Class 8 Assamese Chapter 7 Question Answer | বস্তু বিজ্ঞান অধ্যয়ন প্ৰশ্ন উত্তৰ

Class 8 Assamese Chapter 7 Question Answer আপোনাৰ প্ৰয়োজন নেকি? আপুনি যদি Class 9 ৰ শিক্ষাৰ্থী তথা অষ্টম মান শ্ৰেণীত পঢ়োৱা শিক্ষক তেন্তে Class 8 Assamese Chapter 7 Question Answer এ আপোনাক বহুত সহায় কৰিব।

আমি ইয়াৰ আগতে Class 8 Assamese ৰ আন আন কিছু অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো, আপুনি যদি বিচাৰে তেন্তে লিংকত ক্লিক কৰি পঢ়িব পাৰে বা Class 8 Assamese PDF Notes ডাউনলোড কৰিব পাৰে।

আপোনালোকৰ সুবিধাৰ বাবে আমি Class 6 – Class 12 লৈকে যিকোনো বিষয়ৰ সমস্যাৰ সমাধান Assamese Medium ৱেবছাইটত দিবলৈ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে ইয়াৰ জৰিয়তে কিছু উপকৃত হব।

Class 8 Assamese Chapter 7 Question Answer | Assamese Medium School

Class 8 ৰ অসমীয়া বিষয়ৰ সপ্তম অধ্যায়ৰ সম্পুৰ্ণ প্ৰশ্ন উত্তৰত আমি অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, কিছু বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা আৰু ব্যাকৰণ সম্বন্ধীয় প্ৰশ্ন উত্তৰ আজি সাঙুৰি লোৱা হৈছে। তেন্তে আহক, আমি আপোনালোকৰ বাবে লৈ অহা Class 8 Assamese Chapter 7 Question Answer আলোচনা কৰোঁ।

Class 8 Assamese Chapter 7 Question Answer

অতি চমু প্ৰশ্ন উত্তৰ | Very Short Question Answer Class 8 Assamese Chapter 7

1. উত্তৰ দিয়া ।

(ক) বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল ?
উত্তৰ:- বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। মানুহে বিজ্ঞান শাস্ত্ৰৰ ফলতেই জ্ঞান লাভ কৰি অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে।

(খ) বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে?
উত্তৰ:- বিজ্ঞানৰ বলত মানুহে ৰেল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ , ফনোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসা প্ৰণালী আদি উলিয়াব পাৰিছে ।

(গ) বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে?
উত্তৰ:- বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰে অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰে।

(ঘ) উদ্গতি পথত কিহে বাধা দিয়ে?
উত্তৰ:- উদ্গতিৰ পথত কু-সংস্কাৰে বাধা দিয়ে। জাতীয় কু- সংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কু-সংস্কাৰে ব্যক্তিৰ উদ্গতিৰ পথত বাধা দিয়ে ।

(ঙ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে ?
উত্তৰ:- ধনগুলৈক মানুহে প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে ।

(চ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে ?
উত্তৰ:- বিজ্ঞানৰ জ্ঞান নথকাৰ বাবে মানুহে বহুতো অন্ধবিশ্বাস আৰু কু-সংস্কাৰ মানি চলে। এনে কিছুমান মানুহে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি, সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে।

(ছ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়?
উত্তৰ:- বিজ্ঞান শিক্ষাৰ পৰা প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ কাৰণসমূহ জনা যায়। বস্তুৰ মূল তত্ত্ব জনা যায় আৰু তেতিয়া মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্মিব নোৱাৰে।

Short Question Answer । চমু উত্তৰ উত্তৰ

প্ৰশ্ন 2:- *ধনগুলৈ* কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা ।
উত্তৰ:- সাধাৰণতে জাৱৰ-জোথৰ, জীৱ-জন্তুৰ মল-মূত্ৰ আদি পচা বস্তু থকা জিকা ঠাইৰ পৰা এবিধ বাষ্প নিৰ্গত হয়। জৈৱিক পদাৰ্থৰ বিশেষকৈ প্ৰাণীদেহৰ পচনৰ ফলত ফচফিন বা মিথেন গেছ উৎপন্ন হয়। দুয়োবিধ গেছ অক্সিজেনৰ সংস্পৰ্শলৈ আহি বিস্ফোৰক মিশ্ৰণৰ সৃষ্টি হয়। আৰু এই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত যদি ফচফৰাচ-ডাই-অক্সাইড উৎপন্ন হৈ বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া তৎক্ষণাত আপোনা আপুনি জুই জ্বলি উঠে। এই জুই চাকি এটাৰ নিচিনা হৈ বতাহত কিছু সময়ৰ বাবে লৰচৰ কৰি ফুৰে। কোনো কোনো মানুহে বিশ্বাস কৰে যে এইবোৰ পুতি থোৱা ধন-সোণৰ পৰা ওলোৱা জুই।
ধনগুলৈক কোনো কোনো ঠাইত আধামূৰীয়া, আধামুণ্ডী বুলিও কোৱা হয়। ইংৰাজীত ইয়াক Jack-o’-lantern, will-o’-the-wisp বুলি কোৱা হয়।

প্ৰশ্ন 3. *প্ৰতিধ্বনি* কেনেকৈ হয় চমুকৈ লিখা।
উত্তৰ:- আমি বন্ধ, ডাঙৰ , খালী কোঠা এটাত চিঞৰিলে আমি কৰা শব্দটো শুনাৰ পিছ মুহূৰ্ততে আকৌ এবাৰ আমাৰ অনুৰূপ শব্দ এটা শুনিবলৈ পাওঁ। এয়াই হৈছে প্ৰতিধ্বনি। আমি কৰা শব্দটো বন্ধ কোঠাৰ বেৰৰ কঠিন অংশত খুন্দা খাই প্ৰতিফলিত হৈ আমাৰ ওচৰলৈ পুনৰ ঘূৰি আহে। তেনেদৰেই প্ৰতিধ্বনিৰ সৃষ্টি হয়।

প্ৰশ্ন 4. কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় ?
উত্তৰ:- বিজ্ঞান শাস্ত্ৰৰ দ্বাৰাই প্ৰকৃতিৰ ঘটনাবোৰৰ মূল কাৰণ সমূহ জানিব পাৰি, নতুন নতুন বস্তুৰ আৱিষ্কাৰ কৰিব পাৰি। বিজ্ঞানৰ দ্বাৰা জ্ঞান লাভ কৰিয়েই মানুহে ৰে’ল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, ফনোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ যন্ত্ৰ, দূৰবীক্ষণ যন্ত্ৰ, বিভিন্ন প্ৰকাৰৰ বিমান, নানাবিধ ঔষধ, চিকিৎসা পদ্ধতি আদি উলিয়াব পাৰিছে। তেনেকৈ দৈনন্দিন প্ৰকৃতিত ঘটি থকা যেনে – – বিজুলী, বজ্ৰপাত, ভূমিকম্প, প্ৰতিধ্বনি ইত্যাদি অনেক ঘটনাবোৰৰ মূল কাৰণ বিচাৰি উলিয়াব পাৰি । যিবোৰ ঘটনা আমি দেখি আচৰিত হওঁ বা আনন্দিত হওঁ —- এই সকলোবোৰ কথাৰে প্ৰকৃতিৰ গুপ্ত তত্ব ভেদ কৰি ইয়াৰ মূল কাৰণবোৰ জানিব পাৰি কেৱল বিজ্ঞান চৰ্চাৰ যোগেদি। সেয়েহে বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়।

5. বিজ্ঞানবিদ সকলে শব্দ তত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে ?
উত্তৰ:- বিজ্ঞানবিদ সকলে শব্দৰ তত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আন এঠাইলৈ নিব পাৰিছে , শব্দক ধৰি ৰাখি ফনোগ্ৰাফ, গ্ৰামোফোন, ৰেডিঅ আদি আৱিষ্কাৰ কৰিব পাৰিছে।

প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা

(ক) কু- সংস্কাৰ উদগতি পথৰ এটা বাধা
উওৰ : – এই কথাফাকি বস্তু ‘বিজ্ঞান অধ্যায়ন’ নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে।
মানুহৰ মাজত চলি অহা সকলোবোৰ কথায়ে যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা-মিছা প্ৰমাণ কৰিব পাৰে এই কথা ক’বলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰা হৈছে।
প্ৰাচীন কালৰ পৰাই মানুহে মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে। এইবোৰকে কু-সংস্কাৰ বোলে। এনে ধৰণৰ কু-সংস্কাৰে জাতীয় উদগতিৰ পথ আৰু ব্যক্তিৰ কু-সংস্কাৰে ব্যক্তিগতৰ উদগতিৰ পথত বাধা দি আহিছে। এই কু-সংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞানে বৰ্তমান অহৰহ চেষ্টা কৰি আহিছে। কাৰণ বিজ্ঞানে কু-সংস্কাৰ নিৰূপণ কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰে।

(খ) বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল।
উত্তৰ : — ব্যাখেয় কথাষাৰ আমাৰ পাঠ্যপুথি ‘অংকুৰণ’ৰ সত্যনাথ বৰাদেৱে লিখা ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। আমি বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে সকলো জ্ঞান আহৰণ কৰিব পাৰো তাকে লেখকে এই কথাষাৰৰ দ্বাৰা বুজাব বিচাৰিছে।

বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰকৃত জ্ঞান পাব পাৰোঁ। বিজ্ঞানৰ অধ্যয়নৰ দ্বাৰাই মানুহে নিতে নতুন নতুন বস্তুসমূহ উদ্ভাৱন কৰিব পাৰিছে। বিজ্ঞানৰ দ্বাৰাই যিহেতু প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত কাৰণবোৰ জানিব পাৰি সেয়েহে তাৰে আঁত ধৰি বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ উদ্ভাৱন তথা আৱিষ্কাৰ কৰিব পাৰিছে। এই বিশাল বিশ্বজগতৰ যিকোনো কথা বা যিকোনো ঘটনাৰ বিষয়ে জানিবলৈ হ’লে আমি বিজ্ঞানৰ চৰ্চা কৰিবই লাগিব। যেনেকৈ মানুহে পথাৰৰ শস্য আনি ভঁৰালত সঞ্চিত কৰি থয়, তেনেকৈ বিজ্ঞান শাস্ত্ৰতো সকলোবোৰ জ্ঞান সাঁচি থোৱা হয়। মাত্ৰ আমি তাক অধ্যয়ন কৰিলেই সেই জ্ঞান লাভ কৰিব পাৰোঁ।

(গ) “মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল “
উত্তৰ :- উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি “অংকুৰণ”ৰ সত্যনাথ বৰাদেৱে লিখা “বস্তু বিজ্ঞান অধ্যয়ন” নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে । কেৱল বিজ্ঞান চৰ্চাৰ ফলতহে যে আজিৰ সভ্যতাৰ সৃষ্টি হৈছে সেই কথা বুজাবলৈকে লেখকে কথাষাৰ কৈছে ।

গুহাত বাস কৰা আদিম মানহে ক্ৰমবিৱৰ্তনৰ বহুতো স্তৰ পাৰ হৈ আজিৰ অৱস্থাত উপনীত হৈছেহি। যেতিয়াই তেওঁলোকে বিজ্ঞানৰ প্ৰথমটো ঢাপত ভৰি দিলে তেতিয়াৰ পৰাই মানুহে উত্তৰণৰ পথত ভৰি দিলে। যেতিয়াৰ পৰা মানুহে বিজ্ঞানৰ জৰিয়তে বিভিন্ন প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত থকা তত্ত্ববোৰৰ কাৰণবোৰ জানিব পাৰিলে তেতিয়াৰ পৰাই বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ আৱিষ্কাৰ তথা উদ্ভাৱন কৰিলে। আজিৰ মানুহৰ জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ এই অৱদান সমূহৰ প্ৰয়োগ অপৰিহাৰ্য। সেয়া — চিকিৎসা বিভাগ, প্ৰতিৰক্ষা বিভাগ, শিক্ষা-সংস্কৃতি বিভাগ, যাতায়ত-পৰিবহন ব্যৱস্থা, কৃষি-শিল্প , দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীকে ধৰি সকলো বোৰতেই বিজ্ঞানে আগবঢ়োৱা আৱিষ্কাৰ সমূহৰ প্ৰয়োগ হয়। গতিকে লেখকে কোৱাৰ দৰে সমগ্ৰ মনুষ্য জাতিৰ বৰ্তমানৰ সভ্যতাটোৱেই বিজ্ঞান চৰ্চাৰ ফল।

(ঘ) সকলোৰে কিঞ্চিত কিঞ্চিত তেহে এটাৰ সমুচিত।
উত্তৰ :- ব্যাখা কথাষাৰ আমাৰ পাঠ্যপুথি *অংকুৰণ* ত থকা সত্যনাথ বৰাদেৱে লিখা ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে । বিজ্ঞানৰ নে অনেক বিভাগ আছে আৰু আমাৰ সেই সকলো বোৰৰে সামান্য হ’লেও যে জ্ঞান থকা উচিত – এই কথাষাৰ বুজাবলৈকে এনেদৰে উল্লেখ কৰিছে।

বিজ্ঞান শাস্ত্ৰৰ পৰিসৰ অতি বহল। ইয়াক অধ্যয়ন কৰিবৰ বাবে বিভিন্ন বিভাগত বিভক্ত কৰি লোৱা হৈছে। যেনে – পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, উদ্ভিদ বিজ্ঞান, জীৱ বিজ্ঞান ইত্যাদি। বিজ্ঞানৰ ইমানবোৰ বিভাগৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰা কোনো এজন মানুহৰ বাবে সহজ নহয়। আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল। সেয়েহে মানুহে ইয়াৰে এবিধ বা দুবিধ শাখাৰহে চৰ্চা কৰি তাক সম্পূৰ্ণ আয়ত্ব কৰিবলৈ চেষ্টা কৰা উচিত। কিন্তু এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ হ’লেও সকলো বিষয়ৰে অলপ অলপ জ্ঞান থাকিব লাগিব। এই কথাষাৰকে লেখকে ইয়াত বুজাব বিচাৰিছে।

৭। বহলাই লিখা।
(ক) পাঠৰ আলমত কু-সংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা।

উত্তৰঃ পাঠত উল্লেখ কৰিছে যে বহুতো চহা মানুহে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে, কিছুমান মানুহে পৃথিৱীখন এটা হাতীৰ পিঠিত থকা বুলি বিশ্বাস কৰে। আৰু ভাবে সেই হাতীয়ে গা লৰালে ভূমিকম্প হয়। ইয়াতকৈও গুৰুতৰ বি,য়ত মানুহৰ কৃ-সংস্কাৰ আছে।
ইয়াৰে এটা দৃষ্টান্ত হ’ল আগৰদিনৰ কিছুমানৰ মাজত থকা সতীদাহ প্ৰথা কু-প্ৰথা। বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি। বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা-মিছা ভাল-বোয়া ন্যায়-অন্যায় বুজিব পাৰি

(খ) ‘বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়’- যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা।
উওৰ: ‘বিজ্ঞান শাস্ত্র অধ্যয়নৰ এটা ঘাই বিষয়’- এই কাৰণেই যে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি , অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ জানিব পাৰি ।


ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Class 8 Assamese Chapter 7 Question Answer | বস্তু বিজ্ঞান অধ্যয়ন প্ৰশ্ন উত্তৰ”

Leave a Comment