Class 10 Science Chapter 4 Assamese Medium

Class 10 Science Chapter 4 Assamese Medium তথা কাৰ্বন আৰু তাৰ যৌগ নামৰ অধ্যায়ৰ সকলো কথা আজি আমি আলোচনা কৰিম। আশা কৰো Assamese Medium ত এতিয়ালৈকে Class 10 Science ৰ যিমান কেইটা অধ্যায় আলোচনা কৰা হৈছে আপোনালোকৰ বহুত উপকাৰ হৈছে।

Class 10 Science MCQ Chapter 4 in Assamese

আজি আমি আকৌ এবাৰ Class 10 Science Chapter 4 Assamese Medium তথা কাৰ্বন আৰু তাৰ যৌগ নামৰ অধ্যায়ৰ সৰু সুৰা কথা সমূহ ইয়াত আলোচনা কৰিব গৈ আছো।

Class 10 Science Chapter 4 Assamese Medium

প্ৰাৰম্ভিক ধাৰণা: Class 10 Science Chapter 4 Assamese Medium

ইয়াত এই ব্যাখ্যা সমূহ ভালদৰে পঢ়িবা যাতে তুমি প্রত্যেকটো শব্দৰ অৰ্থ ভালদৰে বুজিব পাৰা। ইয়াত আলোচনা কৰা প্ৰতিটো কথা অতি গুৰুত্বপূৰ্ণ। আপুনি যদি Class 10 Assamese Medium ৰ ছাত্ৰ তেন্তে আপোনাক বহুত সহায় কৰিব।

কাৰ্বন (Carbon): আধুনিক পর্যাবৃত্ত তালিকাৰ 14 বর্গ (পূর্বৰ IVB) আৰু দ্বিতীয় পর্যায়ৰ অন্তর্ভুক্ত অধাতৱীয় মৌল। এই বহুধাগুণবিশিষ্ট মৌলটোক মুক্ত আৰু যােজিত অৱস্থাত পােৱা। কার্বনৰ অৱৰূপ তিনিটা হৈছে হীৰা, গ্রেফাইট আৰু বাকমিনষ্টাৰ ফুলেৰিন।

ইলেক্ট্রনযােজী বা আয়নীয় বান্ধনি (Electrovalent or ionic bond): এটা মৌল (ধাতু) ৰ পৰমাণু এটাৰ পৰা আন এটা মৌল (অধাতু) ৰ পৰমাণুলৈ ইলেক্ট্রনৰ স্থানান্তৰণৰ জৰিয়তে গঠন কৰা এক ৰাসায়নিক বান্ধনি, যাতে দুয়ােটা মৌলই সিহঁতৰ আটাইতকৈ ওচৰৰ নিষ্ক্রিয় বা সম্রান্ত গেছৰ ইলেক্ট্রনীয় বিন্যাস আহৰণ কৰিব পাৰে।

সহযােজী বান্ধনি (Covalent bond): দুটা পৰমাণুৰ মাজত ইলেক্ট্রনিৰ ভাগ-বাটাৱাৰাৰ দ্বাৰা গঠন কৰা এক ৰাসায়নিক বান্ধনি। এই ধৰণে দুয়ােটা পাণুৱে সিহঁতৰ আটাইতকৈ নিকটৱর্তী সম্রান্ত গেছৰ সুস্থিৰ ইলেক্ট্রনীয় সজ্জা লাভ কৰে।

  1. এক-সহযােজী বান্ধনি বা এক-বান্ধনি (Single covalent bond or single bond): দুটা পৰমাণুৰ মাজত এযােৰ ইলেক্ট্রনৰ সমভাগ হৈসৃষ্টি হােৱা সহযােজী বান্ধনি।
  2. দ্বি-সহযােজী বান্ধনিবা দ্বিবান্ধনি (Double covalent bond or double bond): দুটা পৰমাণুৰ মাজত দুযােৰ ইলেক্ট্রনিৰ ভাগ-বটোৱাৰাৰ দ্বাৰা গঠন হােৱা সহযােজী বান্ধনি।
  3. ত্রি-সহযােজী বান্ধনিবা ত্রিবান্ধনি (Triple covalent bond or triple bond): দুটা পৰমাণুৰ মাজত তিনিযােৰ ইলেক্ট্রনৰ ভাগ-বটোৱাৰাৰ দ্বাৰা গঠন হােৱা সহযােজী বান্ধনি।

সহযােজী বান্ধনি (Covalent compounds): সহযােজী বান্ধনিৰ দ্বাৰা গঠন হােৱা যৌগবােৰক সহযােজী যৌগ বুলি কোৱা হয়। সহযােজী বান্ধনিৰ দ্বাৰা গঠিত যৌগসমূহৰ বৈশিষ্ট্যসমূহ:

  1. নিম্ন গলনাংক আৰু উতলাংক: সহযােজী বান্ধনিযুক্ত অণুসমূহৰ বান্ধোন শক্তিশালী কিন্তু আন্তঃআনৱিক বল দুর্বল হয়।
  2. বিদ্যুতৰ অপৰিবাহী: যিহেতু পৰমাণুসমূহৰ মাজত ইলেক্ট্রনবােৰৰ ভাগ-বটোৱাৰা হয় আৰু কোনাে আহিত কণিকাৰ সৃষ্টি নহয়।

বহুৰূপতা (Allotropy): ভিন্ন সাংগঠনিক ৰূপত থাকিব পৰা মৌল এটাৰ ধৰ্ম, য’ত ইয়াৰ প্ৰতিটো ৰূপৰে ৰাসায়নিক ধর্মবােৰ একেই থাকে, কিন্তু ভৌতিক ধর্মবােৰ ভিন্ন হয়। উদাহৰণস্বৰূপে কার্বনে বহুরূপতা প্রদর্শন কৰে।

কেটিনেচন (Catenation): কার্বন পৰমাণু এটাই আন কার্বন পৰমাণুৰ সৈতে বান্ধনি সৃষ্টি কৰি শৃংখলৰ ৰূপত বৃহৎ সংখ্যক অণু (যৌগ) গঠন কৰিব পৰা একক ধর্ম।

  • এই শৃংখলবােৰ দীঘল শৃংখল, শাখা শৃংখল বা চক্রীয় শৃংখলত থাকিব পাৰে।
  • কার্বন পৰমাণুবােৰ এক-বান্ধনি, দ্বি-বান্ধনি বা ত্রি-বান্ধনিৰ দ্বাৰা যুক্ত হ’ব পাৰে।

চতুযােজ্যতা (Tetravalency): চাৰি যােজ্যতাৰ কার্বনৰ বৈশিষ্ট্য, যাৰ বাবে ই আন চাৰিটা কার্বন অথবা অন্য একযােজী মৌলৰ পৰমাণুৰ লগত সহযােজী বান্ধনি গঠন কৰিব পাৰে। অক্সিজেন, হাইড্রজেন, নাইট্রজেন, ছালফাৰ, ক্ল’ৰিণ আদিৰ দৰে অন্য মৌলৰ লগ লাগি গঠন হােৱা কার্বন যৌগ কার্বন লগতে অণুত থকা মৌলৰ ওপৰত নিৰ্ভৰ কৰে।

হাইড্র’কার্বন (Hydrocarbon): কার্বন আৰু হাইড্রজেন পৰমাণুৰে গঠিত যৌগ, যি সংপৃক্ত বা অসংপৃক্ত হ’ব পাৰে।

জৈৱ যৌগ (Organic compounds): প্রাকৃতিক উৎসৰ পৰা লাভ কৰা কাৰ্বনৰ যৌগবােৰ যিসমূহ কেৱল জৈৱিক প্ৰণালীৰ অন্তৰ্গত হৈ গঠন হ’ব পাৰে। জৈৱ ৰসায়নত কার্বনৰ অক্সাইড, কার্বনেট আৰু হাইড্রজেন কার্বনেট লৱণৰ বাদে সকলােবােৰ কার্বন যৌগ অধ্যয়ন কৰা হয়।

সংপৃক্ত যৌগ (Saturated compounds): কেৱল এক বান্ধনিৰে কার্বন পৰমাণুবােৰ সংযুক্ত হৈ গঠন হােৱা যৌগবােৰক সংপৃক্ত যৌগ বুলি কোৱা হয়। এই যৌগবােৰ অধিক সক্রিয় নহয়।

অসংপৃক্ত যৌগ (Unsaturated compounds): কার্বন পৰমাণুবােৰে দ্বি-বান্ধনি বা ত্রি-বান্ধনিযুক্ত হৈ সৃষ্টি কৰা যৌগবােৰেই হ’ল অসংপৃক্ত যৌগ। এইবােৰ সংপৃক্ত কার্বন যৌগসমূহতকৈ অধিক সক্রিয় হয়।

সৰল বা পােন শৃংখল কার্বন যৌগ (Straight-chain carbon compounds): কেটিনেচন ধৰ্মৰ বাবে এটা কার্বন পৰমাণুৱে অন্য কার্বন পৰমাণুৰ সৈতে সংযুক্ত হৈ দীঘল শৃংখল গঠন কৰিব পাৰে। কার্বন পৰমাণুৰ এনে শৃংখলত দহকৰ গুণিত সংখ্যক কার্বণ পৰমাণু থাকিব পাৰে। যেনেঃ বিউটেনেও (C4H10) পােন শৃংখল গঠন কৰিব পাৰে।

  1. মুক্ত শৃংখল (অচক্রীয় বা এলিফেটিক) যৌগ: কার্বন শৃংখলডালৰ দুয়ােটা প্রান্ত মুক্ত হৈ থকা যৌগসমূহ।
  2. বন্ধ-শৃংখল (চক্রীয়) যৌগ: কার্বন শৃংখলডালৰ প্রান্ত দুটা যুক্ত বা বন্ধ হৈ থকা যৌগসমূহ।

শাখা শৃংখল কার্বন যৌগ (Branched-chain carbon compounds): কেটিনেচন ধৰ্মৰ বাবে এটা কার্বন পৰমাণুৱে অন্য কার্বন পৰমাণুৰ সৈতে সংলগ্ন হৈ শাখা শৃংখল গঠন কৰিব পাৰে উদাহৰণস্বৰূপে- বিউটেনেও(C410) শাখা শৃংখল গঠন

বলয়াকাৰ বা চক্রীয় শৃংখল কার্বন যৌগ (Cylicoring type chain carbon compounds): কেটিনেচন ধৰ্মৰ বাবে কার্বন পৰমাণু এটাই আন কার্বন পৰমাণুৰ লগত বলয়াকাৰ শৃংখল গঠন কৰিব পাৰে।

এলকেন (Alkane): সংপৃক্ত হাইড্র’কার্বনবােৰ য’ত কার্বন পৰমাণুবােৰ কেৱল একবান্ধনিৰে বন্ধনযুক্ত হয়। CnH2n+2 যত n কাৰ্বন পৰমাণুৰ সংখ্যা।
এলকিন (Alkene): অসংপৃক্ত হাইড্র’কার্বনবােৰ য’ত দুটা কার্বন পৰমাণু দ্বি-বান্ধনিৰে বান্ধখাই থাকে। CnH2n যত n কাৰ্বন পৰমাণুৰ সংখ্যা।
এলকাইন (Alkyne): অসংপৃক্ত হাইড্র’কার্বনৰবােৰ য’ত দুটা কার্বন পৰমাণু ত্রি-বান্ধনিৰ দ্বাৰা বান্ধ খাই থাকে। CnH2n-2 , যত n কাৰ্বন পৰমাণুৰ সংখ্যা।
এলকাইল মূলক(Alkyl Radical): এলকেন এটাৰ হাইড্ৰজেনৰ পৰমাণু এটাৰ পৰা আঁতৰ কৰিলে এটা ইলকাইল মূলক পোৱা যায়। ইয়াক সাধাৰণতে R- ৰ দ্বাৰা প্ৰকাশ কৰা হয়। এলকাইল মূলকৰ সাধাৰণ সংকেত CnH2n+1 যত n কাৰ্বন পৰমাণুৰ সংখ্যা।

বিষম পৰমাণু (Heteroatom): এক মৌল যিয়ে এক বা ততােধিক হাইড্রজেনৰ পৰমাণু (হাইড্র’কার্বন শৃংখলত) প্রতিস্থাপিত কৰে যাতে কার্বনৰ যােজ্যতা চাৰি হৈয়েই থাকে। এইবিলাক কার্যকৰী মূলকতো থাকে।

কার্যকৰীমূলক (Functional group): মূলকৰ মুক্ত যােজ্যতাৰ জৰিয়তে হাইড্র’কার্বন শৃংখলত মূলক সংলগ্ন কৰা হয় য’ত বিষম পৰমাণুৱে এটা হাইড্রজেনৰ পৰমাণু প্রতিস্থাপিত কৰে যাতে কার্বনৰ যােজ্যতা চাৰি হৈয়েই থাকে। কার্বন শৃংখলৰ দৈঘ্য আৰু প্রকৃতি নির্বিশেষে বিষম পৰমাণ আৰু কাৰ্যকৰীমূলকে যৌগবিলাকৰ ধর্ম নির্ধাৰণ কৰে।

সমগণীয় শ্রেণী (Homologous series): কার্বন যৌগসমূহৰ এটা শ্রেণী য’ত কার্বন শৃংখলত হাইড্রজেন পৰমাণুবােৰ একে কার্যকৰী মূলকৰ দ্বাৰা প্রতিস্থাপিত হয়। সমগণীয় শ্রেণীভুক্ত যৌগবােৰৰ ৰাসায়নিক ধর্ম একে হয় কিন্তু ভৌতিক ধৰ্মৰ ক্ষেত্ৰত ক্রমিক পৰিৱৰ্তন পৰিলক্ষিত হয়।
এটা সমগনীয় শ্রেণীৰ ওচৰা-ওচৰি দুটা যৌগ মিথিলিনমূলক CH2 ৰ জৰিয়তে পৃথক হৈ থাকে আৰু যৌগ দুটাৰ আণৱিক ভৰৰ পার্থক্য 14

জাৰণ বিক্রিয়া (Oxidation reaction): এক ধৰণৰ ৰাসায়নিক বিক্রিয়া যত পদার্থ এটাই হয় অক্সিজেন লাভ কৰে বা হাইড্রজেন হেৰুৱায়।

জাৰক পদার্থ (Oxidizing Agents): জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়াত জাৰিত হােৱা ৰাসায়নিক পদার্থ এইবােৰে । অন্য পদার্থত(বিক্রিয়ক পদার্থ) অক্সিজেন যােগ কৰিব পাৰে।

অনুঘটক (Catalyst): এইবিধ পদার্থৰ উপস্থিতিয়ে ৰাসায়নিক বিক্রিয়াৰ গতিবেগৰ ওপৰত প্ৰভাৱ পেলায়, কিন্তু নিজৰ কোনে ৰাসায়নিক পৰিৱৰ্তন নহয়।

যােগাত্মক বিক্রিয়া (Addition reaction): এক ধৰণৰ ৰাসায়নিক বিক্রিয়া যত অনুঘটকৰ উপস্থিতিত এক অসংপৃক্ত হাইড্র’কার্বনৰ লগত আন পদার্থ যােগ হৈ সংপৃক্ত হাইড্রাকার্বন উৎপন্ন হয়।

হাইড্রজেন যুক্তকৰণ (Hydrogenation): সংপৃক্ত হাইড্র’কার্বন উৎপন্ন কৰিবলৈ নিকেল বা পেলাডিয়ামৰ দৰে অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্র’কার্বনৰ লগত হাইড্রজেন যােগ কৰা।

প্রতিস্থাপন বিক্রিয়া (Substitution reaction): এক ধৰণৰ ৰাসায়নিক বিক্রিয়া য’ত সংপৃক্ত হাইড্র’কার্বনৰ এটা বা ততােধিক হাইড্রজেন পৰমাণুক আন কিছুমান পৰমাণু বা পৰমাণু গােটে প্রতিস্থাপন কৰে। এলকেনৰ উচ্চ সমগণবিলাকৰ প্রতিস্থাপন বিক্রিয়াৰ ফলস্বৰূপে একাধিক মাতদ্রব্য পােৱা যায়।

ইষ্টাৰিভৱন বিক্ৰিয়া (Esterification reaction): ইথানয়িক এছিড (এচেটিক এছিড CH3COOH) আৰু নিৰূদিত ইথানল (এলকহল) –CH3CH2OH) ৰ মাজত এছিড অনুঘটকৰ (গাঢ় ছালফিউৰিক এছিড H2SO4) ৰ উপস্থিতিত বিক্রিয়া ঘটি এষ্টাৰ উৎপন্ন হােৱা ৰাসায়নিক বিক্রিয়া।

ছেপনিফিকেচন বা চাবোনীভবন (Saponification): চাবােন প্রস্তুতকৰণতব্যৱহাৰ কৰা একৰাসায়নিক বিক্রিয়া যত ছ’ডিয়াম হাইড্রক্সাইড (এটা ক্ষাৰ- NaOH) আৰু এষ্টাৰৰ মাজত ক্রিয়া ঘটি এলকহল (CH3CH2OH) বা C2H5OH) আৰু কার্বক্সিলিক এছিডৰ ছ’ডিয়াম লবণ (ছডিয়াম ইথানয়েট/ছডিয়াম এচিটেট-CH3COONa) উৎপন্ন হয়।

চাবােন (Soap): দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ পটেছিয়াম (K) আৰু ছ’ডিয়াম (Na) লৱণ।

অপমার্জক(Detergents): দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ এমনিয়াম আৰু ছালফ’নেট লৱণ।

কণাপুঞ্জ বা মাইচেল (Micelle): দুটা মেৰু থকা চাবােনৰ অণুবােৰৰ ঘূৰণীয়া পুঞ্জ পুঞ্জটোৰ ভিতৰফালে জলবিকর্ষী পুচ্ছ (হাইড্র’কার্বনত দ্ৰৱণীয়) আৰু পুঞ্জটোৰ পৃষ্ঠত জলাকর্ষী পুচ্ছ থাকে (পানীত দ্রবণীয়)।

ফেন বা গেদ (Scum): কঠিন পানীত থকা মেগনেছিয়াম বা কেলছিয়াম লৱণৰ চাবােনত থকা দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিড মূলকৰ লগত বিক্রিয়া ঘটি সম্পূর্ণ আয়নীকৃত হােৱাৰ ফলত সৃষ্টি হােৱা চাবােনৰ অদ্রবণীয় দৈৰ দৰে বগা অধঃক্ষেপ।

শেষ বাক্য

শেষ বাক্য হিচাপে আমি আজি ইয়াত প্ৰকাশ কৰিবলৈ একো নাই কাৰণ Class 10 Science Chapter 4 Assamese Medium ৰ কেৱল ধাৰণা আমি আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি Class 10 Science Chapter 4 Assamese Medium All Question Answers আমি আলোচনা কৰিম।

এইখিনি আলোচনাত যদি আপোনাৰ কিবা বুজাত অসুবিধা হৈছে, আমাক আপুনি Comment Section ত জনাব পাৰে। ইয়াৰ ওপৰিও আপুনি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিবলৈ Assamese Medium Facebook PageFollow কৰিব পাৰে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

2 thoughts on “Class 10 Science Chapter 4 Assamese Medium”

Leave a Comment