Class 10 Science Chapter 6 Question Answers Assamese Medium

আমি ইয়াৰ আগতে Class 10 Science Chapter 6 Topic Explanation in Assamese তথা দশম মান শ্ৰেণীৰ ষষ্ট অধ্যায় জীৱন প্রক্রিয়া আলোচনা কৰিছোঁ। আজি আমি Assamese Medium লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ Class 10 Science Chapter 6 Question Answers Assamese Medium তথা জীৱন প্রক্রিয়া প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ।

অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰতিটো খণ্ডৰ প্ৰতিটো অধ্যায় আমি আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ। আপুনি যদি Class 10 Assamese Medium ৰ ছাত্ৰ বা শিক্ষক তেন্তে ই আপোনাক সহায় কৰিব পাৰে। আপুনি বিচাৰিলে তলৰ লিংকৰ পৰা সম্পূৰ্ণ অধ্যায়ৰ মূল কথা আৰু সম্পূৰ্ণ প্ৰশ্ন উত্তৰ ডাউনলোড কৰিব পাৰিব।

Class 10 Science Chapter 6 Question Answers Assamese Medium

ইয়াত আমি আজি দশম মান শ্ৰেণীৰ ষষ্ট অধ্যায় জীৱন প্রক্রিয়া (Class 10 Science Chapter 6 Question Answers Assamese Medium) ৰ কোনো মূল কথা আলোচনা নকৰাকৈ পোনে পোনে প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ইয়াৰ বাবেই আমি ইয়াত কিছু কিছু অতি চমু প্রশ্নোত্তৰ, বহল ব্যাখ্যা, পাৰ্থক্য, চমুটোকা আদি আমি আলোচনা কৰাৰ ওপৰিও অনুশীলনৰ প্রশ্নোত্তৰ আলোচনা কৰিম।

Class 10 Science Chapter 6 Question Answers Assamese Medium

Class 10 Science Chapter 6 MCQ

1. বাইকাস্পিড ভালভৰ আন এটা নাম হ’ল
(a) চেন্ট্ৰেল ভালভ
(b) মিট্ৰেল ভালভ
(c) হাইড্রেল ভালভ
(d) ভেন্ট্রেল ভালভ
উত্তৰ : (b) মিট্ৰেল ভালভ

2. তলৰ কোনটো মানুহৰ পৰিবহনতন্ত্ৰৰ অংশ নহয় –
(a) তেজ
(b) ৰক্তবাহিকা
(c) হৃদপিণ্ড
(d) হাওঁফাওঁ
উত্তৰ: (d) হাওঁফাওঁ

3. কি ধমনীয়ে বিশুদ্ধ তেজ হৃদপিণ্ডৰ পৰা কঢ়িয়াই নি কোষবোৰত যোগান নধৰে
(a) ক্লোম ধমনী
(b) মিট্ৰেল ধমনী
(c) রক্ত ধমনী
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) ক্লোম ধমনী

4. বৃক্কৰ গঠন আৰু কাৰ্যৰ একক হ’ল
(a) ভিলাই
(b) নেফ্রন
(c) ধমনী
(d) শিৰা
উত্তৰঃ (b) নেফ্রন

5. ক্লৰ’ফিলৰ মুখ্য উপাদান হ’ল
(a) কেলচিয়াম
(b) ছডিয়াম
(c) মেগনেছিয়াম
(d) এলুমিনিয়াম
উত্তৰঃ (c) মেগনেছিয়াম

6. ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ’ল (HSLC-2018)
(a) প্রমস্তিষ্ক
(b) মধ্যমস্তিষ্ক
(c) পশ্চাৎমস্তিষ
(d) হাইপ’থেলামাছ
উত্তৰ : (a) প্রমস্তিষ্ক

7. আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয় (HSLC-2019)
(i) এমাইলেজ
(ii) লাইপেজ
(iii) ট্রিপচিন
(iv) পেপ্‌চিন
উত্তৰ : (i) এমাইলেজ

8. চাইট প্লাজমত অবাত শ্বসন সংঘাতে হয় : (HSLC-2020)
(i) হয়
(ii) নহয়
(iii) হয় আৰু নহয়
(iv) ওপৰৰ এটাও না
উত্তৰ : (i) হয়

9. পদাৰ্থৰ অণু কোনো মাধ্যমত বেছি ঘনত্বৰপৰা কম ঘনত্বলৈ গতি কৰি বিয়পি পৰাক
(a) আসৃতি
(c) অৱশোষণ
(b) ব্যাপন
(d) নিসৃতি
উত্তৰঃ (b) ব্যাপন

10. দুটা ওচৰা-উচৰি কোষৰ কোষস্থ দ্ৰব্যৰ দ্রৱৰ গাঢ়তা যদি ভিন্ন হয় তেন্তে বেছি ঘনত্ব বা গাঢ়তাৰ দ্ৰবলৈ দ্রাৱকৰ ব্যাপনক—
(a) অৱশোষণ
(b) ব্যাপন
(c) আসৃতি
(d) নিসৃতি
উত্তৰ : (c) আসৃতি

11. বৃক্ক গঠনৰ প্ৰাথনিক একক হ’ল—
(a) নেফ্রন
(b) মেডুলা
(c) কর্টেক্স
(d) ভিলাহ
উত্তৰ: (c) কর্টেক্স

12. এজন প্রাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰদ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিশ্ৰাৱণ হয় ?
(a) 2 লিটাৰ
(b) 180 লিটাৰ
(c) 100 লিটাৰ
(d) 50 লিটাৰ
উত্তৰ : (c) 180 লিটাৰ

13. চর্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে (HSLC ’15)
(a) ট্রিপচিনে
(b) পেপছিনে
(c) পিত্ত লৱণে
(d) এমাইলেজে
উত্তৰ : (c) পিত্ত লবণে

14. অবাত শ্বসন সম্পন্ন হয় – (HSLC ’16)
(a) মাইট’কন্দ্ৰিয়াত
(c) কোষকেন্দ্ৰত
(b) ক্ল’ৰ’প্লাষ্টত
(d) চাইট’প্লাজমত
উত্তৰ : (d) চাইট’প্লাজমত

15. শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ’ল—(HSLC-2017)
(a) এমাইলেজ
(b) লাইপেজ
(c) পেপচিন
(d) ট্রিপচিন
উত্তৰ : (a) এমাইলেজ

16. যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক (HSLC- 2018)
(a) সালোক সংশ্লেষণ বোলে
(b) বাষ্পমোচন বোলে
(c) স্থানান্তৰ বোলে
(d) দীপ্তফচফ’ৰিলীকৰণ বোলে
উত্তৰ : (a) সালোক সংশ্লেষণ বোলে

17. লালতিত থকা উৎসেচক বিধৰ নাম হ’ল
(a) পেপচিন
(b) টায়েলিন
(c) ৰেনিন
(d) ওপৰৰ এটাও নহয
উত্তৰ: (b) টায়েলিন

18. লালতিত থকা কোনবিধ পদার্থই অনজীৱ ধ্বংস
(a) টায়েলিন
(b) লাইছ’জম
(c) মিড’চিন
(d) পেপচিন
উত্তৰ: (b) লাইছ’জম

19. তলৰ কোনবিধ অগ্নাশয়ৰ উৎসেচক নহয়
(a) এমাইলেজ
(b) ট্রিপচিন
(c) টায়েলিন
(d) লাইপেজ
উত্তৰ: (c) টায়েলিন

20. ভিলাই ক’ত থাকে
(a) ক্ষুদ্রাস্ত্র
(b) বৃহদান্ত্র
(c) যকৃত
(d) পাকস্থলী
উত্তৰ : (a) ক্ষুদ্রান্ত্ৰ

21. শৰীৰত অক্সিজেন বিতৰণত কোনে সহায় কৰে
(a) হিমগ্লবিন
(b) কার্বগ্লবিন …..
(c) কার্বন ডাইঅক্সাইড
(d) ওপৰৰ এটাও নহয
উত্তৰ: (a) হিমগ্লবিন

22. মানুহৰ দেহৰ সম্পূৰ্ণ পাচন হয়
(a) বৃহদান্ত্র
(b) ক্ষুদান্ত্র
(c) অগ্নাশয়
(d) ওপৰৰ এটাও নহয
উত্তৰ : (b) ক্ষুদান্ত্ৰ

23. ডুৱডেনাম হ’ল ক্ষুদান্ত্ৰৰ
(a) শেষ অংশ
(b) মাজৰ অংশ
(c) প্রথম অংশ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) প্রথম অংশ

24. সোঁ অলিন্দ-নিলয় চিত্ৰটোত থকা ভালভটো –
(a) এটা কপাটযুক্ত
(b) দুটা কপাটযুক্ত
(c) তিনিটা কপাটযুক্ত
(d) চাৰিটা কপাটযুক্ত
উত্তৰ : (c) তিনিটা কপাটযুক্ত

25. থাইৰয়ড হৰমণৰ মুখ্য উপাদান হ’ল
(a) মেগনেছিয়াম
(b) আয়ডিন
(c) কেলচিয়াম
(d) ছডিয়াম
উত্তৰ : (b) আয়ডিন

26. পিত্তৰসত থকা উৎসেচক হ’ল
(a) পেপচিন
(c) টায়েলিন
(b) ৰেনিন
(d) কোনো উৎসেচকনাথাকে
উত্তৰ: (d) কোনো উৎসেচক নাথাকে

Page No 95 Question Answer

1) মানুহৰ দৰে বহুকোষী জীৱৰ অক্সিজেনৰ প্ৰয়ােজন পূৰাবলৈ কিয় ব্যাপন প্রক্রিয়া পর্যাপ্ত নহয়?
উত্তৰ : বহুকোষী জীৱৰ ক্ষেত্ৰত, শৰীৰৰ সকলােবােৰ কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্রত্যক্ষ সংস্পৰ্শত নাথাকিবও পাৰে। সেয়েহে, সাধাৰণ ব্যাপন প্রক্রিয়া এনে জীৱৰ প্রতিটো কোষৰ অক্সিজেনৰ প্রয়ােজন পূৰাবলৈ পর্যাপ্ত নহয়।

2) আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম?
উত্তৰঃ কোনাে এটা বস্তু জীৱিত হয় নে নহয় তাক জানিবলৈ তলৰ চৰ্তসমূহ ব্যৱহাৰ কৰা যায় —
(i) খাদ্য গ্রহণ
(ii) বৃদ্ধি
(iii) শ্বসন
(iv) চলাচল
(v) প্রজনন।

3) জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
উত্তৰ : জীৱ এটাই বাহিৰৰ পৰিৱেশৰ পৰা কেঁচা সামগ্রী হিচাপে প্ৰধানকৈ কার্বনযুক্ত অণুসমূহ গ্ৰহণ কৰে। এই কেঁচা সামগ্ৰীসমূহ জীৱই শক্তি আহৰণ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰে।

4) জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?
উত্তৰ : জীৱৰ জীৱন চলাই নিবৰ বাবে দৰকাৰী হােৱা জীৱন প্রক্রিয়াসমূহ হ’ল – পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন।

Page No. 101 Question Answer

1) স্বপােষিত আৰু পৰপােষিত পুষ্টি পার্থক্যসমূহ কি?
উত্তৰঃ স্বপােষিত আৰু পৰপােষিত পুষ্টি পার্থক্যসমূহ হ’ল
(i) স্বপােষিত পুষ্টি: স্বপােষিত পুষ্টিত জীৱই বাহিৰা পৰিৱেশৰ পৰা কেঁচা সামগ্রী আহৰণ কৰি নিজৰ খাদ্য নিজে প্রস্তুত কৰি লয়। আনহাতে, পৰপােষিত পুষ্টিত জীৱ এটাই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
(ii) পৰপােষিত পুষ্টি: স্বপােষিত পুষ্টিৰ প্ৰকাৰ মাথোঁ এটা। আনহাতে, খাদ্যৰ প্ৰকাৰ আৰু তাক আহৰণ কৰাৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত পৰােষিত পুষ্টি বেলেগ বেলেগ ধৰণৰ হ’ব পাৰে।

2) সালােক সংশ্লেষণৰ বাবে প্রয়ােজন হােৱা প্ৰতিটো কেঁচা সামগ্রী উদ্ভিদে ক’ৰ ক’ৰ পৰা আহৰণ কৰে?
উত্তৰঃ সালােক সংশ্লেষণৰ বাবে প্রয়ােজন হােৱা প্ৰতিটো কেঁচা সামগ্রী উদ্ভিদে তলত উল্লেখ কৰা উৎসসমূহৰ পৰা আহৰণ কৰে।
(ক) পানী : উদ্ভিদে মাটিৰ পৰা মূলেৰে শোষণ কৰে।
(খ) কাৰ্বন-ডাই-অক্সাইড : বায়ুমণ্ডলৰ পৰা উদ্ভিদে পত্ৰৰন্ধ্ৰৰ মাজেৰে CO2 গ্ৰহণ কৰে।
(গ) ক্ল’লফিল : উদ্ভিদৰ সেউজীয়া পাতত থাকে।
(ঘ) সূৰ্যশক্তি : সূৰ্যৰ পৰা।

3) আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি [HSLC.’20]
উত্তৰ : আমাৰ পাকস্থলীত থকা হাইড্রক্লৰিক এছিডৰ মুখ্য কার্যসমূহ হ’ল – ই পাকস্থলীত এক আম্লিক মাধ্যমৰ সৃষ্টি কৰি প্ৰটিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্রিয়াত সহায় কৰে। পাকস্থলীত থকা হাইড্রক্লৰিক এছিড খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে।

4) পাচক উৎসেচক (Digestive enzyme) ৰ কার্য কি?
উত্তৰ: খাদ্যৰ অদ্ৰৱনীয় জটিল, শোষণ অযোগ্য উপাদানবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত কৰাত পাচক উৎসেচকবোৰে গুৰুত্বপূৰ্ণ ভূমিকা লয় ।

5) শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰ : ক্ষুদ্ৰান্তৰ আন্তঃআৱৰণীখনত অসংখ্য আঙুলি-সদৃশ প্রবর্ধৰ সৃষ্টি হয়, যাক ভিলাই বুলি কোৱা হয়। এই ভিলাইবােৰে শােষণৰ বাবে পৃষ্ঠকালিৰ বৃদ্ধি ঘটায়। ভিলাইবােৰ ৰক্তনলীৰ সৈতে সংযুক্ত হৈ থাকে। এই ৰক্তনলীবােৰে শােষিত খাদ্যক প্ৰতিটো কোষলৈ কঢ়িয়াই নিয়ে।

Page No 105 Question Answer

1) শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰ জীৱ এটাৰ জলজ জীৱ এটাতকৈ সুবিধা কি? [HSLC.’17|
উত্তৰঃ শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্রত স্থলচৰ জীৱ এটাৰ জলজ জীৱ এটাতকৈ সুবিধা এয়ে যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ, পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনতকৈ বহু-বেছি। এইবাবে জলজ জীৱসমূহে স্থলচৰ জীৱৰ তুলনাত বেছি ঘন ঘনকৈ শ্বাস-প্রশ্বাস ল’ব লগা হয়।

2) কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?
উত্তৰঃ

3) মানুহৰ শৰীৰত অক্সিজেন আৰু কার্বন ডাই অক্সাইড কেনেদৰে পৰিবাহিত হয়?
উত্তৰঃ

অক্সিজেন (O2) ৰ পৰিবহণ:
(i) তেজৰ লোহিত ৰক্তকণিকাত থকা হিম’গ্লবিন নামৰ শ্বাস ৰঞ্জকবিধৰ সহায়ত মানুহৰ দেহত অক্সিজেন (O2) পৰিবাহিত হয়৷
(ii) হিম’গ্ল’বিন অক্সিজেন (O2) ৰ চাৰিটা অণুৰ সৈতে সংযোগ হৈ অক্সিহিম’গ্ল’বিন নামৰ এটা অস্থিৰ যৌগ গঠন কৰে, তাৰ দ্বাৰাই তেজক অক্সিজেনযুক্ত কৰে |
অক্সিজেন + হিম’গ্ল’বিন ——-> অক্সিহিম’গ্ল’বিন

কাবন ডাই-অক্সাইড (CO2) ৰ পৰিবহণ:
(i) শ্বসন প্ৰক্ৰিয়া সময়ত উৎপন্ন হোৱা কাৰ্বন ডাই-অক্সাইড (CO2) তেজে সংগ্ৰহ কৰে যিবোৰ পিছলৈ অক্সিজেনবিহীন হৈ পৰে।
(ii) হিম’গ্ল’বিনৰ কাৰ্বন ডাই-অক্সাইড (CO2) ৰ প্ৰতি আসক্তি অতি কম আৰু কাৰ্বন ডাই-অক্সাইড অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰৱীভূত হয়, সেয়েহে ই তেজত মুখ্যতঃ দ্ৰৱণীয় ৰূপত পৰিবাহিত হয়।

4) প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?
উত্তৰঃ হাওঁফাওঁৰ ভিতৰত থকা ক্লোমনলী কিছু দূৰ তললৈ নামিয়েই ক্লোমনলীটো দুটা শাখাত বিভক্ত হৈছে। এই শাখা দুটাক ক্লোম শাখা। ক্লোম শাখাৰ প্ৰত্যেকটোৱে ভাগ হৈ শেষত গৈ সৰু সৰু অসংখ্য ঠাল-ঠেঙুলিত পৰিণত হয়।  এইবোৰক ক্লোম প্ৰশাখা বোলে। ঠেঙুলিৰ মূৰবোৰ ফোঁপোলা আৰু বেলুন সদৃশ বায়ুকোষ থাকে । বায়ুকোষবোৰৰ বেৰ অন্ত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে ছাটি থাকে। ইহঁতৰ ভিতৰেদি অক্সিজেন আৰু কাৰ্বন ডাই অক্সইড গেছৰ বিনিময় ঘটে।

Page No 110 Question Answer

1) মানুহৰ পৰিবহণ তন্ত্ৰৰ মূখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি ?
উত্তৰঃ মানুহৰ পৰিবহণ তন্ত্ৰৰ উপাদানসমূহ আৰু সিহঁতৰ প্রত্যেকৰে কার্য তলত উল্লেখ কৰা হ’ল-

হৃদপিণ্ড: ইয়াৰ মুখ্য কাম হ’ল শৰীৰৰ প্রতিটো অংগলৈ তেজ সঞ্চালন ঘটোৱা।
ৰক্ত: ইয়াৰ মুখ্য কার্য হ’ল বিভিন্ন প্রয়ােজনীয় দ্রব্য, যেনে পাচিত খাদ্য, অক্সিজেন, কার্বন-ডাই-অক্সাইড, নাইট্রজেনজাতীয় ৰেচন পদার্থ, লৱণ আদিৰ পৰিবহণ কৰা।
ৰক্তনলীৰ জালিকা: ধমনীবােৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ আন আন অংগলৈ তেজ কঢ়িয়াই নিয়ে। আনহাতে সিৰাসমূহে শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ সংগ্রহ কৰি তাক হৃদপিণ্ডলৈ ঘূৰাই আনে।
ৰক্তনলীৰ জালিকাখনৰ মেৰামতিৰ বাবে এক বিশেষ তন্ত্র : ৰক্তনলীৰ জালিকাখন কিবা কাৰণত ক্ষতিগ্রস্ত হলে, তাৰ মেৰামতিৰ বাবে এক বিশেষ তন্ত্র থাকে। তেজত থকা অনুচক্রিকা কোষসমূহে এই মেৰামতিৰ কার্য সম্পন্ন কৰে।

2) পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?
উত্তৰঃ স্তন্যপায়ী প্রাণী আৰু চৰাইবােৰ উষ্ণৰক্তী প্রাণী, যিয়ে অনবৰতে নিজৰ শৰীৰৰ উষ্ণতা অক্ষুন্ন ৰাখিবলৈ শক্তিৰ ব্যৱহাৰ কৰে। সেইবাবে সিহঁতৰ দেহত এক উচ্চ দক্ষতাসম্পন্ন অক্সিজেন যােগানৰ প্রয়ােজন হয়। এই উদ্দেশ্যত, স্তন্যপায়ী আৰু চৰাইৰ শৰীৰত অক্সিজেনযুক্ত (বিশুদ্ধ) আৰু অক্সিজেনৰহিত (অশুদ্ধ) তেজক পৃথক কৰি ৰখাটো নিতান্তই প্রয়ােজনীয়।

3) উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি ? ?
উত্তৰঃ উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ হ’ল – জাইলেম আৰু ফ্ল’ৱেম ।

4) উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়?
উত্তৰঃ উদ্ভিদে জাইলেম কলাৰ জৰিয়তে পানী আৰু খনিজ লৱণ মাটিৰ পৰা পাতলৈ কঢ়িয়াই লৈ যায়। শিপাত থকা আয়নৰ গীঢ়তা আৰু মাটিত থকা খনিজ লৱণযুক্ত আয়নৰ গাঢ়তাৰ পাৰ্থক্যৰ বাবে শিপাৰে পানী ভিতৰত সোমায় আৰু বাহিৰৰ উচ্চ চাপে পানীক ওপৰলৈ উঠাই নিয়াত সহায় কৰে। তদুপৰি বাষ্পমোচনৰ বাবে পানী বায়ুমণ্ডলত এৰি দিয়া বাবে পানী শোষণত সহায়ক হয়।

5) উদ্ভিদৰ দেহত খাদ্যৰ  সংক্ৰমণ কেনেকৈ হয়?
উত্তৰঃ উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা খাদ্যবস্তু দেহৰ বিভিন্ন অংগলৈ ফ্ল’ৱেমৰ দ্বাৰা স্থানান্তৰ কৰা প্ৰক্ৰিয়াক খাদ্য স্থানান্তৰ বোলে।

উদ্ভিদৰ পাতৰ কোষত সঞ্চিত খাদ্যদ্ৰব্য —> দ্ৰৱীভূত অৱস্থাত খাদ্যদ্ৰৱ্য ফ্ল’ৱেম কলাত প্ৰৱেশ কৰে —> ফ্ল’ৱেম কলাৰ মাজেৰে উদ্ভিদৰ দেহত ঊৰ্ধ্বমূখী, অধ:মূখী আৰু পাৰ্শ্বীয় এই তিনিও দিশৰে উদ্ভিদৰ সকলো অংগলৈ খাদ্যৰ সংবহন হয়।

Page No 112 Question Answer

1) নেফ্রনৰ গঠন আৰু কার্য বর্ণনা কৰা।
উত্তৰঃ নেফ্ৰনৰ গঠন :বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে। এই ৰক্তজালিকাবোৰ লগ-লাগি কাপসদৃশ নলীকা গঠন হয়।  প্ৰতিটো বৃক্কত এনেধৰণৰ অসংখ্য নলীকাৰ একক থাকে । এইবোৰক নেফ্ৰন বোলে। নেফ্ৰন হ’ল বৃক্কৰ এক প্ৰাথমিক কাৰ্যকৰী একক । প্ৰতিটো বৃক্কতে 1-2 নিযুত নেফ্ৰন থাকে ।

(বি:দ্র:- আপোনালোকে কিতাপ চাই নামখিনি লিখি লব।)

নেফ্ৰনৰ কাৰ্য: নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্ল’কজ, এমিন এচিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। তেজত দ্ৰৱীভূত হৈ থকা বৰ্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি পানী ভাগ অধিশোষণ হয়। প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলীকাৰে মূত্ৰনলীলৈ সোমাই আহে। নেফ্রনবােৰ হ’ল বৃক্কৰ মৌলিক বন্দী ধমনী / পৰিস্ৰাৱন একক। নেফ্রনবােৰৰ গঠন দীঘল নলীৰ দৰে, যাৰ এটা মূৰ কাপৰ আকৃতিৰ।

2) উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে।
উত্তৰঃ উদ্ভিদে ৰেচন পদাৰ্থবোৰ বিভিন্ন পদ্ধতিৰে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে-
(ক) গেছীয় পদাৰ্থ: উদ্ভিদে শ্বাসকাৰ্যৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰ মাধ্যমে CO2 গেছ আৰু সালোক সংশ্লেষণৰ সময়ে O2 ত্যাগ কৰে।
(খ) তৰল পদাৰ্থ: প্ৰস্বেদন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰ মাধ্যমে গছে তৰল বৰ্জিত পদাৰ্থ ত্যাগ কৰে।
(গ) অন্যান্য বৰ্জিত পদাৰ্থ: অন্যান্য বৰ্জিত পদাৰ্থ যেনে ৰেজিন আৰু আঠা আদি গছৰ পৰ্ব আৰু পৰ্ব-মাধ্যৰ মাজেৰে ওলাই আহে।

3) কেনেকৈ মূত্ৰ উৎপাদন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰঃ মূত্ৰ উৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত বৃক্কই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই মূত্ৰ উৎপাদনৰ পৰিমাণ নিৰ্ভৰ কৰে বিশেষকৈ নেফ্ৰনৰ দ্বাৰা অধিশোষণ কৰা পানীৰ পৰিমাণৰ ওপৰত। যদি দেহত অতিৰিক্ত পানী বেছি থাকে তেতিয়া অধিশোষণ কম হয় আৰু মূত্ৰ বেছি উৎপাদন হয়। আকৌ দেহত পানীৰ পৰিমাণ কম হ’লে নেফ্ৰনে বেছি পৰিমাণে পানী অধিশোষণ কৰে ফলত মূত্ৰ  উৎপাদন কম হয়। ইয়াৰ উপৰি বৰ্জিত পদাৰ্থ-ইউৰিয়া, ইউৰিক এচিড, লৱণ আদিৰ পৰিমাণ বেছি হ’লে মূত্ৰ  উৎপাদন বেছি হয় আৰু কম হলে মূত্ৰ উৎপাদন কম হয়।


অনুশীলনী প্রশ্নোত্তৰ

1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ- ক) পৰিপুষ্টি খ) শ্বসন গ) ৰেচন ঘ) পৰিবহন
উত্তৰ: গ) ৰেচন

2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল- ক) পানীৰ পৰিবহন খ) খাদ্যৰ পৰিবহন গ) এমিন’ এচিডৰ পৰিবহন ঘ) অক্সিজেনৰ পৰিবহন
উত্তৰ: ক) পানীৰ পৰিবহন

3. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়- ক) কাৰ্বন-ডাই-অক্সাইড আৰু পানী খ) পত্ৰহৰিত গ)সূৰ্যৰ পোহৰ ঘ) ওপৰৰ আটাইকেইটা
উত্তৰ: ঘ) ওপৰৰ আটাইকেইটা

4. পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উত্পন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়- ক) চাইট’প্লাজমত খ) মাইট’ন্ডিয়াত গ) ক্ল’ৰপ্লাষ্টত ঘ) কোষকেন্দ্ৰত
উত্তৰ : খ) মাইট’ন্ডিয়াত

5. আমাৰ দেহত কেনকৈ চৰ্বীসমূহ পাচন হয় ? এই প্ৰক্ৰিয়াটো ক’ত সংঘটিত হয় ?
উত্তৰ: চৰ্বীসমূহ ক্ষুদ্ৰান্ত্ৰত বৃহৎ আকাৰত থাকে৷ এইবোৰৰ ওপৰত ক্ৰিয়া কৰাটো উৎসেচকসমূহৰ বাবে কঠিন হয়৷ পিত্ত লৱণৰ উপস্হিতিত এইবোৰ সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত হোৱাৰ পাছত এইবোৰৰ ওপৰত অগ্নাশয় ৰসত থকা লাইপেজে ক্ৰিয়া কৰে৷ অৱশেষত ক্ষুদ্ৰান্ত্ৰ ৰসত থকা উৎসেচকে চৰ্বীসমূহ ফেটি এছিড আৰু গ্লিচাৰিলৈ ৰূপান্তৰ কৰে৷ যি ৰূপত ক্ষুদ্ৰান্ত্ৰৰ বেৰে এইবোৰক শোষণ কৰি লয় ৷ চৰ্বীসমূহৰ পাচন প্ৰক্ৰিয়াটো পক্ষুদ্ৰান্ত্ৰত সংঘটিত হয়৷

6. পাচনত লালটিৰ ভূমিকা কি?
উত্তৰ: লালটিয়ে পাচন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মুখৰ লালটিয়ে খাদ্যৰ লগত মিহলি হৈ খাদ্যখিনি পিচল কৰি তোলে। ইয়াৰ ফলত খাদ্যখিনি খাদ্যনলীৰ পশ্চাৎ অংশলৈ গতি কৰিবলৈ সহজ হয়। লালটিত থকা পাচক উৎসেচক এমাইলেজে মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে।

7. স্বপোষীত পৰিপুষ্টিত কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?
উত্তৰ :স্বপোষীত পুষ্টিৰ কাৰণে প্ৰয়োজনীয় কাৰকবোৰ হ’ল- সূৰ্যৰ পোহৰ, ক্ল’ৰফিল, কাৰ্বন ডাই অক্সাইড আৰু পানী। ইয়াৰ উপজাত পদাৰ্থবোৰ হল- গ্লক’জ, অক্সিজেন আৰু পানী।

8. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।
উত্তৰ:

       সবাত শ্বসন       অবাত শ্বসন
(i) অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়(i) অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়
(ii) গ্লুকজ অণু সম্পূৰ্ণৰূপে জাৰিত হৈ কার্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়।(ii) গ্লুকজ অণু আংশিকভাৱে জাৰিত হৈ কার্বন ডাই অক্সাইড, ইথাইল এলকহল বা লেক্টিক এছিড আৰু শক্তি উৎপন্ন হয়।
(iii) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ অধিক।(iii) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম।
(iv) ই মাইটকন্ড্ৰিয়াত সংঘটিত হয়।(iv) ই কোষকেন্দ্ৰত সংঘটিত হয়।

9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
উত্তৰ : হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু শাখাত বিভক্ত হৈ বেলুন সদৃশ বায়ুকোষত পৰিণত হয়। বায়ুকোষবিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তকেশিকাই জালিকা গঠন কৰে। এনে অসংখ্য বায়ুকোষ হাওঁফাওঁত গঠন হয়। আমি উশাহ লোৱাৰ সময়ত হাওঁফাওঁৰ আয়তন বৃদ্ধি হোৱাৰ লগে লগে বায়ুকোষবিলাকৰ আয়তন বাঢ়ে। ফলত প্ৰচুৰ শ্বসন গেছ বিনিময় হ’ব পৰাকৈ বায়ুকোষবিলাকৰ পৃষ্টকালি বাঢ়ে। ৰক্তকেশিকাৰ পৰা কাৰ্বন ডাই অক্সাইড বায়ুকোষলৈ ওলাই যায়। আৰু বায়ু কোষত সোমোৱা অক্সিজেন ৰক্তকেশিকাই গ্ৰহণ কৰে।

10. আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে কি হ’ব?
উত্তৰ : আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে আমাৰ দেহত শক্তিৰ অভাৱে দেখা দিব, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব অৰ্থাৎ দুৰ্বলতা, বিবৰ্ণতা, ভাগৰ আদিৰ দৰে লক্ষণসমূহে দেখা দিব৷

11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?
উত্তৰ: মানুহৰ হৃদযন্ত্ৰটো দুটা পক্ষ – এটা সোঁপক্ষ আৰু আনটো বাওঁপক্ষ। হৃদযন্ত্ৰৰ সোঁপক্ষ অক্সিজেন বিহীন তেজ গ্ৰহণ কৰি বিশুদ্ধ হোৱাৰ বাবে হাওঁফাওঁ লৈ পঠিয়াই দিয়ে। আকৌ, হৃদযন্ত্ৰৰ বাওঁপক্ষ অক্সিজেন যুক্ত তেজ গ্ৰহণ কৰে আৰু ৰক্ত কেশিকাৰ মাধ্যমে শৰীৰৰ বিভিন্ন অংগলৈ প্ৰৰণ কৰে। ইয়াক দ্বি-সঞ্চালন বোলে।

দ্বৈত পৰিবহনৰ প্ৰয়োজন হ’ল-
(i) অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ সম্পূৰ্ণ পৃথকীকৰণ সুনিশ্চিত কৰে।
(ii) দেহৰ কোষসমূহলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰা, যিয়ে মানুহৰ দেহত অক্সিজেনৰ নৈপুন্য বৃদ্ধি কৰে ৷

12. জাইলেম আৰু ফ্লোৱেম দ্ৰৱ্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?
উত্তৰ:

জাইলেম              ফ্লোৱেম
(i) মাটিৰ পৰা পাতলৈ পানী আৰু খনিজ লৱণৰ পৰিবহণ হয়।(i) অক্সিজেনৰ অনুপস্থিতত দ্ৰৱীভূত খাদ্য দ্ৰব্য , এমিন’ এছিড আদি পৰিবহন কৰে৷
(ii) নিষ্ক্ৰিয় পৰিবহণ যিহেতু শক্তিৰ প্ৰয়োজন নহয়।(ii) সক্ৰিয় পৰিবহণ হয়।
(iii) খনিজ পদাৰ্থৰ পৰিবহণ ট্ৰেকাইড আৰু ভেছেলৰ মাধ্যমে ঘটে।(iii) চালনী নলীকা আৰু সংগী কোষৰ মাধ্যমে জৈৱ আহাৰ পৰিবাহিত হয়।

13. হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।
উত্তৰ:

বায়ুকোষ          নেফ্ৰন
(i) হাওঁফাওঁ সাংগঠনিক আৰু কাৰ্যকৰী একক।(i) বৃক্ক গঠৰ প্ৰাথমিক একক।
(ii) তেজৰ পৰা CO2 বাহিৰ কৰে।(ii) তেজৰ পৰা নাইট্ৰ’জেন বৰ্জিত পদাৰ্থ বাহিৰ কৰি দিয়ে।
(iii) বায়ুকোষৰ বেৰ অত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে ছাটি থাকে।(iii) নেফ্ৰন দেখাত কাপৰ

Conclusion

আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তেন্তে ইয়াৰ Comment Section ত জনাব পাৰে বা আপুনি আমাৰ Assamese Medium Facebook Page জনাব পাৰে, আমি যথা সময়ত উত্তৰ দিবলৈ প্ৰয়াস কৰিম।

5 thoughts on “Class 10 Science Chapter 6 Question Answers Assamese Medium”

Leave a Comment