Class 8 Assamese Chapter 1 Question Answer | নিয়ৰ

Class 8 Assamese Chapter 1 Question Answer তথা অষ্টম শ্ৰেণী (Class 8)ৰ নিয়ৰ নামৰ কবিতাত উল্লেখ কৰা প্ৰতিটো প্ৰশ্ন উত্তৰ আজি আমি আপোনালোকৰ বাবে আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ।

হয় মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, আজি আমি আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ Class 8 Assamese (MIL) ৰ প্ৰথম অধ্যায়লৈ।

আজি আমি ইয়াত Class 8 Assamese Chapter 1 Question Answer দিবলৈ যত্ন কৰিছো। ইয়াত আমি নিয়ৰ নামৰ অষ্টম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ পাঠভিত্তিক ক্রিয়াকলাপ দিয়া প্ৰতিতো প্ৰশ্ন উত্তৰ যোগান ধৰিবৰ প্ৰয়াস কৰিছোঁ। তেন্তে আহক, আজি আমি Class 8 Assamese Chapter 1 Question Answer আলোচনা কৰোঁ।

শ্ৰেণী (Class)অষ্টম শ্ৰেণী
পাঠ (Lesson)নিয়ৰ Class 8
বিষয় (Subject)অসমীয়া (MIL-Assamese)
আলোচ্য বিষয় (Topic)Class 8 Assamese Chapter 1 Question Answer
মাধ্যম (Medium)অসমীয়া (Assamese)
পাঠ্যক্ৰম (Syllabus)NCERT

Class 8 Assamese Chapter 1 Question Answer

নিয়ৰ Class 8 Assamese Chapter 1 Question Answer

ক-পাঠভিত্তিক ক্রিয়াকলাপ

১) কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা?
উত্তৰঃ
এই প্ৰশ্নৰ উত্তৰ নিশ্চয় দিবৰ প্ৰয়োজন নাই।

২) চমু উত্তৰ দিয়া

(ক) মুকুতা মণিটি বুলি কবিয়ে কাক কৈছে?
উত্তৰঃ
ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰে ধােৱা নিয়ৰ কণিকাক কৈছে।।

(খ) নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে?
উত্তৰ:
নিশা নচা নাচনীৰ ছিগি ৰৈ যােৱা মুকুতা মণিৰ লগত তুলনা কৰিছে।

(গ) নিয়ৰে হিয়াত কি সাঁচি থােৱাৰ কথা কৈছে?
উত্তৰঃ
নিজম নিশাৰ নিচুপ কথা হিয়াত সাঁচি থােৱাৰ কথা কৈছে।

(ঘ) ফুলনিত কি ছিগি ৰৈ গল?
ত্তৰঃ ফুলনিত নিশা নচা কোনােবা নাচনীৰ মন ছিগি ৰৈ গল বুলি কৈছে।

(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰঃ
সৰগত টোপনি যােৱা নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকা বুলি কৈছে।

Class 8 Assamese Chapter 1 Question Answer: নিয়ৰ কবিতাৰ মূলভাৱ চমুকৈ লিখা।

উত্তৰঃ ফটিক পানীৰে ধােৱা নিয়ৰ কণাবােৰ ৰাতিপুৱা ফুলৰ পাহি, গছ-বনৰ পাছত উলমি থকা দেখিলে এনেহেন লাগে যেন নিশাৰ আকাশৰ পৰা তৰাবােৰহে তাত সৰি পৰি আছে। কবিৰ কল্পনাত নিয়ৰ হৈছে ফুলনিত নিশা কোনােবা হাঁহি হাঁহি নাচি থকা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা সেমেকি উঠা একোটোপাল চকুপানী। সেই চকুপানী অথবা মুকুতা মণি নিয়ৰ হৈ ফুলপাহিত পুৱাৰ হেঙুলি পােহৰত জিলিকি উঠিছে। কিন্তু দুখৰ কথা কবিয়ে সেই মুকুতা মণিস্বৰূপ নিয়ৰবােৰলৈ থৰ লাগি চাই থাকোতেই এজাক বতাহে আহি ফুলৰ পাহিবােৰ জোকাৰি পেলাই নাইকিয়া কৰিলে ৷

৪) শব্দ সম্ভাৰ আৰু অর্থ

  • ফটিক→ অতি পৰিষ্কাৰ বগা চকচকীয়া এবিধ পাথৰ।
  • শােভে –জেউতি চৰায়।
  • হেঙুলি →ৰঙচুৱা, ৰঙা-হালধীয়া বৰণৰ।।
  • নিজম→ নিস্তব্ধতা, নিটাল, সাৰি-শব্দ নােহােৱা।
  • নিচুক→ কান্দন এৰা।।
  • বিষম→ সমান নােহােৱা, বেয়া, দুষ্ট, অসৎ ।

৫) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছেসাঁচি,
কোন কাহানিৰ সপােন দেখিছে।
কোনে হাঁহিছিল নাচি।

উত্তৰ: উদ্ধৃত কবিতা ফাকি ‘প্রতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালা ৰচিত “নিয়ৰ কবিতাটিৰ অন্তৰ্গত।
ৰাতিপুৱা মুকুতা সদৃশ নিয়ৰ কণাবােৰ ফুলৰ পাহিত ওলমি থকা দেখি কবিৰ মনত জাগি উঠা মনােৰম কল্পনা এই কবিতা ফাকিৰ জৰিয়তে প্রকাশ পাইছে। ফটিক পানীত ধােৱা মুকুতা সদৃশ নিয়ৰ কণাবােৰক কবিয়ে নিশাৰ আকাশত সৰি পৰা তৰা আৰু পুৱাৰ হেঙুলি বেলিৰ পােহৰত সেমেকি পৰা চকু পানীৰ লগত তুলনা কৰিছে। আনহাতে নিজম আকাশৰ হিয়াত সাঁচি থােৱা কান্দোন ভাবৰ কথাৰে হাঁহি হাঁহি নাচি থকা কোনােবা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা মনিৰ লগত কবিয়ে নিয়ৰ কণাক তুলনা কৰিছে। কোনােবাই কাহানিবাই দেখা সপােনৰ ই যেন অভিব্যক্তি।

৬) পাঠৰ পৰা অন্ত্য মিল থকা শব্দবােৰ লিখা।
উত্তৰ:

  1. উত্তৰ: ধােৱা→ যােবা।
  2. সাঁচি→ নাচি,
  3. মণি→ কণি, পানী,
  4. ভাহি→ পাহি।

Class 8 Assamese Chapter 1 Question Answer: খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

৭) উল্লিখিত শব্দবোৰৰ সমার্থক শব্দ লিখা: টোপনি, বেলি, পানী, ফুল, নিশা, সপােন, আকাশ, চকু।
উত্তৰ:
টোপনি – নিদ্রা, ঘুমতি। বেলি – ৰবি, তপন, সূর্য। পানী– জল, নীৰ, সলিল। ফুল –কুসুম। নিশা – ৰাতি, নিশি। সপােন– কল্পনা। আকাশ –মহাশূন্য, স্বর্গ। চকু –নয়ন, আখি।

৮) বিপৰীত অর্থ বুজোৱা শব্দ লিখা: ছিগা, সৰগ, পুৱা, দিন, নিজম, হাঁহি।
উত্তৰঃ
ছিগা – নিছিগা।
পুৱা – সন্ধিয়া।
নিজম – হুলস্থূলীয়া।
দিন – ৰাতি
হাঁহি – কান্দোন

৯) বাক্য ৰচনা কৰা: মুকুতা, পাহি, শােভে, নিচুক, ফুলজুপি, ফটিক।
উত্তৰঃ
মুকুতা – ৰাতিপুৱা নিয়ৰ কণাৰােৰ মুকুতা মণি যেন দেখি।
পাহি – ফুলকলিৰ পাহিবােৰ মেলখালে বৰ ধুনীয়া দেখি।
শােভে– ৰাতিপুৱা নিয়ৰ কণাই ফুলজুপিৰ শােভা বঢ়ায়।
নিচুক – নিজম আকাশৰ নিচুক কথাটি কোনােবা নাচনীয়ে সাঁচি থৈছে বুলি কবিয়ে কল্পনা কৰিছে।
ফুলজুপি – ৰাতিপুৱাৰ নিয়ৰে ফুলজুপি ধুনীয়া কৰিছে।
ফটিক – নিয়ৰ কণাবােৰ ফটিক পানীৰে ধােৱা মুকুতা মণিৰ দৰে সুন্দৰ।

১০ (ক) নিয়ৰ’কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবােৰ বাছি উলিয়াই লিখা।

তৎসম শব্দ: আকাশ, বায়ু
তদ্ভৱ শব্দ: মুকুতা, ফটিক, নিশা, সৰগ, সপােন, নাচ, শােভা, পাহি।

১০ (খ) তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবােৰৰ এখন তালিকা প্রস্তুত কৰা।
তৎসম শব্দ
: আকাশ, বংশ, বর্ণ, দীর্ঘ, জীৱন, চন্দ্র, সূর্য, নদী, কৃষ্টি, লতা, ধন, ফল ইত্যাদি।
তদ্ভব শব্দ: হাত, কাণ, হাতী, আজি, ওঁঠ, সাপ, গাঁত, দাঁত, কাম ইত্যাদি।

প্রশ্ন ১১। দৈনিক জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবােৰ ভাগে ভাগে লিখা।
শিক্ষা সম্বন্ধীয়
: স্কেল, পেঞ্চিল, পেন, ব্লেকবাের্ড, চকপেঞ্চিল, ৰবৰ, হেণ্ডেল ইত্যাদি।
খেল সম্বন্ধীয়: ক্রিকেট, ফুটবল, ভলীবল, বাস্কেট বল, টেনিচ, বেডমিণ্টন ইত্যাদি।
যানবাহন সম্বন্ধীয়: স্কুটাৰ, বাইক, মটৰ-গাড়ী, বাছ, বাইচাইকেল, এবােপ্লেন, অটোভান,ৰিক্সা ইত্যাদি।
পােছাক-পাতি সম্বন্ধীয়: ফ্রক, ব্লাউজ, চেমিজ, লংপেণ্ট, হাফপেন্ট, ছার্ট, কোট ইত্যাদি।
আচৰাৰ সম্বন্ধীয়: টেবুল, চেয়াৰ, ফেন, টুল, আলমিৰা, ফ্রীজ, মিচেফ ইত্যাদি।
বাচন-বৰ্তন সম্বন্ধীয়: কাপ-প্লেট, ডিছ, কুকাৰ ইত্যাদি।

নিয়ৰৰ কবিতা: Class 8 Assamese Chapter 1 Question Answer

১২) এটা শব্দত প্ৰকাশ কৰা :

(ক) যি আনৰ উন্নতি দেখিব নােৱাৰে: পৰশ্রীকাত
(খ) একে মাকৰ সন্তান: সহােদৰ
(গ) যাৰ ঘৰ-বাৰী নাই: অঘৰী
(ঘ) যি ভাল-বেয়া বিচাৰ কৰিব নােৱাৰে: অবিবেচক
(ঙ) যি আগেয়ে হােৱা নাই: অভূতপূর্ব

১৩) নিয়ৰ কবিতাটিত পােৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপােন, চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ড বাক্যবােৰেৰে বাক্য ৰচনা কৰা৷
উত্তৰ:

তৰা-নৰা→ আনৰা (বৰকৈ বেগাই) : বাঘৰ কথা শুনি সি ভয়তে তৰা-নৰা চিঙি দৌৰি ঘৰলৈ গ’ল।
আকাশত চাং পতা→ (অস্বাভাৱিক কল্পনা, অলীক কল্পনা)- যি কাম কৰাটো সম্ভৱ। নহয় তাৰ কাৰণে আকাশত চাং পতাৰ প্ৰয়ােজন নাই
পানীৰ তলৰ কাইট → (নেদেখা বিপদ, অজান শত্রু) – পানীৰ তলৰ কাঁইটৰ দৰে মানুহৰ জীৱনত অনেক নেদেখা বিপদ বা শত্রু থাকে।
কথা চহকী
→(বেছিকৈ কথা কোৱা লােক)- কথা চহকী মানুহৰ অন্তৰত একো কথা লুকাই নাথাকে।
হিয়াৰ আমঠু→ (অতি মৰমৰ) : আইতাকৰ কাৰণে নাতি-নাতিনী হিয়াৰ আমঠু স্বৰূপ।
অলীক সপােন→ (মিছা কল্পনা, অমূলক কল্পনা)- অসম্ভৱ বস্তুৰ কাৰণে অলীক কল্পনা কৰি লাভ নাই।
চকু চৰহা → (আনৰ ভাল দেখিব নােৱাৰা)- চকু চৰহা মানুহে আনৰ উন্নতি হােৱা দেখিব নােৱাৰে।

১৪) তলৰ বাক্যকেইটিৰ খালী ঠাইত অর্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা।

(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো —— গল।
উত্তৰ: মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গল।

(খ) ধুমুহাই ঘৰটো —— পেলালে।
উত্তৰ: ধুমুহাই ঘৰটো ভাঙি পেলালে।

(গ) পুৰণি হােৱা বাবে ৰছীডাল—— থাকিল।
উত্তৰ: পুৰণি হােৱা বাবে ৰছীডাল ছিঙি থাকিল।

(ঘ) জোৰকৈ টনা-আজোৰা কৰা বাবে ৰছীডাল –– গল।
উত্তৰঃ জোৰকৈ টনা-আজোৰা কৰা বাবে ৰছীডাল ছিঙি গল।

(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো –– গল।
উত্তৰ; এবছৰ নৌহওঁতেই মথাউৰিটো ভাগি গল।

(চ) বানপানীয়ে মথাউৰিটো ––পেলালে।
উত্তৰঃবানপানীয়ে মথাউৰিটো ভাঙি পেলালে।

অষ্টম শ্ৰেণী অসমীয়া পাঠ 1 প্ৰশ্ন উত্তৰ: Class 8 Assamese Chapter 1 Question Answer

১৫) দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা।

(ক) ৰাতিপুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূৰি গছকি পােৱা অনুভূতি
উত্তৰঃ (নিজৰ অনুভূতি)- ভৰিত ঠাণ্ডা পােৱাৰ উপৰি গা-মূৰতাে ঠাণ্ডা পােৱা যায়। গােটেই গাটোতে আৰু মনতাে এক আমেজভৰা শিহৰণ অনুভব কৰা যায়। নিয়ৰ সিক্ত মিহি দুৱৰি বনৰ স্পৰ্শই ভৰি দুখনিতাে সুৰ সুৰাই যায়। খালী ভৰিলে নিয়ৰ সিক্ত দূৱৰি গছকিলে স্বাস্থ্যৰ কাৰণে ঘাইকৈ চকুৰ কাৰণে ভাল বুলি কোৱা শুনিছাে।

(খ) পদুমকচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ –
উত্তৰ: (নিজৰ অনুভৱ) : ফটিক পানীৰে ধােৱা মণি-মুকুতাহে যেন পদুম, কচু বা অন্যান্য গছৰ পাতত ওলমি আছে আৰু পুৱাৰ হেঙুলি পােহৰ পৰি তিৰবিৰাই আছে, এনে অনুভৱ হয়।

(গ) গছৰ পাতৰ পৰা টোপাটোপে নিয়ৰ সৰা দেখি কৰা কল্পনাৰােৰ-
উত্তৰঃ (নিজৰ অনুভৱবােৰ) ঃ গছৰ পাতৰ পৰা টোপাটোপে নিয়ৰ সৰা দেখি এনে অনুভৱ হয় যেন কোনােবা সৰগীয় নাচনীৰ গলৰ মালা ছিগি বহুমুলীয়া মণিহে এটি এটিকৈ পৰি আছে। আনহাতে এনেদৰেও কল্পনা কৰা যায় যেন কোনােবা ক্রন্দনৰত অপেশ্বৰীৰ চকুপানীহে টোপাটোপে পৰি আছে।

১৬) সাঁথৰ ভাঙা:

(ক) মৌ মাখি নহয় কিন্তু, কৰে গুণ গুণ, বামুণ নহয় কিন্তু, কান্ধত গুণ
উত্তৰ: যতৰ।

(খ) ৰজাৰ ঘৰৰ হাতী, ধান খায় পাচি পাচি।
উত্তৰঃ টেকী

(গ) ৰজাৰ কাপােৰ তিয়াব পাৰি, শুকুৰাৰ নােৱাৰি।
উত্তৰ : জিভা।

Additional Question Answers: নিয়ৰ কবিতা Class 8 Assamese Medium

১) নিয়ৰে হিয়াত কি সাঁচি থােৱাৰ কথা কৈছে?
উত্তৰঃ নিজম নিশাৰ নিচুপ কথা হিয়াত সাঁচি থােৱাৰ কথা কৈছে।

২) নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে?
উত্তৰ: নিশা নচা নাচনীৰ ছিগি ৰৈ যােৱা মুকুতা মণিৰ লগত তুলনা কৰিছে।

৩) মুকুতা মণিটি বুলি কবিয়ে কাক কৈছে?
উত্তৰঃ ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰে ধােৱা নিয়ৰ কণিকাক কৈছে।


শেষ বাক্য: Class 8 Assamese Chapter 1 Question Answer

আজি আমি Class 8 Assamese Chapter 1 Question Answer আলোচনা কৰিবলৈ প্ৰয়াস কৰিলোঁ, আমি আমাৰ সাধ্য অনুযায়ী Class 8 Assamese Chapter 1 Question Answer সম্পূৰ্ণভাৱে দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত যদি আপুনি নুবুজা কিবা থাকে তেন্তে আপুনি Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব। আমি আপোনাৰ সমস্যাৰ সমাধান কৰিবলৈ প্ৰয়াস নিশ্চয় কৰিম।

8 thoughts on “Class 8 Assamese Chapter 1 Question Answer | নিয়ৰ”

Leave a Comment