Class 10 Science Chapter 9 MCQ in Assamese

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science Chapter 9 MCQ in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2023 ত সহায় কৰিব।

Assamese Medium YouTube Channel

ইয়াৰ আগতে আমি Class 10 Science Chapter 8 MCQ in Assamese আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science Chapter 9 MCQ in Assamese আলোচনা কৰোঁ।

Class 10 Science Chapter 9 MCQ in Assamese

Class 10 Science Chapter 9 MCQ in Assamese অধ্যায়ঃ৯ – বংশগতি আৰু ক্ৰমবিকশ

1. একসংকৰ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাতটো কি ?
(a) 3:1
(b) 2:1
(c) 4:1
(d) 3:4
উত্তৰ : (a) 3:1

2. জিন কিহেৰে গঠিত ?
(a) DNA
(b) Histone
(c) mRNA S
(d) tRNA 2
উত্তৰ : (a) DNA

3. ক্ৰ’ম’জ’মৰ জিন অৱস্থিত স্থানক কি বোলে ?
(a) চেন্টাৰ
(b) চেন্ট্ৰইড
(c) নিউক্লিয়াচ
(d) ল’কাচ
উত্তৰ: (d) ল’কাচ

4. ক্ৰম’জ’মৰ জিনৰ পৰিবৰ্তনৰ বাবে হোৱা ব্যক্তৰূপৰ পৰিবৰ্তনক কি বোলে ?
(b) অন্তঃপৰিৱৰ্তন
(a) উৎপৰিবৰ্তন
(c) বহিঃপৰিৱৰ্তন
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) উৎপৰিবৰ্তন

5. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বৰ্ণনা কৰিব পৰা হ’ব?
(a) TTWW
(b) TTww
(c) TtWW
(d) TtWw
উত্তৰ : (c) TtWW

6. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল –
(a) আমাৰ হাত আৰু কুকুৰৰ আগ ঠেং
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ শিপা
(d) ওপৰৰ আটাইকেইটা
উত্তৰ : (ঘ) ওপৰৰ আটাইবোৰ

7. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত –
(a) এজন চীনা স্কুলীয়া ছাত্র
(b) এটা চিম্পাঞ্জী
(c) এটা মকৰা
(d) এটা বেক্টেৰিয়া
উত্তৰ : (a) এজন চীনা স্কুলীয়া ছাত্ৰ ৷

8. ৰাসায়নিক বিৱৰ্তন সম্বন্ধে – প্ৰমাণিত কৰিছিল ৷
পৰীক্ষা কৰি
(a) ষ্টেনলি মিলাৰ
(b) ডাৰউইন
(c) মেণ্ডেল
(d) ৰাডাৰফৰ্ড
উত্তৰ : (a) ষ্টেনলি মিলাৰ

9. পূৰ্বপুৰুষৰ পৰা উৎপত্তি হোৱাটো বুজায় অংগসমূহে জীৱবিলাকৰ একেটা
(a) দুর্বল
(b) লুপ্তপ্রায়
(c) শক্তিশালী
(d) অকামিলা
উত্তৰ : (b) লুপ্তপ্রায়

10. ডাৰউইনৰ মতবাদটোক বুলিও কোৱা হয় ৷
(a) পৰিৱেশ নির্বাচন মতবাদ
(b) প্রাকৃতিক প্রতিযোগিতা মতবাদ
(c) প্রাকৃতিক নির্বাচন মতবাদ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) প্রাকৃতিক নির্বাচন মতবাদ

11. প্ৰকৃতিত কিয় আমি চাপৰ মটৰমাহৰ গছতকৈ ওখ মটৰমাহৰ গছ বেছিকৈ দেখা পাওঁ ?(HSLC ’16)
(a) পাৰিৱেশিক বৈশিষ্ট্যৰ বাবে
(b) প্ৰতিযোগিতাৰ বাবে
(c) পৈতৃক পুৰুষৰ ওখ চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (c) পৈতৃক পুৰুষৰ ওখ চাৰিত্ৰিক বৈশিষ্ট্যৰবাবে।

12. বংশগতি বিদ্যাৰ জনক কোন?
(a) গ্ৰেগৰ জোহান মেণ্ডেল
(b) ডাৰউইন
(c) আইনষ্টাইন
(d) ৰাডাৰফৰ্ড
উত্তৰ : (a) গ্ৰেগৰ জোহান মেণ্ডেল

13. বংশগতি তত্ত্বৰ সূত্ৰসমূহক আন কি নামেৰে জনা যায় ?
(a) ডাউইন সূত্র
(b) মেণ্ডেলীয় সূত্র
(c) গেলিলিউ সূত্র
(d) ওপৰৰ এটাও নহয
উত্তৰ : (b) মেণ্ডেলীয় সূত্র

14. কোন চনত মেণ্ডেলীয় বংশগতি সম্পকীয় তত্ত্বই পূর্ণ স্বীকৃতি লাভ কৰে ?
(a) 1800 চনত
(c) 1850 চনত
(b) 1950 চনত )
(d) 1900 চনত
উত্তৰ : (d) 1900 চনত

15. বিজ্ঞানী লেমাৰ্কৰ সম্পূৰ্ণ নামটো লিখা ।
(a) ব্যাপটিচ্ ডি লেমাক
(b) জিয়েন ডি লেমার্ক
(c) জিয়েন অলিভাৰ ডি লেমাক
(d) জিয়ে ব্যাপটিচ্ ডি লেমার্ক
উত্তৰ : (d) জিয়েন ব্যাপটিচ্ ডি লেমাক

16. যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য্য সম্পন্ন কৰে, সেইবোৰ হ’ল (HSLC ’16)
(a) সমসং
(b) সমবৃত্তি
(c) নিকটৱৰ্ত্তী
(d) অবশেষাংগ
উত্তৰ : (b) সমবৃত্তি

17. মানুহৰ উৎপত্তি হৈছিল– (HSLC-2017)
(a) এচিয়াত
(b) আফ্ৰিকাত
(c) অষ্ট্ৰেলিয়াত
(d) ইউৰোপত
উত্তৰ : (b) আফ্ৰিকাত

18. জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্রক্রিয়াক বোলা হয ৷(HSLC-2019)
(i) প্ৰজাতিকৰণ
(ii) ক্রমবিকাশ
(iii) বংশানুক্রম
(iv) বিভিন্নতা
উত্তৰ : (i) প্ৰজাতিকৰণ

19. যদি জিনীয় গাঁথনি ওখ (TT) আৰু চাপৰ (tt) যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰটো অপত্য জনুত আমি কোন ধৰণৰ গছ পাম? (HSLC-2020)
(i) ওখ (TT) আৰু চাপৰ (tt) দুয়ো ধৰণৰ
(ii) কেৱল ওখ
(iii) কেৱল চাপৰ
(iv) ওপৰৰ কোনো ধৰণৰেই নহয়।
উত্তৰ : (ii) কেৱল ওখ

20. এজোপা হালধীয়া আৰু ঘূৰণীয়া বীজ বহন কৰা আৰু আনজোপা সেউজীয়া আৰু শোটোৰা বহন কৰা দুজোপা মটৰমাহৰ গছৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয়, তেতিয়া দ্বিতীয় জনুৰ গছবোৰ যি অনুপাতত পোৱা যাব সিটো হ’ল (HSLC-2022)
(i) 1:1
(ii) 3 : 1
(iii) 9:3:3:1
(iv) 1: 1:1:1
উত্তৰ : (iii) 9 : 3 : 3 : 1

21. উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা আৰ্জিত চৰিত্ৰ তত্ত্বক কি তত্ত্ব হিচাপে জনা যায় ?
(a) ডাৰউইনৰ মতবাদ
(b) মেণ্ডেলৰ মতবাদ
(c) লেমাৰ্কৰ মতবাদ
(d) ৰাডাৰফৰ্ডৰ মতবাদ
উত্তৰ : (c) লেমাৰ্কৰ মতবাদ

22. ‘ফিল’ছফি জুলজিক’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
(a) লেমার্ক
(b) ডাইন
(c) মেণ্ডেল
(d) ৰাডাৰফৰ্ড
উত্তৰ : (a) লেমাৰ্ক

23. মানুহৰ জননকোষত থকা সমৰূপী ক্ৰম’জম’ৰ সংখ্যা কিমান ?
(a) 22 ডাল
(b) 23 ডাল
(c) 24 ডাল
(d) 21 ডাল
উত্তৰ : (b) 23 ডাল

24. নগ্নবীজী আৰু গুপ্তবীজী উদ্ভিদৰ সংযোগী । উদ্ভিদবিধৰ নাম কি?
(a) মেটাম
(b) ছাইকাছ
(c) ফার্ন
(d) পাইন
উত্তৰ : (a) মেটাম

25. প্রথম অপত্য জনুত প্ৰকাশ পোৱা লক্ষণটোক কি বোলে ?
(a) অপ্ৰভাৱী লক্ষণ
(c) অপ্ৰসাৰী লক্ষণ
(b) প্ৰসাৰী লক্ষণ
(d) প্ৰভাৱী লক্ষণ
উত্তৰ : (d) প্ৰভাৱী লক্ষণ

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment