰা ব্রিটিশ প্রশাসকজন কোন আছিল ? (HSLC-2017)
(a) লর্ড মিন্টো
(b) লর্ড কার্জন
(c) লর্ড কর্ণৱালিছ
(d) লর্ড ৰিপন
উত্তৰ: (a) লর্ড মিন্টো

5) কাৰ কাৰ্যকালত ‘বংগ বিভাজন আঁচনিখন’ কাৰ্যকৰী হৈছিল ? (HSLC-2017)
(a) লর্ড মাউন্টবেটেন
(b) লর্ড উইলিয়াম বেন্টিংক
(c) লর্ড ডেলহাউচী
(d) লর্ড কার্জন
উত্তৰ : (d) লর্ড কার্জন

6) স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈ আছিল ?
(a) অৰুণোদয়
(b) যুগান্তৰ
(c) বন্দিনী ভাৰত
(d) ওপৰৰ এটাও নহয
উত্তৰ : (b) যুগান্তৰ

7) যুগান্তৰ’পত্রিকাখনৰ সম্পাদক কোন আছিল ?
(a) অম্বিকাগিৰি ৰায়চৌধুৰী
(b) আচাৰ্য্য প্রফুল্ল চন্দ্ৰ ৰায়
(c) লক্ষ্মীনাথ বেজবৰুৱা
(d) ভূপেন্দ্রনাথ দত্ত
উত্তৰ: (d) ভূপেন্দ্ৰনাথ দত্ত

8) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ?
(a) লর্ড কার্জন
(b) লর্ড নেথানিয়েল কার্জন
(c) এন্ড্রুফেজাৰ
(d) লর্ড মিন্টো
উত্তৰ: (b) লর্ড নেথানিয়েল কার্জন

9) কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ?
(a) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত
(b) ১৯০৫ খ্ৰীষ্টাব্দৰ ১০ অক্টোবৰত
(c) ১৯০০ খ্ৰীষ্টাব্দৰ ১১ অক্টোবৰত
(d) ১৯০৪ চনত ১৫ অক্টোবৰত
উত্তৰ : (a) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত

10) ‘বন্দিনী ভাৰত’ নামৰ নাটকখনৰ ৰচক কোন ?
(a) আচাৰ্য্য প্রফুল্ল চন্দ্ৰ ৰায়
(b) ভূপেন্দ্রনাথ দত্ত
(c) অম্বিকাগিৰি ৰায় চৌধুৰী
(d) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰঃ (c) অম্বিকাগিৰি ৰায় চৌধুৰী

11) বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?
(a) ১৯০৬ চনৰ ১০ মাৰ্চত
(b) ১৯০৬ চনৰ ১১ মাৰ্চত
(c) ১৯০৫ চনৰ ১০ মাৰ্চত
(d) ১৯০৬ চনৰ ১০ মাৰ্চত
উত্তৰ : (a) ১৯০৬ চনৰ ১০ মাৰ্চত

12) মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কেতিয়া কৰা হৈছিল ?
(a) ১৯০৫ খ্ৰীষ্টাব্দতৰ মাৰ্চ মাহত
(b) ১৯১৫ খ্ৰীষ্টাব্দত মাৰ্চ মাহত
(c) ১৯১০ খ্রীষ্টাব্দত মাৰ্চ মাহত
(d) ১৯১১ খ্রীষ্টাব্দত মাৰ্চ মাহত
উত্তৰঃ (c) ১৯১০ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত

13) “ইউনাইটেড বেংগল ষ্টোৰছ কেতিয়া প্রতিষ্ঠা কৰা হৈছিল ?
(a) ১৯০৫ চনত
(b) ১৯০৬ চনত
(c) ১৯০৭ চনত
(d) ১৯০৯ চনত
উত্তৰ : (a) ১৯০৫ চনত

14) ১৯৩২ চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধান মন্ত্ৰীজন আছিল – (2019)
(a) ক্লিমেন্ট এটলি
(b) উইনষ্টন চার্চিল
(c) ৰামছে মেকডোনল্ড
(d) থেৰেছা মেই
উত্তৰঃ (c) ৰামছে মেকডোনল্ড

15) বিদেশী পণ্য বৰ্জৰ্ণৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল ?
(a) জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত
(b) জাতীয় কংগ্ৰেছৰ দ্বাবিংশ অধিৱেশনত
(c) জাতীয় কংগ্ৰেছৰ ত্ৰয়োবিংশতিতম অধিৱেশনত
(d) জাতীয় কংগ্ৰেছৰ ত্ৰয়োবিংশতি অধিৱেশনত
উত্তৰ : (a) জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত

16) অবিভক্ত বংগ দেশৰ মুঠ জনসংখ্যা কিমান আছিল ?
(a) ৫৫ নিযুত
(b) ৫৪ নিযুত
(c) ৫৩ নিযুত
(d) ৫২ নিযুত
উত্তৰ ঃ (b) ৫৪ নিযুত

17) প্রশ্নঃ ‘বন্দে মাতৰম’ গীতটোৰ ৰচক কোন আছিল ?
(a) প্রফুল্ল চন্দ্ৰ ৰায়
(b) ৰবীন্দ্ৰনাথ ঠাকুৰ
(c) বঙ্কিমচন্দ্ৰ চেটার্জী
(d) বিঙ্কিমচন্দ্ৰ চেটার্জী
উত্তৰ: (c) বঙ্কিমচন্দ্ৰ চেটার্জী

18) প্রশ্ন : কোন চনত মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল ?
(a) ১৯০৫ চনত
(b) ১৯০৬ চনত
(c) ১৯০৭ চনত
(d) ৫২ নিযুত
উত্তৰ : (b) ১৯০৬ চনত

19) ভাইচৰয় লর্ড মিন্টোৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল ?
(a) কর্ণেল ডানলপ স্মিথ
(b) লাল-বাল-পাল
(c) ছাৰ এ. ঠি অৰণ ডেলৰ
(d) এলিজাবেথ নবোল
উত্তৰ : (a) কর্ণেল ডানলপ স্মিথ

20) ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ যায় কোন খ্ৰীষ্টাব্দত ?
(a) ১৮৩০ খ্রীষ্টাব্দত
(b) ১৮৩১ খ্ৰীষ্টাব্দত
(c) ১৮৩২ খ্ৰীষ্টাব্দত
(d) ১৮৩৩ খ্রীষ্টাব্দত
উত্তৰ: (c) ১৮৩২ খ্ৰীষ্টাব্দত

21) মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনস্থ হয় ?
(a) ১৮৩৮ খ্রীষ্টাব্দত
(b) ১৮৩৯ খ্ৰীষ্টাব্দত
(c) ১৮৪০ খ্রীষ্টাব্দত
(d) ১৮৪১ খ্রীষ্টাব্দত
উত্তৰ : (b) ১৮৩৯ খ্ৰীষ্টাব্দত

22) পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল ?
(a) কলকতা
(b) পূর্ব বংগ
(c) ঢাকা
(d) কাছাৰ
উত্তৰঃ (c) ঢাকা

23) কোনজন ব্যক্তিয়ে বৃটিছ চৰকাৰক ‘নাইটহুড’ উপাধি দিছিল।
(a) বাল গংগাধৰ তিলকে
(b) প্রফুল্ল চন্দ্ৰ ৰাযে
(c) ৰবীন্দ্ৰনাথ ঠাকুৰে
(d) লাল-বাল-পালে
উত্তৰঃ (c) ৰবীন্দ্ৰনাথ ঠাকুৰে

24) ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্রতিষ্ঠান গঢ়ি তুলিছিল ?
(a) বেংগল টেক্‌নিকেল প্রতিষ্ঠান
(b) স্বদেশী বস্ত্র প্রতিষ্ঠান
(c) স্বদেশী ভাণ্ডাৰ
(d) বঙ্গ বস্ত্ৰ উদ্যোগ
উত্তৰঃ (c) স্বদেশী ভাণ্ডাৰ

25) স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য।”— উত্ত উক্তিটো কাৰ ? 17
(a) অম্বিকাগিৰি ৰায়চৌধুৰীৰ
(b) বালগংগাধৰ তিলকৰ
(c) মহাত্মা গান্ধীৰ
(d) প্রফুল্ল চন্দ্ৰ ৰায়ৰ
উত্তৰ: (b) বাল গংগাধৰ তিলকৰ

26) স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল ?
(a) ২০ টা
(b) ২২ টা
(c) ২৩ টা
(d) ২৪ টা
উত্তৰঃ (c) ২৩ টা

27) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্ব গড়ি উঠা সংগঠনটো কি আছিল ?
(a) যুৱ সংসদ
(c) বেংগল সংসদ
(b) ছাত্র সংসদ
(d) স্বদেশী সংসদ
উত্তৰ : (b) ছাত্র সংসদ


Class 10 Social MCQ Assamese Medium Chapter 2 History

1) কোন চনৰ কোন তাৰিখে ভাৰত স্বাধীন হৈছিল ?
(a) ১৯৪৭ চনৰ ১৪ আগষ্টত
(b) ১৯৪৭ চনৰ ১৫ আগষ্টত
(c) ১৯৪৭ চনৰ ২৬ আগষ্টত
(d) ১৯৪৭ চনৰ ১৬ আগষ্টত
উত্তৰ: (b) ১৯৪৭ চনৰ ১৫ আগষ্টত

2) মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হয় ?
(a) ১৯৪৮ চনৰ ৩০ জানুৱাৰীত
(b) ১৯৪৮ চনৰ ৩০ আগষ্টত
(c) ১৯৪৮ চনৰ ২৫ আগষ্টত
(d) ১৯৪৮ চনৰ ৩১ আগষ্টত
উত্তৰ : (a) ১৯৪৮ চনৰ ৩০ জানুৱাৰীত

3) ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’পঠিয়াইছিল ? (HSLC-2022)
(i) ১৯৩৫ আগষ্ট মাহত
(ii) ১৯৪৫ জুলাই মাহত
(iii) ১৯৪৬ মাৰ্চ মাহত
(iv) ১৯৪৭ আগষ্ট মাহত
Ans : (iii) ১৯৪৬ চনৰ মাৰ্চ মাহত

4) মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল ?
(a) ১৮৬০ চনৰ ২ অক্টোবৰত
(b) ১৮৬৯ চনৰ ২ অক্টোবৰত
(c) ১৮৭০ চনৰ ২ অক্টোবৰত
(d) ১৮৭১ চনৰ ২ অক্টোবৰত
উত্তৰ: (b) ১৮৬৯ চনৰ ২ অক্টোবৰত

5) মহাত্মা গান্ধীৰ জন্মস্থান
(a) লাহোৰত
(b) গোজৰাটৰ পোৰবন্দৰ
(c) বিহাৰত
(c) কলিকতাত ।
উত্তৰ : (b) গোজৰাটৰ পোৰবন্দৰ

6) সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোণ প্রথমতে প্রয়োগ কৰিছিল ?
(a) দক্ষিণ আফ্ৰিকাত
(b) ইংলেণ্ডত
(c) আফ্ৰিকাত
(d) লণ্ডত
উত্তৰ : (a) দক্ষিণ আফ্ৰিকাত

7) ব্ৰিটিছ চৰকাৰে নাইট হুড উপাধি কাক প্ৰদান কৰিছিল ?
(a) গোপালকৃষ্ণ গোখলে
(b) বিপিনচন্দ্ৰ পাল
(c) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়
(d) ৰবীন্দ্ৰনাথ ঠাকুৰ
উত্তৰ: (d) ৰবীন্দ্ৰনাথ ঠাকুৰ

8) কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ?
(a) মৌলানা চৌকত আলি আৰু মহম্মদ আলি নেতৃত্বত
(b) বিপিন চন্দ্র পাল আৰু লাল-বাল-পালৰ নেতৃত্বত
(c) লালা লাজপত ৰায় আৰু গোপাল কৃষ্ণ গোখলেৰ নেতৃত্বত
উত্তৰ : (a) মৌলানা চৌকত আলি আৰু মহম্মদ আলি নেতৃত্বত

9) চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?
(a) ১৯২০ চনৰ ৫ ফেব্ৰুৱাৰীত
(b) ১৯২১ চনৰ ৫ ফেব্ৰুৱাৰীত
(c) ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত
(d) ১৯২৩ চনৰ ৫ ফেব্ৰুৱাৰীত
উত্তৰঃ (c) ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত

10) সত্যাগ্রহ বা অহিংসাৰ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?
(a) ১৯১৫ চনত
(b) ১৯১৭ চনত
(c) ১৯১৮ চনত
(d) ১৯১৯ চনত
উত্তৰ: (d) ১৯১৯ চনত

11) জালিৱানৱালাবাগৰ হত্যাকাণ্ড, কেতিয়া সংঘটিত হৈছিল ?
(a) ১৯১৯ চনৰ ১৩ এপ্রিলত
(b) ১৯১৯ চনৰ ১০ এপ্ৰিলত
(c) ১৯১৯ চনৰ ১৫ এপ্ৰিলত
(d) ১৯১৯ চনৰ ১৬ এপ্ৰিলত
উত্তৰ: (a) ১৯১৯ চনৰ ১৩ এপ্ৰিলত

12) সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?
(a) ৩৮০ কিঃমিঃ
(b) ৩৮২ কিঃমিঃ
(c) ৩৮৫ কিঃমিঃ
(d) ৩৮৬ কিঃমিঃ
উত্তৰ: (c) ৩৮৫ কিঃমিঃ

13) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল ?
(a) অসহযোগ আন্দোলনৰ সময়ত
(b) ভাৰত ত্যাগ আন্দোলনৰ সময়ত
(c) সত্যাগ্রহ আন্দোলনৰ সময়ত
(d) খিলাফৎ আন্দোলনৰ সময়ত
উত্তৰ : (b) ভাৰত ত্যাগ আন্দোলনৰ সময়ত

14) সীমান্ত গান্ধী নামে কাক জনা যায় ৷
(a) চৌকত আলি
(b) মহম্মদ আলি
(c) খান আব্দুল গফুৰ খান
(d) আলি খান
উত্তৰ: (c) খান আব্দুল গফুৰ খান

15) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে
‘কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল? (HSLC-2018)
(a) আইন অমান্য আন্দোলাত
(b) অসহযোগ আন্দোলনত
(c) ভাৰত ত্যাগ আন্দোনত
(d) খিলাফৎ আন্দোলনত
উত্তৰ: (c) ভাৰত ত্যাগ আন্দোনত৷

16) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধানমন্ত্ৰীজন আছিল— (HSLC-2019)
(i) ক্লিমেন্ট এট্‌লি
(ii) উইনষ্টন চার্চিল
(iii) ৰামছে মেকডোনাল্ড
(iv) থেৰেচা মে’ই
Ans: (iii) ৰামছে মেকডোনাল্ড

17) চৌৰীচৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল ? (HSLC-2020)
(i) ৫ ফেব্ৰুৱাৰী, ১৯২২
(ii) ৩১ জানুৱাৰী, ১৯২২
(iii) ৮ আগষ্ট, ১৯৪২
(iv) ৬ এপ্রিল, ১৯১৯
Ans: (i) ৫ ফেব্ৰুৱাৰী, ১৯২২

18) ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল ? (HSLC-2022)
(i) ফেব্ৰুৱাৰী, ১৯৪৭
(ii) জুন, ১৯৪৭
(iii) জুলাই, ১৯৪৭
(iv) মার্চ, ১৯৪৭
Ans : (iii) জুলাই, ১৯৪৭

19) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?
(a) জৱাহৰলাল নেহেৰুৱে
(b) মহাত্মা গান্ধীয়ে
(c) গোপাল কৃষ্ণ গোখলে
(d) সীমান্ত গান্ধীয়ে
উত্তৰ : (b) মহাত্মাগান্ধীয়ে

20) ১৯৩২ চনত সাম্প্ৰদায়িক বাঁটোৱাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধান মন্ত্ৰীজনৰ নাম কি আছিল ?
(a) ৰামজে মেক্‌ ডোনাল্ড
(b) মেকডোনাল্ড
(c) উইনষ্টন চার্চিল
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) ৰামজে মেক্‌ ডোনাল্ড

21) ‘ভাৰত ত্যাগ’ আন্দোলন কেতিয়া হৈছিল ?
(a) ১৯৪০ চনত
(c) ১৯৪২ চনত
(b) ১৯৪১ চনত
(d) ১৯৪৩ চনত
উত্তৰ: (c) ১৯৪২ চনত

22) আজাদ ফৌজৰ প্ৰতিষ্ঠাতা কোন?
(a) কেপ্তেইন মোহন সিঙ
(b) নেতাজী সুভাষ চন্দ্র বসু
(c) ৰাম বিহাৰী বসু
(d) মহাত্মাগান্ধী
উত্তৰ : (b) নেতাজী সুভাষ চন্দ্র বসু

23) “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ – এই বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?
(a) ৰাম বিহাৰী বসুৰ
(b) কেপ্তেইন মোহন সিঙৰ
(c) সুভাষ চন্দ্ৰ বসুৰ
(d) বাল গংগাধৰ তিলক।
উত্তৰ: (c) সুভাষ চন্দ্ৰ বসুৰ

24) জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল ?
(a) মিঃক্লিমেন্টৰ নিৰ্দেশত
(b) লর্ড পেথিক লন্সে
(c) এ.ভি আলেকজেণ্ডাৰ
(d) জেনেৰেল ডায়াৰৰ
উত্তৰ: (d) জেনেৰেল ডায়াৰৰ নিৰ্দেশত

25) ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া বৃটিছ চৰকাৰে দিয়া নাইট উপাধি পৰিত্যাগ কৰিছিল ?
(a) সত্যাগ্রহ আন্দোলনৰ সময়ত
(b) ভাৰত ত্যাগ আন্দোলনৰ
(c) অসহযোগ আন্দোলনৰ সময়ত
(d) জালিৱানৱালাবাগৰ হত্যা কাণ্ডৰ প্ৰতিবাদত
উত্তৰ : (d) জালিৱানৱালাবাগৰ হত্যা কাণ্ডৰ প্ৰতিবাদত

26) বাংলাদেশে কেতিয়া স্বাধীনতা লাভ কৰে ?
(a) ১৯৭০ চনৰ মাৰ্চ মাহত
(b) ১৯৭১ চনৰ মাৰ্চ মাহত
(c) ১৯৭২ চনৰ মাৰ্চ মাহত
(d) ১৯৭৩ চনৰ মাৰ্চ মাহত
উত্তৰ ঃ (b) ১৯৭১ চনৰ মাৰ্চ মাহত

27) ভাৰত আৰু পাকিস্থানৰ সীমাৰেখাক কি নামেৰে জনা যায় ?
(a) ৰেডক্ৰছ
(b) ৰেডক্লিক
(c) ৰেডক্লিফ
(d) ৰেডফ্লিক
উত্তৰ: (c) ৰেডক্লিফ

28) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্রী কোন হয় ?
(a) জৱহৰলাল নেহৰু
(b) ৰাজা ৰামমোহন ৰায়
(c) মহাত্মা গান্ধী
উত্তৰ : (a) জৱহৰলাল নেহৰু


Class 10 Social MCQ Assamese Medium Chapter 3 History

1) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
(a) পিয়লি ফুকণে
(b) মণিৰাম দেৱানে
(c) বাহাদুৰ গাঁও বুঢ়াই
(d) ফর্মুদ আলীয়ে
উত্তৰ : (b) মণিৰাম দেৱানে

2) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোৱৰক পুনৰাই আহোম সিংহাখনত বহুৱাব খুজিছিল ?
(a)গোমধৰ কোঁৱৰ
(b) কন্দপেশ্বৰ সিংহ
(c) পুৰন্দৰ সিংহ
(d) ওপৰৰ এটাও নহয
উত্তৰ: (b) কন্দপেশ্বৰ সিংহ

3) মণিৰাম দেৱানৰ সৈতে ফাঁচীকাঠত ওলমিব লগা হোৱা ব্যক্তিজন কোন আছিল ?
(a) পিয়লি বৰুৱা
(b) কমলা বৰুৱা
(c) দুতিৰাম বৰুৱা
(d) মায়াৰাম নাজিৰ
উত্তৰ: (a) পিয়লি বৰুৱা

4) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বাবে ১৮৫৮ চনত কোন দুজন বিদ্ৰোহীক ইংৰাজ চৰকাৰে আন্দামানলৈ প্ৰেৰণ কৰিছিল ।
(a) মধুমল্লিক আৰু কমলা বৰুৱাক
(b) দুতিৰাম বৰুৱা আৰু মায়াৰাম নাজিৰক
(c) বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদ আলীক
উত্তৰ : (c) বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদ অনীক

5) কোনজন বিষয়াই মণিৰাম দেৱাণৰ বিচাৰ কৰিছিল ?
(a) কমিছনাৰ জেনকিনচে
(b) লর্ড ওৱেলেলি
(c) লর্ড কাজন
(d) কেপ্তেইন হলৰইডে
উত্তৰ: (d) কেপ্তেইন হল ইডে

6) কোন চনত টিকত কৰ প্ৰৱৰ্তন কৰা হয় ?
(a) ১৮৫৭ চনত
(b) ১৮৫৮ চনত
(c) ১৮৫৯ চনত
(d) ১৮৬০ চনত
উত্তৰ: (b) ১৮৫৮ চনত

7) মণিৰাম দেৱানৰ লগত আৰু কাকফাঁচিকাঠত ওলমোৱা হৈছিল ? (HSLC-2018)
(a) জিউৰাম দুলীয়া বৰুৱাক
(b) পিয়লি বৰুৱাক
(c) গোমধৰ কোঁৱৰক
(d) দুতিৰাম বৰুৱাক
উত্তৰ : (b) পিয়লি বৰুৱাক ৷

8) তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল? (HSLC-2019 )
(i) ১৮৪৩ চনত
(ii) ১৮৫৭ চনত
(iii) ১৮৬০ চনত
(iv) ১৮৬৩ চনত
Ans: (i) ১৮৪৩ চনত

9) মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল ? (HSLC-2020)
(i) মায়াৰাম নাজিৰ
(ii) শ্বেখ ফর্মুদ আলী
(iii) পিয়লি বৰুৱা
(iv) দুটিৰাম বৰুৱা
Ans: (iii) পিয়লি বৰুৱা

10) অসমীয়া কৃষকৰ পৰা ভূমি-খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল ?(HSLC-2022)
(i) মণিৰাম
(ii) পিয়লি বৰুৱা
(iii) মহাত্মা গান্ধী
(iv) আনন্দৰাম ঢেকিয়াল ফুকন
Ans: (iv) আনন্দৰাম ঢেকিয়াল ফুকন

11) ১৮৫৩ চনত মটক মিলছ চাহাবক কোনে আৰ্জি দিছিল ?
(a) আনন্দৰাম বৰুৱাই
(b) আনন্দৰাম ঢেকীয়াল ফুকনে
(c) মণিৰাম দেৱানে
(d) পিয়লি ফুকনে
উত্তৰ: (b) আনন্দৰাম ঢেকীয়াল ফুকনে

12) কিমান চনত অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটে?
(a) ১৮৪২ চনত
(b) ১৮৪৩ চনত
(c) ১৮৪৪ চনত
(d) ১৮৪৫ চনত
উত্তৰ: (b) ১৮৪৩ চনত

13) কেঞা সকল কোন আছিল ?
(a) কেঞাসকল মাৰোৱাৰী সম্প্ৰদায়ৰ সুদখোৰ মহাজন
(b) বংগদেশৰ শ্রী হট্ট
(c) পশ্চিম ভাৰতৰ বঙালী লোক
উত্তৰ : (a) কেঞাসকল মাৰোৱাৰী সম্প্ৰদায়ৰ সুদখোৰ মহাজন

14) মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?
(a) ১৮৫৮ ক্রি ২৬ ফেব্ৰুৱাৰীত
(b) ১৮৫৭ ক্রি ২৫ ফেব্ৰুৱাৰীত
(c) ১৮৫৬ ক্রি ২৬ ফেব্ৰুৱাৰীত
(d) ১৮৫৯ ক্রি ২৫ ফেব্ৰুৱাৰীত
উত্তৰ : (a) ১৮৫৮ ক্ৰি ২৬ ফেব্ৰুৱাৰীত

16) মফট্ মিলছ কোন ?
(a) এগৰাকী বৃটিছ বিষয়া
(b) এগৰাকী প্ৰশাসনিক
(c) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
(d) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
উত্তৰ : (c) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

16) মণিৰাম দেৱানক ইংৰাজ শাসন কালত বৃটিছে কি পদত নিযুক্তি দিছিল ।
(a) দেৱানী পদত
(b) টি কোম্পানীৰ বিষয়া
(c) চিৰস্তাদাৰ
(d) এগৰাকী প্ৰশাসনিক
উত্তৰঃ (c) চিৰস্তাদাৰ

17) কোন চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ?
(a) ১৮৫৭ চনত
(c) ১৮৫৯ চনত
(b) ১৮৫৮ চনত
(d) ১৮৬০ চনত
উত্তৰ: (d) ১৮৬০ চনত

18) ফুলগুৰিৰ ধাৰা কেতিয়া সংঘটিতহৈছিল ?
(a) ১৮৬০ চনৰ ১৮ অক্টোবৰত
(b) ১৮৬১ চনৰ ১৮ অক্টোবৰত
(c) ১৮৬২ চনৰ ১৮ অক্টোবৰত
(d) ১৮৬৩ চনৰ ১৮ অক্টোবৰত
উত্তৰ: (b) ১৮৬১ চনৰ ১৮ অক্টোবৰত

19) পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ?
(a) ১৮৯৪ চনত
(b) ১৮৯৫ চনত
(d) ১৮৯৭ চনত
(c) ১৮৯৬ চনত
উত্তৰ : (a) ১৮৯৪ চনত

20) ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল ?
(a) ১৮৯০ চনৰ ২৪ ডিচেম্বৰত
(b) ১৮৯২ চনৰ ২৪ ডিচেম্বৰত
(c) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত
(d) ১৮৯৪ চনৰ ২৪ ডিচেম্বৰত ধ
উত্তৰঃ (c) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত

21) ১৮৯৪ চনৰ কৃষক বিদ্ৰোহত কোনজন মণ্ডলক মাৰ পিট কৰা হৈছিল ?
(a) পুষ্পৰাম কলিতাক
(b) জয়ন্তী বেজ
(c) নাউচাকু কলিতা
(d) হলিৰাম মিশ্র মণ্ডলক
উত্তৰ: (d) হলিৰাম মিশ্র মণ্ডলক

22) পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ফলত বেচৰকাৰী হিচাপে কিমানজন কৃষকৰ মৃত্যু হৈছিল ?
(a) ১৩৫ জনৰ
(b) ১৪০ জনৰ
(c) ১৪৫ জনৰ
(d) ১৫০ জনৰ
উত্তৰ: (b) ১৪০ জনৰ

23) ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
(a) শম্ভুধন কাংলোছাৰ
(b) জাফলং
(c) উকিয়াং নবাৰ
(d) ওপৰৰ এটাও নহয
উত্তৰঃ (c) উকিয়াং নবাৰ

24) শম্ভু ধন ফাংলোছৰ নেতৃত্বত উত্তৰ কাছাৰত কিমান চনত বিদ্রোহ সংঘটিত হৈছিল।
(a) ১৮৮০ ৰ পৰা ১৮৮১ লৈ
(b) ১৮৮১ ৰ পৰা ১৮৮২ লৈ
(c) ১৮৮২ ৰ পৰা ১৮৮৩ লৈ
(d) ১৮৭২ ৰ পৰা ১৮৮৩ লৈ
উত্তৰ : (b) ১৮৮১ ৰ পৰা ১৮৮২ লৈ

25) ব্ৰিটিছ বিষয়া ডামান্টক কোন বিদ্ৰোহীয়ে হত্যা কৰিছিল ?
(a) জয়ন্তীয়া বিদ্ৰোহীয়ে
(b) নগা বিদ্ৰোহীয়ে
(c) মণিপুৰৰ বিদ্ৰোহীয়ে
(d) উত্তৰ কাছাৰৰ বিদ্ৰোহীয়ে
উত্তৰ : (b) নগা বিদ্ৰোহীযে

26) মণিপুৰৰ বিদ্ৰোহী নেতা টিকেন্দ্ৰজিতক কোণে ফাঁচী দিছিল ?
(a) মণিপুৰৰ শাসকে
(b) কুলচন্দ্ৰই
(c) ব্ৰিটিছে
(d)মণিপুৰৰ বিদ্ৰোহী
উত্তৰ: (c) ব্ৰিটিছে

27) জে.ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল
(a) ১৮৯০ চনত
(b) ১৮৯১ চনত
(c) ১৮৯২ চনত
(d) ১৭৯০ চনত
উত্তৰ: (a) ১৮৯০ চনত

28) জে.ডব্লিউ কুইন্টনক কোন বিদ্রোহীরে হত্যা কৰিছিল ?
(a) নগা বিদ্ৰোহীয়ে
(c) জয়ন্তীয়া বিদ্ৰোহীয়ে
(d)জনজাতীয় বিদ্রোহীয়ে
(b) মনিপুৰৰ বিদ্ৰোহীযে
উত্তৰ: (b) মনিপুৰৰ বিদ্ৰোহীয়ে

29) জে, ডব্লিউ কুইন্টন কোন আছিল?
(a) ব্ৰিটিছ ৰাজপত্ৰিত বিষয়া
(b) প্রশাসনিক বিষয়া
(c) অসমৰ চীফ কমিছনাৰ
(d) অসমৰ ডেপুটী কমিছনাৰ
উত্তৰ: (c) অসমৰ চীফ কমিছনাৰ


Class 10 Social MCQ Assamese Medium Chapter 4 History

1) যোৰাহাট সার্বজনিক সভা কাৰ নেতৃত্বত গঠন হৈছিল ?
(a) ৰজানৰ নাৰায়ণ সিংহ
(b) জগন্নাথ বৰুৱা
(c) মাণিক চন্দ্ৰ বৰুৱা
(b) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰ : (b) জগন্নাথ বৰুৱা

2) আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল ?(2018)
(a) শিৱসাগৰত
(b) যোৰহাটত
(c) ডিব্ৰুগড়ত
(d) গোলাঘাটত
উত্তৰ: (c) ডিব্ৰুগড়ত

3) ১৯০৩ চনত কোনে ‘আছাম এছ’চিয়েচন গঠন কৰিছিল ?
(a) পদ্মনাথ গোহাঁই বৰুৱা
(b) হেমচন্দ্ৰ গোস্বামী
(c) নবীনচন্দ্ৰ বৰদলৈ
(d) মাণিকচন্দ্ৰ বৰুৱা
উত্তৰ: (d) মাণিকচন্দ্ৰ বৰুৱা

4) অসম প্রদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?
(a) কুলধৰ চলিহা
(b) ছবিলাল উপাধ্যায
(c) কৃষ্ণকান্ত ভট্টাচাৰ্য্য
(d) নবীনচন্দ্ৰ বৰদলৈ
উত্তৰ : (a) কুলধৰ চলিহা

5)আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিবেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল? (HSLC-2018)
(a) শিৱসাগৰত
(b) যোৰহাটত
(c) ডিব্ৰুগড়ত
(d) গোলাঘাটত
উত্তৰ: (c) ডিব্ৰুগড়ত

6) তলৰ কোনজন ‘জোনাকী’ৰ প্ৰথম সম্পাদক আছিল? (HSLC-2019)
(i) হেমচন্দ্ৰ বৰুৱা
(ii) হেমচন্দ্ৰ গোস্বামী
(iii) লক্ষ্মীনাথ বেজবৰুৱা
(iv) চন্দ্ৰ কুমাৰ আগৰৱালা
Ans : (iv) চন্দ্ৰ কুমাৰ আগৰৱালা

7) ১৯০৩ চনত কোনে আছাম এছ’চিয়েছন
গঠন কৰিছিল ? (HSLC-2020)
(i) পদ্মনাথ গোহাঁই বৰুৱা
(ii) হেমচন্দ্ৰ গোস্বামী
(iii) নবীনচন্দ্ৰ বৰদলৈ
(iv) মাণিক চন্দ্ৰ বৰুৱা
Ans : (iv) মাণিক চন্দ্ৰ বৰুৱা ।

8) ১৯২১ চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল (HSLC-2022)
(i) কুলধৰ চলিহা
(ii) গোপীনাথ বৰদলৈ
(iii) নৱীন চন্দ্ৰ বৰদলৈ
(iv) বিষ্ণুৰাম মেধি
Ans: (i) কুলধৰ চলিহা

9) ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?
(a) ১৮২৫ চনত
(b) ১৮২৬ চনত
(c) ১৮২৭ চনত
(d) ১৮২৬ চনত
উত্তৰ: (b) ১৮২৬ চনত

10) অসমত কেতিয়া ঔপনিৱেশিক শাসন-শোষণৰ বিৰুদ্ধে প্রতিবাদ আৰম্ভ কৰিছিল ?
(a) নৈশ শতিকাক প্ৰাৰম্ভতে
(b) উনৈশ শতিকাৰ মধ্যভাগতে
(c) উনৈশ শতিকাৰ শেষাদ্ধত
উত্তৰ: (c) উনৈশ শতিকাৰ শেষার্দ্ধত

11) ‘জ্ঞান প্রদায়িনী সভা’ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?
(a) ১৮৫৬ চনত
(b) ১৮৫৭ চনত
(c) ১৭৫৬ চনত
(d) ১৭৫৭ চনত
উত্তৰ: (b) ১৮৫৭ চনত

12) অসমত বাংলা ভাষা কেতিয়াৰ পৰাচলন হৈছিল ?
(a) ১৮৩৫ চনৰ পৰা
(b) ১৮৩৬ চনৰ পৰা
(c) ১৮৭২ চনৰ পৰা
(d) ১৮৭৩ চনৰ পৰা
উত্তৰ: (b) ১৮৩৬ চনৰ পৰা

13) বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুণৰ প্ৰচলন কেতিয়া হৈছিল ?
(a) ১৮৭২ চনত
(b) ১৮৭৩ চনত
(c) ১৮৭৪ চনত
(d) ১৮৬৩ চনত
উত্তৰ: (b) ১৮৭৩ চনত

14) ১৮৭২ চনত সাহিত্যচৰ্চাৰ উদ্দেশ্যে গঠন কৰা সংগঠনটোৰ নাম কি আছিল ?
(a) জ্ঞান প্রদায়িনী সভা
(b) অসমীয়া লিটাৰেৰী ছ’চাইটী
(c) অসমীয়া ভাষা উন্নতি সাধিনী সভা
উত্তৰ: (b) অসমীয়া লিটাৰেৰী ছ’চাইটী

15) অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল ?
(a) ১৮৮৫ চনত
(b) ১৮৮৬ চনত
(d) ১৮৮৮ চনত
(c) ১৮৮৭ চনত
উত্তৰ: (d) ১৮৮৮ চনত

16) জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ?
(a) হেমচন্দ্ৰ গোস্বামী
(b) লক্ষ্মীনাথ বেজবৰুৱা
(c) আনন্দচন্দ্ৰ আগৰৱালা
(d) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰ: (d) চন্দ্ৰকুমাৰ আগৰৱালা

17) অসম ছাত্র সন্মিলন কেতিয়া গঠন হৈছিল ?
(a) ১৯১৫ চনত
(b) ১৯১৬ চনত
(c) ১৮১৬ চনত
(d) ১৮১৫ চনত
উত্তৰ: (b) ১৯১৬ চনত

18) সদৌ অসম ৰায়ত সভা’ কোন চনতগঠন কৰা হৈছিল ?
(a) ১৯৩০ চনত
(b) ১৯৩২ চনত
(c) ১৯৩৩ চনত
(d) ১৯৩৪ চনত
উত্তৰ: (c) ১৯৩৩ চনত

19) কোনখন সভা সংগঠিত হোৱাৰ পৰা ৪০ বছৰ ধৰি পদ্মনাথ গোঁহাইবৰুৱাই সম্পাদক হৈ আছিল ?
(a) সদৌ অসম ৰায়ত সভা
(b) অসম ছাত্ৰ সন্মিলন
(c) অসমীয়া ভাষা উন্নতি সাধিনী সভা
(d) আহোম সভা
উত্তৰ: (d) আহোম সভা

20) অসম ছাত্ৰ সন্মিলনৰ মুখ্যপত্ৰখন কি আছিল?
(a) মিলন
(b) চেতনা
(c) মোৰ দেশ
(d) জোনাকী
উত্তৰ : (a) মিলন

21) অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সম্পাদক কোন আছিল ?
(a) ছবিলাল উপাধ্যায়
(b) কৃষ্ণকান্ত ভট্টাচার্য
(c) নবীনচন্দ্ৰ বৰদলৈ
(d) বিষ্ণুৰাম মেধি
উত্তৰ: (c) নবীনচন্দ্ৰ বৰদলৈ

22) কিমান চনত মহাত্মাগান্ধী অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ আহে ?
(a) ১৯২০ চনত
(b) ১৯২১ চনত
(c) ১৯২২ চনত
(d) ১৯২৩ চনত
উত্তৰ: (b) ১৯২১ চনত

23) অসমৰ প্ৰথম প্ৰধানমন্ত্ৰীৰূপে কাক নিৰ্বাচন কৰা হৈছিল ?
(a) বিষ্ণুৰাম মেধি
(b) গোপীনাথ বৰদলৈ
(c) নবীন চন্দ্ৰ বৰদলৈ
(d) বসন্তকুমাৰ দাস
উত্তৰ : (b) গোপীনাথ বৰদলৈ

24) অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি ?
(a) তিলক সোঁৱৰণী স্কুল
(b) জাতীয় বিদ্যালয
(d) ওপৰৰ এটাও নহয
(c) কটন কলেজ
উত্তৰ: (a) তিলক সোঁৱৰণী স্কুল

25) ভাৰতত্যাগ আন্দোলনৰ সময়ত অসমৰ গহপুৰত মৃত্যুবৰণ কৰা গাভৰু গৰাকী কোন আছিল?
(a) ভোগেশ্বৰী
(c) থগোবালা
(b) কনকলতা বৰুৱা
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) কনকলতা বৰুৱা

26) অসমত কৃষি বিশ্ববিদ্যালয় কেতিয়া প্রতিষ্ঠা কৰা হয় ?
(a) ১৯৪৫ চনত
(b) ১৯৪৬ চনত
(c) ১৯৪৭ চনত
(d) ১৯৪৮ চনত
উত্তৰ: (d) ১৯৪৮ চনত

27) ১৯৪৮ চনত অসম পশু মহাবিদ্যালয় ক’ত প্ৰতিষ্ঠা কৰা হৈছিল?
(a) যোৰহাটত
(c) নগাঁৱত
(b) গুৱাহাটীত
(d) বিশ্বনাথ চাৰিআলিত
উত্তৰঃ(c) নগাঁৱত

28) গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল –
(a) ১৯৪৫ চনত
(b) ১৯৪৮ চনত
(c) ১৯৪৭ চনত
(d) ১৯৪৬ চনত
উত্তৰ: (b) ১৯৪৮ চনত

29) অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ?
(a) ১৯৪৭ চনৰ ২ নৱেম্বৰত
(b) ১৯৪৭ চনৰ ৩ নৱেম্বৰত
(c) ১৯৪৮ চনৰ ৩ নৱেম্বৰত
(d) ১৯৪৮ চনৰ ২ নৱেম্বৰত
উত্তৰ: (b) ১৯৪৭ চনৰ ৩ নৱেম্বৰত

30) গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া আৰম্ভ কৰা হৈছিল
(a) ১৯৫৯ চনৰ ২০ চেপ্তেম্বৰত
(b) ১৯৬০ চনৰ ২০ নৱেম্বৰত
(c) ১৯৬১ চনৰ ২০ নৱেম্বৰত
(d) ১৯৬২ চনৰ ১৫ নৱেম্বৰত
উত্তৰ: (b) ১৯৬০ চনৰ ২০ নৱেম্বৰত

31) ‘হেমকোষ’ৰ ৰচক কোন ?
(a) হেমচন্দ্ৰ গোস্বামী
(c) চন্দ্ৰকুমাৰ আগৰৱালা
(b) হেমচন্দ্ৰ বৰুৱা
(d) বেজবৰুৱা
উত্তৰ: (b) হেমচন্দ্ৰ বৰুৱা

32) ভাৰতত্যাগ আন্দোলনত গান্ধীজীৰ শ্লোগানটো কি আছিল ?
(a) কৰিম কিম্বা মৰিম
(b) জয় হিন্দ
(c) বন্দেমাতম
(d) ভাৰত মাতা কি জয়
উত্তৰ : (a) কৰিম কিম্বা মৰিম

33) খামতি জনগোষ্ঠীৰ কোনটো ধর্মালম্বী আছিল।?
(a) হিন্দু
(b) বৌদ্ধ
(c) শিখ
(d) মুছলিম
উত্তৰ : (b) বৌদ্ধ


Class 10 Social MCQ Assamese Medium Chapter 5 History

1) ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা ?
(a) ঋকবেদৰ পৰা লোৱা
(b) সংহিতাৰ পৰা লোৱা
(c) মুণ্ডক উপনিষদৰ পৰা লোৱা
(d) মার্কণ্ডেয় পুৰাণৰ পৰা লোৱা
উত্তৰঃ (c) মুণ্ডক উপনিষদৰ পৰা লোৱা

2) ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিক ভাৱে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা কিমান ?
(a) ৭০৪ টা
(b) ৭০৫ টা
(c) ৭০৬ টা
(d) ৭০৭ টা
উত্তৰ: (b) ৭০৫ টা

3) ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে কেইটা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে?
(a) ২০ টা ভাষাক
(c) ২২ টা ভাষাক
(b) ২১ টা ভাষাক
(d) ২৩ টা ভাষাক
উত্তৰঃ (c) ২২টা ভাষাক

4) ‘ভাৰত সম্ভেদ’ নামৰ গ্ৰন্থখনৰ ৰচক কোন ?
(a) আব্দুল কালাম আজাদ
(b) জৱাহৰলাল নেহৰু
(c) সুভাষ বসু
(d) কৌটিল্য
উত্তৰ: (b) জৱাহৰলাল নেহৰু

5) কৌটিল্যৰ অৰ্থশাস্ত্ৰখন কি বিষয়ক
(a) অর্থশাস্ত্র বিষয়ক গ্রন্থ
(b) ধর্ম গ্রন্থ বিষয়ক গ্রন্থ
(c) ৰাজনীতি বিজ্ঞান বিষয়ক গ্রন্থ
(d) অথনীতি বিজ্ঞান বিষয়ক গ্রন্থ
উত্তৰ: (c) ৰাজনীতি বিজ্ঞান বিষয়ক গ্রন্থ

6) ভাৰত মুণিৰ নাট্য শাস্ত্ৰত কিমানটা শ্লোক আছে?
(a) ৫০০০ টা শ্লোক
(b) ৬০০০ টা শ্লোক
(c) ৫৫০০ টা শ্লোক
(d) ৬৫০০ টা শ্লোক
উত্তৰ : (b) ৬০০০ টা শ্লোক

7) নাগালেণ্ডত ধনেশ পক্ষীৰ নামত পালন কৰা উৎসৱটোৰ নাম কি?
(a) হৰ্ণবিল উৎসৱ
(c) নাগালিম উত্ত
(b) জোনবিল উৎসৱ
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) হৰ্ণবিল উৎসৱ

8) উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্য মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত ৷
(a) মণিপুৰত
(c) ত্ৰিপুৰাত
(b) নাগালেণ্ডত
(d) মেঘালয়ত
উত্তৰ: (d) মেঘালয়ত

9) অসমৰ প্ৰাচীন নাম কি আছিল ?
(a) প্ৰাগজ্যোতিষপুৰ
(b) কমতাপুৰ
(c) আচাম
(d) কামৰূপ
উত্তৰ : (a) প্ৰাগজ্যোতিষপুৰ

10) চর্যাপদ কেতিয়া ৰচিত হৈছিল ?
(a) খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুদর্শ শতিকাৰ সময়ছোৱাত
(b) খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ সময়ছোৱাত
(c) খ্ৰীষ্টীয় নশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত
উত্তৰ : (a) খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুদর্শ শতিকাৰ সময়ছোৱাত

11) অসমৰ গদ্য সাহিত্যৰ জনক কোন ?
(a) মাধৱ কণ্ডলি
(b) মাধৱদেৱ
(c) ভট্টদেৱ
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) ভট্টদেৱ

12) অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি ?
(a) জোনাকী
(b) ঊষা
(c) বাঁহী
(d) অৰুণোদয়
উত্তৰঃ (d) অৰুণোদয়

13) কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান –(2018)
(a) অষ্ট্ৰিকসকলৰ
(b) নিগ্ৰোসকলৰ
(c) দ্রাবিড়সকলৰ
(d) মংগোলীয়াসকলৰ
উত্তৰ : (a) অষ্ট্ৰিকসকলৰ

14) তলৰ কোনবিধ ধ্রুপদী নৃত্য অন্ধপ্রদেশ ? (2019)
(a) কথাকলি
(b) কুচিপুড়ী
(c) ভাৰতনাট্যম
(d) অ’ডিছি
উত্তৰ : (b) কুচিপুড়ী

15) আজান পীড় কেতিয়া অসমলৈ আহিছিল ?
(a) ৰুদ্ৰ সিংহৰ দিনত
(b) গদাধৰ সিংহৰ দিনত
(c) লৰা ৰজাৰ দিনত
(d) শিৱ সিংহৰ দিনত
উত্তৰ : (b) গদাধৰ সিংহৰ দিনত

16) জিকিৰ আৰু জাৰিৰ ৰচক কোন ?
(a) আজান পীৰে
(b) মহম্মদ চামচুৰ আলী
(c) জাকীৰ আলী
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) আজান পীৰে

17) ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা
(a) আর্যভট্ট আৰু বৰাহ মিহি
(b) ব্ৰহ্মগুপ্ত আৰু দ্বিতীয় ভাস্কৰাচাৰ্য
(c) প্রথম ভাস্কৰাচাৰ্য আৰু মহর্ষি ভৰদ্বাজ
উত্তৰ: (c) প্রথম ভাস্কৰাচাৰ্য আৰু মহর্ষি ভৰদ্বাজ

18) প্রাচীন ভাৰতৰ এখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা ।
(a) চৰক সংহিতা
(b) মনুসংহিতা
(c) ব্রাহ্মণ
(d) অৰণ্যক
উত্তৰ : (a) চৰক সংহিতা

19) ভাৰতীয় চিত্র কলাক কেইটা ভাগত ভগাব পাৰি ?
(a) তিনিটা
(c) দুটা
(b) চাৰিটা
(d) পাঁচটা
উত্তৰঃ (c) দুটী

20) হস্তীবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ কেইজন ?
(a) দুজন
(b) তিনিজন
(c) চাৰিজন
(d) পাঁচজন
উত্তৰ : (a) দুজন

21) কুহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান— (HSLC-2018)
(a) অষ্ট্ৰিকসকলৰ
(b) নিগ্ৰোসকলৰ
(c) দ্রাবিড়সকলৰ
(d) মংগোলীয়সকলৰ
উত্তৰ : (a) অষ্ট্ৰিকসকলৰ ।

22) তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ ?(HSLC-2019)
(i) কথাকলি
(ii) কুচিপুড়ী
(iii) ভাৰতনাট্যম
(iv) অ’ডিছি
Ans : (ii) কুচিপুড়ী

23) তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধধর্মালম্বী ? (HSLC-2020)
(i) খাছী
(ii) খামতি
(iii) আদি
(iv) কাৰ্বি
Ans : (ii) খামতি

24) কোনজন আহোম ৰজাই কেবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল? (HSLC-2022)
(i) ৰাজেশ্বৰ সিংহ
(ii) চক্ৰধ্বজ সিংহ
(iii) চন্দ্ৰকান্ত সিংহ
(iv) ৰুদ্ৰসিংহ
Ans : (iv) ৰুদ্ৰসিংহ

25) পৃথিৱীৰ আদিমতম লিখিত ধর্মগ্রন্থ কি?
(a) যজুঃ বেদ
(c) সামবেদ
(b) অথর্ববেদ
(d) ঋকবেদ
উত্তৰ: (d) ঋকবেদ

26) সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিক বিকাশ কেতিয়া হৈছিল ?
(a) খ্রীষ্টপূর্ব চতুর্থ সহস্রাব্দত
(b) খ্রীষ্টপূর্ব তৃতীয় সহস্রাব্দত
(c) খ্রীষ্টপূর্ব পঞ্চম সহস্রাব্দত
(d) খ্রীষ্টপূর্ব ষষ্ঠ সহস্রাব্দত
উত্তৰ : (a) খ্ৰীষ্টপূৰ্ব চতুর্থ সহস্রাব্দত

27) ওজাপালিৰ ভাগ কেইটা ?
(a) দুটা
(b) তিনিটা
(c) চাৰিটা
(d) এটা
উত্তৰ : (a) দুটা

28) তলৰ কোনজন প্ৰাচীন ভাৰতক দার্শনিক ?
(a) কৌটিল্য
(b) ৰামানুজ
(c) ব্রহ্মগুপ্ত
(d) মুদ্রক
উত্তৰ : (b) ৰামানুজ

29) তলৰ কোনবিধ দৰঙৰ লোক নৃত্য
(b) ভোৰতাল নৃত্য
(a) ওজাপালি
(c) দেওধনী নৃত্য
(d) থিয়নাম
উত্তৰ:(c) দেওধনী নৃত্য

30) নগাসকল কোন প্ৰজাতিৰ লোক ?
(a) অষ্টিক
(c) মংগোলীয়
(b) অষ্ট্ৰলয়ড
(d) নিগ্ৰোটো প্ৰজাতিৰ
উত্তৰ: (d) নিগ্ৰোটো প্ৰজাতিৰ

31) অন্ধ্র প্রদেশৰ ভাষাটোৰ নাম কি ?
(a) তেলেগু
(b) কানাড়া
(c) উড়িয়া
(d) কন্নড়ী
উত্তৰ: (a) তেলেগু

32) আজান ফকীৰৰ প্ৰকৃত নাম কি ?
(a) ছাহ মিৰাণ
(b) আজান পীৰ
(c) আজাদ খান
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) ছাহ মিৰাণ

33) আর্যসকলে কিমান খ্রীষ্টাব্দ পূর্বত ভাৰতত প্ৰৱেশ কৰিছিল –
(a) ১২০১ খ্রীষ্টাব্দপূর্বত
(b) ১২০০ খ্রীষ্টাব্দপূর্বত
(c) ১২০২ খ্রীষ্টাব্দপূর্বত
(d) ১২০৩ খ্রীষ্টাব্দপূর্বত
উত্তৰ : (b) ১২০০ খ্ৰীষ্টাব্দপূর্বত

34) অর্থশাস্ত্র গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
(a) কৌটিল্য
(b) শংকৰদেৱ
(c) মাধৱদেৱ
(d) ভট্টদেৱ
উত্তৰ : (a) কৌটিল্য

35) কীর্তন গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
(a) কৌটিল্য
(c) মাধৱদেৱ
(b) শংকৰদেৱ
(d) ভট্টদেৱ
উত্তৰ : (b) শংকৰদেৱ

36) নামঘোষা গ্রন্থখন কোনে ৰচনা কৰিছিল ?
(a) কৌটিল
(c) ভট্টদেৱ
(b) শংকৰদেৱ
(d) মাধৱদেৱ
উত্তৰ: (d) মাধৱদেৱ

37) হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
(a) কৌটিল্য
(b) শংকৰদেৱ
(c) সুকুমাৰ বৰকাইথ
(d) মাধৱদেৱ
উত্তৰ: (c) সুকুমাৰ বৰকাইথ

38) ৰামবিজয় গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
(a) কৌটিল্য
(b) শংকৰদেৱ
(c) সুকুমাৰ বৰকাইথ
(d) মাধৱদেৱ
উত্তৰ : (b) শংকৰদেৱ

39) কথাগীত গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
(a) ভট্টদেৱ
(b) শংকৰদেৱ
(c) সুকুমাৰ বৰকাইথ
(d) মাধৱদেৱ
উত্তৰ : (a) ভট্টদেৱ

40) ৰাজৰঙ্গিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
(a) ভট্টদেৱ
(b) শংকৰদেৱ
(c) সুকুমাৰ বৰকাইথ
(d) কলহান
উত্তৰ : (d) কলহান

41) ভাৰতসম্ভেদ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
(a) ভট্টদেৱ
(b) গোৱিন্দ মিশ্র
(c) জৱহৰলাল নেহৰু
(d) কলহান
উত্তৰঃ (c) জৱহৰলাল নেহৰু

42) পদ্যগীতা গ্রন্থখন কোনে ৰচনা কৰিছিল ?
(a) ভট্টদেৱ
(b) গোৱিন্দ মিশ্ৰ
(c) জৱহৰলাল নেহৰু
(d) কলহান
উত্তৰ: (b) গোৱিন্দ মিশ্র

43) তলৰ কোনটো গীত লোকগীতৰ ভিতৰত নপৰে ?
(a) কামৰূপী লোকগীত
(b) থিয়নাম
(c) হলীগীত
(d) নিচুকণী গীত
উত্তৰঃ (c) হলীগীত


Comming Soon Geography MCQ

প্ৰত্যুত্তৰ দিয়ক