Class 7 Assamese Chapter 5 Question Answer

Class 7 Assamese Chapter 5 Question Answer তথা সপ্তম মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ পঞ্চম অধায় “বিজ্ঞান আৰু আমাৰ মানসিকতা” প্ৰশ্ন উত্তৰ আজি আমি আপোনালোকৰ বাবে আলোচনা কৰিব গৈ আছো।

ইয়াৰ আগতে আমি Class 7 Assamese ৰ আন আন অধ্যায় সমূহৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো। আপুনি বিচাৰিলে তলত উল্লেখ কৰা লিংকত ক্লিক কৰি পঢ়িব পাৰে আৰু নিজকে Final Exam ৰ বাবে ১০০% নম্বৰ পাবলৈ প্ৰস্তুত কৰিব পাৰে-

Class 7 Assamese Chapter 5 Question Answer 2023

আগৰ দৰেই আমি এইবেলি আপোনালোকৰ বাবে Class 7 Assamese Chapter 5 Question Answer ৰ আলোচনাত পাঠ্যপুথিত উল্লেখ কৰা অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। তেন্তে আহক, কোনো সময় নষ্ট নকৰাকৈ আজি আমি Class 7 Assamese Chapter 5 Question Answer আলোচনা কৰোঁ।

Class 7 Assamese Chapter 5 Question Answer

‘ক’ পাঠভিত্তিক ক্রিয়া

১। ছাত্র – ছাত্রীসকলে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ চেষ্টা কৰিবা ।

২। উত্তৰ দিয়া

ক) ছিটা সম্পর্কে প্ৰচাৰ হােৱা উৰা বাতবিটো কি মাধ্যমৰ যােগেদি প্ৰচাৰ হৈছিল ?
উত্তৰঃ ছিটা সম্পর্কে উৰা বাতৰিটো ভ্রাম্যভাষ ( ম’বাইল ) ৰ যােগেদি প্রচাৰ হৈছিল ।

খ) বুধবাৰে ছাত্র ছাত্রীসকল স্কুললৈ কিয় অহা নাছিল ?
উত্তৰঃ বুধবাৰে ছিটা দিয়া মানুহে ধৰি নি ছিটা দিব বুলি ভয়তে ছাত্র – ছাত্রীসকল স্কুললৈ অহা নাছিল।

গ) বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ কোন আহিছিল ?
উত্তৰঃ বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ চিকিৎসক ৰতন পায়েং আহিছিল ।

৩। চমু উত্তৰ লিখা

( ক ) ভ্রাম্যভাষ’ত অহা উৰা বাতৰিটোত ছিটা ল’লে কি হ’ব বুলি কৈছিল ?
উত্তৰঃ ভ্রাম্যভাষ’ত অহা উৰা বাতৰিটোত ছিটা ল’লে ছিটা ল’লে শিশুসকলৰ ভীষণ অপকাৰ হ’ব বুলি কৈছিল ।

(খ) জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিবেশ আনদিনাতকৈ কি বেলেগ দেখিছিল ?
উত্তৰঃ জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়লৈ গৈ দেখিলে ছিটা লােৱাৰ ভয়ত কোনাে ল’ৰা – ছােৱালী বিদ্যালয়লৈ অহা নাই । আনদিনা ল’ৰা – ছােৱালীৰে ভর্তি হৈ থকা বিদ্যালয়খন একেবাৰে খালী হৈ থকা দেখিছিল ।

(গ) সংক্রামক ৰােগ আৰু প্রতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কি কৈছিল ?
উত্তৰঃ সংক্রামক ৰােগ আৰু প্ৰতিৰােধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল— “ অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্রৱেশ কৰে । কিছুমান শক্তিশালী বীজাণুয়ে পলিঅ’, জলাতংক, ইনফ্লুয়েঞ্জা, হেপাটাইটিছ আদি ৰােগৰ সৃষ্টি কৰে । সেইবােৰ বীজাণুৱে মানুহৰ দেহৰ ৰােগ প্ৰতিৰােধ ক্ষমতা সহজে হ্রাস কৰে । ছিটা প্রয়ােগ কৰি এই ভয়ানক বীজাণুবােৰৰ সংক্রমণ ৰােধ কৰিব পাৰি । উপযুক্ত সময়ত শৰীৰত ছিটা প্রয়ােগ কৰি আমাৰ শিশুসকলৰ ৰােগ প্ৰতিৰােধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্রয়ােজন ।

(ঘ) উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিবেশ সলনি কৰিছিল ?
উত্তৰঃ ছিটা ল’লে শিশুসকলৰ অপকাৰ হ’ব , এই উৰা বাতৰিটোৱে ৰতনপুৰ গাৱৰ শিশুসকলক বৰ ভয় খুৱাই ছিল আৰু ল’ৰা – ছােৱালীৰ পিতৃ – মাতৃ , অভিভাৱকসকলে বুধবাৰে ছিটা দিয়া মানুহ স্কুললৈ আহিব বুলি নিজৰ নিজৰ ল’ৰা ছােৱালীক সেইদিনা স্কুললৈ নপঠোৱাৰ সিদ্ধান্ত লৈছিল । ৰতনপুৰ গাঁওখনত উৰা বাতৰিটো কাৰণে ভয়ৰ পৰিবেশ এটা বিয়লি পৰিছিল ।

(ঙ) প্রধান শিক্ষক মহােদয়ে ছিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল ?
উত্তৰঃ প্রধান শিক্ষক মহােদয়ে ছিটাৰ বিষয়ে জনাবলৈ চিকিৎসকজনৰ লগত আলােচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয় চৌহদতে এখন জৰুৰী সভা পতাৰ ব্যৱস্থা কৰিছিল ।

৪। উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত এনেদৰে অর্থ মিলােৱা হ’ল-

উত্তৰঃ-
শব্দ অৰ্থ
হাত                                         নিৰ্দিষ্ট  দিনত বহুত মানুহ গোট খাই কিনা – বেচা  কৰা ঠাই।
প্ৰাঙ্গণ                                        চোতাল।
বীজাণু                                         ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱণু । 
সংক্ৰামক                                    এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা, সোঁচৰা ।
প্ৰতিৰোধ                                      বাধা।
পুস্তিকা                                        সৰু কিতাপ ।

৫। শংকৰ , তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হােৱা নাই কিয় ?
উত্তৰঃ কথাষাৰ জংকীয়ে সহপাঠী শংকৰক কৈছিল । জংকী বিদ্যালয়লৈ গৈ বিদ্যালয়ত কোনাে ল’ৰা – ছােৱালী নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰলৈ গৈ শংকৰেও বিদ্যালয়লৈ যাবলৈ তেতিয়াও সাজু নহৈ খেলি থকা দেখি জংকীয়ে শংকৰক এনেদৰে কৈছিল ।

৬। উৰাবাতৰিসমূহ সমাজৰ বাবে একপ্রকাৰ সোঁচৰা ৰােগ ।’— কথাষাৰৰ বিষয়ে দলত আলােচনা কৰি নিজৰ নিজৰ মতামত প্রকাশ কৰা ৷
উত্তৰঃ কথাষাৰৰ বহল তার্থ এনেকুৱা— সোঁচৰা ৰােগবােৰৰ প্ৰতিবােধ নকৰিলে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যায় । এইদৰেই সকলাে মানুহৰ মাজতেই এইৰােগ বিয়পি পৰে । ঠিক তেনেদৰে উৰাবাতৰিবােৰো এজনৰ কাণৰ পৰা আন এজনৰ কাণলৈ যায় আৰু সেই মিছা তথা উৰাবাতৰিটোকে সঁচা বুলি ভাবি বা পতিয়ন গৈ গােটেই গাঁও , অঞ্চলতে বিয়পি পৰে । সোঁচৰা ৰােগে যিদৰে সকলােকে অন্যায় কৰিব পাৰে , মাৰিব পাৰে , সেইদৰে মৃত্যুৰ মুখতাে পেলাব পাৰে । উৰাবাতৰিয়ে ব্যক্তি আৰু সমাজৰ দাৰণ অপকাৰ কৰিব পাৰে , – আনকি কাবােবাক মৃত্যুৰ মুখতো পেলাব পাৰে ।

‘খ’ ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

৭। তলৰ দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা– দলং , ৰং , কলং , শিং
উত্তৰঃ
দলং: ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং আছে ।
ৰং: ৰং দিয়া মিঠাই নাখাবা ।
কলং: কলং এখনি নদীৰ নাম ।
শিং: গৰুৰ শিং আছে ।

৮। এটা শব্দত প্ৰকাশ কৰা

(ক) যি একেলগে পঢ়ে ……………….।
উত্তৰঃ সহপাঠী ।

(খ) যি জানিবলৈ ইচ্ছা কৰে ……………..।
উত্তৰঃ জিজ্ঞাসু ।

(গ) গাঁৱৰ মুখিয়াল ………………।
উত্তৰঃ গাঁওবুঢ়া ।

(ঘ) কাৰাে পক্ষ নােলােৱা ……………..।
উত্তৰঃ নিৰপেক্ষ ।

(ঙ) এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যােৱা ৰােগ ………….. ।
উত্তৰঃ সংক্রামক ।

৯। বিপৰীতার্থক শব্দ লিখা— আৰম্ভ, উপস্থিত, অপকাৰ, বাদ, দিন, মান্তি
উত্তৰঃ

শব্দবিপৰীতার্থক শব্দ
আৰম্ভশেষ , সামৰণ ।
উপস্থিতঅনুপস্থিত ।
অপকাৰউপকাৰ ।
বাদবিবাদ ।
দিন ৰাতি ।
মান্তিঅমান্তি ।

গ – জ্ঞান সম্প্ৰসাৰণ

১০। প্রশ্নত দিয়া মতে ( পাঠ্যপুথিত ) ছবি চাই , দফাটো পঢ়ি ‘ং ’আৰু ‘ঙ’ৰ ব্যৱহাৰ শিকি লােৱা ।

শংকৰৰ বান্ধৱীৰ নাম জংকী। জংকীৰ ঘৰ কলঙৰ পাৰত। কলং নৈৰ ওপৰত দলং আছে। কলঙেদি টুলুঙা নাও চলে। সেই নাৱত উঠি মাছমৰিয়াই মাছ মাৰে। দলঙৰ পৰা শংকৰহঁতে মাছ ধৰা চাই বৰ ৰং পাইছে। 

জানো আহা-

উৰাবাতৰিঃ বিভিন্ন মাধ্যমৰ মাজেৰে প্ৰচাৰিত হােৱা অপ্রামাণিক উৎসৰপৰা ওলােৱা আৰু সত্যাসত্য নিৰূপণ নােহােৱা তথ্য বা খবৰক উৰাবাতৰি বােলে ।

 উৰাবাতৰি মৌখিক বা লিখিত দুয়ােধৰণৰে হ’ব পাৰে । উৰাবাতৰি মানুহৰ মুখে মুখে, বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপকভাৱে বিয়পি পৰে । এই ধৰণৰ মৌখিক, লিখিত আৰু বৈদ্যুতিন মাধ্যমৰ জৰিয়তে বিয়পা উৰাবাতৰিৰ বাবেই বিভিন্ন ঠাইত অঘটন ঘটিব ধৰিছে । সেইবাবে এনেধৰণৰ মুখে মুখে বাগৰি অহা উৰাবাতৰিৰ পৰা আমি সাৱধান হােৱা উচিত । 

সামাজিক মাধ্যমঃ যি মাধ্যমৰ জৰিয়তে ৰাইজক জড়িত কৰিব পাৰি তাকে সামাজিক মাধ্যম বােলা হয়। ইয়াৰ জৰিয়তে চৌপাশে ঘটি থকা ঘটনাৰ পর্যৱেক্ষণ কৰা হয় । সামাজিক মাধ্যম বুলিলে আমি বাতৰি কাকত, অনাতাঁৰ ( ৰেডিঅ ’ ), দূৰদৰ্শন ( টিভি ) , ভ্রাম্যভাষ ( মােবাইল ), কম্পিউটাৰ, ইন্টাৰনেট, কথাছবি বা চিনেমা, ফেক্স, ই-মেইল ইত্যাদিকে বুজো। বেছিভাগ সামাজিক মাধ্যমৰ ইতিবাচক ভূমিকা অনস্বীকার্য কিন্তু কেতিয়াবা সামাজিক মাধ্যমে নেতিবাচক ভূমিকা লােৱাও দেখা যায়। সেইবাবে সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষক, অভিভাৱক আৰু পিতৃ-মাতৃ সকলােৱে সচেতন হোৱা উচিত।

১১। তােমাললাকে পাঠত পাইছা যে ৰতনপুৰ গাৱত বুধবাৰে সাপ্তাহিক হাট বহে । তােমালােকে জনা এনে হাটৰ বিষয়ে পাঁচশাৰী লিখা ।
উত্তৰঃ বৰপেটা জিলাৰ কলগাচিয়া বজাৰত সপ্তাহত শনিবাৰে হাট বহে। ।তালৈ ওচৰৰ গাঁও আৰু চৰ – চাপৰিৰ পৰা সতেজ শাক – পাচলি বিক্ৰী কৰিবলৈ মানুহ আহে। ইয়াত সকলাে ধৰণৰ বস্তু বেচা – কিনা হয় । বাঁহ – বেতৰ সামগ্ৰীও পোৱা যায় ।

১২। চিকিৎসক পায়েঙে ছিটা প্রয়ােগ কৰাৰ উপকাৰিতাৰ বিষয়ে কোৱা কথাখিনি তুমি তােমাৰ অভিভাৱকৰ আগত কেনেদৰে প্ৰকাশ কৰিবা , দলত আলােচনা কৰি লিখা ।
উত্তৰঃ চিকিৎসক পায়েঙে ছিটা প্রয়ােগ কৰাৰ উপকাৰিতাৰ বিষয়ে ৰাইজক এনেদৰে কৈছিল— “অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্রৱেশ কৰে । কিছুমান শক্তিশালী বীজাণুৱে পলিঅ’, জলাতংক, ইনফ্লুয়েঞ্জা, হেপাটাইটিছ আদি ৰােগৰ সৃষ্টি কৰে । সেইবােৰ বীজাণুৱে মানুহৰ দেহৰ ৰােগ প্ৰতিৰােধ কৰা ক্ষমতা সহজে হ্রাস কৰে । ছিটা প্রয়ােগ কৰি সেই ভয়ানক বীজাণুবােৰৰ সংক্রমণ ৰােধ কৰিব পাৰি । উপযুক্ত সময়ত শৰীৰত ছিটা প্রয়ােগ কৰি আমাৰ শিশুসকলৰ ৰােগৰ প্ৰতিৰােধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্রয়ােজন ।

এইখিনি কথাকে মনত ৰাখি আমাৰ অভিভাৱকক কম যে আমি ছিটা ল’লে আমাৰ গাত হ’ব পৰা ভয়ানক ৰােগবিলাক প্রতিৰােধ কৰাত শক্তি পাব আৰু সেইবােৰ ৰােগৰ বীজাণু সহজে ধ্বংস হ’ব ।

১৩। তােমাৰ অঞ্চলৰ যিকোনাে এটা সমস্যাৰ বিষয়ে বর্ণনা কৰি বাতৰিকাকতত প্ৰকাশৰ বাবে সম্পাদকলৈ এখন চিঠি লিখা ।
উত্তৰঃ মাননীয় সম্পাদক মহােদয় ,
আমাৰ অঞ্চলটো বিভিন্ন সমস্যাৰে জৰ্জৰিত । ঘাইকৈ ইয়াৰ বাট – পথৰ সমস্যাই অঞ্চলটোক সততে জুৰুলা কৰি আহিছে ৷ কেতিয়াবা দুই – এটা বাট – পথ বিভাগীয় কর্তৃপক্ষই মেৰামতি কৰা দেখুৱায় যদিও কাম কৰা সকলে সামান্য কাম কৰি ধন আত্মসাৎ কৰি আঁতৰি যায় । ৰাস্তা – পদূলিৰ এই সমস্যাৰ কাৰণে সকলাে ৰাইজৰে চলা – ফুৰা , যাতায়াত কৰাত ভীষণ অসুবিধা হৈ পৰিছে । খলা – বমা ৰাস্তাত গাড়ী , বাইক , চাইকেল প্রায়ে বাগৰি মানুহ আঘাতপ্রাপ্ত হােৱাৰ উপৰি দুই – চাৰি আৰােহী আৰু পথচাৰীৰ মৃত্যুও হৈছে । বিভাগীয় কর্তৃপক্ষক আবেদন – নিবেদন কৰা হৈছে যদিও এতিয়ালৈ ৰাস্তা – পদূলিবােৰ ভাল কৰিবলৈ কোনাে কাম হাতত লােৱা দেখা নাই ।

এইক্ষেত্ৰত বিহিত ব্যবস্থা গ্রহণ কৰিব আপােনাৰ জনপ্রিয় বাতৰি কাকতৰ জৰিয়তে বিভাগীয় কর্তৃপক্ষৰ দৃষ্টি আকষর্ণ কৰিলোঁ।

ভুক্তভােগী এজন ছাত্র ।

১৪। তুমি যদি কেতিয়াবা উৰা বাতৰিৰে প্রৰোচিত হােৱা তেনেহ’লে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কি উপায় ল’বা ?
উত্তৰঃ উৰা বাতৰিৰ পৰা পৰিত্ৰাণ পাবলৈ ধৈর্যসহকাৰে সেই বাতৰিৰ সত্যাসত্য বিচাৰিম আৰু ৰাইজকো ইয়াত বিচলিত নহ’বলৈ আৰু কোনাে সঁচা – মিছা নজনাকৈ বিশ্বাস নকৰিবলৈ আহ্বান জনাম ।

১৫। পাঠ্যপুথিত দিয়া ছবি চাই কাহিনীটো লিখিলে এনে হ’ব—

উত্তৰঃ কিবা কাৰণত বিদ্যুৎ প্রবাহিত হৈ থকা তাৰ ছিঙি মাটিত পৰি আছে । ই এটা ভয়ানক বিপদৰ কথা । কোনােবাই যদি ক’ব নােৱাৰি সেই পিনে আহি সেই তাৰ স্পর্শ কৰে তেনেহ’লে মৃত্যু মুখত পৰিব । সেই দুটি ল’ৰা – ছােৱালী আহি বিদ্যুৎ প্রবাহিত এই তাৰ দুডাল দেখি ভীষণ ভয় খাইছে আৰু বিদ্যুৎ বিভাগত কামকৰা চৌধুৰী খুড়াকক কথাটো ক’বলৈ ওলাইছে । বৰ ভাল চিন্তা কৰিছে ল’ৰা – ছােৱালী দুটিয়ে । এনে পৰিস্থিতিত তানেও ওচৰৰ বিদ্যুৎ কর্মীক তৎক্ষণাত খবৰ দিব লাগে । বিদ্যুৎ কর্মী আহি নােপােৱা পর্যন্ত জনা মানুহ এজন তাত ৰখীয়া হৈ থাকিব লাগে যাতে আন কোনােৱে আহি তাত বিপদত নপৰে ।

‘ঘ’ প্রকল্প

১৬। উৰাবাতৰি সম্পর্কে সমাজত সজাগতা সৃষ্টিৰ বাবে অভিজ্ঞ ব্যক্তি সহায় লৈ বাটৰ নাট এখন প্রদর্শন কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে চেষ্টা কৰিবা ।

১৭৷ তলত দিয়া আৰ্হিৰ দৰে উৰা বাতৰি সম্পৰ্কত সমাজত সজাগতা সৃষ্টিৰ বাবে প্রত্যেকেই দুটামান শ্লোগান লিখা ।
উত্তৰঃ পাঠ্যপুথিত দিয়া আৰ্হি মতে উৰা বাতৰি সম্পৰ্কত এনেধৰণৰ শ্লোগান , লিখিব পৰা যায়-
উৰা বাতৰিক বিশ্বাস নকৰিবা ।
উৰা বাতৰিৰ সত্যাসত্য বিচাৰি কৰি চোৱা ।
উৰা বাতৰিয়ে সমাজৰ অন্যায় কৰে ।

অতিৰিক্ত চমু প্রশ্নোত্তৰ

(১) জংকী কোন বিদ্যালয়ৰ ছাত্ৰী আছিল ?
উত্তৰঃ ৰতনপুৰ গাঁৱৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল ৷

(২) ৰতনপুৰ গাঁৱৰ সাপ্তাহিক হাটখন কোন বাৰে হয় ?
উত্তৰঃ বুধবাৰে হয়৷

(৩) কি বাতৰিয়ে গাঁৱৰ বহুত অভিভাৱকক বিমোৰত পেলাইছিল?
উত্তৰঃ আগদিনাখন বিদ্যালয়ৰ জাননী ফলকত পোৱা ছিটা দিয়াৰ বাতৰিটোৱে বহুত অভিভাৱকক বিমোৰত পেলাইছিল।

(৪) জংকীৰ মাক-দেউতাক কি কথাত চিন্তিত হৈছিল?
উত্তৰঃ ভ্ৰাম্যভাষৰ জৰিয়তে অহা বাতৰিটোত ছিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথা উল্লেখ থকাৰ কাৰণে।

(৫) জংকীয়ে বাটত কাক লগ পোৱা নাছিল ?
উত্তৰঃ কমল আৰু জেনিথক লগ পোৱা নাছিল।

(৬) জংকীৰ ভৰি দুখন কেনে আছিল?
উত্তৰ: জংকীৰ ভৰি দুখন কৃত্রিম আছিল।

(৭) জংকীয়ে বিদ্যালয়লৈ গৈ খেলপথাৰ শ্ৰেণীকোঠা আদিত লগৰীয়াবোৰক নেদেখি কাৰ ঘৰ পালেগৈ?
উত্তৰঃ বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰ পালেগৈ ৷

(৮) শংকৰক বিদ্যালয়লৈ যাবলৈ কোনে মানা কৰিছে বুলি শংকৰে জংকীক কৈছিল?
উত্তৰঃ শংকৰৰ মাকে মানা কৰিছে বুলি কৈছিল।

(৯) “তুমিও ঘৰলৈ সোনকালে উভতি যোৱা, নহ’লে তোমাক ছিটা দিবলৈ অহা মানুহে ধৰি নি ছিটা দিব।” – কথাষাৰ কোনে কাক কৈছিল।
উত্তৰঃ কথাষাৰ শংকৰে জংকীক কৈছিল।

(১০) জংকীয়ে শংকৰক লৈ খৰখেদাকৈ কাৰ ওচৰলৈ গৈছিল?
উত্তৰঃ নীলিমা খাতুন বাইদেউৰ ওচৰলৈ।

(১১) প্রধান শিক্ষকজনৰ নাম কি আছিল ?
উত্তৰ : প্রধান শিক্ষকজনৰ নাম বিনোদ ওবাং আছিল।

(১২) চিকিৎসকজনৰ নাম কি আছিল ?
উত্তৰ: চিকিৎসকজনৰ নাম ৰতন পায়েং আছিল।

(১৩) বিদ্যালয়ৰ সহযোগী কর্মীজনৰ নাম কি আছিল?
উত্তৰঃ বিদ্যালয়ৰ সহযোগী কর্মীজনৰ নাম হৰিধন আছিল।

(১৪) ” আপুনি আমাক বীজাণুৰ সংক্ৰমণ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে কিছু জনালে আমি লাভৱান হ’ম।”
উত্তৰঃ গাঁওবুঢ়াই চিকিৎসক ৰতন পায়েঙক কৈছিল।

(১৫) ছিটা প্ৰয়োগ কৰিলে কি হয়?
উত্তৰ ঃ ছিটা প্ৰয়োগ কৰিলে কিছুমান ভয়ানক ৰোগৰ বীজাণুবোৰৰ সংক্রমণ ৰোধ কৰিব পাৰি৷

(১৬) প্রধান শিক্ষক মহোদয়ৰ পৰামর্শ অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে কি কৰিলে ?
উত্তৰ ঃ পাছদিনা পুৱা বিদ্যালয়ৰ সকলো ছাত্র-ছাত্রীয়ে বংমনে যথাসময়ত ছিটা লোৱাৰ বাবে উপস্থিত হ’ল।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment