Assamese Translation For HSLC Final 2022

Translate into English ক আমি চমুকৈ Assamese Translation বুলিও কও কেতিয়াবা আৰু ই HSLC Final Exam ৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি আপোনালোকে নিশ্চয় জানে। আজি আমি সেই কাৰণে Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে English Grammar ৰ এই বিষয়ত আলোচনা কৰিবলৈ গৈ আছো।

ইয়াৰ আগতেও আমি এই ৱেবচাইটত English to Assamese Translation ৰ বহু কেইটা ভাগ ইতিমধ্যে আলোচনা কৰিছোঁ। যদি আপুনি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ পাব বিচাৰে তেন্তে এতিয়াই তলৰ লিংকৰ পৰা Assamese Translation খিনি পঢ়ি লওক।


কিছু Important Assamese Translation 2022 HSLC Final Exam

আমি English Grammar ৰ বহু কথাই ইয়াত আলোচনা কৰোঁ আৰু সেইবাবেই আমি অনুমান কৰিব পাৰোঁ যে কোনবোৰ Assamese Translation আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুধিব পাৰে। আমি বিভিন্ন কিতাপ তথা পাৰ হৈ যোৱা HSLC Exam ৰ প্ৰশ্ন কাকত অধ্যায়ন কৰি আপোনাৰ বাবে কিছু Important Assamese Translation লৈ আহিছোঁ যিয়ে নিশ্চয় আপোনাক সহায় কৰিব।

1. তাইৰ এখন এটকীয়া নােট আছে।
She has a one rupee note.

2.আমাৰ গাঁৱত এখন উচ্চ ইংৰাজী বিদ্যালয় আছে ।
There is a High English School in our village.

3. সাধু লােক সকলােৰে প্রিয়।
An honest person is loved by all.

4. কলমটোত চিয়াহীয়ে নাই।
There is little ink in the pen.

5.মােক খাবলৈ অলপ গাখীৰ দিয়া ।
Give me a little milk to drink.

6. মাত্ৰ কেইজনমান ল’ৰাহে শ্ৰেণীত উপস্থিত আছিল।
Only a few boys were present in the class.

7. তােমাৰ টকা খিনি খৰচ কৰিলা নেকি?
Have you spent the little money you have?

8. আমি পৰিশ্ৰমী ল’ৰা কেইজনকহে প্রশংসা কৰাে।
We admire the few boys who are industrious.

9. কলম দুটাৰ কোনােটোকে মােক নালাগে।
I want neither of the pens.

10. এতিয়া তুমি হয়তাে থাকা নহ’লে তৎক্ষণাত গুছি যােৱা।
You either stay now or go away at once.

11. ৰাম আৰু যদু দুয়াে বৰ অন্তৰঙ্গ বন্ধু।
Both Ram and Jadu arevery close friends.

12. তােমাক মােৰ পৰা কিবা সহায় লাগেনে?
Do you want any help from me?

13. মিছলীয়াক মানুহে ভালেই নাপায়।
Few people like a liar.

14. তাইৰ দেউতাক এজন এম, বি, বি, এছ।
Her father is an M.B.B.S.

16. তােমালােকৰ স্কুলত খেলপথাৰ আছেনে?
Is there a playground in your school?

17. কামটো শেষ কৰি সিহঁতে জিৰণি ল’লে।
They took a rest after having finished the work.

18. ল’ৰা-ছােৱালীবােৰ খেলাধূলা কৰি ঘৰঘৰি গ’ল।
The children went home having played.

19. ছাত্ৰজনে নিজেই অংকটো কৰিলে।
The student himself has done the sum.

20. ঘৰৰ মালিকে নিজেই গেটখন খুলি দিছিল।
The owner of the house opened the gate himself.

21. মই আজি প্রধান শিক্ষকক লগ কৰিব লাগে।
I have to meet the Headmaster today.

22. মানুহজনৰ সিদিনা কৰিবলগীয়া বহুত কাম আছিল।
The man had many duties to do that day.

23. তােমাৰ পঢ়িবলৈ কিতাপ আছেনে?
Do you have any books to read?

24. আমি তাইৰ হতুৱাই কোঠাটো সৰুৱাইছিলাে।
We made her sweep the room.

25. সিহঁতে ৰামক দলৰ কেপ্তেইন বাচনি কৰিছিল।
They selected Ram captain of the team.

26. আমি সিহঁতক ওলাই যােৱা দেখিছিলাে।
We saw them go out.

27. যােৱা ৰাতি মই এটা আচৰিত সপােন দেখিলাে।
I dreamt a strange dream last night.

28. ল’ৰাটোক আকৌ অংকটো কৰােৱা হৈছিল।
The boy was made to work out the sum again.

29. ল’ৰাজনে কেতিয়াও মিছা কথা কোৱা নাছিল।
The boy never told a lie.

30. মানুহজনে বিছনাত পৰি আছিল।
The man was lying on the bed.

31. হাঁহজনীয়ে দিনে এটাকৈ সােণৰ কণী পাৰিছিল।
The goose laid a golden egg every day.

32. বেয়া খবৰ বনজুইৰ দৰে বিয়পি পৰে।
Evil news spreads like a forest fire.

33. তাই মাছতকৈ মাংস ভাল পায়।
She prefers meat to fish.

34. সভাত কোনাে উপস্থিত নাছিল।
There was nobody present in the meeting.

35. তাই কফি ভাল পায়, নহয়নে?
She likes coffee, doesn’t she?

36. প্রধান শিক্ষকজনৰ আজি কিয় খং উঠিছে?
Why is the headmaster angry today?

37. কোনখন গাঁও তােমালােকৰ?
Which village is yours?

38. তাই কাচিৎহে আমাৰ ঘৰলৈ আহে।
She rarely comes to our home.

39. তুমি কি খেল আটাইতকৈ ভাল পােরা?
Which game do you like most?

40. য’তেই মানৱ সমাজ তাতেই দুর্নীতি।
Where there is a human society, there is corruption.


Assamese Translation ৰ শেষ বাক্য হিচাপে

শেষ বাক্য বুলি কোনো তেনে কথা নাই যদিও আমি ইয়াত আজি আলোচনা কৰিলো কিছু Important Assamese Translation ৰ বিষয়ে। এই বিষয়ে আগলৈ এই লিখনিত আৰু বহুত Assamese Translation সংযোগ কৰা হব। সেইকাৰণে, আমি আপোনালোকক Assamese Medium এই ৱেবছাইটটো মাজে মাজে ভিছিট কৰি থাকিব বুলি আশা কৰিলো। আপুনি ইচ্ছা কৰিলে Assamese Medium Facebook Page ক Follow কৰিও আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ অব্যাহত ৰাখিব পাৰে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment