Class 8 Assamese Chapter 2 Question Answer | যুগমীয়া শৰাইঘাট

আজি আমি Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আন এক বিশেষ অধ্যায় আলোচনা কৰিবলৈ যত্ন কৰিছো। আজিৰ আলোচনাত Class 8 Assamese Chapter 2 Question Answer সম্পূৰ্ণভাৱে ইয়াত যোগান ধৰাৰ প্ৰয়াস কৰা হৈছে।

Class 8 Assamese অৰ্থাৎ অষ্টম শ্ৰেণীৰ অসমীয়াত দ্বিতীয় অধ্যায় হল সূৰ্য কুমাৰ ভূঞাৰ ‘যুগমীয়া শৰাইঘাট’। যুগমীয়া শৰাইঘাট নামৰ Class 8 Assamese Chapter 2 ৰ ঘটনা অতি তাৎপৰ্যপূৰ্ণ। লুইতৰ পানী যিমান দিন বৈ থাকিব সিমান দিনলৈ আমি শৰাইঘাটৰ যুঁজৰ বীৰত্বৰ কথা গাই থাকিম।

এই অধ্যায়ত শৰাইঘাটৰ যুঁজৰ বীৰত্বৰ কথা ছাত্ৰ ছাত্ৰীৰ মাজত বিলাবলৈ আৰু লাচিত বৰফুকনৰ বীৰত্ব, দেশপ্ৰেম কৰ্তব্যবোধ আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰা হৈছে। আমি পাঠটো পঢ়িলে যথেষ্ট জ্ঞান বাঢ়িব আৰু নৱ প্ৰজন্মৰ দেশপ্ৰেম কৰ্তব্যবোধ কি তাৰ প্ৰতি আকৃষ্ট কৰিব।

কিন্তু ইয়াত আমি এই পাঠ পঢ়িব অহা নাই, ইয়াত আমি Class 8 Assamese Chapter 2 Question Answer অৰ্থাৎ অষ্টম শ্ৰেণীৰ দ্বিতীয় অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবহে আহিছোঁ। তেন্তে আহক আমি Class 8 Assamese Chapter 2 Question Answer সম্পূৰ্ণ আৰু সঠিকভাৱে আলোচনা কৰোঁ।

Class 8 Assamese Chapter 2 Question Answer
শ্ৰেণী (Class)অষ্টম শ্ৰেণী (Class 8)
পাঠ (Lessonযুগমীয়া শৰাইঘাট
সমাধান (Solution)পাঠভিত্তিক প্ৰশ্ন উত্তৰ (Class 8 Assamese Chapter 2 Question Answer)
বিষয় (Subjectঅসমীয়া (MIL-Assamese)
মাধ্যম (Mediumঅসমীয়া (Assamese Medium)
পাঠ্যক্ৰম (Syllabus)NCERT

যুগমীয়া শৰাইঘাট প্ৰশ্ন উত্তৰ । Class 8 Assamese Chapter 2 Question Answer

ইয়াত আমি Class 8 Assamese Chapter 2 অৰ্থাৎ যুগমীয়া শৰাইঘাট নামৰ অধ্যায়ত যি প্ৰশ্ন দিয়া আছে, তাৰ সম্পুৰ্ণ আলোচনা কৰিম। তেন্তে আহক প্ৰথমতে আমি আৰম্ভ কৰো পাঠভিত্তিক ক্রিয়াকলাপ।

২) উত্তৰ দিয়া

(ক) অতীতৰ শৰাইঘাটৰ সমস্যাবােৰ কি আছিল ?
উত্তৰঃ অতীতৰ শৰাইঘাটৰ সমস্যাবােৰ সামৰিক।

(খ) বর্তমান শৰাইঘাটৰ সমস্যাবােৰ কি ?
উত্তৰ : বর্তমান শৰাইঘাটৰ সমস্যাবােৰ হ’ল সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক।

(গ) ৰাম সিংহ কোন আছিল?
উত্তৰঃ ৰামসিংহ ৰাজপুত ৰজা আৰু মােগল সম্রাট ঔৰংজেৱৰ সেনাপতি আছিল।

(ঘ) ৰাম সিংহ অসমলৈ কিয় আহিছিল ?
উত্তৰ : ৰাম সিংহ অসমলৈ অসম আক্ৰমণ কৰি অসমক মােগল সম্রাটৰ অধীন কৰিবলৈ আহিছিল।

(ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ শৰাইঘাটৰ ৰণ অসমীয়া সেনা আৰু মােগল সেনাৰ মাজত হৈছিল।

(চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল ?
উত্তৰ: লাচিতৰ অধীনত এক লক্ষ সৈন্য আছিল।

(ছ) মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?
উত্তৰ: মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম আছিল কোৱামৃদ্ধ হাজৰিকা।

(জ) মােগলৰ সেনাপতিক চৰাই খােজাৰ দায়ত লাচিত বৰফুকনে কাক লােৱা লগাই থৈছিল?
উত্তৰঃ মােগলৰ সেনাপতিক চৰাই খােজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণ কটকীক লােৱা লগাই থৈছিল

(ঝ) ৰাম সিংহই বীৰ লাচিতক আফুটিৰ সহায়ত কি বুজাবলৈ গৈছিল?
উত্তৰঃ ৰাম সিংহই বীৰ লাচিতলৈ কটকীৰ জৰিয়তে পঠোৱা আফুগুটিৰ টোপােলাৰ জৰিয়তে ইয়াকে বুজাবলৈ গৈছিল যে টোপােলাত আফুগুটি যিমান আছে ৰামসিংহৰ সৈন্য সংখ্যাও সিমান।

(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজাবৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল?
উত্তৰ : লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰাম সিংহলৈ এচুঙা বালি পঠিয়াইছিল।

Class 8 Assamese Chapter 2 Question Answer: শব্দ অৰ্থ

প্রশ্ন ৩। পাঠটোত থকা কঠিন শব্দবােৰৰ অৰ্থ লিখা।
উত্তৰ:

  • সংঘবদ্ধ- একগােট।
  • সামৰিক- ৰণ বা সমৰ সম্পৰ্কীয়।
  • সামাজিক – সমাজ সম্পৰ্কীয়।
  • অর্থনৈতিক- অর্থনীতি সম্পর্কীয়।
  • ৰাজনৈতিক -ৰাজনীতি সম্পৰ্কীয়।
  • ঐতিহাসিক – ইতিহাস সম্পকীয়।
  • দুর্যোগ – বিপদ, বিঘিনি।
  • প্রবৃত্তি- ইচ্ছা, বাসনা।
  • চিৰন্তন- চিৰস্থায়ী, যুগমীয়া।
  • মনােবৃত্তি- চিন্তাধাৰা; বিচাৰ।
  • দেশপ্রেম- দেশক ভাল পােৱা।
  • এনয়-এনেকুৱা।
  • মৃত্যুপণ- মৰিম বুলি কৰা প্রতিজ্ঞা।
  • আমূলে- মূল বা শিপাসহ
  • আত্মকল- নিজৰ ভিতৰতে লগা হাই-কাজিয়া।
  • উৎপাটন- উঘালি অনা।
  • আহিলা-পাতি- জা-যােগাৰ, সা-সৰঞ্জাম।
  • আহহাপুৰুষাৰ্থ – চেষ্টা।
  • প্রলোভন -লােভ জন্মােৱা কার্য।
  • লােৱা লগাই- শিকলিৰে বান্ধি।
  • সাউৎকৰে- তৎক্ষণাত।

৪) পাঠত থকাৰ দৰে সংলাপবােৰ লিখা

(ক) কথাৰ যুদ্ধৰে বলে নােৱাৰি ৰাম সিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে ৰণুৱাসকলক কি কৈছিল?
উত্তৰ: জ্বৰৰ গাৰে লাচিত বৰফুকনে ৰণুৱাসকলক এনেদৰে কৈছিল— “অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছে, তাতে শটো থ’বা। নাইবা মােক বঙালে ধৰি লৈ যাওক, তােমালােক সুখেৰে ঘৰলৈ উভতি যােৱা।”

(খ) অসম এৰি যােৱা সময়ত ৰাম সিংহই অসমক প্রশংসা কৰি কি কৈছিল?
উত্তৰ: অসম এৰি যােৱা সময়ত ৰাম সিংহই অসমক প্রশংসা কৰি এনেদৰে কৈ গৈছিল— “ধন্য ৰজা, ধন্য মন্ত্রী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলাে সৈন্য চলায়, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।”

(গ) কোনােবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গােসানীলৈ সেৱা কৰি কি ঘােষণা কৰিছিল?
উত্তৰ: বীৰ লাচিত বৰফুকনে কামাখ্যা গােসাঁনীলৈ সেৱা কৰি এনেদৰে ঘােষণা কৰিছিল—“যুদ্ধৰ কামত পাছ হুহকিলে মই এই হেংদাঙেৰে দুডােখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।”

(ঘ) বৰ আই কুঁৱৰীয়ে কাপােৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল?
উত্তৰঃবৰ আই কুঁৱৰীয়ে কাপােৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক এনেদৰে উপদেশ দিছিল- “বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ’ব। ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হােৱাটো নিশ্চয়।”

৫) বহলাই লিখা—

(ক) যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়ােজন আছে লিখা।
উত্তৰঃ যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলা-পাতিৰ বাহিৰেও বেছিকৈ প্রয়ােজন সৈনিকবৃন্দ আৰু সমগ্র জাতিৰ স্বার্থহীন মনােবৃত্তি, কর্ম নিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। যুদ্ধত স্বার্থ ৰাখি কাম কৰিলে, কৰ্মৰ প্ৰতি একাগ্রতা নাথাকিলে আৰু যুদ্ধ জয়ৰ প্রতি তীব্র হেঁপাহ নাথাকিলে সৈনিকবৃন্দ আৰু সমগ্র জাতিৰ মনােবল তথা সাহসেই নাইকিয়া হৈ যাব আৰু যুদ্ধ জয় কৰিব নােৱাৰিব।

(খ) সেনাপতি কোৱমৃদ্ধা হাজৰিকাই কি কৌশলেৰে মােগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বর্ণনা কৰা।
উত্তৰ : মােগল সৈন্যই শৰাইঘটীয়া সেনাপতি কোৱামৃদ্ধা হাজৰিকাক নাৱেৰে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক’লে। চাৰিওফালে মােগলৰ নাও, মাজতে কোৱামৃদ্ধাৰ নাও। হাজৰিকাই ক’লে – ‘মই নাচিম। ঢােল-মৃদংগ-খঞ্জৰী নাই, তােমালােকে চাপৰি মাৰা।’ নাৱৰ বৈঠাৰ পৰা হাত এৰি মােগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱামৃদ্ধই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে টোৱাবলৈ। নাচোনৰ ছেও দেখি বঙালৰ সৈন্য মচণ্ডল হ’ল। এই ছেগতে কোৱামৃদ্ধা নাওখন সাউৎকৰে আঁতৰি গ’ল। মােগলে বৈঠা মাৰিনাও ভিৰাই তেওঁক খেদিবলৈ যাে-জা কৰোঁতেই অসমীয়া সেনা নিজৰ ঠাই পালেহি। এনে কৌশলেৰে কোৱামৃদ্ধ হাজৰিকা মােগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল।

(গ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবােৰ লিখা।
উত্তৰ: শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবােৰ হ’ল— সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়ােজন, সুদৃঢ় নিয়মানুবর্তিতা, বিপদত ধৈর্য, সংকটত নির্ভীকতা, আমূলে দুর্নীতি দমন, দেশৰ মংগলৰ কার্যত সম্পূর্ণ আত্মবিলােপ আৰু স্বার্থ ত্যাগ, আৰু আত্মকলৰূপী বিষবৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে-ঠেঙুলিয়ে উৎঘাটন।

৬) প্রসংগ সংগতি দর্শাই বুজাই লিখা

(ক) অগ্নি, সর্প আৰু প্রলােভন, —এই তিনি একে ধৰণেৰে বিষাক্ত।
উত্তৰ : এই বাক্যটি বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞা ডাঙৰীয়াৰ যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। অসমীয়া কটকী ৰামচৰণ মােগল সেনাপতি, ফন্দিয়ক ৰামসিংহৰ প্রলােভনত পৰা প্রসংগত কথাষাৰ কোৱা হৈছিল।

ফন্দিয়ক ৰামসিংহই অসমীয়া কটকী ৰামচৰণ আৰু নিমক লগ পাই প্রলােভিত কৰাৰ বাবে ৰাজপুতনাৰ পিনৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কাঠৰ চৰাইৰ সেই নাচ দেখি প্রলােভিত হৈ ৰামচৰণে ৰামসিংহৰ পৰা এটা চৰাই বিচাৰিছিল। চতুৰ ৰামসিংহই ৰামচৰণক দুটা কাঠৰ চৰাই দি পঠাইছিল। বীৰ সেনাপতি লাচিত বৰফুকনে এই কথা গম পাই কটকী ৰামচৰণৰ প্রতি অসন্তুষ্ট আৰু ক্রোধান্বিত হৈ পৰিছিল। কিয়নাে বৰফুকনে জানিছিল যে অগ্নি, সর্প আৰু প্রলােভন এই তিনিওটাই সমানে বিষাক্ত আৰু ধ্বংসকাৰী। কটকীৰামচৰণ ৰামসিংহৰ প্রলােভনত পৰা মানেই অসমীয়া সেনাবাহিনীয়ে বিষময় ফল ভােগ কৰা হ’ব। কটকী ৰামচৰণৰ যােগে মােগল সেনাই অসমীয়া সেনাবাহিনীৰ গােপন তথ্যৰ সম্ভেদ পাব। সেইবাবে প্রলােভনৰ উপক্রম দেখি, বিষাক্ত প্রলােভনক পুলিয়ে-পােখাই নির্মূল কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে কটকী ৰামচৰণক লােৱা লগাই থৈ শাস্তি দিছিল। সেনাপতি বৰফুকনৰ এই কার্যই অসমীয়া সেনাবাহিনীক সম্ভাব্য অঘটনৰ পৰা ৰক্ষা কৰিছিল।

(খ) বাৰীৰ ভিতৰৰ পুখুৰী সিচোতেও আঠোটা-দহােটা মানুহক শিঙিয়ে বিন্ধে।
উত্তৰ: বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞাদেৱৰ যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা এই বাক্যটি লােৱা হৈছে। অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনে আলাবৈৰ যুদ্ধত মৃত্যু ঘটা দহ হাজাৰ সৈন্যৰ প্রতিজনেই একো একোটা হাতীৰ দৰে আছিল বুলি সেই বিষাদ বাতৰি স্বৰ্গদেৱক জনাব বিচাৰিছিল। তেতিয়া ৰাজমন্ত্রী আতন বুঢ়াগােহাঁই ডাঙৰীয়াই বৰফুকনক বাধা দি যুক্তি প্রদর্শনসূচক এই কথাষাৰ কৈছিল।

গভীৰভাৱে বিবেচনা নকৰাকৈয়ে আহােম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰণ কৰিবলৈ নির্দেশ দিয়াৰ পৰিণতিত আলাবৈৰ ৰণত একে দিনাই দহ হাজাৰ অসমীয়া সৈন্য নিপাত হৈছিল। এনে ঘটনাত সেনাপতি লাচিত বৰফুকনে খেদ প্রকাশ কৰি কৈছিল তেওঁৰ একোজন সৈন্য একোটা হাতীৰ দৰেই শক্তিশালী আছিল। দুখত ম্রিয়মাণ বৰফুকনে সেই বিষাদবাতৰি স্বৰ্গদেৱক দিব বিচাৰিছিল।বৰফুকনৰ তেনে কার্যই স্বৰ্গদেৱৰ চিন্তা আৰু কামৰ খুঁত দেখুৱাই দিয়াৰ শংকা কৰি ৰাজমন্ত্রী আতন বুঢ়াগােহাঁই ডাঙৰীয়াই বৰফুকনক সান্ত্বনাৰ বুজনি দি কৈছিল যে বাৰীৰ ভিতৰত সাধাৰণ পুখুৰী এটা সিঁচিলেও আঠ-দহজন মানুহক শিঙিয়ে বিন্ধি আঘাত কৰে। গতিকে যুদ্ধ এখনত কিছুসংখ্যক মানুহৰ মৃত্যু হােৱাটো একো অস্বাভাৱিক নহয়। তাকে লৈ আক্ষেপ কৰাও উচিত নহয় আৰু সেই কথা স্বৰ্গদেৱক জনােৱাৰাে প্রয়ােজন নাই বুলি ঘটনাৰ গুৰুত্ব কমাই বুঢ়াগােহাঁই ডাঙৰীয়াই বৰফুকনক সান্ত্বনা দিছিল।

(গ) সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।
উত্তৰ: বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞাদেৱৰ যুগমীয়া শৰাইঘাট’ নামৰ পাঠৰ পৰা উক্ত বাক্যটি লােৱা হৈছে। লাচিত বৰফুকনৰ দিনৰ শৰাইঘাট আৰু আজিৰ শৰাইঘাটৰ প্ৰসংগত কথাষাৰ উল্লেখ কৰা হৈছে।
প্রবল পৰাক্ৰমী মােগল সেনাপতি ৰামসিংহৰ আক্রমণ প্রতিৰােধ কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে শৰাইঘাটত গুৱাহাটী আৰু অসম দেশ, অসমৰ ৰজা আৰু প্ৰজাৰ ৰক্ষাৰ হকে ৰণ কৰিবলগীয়া হৈছিল। বীৰ সেনাপতি লাচিত বৰফুকনৰ সুচিন্তিত, সুশৃংখলিত, সুদক্ষ পৰিচালনাৰ ফলতে শৰাইঘাটৰ ৰণত অসমৰ জয় আৰু মােগলবাহিনীৰ শােচনীয় পৰাজয় ঘটিছিল। গভীৰভাৱে বিবেচনা নকৰাকৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰণ কৰিবলৈ নির্দেশ দিয়াৰ ফলত আলবৈৰ যুদ্ধত এদিনতে দহ হাজাৰ সৈন্য নিপাত হােৱাত সেনাপতি বৰফুকনে বৰ বেজাৰ পাইছিল। আলবৈৰ ৰণৰ দৰে নহ’বৰ বাবে শৰাইঘাটৰ ৰণলৈ তিনিবছৰীয়া পূর্ব প্রস্তুতিৰে আগবাঢ়িছিল। সুবিবেচিতভাৱে কাৰ্যপন্থা নিৰূপণ, ক্ষিপ্রতাৰে কার্যপন্থা গ্রহণ আৰু সম্পাদন শৰাইঘাটৰ ৰণত অসমীয়াৰ প্ৰয়ােজন আছিল। উপযুক্ত সামৰিক শক্তিৰে তেতিয়াৰ শৰাইঘাট সুৰক্ষিত কৰাৰ প্ৰয়ােজন আছিল। কাৰণ তেতিয়াৰ শৰাইঘাটৰ মূল সমস্যা আছিল সামৰিক ৰক্ষণাবেক্ষণ। সেই সময়ৰ শৰাইঘাট আজিৰ সময়ত নাই যদিও এখন শৰাইঘাট আজিও আছে যাৰ সমস্যা সামৰিক নহয় বৰং সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, ঐতিহাসিক আৰু শৈক্ষিক। এই সমস্যাবােৰৰ সুসমাধানে এতিয়াৰ শৰাইঘাট, এতিয়াৰ ৰাইজ, এতিয়াৰ দেশ ৰক্ষা কৰিব পাৰিব। সেই কাৰণেই অর্থপূর্ণভাৱে কোৱা হৈছে ‘শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।

(ঘ) আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হ’ব।
উত্তৰঃ উক্ত বাক্যটি বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞা ডাঙৰীয়াৰ যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা লােৱা হৈছে। অগণন সৈন্য-সামন্ত লগত লৈ অসম আক্ৰমণ কৰিবৰ বাবে মােগল বাদজাহ ঔৰজেৰ সেনাপতি ৰামসিংহই অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনলৈ আফুটিৰ টোপােলা পঠিয়াই নিজৰ সৈন্য সামন্তৰ সংখ্যাৰ সম্ভেদ দি লাচিতক ভয় দেখুৱাব খােজাৰ উত্তৰত লাচিতে উক্ত কথাষাৰ কৈছিল।

মিৰজুমলাই গুৱাহাটী অধিকাৰ কৰি উভতি যােৱাৰ পিছত অসমে পুনৰ গুৱাহাটী উদ্ধাৰ কৰিছিল। মােগল বাছাহ ঔৰংজেৱে এই বাতৰি পাই অম্বৰৰ ৰজা ৰামসিংহক মােগলবাহিনীৰ সেনাপতি পাতি লগত অসংখ্য সৈন্য-সামন্ত দি অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। নিশ্চিত বিজয়ৰ আশা বুকুত বান্ধি ৰামসিংহ সগৌৰৱে শৰাইঘাটত উপস্থিত হৈ নিজৰ সৈন্যবাহিনীৰ সংখ্যা আৰু শক্তিৰে বৰফুকনক ভয় খুৱাবৰ বাবে কটকীৰ হাতত আফুগুটিৰ টোপােলা পঠাইছিল। ৰামসিংহই হয়তাে ভাবিছিল মােগলৰ বিশাল বাহিনীৰ সম্ভেদ পালে ভয়ত লাচিতে বিনা যুদ্ধে গুৱাহাটী এৰি দিব। ৰামসিংহৰ সেই দম্ভালিৰ সমুচিত উত্তৰ দি লাচিতে কটকীৰ হাতত এচুঙা বালি পঠাই কৈ পঠাইছিল যে আফুটি পটাত পিহিলে পানী হৈ যাব; কিন্তু বালিৰ কোনাে পৰিৱৰ্তন বা বঢ়া-টুটা নহ’ব। ৰীৰ সেনাপতি লাচিত বৰফুকনৰ সুচিন্তিত, সুসংগঠিত, দৃঢ় শংখলিত আৰু সুপৰিচালিত শৰাইঘাটৰ ৰণত আফুগুটিৰ দৰে অগণন মােগল সৈন্যবাহিনীক বাৰুকৈ পৰাস্ত কৰি মােগলক বীৰত্বৰ পৰিচয় দিছিল আৰু নিজে কোৱা কথাৰ মর্যাদা কাললৈ ৰক্ষা কৰিছিল। পৰাজিত ৰামসিংহ উভতি যােৱাৰ সময়ত এজন মাত্র মানুহে নিখুঁতভাৱে সমগ্র সৈন্যবাহিনী পৰিচালনা কৰা দক্ষতাৰ প্রশংসা কৰি গৈছিল।

(ঙ) এই সমস্যাবােৰ ভালৰূপে সমাধান নহ’লে অসমৰ অস্তিত্বলৈ টনাটনি হ’ব।
উত্তৰঃ উক্ত বাক্যটি বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞা ৰচিত ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা লােৱা হৈছে। তাহানিৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ দিনৰ শৰাইঘাটৰ সৈতে জড়িত দেশ, ৰাইজ বা ৰজাক ৰক্ষা কৰাৰ সমস্যা আৰু এতিয়াৰ শৰাইঘাটৰ সৈতে জড়িত দেশ ৰক্ষাৰ সমস্যা একে নহয়। এই সন্দৰ্ভত কথাষাৰ কোৱা হৈছে।

হওঁতে বীৰ সেনাপতি লাচিত বৰফুকনৰ দিনৰ শৰাইঘাট আজি নাই। কিন্তু তথাপি শৰাইঘাট থকা বুলি প্রবন্ধকাৰে উল্লেখ কৰিছে। এই কথাষাৰ তাৎপর্যপূর্ণভাৱে কোৱা হৈছে। তেতিয়াৰ শৰাইঘাট দেশ ৰক্ষাৰ দুৱাৰ বা ঘাটি আছিল। অসম দেশ আক্রমণকাৰীসকলক প্রতিহত কৰা সামৰিক সমস্যাই আছিল তেতিয়াৰ শৰাইঘাট তথা অসম দেশৰ সমস্যা। তেতিয়াৰ শৰাইঘাট আৰু অসম দেশ ৰক্ষা কৰাৰ বাবে প্রয়ােজন আছিল সামৰিক দক্ষতা আৰু লাচিত বৰফুকনে জান-প্রাণ দি তাৰেই চেষ্টা কৰিছিল। তেতিয়াৰ শৰাইঘাট বর্তমান নাথাকিলেও শৰাইঘাট প্ৰমুখ্যে অসম দেশৰ সমস্যা সমাধানৰ ৰণখন আজিও আছে। আধুনিক শৰাইঘাট অথবা অসমৰ সমস্যা সমাধানৰ ৰণ তেতিয়াৰ শৰাইঘাটৰ ৰণৰ দৰেই গুৰুত্বপূর্ণ। পার্থক্য ইমানেই যে তেতিয়াৰ দেশ ৰক্ষাৰ মূল আছিল সামৰিক সমাধান। কিন্তু এতিয়াৰ সমস্যা হৈছে ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, ঐতিহাসিক, শৈক্ষিক, সাংস্কৃতিক আদি বিবিধ। সুচিন্তিত, সুবিবেচিতভাৱে সঠিক কার্যব্যৱস্থা নিৰূপণ আৰু তাৰ ক্ষিপ্র সমাধানে শৰাইঘাটৰ যুদ্ধত বিজয়ী কৰাৰ দৰেই আজিও তেতিয়াৰ সেনাপতি বৰফুকনস্বৰূপ দেশীয় চৰকাৰে সুচিন্তিতভাৱে আৰু ক্ষিপ্রতাৰে দেশৰ সমস্যাবােৰ সমাধান কৰিব নােৱাৰিলে দেশৰ অস্তিত্ব সংকটাপন্ন হ’ব বুলি কোৱা হৈছে। সমস্যা সমাধানৰ ৰণখনৰ বাবেই শৰাইঘাট আজিও আছে বুলি প্রবন্ধকাৰে কৈছে।

Class 8 Assamese Chapter 2 Question Answer: খ – ভাষা অধ্যয়ন

৭) তলত দিয়া শব্দবােৰত কিয় মূর্ধন্য ণ হয় বা কিয় মূর্ধন্য ণ নহয়: পৰিণাম, পৰিধান, পৰিমাণ, প্রণাম, প্রার্থনা, বিশেষণ, কৃপণ, নির্ণয়, পাষাণ, শ্ৰৱণ,তৰাণি, নৰানি, ফেৰেঙনি, ৰামায়ণ।
উত্তৰ: ঋ, ৰ আৰু যৰ পাছত থকা দন্তন্য ন বােৰ মূর্ধন্য ণ হয়। আনহাতে ঋ, ৰ, য আৰু নৰ মাজত কোনাে স্বৰবৰ্ণ বা ক আৰু প-বর্গৰ কোনাে বর্ণ বা য, র, হ বা অনুস্বাৰ থাকিলেও ন মূর্ধন্য হয়।
এই ণত্ববিদিৰ নিয়ম অনুসাৰেই পৰিণাম, পৰিমাণ, প্রণাম, বিশেষণ, কৃপণ, নির্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ ন-বােৰ মূর্ধন্য ণ হৈছে।
ওপৰােক্ত নিয়ম কেৱল সংস্কৃত মূলীয় শব্দতহে খাটে আৰু ওপৰত উল্লেখিত শব্দবােৰ সংস্কৃতমূলীয় শব্দ কাৰণেই সেই নিয়মত পূৰ হৈছে। কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰ পৰিধান, তৰানি, নাৰানি, আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূর্ধন্য ণ নহয়।

৯) তলৰ শব্দবােৰৰ সন্ধি ভাঙি কি সন্ধি নাম লিখা ?
উত্তৰ পৰীক্ষা = পৰি + ঈক্ষা – স্বৰ সন্ধি।
দৈনিক= দিন + ইক ব্যঞ্জন সন্ধি। – স্বৰ সন্ধি।

ইয়াৰ আগেয়ে আমি সন্ধি ভংগ বা সন্ধি পতা এই দুয়োটা বিষয়ত সবিশেষ আলোচনা কৰিছোঁ, আপুনি যদি পঢ়া নাই তেন্তে লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Additional Question Answer: Class 8 Assamese Chapter 2 Question Answer

(ক) অতীতৰ শৰাইঘাটৰ সমস্যাবােৰ কি আছিল ?
উত্তৰঃ অতীতৰ শৰাইঘাটৰ সমস্যাবােৰ সামৰিক।

খ) ৰাম সিংহ অসমলৈ কিয় আহিছিল?
উত্তৰ : ৰাম সিংহ অসমলৈ অসম আক্ৰমণ কৰি অসমক মােগল সম্রাটৰ অধীন কৰিবলৈ আহিছিল।

গ) ৰাম সিংহ কোন আছিল?
উত্তৰঃ ৰামসিংহ ৰাজপুত ৰজা আৰু মােগল সম্রাট ঔৰংজেৱৰ সেনাপতি আছিল।

ঘ) বর্তমান শৰাইঘাটৰ সমস্যাবােৰ কি?
উত্তৰ : বর্তমান শৰাইঘাটৰ সমস্যাবােৰ হ’ল সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক।


শেষ বাক্য

আজিৰ আলোচনাত আমি প্ৰয়াস কৰিলোঁ Class 8 Assamese Chapter 2 Question Answer আগবঢ়াবলৈ। আপুনি যদি আমাৰ কামত সন্তুষ্ট তেন্তে এই পাঠসমূহ আনৰ সৈতে ভাগ বতৰা কৰক আৰু আপুনি যদি এতিয়াও Class 8 Assamese Chapter 2 Question Answer ত কিবা বুজি পোৱাত অসুবিধা পাইছে তেন্তে Assamese Medium Facebook PageFollow কৰি জনাব পাৰে। আমি যথা সময়ত ইয়াৰ সমাধান কৰিবলৈ প্ৰয়াস কৰিম।

Leave a Comment