pH Scale কি । ই এচিড বা ক্ষাৰকৰ তীব্ৰতা কিদৰে নিৰ্ণয় কৰে ?

Class 10 Chapter 2 Acid Base And Salts ৰ দ্বিতীয় খণ্ডত আজি আমি আলোচনা কৰিম What is pH Scale অৰ্থাৎ pH Scale ৰ সহায়ত কিদৰে এচিড বা  ক্ষাৰকৰ তীব্ৰতা জোখা হয়। ইয়াৰ আগতে আমি অলপ কথা আলোচনা কৰিব লাগিব যে জলীয় দ্ৰৱত এছিড আৰু ক্ষাৰকৰ কি পৰিবৰ্তন হয় ?

আপুনি যদি ইয়াৰ আগতে আলোচনা কৰা Concept of Acid Base And Indicators আৰু Chemical properties of Acid and Base পঢ়িব খোজে তেন্তে এতিয়াই উল্লেখ কৰা লিংকত ক্লিক কৰক ।

pH Scale

জলীয় দ্ৰৱত এছিড আৰু ক্ষাৰকৰ কি পৰিবৰ্তন হয় ?

আমি আগতে আলোচনা কৰা কথা খিনিৰ পৰা এইটো স্পষ্ট যে এছিড H+ আৰু ক্ষাৰক এটাত OH আয়ন থাকে । কিন্তু এছিড বা ক্ষাৰক কেনে পৰিস্থিতি আয়ন উৎপন্ন কৰে , সেয়েহে ডাঙৰ কথা।

সাধাৰণতে পানীৰ উপস্থিতিত এছিডে Hydrogen Ion (H+) উৎপন্ন কৰে আৰু ক্ষাৰকে  Hydroxide Ion (OH) উৎপন্ন কৰে। কিন্তু ইয়াত আমি এটা কথা উল্লেখ কৰিব লাগিব যে H+ আয়ন অকলে বৰ্তি থাকিব নোৱাৰে আৰু সেয়ে পানীৰ সৈতে লগ হৈ হাইড্ৰনিয়াম ( H3O+)  আয়ন উৎপন্ন কৰে।

যেনে –

1) HCl+ H2O ---------H3O+ + Cl-
H+ + H2O --------H3O+
2) NaOH --------Na+ + OH-

উপৰোক্ত আলোচনাৰ পৰা এটা কথা উল্লেখ কৰা হৈছে যে এছিড পানীৰ উপস্থিতিত হে H+ আয়ন উৎপন্ন কৰে। পানীত এছিড যোগ কৰা হয় , ইয়াৰ পৰিৱৰ্তে কেতিয়াও এছিডত পানী যোগ কৰা নহয় । আপুনি জানেনে কিয়?

এছিডত পানী যোগ কৰা প্ৰক্ৰিয়াটো  অতিমাত্ৰাত তাপবৰ্জী প্ৰক্ৰিয়া আৰু সেইবাবেই আকস্মিক দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ সদায় পানীত হে এছিড যোগ কৰা হয়। এই প্ৰক্ৰিয়াত সদায় পাত্ৰটো একেলেথাৰিয়ে লৰচৰ কৰি থকা হয়।

এছিড বা ক্ষাৰকৰ দ্ৰৱটো   কিমান তীব্ৰ (How strong are acid or base?)

আমি এতিয়ালৈকে এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম , সাৰ্বজনীন ধৰ্মৰ ওপৰিও বহু কথাকেই আলোচনা কৰা হল। এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছোঁ এছিড বা ক্ষাৰকৰ  দ্ৰৱ এটা কিমান তীব্ৰ ( How strong are acid and base solution) যি আমি কেৱল pH Scale ৰ সহায়তহে অতি সহজেই বুজিব পাৰি।

সাধাৰণতে এছিড বা ক্ষাৰক কিদৰে সূচকৰ দ্বাৰা চিনাক্ত কৰিব পাৰি আৰু দ্ৰৱ এটাত H+/ H3O+ বা OH- আয়নৰ গাঢ়তা কিদৰে হ্ৰাস বা বঢ়াব পাৰি সেই কথাও আলোচনা কৰিছোঁ। যদি আপুনি পঢ়া নাই তেন্তে Click here.

এছিড বা ক্ষাৰকৰ দ্ৰৱ্টো কিমান তীব্ৰ তাক বুজাবলৈ সাধাৰণতে এবিধ সাৰ্বজনীন স্কেল ব্যৱহাৰ কৰা হয়। ইয়াক pH Scale  বুলি জনা যায়।

pH Scale  ত সাধাৰণতে 0-14 লৈ সাংখিক মান লগতে বিশেষ ৰং থাকে। কোনো এছিড বা ক্ষাৰকৰ দ্ৰৱত লিটমাছ কাগজ কি ৰং প্ৰদৰ্শন কৰে , সেইমতে দ্ৰৱৰ pH ৰ মান হয়। সেই অনুযায়ী এছিড বা ক্ষাৰকৰ pH জোখ লোৱা হয়।

  • pH ৰ মান কমিলে (7 তকৈ) আম্লিকতা বাঢ়ে।‌
  • pH ৰ মান বাঢ়িলে (7 তকৈ) ক্ষাৰকীতা বাঢ়ে।

এছিড বা ক্ষাৰকৰ pH গুৰুত্ব আমাৰ দৈনন্দিন জীৱনতো বহুত। আমাৰ শৰীৰৰ তেজৰ pH 7.0-7.8 ৰ পৰিসৰত হে কাৰ্য্য কৰে।  ইয়াৰ ওপৰিও পানীৰ pH 7 বা তাৰ আশেপাশে  থাকে। 5.6 ত কৈ pH ৰ মানযুক্ত পানী প্ৰাণী জগতৰ বাবে ভয়ানক পৰিবেশৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ ওপৰিও কৃষি প্ৰধান ভাৰতবৰ্ষৰ মাটিৰ pH ৰ ওপৰত বহুত অৰ্থনৈতিক কথা নিৰ্ভৰ কৰে।  লগতে , মানুহৰ পাকস্থলীত খাদ্য বস্তুৰ হজমও এচিডৰ ক্ৰিয়া আৰু তাত pH ৰ মানে বহুত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে। উদ্ভিদ বা কিছুমান প্ৰাণীয়ে আত্মৰক্ষাৰ বাবে কিছু অৱস্থা গ্ৰহণ কৰে। যেনে – মৌ মাখিৰ শুংত  Methanic Acid থাকে।

pH Scale: Important Questions

  1. এছিড আৰু ক্ষাৰকে কি আয়ন উৎপন্ন কৰে? উদাহৰণ দিয়া ।
  2. এছিডত পানী মিহলোৱাৰ পৰিৱৰ্তে পানীত কিয় এছিড মিহলোৱা হয়?
  3. লঘূকৰন কাক বোলে ?
  4. pH Scale কি?
  5. প্ৰশম দ্ৰৱৰ pH ৰ মান কিমান ?
  6. দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব কি আলোচনা কৰা।
  7. অম্লতা সমস্যা কি ? ইয়াৰ পৰা উপসম পাবলৈ কি ব্যৱহাৰ কৰা হয়?
  8. দাত পৰিষ্কাৰ কৰিবলৈ টুথপেষ্ট কিয় ব্যৱহাৰ কৰা হয় ?
  9. চোৰাতৰ পাতত কি এছিড থাকে ।

pH Scale শেষ বাক্য

এচিড বা ক্ষাৰ বিভিন্ন সূচক ব্যৱহাৰ কৰি কিদৰে চিনাক্ত কৰিব পাৰি, এচিড বা ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম আদিৰ বিষয়ে আমি আলোচনা কৰাৰ উপৰিও আজি আলোচনা কৰিলোঁ pH Scale ৰ বিষয়ে। ইয়াত আমি কিছু প্ৰয়োজনীয় প্ৰশ্ন যোগ কৰিছোঁ যদিও উত্তৰ দিয়া নাই। আপুনি যদি আমাৰ আলোচ্য বিষয়সমূহ বুজিব পৰিছে তেন্তে অতি সহজেই প্ৰশ্নৰ উত্তৰ দিব পাৰিব। যদি প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাব লগা হৈ আছে তেন্তে Comment Section ত আমাক জনাওক। আমি যথা সময়ত উত্তৰ দিবলৈ যত্ন কৰিম।

7 thoughts on “pH Scale কি । ই এচিড বা ক্ষাৰকৰ তীব্ৰতা কিদৰে নিৰ্ণয় কৰে ?”

    • ৬ নং প্ৰশ্ন – দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব কি আলোচনা কৰা।
      Ans: দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব অপৰিসীম। কৃষিকাৰ্য্যৰ পৰা আৰম্ভ কৰি আত্মৰক্ষা, পাচনতন্ত্ৰ আদি সকলোতে pH য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

      জীৱসমূহে নিজে নিজকে আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সততে সিহঁতে ব্যৱহাৰ কৰি থকা অস্ত্ৰ যেনে কাঁইট, শুং আদিৰ বিভিন্ন এচিড থাকে।

      প্ৰাণীসমূহে গ্ৰহণ কৰা খাদ্য হজম কৰিবলৈ আমাৰ পাকস্থলীত HCl য়ে এক বিশেষ কাম কৰে।

      দেশ এখনৰ অৰ্থনীতিত আটাইতকৈ বেছি অৰিহণা যোগোৱা কৃষিকাৰ্যত pH এক ভূমিকা পালন কৰে। মাটিৰ pH ৰ ওপৰত ভিত্তি কৰিয়েই বিজ্ঞানসন্মত খেতি – বাতি কৰা হয়।

      ইয়াৰ ওপৰিও দৈনন্দিন জীৱনত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা পানীৰ লগতো pH ৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। পানীৰ pH ৰ ওপৰত ভিত্তি কৰিয়ে বিভিন্ন বেমাৰ – আজাৰ হয়।

      প্ৰত্যুত্তৰ দিয়ক

Leave a Comment