Class 10 Science Chapter 2 QnA | এচিড ক্ষাৰ আৰু লৱণ

আপুনি Class 10 Science Chapter 2 QnA বিচাৰি আছে নেকি? আপুনি বাৰু আগন্তুক HSLC 2024 পৰীক্ষা দিব নেকি তেন্তে আজিৰ আলোচনা আপোনাৰ বাবে।

আজি আমি Assamese Medium ত আপোনালোকৰ বাবে Class 10 Science Chapter 2 QnA লৈ আহিছোঁ। ইয়াৰ আগতে আমি প্ৰথম অধ্যায়ৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰিছো, আপুনি যদি পঢ়িব খোজে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।

Class 10 Science Chapter 2 QnA 2024

আজিৰ আলোচনাত আমি ইয়াত Class 10 Science Chapter 2 ৰ পাঠ্য ভিত্তিক প্ৰশ্ন উত্তৰ, অনুশীলনীৰ প্ৰশ্ন উত্তৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম যি আগন্তুক HSLC Exam 2024 ৰ বাবে বহুত প্ৰয়োজনীয়।

Class 10 Science Chapter 2 QnA

Class 10 Science MCQ Chapter 2 in Assamese

1. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?(HSLC-2017)
(a) এন্টিবায়’টিক
(b) বেদনানাশক
(c) অম্লনাশক
(d) বীজানুবাৰক
উত্তৰ : (c) অম্লনাশক

2. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিয়নো (HSLC-2018)
(a) টিনতকৈ জিংক দামী
(b) জিংকৰ গলনাংক টিনতকৈ বেছি
(c) জিংক টিনতকৈ অধিক সক্রিয়
(d) জিংক টিনতকৈ কম সক্রিয
উত্তৰ : (c) জিংক টিনতকৈ অধিক সক্রিয়

3. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ’ব পাৰে(HSLC-16/18/22)
(a) 1
(c) 5
(b) 4
(d) 10
উত্তৰ : (d) 10

4. এটা দ্রৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্রৱটোত আছে – (HSLC -2019)
(i) NaCl
(ii) HCl
(iii) LiCl
(iv) KCl
উত্তৰ : (ii) HCl

5. NaOH দ্ৰৱ এটাৰ 10ml এ HCl দ্ৰৱএটাৰ 8ml সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্রৱ) পৰিমাণ হ’ব
(a) 4ml
(b) 8ml
(c) 12ml
(d) 16ml
উত্তৰ: (d) 16ml

6. অম্লত পোৱা যায়
(a) H+আয়ন
(b) OH আয়ন
(c) H+ আয়ন আৰু OH– আয়ন
(d) – OH মূলক।
উত্তৰ: (a) H+ আয়ন

7. তেতেলীত থকা জৈৱ এছিডবিধ হ’ল-
(a) মিথানয়িক এছিড
(b) ছাইট্রিক এছিড
(c) টাটাৰিক এছিড
(d) লেক্‌টিক এছিড
উত্তৰ: (c) টাটাৰিক এছিড

8. ক্ষাৰক পানীত দ্রবীভূত হ’লে উৎপন্ন কৰা আয়নবিধ –
(a) H+ আয়ন
(b) OH আয়ন
(c) Na+ আয়ন
(d) H+ আৰু OH আয়ন
উত্তৰ : (b) OH– আয়ন

9. প্রশমন বিক্ৰিয়াত উৎপন্ন হয় –
(a) পানী
(c) ক্ষাৰক
(b) এছিড
(d) লৱণ আৰু পানী
উত্তৰ : (d) লৱণ আৰু পানী ৷

10. তলৰ কোনটো প্ৰাকৃতিক সূচক-
(a) হালধি
(b) ফেনলথেলিন
(c) মিথাইল অৰেঞ্জ
(d) মিথাইল ৰেড
উত্তৰ: (a) হালধি

11. লঘূ ছালফিউৰিক এছিড বিক্ৰিয়া নকৰা ধাতুটো—
(a) Na
(c) Fe
(b) Mg
(d) Ag
উত্তৰ : (d) Ag

12. তলৰ কোনটো অম্ল-ক্ষাৰক সূচক নহয় ?
(a) হালধি
(c) ভেনিলা
(b) লিটমাছ
(d) মিথাইল অঞ্জে
উত্তৰ: (c) ভেনিলা

13. এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছটো।
(a) হাইড্ৰ’জেন
(b) অক্সিজেন
(c) নাইট্ৰ’জেন
(d) ক্ল’ৰিণ
উত্তৰ : (a) হাইড্ৰ’জেন

14. তলৰ কোনটো শুদ্ধ –
(a) HCl + H₂O → H3O+ + Cl
(b) HCl + H₂O→HO + HOCl
(c) HCl + H₂O → HO3– + Cl+
(d) HCl + H₂O → HOH+ + Cl+
উত্তৰ : (a) HCl + H₂O→H3O+ + Cl

15. প্রশম লৱণৰ pH ৰ মান
(a) 6
(b) 6.7
(c) 7.4
(d) 10
উত্তৰ : (c) 7.4

16. বিশুদ্ধ পানীৰ pH ৰ মাত্ৰা প্ৰায় –
(a) 5
(b) 6
(c) 8
(d) 7
উত্তৰ : (d) 7

17. তলৰ কোনটো ব্লিছিং পাউদাৰ –
(a) Ca (OH)2
(b) CaOCl2
(c) NaHCO3
(d) Na2CO3
উত্তৰ : (b) CaOCl2

18. জিপছামৰ ৰাসায়নিক সংকেত –
(a) Na2CO3
(b) CaSO4
(c) CaSO4.2H2O
(d) CaOCl2
উত্তৰ : (c) CaSO4.2H2O

19. তলৰ কোনটো মৌলই আম্লিক অক্সাইড উৎপন্ন কৰে –
(a) P
(c) Na
(b) Mg
(d) Al
উত্তৰ : (a) P

20. তলৰ কোনটো তীব্র এছিড
(a) HCl(aq)
(b) H2CO3(aq)
(c) H2C2O4(aq)
(d) মিথানয়িক এছিড
উত্তৰ : (a) HCl(aq)

21. তলত দিয়া পদাৰ্থবোৰৰ পৰা ক্ষাৰকটো বাছি উলিওৱা :
(a) কমলাৰ ৰস
(b) তেতেলী পানী
(c) জঠৰ ৰস
(d) আমলখিৰ ৰস
উত্তৰ : (d) আমলখিৰ ৰস

22. H2O আয়নটোক আয়ন বুলি কোৱা হয়।
(a) অক্সিনিয়াম
(b) কার্বনিয়াম
(c) ক্লৰ নিয়াম
(d) হাইড্ৰ’নিয়াম
উত্তৰ : (d) হাইড্ৰ’নিয়াম

23. নেমুটেঙাত — এছিড থাকে
(a) ছাইট্রিক
(c) টাৰটেৰিক
(b) লেকটিক
উত্তৰ : (a) ছাইট্রিক

24. ৰঙা পৰুৱাত — এছিড থাকে
(a) ছাইট্রিক
(b) লেকটিক
(c)মিথানয়িক
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) মিথানয়িক

25. আটাইবোৰ ক্ষাৰক – নহয়
(a) গোটা
(b) এলকালি
(c) পণীয়া
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) এলকালি

26. এছিডে নীলা লিটমাছ – কৰে।
(a) নীলা
(c) বগা
(b) হালধীয়া
(d) ৰঙা
উত্তৰ : (d) ৰঙা

27. মৃদু পানীবোৰত দ্ৰৱীভূত CO2 থাকে কাৰণে — হয়।
(a) আম্লিক
(b) ক্ষাৰৰ্কীয়
(c) প্রশমিত
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) আম্লিক

28. এছিডে ক্ষাৰক বা এলকালিৰ সৈতে বিক্ৰিয়া কৰি – আৰু পানী উৎপন্ন কৰে ।
(a) এচিড
(b) ক্ষাৰক
(c) হাইড্রজেন
(d) লৱণ
উত্তৰ: (d) লৱণ

29. ক্ষাৰকে—— লিটমাছৰ বৰণ নীলা কৰে।
(a) নীলা
(b) ৰঙা
(c) বগা
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (b) ৰঙা

30. লিটমাছ প্রশম মাধ্যমত—— বৰণৰ।
(a) বেঙুণীয়া
(c) নীলা
(b) ৰঙা
(d) বগা
উত্তৰঃ (a) বেঙুণীয়া

31.ফেনলফথেলিন ক্ষাৰকীয় মাধ্যমত -বৰণৰ ৷
(a) বেঙুণীয়া
(c) নীলা
(b) গুলপীয়া
(d) ৰঙা
উত্তৰ ঃ (b) গুলপীয়া

32. আটাইবোৰ ধাতু – পদাৰ্থ ।
(a) জাৰক
(b)গোটা
(c) প্রশমিত
(d) বিজাৰক
উত্তৰ: (d) বিজাৰক

33. প্রশম ধৰ্মী দ্ৰৱৰ pH
(a)7
(b)8
(c)5
(d) 6
উত্তৰ : (a) 7

34. ছডিয়াম ক্ল’ৰাইডৰ জলীয় দ্রৱক – বোলে।
(a) ছ’ডা
(b) ক্লৰিণ
(c) ব্রাইন
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) ব্রাইন

35. Na2CO3.10H2Oক — ছ’ডা বোলা হয়।
(a) কাপোৰ ধোৱা
(b) ঔদ্যোগিক
(c) ঘৰুৱা
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) কাপোৰ ধোৱা

36. জিপছামৰ সংকেত হ’ল –
(a) CuSO4.2H2O
(b) Cu2SO4.2H2O
(c) 2CuSO4.2H2O
(d) CuSO42H2O
উত্তৰ : (a) CuSO4.2H2O

37. যিবোৰ ৰাসায়নিক পদার্থই জলীয় দ্রৱত –— আয়ন মুক্ত কৰে সেই পদাৰ্থবোৰক এছিড বা অম্ল বোলে।
(a) অক্সিজেন
(c) কার্বন
(b) হাইড্ৰ’জেন
(d) ওপৰৰ এটাও নহয
উত্তৰ: (b) হাইড্ৰ’জেন

38. ফেনলথেলিন এটা —— সূচক আৰু ইয়াৰ বৰণ – দ্রৱত গুলপীয়া ।
(a) ক্ষাৰকীয়, সংশ্লোষিত
(b) ক্ষাৰকীয়, প্রশমিত
(c) সংশ্লেষিত, প্রশমিত
(d) সংশ্লেষিত, ক্ষাৰকীয়
উত্তৰ : (d) সংশ্লেষিত, ক্ষাৰকীয

39. জলীয় দ্রৱত ছালফিউৰিক এছিডে – আৰু আয়ন মুক্ত কৰে।
(a) হাইড্ৰ’জেন, ছালফেট
(b) অক্সিজেন, ছালফেট
(c)হাইড্রজেন, অক্সিজেন
(d) ছালফেট, হাইড্রজেন
উত্তৰ : (a) হাইড্ৰ’জেন, ছালফেট

40. ছিলভাৰ নাইট্ৰেটৰ দ্ৰৱত কপাৰৰ পাত এখন ডুবালে – মুক্ত হয়। এই বিক্ৰিয়াত কপাৰে হিচাপে কাম কৰে ।
(a) জাৰক, ছিলভাৰ
(b) ছিলভাৰ, জাক
(c) নাইট্রেট, বিজাৰক
(d) ছিলভাৰ, বিজাৰক
উত্তৰ: (b) ছিলভাৰ, জাৰক

41. জাৰণ-বিজাৰণ বিক্ৰিয়াত জাৰক পদার্থ হয় আৰু বিজাৰক পদাৰ্থহ – দান কৰে ।
(a) বিজাৰিত, ইলেক্ট্ৰ’ন
(b) জাৰিত, ইলেক্ট্ৰ’ন
(c) বিজাৰিত, প্ৰ’টন
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) বিজাৰিত, ইলেক্ট্ৰ’ন

42. কঠিন পানীক কোমল (মৃদু) পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা ছ’ডিয়ামৰ যৌগটোৰ নাম লিখা ৷(HSLC ’16)
(a) ছডিয়াম কার্বনেট
(b) ছডিয়াম নাইট্রেট
(c) ছডিয়াম অক্সাইড
(d) ছডিয়াম বাইকার্বনেট
উত্তৰ : (d) ছডিয়াম বাইকার্বনেট

43. যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি?
(a) ছ’ডা
(b) ফেনাইল
(c) ব্লিচিং পাউদাৰ
(d) বেনজিন
উত্তৰ ঃ (c) ব্লিচিং পাউদাৰ

44. ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা ৷
(a) কেলছিয়াম অক্সাইড
(b) কেলছিয়াম ক্লৰাইড
(c) কেলছিয়াম কার্বনেট
(d) কেলছিয়াম হাইড্রক্সাইড
উত্তৰঃ (d) কেলছিয়াম হাইড্রক্সাইড

45. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা ৷
(a) ছডিয়াম ক্লৰাইড
(b) ছডিয়াম কার্বনেট
(c) ছডিয়াম হাইড্রক্সাইড
(d) ছডিয়াম অক্সাইড
উত্তৰ : (b) ছডিয়াম কার্বনেট

Class 10 Science Chapter 2 Page No. 22 QnA

১) দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
উত্তৰ: দৈ আৰু টেঙা খাদ্যবস্তুত সাধাৰণতে এচিড থাকে। আমি জানো এচিড ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এই লৱণ বিষাক্ত প্ৰকৃতিৰ হব পাৰে বাবে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় ।

২) এচিড ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয় এটা উদাহৰণৰ সৈতে আলোচনা কৰা। এই গেছৰ উপস্থিতি কিদৰে পৰীক্ষা কৰা হয়?
উত্তৰ: আমি জানো এচিড ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। উদাহৰণ হিচাপে Zn আৰু লঘূ H2SO4 ৰ মাজৰ বিক্ৰিয়া।
Zn + H2SO4 ———> ZnSO4 + H2
ওপৰত উল্লেখ কৰা বিক্ৰিয়াত উৎপন্ন হোৱা H2 গেছ অতি সহজেই নিৰ্গমন নলীৰ জৰিয়তে ফটফটিয়া চূণ পানীৰ মাজেৰে যাবলৈ দিলে চূণ পানী ঘোলা কৰি হাইড্ৰজেন গেছৰ উপস্থিতি অনুভৱ কৰিব পাৰি।

Class 10 Science Chapter 2 Page No. 25 QnA

১) জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদি কিয় আম্লিক ধৰ্ম দেখুৱাই কিন্তু C6H12O6 আৰু এলকহল আদি নেদেখুৱাই কিয়?
উত্তৰ: জলীয় দ্ৰৱত HCl, HNO3 আদিয়ে আম্লিক ধৰ্ম দেখুৱাই কাৰণ ইহঁতে জলীয় দ্ৰৱত হাইড্ৰনিয়াম আয়ন (H3O+/H+) উৎপন্ন কৰে। আনহাতে C6H12O6 আৰু এলকহল আদি জলীয় দ্ৰৱত হাইড্ৰনিয়াম আয়ন উৎপন্ন নকৰে।

২) এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিৱহণ কৰে?
উত্তৰ: আমি জানো এচিড (HX) সদায় জলীয় দ্ৰৱত কেটায়ন বা ধনাত্মক আয়ন (H3O+/H+) আৰু এনায়ন বা ঋণাত্মক আয়ন (X) উৎপন্ন কৰে। আয়নবোৰ অধানৰ বাহক হোৱা বাবে এচিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিৱহণ কৰে।

৩) শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়?
উত্তৰ: এচিডে কেৱল পানীৰ উপস্থিতিত হাইড্ৰজেন আয়ন (H+) বা হাইড্ৰনিয়াম আয়ন (H3O+) উৎপন্ন কৰে। এই H+ আয়নবোৰ সিহঁতৰ আম্লিক ধৰ্মৰ বাবে দায়ী। শুকান লিটমাছ কাগজৰ আদ্ৰতাৰ অনুপস্থিতৰ বাবে শুকান HCl গেছ H+ উৎপন্ন কৰিব নোৱাৰে। সেয়ে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়।

৪) এচিড লঘূ কৰোতে এচিড পানীত যোগ কৰিব লাগে কিন্তু পানী এচিদত যোগ কিয় নকৰে?

উত্তৰ: এচিড লঘূ কৰা প্ৰক্ৰিয়া এটা অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত উৎপন্ন তাপৰ পৰিমাণ বহু বেছি হৈ জুই লাগিব পাৰে বাৰে দুৰ্ঘটনা ৰোধ কৰিবলৈ এচিড লঘূ কৰোতে এচিড পানীত যোগ কৰিব লাগে কিন্তু পানী এচিদত যোগ কৰিব নালাগে।

৫) এচিডৰ দ্ৰৱ এটা লঘূ কৰোতে হাইড্ৰনিয়াম আয়ণৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়?
উত্তৰ: এচিডৰ দ্ৰৱ এটা লঘূ কৰোতে প্ৰতি একক আয়তনত হাইড্ৰনিয়াম আয়ণ (H3O+) ৰ সংখ্যা হ্ৰাস পায় লগতে হাইড্ৰনিয়াম আয়ণ (H3O+) ৰ গাঢ়তা হ্ৰাস পায়। ফলত এচিডৰ তীব্ৰতা হ্ৰাস পায়।

৬) ছডিয়াম হাইড্র-অক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱভূত কৰিলে হাইড্র-অক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হব?
উত্তৰ: ছডিয়াম হাইড্র-অক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱভূত কৰিলে প্ৰতি একক আয়তনত হাইড্র-অক্সাইড আয়ন (OH) ৰ সংখ্যা বৃদ্ধি পায়। ইয়াৰ ফলত হাইড্র-অক্সাইড আয়ন (OH) ৰ গাঢ়তা বৃদ্ধি পাব আৰু ক্ষাৰকৰ তীব্ৰতা বৃদ্ধি পাব।

Class 10 Science Chapter 2 Page No. 28 QnA

১) তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8 । কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি। কোনটো আম্লিক কোনটো ক্ষাৰকীয়?
উত্তৰ: যিহেতু দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8 গতিকে দ্ৰৱ A ত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি।
আনহাতে যিহেতু দ্ৰৱ A ৰ pH ৰ মান 6 গতিকে ই আম্লিক প্ৰকৃতিৰ। আৰু দ্ৰৱ B ৰ pH ৰ মান 8 গতিকে ই ক্ষাৰকীয় প্ৰকৃতিৰ।

২) দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে?

উত্তৰ: যিহেতু এচিডৰ তীব্ৰতা H+ আয়নৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে H+ আয়নৰ গাঢ়তা বৃদ্ধি হলে আম্লিকতা বাঢ়ি যায় আৰু কমলে অৰ্থাৎ OH আয়নৰ গাঢ়তা বৃদ্ধি হলে ক্ষাৰকীয়তা বৃদ্ধি পায়।

৩) মাটিত কি অৱস্থাত পোৰা চূণ বা চক প্ৰয়োগ কৰিব লাগে?
উত্তৰ: সাধাৰণতে গছ-গছনি বৃদ্ধিৰ বাবে মাটিৰ pH 6.5 ৰ পৰা 7 লৈ হোৱা অতি শ্ৰেষ্ঠ। মাটি কেতিয়াও অতি আম্লিক বা অতি ক্ষাৰকীয় হোৱা গছ-গছনি বৃদ্ধিৰ বাবে ঠিক নহয়। সেয়ে অতি আম্লিক মাটিত প্ৰশম কৰিবলৈ পোৰা চূণ বা চক প্ৰয়োগ কৰিব লাগে।

Class 10 Science Chapter 2 Page No. 33 QnA

১) যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি?
উত্তৰ: ব্লিছিং পাউদাৰ

২) ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰি ব্লিছিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম কি?
উত্তৰ: শুকান শিথলত চূণ [Ca(OH)2]

৩) কঠিন পানী কোমল কৰা যৌগটোৰ নাম কি?
উত্তৰ: কাপোৰ ধোৱা ছডা (Na2CO3. 10H2O)।

৪) ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াৰ সমীকৰণটো লিখা?
উত্তৰ: ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ই বিয়োজিত হৈ ছডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে।
2NaHCO3 + তাপ ——-> Na2CO3 + H2O + CO2

৫) প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়া দেখুৱাবলৈ এটা সমীকৰণ লিখা?
উত্তৰ:
CaSO4. 1/2 H2O + 1.1/2 H2O —–> CaSO4. 2H2O


অনুশীলনী প্ৰশ্ন উত্তৰ

১ নং প্ৰশ্নৰ উত্তৰ: (d) 10
২ নং প্ৰশ্নৰ উত্তৰ: (b) HCl
৩ নং প্ৰশ্নৰ উত্তৰ: (d) 16 mL
৪ নং প্ৰশ্নৰ উত্তৰ: (c) অম্লনাশক

৫ নং প্ৰশ্নৰ উত্তৰ: শব্দ সমীকৰণ লিখা একেবাৰেই সহজ বাবে আমি ইয়াত উল্লেখ নকৰি কেৱল মাত্ৰ সন্তলিত সমীকৰণ তলত উল্লেখ কৰা হল।
a) Zn + H2SO4 —–> ZnSO4 + H2
b) Mg + 2HCl —–> MgCl2 + H2
c) 2Al + 3H2SO4 —–> Al2(SO4)3 + 3H2
d) Fe + 2HCl —–> FeCl2 + H2

৬ নং প্ৰশ্নৰ উত্তৰ: এলকহল বা C6H12O6 জাতীয় যৌগত হাইড্ৰজেন থাকে যদিও ইহঁতে জলীয় দ্ৰৱত হাইড্ৰনিয়াম আয়ন উৎপন্ন নকৰে। ইয়াৰ বাবেই ইহঁতক এচিডৰ অন্তৰ্ভূক্ত কৰা নহয়।
ইয়াৰ বাবে এটা বৈদ্যুতিক বৰ্তনী প্ৰস্তুত কৰি এটা বিকাৰত ( চিত্ৰত দেখুওৱা দৰে)স্থাপন কৰা হল । এতিয়া বিকৰত এলকহলৰ দ্ৰৱ এটা দি বেটেৰীত সংযোগ কৰা হল যদিও বৰ্তনত থকা লাইটটো নজ্বলিল কাৰণ এলকহল জলীয় দ্ৰৱত হাইড্ৰনিয়াম আয়ন উৎপন্ন নকৰে। কিন্তু এই পৰিঘটনাক এলকহলৰ পৰিৱৰ্তে HCl ব্যৱহাৰ কৰিলে
লাইটটো জ্বলি উঠে।

৭ নং প্ৰশ্নৰ উত্তৰ: এচিড,ক্ষাৰক বা লৱণ জাতীয় আয়নীয় যৌগসমূহে পাতিত পানীৰ সৈতে মিহলি হৈ আয়ন উৎপন্ন কৰিব নোৱাৰে বাবে বিদ্যুৎ পৰিৱহণ কৰিব নোৱাৰে। আনহাতে বৰষুণৰ পানীত CO2, SO2 আদি গেছ থাকে বাবে ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি H2CO3, H2SO4 আদি এচিড উৎপন্ন কৰে। এই এচিড পানীত দ্ৰৱীভূত হৈ আয়ন উৎপন্ন কৰে বাবে বৰষুণৰ পানীয়ে বিদ্যুৎ পৰিৱহণ কৰে।

৮ নং প্ৰশ্নৰ উত্তৰ: এচিডে কেৱল পানীৰ উপস্থিতিত হাইড্ৰজেন আয়ন (H+) বা হাইড্ৰনিয়াম আয়ন (H3O+) উৎপন্ন কৰে আৰু এই H+ আয়নবোৰ সিহঁতৰ আম্লিক ধৰ্মৰ বাবে দায়ী। সেই কাৰণে পানীৰ অনুপস্থিতিত এছিড আম্লিক বা এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে।

৯ নং প্ৰশ্নৰ উত্তৰ: পাঁচটা দ্ৰৱ A,B,C,D আৰু E ৰ PH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9। গতিকে
দ্ৰৱ A হল মৃদু আম্লিক।
দ্ৰৱ B হল তীব্ৰ আম্লিক।
দ্ৰৱ C হল তীব্ৰ ক্ষাৰকীয়।
দ্ৰৱ D হল প্ৰশম।
দ্ৰৱ E হল মৃদু ক্ষাৰকীয়।
গতিকে হাইড্ৰজেন আয়ন গাঢ়তাৰ বৰ্ধিত ক্ৰমত C< E< D< A< B

১০ নং প্ৰশ্নৰ উত্তৰ: HCl থকা পৰীক্ষানল A ত এচেটিক এচিড (CH3COOH) থকা পৰীক্ষানল B তকৈ বেছি বেগেৰে বুৰবুৰণি ওলাব। কাৰণ- HCl এচিড CH3COOH তকৈ অধিক তীব্ৰ। Mg ফিতডাল HCl ৰ সৈতে CH3COOH ৰ তুলনাত অধিক তীব্ৰ ভাবে বিক্ৰিয়া কৰে।

১১ নং প্ৰশ্নৰ উত্তৰ: কেঁচা গাখীৰ দৈত পৰিণত হলে লেকটিক এচিড উৎপন্ন হয়। গাখীৰৰ তুলনাত দৈ অধিক আম্লিক বাবে pH ৰ মান হ্ৰাস পায় অৰ্থাৎ কেঁচা গাখীৰৰ pH ৰ মান 6 তকৈ কম হব।

১২ নং প্ৰশ্নৰ উত্তৰ: এজন গোৱালে কেঁচা গাখীৰত কিছু বেকিং ছডা যোগ কৰিলে কাৰণ- বেকিং ছডা যোগ কৰিলে কেঁচা গাখীৰ কিছু পৰিমাণে ক্ষাৰকীয় হয় অৰ্থাৎ সোনকালে দৈ নহয়। বেকিং ছডা যোগ কৰা কেঁচা গাখীৰ দৈত পৰিণত হবলৈ অলপ বেছি সময় লাগে কাৰণ উৎপন্ন হোৱা এচিডে ক্ষাৰক প্ৰশমিত কৰিবলৈ সময় লাগে।

১৩ নং প্ৰশ্নৰ উত্তৰ: প্লাষ্টাৰ অৱ পেৰিছ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি জিপছামলৈ পৰিৱৰ্তিত হয় যি টান আৰু গোটা পদাৰ্থ। এনে হলে ই ব্যৱহাৰৰ উপযোগী নহয়।

১৪ নং প্ৰশ্নৰ উত্তৰ: প্ৰশমন বিক্ৰিয়া সাধাৰণতে এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া ঘটি লৱন আৰু পানী উৎপন্ন হোৱা এটা প্ৰক্ৰিয়া। যেনে –
HCl + NaOH —–> NaCl + H2O
HNO3 + KOH ——-> KNO3 + H2O

Additional Question Answer 2024

প্ৰশ্ন 1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে । দ্ৰৱটোৰ PH হল [ H.S.L.C 2016]

(a) 1 (b) 4 (c) 5 (d) 10

উত্তৰ : ( d ) 10

প্ৰশ্ন 2. কঠিনপানীক কোমল ( মৃদু ) পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম [H.S.L.C 2016]

উত্তৰ: উত্তৰঃ চ’ডিয়াম কাৰ্বনেট ( Na2CO310H2O).

প্ৰশ্ন 3. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ? [H.S.L.C 2017 ]

(a) এন্টিবায়টিক (b) বেদনানাশক (c) অম্লনাশক (d) বীজাণুবােধক

উত্তৰ: (c) অম্লনাশক লিখা ।

প্ৰশ্ন 4: এটা দ্ৰবই ৰঙা লিটমাছ নীলা কৰে। দ্ৰব্যটোৰ PH হল—-[HSLC-2016]

(a) 1 (b) 4 (c) 5 (d) 10

উত্তৰঃ (d) 10

প্ৰশ্ন 5: ক্ষাৰৰ তিনিটা ধৰ্ম লিখা? [HSLC- 2013]

উত্তৰঃ ক্ষাৰৰ তিনিটা ধৰ্ম –

  • এচিডৰ সোৱাদ টেঙা।
  • এচিডে নীলা লিটমাছ নীলা কৰে।
  • এচিডৰ জলীয় দ্ৰবই বিদ্যুত পৰিবহণ কৰ

প্ৰশ্ন 6: সূচক কি? উদাহৰণ দিয়া? [HSLC- 2012]

উত্তৰঃ যিবোৰ পদাৰ্থই অম্ল আৰু ক্ষাৰকৰ উপস্থিতিত নিজৰ ৰং সলনি কৰে তেনে পদাৰ্থ সমহকে সূচক বোলে। যেনে– হালধি, লিটমাছ, মিঠাইল অৰেঞ্জ ।

প্ৰশ্ন 7: এটা পৰীক্ষা নলীত 3mL মান চডিয়াম চালফেট দ্ৰৱ লোৱা। আন এটা পৰীক্ষা নলীত 3mL মান বেৰিয়াম ক্লৰাইড দ্ৰৱ লোৱা। দুয়োটা দ্ৰৱ মিহলোৱা আৰু তলৰ প্ৰশ্ন সমূহৰ উত্তৰ দিয়া?

  1. উপৰৰ পৰীক্ষাটো পৰ্যবেক্ষণ লিখা?
  2. উপৰৰ পৰীক্ষাটো পৰ্যবেক্ষণ ৰাসায়নিক সমীকৰণ লিখা?

উত্তৰঃ ছডিয়াম চালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্রিয়া ঘটি বেৰিয়াম ছালফেটৰ অধঃ ক্ষেপ আৰু ছডিয়াম ক্লৰাইডৰ উৎপন্ন হয়।

পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ হৈছে —

BaCl2(aq)+Na2SO4(aq) ——> BaSo4(s)+ 2NaCl (aq)

প্ৰশ্ন 8: তোমাক A আৰু ব দুটা দ্ৰৱ দিয়া হল। দ্ৰব্ অ PH ৰ মান 6 আৰু দ্ৰৱ B PH ৰ মান 8 । কোনটো দ্ৰৱ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? কোনটো দ্ৰৱ আম্লিক আৰু কোনটো দ্ৰৱ ক্ষাৰকীয়? [HSLC 15,17,20]

উত্তৰঃ A দ্ৰৱ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হব। A দ্ৰৱ আম্লিক আৰু B দ্ৰৱ ক্ষাৰকীয়।

প্ৰশ্ন 9 : যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি? [HSLC- 2018]

উত্তৰঃ CaOCl2 ৰ সাধাৰণ নামটো হল ব্লিচিং পাউডাৰ ।

প্ৰশ্ন 10: কঠিন পানী কোমল কৰা সাধাৰণ যৌগটোৰ নাম লিখা? [HSLC- 2016]

উত্তৰঃ চডিয়াম কাৰ্বনেট বা কাপোৰ ধোঁৱা ছডা।

প্ৰশ্ন 11: প্লাষ্টাৰ অৱ পেৰিছ কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় । ইয়াৰ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা? [HSLC 15,17]

উত্তৰঃ প্লাষ্টাৰ অৱ পেৰিছ হল এবিধ বগা জাতীয় পদাৰ্থ। জিপচামক ১০০ ডিগ্ৰী চেলচিয়াছত উত্তপ্ত কৰি ইয়াক প্ৰস্তুত কৰা হয়। ৰাসায়নিক বিক্ৰিয়াটো হল—

CaSo41/2H2O + 11/2H2O—->CaSo4.2H2o

ভঙা হাড় জোৰা দিবলৈ প্লাষ্টাৰ অৱ পেৰিছ ব্যৱহাৰ কৰা হয় ।

Class 10 Science Chapter 2 Question Answer in PDF

Download PDF Note

শেষ বাক্য Class 10 Science Chapter 2 QnA

আমি Class 10 Science Chapter 2 ৰ বিষয় বস্তুৰ সম্পূৰ্ণ ধাৰণা মুঠ তিনিটা অংশত প্ৰকাশ কৰিছোঁ। যদি পঢ়া নাই তেন্তে লিংক ওপৰত দিয়া আছে। এতিয়া আমি Class 10 Science Chapter 2 QnA ত সম্পূৰ্ণ পাঠ্য ভিত্তিক প্ৰশ্ন উত্তৰ, অনুশীলনীৰ প্ৰশ্ন উত্তৰ লগতে HSLC 2024 Exam ৰ বাবে Class 10 Science ৰ অতি গুৰুত্বপূৰ্ণ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ। এই Additional Question Class 10 Science Chapter 2 ত আমি কোন কোন বছৰত পৰীক্ষাত সুধিছিল তাকো উল্লেখ কৰিছোঁ।

আশা কৰো এই “Class 10 Science Chapter 2 QnA” এ আপোনাক সহায় কৰিব। আপুনি যদি আপুনি বন্ধু বা লগৰীয়াক সহায় কৰিব বিচাৰে তেন্তে Assamese Medium Facebook PageFollow কৰিব পাৰে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment