Class 10 Science Chapter 7 MCQ in Assamese

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science Chapter 7 MCQ in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2023 ত সহায় কৰিব।

ইয়াৰ আগতে আমি Class 10 Science Chapter 6 MCQ in Assamese আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science Chapter 7 MCQ in Assamese আলোচনা কৰোঁ।

Assamese Medium YouTube Channel

Class 10 Science Chapter 3 MCQ অধ্যায়: ৭ – নিয়ন্ত্ৰণ আৰু সমন্বয়

1. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?
(a) চেৰিবেলাম
(c) থাইৰয়ড
(b) চেৰিব্ৰাম
(d) মেডুলা
উত্তৰ: (a) চেৰিবেলাম

2. উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া ।
(b) জিবাৰেলিন
(a) থাইৰক্সিন
(c) অক্সিন
(d) ওপৰৰ এটাও নহয
উত্তৰ : (c) অক্সিন

3. মানুহৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কি তন্ত্রই পৰিচালনা কৰে ?
(a) স্নায়ুতন্ত্ৰ আৰু বহিঃশ্ৰায়ী তন্ত্ৰই
(b) স্নায়ুতন্ত্ৰ আৰু উভয়শায়ী তন্ত্ৰই
(c) স্নায়ুতন্ত্ৰ আৰু অন্তঃশ্ৰায়ী তন্ত্রই
(d) ওপৰৰ এটাও নহয়
উত্তৰ ঃ (c) স্নায়ুতন্ত্ৰ আৰু অন্তঃশ্ৰায়ী তন্ত্রই

4. স্নায়ুতন্ত্ৰ গঠনৰ সুক্ষ্মতম এককবোৰক কি বোলে ?
(a) নিউৰণ
(b) এক্সন
(c) ডেনড্রাইট
(d) স্নায়ুৰজ্জু
উত্তৰ : (a) নিউৰণ

5. স্নায়ু প্ৰৱৰ্দ্ধৰ অংশ দুটা কি কি ?
| (a) এক্সন আৰু স্নায়ুৰজ্জু
(b) এক্সন আৰু ডেনড্রাইট
(c) এক্সন আৰু ভিলাই
(d) জেজুনাম আৰু ডেনড্রাইট
উত্তৰ : (b) এক্সন আৰু ডেনড্রাইট

6. তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্ন্যাশয়ৰ দ্বাৰা উৎপাদিত হৰম’নবিধ হৈছে (HSLC-2018)
(a) এড্রিনেলিন
(b) থাইৰক্সিন
(c) ইনচুলিন
(d) টেষ্ট’ষ্টেৰণ
উত্তৰ : (c) ইনচুলিন

7. মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষাকাৰ্য্য
নিয়ন্ত্ৰণ কৰে, সেইটো হ’ল (HSLC-2019)
(i) ডায়েনচে ফালন
(ii) চেৰিবেলাম
(iii) চোৱাম
(iv) মেড্যুলা অলংগাতা
উত্তৰ : (ii) চেৰিবেলাম

8. তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰ মন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয়?(HSLC-2020)
(i) বেৰিবেৰি
(ii) গৰল ৰোগ
(iii) ডায়েবেটিছ
(iv) কটীয়ালগা
উত্তৰ : (ii) গৰল ৰোগ

9. উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম’ন হ’ল(HSLC-2022)
(i) অক্সিন
(ii) জিবাৰেলিন
(iii) চাইট’কাইনি
(iv) এচাইচিক এচিড
উত্তৰ : (iv) এচাইচিক এচিড

10. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ?
(a) ইনছুলিন
(b) থাইৰ ‘ক্সিন
(c) অষ্ট্ৰজেন
(d) চাইট’কাইনিন
উত্তৰ : (d) চাইট’কাইনিন

11. দুটা নিউৰনৰ খালী ঠাইক কি বুলি কয়—
(a) ডেনড্রাইট
(c) এক্সন
(b) ছাইনেপছ,
(d) ইমপালচ্
উত্তৰ : (b) ছাইনেপছ্

12. মগজুৱে কি কাম কৰে –
(a) ভাৱ আৰু চিন্তা কৰা
(b) হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্রণ,
(c) দেহৰ সমতা ৰক্ষা
(d) ওপৰৰ আটাইকেইটা
উত্তৰ: (d) ওপৰৰ সকলোকেইটা

13. স্নায়ুতন্ত্ৰৰ সূক্ষ্মতম কাৰ্যকৰী এককক ——–বোলে।
(a) ডেনড্রাইট
(b) নিউৰণ
(c) অক্সিণ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) নিউৰণ

14. হৰম’ন এবিধ
(a) স্নায়বিক বাহক।
(b) ৰক্ত
(c) ৰাসায়নিক
(d) ওপৰৰ এটাও নহয
উত্তৰঃ (c) ৰাসায়নিক

15. লালটি ক্ষৰণ এটা——কার্য।
(a) প্রদীপ
(b) অপ্রতীপ
(c) দৈহিক
(d) প্রতীপ
উত্তৰ : (d) প্রতীপ

16. — হৰম’ন থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে।
(a) থাইৰক্সিন
(b) পিটুইটেৰি
(c) অক্সিন
(d) ওপৰৰ এটাও নহয
উত্তৰ: (a) থাইৰক্সিন

17. — আৰু স্নায়ুৰজ্জু মিলি কেন্দ্রীয় স্নায়ুতন্ত্র
গঠন হয় ।
(a) ৰাজহাড
(b) হৃদযন্ত্র
(c) মস্তি
(d) ওপৰৰ এটাও নহয
উত্তৰঃ (c) মস্তি

18. ৰাসায়নিকভাবে – হ’ল ইণ্ড’ল এছিটিক এছিড।
(a) থাইৰক্সিন
(b) অক্সিন
(c) পিটুইটেৰী
(d) জিবাৰেলিন
উত্তৰ : (b) অক্সিন

19. হৰম’ন উদ্ভিদৰ শিপাত সংশ্লেষণ হয় ৷
(a) জিবাৰেলিন
(b) থাইৰক্সিন
(c) অক্সিন
(d) ছাইট’কাইনিন
উত্তৰ : (d) ছাইটকাইনিন

20. উদ্ভিদৰ বীজ অংকুৰণত – সহায় কৰে ।
(a) জিবাৰেলিনে
(b) ছাইট’কাইনিন
(c) অক্সিন
(d) থাইৰক্সিন
উত্তৰ: (a) জিবাৰেলিনে

21.কোষ বিভাজনতবাধা দিয়া হৰম’নবিধৰনাম –
(a) ছাইট্রিক এচিড
(b) অক্সিন
(c) এবছিছিক এছিড
(d) জিবাৰেলিন
উত্তৰ: (c) এবছিছিক এছিড

22. – হৰম’নে শীৰ্ষ প্ৰভাৱিতা নিয়ন্ত্ৰণ কৰে ।
(a) থাইৰক্সিন
(b) জিবাৰেলিন
(c) এবছিছিক এছিড
(d) অক্সিন
উত্তৰ: (d) অক্সিন

23. দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধৰ নাম লিখা। (HSLC ’15)
(a) এক্সন আৰু ডেনড্রাইট
(b) এক্সন আৰু হাইড্ৰাইট
(c) এক্সন আৰু থাইমাচ
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (a) এক্সন আৰু ডেনড্রাইট

24. উদ্ভিদত ডিম্বকৰ দিশে পৰাগ নলীকাৰ গতি
কিহৰ উদাহৰণ –(HSLC ’15)
(a) ফটো ট্রপিজিয়াম
(b) কেম ট্রপিজিয়াম
(c) হাইড্র ট্রপিজিয়াম
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (b) কেম ট্ৰপিজিয়াম

25. হৰম’নৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্রিত হয় ?(HSLC ’16)
(a) ফিড্‌-বেক পদ্ধতিৰ দ্বাৰা
(b) ফিড্‌-আপ পদ্ধতিৰ দ্বাৰা
(c) নন-ফিড্‌-বেক পদ্ধতিৰ দ্বাৰা
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (a) ফিড্‌-বেক পদ্ধতিৰ দ্বাৰা

26. কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ
সঞ্জীৱনী পদাৰ্থ হ’ল (HSLC ’15)
(a) অক্সিন
(b) চাইট’কাইনিন
(c) এবচাইচিক
(d) জিৱাৰেলিন
উত্তৰ : চাইট’কাইনিন

27. মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা
নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হ’ল – (HSLC’16)
(a) চেৰিবেলাম
(b) পন্‌চ
(c) মেডুলা
(d) চেৰিব্ৰাম
উত্তৰ : (a) চেৰিবেলাম

28. যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে—(HSLC-2017)
(a) অক্সিন
(b) জিবাৰেলিন
(c) এবচাইচি এচিড
(d) চাইট’কাইনিন
উত্তৰ : (c) এবচাইচি এচিড

29. উদ্ভিদদেহত আৱিষ্কৃত প্ৰথমবিধ হৰম’ন –
(a) অক্সিন
(b) থাইৰক্সিন
(c) জিবাৰেলিন
(d) পিটুইটেৰি
উত্তৰ : (a) অক্সিন

30. অতি উদ্বায়ী তথা গেছীয় সঞ্জীৱনী পদার্থবিধ হ’ল –
(a) অক্সিন
(b) থাইৰক্সিন
(c) ইথাইলিন
(d) ইথিলিন
উত্তৰ : (d) ইথিলিন

31. কেন্দ্রীয় স্নায়ুতন্ত্র কিহেৰে গঠিত ?
(a) হৃদযন্ত্ৰ আৰু স্নায়ুৰজ্জু
(b) মস্তিষ্ক আৰু স্নায়ুৰজ্জু
(c) ৰাজহাড় আৰু স্নায়ুৰজ্জু
(d) হৃদযন্ত্ৰ আৰু স্নায়ুকোষ
উত্তৰ : (b) মস্তিষ্ক আৰু স্নায়ুৰজ্জু

32. স্নায়ুকোষ বা নিউৰণ কিহেৰে গঠিত ?
(a) কোষ আৰু স্নায়ু প্ৰৱৰ্দ্ধৰে
(b) কোষ আৰু স্নায়ুৰজ্জুৰে
(c) মস্তিষ্ক আৰু স্নায়ু প্ৰৱৰ্দ্ধৰে
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) কোষ আৰু স্নায়ু প্ৰৱৰ্দ্ধৰে

33. স্নায়ুৰজ্জুত আঘাত হ’লে কেনে বাৰ্তাত ব্যাঘাত ঘটে ?
(a) প্ৰতীপ ক্ৰিয়া আৰু অনৈচ্ছিক কাৰ্যৰ সংকেতত
(b) প্ৰতীপ ক্ৰিয়া আৰু ঐনৈচ্ছিক কাৰ্যৰ সংকেতত
(c) প্ৰদীপ ক্ৰিয়া আৰু অনৈচ্ছিক কাৰ্যৰ সংকেতত
(d) অপ্রতীপ ক্রিয়া আৰু অনৈচ্ছিক কাৰ্যৰ সংকেতত
উত্তৰ : (a) প্রতীপ ক্ৰিয়া আৰু অনৈচ্ছিক কাৰ্যৰ সংকেতত

34. কোনো উদ্দীপনাই ক্ৰিয়া কৰাৰ বাবে স্নায়ুতন্ত্রই যি তড়িৎ সংকেত সৃষ্টি কৰি কাৰ্য কৰে তাক বোলে—
(a) স্নায়ু প্ৰেৰণা
(b) স্নায়ু প্রতীপ
(c) স্নায়ু সংকেত
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) স্নায়ু প্ৰেৰণা

35. দুটা ওচৰা-উচৰি স্নায়ুকোষৰ মাজৰ ক্ষুদ্ৰ ফাঁকটোক কি বোলে ?
(a) ছাইনাইট
(b) ছাইন কাইট
(c) ছাইনেপচিচ
(d) ছাইনেপছ
উত্তৰ : (d) ছাইনেপছ

36. প্ৰাণীৰ দেহৰ ৰাসায়নিক সমন্বয় কোনবিধ তন্ত্রই সমাধা কৰে ?
(a) অন্তঃস্ৰাৱী তন্ত্ৰ
(b) বহিঃস্ৰাৱী তন্ত্ৰ
(d) ওপৰৰ এটাও নহয
(c) উভয়স্ৰাৱী তন্ত্ৰ
উত্তৰঃ (a) অন্তঃস্ৰাৱী তন্ত্ৰ

37. অন্তঃস্ৰাৱী গ্ৰন্থিয়ে নিঃসৰণ কৰা পদাৰ্থবিধৰ নাম লিখা ।
(a) উৎসেচক
(b) ৰক্ত
(c) হৰম’ন
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) হৰম’ন

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment