Concept of Acid Base and Indicators | SEBA 2021

Concept of Acid Base and Indicators: আমি এটা কথা বিশ্বাস কৰিব লাগিব যে Concept is everything, কোনো বিষয়ত যদি আপোনাৰ Concept সম্পূৰ্ণ আছে তেন্তে আপুনি তাৰ সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিব। সেই গতিকে আজি আমি Class 10 Science2nd Chapter Acid Bases And Salts ৰ পৰা কিছু কথা আলোচনা কৰিম। আজি আমি আচলতে Concept of Acid Base and Indicators ৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ।

ইয়াৰ আগতে আমি প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ [Class 10 Science Chapter 1 Assamese Medium] ওপৰত বিতংবাবে আলোচনা কৰিছোঁ।

Concept of Acid Base and Indicators

এছিড ক্ষাৰক আৰু সূচক (Acids Bases and Indicators)

এছিড ক্ষাৰক আৰু সূচকৰ (Primary concept of acid base and indicators) ৰ প্ৰাথমিক ধাৰণাৰে আলোচনা কৰিলেহে এই অধ্যয় (Acid Bases And Salts)ৰ বিষয়ে ভালদৰে বোধগম্য হ’ব।

এছিড সাধাৰণতে  টেঙা সোৱাদযুক্ত জুলীয়া পদাৰ্থ । আনহাতে ক্ষাৰক সমূহ তিতা প্ৰকৃতিৰ । এছিড বা ক্ষাৰক উভয়ে ক্ষতিকাৰক হিচাপেই চিহ্নিত কৰিব পাৰি । ইহঁতৰ নিদিষ্ট কোনো ৰঙ বা চিনাক্ত কৰাৰ উপায় নাই বাবে ইহঁতৰ পৰা ক্ষতি হোৱা প্ৰায়ে সম্ভাৱনা থাকে ।

এছিড বা ক্ষাৰকক চিনাক্ত কৰিবলৈ  সাধাৰণতে কিছু সূচক (Indicator) ব্যৱহাৰ কৰা হয় । এনে সূচক দুই প্ৰকাৰৰ – প্ৰাকৃতিক আৰু সাংশ্লেষিক সূচক।

১/ প্ৰাকৃতিক সূচক:-

  • লিটমাছ
  • হালধি

সাধাৰণতে লিটমাছ কাগজ দুই প্ৰকাৰৰ- ৰঙা আৰু নীলা। ইহঁতে এচিড বা ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন দেখুৱায়। অচিনাক্ত এচিড বা ক্ষাৰকীয় দ্ৰৱত নীলা লিটমাছ কাগজ দিলে যদি ৰং ৰঙা লৈ পৰিৱৰ্তন হয় তেন্তে ই এচিড প্ৰকৃতিৰ। ঠিক সেইদৰে দ্ৰৱত ৰঙা লিটমাছ কাগজ নীলা লৈ পৰিৱৰ্তন হলে দ্ৰৱ্যটো ক্ষাৰকীয় প্ৰকৃতিৰ।

ঠিক সেইদৰে প্ৰাকৃতিক প্ৰকৃতিৰ সূচক হালধি  সাধাৰণতে ৰঙৰ পৰিৱৰ্তনৰ জৰিয়তে দ্ৰৱ এটা এচিড নে ক্ষাৰ তাক বুজিব পাৰি।

2) সাংশ্লেষিক সূচক:-

  • মিথাইল অৰেঞ্জ
  • ফিনফথেলিন

মিথাইল অৰেঞ্জ সাধাৰণতে এক প্ৰকাৰৰ pH Indicator যিয়ে আম্লিক মাধ্যমত ৰঙা ৰং আৰু ক্ষাৰকীয় দ্ৰৱত হালধীয়া ৰঙ লৈ পৰিৱৰ্তন হয়। ফিনফথেলিন সুচকে এচিড মাধ্যমত কোনো ৰঙৰ পৰিৱৰ্তন নেদেখুৱাই কিন্তু ক্ষাৰকীয় মাধ্যমত গুলপীয়া ৰং দেখুৱাই।

ওপৰোক্ত  সূচক সমূহে এচিড  বা  ক্ষাৰকীয় মাধ্যমৰ ৰঙৰ পৰিবৰ্তন ঘটায় বাবে আমি অতি সহজে এচিড বা ক্ষাৰক চিনাক্ত কৰিব পাৰো।

Olfactory Indicators -ঘ্ৰানেন্দ্ৰিক সূচক

ইয়াৰ ওপৰিও কিছু সূচক আছে যিয়ে এচিড বা ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিবৰ্তন ঘটায় তাক ঘ্ৰানেন্দ্ৰিক সূচক (Olfactory Indicators) বোলে। যেনে – ভেনিলা, আঁতৰ , লং তেল ইত্যাদি।


Important Question for HSLC 2021 SEBA Exam

১ নং প্ৰশ্ন – এচিড আৰু ক্ষাৰকৰ দুটাকৈ ধৰ্ম উল্লেখ কৰা।

২ নং প্ৰশ্ন- সূচক কি ? ই কেই প্ৰকাৰৰ ? উদাহৰণ দিয়া।

৩ নং প্ৰশ্ন- ঘ্ৰানেন্দ্ৰিক সূচক কাক বোলে ? উদাহৰণ দিয়া।

৪ নং প্ৰশ্ন – লিটমাছ কাগজে এচিড আৰু ক্ষাৰকৰ সৈতে কিদৰে ৰঙৰ পৰিৱৰ্তন ঘটায় আলোচনা কৰা।

৫ নং প্ৰশ্ন- মিথাইল অৰেঞ্জ এচিড আৰু ক্ষাৰকৰ সৈতে কিদৰে ৰঙৰ পৰিৱৰ্তন ঘটায় আলোচনা কৰা।

৬ নং প্ৰশ্ন- ফিনফথেলিন এচিড আৰু ক্ষাৰকৰ সৈতে কিদৰে ৰঙৰ পৰিৱৰ্তন ঘটায় আলোচনা কৰা।


Concept of Acid Base and Indicators শেষ বাক্য

এতিয়ালৈকে আমি এচিড ক্ষাৰ আৰু সূচকৰ কিছু ধাৰণা (Concept of Acid Base and Indicators) ৰ বিষয়ে আলোচনা কৰিলোঁ। এই আলোচনা খিনিক এচিড আৰু ক্ষাৰৰ ভৌতিক ধৰ্ম বুলিও কব পাৰি। ইয়াৰ পৰৱৰ্তী প্ৰতিবেদনত আমি এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম (Chemical Properties of Acid & Base) ৰ কথা আলোচনা কৰিম।

1 thought on “Concept of Acid Base and Indicators | SEBA 2021”

Leave a Comment