Class 10 Science Chapter 6 MCQ

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science Chapter 6 MCQ in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2023 ত সহায় কৰিব।

ইয়াৰ আগতে আমি Class 10 English MCQ কিছু আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science Chapter 6 MCQ in Assamese আলোচনা কৰোঁ।

Class 10 Science Chapter 6 MCQ

Class 10 Science Chapter 6 MCQ অধ্যায়: ৬ – জীবন প্রক্রিয়া

1. বাইকাস্পিড ভালভৰ আন এটা নাম হ’ল
(a) চেন্ট্ৰেল ভালভ
(b) মিট্ৰেল ভালভ
(c) হাইড্রেল ভালভ
(d) ভেন্ট্রেল ভালভ
উত্তৰ : (b) মিট্ৰেল ভালভ

2. তলৰ কোনটো মানুহৰ পৰিবহনতন্ত্ৰৰ অংশ নহয় –
(a) তেজ
(b) ৰক্তবাহিকা
(c) হৃদপিণ্ড
(d) হাওঁফাওঁ
উত্তৰ: (d) হাওঁফাওঁ

3. কি ধমনীয়ে বিশুদ্ধ তেজ হৃদপিণ্ডৰ পৰা কঢ়িয়াই নি কোষবোৰত যোগান নধৰে
(a) ক্লোম ধমনী
(b) মিট্ৰেল ধমনী
(c) রক্ত ধমনী
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) ক্লোম ধমনী

4. বৃক্কৰ গঠন আৰু কাৰ্যৰ একক হ’ল
(a) ভিলাই
(b) নেফ্রন
(c) ধমনী
(d) শিৰা
উত্তৰঃ (b) নেফ্রন

5. ক্লৰ’ফিলৰ মুখ্য উপাদান হ’ল
(a) কেলচিয়াম
(b) ছডিয়াম
(c) মেগনেছিয়াম
(d) এলুমিনিয়াম
উত্তৰঃ (c) মেগনেছিয়াম

6. ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ’ল (HSLC-2018)
(a) প্রমস্তিষ্ক
(b) মধ্যমস্তিষ্ক
(c) পশ্চাৎমস্তিষ
(d) হাইপ’থেলামাছ
উত্তৰ : (a) প্রমস্তিষ্ক

7. আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয় (HSLC-2019)
(i) এমাইলেজ
(ii) লাইপেজ
(iii) ট্রিপচিন
(iv) পেপ্‌চিন
উত্তৰ : (i) এমাইলেজ

8. চাইট প্লাজমত অবাত শ্বসন সংঘাতে হয় : (HSLC-2020)
(i) হয়
(ii) নহয়
(iii) হয় আৰু নহয়
(iv) ওপৰৰ এটাও না
উত্তৰ : (i) হয়

9. পদাৰ্থৰ অণু কোনো মাধ্যমত বেছি ঘনত্বৰপৰা কম ঘনত্বলৈ গতি কৰি বিয়পি পৰাক
(a) আসৃতি
(c) অৱশোষণ
(b) ব্যাপন
(d) নিসৃতি
উত্তৰঃ (b) ব্যাপন

10. দুটা ওচৰা-উচৰি কোষৰ কোষস্থ দ্ৰব্যৰ দ্রৱৰ গাঢ়তা যদি ভিন্ন হয় তেন্তে বেছি ঘনত্ব বা গাঢ়তাৰ দ্ৰবলৈ দ্রাৱকৰ ব্যাপনক—
(a) অৱশোষণ
(b) ব্যাপন
(c) আসৃতি
(d) নিসৃতি
উত্তৰ : (c) আসৃতি

11. বৃক্ক গঠনৰ প্ৰাথনিক একক হ’ল—
(a) নেফ্রন
(b) মেডুলা
(c) কর্টেক্স
(d) ভিলাহ
উত্তৰ: (c) কর্টেক্স

12. এজন প্রাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰদ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিশ্ৰাৱণ হয় ?
(a) 2 লিটাৰ
(b) 180 লিটাৰ
(c) 100 লিটাৰ
(d) 50 লিটাৰ
উত্তৰ : (c) 180 লিটাৰ

13. চর্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে (HSLC ’15)
(a) ট্রিপচিনে
(b) পেপছিনে
(c) পিত্ত লৱণে
(d) এমাইলেজে
উত্তৰ : (c) পিত্ত লবণে

14. অবাত শ্বসন সম্পন্ন হয় – (HSLC ’16)
(a) মাইট’কন্দ্ৰিয়াত
(c) কোষকেন্দ্ৰত
(b) ক্ল’ৰ’প্লাষ্টত
(d) চাইট’প্লাজমত
উত্তৰ : (d) চাইট’প্লাজমত

15. শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ’ল—(HSLC-2017)
(a) এমাইলেজ
(b) লাইপেজ
(c) পেপচিন
(d) ট্রিপচিন
উত্তৰ : (a) এমাইলেজ

16. যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক (HSLC- 2018)
(a) সালোক সংশ্লেষণ বোলে
(b) বাষ্পমোচন বোলে
(c) স্থানান্তৰ বোলে
(d) দীপ্তফচফ’ৰিলীকৰণ বোলে
উত্তৰ : (a) সালোক সংশ্লেষণ বোলে

17. লালতিত থকা উৎসেচক বিধৰ নাম হ’ল
(a) পেপচিন
(b) টায়েলিন
(c) ৰেনিন
(d) ওপৰৰ এটাও নহয
উত্তৰ: (b) টায়েলিন

18. লালতিত থকা কোনবিধ পদার্থই অনজীৱ ধ্বংস
(a) টায়েলিন
(b) লাইছ’জম
(c) মিড’চিন
(d) পেপচিন
উত্তৰ: (b) লাইছ’জম

19. তলৰ কোনবিধ অগ্নাশয়ৰ উৎসেচক নহয়
(a) এমাইলেজ
(b) ট্রিপচিন
(c) টায়েলিন
(d) লাইপেজ
উত্তৰ: (c) টায়েলিন

20. ভিলাই ক’ত থাকে
(a) ক্ষুদ্রাস্ত্র
(b) বৃহদান্ত্র
(c) যকৃত
(d) পাকস্থলী
উত্তৰ : (a) ক্ষুদ্রান্ত্ৰ

21. শৰীৰত অক্সিজেন বিতৰণত কোনে সহায় কৰে
(a) হিমগ্লবিন
(b) কার্বগ্লবিন …..
(c) কার্বন ডাইঅক্সাইড
(d) ওপৰৰ এটাও নহয
উত্তৰ: (a) হিমগ্লবিন

22. মানুহৰ দেহৰ সম্পূৰ্ণ পাচন হয়
(a) বৃহদান্ত্র
(b) ক্ষুদান্ত্র
(c) অগ্নাশয়
(d) ওপৰৰ এটাও নহয
উত্তৰ : (b) ক্ষুদান্ত্ৰ

23. ডুৱডেনাম হ’ল ক্ষুদান্ত্ৰৰ
(a) শেষ অংশ
(b) মাজৰ অংশ
(c) প্রথম অংশ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) প্রথম অংশ

24. সোঁ অলিন্দ-নিলয় চিত্ৰটোত থকা ভালভটো –
(a) এটা কপাটযুক্ত
(b) দুটা কপাটযুক্ত
(c) তিনিটা কপাটযুক্ত
(d) চাৰিটা কপাটযুক্ত
উত্তৰ : (c) তিনিটা কপাটযুক্ত

25. থাইৰয়ড হৰমণৰ মুখ্য উপাদান হ’ল
(a) মেগনেছিয়াম
(b) আয়ডিন
(c) কেলচিয়াম
(d) ছডিয়াম
উত্তৰ : (b) আয়ডিন

26. পিত্তৰসত থকা উৎসেচক হ’ল
(a) পেপচিন
(c) টায়েলিন
(b) ৰেনিন
(d) কোনো উৎসেচকনাথাকে
উত্তৰ: (d) কোনো উৎসেচক নাথাকে

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

2 thoughts on “Class 10 Science Chapter 6 MCQ”

Leave a Comment