Class 12 Biology Chapter 1 Question Answer

Class 12 Biology Chapter 1 Question Answer যদি আপুনি বিচাৰি ইয়ালৈ আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আমি Assamese Medium ৱেবচাইটৰ জৰিয়তে আপোনাৰ বাবে প্ৰস্তুত কৰিছো Class 12 Biology Chapter 1 Question Answer যি আপুনি তলত দিয়া লিংকৰ জৰিয়তে PDF Download কৰিব পাৰিব।

প্ৰথমতে আমি ইয়াত Class 12 Biology Chapter 1 Question গোটেইখিনি উল্লেখ কৰিছো আৰু তাৰ পিছত Class 12 Biology Chapter 1 Question Answer PDF এটা প্ৰস্তুত কৰি তলৰ লিংকত দিয়াৰ ব্যৱস্থা কৰিছো।

Class 12 Biology PDF NoteRs. 299/-Buy Now

A. অতি চমু উত্তৰৰ প্ৰশ্নঃ (1 নম্বৰৰ বাবে)

1. জীৱৰ জীৱন কাল মানে কি বুজা?
2. জীৱৰ জীৱন কালৰ মুখ্য দশাকেইটা কি কি?
3. ক্ল’ন বা কৃত্তক মানে কি?
4. প্ৰজনন কন্দিকা কোনবিধ জীৱৰ ক্ষেত্ৰত পোৱা যায়?
5. ক’নিডিয়া কোন জীৱৰ ক্ষেত্ৰত পোৱা যায়?
6. তলত দিয়াবোৰৰ প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া— (a) ৰাইজোম, (b) ধাবক, (c) স্ফীতকন্দ (d) খৰ্বধাবক আৰু (e) কন্দ।
7. আংগিকল প্ৰবৰ্দ্ধ মানে কি বুজা?
8. কোনবিধ সপুষ্পক উদ্ভিদ 12 বছৰৰ ভিতৰত এবাৰহে ফুলে?
9. বাঁহগছৰ ফুল কিমান বছৰৰ মূৰত ফুলে?
10. কামচক্ৰ মানে কি?
11. ৰজঃচক্ৰ মানে কি বুজা?
12. একবীজপত্ৰী উদ্ভিদত জোৰা কলম কিয় সম্ভৱ নহয়?
13. স্পঞ্জৰ প্ৰজনন অংগটোৰ নাম লিখা?
14. সংশোধিত কাণ্ডত থকা – ৰ পৰা নতুন গছ পুলিৰ জন্ম হয়।

Class 12 Biology Chapter 1 Question Answer

B. চমু প্ৰশ্নঃ (2 নম্বৰৰ বাবে)

1. অযৌন প্ৰজননৰ দুটা বৈশিষ্ট লিখা।
2. অযৌন প্ৰজননৰ সুবিধাসমূহ কি কি?
3. সপুষ্পক উদ্ভিদৰ দুটা প্ৰধান প্ৰাকৃতিক ভাবে হোৱা অযৌন প্ৰজনন প্ৰথা উল্লেখ কৰা।
4. একবৰ্ষী আৰু দ্বীবৰ্ষী উদ্ভিদৰ দুটাকৈ ফদাহৰণ দিয়া।
5. প্ৰজনন চক্ৰ কি? ই কি কি প্ৰকাৰৰ?
6. সহবাসী আৰু ভিন্নবাসী উদ্ভিদ বুলিলে কি বুজা? উদাহৰণ দিয়া।
7. যৌন প্ৰজননত কি দৰে কোনো এক প্ৰজাতিত এনে ক্ৰম’জ’ম সংখ্যাবৰ্ত্তী থাকে?
8. ঋতুনিষ্ঠ প্ৰজনক আৰু অধিচ্ছিন্ন প্ৰজনক কাক বোলে।
9. অনিষেচিত জনন মানে কি বুজা? দুটা উদাহৰণ দিয়া।
10. এজোপা কুঁহিয়াৰৰ পাব অংশ সেমেকা মাটিৰ সংস্পৰ্শত থাকিলেও অংগজ প্ৰজনন কৰিবলৈ সক্ষম কিয় নহয় লিখা। [AHSEC, 2014]

C. দীঘল প্ৰশ্নঃ (3 নম্বৰৰ পৰা ৪ নম্বৰ)

1. যৌন প্ৰজননৰ প্ৰাক্-নিষেচন পৰিঘটনা সম্পৰ্কে বিতংকৈ লিখা।
2. নিষেচন মানে কি বুজা? নিষেচনৰ গুৰুত্ব কি লিখা।
3. জননকোষৰ স্থানান্তৰণ সম্পৰ্কে কি জানা লিখা।
4. সপুষ্পক উদ্ভিদৰ পুং জননকোষ কিদৰে স্ত্ৰী-জনন কোষৰ সান্নিধ্যত আহে বৰ্ণনা কৰ।
5. ভ্ৰূণ গঠন প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰা।
6. জননকোষ গঠনৰ সময়ত কোন প্ৰকাৰৰ কোষবিভাজন হয়? মানুহ, ফলৰ মাখি, ধান আৰু আলুৰ জনন কোষত থকা ক্ৰ’ম’জমৰ সংখ্যা লিখা।

D. পাৰ্থক্য লিখাঃ (2 নম্বৰকৈ)

1. চলন ৰেণু আৰু যোজনকোষ।
2. যৌন আৰু অযৌন প্ৰজনন।
3. বাহ্যিক নিষেচন আৰু অন্তঃনিষেচন।
4. ডিম্বজ আৰু জৰায়ুজ প্ৰাণী।
5. প্ৰাক্-নিষেচন আৰু নিষেচনোত্তৰ পৰিঘটনা।

NCERT পাঠ্যক্ৰমৰ প্ৰশ্নসমূহ

1. জীৱৰ বাবে প্ৰজননৰ আৱশ্যক কি?
2. যৌন বা অযৌন প্ৰজননৰ ভিতৰত কোনটো বেছি সুবিধাজনক আৰু কিয়?
3. অযৌন প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা জীৱক ক্ল’ন বুলি কিয় কোৱা হয়?
4. যৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা অপত্যজনুৰ জীৱবোৰৰ জীয়াই থকাৰ বাবে বেছি উপযোগী কিয়? এই উক্তিটো সদায় সত্য নে?
5. অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা অপত্য জনুৰ জীৱবোৰ যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা অপত্য জণুৰ জীৱবোৰৰ মাজত প্ৰাৰ্থক্য কি?
6. অযৌন আৰু যৌন প্ৰজননৰ মাজৰ পাৰ্থক্য দেখুওৱা। আংগিক প্ৰজননক কিয় অযৌন প্ৰজনন বুলি কোৱা হয়?
7. আংগিক প্ৰজনন কি? ইয়াৰ দুটা উদাহৰণ দিয়া।

8. সুত্ৰ লিখাঃ
(a) দৈহিক কাল বা কিশোৰ কাল।
(b) প্ৰজনন কাল।
(c) ক্ষয়িষ্ণু বা বৃদ্ধকাল।

9. জটিল হলেও উচ্চস্তৰৰ জীৱ সমুহে যৌন প্ৰজননহে গ্ৰহণ কৰে। কিয়?
10. মিঅ’চিচ বা হ্ৰাসাত্মক বিভাজন আৰু জননকোষ গঠন পদ্ধতি কিয় অন্তসম্পৰ্কীয়?

11. সপুষ্পক উদ্ভিদৰ তলত দিয়া প্ৰতিটো অংগ চিনাক্ত কৰি সেইবোৰ এগুণীয়া ক্ৰম’জ’ম (n) যুক্ত নে দ্বিগুণীয়া ক্ৰম’জ’ম (2n) যুক্ত লিখাঃ- (a) গৰ্ভাশয়; (b) পুংধানী; (c) ডিম্বাণু; (d) ৰাগৰেণু; (e) পুংজনন কোষ; (f) যোজন কোষ।

12. বহিঃ নিষেচনৰ সংজ্ঞা লিখা? ইয়াৰ অসুবিধাসমূহ উল্লেখ কৰা?
13. চলনৰেণু আৰু যোজন কোষৰ মাজত থকা পাৰ্থক্য দেখুওৱা।
14. জননকোষ গঠন আৰু ভ্ৰূণ গঠনৰ মাজত পাৰ্থক্য দেখুওৱা।
15. উদ্ভিদৰ নিষেচনোত্তৰ কালত হোৱা পৰিবৰ্তনবোৰৰ বিৱৰণ দিয়া।
16. উভয়লিংগী পুষ্প কি? তোমাৰ ঘৰৰ ওচৰৰ পৰা পাঁচটা উভয়লিংগী পুষ্প সংগ্ৰহ কৰা আৰু তোমাৰ শিক্ষকৰ সহায়ত সিহঁতৰ সাধাৰণ আৰু বৈজ্ঞানিক নামবোৰ বিচাৰি উলিওৱা।
17. লাউজাতীয় গছৰ কেইটামান ফুল গোটাই লৈ সিহঁতৰ পুং আৰু স্ত্ৰীপুষ্পবোৰ চিনাক্ত কৰা।তুমি বাৰু আন কিবা একলিংগী পুষ্পধাৰণ কৰা উদ্ভিদৰ নাম জানানে?
18. ডিম্বজ প্ৰাণীৰ অপত্য জনুৰ জীৱবোৰ জৰায়ুজ প্ৰাণীৰ অপত্যজণুৰ জীৱবোৰতকৈ তুলনামূলকভাবে কিয় বেছি বিপদসংকুল অৱস্থাত থাকে?

Class 12 Biology Chapter 1 Question Answer

সম্ভাব্য প্ৰশ্নাৱলী (এক নম্বৰৰ প্ৰশ্নঃ)

(A) অতি চমু উত্তৰৰ প্ৰশ্নঃ

1. জীৱনকাল বুলিলে কি বুজা?
2. কোন প্ৰকাৰৰ জীৱ সমূহক অমৰ বোলা হয়?
3. কোন বিলাকক আংগিক প্ৰবৰ্ধক বোলা হয়?
4. হাইড্ৰাই কি ভাৱে অযৌন প্ৰজনন কৰে?
5. প্ৰাক-নিষেচন পৰিঘটনা সমূহ কি কি?
6. জীৱৰ কৈশিৰ কালৰ সংজ্ঞা দিয়া। ইয়াক অন্য কোন আখ্যাৰে বুজোৱা হয়?
7. বহুগৰ্ভপত্ৰী উদ্ভিদ কোন বিলাক?
8. জননকোষ গঠন কাক বোলে?
9. কামচক্ৰ কোন বিলাক জীৱৰ ক্ষেত্ৰত দেখা যায়?
10. আমি কেনেকৈ বহিঃনিষেচনক অন্তনিষেচনৰ পৰা পৃথক কৰিব পাৰো?
11. ভ্ৰূণ গঠনৰ সংজ্ঞা দিয়া।
12. সমজননকোষ বুলিলে কি বুজা?
13. অনিষেচিত জননৰ সংজ্ঞা দিয়া।
14. কোন প্ৰকাৰৰ জীৱক ‘বংগৰ আতংক’ বুলি কোৱা হয়?
15. অযৌন প্ৰজননৰ ফলত উৎপন্ন সতি-সন্ততিক কিয় ক্লন বোলা হয়?
16. দ্বীৰূপী যৌনতা মানে কি?
17. কেনেকৈ জীৱজগতত প্ৰজাতিৰ অবিচ্ছিন্নতা অক্ষুণ্ন থাকে?
18. কোন বিলাক জীৱত কোষ বিভাজনেই এক প্ৰজনন প্ৰক্ৰিয়া?
19. জননকোষৰ মিলনৰ সংজ্ঞা দিয়া।
20. বাঁহ গছ আৰু ষ্ট্ৰবিলেথাচ কুণ্টিয়ানা-ত ফুল ফুলাৰ ক্ষেত্ৰত কি বিশেষত্ব দেখা যায়?
21. পুনৰ্জনন মানে কি বুজা?
22. আপেলক কিয় অপ্ৰকৃত ফল বোলা হয়?
23. কিয় একবীজপত্ৰী গুপ্তবীজী উদ্ভিদত জোৰা-কলম সম্ভৱ নহয়?
24. একবৰ্ষজীৱী আৰু বহুবৰ্ষজীৱী উদ্ভিদৰ ভিতৰত কোনটোৰ কৈশোৰ কাল চুটি আৰু কিয়?
25. যদিও আলু মৃদগত তথাপি ইয়াক কাণ্ড বোলা হয়। এই উক্তিৰ সমৰ্থনত যুক্তি দেখুওৱা।
26. জীৱজগতৰ দুটা সহবাসী প্ৰাণীৰ নাম দিয়া।
27. যি বিলাক জীৱৰ বহিঃনিষেচন হয় সেই বিলাক জীৱই কিয় বেছিকৈ জননকোষ উৎপন্ন কৰে?
28. ইনভিট্ৰ’ প্ৰক্ৰিয়াৰে অধিক সংখ্যক গছপুলি উৎপাদনৰ বাবে কি প্ৰযুক্তি প্ৰয়োগ কৰা হয়।
29. “ প্ৰজনন জীৱৰ বাবে আৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ কিয়?
30. নতুন কলগছ মাতৃগছৰ কোন অংশৰ পৰা সৃষ্টি হয়?
31. এবিধ এককোষী ভেঁকুৰৰ নাম লিখা যিয়ে অযৌন প্ৰক্ৰিয়া মুকুলনেৰে প্ৰজনন কৰে।
32. ক্ল’ন কি?
33. কোন প্ৰকাৰৰ প্ৰজননৰ সৈতে আমি হ্ৰাসাত্মক বিভাজনক জড়িত কৰিব পাৰো?
34. কোন প্ৰকাৰৰ অংকুৰণত আংকুৰিত বীজ মাতৃগছৰ লগত লাগি থাকে?
35. এমিবা আৰু বেক্টেৰিয়াৰ দৰে এককোষী জীৱৰ কিয় প্ৰাকৃতিক মৃত্যু নাথাকে?

(B) খালী ঠাই পূৰ কৰাঃ

1. এগুণাত্মক কোষৰ যোজন প্ৰক্ৰিয়াক ________ বোলে।
2. ________ হৈছে পুংজননকোষৰ লগত স্ত্ৰীজননকোষৰ মিলন।
3. ________ হৈছে পদিনা গছৰ অংগজ প্ৰৱৰ্ধনৰ বাবে সাধাৰণ প্ৰবৰ্ধক।
4. লিংগতাৰ ফালৰপৰা কেঁচু হৈছে ________ কিন্তু পইতাচোৰা হৈছে ________ প্ৰাণী।
5. সপুষ্পক উদ্ভিদৰ ফুলত নিষেচনৰ পিছত গৰ্ভকোষ আৰু ডিম্বক যথাক্ৰমে ________ আৰু ________ লৈ বিকশিত হয়।
6. অযৌন প্ৰজননৰ দ্বাৰা হোৱা সতি-সন্ততিক ________ বোলে।
7. দুপুৰটেঙাৰ ________ য়ে অযৌন প্ৰক্ৰিয়াটোৰ ________ মুকুলৰ সৃষ্টি কৰি প্ৰজনন কৰে।
8. আলুৰ এটা অংশই এডাল নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰিব যদি হে ইয়াত ________ থাকে।
9. ________ প্ৰক্ৰিয়াৰে হোৱা প্ৰজননৰ সতি-সন্ততি সকল পিতৃ-মাতৃৰ লগত সাইলাখ একে নহয়।
10. যেতিয়া স্ত্ৰী আৰু পুৰুষ বাহ্যিক আকাৰত দেখিবলৈ বেলেগ হয় তাক ________ বুলি কোৱা হয়।
11. এডাল উদ্ভিদে যদি অংকুৰণক্ষম গুটি উৎপাদন কৰিবলৈ অসমৰ্থ তেন্তে ইয়াক ________ পদ্ধতিৰে বৃদ্ধি কৰিব পাৰি।
12. সপুষ্পক উদ্ভিদৰ পুংজননকোষ ________ কোষৰ বিভাজনৰ দ্বাৰা সৃষ্টি হয়।
13. সপুষ্পক উদ্ভিদৰ ডিম্বথলী ________ আৰু ________ কোষেৰে গঠিত।
14. ভেকুঁৰে অযৌন প্ৰকাৰে ________ আৰু ________ ৰ সৃষ্টি কৰি প্ৰজনন কৰে।
15. দুয়ো লিংগৰে একে গঠনযুক্ত জননকোষবোৰক ________ বোলে।
16. এটা জীৱৰ জন্মৰ পৰা প্ৰাকৃতিক মৃত্যুলৈকে এই কালছোৱাক ________ বোলে।
17. যেতিয়া এটুকুৰা গ্ৰাফটিং বা কলম, গছৰ এডাল কাণ্ডত লগোৱা হয় তেতিয়া কেনেধৰণৰ ফল উৎপন্ন হ’ব তাক নিৰ্ণয় কৰিব ________ ৰ জিনীয় প্ৰৰূপে।
18. অযৌন প্ৰজনন অংগ ক’নিডিয়া ________ ত পোৱা যায়।

(C) শুদ্ধনে অশুদ্ধ উক্তি বাছি উলিওৱা –

1. স্পঞ্জৰ বাহিৰে আন কোনো প্ৰণীয়েই অমৰ নহয়।
2. সহযুগ্মন হৈছে কোষপ্ৰৰসৰ মিলন।
3. বীজবোৰ হৈছে যৌন প্ৰজননৰ ফলত উৎপাদিত বস্তু; কাৰণ, এইবোৰ জননকোষৰ মিলনৰ ফলত সৃষ্টি হয়।
4. প্ৰাণীৰ ক্ষেত্ৰত কৈশোৰ কালৰ পিছতেই প্ৰজনন কাল আৰম্ভ হয়।
5. সমবাসী আৰু সমসূত্ৰ শব্দ দুটাই উভয়লিংগি অৱস্থাক বুজায়।
6. এটা ক্ল’নৰ জীৱবোৰৰ জিন’ম একেই।
7. গৰ্ভাশয় পকি ডিম্বকৰ সৃষ্টি কৰে।
8. অমিতা এবিধ ভিন্নবাসী উদ্ভিদ।
9. ক’নিডিয়া হৈছে শেলাইৰ একলিংগি প্ৰজনন অংগ।
10. ভিন্নবাসী জীৱ উদ্ভিদ আৰু প্ৰাণী উভয়তে পোৱা যায়।
11. চলৰেণুবোৰ সদায় যৌন প্ৰজনন অংগ।

Class 12 Biology Chapter 1 Question Answer PDF

II. ২ নম্বৰৰ প্ৰশ্নঃ

1. জীৱনকাল কাক বোলে? জীৱৰ জীৱনকালৰ বিভিন্ন পৰ্যায় উল্লেখ কৰা।
2. জীৱৰ ডিম্বজ আৰু জৰায়ুজ প্ৰকৃতিৰ মাজৰ পাৰ্থক্য লিখা।
3. যৌন প্ৰজননৰ ফলত হোৱা সন্তানৰ জীয়াই থকাৰ সম্ভাৱনাৰ বেছি কিয়?
4. কামচক্ৰ আৰু ৰজঃচক্ৰৰ মাজৰ পাৰ্থক্য লিখা।
5. জননকোষৰ মিলন বা সহযুগ্মন নিষেচনতকৈ কেনেকৈ পৃথক লিখা।
6. উভয়লিংগি প্ৰাণী কোনবোৰ? উদ্ভিদ আৰু প্ৰাণী প্ৰত্যেকটোৰে একোটাকৈ উভয়লিংগি জীৱৰ সাধাৰণ নাম লিখা।
7. অংগজ প্ৰৱৰ্ধনৰ তাৎপৰ্য্য লিখা।
8. কোন প্ৰকাৰৰ উদ্ভিদে সফল গ্ৰাফটিং বা কলম উৎপাদন ক্ষমতা দেখুৱায় আৰু কিয়?
9. নিম্ন শ্ৰেণীৰ অপুষ্পক উদ্ভিদে বেছি সংখ্যক পুংজননকোষৰ সৃষ্টি কৰে কিন্তু সিহঁতৰ স্ত্ৰীজননকোষৰ আপেক্ষিকভাৱে সংখ্যা কম হয় কিয়?
10. যদিও দুয়োটাৰ একলিংগি ফুল থাকে তথাপিও অমিতাক একলিংগি আৰু নাৰিকল উভয়লিংগি বুলি কিয় কোৱা হয়?
11. সেমেকা মাটিৰ সংস্পৰ্শত ৰাখিলেও কুঁহিয়াৰৰ দুটা গাঁঠিৰ মাজৰ অংশই কিয় নতুন গছৰ সৃষ্টি কৰিব নোৱাৰে?
12. হ্ৰাসাত্মক বিভাজন বা মিঅ’ছিছ কোন প্ৰকাৰৰ প্ৰজননৰ লগত জড়িত আৰু কেনেদৰে?

13. (A শাৰীত থকাবোৰৰ লগত B শাৰীৰবোৰ মিলোৱা)ঃ-

স্তম্ভ-Aস্তম্ভ-B
(a) যোজন কোষ(i) মন’চিষ্টিচ
(b) ক্ল’ন(ii) জিনীয়ভাৱে সদৃশ অপত্য
(c) আইচ’সেমি(iii) কেঁচু
(d) উভয়লিংগী প্ৰাণী(iv) ভ্ৰূণ

14. (A –ৰ সৈতে B ৰিজোৱা)ঃ—

স্তম্ভ-Aস্তম্ভ-B
(a) শেলাই(i) কনিডিয়া
(b) হাইড্ৰা(ii) চলৰেণু
(c) পেনিচিলিয়াম(iii) মুকুলোদগম
(d) স্পঞ্জ(iv) গেমিউল

15. চলনক্ষম চলৰেণু আৰু কনিডিয়ামৰ চিত্ৰ অংকন কৰা। ইহঁতৰ মাজত থকা এটা অসাদৃশ্য আৰু এটা সাদৃশ্য উল্লেখ কৰা
16. সপুষ্পক উদ্ভিদত কিমান প্ৰকাৰৰ প্ৰাকৃতিক অংগজ প্ৰজনন হয়?
17. সপুষ্পক উদ্ভিদত অংকুৰিত পৰাগৰেণুৰ পৰাগনলীয়ে দুট়া পুংজননকোষ কঢ়িয়ায়। এটা মাত্ৰ জননকোষে যেতিয়া নিষেচন ঘটাব পাৰে তেন্তে দুটা পুংজননকোষ কঢ়িওৱাৰ উদ্দেশ্য কি?
18. অযৌন প্ৰজননৰ ফলত হোৱা সতি সন্ততি যৌন প্ৰজননৰ পৰা হোৱা সতি সন্ততিৰ পৰা কেনেকৈ পৃথক।
19. অনিষিক্তৰ আৰু অনিষেচিত জননৰ মাজত পাৰ্থক্য।

III. ৩ নম্বৰৰ প্ৰশ্নঃ

1. মিঅ’ছিচ আৰু জননকোষৰ উৎপত্তি কিয় পৰস্পৰলগত জড়িত হৈ থাকে উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
2. মৌমাখিয়ে সিহঁতৰ পোৱালি যৌন প্ৰজননৰ দ্বাৰা উৎপাদন কৰে। তথাপিও মৌমাখিৰ এটা জাকত আমি এগুণাত্মক আৰু দ্বিগুণাত্মক দুয়োটা প্ৰকাৰৰেই মৌমাখি দেখা পাওঁ। এই সৃষ্টিৰ আঁৰৰ কাৰণ দৰ্শোৱা।
3. প্ৰয়োজনীয় চিত্ৰৰ সহায়ত সপুষ্পক উদ্ভিদত পৰাগযোগ আৰু নিষেচনৰ সময়ত ঘটা পৰিৱৰ্তনসমূহ চমুকৈ আলোচনা কৰা।
4. দুপৰটেঙা, আলু, আদা, পদিনা আদি উদ্ভিদত অংগজ আংগিক প্ৰৱৰ্ধনক অযৌন প্ৰজননৰ প্ৰকাৰ বুলি ধৰিব পাৰিনে? যদি পাৰি যুক্তিৰে দৰ্শোৱা।
5. “ফল হ’বলৈ কিছুমান বিশেষ গছত নিষেচন বাধ্যতামূলক নহয়। বাক্যশাৰী উদাহৰণৰ সৈতে বৰ্ণনা কৰা।
6. জীৱদেহত অন্তঃনিষেচনতকৈ বেছি সফল কিয় ব্যাখ্যা কৰা।
7. জীৱৰ অযৌন আৰু প্ৰজননৰ মাজৰ কমেও তিনিটা পাৰ্থক্য উল্লেখ কৰা।
8. উচ্চস্তৰৰ জীৱবোৰে সিহঁতৰ সকলো পিনৰ পৰা জটিলতাৰ পিছতো কিয় যৌন প্ৰজনন বাহাল ৰাখে?
9. জীৱ একোটাৰ কৈশোৰ কাল, প্ৰজননকাল আৰু বৃদ্ধকাল মানে কি?
10. বহিঃনিষেচন আৰু অন্তঃনিষেচন বুলিলে কি বুজা? বহিঃনিষেচনৰ অসুবিধাসমূহ লিখা।
11. অংগজ প্ৰৱৰ্দ্ধন মানে কি? কৃষিত অংগজ প্ৰৱৰ্দ্ধনৰ প্ৰয়োজনীয়তা কি লিখা।
12. হ্ৰাসাত্মক কোষ বিভাজনক কেনেকৈ জননকোষৰ উৎপত্তিৰ লগত সংযোগ কৰিব পাৰি বুজাই লিখা।
13. ডিম্বজতকৈ জৰায়ুজ জীৱসমূহত ভ্ৰূণৰ সুৰক্ষা আৰু পৰিচৰ্য্যা যে বেছি ভাল হয় তাৰ বৰ্ণনা কৰা।

IV. পাঁচ নম্বৰৰ প্ৰশ্ন (বৰ্ণনামূলক)ঃ

1. সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননত সংঘটিত হোৱা বিভিন্ন পৰিঘটনাসমূহ কি কি? এই আটাইবোৰ আৱশ্যকীয় চিত্ৰৰ সহায়ত চমুকৈ বৰ্ণনা কৰা।
2. নিষেচনোত্তৰ কাল কি? চিত্ৰৰ সহায়ত সপুষ্পক উদ্ভিদৰ নিষেচনোত্তৰ কালৰ পৰিৱৰ্তনসমূহ চমুকৈ বৰ্ণনা কৰা।
3. যদিও যৌন প্ৰজনন দীঘলীয়া আৰু শক্তি ব্যয় হোৱা জটিল প্ৰজননপ্ৰক্ৰিয়া, তথাপিও বহুতো জাতৰ প্ৰণীয়ে ইয়াকেই বাছি লয়। এইটো কিয় হয় যুক্তিৰে দৰ্শোৱা।
4. কিছুমান উদ্ভিদে যেনে, গোলাপে ডাঙৰ উভয়লিংগি ফুল উৎপন্ন কৰে যদিও সিহঁতে ফল উৎপাদন কৰিব নোৱাৰে। এই গছবোৰে ফল প্ৰস্তুত কৰিব নোৱাৰাৰ কাৰণ দৰ্শোৱা।
5. সপুষ্পক উদ্ভিদত পোৱা বিভিন্ন প্ৰকাৰৰ লিংগতাবোৰ লিখা। প্ৰতিটোৰে উদাহৰণৰ সৈতে বৰেণনা কৰি সিহঁতৰ সাধাৰণ নাম আৰু বৈজ্ঞানিক নাম উল্লেখ কৰা।
6. যদিও গোলাপে ডাঙৰ, আকৰ্ষণীয় উভয়লিংগী ফুল উৎপন্ন কৰে কিন্তু সিহঁতে ফল উৎপাদন নকৰে। গোলাপে ফল গঠন কৰিব নোৱাৰৰ কীৰণ আলোচনা কৰা।
7. প্ৰাণীত পোৱা বিভিন্ন প্ৰকাৰৰ অযৌন প্ৰজনন পদ্ধতি উপযুক্ত উদাহৰণৰে বৰ্ণনা কৰা।

Class 12 Biology Chapter 1 Question Answer PDF

1 thought on “Class 12 Biology Chapter 1 Question Answer”

Leave a Comment