Chemical Reaction And Equation MCQ

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science MCQ Chapter 1 in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক HSLC Final Exam 2023 ত সহায় কৰিব।

ইয়াৰ আগতে আমি Class 10 Science MCQ for HSLC 2023 কিছু আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science MCQ Chapter 1 in Assamese আলোচনা কৰোঁ।

Watch FREE Video Classes

Chemical Reaction And Equation MCQ in Assamese | HSLC 2023

1.তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2PbO (s) + C(s) ——> 2Pb (s) + CO(g)

a) লেড বিজাৰিত হৈছে।
b) কার্বন ডাই-অক্সাইড জাৰিত হৈছে।
c) কাৰ্বন জাতি হৈছে।
d) লেড অক্সাইড বিজাৰিত হৈছে।
(i) (a) আৰু (b)
(ii) (a) আৰু (c)
iii) (a), (b) আৰু (c)
(iv) সকলো

উঃ (i) (a) আৰু (b)।

2. Fe2O3 + 2Al0 ——-> Al2O3 + 2Fe
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
a) এটা সংযোজন বিক্ৰিয়াৰ
b)এটা বিযোজন বিক্ৰিয়াৰ
c)এটা অপসৰণ বিক্ৰিয়াৰ
d) দ্বি অপহৰণ বিক্ৰিয়া

উঃ c) এটা অপসৰণ বিক্ৰিয়াৰ

3 . কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।
a) হাইড্ৰ’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।
b) ক্ল’ৰিন গেছ আৰু আইৰণ হাইড্ৰ’ক্সাইড উৎপন্ন হয় ৷
c) বিক্রিয়া নঘটে।
d) আইৰণ লৱণ আৰু পানী উৎপন্ন হয় ৷

উঃ (a) হাইড্ৰ’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।

4) তলত দিয়া বিক্ৰিয়াৰ প্ৰকাৰ কি হব –
AB + XY ——-> AY + XB
a) এটা সংযোজন বিক্ৰিয়াৰ
b)এটা বিযোজন বিক্ৰিয়াৰ
c)এটা অপসৰণ বিক্ৰিয়াৰ
d) দ্বি অপহৰণ বিক্ৰিয়া

উঃ (d) দ্বি অপহৰণ বিক্ৰিয়া

5) 2H2S + SO2 ——> 2H2O + 3S, বিক্ৰিয়াটোৰ ক্ষেত্ৰত অসত্য উক্তিটো হল —–
a) SO2 বিজাৰিত হৈছে।
b) H2S বিজাৰিত হৈছে।
c) H2S জাৰিত হৈছে।
d) a আৰু c উভয়ে সত্য।

উঃ (b) H2S বিজাৰিত হৈছে।

6) নিম্নোক্ত বিক্ৰিয়াটোত কোনটো সত্য ?
MnO2 + 4HCl → MnCl2 + 2H2O+ Cl2
(i)HCL,H,O লৈ জাৰিত হয় ৷
(ii) MnO2, MnCl2 লৈ বিজাৰিত হয় ।
(iii) HCl বিজাৰিত হৈ Cl2 উৎপন্ন হয় ।
(iv) HCl জাৰিত হৈ Cl2 উৎপন্ন হয় ।
(a) (i) আৰু (ii) উভয়ে
(b) কেৱল (ii), (iii) আৰু (iv)
(c) (iii) আৰু (iv) উভয়ে
(d) কেৱল (i)

উ: (a) (i) আৰু (ii) উভয়ে

7) Zn + 2AgNO3 —-> Zn(NO)3 + 2Ag বিক্ৰিয়াটো এটা —– ৰ উদাহৰণ।
a) সংযোজন বিক্রিয়া
b) অপসৰণ বিক্ৰিয়া
c) দ্বি অপসৰণ বিক্রিয়া
d) বিযোজন বিক্ৰিয়া

উ: b) অপসৰণ বিক্ৰিয়া

8) জাৰণ বিক্ৰিয়াত ——-
(a) হাইড্ৰ’জেন যোগ হয়
(b) অক্সিজেন যোগ হয়
(c) হাইড্ৰ’জেনৰ যোগ বা অক্সিজেনৰ অপসাৰণ
(d) অক্সিজেনৰ যোগ বা হাইড্ৰ’জেনৰ অপসাৰণ

উ: (d) অক্সিজেনৰ যোগ বা হাইড্ৰ’জেনৰ অপসাৰণ।

9) তলৰ কোনটো ভৌতিক পৰিৱৰ্তন —
a) খাদ্যৰ ৰন্ধন।
b) লোত মামৰে ধৰা প্ৰক্ৰিয়া।
(c) কয়লাৰ দহন
(d) ইয়াৰ এটাও নহয়

উ: (d) ইয়াৰ এটাও নহয়।

10) তাপ শোষিত হোৱা ৰাসায়নিক বিক্ৰিয়াক —–
বুলি কোৱা হয় ৷
(a) অপসৰণ বিক্ৰিয়া
(b) সংযোজন বিক্রিয়া
(c) তাপগ্রাহী বিক্রিয়া
(d) তাপবর্জী বিক্রিয়া

উ: (c) তাপগ্রাহী বিক্ৰিয়া।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Chemical Reaction And Equation MCQ”

Leave a Comment