Class 7 Assamese Chapter 6 Question Answer | নোকোৱাৰ পৰিণাম

Class 7 Assamese Chapter 6 Question Answer তথা সপ্তম মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ ষষ্ট অধায় “নোকোৱাৰ পৰিণাম” প্ৰশ্ন উত্তৰ আজি আমি আপোনালোকৰ বাবে আলোচনা কৰিব গৈ আছো।

ইয়াৰ আগতে আমি Class 7 Assamese ৰ আন আন অধ্যায় সমূহৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো। আপুনি বিচাৰিলে তলত উল্লেখ কৰা লিংকত ক্লিক কৰি পঢ়িব পাৰে আৰু নিজকে Final Exam ৰ বাবে ১০০% নম্বৰ পাবলৈ প্ৰস্তুত কৰিব পাৰে।

Class 7 Assamese Chapter 6 Question Answer

Class 7 Assamese Chapter 6 Question Answer 2023

আগৰ দৰেই আমি এইবেলি আপোনালোকৰ বাবে Class 7 Assamese Chapter 6 Question Answer ৰ আলোচনাত পাঠ্যপুথিত উল্লেখ কৰা অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। তেন্তে আহক, কোনো সময় নষ্ট নকৰাকৈ আজি আমি পোনে পোনে Class 7 Assamese Chapter 6 Question Answer আলোচনা কৰোঁ।

‘ ক ’ পাঠভিত্তিক ক্রিয়া

১।‘নােকোৱাৰ পৰিণাম’নাটিকাখনিৰ কথাখিনি কাহিনী আকাৰে লিখা ।
উত্তৰঃ গ্রীষ্ম বন্ধ ঘােষণা কৰাৰ দিনা বিদ্যালয়ৰ ছাৰ , বাইদেউসকলক ফুলৰ মালাৰে সম্ভাষণ জনাব বুলি গাঁৱৰ একেবাৰে দক্ষিণ মূৰত থকা বকুল ফুলজোপাৰ তলত বকুল ফুল বুটলিবৰ বাবে একে বিদ্যালয়ৰ কাণসমনীয়া ছােৱালী মালতী , শৈলবালা আৰু বৰষা বকুল তললৈ গৈছিল । সেইদিনা সিহঁতে ফুল বেছিকৈ বুটলিবৰ ইচ্ছা কৰিছে , কাৰণ পিছদিনা গ্রীষ্ম বন্ধ ঘােষণাৰ দিন । তিনিও কথা – বতৰা পাতি ফুল বুটলি থাকোতে পলম হ’ব বুলি ততাতৈয়াকৈ স্কুললৈ যাবৰ বাবে গুচি আহিল ।

পিছদিনা গ্রীষ্ম বন্ধ ঘােষণা উপলক্ষে বিদ্যালয় প্রেক্ষাগৃহত প্রীতি মেলৰ বাবে ছাত্র – ছাত্রী আৰু শিক্ষক – শিক্ষয়িত্ৰীসকল গােট খাইছে । বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী পূৰবী দাসে ছাত্র – ছাত্রীসকলক বন্ধৰ সময়ছােৱাত মাক – দেউতাকক ঘৰুৱা কাম বনত সহায় কৰাৰ উপৰি পুথিভঁৰাললৈ গৈ দুই – এখন কিতাপ পঢ়াৰ বাবে পৰামর্শ দিছে । তাৰ পিছত শিক্ষক বাহাৰুল ইছলামে সাংস্কৃতিক কার্যক্রম ঘােষণা কৰি ছাত্র ছত্রীসকলকো সােণত সুৱগা চৰাইদুই – এষাৰ কোৱাৰ আহ্বান জনালে । ছাত্রী মালতীয়ে সতীর্থসকলক আহ্বান কৰি ছাৰ বাইদেউসকলক ফুলৰ মালা দিলে আৰু তাৰ পিছত মহাপুৰুষ মাধৱদেৱৰ তেজৰে কমলাপতি’বৰগীতেৰে সাংস্কৃতিক অনুষ্ঠানৰ পাতনি মেলিলে ।

বৰগীতটোৰ পিছত বিষ্ণু ৰাভাৰ বিলতে হালিছে ’ গীতৰ আধাৰত ৰচিত নৃত্য – আলেখ্য এখন শ্রীমতী বৰয়া আৰু তেওঁৰ সতীর্থ শৈলবালা আৰু মালতীহঁতে পৰিৱেশন কৰিব বুলি ঘােষকে ঘােষণা কৰিলে । শৈলবালা , বৰষা আৰু মালতীয়ে । বিলতে হালিছে ’ গীত আৰম্ভ কৰি নাচি থাকোতেই শৈলবালা মূর্ছা গৈ বাগৰি পৰিল । সভাথলীত হুৱা- দুৱা লাগিল , ছাত্র – ছাত্রী , শিক্ষক – শিক্ষয়িত্ৰীসকলাে ওচৰ চাপি আহিল । বৰষা আৰু মালতীয়ে শৈলবালাক দাংকোলা কৰি প্রধান শিক্ষয়িত্ৰীৰ কোঠালৈ নি শুৱাই দিলে । প্রধান শিক্ষয়িত্ৰীয়ে দেখিলে শৈলবালাক বতাহ দিবৰ বাবে বিদ্যুতে নাই । তেওঁ কোনােবা এজনক বিছনী এখন আনিবলৈ ক’লে।

এনেতে মালতীয়ে প্রধান শিক্ষয়িত্রী মহােদয়াৰ অনুমতি বিচাৰিলে শৈলক চামৰাৰ চেণ্ডেল এপাট শুঙাই দিয়াৰ বাবে । কাৰণ মূচ্ছা গ’লে আইতাকহঁতে তেনে কৰা তাই দেখিছে । প্রধান শিক্ষয়িত্রীগৰাকীয়ে এই কথাত ধমক দি মানা কৰিলে । হুনমিলিতে শৈলৰ কথা চিন্তা কৰি কান্দিব ধৰিলে । প্রধান শিক্ষয়িত্ৰীয়ে ইছলামৰ হতুৱাই ডাঃ পেগুক মতাই আনি শৈলক পৰীক্ষা কৰালে । পৰীক্ষা কৰি ডাক্তৰে জনালে যে ছােৱালীজনীৰ এটা অসুখ আছে , মাক – দেউতাকে হয়তাে জানে ; কিন্তু আনে ছােৱালীজনীক বেমাৰী বুলি হাঁহিব বুলি সংকোচ কৰি হয়তাে চিকিৎসাৰ ব্যৱস্থা নকৰি গােপনে ৰাখিছে । ডাক্তৰে ক’লে যে লােকনিন্দা আৰু কুসংস্কাৰৰ বাবে বহুতে সন্তান বেমাৰ লুকুৱাই ৰখাৰ যত্ন কৰে । ফলত সিয়েই সর্বনাশৰ মূল হৈ পৰে ।

শেষত ডাক্তৰে ঔষদ – পাতি লিখি দি মাক – দেউতাকক বুজাই ক’বলৈ কৈ গ’ল । নােকোৱাৰ পৰিণাম ভয়ানক বুলি মালতীহতে বুজিলে ।

উত্তৰ দিয়া

( ক ) হুনমিলি , শৈলহঁতে কিয় বকুল ফুল বুটলিছিল ?
উত্তৰঃ পিছদিনা বিদ্যালয়ত গ্রীষ্ম বন্ধ ঘােষণা কৰিব । সেই সময়ত ছাৰ , বাইদেউসকলক বকুল ফুলৰ মালা দিবলৈ হুনমিলি , শৈলীতে বকুল ফুল বুটলিছিল ।

( খ ) ‘চোৱাচোন , ফুলবােৰ কিমান সতেজ আৰু জীপাল’, —কথাৰি কোনে কাক কৈছিল ?
উত্তৰঃ কথাষাৰি মালতীয়ে হুনমিলিক কৈছিল ।

( গ ) সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল ?
উত্তৰঃ সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত ‘তেজৰে কমলাপতি … ‘ এই বৰগীতটি গাইছিল ।

( ঘ ) নাচি থাকোতে কোন মূর্ছা গৈছিল ?
উত্তৰঃ নাচি থাকোতে শৈলবালা মূর্ছা গৈছিল ।

( ঙ ) শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি ?
উত্তৰঃ শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম মৃগী বেমাৰ ।

( চ ) “ সময়ৰ টিকনিডাল হেনাে আগফালে উৰে ’ – এই বাক্যশাৰী কোনে কি প্রসংগত কৈছিল ?
উত্তৰঃ মালতী , শৈলবালা আৰু হুনমিলিয়ে ৰাতিপুৱা কথা কৈ কৈ বকুলফুল , বুটলি থাকোতে ন বজাৰ সময় হােৱাত স্কুললৈ যাবলৈ দেৰি হ’ব বুলি ভাবি কথা প্রসংগত হুনমিলিয়ে শৈলবালা আৰু মালতীক এই বাক্যশাৰী কৈছিল ।

প্রসংগ সংগতি লগাই ব্যাখ্যা কৰা

‘কু – সংস্কাৰ আৰু লােক – নিন্দাৰ ভয়ত অনেক লােকে সন্তানৰ বেমাৰ লুকৱাই থয় । সময়ত হয়গৈ সর্বনাশৰ মূল ।’
উত্তৰঃ উক্ত কথাষাৰ ‘নােকোৱাৰ পৰিণাম’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে । আনক নােকোৱাকৈ লুকুৱাই ৰাখিলে সৰু বেমাৰেই পিছত দুৰাৰােগ্য বেমাৰ হােৱা প্রসঙ্গত ডাঃ কটকীয়ে কথাষাৰ কৈছে।

শৈলবালা নামৰ ছােৱালীজনীৰ হঠাৎ মূর্ছা যােৱা বেমাৰ আছিল বুলি হয়তাে মাক – দেউতাকে জানিছিল । কিন্তু বেমাৰৰ কথা জানিলে আনে নিন্দা কৰাৰ ভয় বা কু – সংস্কাৰৰ বাবে নােকোৱাকৈ আৰু চিকিৎসা নকৰাকৈ আছিল । বিদ্যালয়ৰ গৰমৰ বন্ধ ঘােষণাৰ দিনা হােৱা সাংস্কৃতিক অনুষ্ঠানত শৈলবালাই নাচি থাকোতেই মূর্ছা যােৱাত গােপন কথা ডাক্তৰৰ হাতত ধৰা পৰিছিল । শৈলবালাৰ মাক – দেউতাকৰ দৰে বহুতাে মানুহেকু – সংস্কাৰ আৰু লােক – নিন্দা বা অন্ধবিশ্বাসৰ বাবে নিজৰ ল’ৰা – ছােৱালীৰ বেমাৰ লুকাই ৰাখিব বিচাৰে । কিন্তু লুকাই ৰখা সৰু বেমাৰ পিছলৈ ডাঙৰ বেমাৰ হৈ বিপদত পেলায় । সেই কথাকে কথাষাৰৰ যােগেদি বুজাবৰ যত্ন কৰা হৈছে ।

বহল প্ৰশ্ন উত্তৰ

৪। মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্রধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল ?
উত্তৰঃ মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্রধান শিক্ষয়িত্ৰীয়ে সেয়া অন্ধবিশ্বাস বুলি ভাবি “ নাই নাই , চেণ্ডেলপাট মুখত লগাবনে ? বনৌষধি কিবা এবিধ লগােৱাৰ কথা হলেও বেলেগ কথা— এই বুলি বাধা দিছিল ।

৫। দলত আলােচনা কৰি লিখা – উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ’ব পাৰে ?
উত্তৰঃ উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে একোটা সৰু বেমাৰেই গৈ ভয়ংকৰ ৰূপ ধাৰণ কৰে । তেতিয়া সেই বেমাৰ ভাল কৰিবলৈ ডাঙৰ ডাঙৰ ডাক্তৰৰ ওচৰ চাপিব লগীয়া হয় , অত্যন্ত খৰচান্ত হ’বলগীয়া হয় আৰু হয়তাে এনে ব্যৱস্থা লােৱাতাে বেমাৰে জটিলৰূপ ধাৰণ কৰি বেমাৰীক মৃত্যুৰ মুখত পেলাব পাৰে । সেই কাৰণেই উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা কৰাব লাগে ।

‘খ’ ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

৭। তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা— মাৰা , ভায়েৰা , ভনীয়েৰা , খুৰীয়েকক
উত্তৰঃ

মাৰা মা + ৰা
ভায়েৰাভাই + এ + ৰা
ভনীয়েৰাভনী + এ + ৰা
খুৰীয়েককখুৰী + এ + ক + ক

৮। বাঁওফালে দিয়া শব্দবােৰৰ লগত সোঁফালে থকা নির্দিষ্টতাবাচক প্রত্যয়বােৰ মিলােৱা ।
উত্তৰঃ

পান খিলা
বহী খন
ল’ৰা টো
ছােৱালী জনী
মহিলা গৰাকী

। প্ৰত্যয় গঠন কৰা
উত্তৰঃ

ৰস + আল ৰসাল
ভয় + আল ভয়াল
উম + আল উমাল
খং + আল খঙাল

গ – জ্ঞান সম্প্ৰসাৰণ

৯। নাটিকাখনিৰ প্ৰথম দৃশ্যৰ লগত থকা ছবিখন চাই তাত দেখা কথাখিনি বর্ণনা কৰা ।
উত্তৰঃ ই এখনি শস্য – শ্যামলা গাঁৱৰ দোকমােকালি ছবি । ৰাতিপুৱাৰ ফৰকাল পােহৰ ইয়াত পৰিছে । ফুলৰ গছ আৰু শস্যৰ পথাৰ দেখিবলৈ পােৱা গৈছে । দূৰণিত এলানি পাহাৰ । মানুহৰ ঘৰ – দুৱাৰ , গছ – গছনিৰে এখনি সৰু মনােৰম গাঁও । বকুলৰ গছজোপা বৰকৈ ফুলি আছে । তাৰ তলত তিনিজনী ছােৱালীয়ে কথাপাতি হাঁহি ফুর্তিৰে তলসৰা বকুল ফুল বুটলি দুটি কৰণিত ভৰাই লৈছে । এগৰাকী বয়সস্থ মহিলাই লাখুঁটিত ধৰি প্রাতঃভ্রমণ কৰিছে । এজনী ছােৱালী আৰু দুজন ল’ৰাই দুটি কুকুৰক কিবা খাবলৈ দিছে । ওচৰতে শালিকী দুটাই আহাৰ বিচাৰি ফুৰিছে । বহি থকা মানুহ এজনৰ ওচৰতে ৰৈ এগৰাকী মহিলাই তেওঁৰ লগত কথা পাতি আছে।

১০৷ তােমাৰ গাঁৱত বা ওচৰ – চুবুৰীয়াই সর্প দংশন , জণ্ডিচ , বসন্ত আদি ৰোগত ভুগিলে তুমি কেনে ধৰণৰ মতামত আগবঢ়াবা আৰু কি ধৰণে সহায় কৰিবা ?
উত্তৰঃ সর্প দংশন , জণ্ডিচ , বসন্ত আদি ৰােগত ভুগিলে অন্ধবিশ্বাসত থাকি জৰা ফুকা , জাব – জৰিৰে ৰােগ ভাল কৰিব নিবিচাৰি ততালিকে ডাক্তৰৰ সহায় ল’ব লাগে । প্রয়ােজন হলে ১০৮ , ১০২ সেৱাক মাতি ৰােগীক ডাক্তৰৰ ওচৰলৈ নিয়াব লাগে । আজিৰ বিজ্ঞানৰ যুগত বেমাৰৰ উন্নত চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰ হােৱা সত্ত্বেও কিছুমান অন্ধবিশ্বাসী মানুহে জৰা – ফুকা কৰি এনেবােৰ ৰােগ ভাল কৰিবলৈ চাই ৰােগীক মৃত্যু মুখত পেলায় । ই বৰ পৰিতাপৰ কথা ।


ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment