এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম | Chemical properties of Acid and Base

এচিড ক্ষাৰ আৰু লৱণ নামৰ Class 10 Science Chapter 2 ৰ এচিড ক্ষাৰ আৰু সূচকৰ সম্পূৰ্ণ ধাৰণাৰ ওপৰিও কিছু প্ৰয়োজনীয় প্ৰশ্নৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া আমি এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম “Chemical properties of Acid and Base” ৰ বিষয়ে আলোচনা কৰিম।

সাধাৰণতে এছিড বা ক্ষাৰকেই হক বা আন কোনো বস্তুকেই হক তাক সঠিকভাৱে বিশ্লেষন কৰিবলৈ তাৰ ৰাসায়নিক ধৰ্ম জনাটো প্ৰয়োজন।

ইয়াৰ আগতে আপুনি যদি এচিড ক্ষাৰ আৰু সূচকৰ বিষয়ে জানিব বিচাৰে তেন্তে এতিয়াই তলৰ লিংকত ক্লিক কৰক।

Chemical properties of Acid and Base [এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম]

আজি আমি আলোচনা কৰিম এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম (Chemical properties of Acid and Base)। ইয়াতে আমি সচৰাচৰ এছিড বা ক্ষাৰকে ধাতু (Metal) ,ধাতৱ কাৰ্বনেট (Metal Carbonate), ধাতৱ হাইড্ৰজেন কাৰ্বনেট (Metal Hydrogen carbonate) বা এছিড আৰু ক্ষাৰকে উভয়ে উভয়ৰ সৈতে কিদৰে বিক্ৰিয়া কৰে তাৰ বিষয়ে আলোচনা কৰিম।

এছিড আৰু ক্ষাৰকে ধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে

এছিড ধাতুৰ সৈতে বিক্ৰিয়া কৰি সাধাৰণতে লৱন  আৰু হাইড্ৰজেন গেছ (H2)গেছ অপসাৰিত কৰে। যেনে-

এছিড + ধাতু ----> ধাতুৰ লৱন + হাইড্ৰজেন গেছ
HCl + Zn ----> ZnCl² + H²

একেদৰে ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱন আৰু হাইড্ৰজেন গেছ নিৰ্গত কৰে । যেনে-

2NaOH + Zn = Na² ZnO² + H²

উপৰোক্ত আলোচনা আৰু উদাহৰণৰ পৰা বুজা যায় যে এছিড বা ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি সাধাৰণতে লৱন আৰু হাইড্ৰজেন গেছ নিৰ্গত কৰে। কিন্তু সকলো ধাতুৰ সৈতে এছিড বা ক্ষাৰক বিক্ৰিয়াত হাইড্ৰজেন গেছ নিৰ্গত হোৱাটো প্ৰয়োজনীয় নহয়।

ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ সৈতে কিদৰে এচিডে বিক্ৰিয়া কৰে

ধাতুৰ সৈতে কাৰ্বনেট (CO3) আৰু হাইড্ৰজেন কাৰ্বনেট (HCO3) যুক্ত হৈ ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেট সৃষ্টি হয়।

এই ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ সৈতে এচিডে বিক্ৰিয়া কৰি লৱন, কাৰ্বন ডাই অক্সাইড (CO2)আৰু পানী (H2O) উৎপন্ন কৰে।

ধাতৱ কাৰ্বনেট +  এছিড -----> লৱন + কাৰ্বন ডাই অক্সাইড + পানী
ধাতৱ হাইড্ৰজেন কাৰ্বনেট +  এছিড ------>  লৱন + কাৰ্বন ডাই অক্সাইড + পানী

যেনে-

I) Na2CO3+ 2 HCl -----> 2NaCl+ H2O+ CO2
II) NaHCO3+ HCl --------> NaCl+ H2O+ CO2

এছিড আৰু ক্ষাৰ পৰস্পৰে কিদৰে বিক্ৰিয়া

এছিড আৰু ক্ষাৰকে পৰস্পৰে বিক্ৰিয়া কৰি লৱন আৰু পানী উৎপন্ন কৰে। এই বিক্ৰিয়াত সাধাৰণতে এছিড ক্ষাৰকৰ আৰু ক্ষাৰকে এছিডৰ গুণাগুণ নাইকীয়া কৰে। এনেধৰণৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া (Neutralization Reaction) বোলে ।

এছিড + ক্ষাৰ -----> লৱণ + পানী

যেনে –

HCl + NaOH ------ NaCl + H2O

এছিডৰ সৈতে ধাতৱীয় অক্সাইডে কিদৰে বিক্ৰিয়া কৰে

ধাতৱীয় অক্সাইডে  সাধাৰণতে এছিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।

ধাতৱ অক্সাইড +  এছিড ---->  লৱণ + পানী

যেনে –

CuO + 2HCl ------ CuCl2 + H2O

উপৰোক্ত বিক্ৰিয়াটো এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ দৰে ধাতৱীয় অক্সাইডক ক্ষাৰকীয় অক্সাইড (Basic Oxide) বুলিও কোৱা হয়।

ক্ষাৰকৰ সৈতে অধাতৱীয় অক্সাইড কিদৰে বিক্ৰিয়া কৰে

অধাতৱীয় অক্সাইডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে বাবে ইহঁতক আম্লিক অক্সাইড (Acid oxide) বোলে।

অধাতৱীয় অক্সাইডে + ক্ষাৰক ----> লৱণ + পানী

যেনে –

CO2+ Ca(OH)2 ---->  CaCO3 + H2O

সকলো এছিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি?

এতিয়ালৈকে আমি এছিড আৰু ক্ষাৰকৰ বিষয়ে বহুত কথা আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম এছিড আৰু ক্ষাৰকৰ সাৰ্বজনীন ধৰ্মৰ  বিষয়ে। আমি এতিয়ালৈকে হোৱা আলোচনাৰ পৰা কব পাৰো যে যিকোনো এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ নিৰ্গত কৰে। গতিকে ইয়াৰ পৰা বুজা যায় যে সকলো এছিডৰে  হাইড্ৰজেন থাকে।  এতিয়া আমি অতি সহজভাৱেই কব পাৰো যে সকলো এছিডত H+ আয়ন আৰু ক্ষাৰকৰ OH আয়ন থাকে।


Important Questions on Chemical properties of Acid and Base

১ নং প্ৰশ্ন – এছিড আৰু ক্ষাৰকে ধাতু ,ধাতৱীয় অক্সাইড , অধাতৱীয় অক্সাইড, ধাতৱ কাৰ্বনেট , ধাতৱ হাইড্ৰজেন কাৰ্বনেট আৰু উভয় উভয়ৰ সৈতে কিদৰে বিক্ৰিয়া কৰে উদাহৰণৰ সৈতে আলোচনা কৰা।

২ নং প্ৰশ্ন – ধাতৱীয় অক্সাইডক ক্ষাৰকীয় অক্সাইড বুলি কিয় কোৱা হয়?

৩ নং প্ৰশ্ন – অধাতৱীয় অক্সাইডক আম্লিক অক্সাইড বুলি কিয় কোৱা হয়? 

৪ নং প্ৰশ্ন – এছিড আৰু ক্ষাৰকৰ  সাৰ্বজনিন ধৰ্ম কি?


শেষ বাক্য Chemical properties of Acid and Base

আজি আমি Assamese Medium ‘ ত আলোচনা কৰিলোঁ Chemical Properties of Acid and Base এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম । ইয়াৰ সৈতে সংগতি ৰাখি 2023 SEBA Final Exam ত আহিব পৰা কিছু প্ৰশ্ন উল্লেখ কৰিছো। যদি আপুনি আমাৰ আলোচ্য বিষয় Chemical Properties of Acid and Base বুজিব পৰিছে তেন্তে প্ৰশ্নৰ উত্তৰ সমূহ অনায়সে কৰিব পাৰিব।

যদি আপুনি এতিয়াও সম্পূৰ্ণ ধাৰণা লব পৰা নাই তেন্তে Comment Section ত জনাব নেপাহৰিব। ইয়াৰ ওপৰিও আমাৰ Assamese Medium Facebook Page LIKE & FOLLOW  কৰিব পাৰে যিকোনো সমস্যা সমাধানৰ কৰিবলৈ ।

3 thoughts on “এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম | Chemical properties of Acid and Base”

Leave a Comment