Class 10 Science Chapter 9 Assamese Medium তথা অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ নৱম অধ্যায় ‘বংশগতি আৰু ক্ৰমবিকাশ‘ ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আজি আমি আলোচনা কৰিব গৈ আছো।
ইয়াৰ আগতে আমি Class 10 Science ৰ আন আন অধ্যায় সমূহৰ সমাধান আগবঢ়াইছোঁ। যদি আপুনি তাৰ বিষয়ে পঢ়িব বিচাৰে তেন্তে তলৰ লিংকৰ পৰা আপুনি পঢ়িব পাৰে।
- Also Read:
Class 10 Science Chapter 9 Question Answer Assamese Medium
আমি আজি ইয়াত ‘বংশগতি আৰু ক্ৰমবিকাশ’ নামৰ অধ্যায় তথা Class 10 Science Chapter 9 Assamese Medium ৰ Question Answer আলোচনা কৰিম। ইয়াত পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ দিয়াৰ ওপৰিও অনুশীলনীৰ প্ৰশ্ন উত্তৰ ইয়াত আলোচনা কৰা হৈছে।

প্ৰশ্নাৱলী Page No. 143
1) যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্টৰ পৰিমান 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্টৰ পৰিমান 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট আগতীয়াকৈ উৎপত্তি হৈছিল ?
উত্তৰ- “B” চাৰিত্ৰিক বৈশিষ্ট আগতীয়াকৈ উৎপত্তি হৈছিল ৷
2) এটা প্ৰজাতিত সৃষ্টিত হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱক বৰ্তাই ৰাখে ?
উত্তৰ- প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা বৈশাদৃশ্যতাসমূহৰ উপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰণে সুবিধা লাভ কৰে৷ উদাহৰণ স্বৰূপে, যিবিলাক বেক্টেৰিয়াই অতি উষ্ণতাত জীয়াই থাকিব পাৰে সেইবিলাকৰ ওপৰেৰে গৰম বতাহ প্ৰবাহিত কৰি থাকিলেও জীয়াই থাকিবলৈ সক্ষম হয়৷ এনে বৈসাদৃশ্যতা বিশিষ্ট জীৱবিলাকক পৰিবেশৰ কিছুমান কাৰকৰ প্ৰভাবত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ প্ৰক্ৰিয়া সংঘটিত হয়৷
প্ৰশ্নাৱলী Page No 147 Class 10 Science Chapter 9 Assamese Medium
1) মেণ্ডলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাবী আৰু কোনটো অপ্ৰভাবী তাক কেনেকৈ নিৰ্ণয় কৰিছিল?
উত্তৰ-

মেণ্ডেলে তেখেতৰ পৰীক্ষাত ওখ আৰু চাপৰ মটৰ মাহ গছৰ মাজত সংকৰণ ঘটাইছিল৷ সংকৰণ পৰীক্ষাত তেঁও প্ৰথম প্ৰজন্ম(F1) অৰ্থৎ F1 জনুত কেৱল ওখ মটৰ মাহৰ কিন্তু দ্বিতীয় প্ৰজন্ম(F২) অৰ্থৎ F২ জনুত ওখ আৰু চাপৰ দুয়ো ধৰণৰ মতৰ মাহৰ গছ পাইছিল৷ দ্বিতীয় জনুত পোৱা ব্যক্ত ৰূপ অনুপাত আছিল 1:2:1.
যিহেতু প্ৰথম প্ৰজন্ম বা F1 জনুত ওখ আৰু চাপৰ দুয়োধৰণৰ চাৰিত্ৰিক বৈশিষ্ট থাকিলেহে দ্বিতীয় প্ৰজন্ম বা F২ জনুত ওখ আৰু চাপৰ মটৰ মাহৰ গছ পোৱা সম্ভৱ হ’ব৷ সেয়েহে ইয়াৰ পৰাই মেণ্ডলে বুজিবলৈ সক্ষম হৈছিল যে F1 জনুত সকলোবিলাক মটৰ মাহৰ গছ ওখ হ’ল যদিও তাত ওখ আৰু চাপৰ দুই ধৰণৰে চৰিত্ৰ আছিল৷ কিন্তু ওখ চৰিত্ৰটো প্ৰভাৱী হিচাপে আৰু চাপৰ চৰিত্ৰটো অপ্ৰভাৱী হিচাপে আছিল৷ অপ্ৰভাৱী চৰিত্ৰটো F২ জনুত প্ৰকাশ পালে৷
2) মেণ্ডলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাকৰ স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল?
উত্তৰ-

মেণ্ডেলে মটৰ মাহৰ দুযোৰ পৃথক পৃথক চাৰিত্ৰিক বৈশিষ্ট্যৰ মাজত দ্বীসংকৰণ পৰীক্ষা এটা কৰিবংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি নিৰ্ণয় কৰিছিল৷ চিত্ৰত দেখা গৈছে যে ঘূৰণীয়া-সেউজীয়া মটৰ মাহৰ লগত সোতোৰা-হালধীয়া মটৰ মাহৰ সংকৰণ ঘটাত F1 জনুত আতাইবোৰ গছ ঘূৰণীয়া-হালধীয়া উৎপন্ন হয়৷ সেয়েহে ঘূৰণীয়া-হালধীয়া চৰিত্ৰ দুটা প্ৰভাৱী ৷
কিন্তু যেতিয়া F1 জনুৰ গছবোৰৰ মাজতে স্ব-পৰাগযোগে সংকৰণ ঘটিলে তেতিয়া F2 জনুত 9:3:3:1 অনুপাতত ক্ৰমে ঘুৰণীয়া-হালধীয়া, ঘুৰণীয়া-সেউজীয়া, সোতোৰা-হালধীয়া আৰু সোতোৰা-সেউজীয়া গছ উপন্ন হ’ল৷ দেখা গ’ল যে সেউজীয়া আৰু সোতোৰা চৰিত্ৰ দটা F1 জনুত প্ৰকাশ পো্ৱা নাছিল যদিও F2 জনুত নতুনকৈ সংমিশ্ৰিত হৈ প্ৰকাশ পালে৷ গতিকে উক্ত চৰিত্ৰ সমূহ বংশানুক্ৰমিকভাবে স্বতন্ত্ৰ হিচাপে প্ৰবাহিত হৈছে৷
3) “A” গ্ৰুপৰ তেজৰ এজন মানুহে “O” গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতৰ ছোৱালীৰ তেজৰ গ্ৰুপ হল “O”। এই তথ্যৰ পৰা তোমালোকে “A” আৰু “O” তেজৰ গ্ৰুপৰ কোনটো প্ৰভাবী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা?
উত্তৰ : ‘A’ গ্ৰুপৰ তেজৰ এজন মানুহে ‘O’ গ্ৰুপৰ মানুহক বিয়া কৰালে তেওঁলোকৰ ছোৱালীৰ তেজৰ গ্ৰুপ হ’ল ‘O’।
যদি ‘A’ গ্ৰুপৰ জিনীয় ৰূপ IAIO হয় আৰু ‘O’ গ্ৰুপৰ জিনীয় ৰূপ IOIO হয়, তেনেহ’লে—
পিতৃমাতৃ— IAIO x IAIO , এইক্ষেত্ৰত ‘A’ আৰু ‘O’ গ্ৰুপৰ সন্তান জন্ম হ’ব পাৰে।
যদি ‘A’ গ্ৰুপৰ জিনীয় ৰূপ IAIO হয় আৰু ‘O’ গ্ৰুপৰ জিনীয় ৰূপ IOIO হয়, তেনেহ’লে—
পিতৃ-মাতৃ— IAIA × IOIO , তেজৰ গ্ৰুপ হ’ব ‘A’।
গতিকে প্রদত্ত তথ্যৰ পৰা ‘A’ আৰু গ্ৰুপৰ কোনটো প্ৰভাৱী হ’ব তাক ঠাৱৰ কৰিব নোৱাৰি ৷
‘A’ আৰু ‘O’ গ্ৰুপৰ জিনীয় ৰূপ জনা থাকিলে কোনটো গ্রুপ প্ৰভাৱী হ’ব আৰু কোনটো অপ্ৰভাৱী হ’ব তাক ঠাৱৰ কৰিব পাৰি আৰু জিনীয় ৰূপ নাজানিলে প্ৰভাৱী নে অপ্ৰভাৱী তাক ঠাৱৰ কৰিব নোৱাৰি।
4) মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়?
উত্তৰ-

মানুহৰ ক্ষেত্ৰত, মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল হ’ল “XX” আৰু পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল হ’ল “XY” ৷ অৰ্থাৎ পুৰুষৰ পৰা দুই ধৰণৰ জনন কোষ ‘X’ আৰু ‘Y’ পোৱা যাব৷ আনহাতে, মহিলাৰ পৰা অকল এক ধৰণৰ জনন কোষ ‘X’ পোৱা যাব৷ সেয়েহে সন্তানৰ লিংগ নিৰ্ধাৰণৰ বাবে প্ৰকৃততে পিতৃৰ ফালৰ পৰা কোনডাল লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম প্ৰবাহিত হয় তাৰ ওপৰতহে নিৰ্ভৰ কৰি সন্তানৰ লিংগ নিৰ্ধাৰণ হয়৷ যদি পিতৃৰ ফালৰ পৰা ‘X’ ক্ৰ’ম’জ’ম প্ৰবাহ হৈ মাতৃৰ ‘X’ ক্ৰ’ম’জ’মৰ লগত “XX” যোজন কোষ গঠন হয় তেনেহ’লে সন্তানটো ছোৱালী হ’ব৷ একেদৰে পিতৃৰ ফালৰ পৰা ‘Y’ ক্ৰ’ম’জ’ম প্ৰবাহ হ’লে “XY” যোজন কোষ গঠন হৈ সন্তানটো ল’ৰা হ’ব৷
প্ৰশ্নাৱলী Page No. 150
1) কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায় ?
উত্তৰ- জিনীয় পথচ্যুত, প্ৰাকৃতিক নিৰ্বাচন আদিৰ বাবে এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায়৷
2)জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ কিয় বংসানুক্ৰমিক প্ৰবাহ নঘটে?
উত্তৰ- জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংসানুক্ৰমিক প্ৰবাহ নঘটে কাৰণ আৰ্জিত চৰিত্ৰবিলাকে জীৱবিলাকৰ জনন কোষত থকা জিনবিলাকৰ কোনো সাল-সলনি ঘটাব নোৱাৰে৷
3)বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা?
উত্তৰ- জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থাকিলে বাঘৰ মাজত বৈসাদৃশ্যতা কমকৈ পৰিলক্ষিত হ’ব৷ এনে হ’লে জীৱিত বাঘবোৰে নতুন পৰিবেশৰ লগত নিজকে খাপ খোৱাব নোৱাৰিব৷ তেনে ক্ষেত্ৰত যিকোনো প্ৰাকৃতিক দূৰ্যোগত কম সংখ্যক বাঘৰ প্ৰজাতিটো হঠাতে লুপ্ত হৈ যাব পাৰে৷ সেয়েহে বংশগতি বিজ্ঞানৰদিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো চিন্তাৰ বিষয়৷
প্ৰশ্নাৱলী Page No. 151
1)নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়?
উত্তৰ- নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে অৰিহণা যোগোৱা উপাদানবোৰ হ’ল- জিনীয় পথচ্যুত, প্ৰাকৃতিক নিৰ্বাচন আৰু ভৌগলিক পৃথকীকৰণ ৷
2)স্ব–পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব পাৰে নে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?
উত্তৰ- স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব নোৱাৰে৷ কাৰণ স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ ক্ষেত্ৰত নিষেচন প্ৰক্ৰিয়াত পুংকেশৰৰ পৰা পৰাগ ৰেণুবিলাক একেপাহ ফুল বা একেডাল গছৰ আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত স্হানান্তৰিত হয়৷
3)অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব পাৰে নে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?
উত্তৰ- অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব নোৱাৰে৷ কাৰণ অযৌন প্ৰক্ৰিয়াত একে প্ৰজাতিৰ দুটা বেলেগ বেলেগ জীৱৰ মাজত ডি.এন.এ ৰ একত্ৰিকৰণ নহয়৷ এই প্ৰক্ৰিয়াত এটা জীৱৰ পৰাই নতুন এটা জীৱৰ সৃষ্টি হয়৷
প্ৰশ্নাৱলী Page No. 156
1)দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্হাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট এটাৰ উদাহৰণ দিয়া ৷
উত্তৰ- দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্হাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট এটাৰ উদাহৰণ হ’ল- কিছুমান ডাইন’চ’ৰৰ পাখি আছিল যদিও সিহঁতে উৰিব পৰা নাছিল৷ চৰাইবোৰে পিছলৈ অভিযোজনাদ্বাৰা পাখিক উৰণত ব্যৱহাৰ কৰিছিল৷ ইয়াৰ পৰা বুজিব পাৰি যে চৰাইবোৰ সৰীসৃপৰ ওচৰসম্পৰ্কীয় যিহেতু ডাইন’চৰবিলাক সৰীসৃপ আছিল৷
2)পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্হ অংগ বুলি ক’ব পাৰোনে? কিয় পাৰি বা কিয় নোৱাৰি?
উত্তৰ- পখিলাৰ পাখি আৰু বাদুলিৰ দেউকা সমসংস্হ অংগ নহয়| কাৰণ সমসংস্হ অংগৰ কাম ভিন্ন আৰু ইহঁতৰ গঠন বা উৎপত্তিৰ স্হল একে হয়৷ পখিলাৰ পাখি আৰু বাদুলিৰ দেউকাৰ কাম একে সেয়েহে ইহঁত সমবৃত্তিক অংগহে৷
3.জীৱাশ্ম সমূহ কি? বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়?
উত্তৰ- ভূত্বকৰ বিভিন্ন স্তৰত পোৱা বহু বছৰৰ আগৰ জীৱৰ ধ্বংসাৱশেষক জীৱাশ্ম বোলা হয়৷ জীৱাশ্ম অধ্যয়নৰ জৰিয়তে অতীতৰ জীৱ সমূহৰ লগত বৰ্তমানৰ জীবসমূহৰ মাজৰ সম্পৰ্ক বুজি পোৱা যায়৷ জীৱাশ্মই কোনো এটা প্ৰজাতিৰ বিবৰ্তনৰ পৰ্যায় সমূহ বুজিবলৈ সহায় কৰে ৷
প্ৰশ্নাৱলী Page No. 158
1)বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভূক্ত কিয়?
উত্তৰ- একেটা প্ৰজাতিৰ জীৱৰ মাজত প্ৰজনন ক্ৰিয়া সংঘটিত হয়৷ বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰুঅবয়ব ভিন্ন যদিও ইহঁতৰ মাজত প্ৰজনন ক্ৰিয়া সংঘটিত হয়৷ সেয়েহে সকলো মানুহক একেটা প্ৰজাতিত অন্তৰ্ভূক্ত কৰা হয়৷
2)বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ? কিয় উচ্চ স্তৰৰ?
উত্তৰ- বিবৰ্তনৰ ক্ষেত্ৰখনত কোনো প্ৰকৃত ক্ৰমন্নতি দেখা নাযায়৷ এনে নহয় যে সৰল দেহ গঠন যুক্ত জীৱতকৈ জটিল দেহযুক্ত জীৱবোৰ যোগ্যতা সম্পন্ন হ’ব৷ সেইকাৰণে বহু আগতে আবিৰ্ভাৱ হোৱা অতি সৰল দেহযুক্ত জীৱ এতিয়াও যোগ্যতাৰে প্ৰকৃতিত বৰ্তি আছে৷ এনেধৰণৰ এবিধ সৰল কোষৰ জীৱ হ’ল বেক্টেৰিয়া৷ সেয়েহে কোনো জীৱকে বিবৰ্তনৰ উচ্চস্তৰৰ বুলি গণ্য কৰিব নোৱাৰি৷ দৰাচলতে বিবৰ্তনৰ ফলত সৃষ্টি হোৱা অসংখ্য সৰ্বশ্ৰেষ্ঠ অৱস্হা জীৱৰ অন্তৰ্গত এটা প্ৰজাতি ৷
অনুশীলনী প্ৰশ্ন উত্তৰ
Class 10 Science Chapter 9 Assamese Medium ৰ অনুশীলনী প্ৰশ্ন উত্তৰৰ কিছু কিছু আমি এৰাই আহিছোঁ কাৰণ আগতে এনেবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈছে। অনুশীলনী প্ৰশ্ন উত্তৰ Class 10 Science Chapter 9 Assamese Medium ৰ যদি আপোনাৰ কিবা অসুবিধা আছে তেন্তে আপুনি Comment Section ত জনাব, আমি উত্তৰ দিবলৈ প্ৰয়াস কৰিম।
4)এটা অধ্যয়নৰ পৰা দেখা গ’ল যে পাতল বৰণৰ চকুৰ ল’ৰা–ছোৱালীৰ মাক দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়৷ ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিবা নে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয়?
উত্তৰ- নোৱাৰি৷ কাৰণ প্ৰভাৱী বা অপ্ৰভৱী চাৰিত্ৰিক বৈশিষ্ট সমূহ নিৰ্ধাৰণ কৰিবলৈ হ’লে অতি কমেও তিনিটা প্ৰজন্মৰ চৰিত্ৰৰ তথ্য প্ৰয়োজন হ’ব৷ অকল পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য্, ল’ৰা-ছোৱালীৰ প্ৰভাৱী বা অপ্ৰভৱী চাৰিত্ৰিক বৈশিষ্ট সমূহ নিৰ্ধাৰণ কৰিবলৈ পৰ্যাপ্ত নহয়৷
5)বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে?
উত্তৰ- জীৱসমূহক চাৰিত্ৰিক বৈশিষ্টৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়৷ দুটা প্ৰজাতিৰ জীৱসমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য থাকিলে সিহঁতৰ পৰস্পৰৰ ওচৰ সম্পৰ্কীয় হয়৷ পৰস্পৰ ওচৰ সম্পৰ্কীয় জীৱসমূহ একেটা পূৰ্বপুৰুষৰ পৰা বিবৰ্তন হয়৷ উদাহৰণস্বৰূপে একে পৰিয়ালৰে ভাই আৰু ভনী অতি ওচৰ সম্পৰ্কীয়৷ ইহঁতৰ প্ৰথম কূল হৈছে ইহঁতৰ মাক দেউতাক৷ এগৰাকী ছোৱালী আৰু তেওঁৰ ভতিজাৰ লগত কিছুমান সাদৃশ্য থাতিব কিন্তু ককায়েকৰ লগত থকা সাদৃশ্যতকৈ কিছু কম হ’ব৷ এই ক্ষেত্ৰত ভতিজাকৰ দ্বিতীয় কূলৰ পিতৃপূৰুষ হ’ব সিহঁতৰ ক’কা-আইতা৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে জীৱৰ প্ৰজাতিৰ শ্ৰেণী বিভাজনত ইহঁতৰ বিবৰ্তনৰ প্ৰতিফলন ঘটে৷
6) উদাহৰণসহ সমসংস্হ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা৷
উত্তৰ- যিবোৰ অংগৰ কাম ভিন্ন যদিও ইহঁতৰ গঠন বা উৎপত্তিৰ স্হল একে তেনেবোৰ অংগক সমসংস্হ অংগ বোলে৷ উদাহৰণ- চৰাইৰ দেউকা, ভেকুলিৰ অগ্ৰপদ আৰু মানুহৰ হাত৷
যিবোৰ অংগৰ কাম একে যদিও ইহঁতৰ গঠন বা উৎপত্তিৰ স্হল ভিন্ন তেনেবোৰ অংগক সমবৃত্তিক অংগ বোলে৷ উদাহৰণ- পখিলাৰ পাখি আৰু চৰাইৰ দেউকা৷
8) বিবৰ্তন প্ৰক্ৰিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা৷
উত্তৰ- বিবৰ্তন প্ৰক্ৰিয়াত জীৱাশ্মৰ গুৰুত্ব –
- জীৱাশ্ম অধ্যয়নৰ জৰিয়তে অতীতৰ জীৱ সমূহৰ লগত বৰ্তমানৰ জীবসমূহৰ মাজৰ সম্পৰ্ক বুজি পোৱা যায়৷
- জীৱাশ্মই কোনো এটা প্ৰজাতিৰ বিবৰ্তনৰ পৰ্যায় সমূহ বুজিবলৈ সহায় কৰে৷
- জীৱাশ্মই অতীতৰ জীৱসমূহৰ দৈহিক গঠন, বাসস্হান আদিৰ বিষয়ে বুজিবলৈ সহায় কৰে৷
- জীৱাশ্মৰ সহায়ত সৰল দেহযুক্ত জীৱৰ পৰা বিবৰ্তন হৈ কেনেদৰে জটিল দেহযুক্ত জীৱ উদ্ভৱ হয় তাক অধ্যয়ন কৰিব পাৰি৷
- জীৱাশ্মৰ সহায়ত দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্হাপন কৰিব পাৰি৷
10) অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰ- প্ৰজনন প্ৰক্ৰিয়াত এটা কোষৰ পৰা দুটা অপত্য কোষৰ সৃষ্টি হৈ ডি.এন.এ আৰু কোষ অংগানুসমূহ প্ৰতিলিপিকৰণ হয়৷ ডি.এন.এৰ প্ৰতিলিপিকৰণত অপত্য ডি.এন.এ ডাল হুবহু একে নহয় ফলত এনে আঁসোৱাহ পূৰ্ণ ডি.এন.এ.ৰ বাবে জীৱকূলৰ মাজত বৈসাদৃশ্যতাৰ প্ৰভাৱ পৰে৷ এই বৈসাদৃশ্যতা অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি সৃষ্টি হয়৷ কাৰণ, অযৌন প্ৰজনন প্ৰক্ৰিয়াত এটা মাত্ৰ জীৱ জড়িত থাকে আনহাতে যৌন প্ৰজনন প্ৰক্ৰিয়াত দুটা জীৱ জড়িত থাকে৷
11) কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে?
উত্তৰ- মানুহৰ ক্ষেত্ৰত 23 যোৰ ক্ৰ’ম’জ’ম থাকে৷ ইয়াৰে ২২ যোৰ অট’জ’ম আৰু ১যোৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম৷ প্ৰজনন প্ৰক্ৰিয়াৰ সময়ত যেতিয়া নিষেচন হয় তেতিয়া পিতৃৰ ফালৰ ২২ডাল অট’জ’ম আৰু ১ডাল লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম মাতৃৰ ২২ডাল অট’জ’ম আৰু ১ডাল লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম লগ হৈ যোজন কোষৰ সৃষ্টি হয়৷ যোজন কোষৰ বিকাশৰ ফলতেই কলাৰে পৰিপূৰ্ন জীৱটো গঠন হয়৷ ইয়াৰ পৰা প্ৰমাণ হয় যে পিতৃপুৰুষ আৰু মাতৃ পুৰুষে সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে৷
12) ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে৷’ এই উক্তিৰ সৈতে একমত নে? যদি হয় কিয় যদি নহয় কিয়?
উত্তৰ- ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে৷’ – এই উক্তিৰ সৈতে একমত৷ কাৰণ প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা ভিন্নতাৰ উপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰণে সুবিধা লাভ কৰে৷ উদাহৰণ স্বৰূপে, যিবিলাক বেক্টেৰিয়াই অতি উষ্ণতাত জীয়াই থাকিব পাৰে সেইবিলাকৰ ওপৰেৰে গৰম বতাহ প্ৰবাহিত কৰি থাকিলেও জীয়াই থাকিবলৈ সক্ষম হয়৷ এনে ভিন্নতা বিশিষ্ট জীৱবিলাকক পৰিবেশৰ কিছুমান কাৰকৰ প্ৰভাবত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ প্ৰক্ৰিয়া সংঘটিত হয় ৷
Conclusion
ইয়াত আমি Assamese Medium ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ বাবে Class 10 Science Chapter 9 Assamese Medium ৰ সম্পূৰ্ণ সমাধান আগবঢ়ালোঁ, যদি আপুনি এজন দশম মান শ্ৰেণীৰ ছাত্ৰ তেন্তে ই আপোনাক বহুত সহায় কৰিব।
এই প্ৰশ্ন উত্তৰসমূহ পঢ়াৰ পাছতো যদি আপোনাৰ Class 10 Science Chapter 9 Assamese Medium কিবা অসুবিধা আছে তেন্তে আপুনি Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপতিয়াকৈ যোগাযোগ কৰিব পাৰে, আমি আপোনাৰ যিকোনো সমস্যাৰ সমাধান দিবলৈ প্ৰস্তুত।
My humble request to the concerned authority is that you guy’s are doing great. But there is a small request to all of you is in the 9th chapter of class 10 science there is a question is missing . In the page 147 of NCERT book Q.NO.3 you have missed . Please add this question to the notes .I am completely dependent on you I don’t think I could find an answer on the internet that will satisfie me better than your one . So ,please add this .
Updated