ADVERTISEMENT

Class 7 Assamese Chapter 1 Question Answer

আপুনি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 7 ৰ শিক্ষাৰ্থী নেকি বা আপুনি সপ্তম মান শ্ৰেণীৰ অসমীয়া বিষয় পঢ়াই নেকি? তেন্তে এই লিখনিয়ে আপোনাক কিছু সহায় কৰিব।

আমি আজি Assamese Medium ত Class 7 Assamese Chapter 1 Question Answer আলোচনা কৰিব আহিছোঁ। Class 7 Assamese Chapter 1 Question Answer তথা তেজৰে কমলাপতি নামৰ কবিতা ফাকিৰ সম্পুৰ্ণ প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। আশা কৰোঁ আপুনি এই লিখনি ভাল পাব।

আমি ইয়াত তেজৰে কমলাপতি মূলভাৱ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ আদিৰ লগতে কিছু কিছু গুৰুত্বপূৰ্ণ Assamese Grammar ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপুনি এই লিখনি পঢ়িলে Class 7 Assamese Chapter 1 Question Answer ৰ বাবে আন একো পঢ়াৰ প্ৰয়োজন নাই।

Class 7 Assamese Chapter 1 Question Answer
ADVERTISEMENT

তেজৰে কমলাপতি পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ। Class 7 Assamese Chapter 1 Question Answer

প্ৰশ্ন ১। বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰনৰে গাঁও আহা।
উত্তৰ: এইটো নিজে নিজে চেষ্টা কৰিব লাগিব। লগতে শিক্ষক বা আন কোনোবাৰ সহায় লব পাৰিব।

প্ৰশ্ন ২। বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া।
উত্তৰ:এইটো নিজে নিজে চেষ্টা কৰিব লাগিব। লগতে শিক্ষক বা আন কোনোবাৰ সহায় লব পাৰিব।

ADVERTISEMENT
ADVERTISEMENT

প্রশ্ন ৩। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা:-

(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি?
উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধবদেৱ ।

(খ) ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটোৰ ৰচক কোন?
উত্তৰ: শ্ৰীশ্ৰীমাৱধৱে।

(গ) ‘তিমিৰ ফেৰিয়া’ কি বাজ হয়?
উত্তৰ : ৰবিৰ কিৰণ।

(ঘ) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল?
উত্তৰ : সুৰভি চৰাবলৈ যাবৰ কাৰণে৷

প্রশ্ন ৪৷ তলত দিয়া পদ দুশাৰীত কোনে কাক কি কৈছে, নিজৰ কথাৰে লিখা।
নন্দ গেল বাথানে গোৱাল গেল পাল।
সুৰভি চাৰিতে লাগে উঠৰে গোপাল।

উত্তৰঃ মাক যশোদাই শুই থকা শিশু কৃষ্ণক কৈছে যে নন্দ বাথানলৈ, অৰ্থাৎ গৰু মই ৰখা ঠাইলৈ গ’ল, গোৱালবিলাকেও চৰাবলৈ গৰুৰ পাল লৈ গ’ল। গতিকে গোপাল তুমিও সুৰভি গাইজনীক চৰাবলৈ নিব লাগে, উঠা।

প্রশ্ন ৫। তলৰ শব্দবোৰৰ অৰ্থ লিখা- কমলাপতি, শতপত্র, তিমিৰ, ভ্ৰমৰ, ডাকে, ত্ৰিজগত, ব্রজবধু, ৰয়নী

ADVERTISEMENT
কমলাপতিশ্রীকৃষ্ণ
শতপত্রপদুম
তিমিৰআন্ধাৰ
ডাকেমাতে
ত্রিজগতস্বৰ্গ, মর্ত্য, পাতাল এই তিনি জগত
ব্রজবধুব্রজধামৰ বোৱাৰী
ৰয়নীৰজনী, নিশা

প্রশ্ন ৬। বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বর্ণনা দিয়া।
উত্তৰ: বৰগীতটিত মাক যশোদাই শুই থকা শিশু শ্রীকৃষ্ণক জগাওতে ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা এনেদৰে দিছে ―
আন্ধাৰ আঁতৰাই চাৰিও দিশ পোহৰাই সূৰ্যৰ কিৰণ ওলাই আহিছে। পদুম ফুল ফুলি উঠাত তাত ভোমোৰাই গুণ গুণ কৰি উৰিছে। শ্ৰীকৃষ্ণ নাম-গুণ গাই ব্রজধামৰ বোৱাৰীসকলে দধি মথিব লাগিছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম-সুদাম আদি গৰখীয়াসকলে তেওঁৰ নাম ধৰি মাতিব লাগিছে। দাদাক বলৰাম ইতিমধ্যে বিছনাৰ পৰা উঠিছে। ৰজা নন্দও গৰু ৰখা ঠাইলৈ গ’ল। গোৱালবিলাকেই গৰুৰ পাল লৈ চৰাবলৈ গ’ল। শ্ৰীকৃষ্ণও সুৰৰ্ভী গাইজনী চৰাবলৈ নিব লাগে, গতিকে সোনকালে উঠিব লাগে। সোনকালে উঠি ক্ষীব-লৱণু, শিঙা, বেত, বেণু লৈ যাব লাগে বুলি যশোদাই শ্রীকৃষ্ণক কৈছে।

‘খ’ ভাষা অধ্যয়ন (Assamese Grammar Class 7 Assamese Chapter 1)

প্রশ্ন ৮। (ক) তলৰ শব্দৰ আগত ত্ৰি’ শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ লিখা – জগত, ভুজ, কাল, শূল, কোন, নয়ন
উত্তৰ জগত = ত্রিগজত: স্বর্গ, মর্ত্য, পাতাল এই তিনিজগত৷
ভুজ = ত্রিভুজ : তিনিটা বহু থকা ক্ষেত্র; তিনিডাল সৰল ৰেখাৰে আগুৰা ক্ষেত্র।
কাল = ত্ৰিকাল: ভূত, ভরিষ্যৎ আৰু বর্তমান এই তিনি কাল।
কোন = ত্ৰিকোন: মূল তিনিটা জোং থকা এবিধ অস্ত্র।
নয়ন = ত্রিনয়ন: তিনিটা কোন থকা ক্ষেত্র বা তিনিটা চকু থকা শিৱ।

(খ) তলত দিয়া শব্দবোৰৰ আগত ‘বি’ পূর্ণসৰ্গ লগলগাই সেইবোৰেৰে অর্থ প্রকাশক একোটা বাক্য ৰচনা কৰা। — সুখ, দূৰ, কিৰণ, নন্দ
উত্তৰঃ মুখ = বিমুখ : ভিক্ষাৰীক কেতিয়াও বিমুখ নকৰিবা।
দূৰ = বিদূৰ: আত্মীয় মানুহ বিদূৰত থাকিলে বৰকৈ মনত পৰে।
কিৰণ = বিকিৰণ: ৰাতিপুৱা সূৰ্যৰ পোহৰ চাৰিওফালে বিকিৰণ হৈছে।
নন্দ = বিনন্দ: সদায় বিনন্দ মনেৰে থাকিব লাগে।

প্রশ্ন ৯। ব্রজাবলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা।
(ক) বয়নী বিদূৰ দিশ ধৱলী বৰণ
উত্তৰঃ (ক) এন্ধাৰ আঁতৰি গৈ চাৰিওদিশে পোহৰ হ’ল ৷
(খ) শতপত্র বিকশিত ভ্রমৰ উপায়।
উত্তৰঃ (খ) পদুম ফুলবোৰ ফুলি উঠাত তাত ভোমোৰাবোৰ উৰিব লাগিছে |
(গ) দাম-সুদাম ডাকে তেৰি লৈয়া নাম
উত্তৰঃ (গ) দাম-সুদামে তোমাৰ নাম ধৰি মাতিব লাগিছে।
(ঘ) ক্ষীৰ লৱণু লৈয়া শিঙা, বেত,বেণু
উত্তৰঃ (ঘ) ক্ষীৰ-লৱণু আৰু শিঙা, এচাৰি, বাঁহী লৈ সুৰৰ্ভী চৰাবলৈ যোৱা ৷

প্রশ্ন ১০। এটা শব্দত প্ৰকাশ কৰা –
উত্তৰঃ গৰু বন্ধা ঠাই ― গোহালি, বাথান
যিয়ে ৰাতি নেদেখে ― কুকুৰীকণা
যিজনে সকলো জানে ― সর্বজান
যি সকলোৰে মাজত প্রিয় ― জনপ্রিয়
যাক সহজে লাভ কৰিব নোৱাৰি ― দুর্লভ
যিজনে বিষ্ণুক উপাসনা কৰে ― বৈষ্ণৱ

ADVERTISEMENT

শেষ বাক্য হিচাপে Class 7 Assamese Chapter 1 Question Answer

শেষ বাক্য হিচাপে কবলৈ গলে বহু কথাকে কব পাৰি, কিন্তু ইয়াত আমি এটি কথাই উল্লেখ কৰিম যে Assamese Medium ৰ শিক্ষাৰ্থী যাতে টিউচনলৈ যাব নেলাগে তাৰ বাবে এই ক্ষুদ্ৰ প্ৰয়াস।

আমাৰ লিখনিসমূহ আনৰ সৈতে Share কৰি পঢ়িবলৈ সুযোগ কৰি দিলে আমি আৰু দুগুণ উৎসাহৰ সৈতে আপোনালোকৰ বাবে Assamese Medium Class 6 – Assamese Medium Class 12 ৰ সকলো সমাধান দিয়াৰ প্ৰয়াস কৰিম।

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT