Assamese Medium Class 10 Science Chapter 3 Question Answer

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱীসকল, সকলোকে Assamese Medium লৈ স্বাগতম জনাইছোঁ। আজি আমি Assamese Medium Class 10 Science Chapter 3 Question Answer আলোচনা কৰিম বুলি আশাবাদী। আপুনি যদি Class 10 ত অধ্যয়ন কৰি আছে তেন্তে Assamese Medium Class 10 Science Chapter 3 Question Answer এই লিখনিয়ে আপোনাক আগন্তুক HSLC 2024 Final Exam ত বহুত উপকাৰ কৰিব।

ইয়াৰ আগতেও আমি Assamese Medium Class 10 Science ৰ বহু কেইটা গুৰুত্বপূৰ্ণ অধ্যায় আলোচনা কৰিছোঁ আৰু তাৰ সৈতে যিমান প্ৰশ্ন আছে আমি আলোচনা কৰিছোঁ-

Assamese Medium Class 10 Science Chapter 3 Question Answer 2024

আজি আমি আপোনালোকৰ বাবে Assamese Medium Class 10 Science Chapter 3 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, কিছু চমু প্ৰশ্ন উত্তৰ, ব্যাখ্যামূলক প্ৰশ্ন উত্তৰ লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰিছো।

Assamese Medium Class 10 Science Chapter 3 Question Answer

Class 10 Science Chapter 3 MCQ for 2024 HSLC Exam

1. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যোগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হ’ল– (HSLC-2019)
(i) কেলছিয়াম
(ii) ছিলিকন
(iii) কার্বন
(iv) আইন
উত্তৰ : (i) কেলছিয়াম

2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব ?(HSLC-2020)
(i) গ্ৰীজ ব্যৱহাৰ কৰি
(ii) ৰং ব্যৱহাৰ কৰি
(iii) যিংকৰ প্ৰলেপ দি
(iv) ওপৰৰ সকলো
উত্তৰ : (iv) ওপৰৰ সকলো

3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হ’ল (HSLC-2022)
(i) কেলছিয়াম
(ii) কার্বন
(iii) ছিলিকন
(iv) আইন
উত্তৰ : (i) কেলছিয়াম

4. তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব?
(a) NaCl ৰ দ্রৱই আৰু কপাৰ ধাতু
(b) MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু
(c) FeSO ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু
(d)AgNO, ৰ দ্ৰৱ আৰু কপাৰ ধাতু
উত্তৰ : (d) AgNO, আৰু কপাৰ ধাতু

5. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত ?
(a) গ্ৰীজ ব্যৱহাৰ কৰি,
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্ৰলেপ দি
(d) ওপৰৰ সকলো
উত্তৰ: (d) ওপৰৰ সকলো ।

6. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো
(a) কেলছিয়াম
(c) ছিলিকন
(b) কার্বন
(d) আইন
উত্তৰ : (a) কেলছিয়াম

7. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা(HSLC ’15)—
(a) ছডিয়াম
(b) এলুমিনিয়াম
(c) ক্ল’ৰিন
(d) ব’ৰণ
উত্তৰঃ (d) ব’ৰণ

8. তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্রবল বেগে বিক্ৰিয়া কৰে?(HSLC ’16)
(a) Al
(b) Fe
(c) Na
(d) Ca
উত্তৰ: (d) Ca

9. তলতনাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে ?(HSLC-2017)
(a) Na
(b) Fe
(c) Cu
(d) Ag
উত্তৰ : (a) Na

10. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; জিংকৰ নহয় । কিয়নো—
(a) টিনতকৈ যিংক দামী
(b) যিংকৰ গলনৰ তাপ টিনতকৈ বেছি
(c) যিংক টিনতকৈ বেছি সক্রিয়
(d) যিংক টিনতকৈ কম সক্রিয়
উত্তৰ : (c) যিংক টিনতকৈ বেছি সক্রিয়

11. আইৰণৰ প্ৰধান আকৰটোৰ নাম হৈছে—
(a) আর্জেন্টাইট
(b) কেলামাইন
(c) গেলেনা
(d) হেমেটাইট
উত্তৰ : (d) হেমেটাইট।
12. ব্রঞ্জ তলত দিয়া ধাতুবিলাকৰ সংকৰ ধাতু –
(a) Cu, Zn
(b) Cu, Sn
(c) Cu, Sn

(d) Cu, Au

উত্তৰ : (b) কপাৰ পাইৰাইটিজ।

13. কোনটো আকৰ ফেন ওপঙন পদ্ধতিৰ সহায়ত গাঢ়ীকৰণ কৰা হয় –
(a) হেমেটাইট
(c) যিংকাইট
(b) কপাৰ পাইৰাইটিজ
(d) হৰ্ণ ছিলভাৰ
উত্তৰ : (b) কপাৰ পাইৰাইটিজ।

14. পাতন পদ্ধতিৰে শোধন কৰিব পৰা ধাতুটো হ’ল-
(a) আইৰণ
(c) এলুমিনিয়াম
(b) কপাৰ
(d) যিংক
উত্তৰ : (d) যিংক

15. ডাউনৰ পদ্ধতিৰে ছ’ডিয়ামৰ নিষ্কাশনত ছডিয়াম ক্ল’ৰাইডক বিগলিত অৱস্থাত ৰাখিবলৈ ব্যৱহাৰ কৰা পদাৰ্থটো হৈছে –
(a) ছিলভাৰ ক্ল’ৰাইড
(c) ফেৰাছ ক্ল’ৰাইড
(b)কেলছিয়াম ক্ল’ৰাইড
(d) যিংক ক্ল’ৰাইড
উত্তৰ : (b) কেলছিয়াম ক্ল’ৰাইড।

16. যিংকৰ প্ৰধান আকৰটোৰ নাম হৈছে
(a) বক্সাইট
(c) যিংক ব্লেণ্ড
(b) হৰ্ণ ছিলভাৰ
(d) হেমেটাইট
উত্তৰ : (c) যিংক ব্লেণ্ড

17. তলৰ কোনটো জিংকৰ আকৰ ?
(a) ZnS
(b) ZnO
(c) ZnCO3
(d) ZnO, Fe2O3
উত্তৰ : (a) ZnS

18. পিতলত থকা ধাতুকেইটা হৈছে—
(a) Cu, Zn
(c) Cu, Ni
(b) Cu, Sn
(d) Cu, Fe
উত্তৰ : (a) Cu, Zn

19. তলৰ কোনটো আকৰ ফেন ওপঙন পদ্ধতিৰে
গাঢ় কৰা হয় ?
(a) বক্সাইট
(c) মেলাছাইট
(b) হৰ্ণ ছিলভাৰ
(d) যিংক ব্লেণ্ড
উত্তৰ : (d) যিংক ব্লেণ্ড

20. তলৰ কোনটো লৌহ সংকৰ ধাতু ?
(a) পিতল
(c) নিষ্কলংক তীখা
(b) ব্রঞ্জ
(d) মেগনেলিয়াম
উত্তৰ : (c) নিষ্কলংক তীখা

21. আয়নীয় যৌগবোৰৰ গলনাংক
(a) অতিশয় বেছি
(b) অতিশয় কম
(c) সামান্য
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (a) অতিশয় বেছি

22. ছ’ডিয়াম ধাতু ক’ত ডুবাই ৰখা হয় –
(a) পানীত
(b)মিঠাতেলত
(c) কেৰাচিনত
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) কেৰাচিনত

23. তলৰ কোনটো সংকৰ ধাতু নহয়
(a) সোণ
(c) পিতল
(b) কাঁহ
(d) নিষ্কলংক তীখা
উত্তৰ: (a) সোণ

24. গাঢ় এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰা ধাতু দুটা হ’ল –
(a) কপাৰ আৰু চিলভাৰ
(b) ছ’ডিয়াম আৰু কেলছিয়াম
(c) কপাৰ আৰু কেলছিয়াম
(d) ছ’ডিয়াম আৰু ছিলভাৰ
উত্তৰঃ (b) ছ’ডিয়াম আৰু কেলছিয়াম

25. গাঢ় এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰিব নোৱাৰা ধাতু দুটা হ’ল
(a) কপাৰ আৰু চিলভাৰ
(b) ছ’ডিয়াম আৰু কেলছিয়াম
(c) কপাৰ আৰু কেলছিয়াম
(d) ছ’ডিয়াম আৰু ছিলভাৰ
উত্তৰ: (a) কপাৰ আৰু চিলভাৰ আৰু তাৰ যোগ

26. খনিজ মল আৰু বিগালকৰ মাজৰ বিক্রিয়াত উৎপন্ন হোৱা গলিত দ্ৰৱক — বোলে।
(a) ধাতুকল্প
(c) ধাত
(b) আকৰ
(d) ধাতুমল
উত্তৰ : (d) ধাতুমল

27. টিনষ্ট’ন আকৰ পৃথক কৰা পদ্ধতিটো হ’ল—
(a) নিষ্ফালন
(c) যেন ওপঙন
(b) দগ্ধীকৰণ
(d) চুম্বকীয় পৃথকীকৰণ
উত্তৰ: (d) চুম্বকীয় পৃথকীকৰণ

28. পিতল সংকৰ ধাতুত থকা ধাতুকেইটা হৈছে—
(a) Cu, Ag
(b) Cu, Zn
(c) Cu, Au
(d) Cu,
উত্তৰ: (b) Cu, Zn

29. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো চিনাক্ত কৰা—
(a) Li
(b) Rb
(c) P
(d) Si
উত্তৰ : (d) Si

30. তলৰ কোনটো ধাতুকল্প ?
(a) Na
(b) Cl
(c) Mn
(d) Si
উত্তৰ : (d) Si

Additional Question Answer

1) উভধর্মী অক্সাইড কাক বােলে? দুটা উভধর্মী অক্সাইডৰ নাম লিখা।
উঃ যিবােৰ অক্সাইডে এছিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবােৰক উভধর্মী অক্সাইড বােলে। উদাহৰণ : যিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড।

2) দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰপৰা হাইড্রজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।
উঃ হাইড্রজেন অপসাৰণ কৰা দুটা ধাতু হল- ছ’ডিয়াম আৰু কেলছিয়াম। অপসাৰণ নকৰা ধাতু হৈছে- কপাৰ আৰু ছিলভাৰ।

3) M ধাতুৰ বৈদ্যুতিক শােধনৰ বেলিকা এন’ড, কেথড আৰু বিদ্যুত বিশ্লেষ্য কি ল’ব লাগিব?
উঃ অশুদ্ধ ধাতু Mক এনড হিচাপে আৰু বিশুদ্ধ Mক কেথ’ড হিচাপে M ধাতুৰ লৱণ বিশ্লেষ্য ব্যৱহাৰ কৰিব লাগিব।

4) গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কিয়?
উঃ ষ্টিলতকৈ কপাৰ অধিক পৰিবাহী, ই সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। সেই বাবে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহৰ কৰা হয়।

5) ধাতৱ দ্যুতি কাক বােলে ?
উঃ বিশুদ্ধ ধাতুৰ পৃষ্ঠৰ চিকমিকনিক ধাতৱ দ্যুতি বােলে।

6) কপাৰ আৰু যিংক, কপাৰ আৰু টিন আৰু লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম লিখা।
উঃ কপাৰ আৰু যিংকৰ সংকৰ ধাতু পিতল। কপাৰ আৰু টিনৰ সংকৰ ধাতু ব্ৰঞ্জ। লেড আৰু যিংকৰ সংকৰ ধাতু—ছ’ল্ডাৰ।

7) কাৰণ দর্শোৱা – খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।
উঃ এলুমিনিয়াম কোবাই সহজে পাতল পাতলৈ পৰিৱৰ্তন কৰিব পাৰি। সেইবাবে খাদ্যসামগ্রী মেৰিয়াবলৈ এলুমিনিয়াম ব্যৱহাৰ কৰা হয়।

8) পানীৰ সৈতে বিক্রিয়া নকৰা দুবিধ ধাতুৰ নাম লিখা।
উঃ সােণ আৰু ৰূপ।

9) তাপজাৰণ আৰু দন্ধীকৰণ পদ্ধতিৰ সংজ্ঞা দিয়া।
উঃ অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰক ধাতৱ অক্সাইড়লৈ ৰূপান্তৰ কৰা পদ্ধতিকে তাপজাৰণ বােলা হয়।
পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কার্বনেট আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰ কৰা পদ্ধতুিক দগ্ধীকৰণ পদ্ধতি বােলা হয়।

10) আয়নীয় বা ইলেকট্র’যােজী যৌগ কাক বােলে? উদাহৰণ দিয়া।
উঃ ধাতুৰ পৰা অধাতুলৈ ইলেকট্রন স্থানান্তৰ হওঁতে সৃষ্টি হােৱা যৌগক আয়নীয় বা ইলেকট্র’যোজী যৌগ বােলে। উদাহৰণ– NaCl, CaCl, CaO, MgCI, আদি।

11) এমালগাম কি?
উঃ এমালগাম এটা সংকৰ ধাতু। কোনাে ধাতু আৰু পাৰাৰ সংকৰ ধাতুৱে এমালগাম।

12) ধাতুকল্প কাক বােলে ?
উঃ যিবােৰ মৌলই ধাতু আৰু অধাতু দুয়ােৰে ধৰ্ম দেখুৱায় তেনেবােৰ মৌলক ধাতুকল্প বােল। যেনে—Ge, As, Te

Important Notes

এনড বোকা (Anode mud): ধাতু শােধনৰ বিদ্যুৎবৈজেযিক প্রক্রিয়াত বিদ্যুৎকোষৰ এনীতৰ তলত জমা হােৱা অশুদ্ধি।

ক্ষয়ীভবন (Corosion): বায়ুত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ সৈতে ধাতু এটাই সংঘটিত কৰাৰাসায়নিক বিক্রিয়াৰ ফলত সংশ্লিষ্ট ধাতুৰ ক্রমাগত বিনাশ।

বিদ্যুৎলেপন (Galvanisation): ধাতু, লাে আৰু তীখাৰ ক্ষয়ীভৱন ৰােধ কৰাৰ বাবে যিংকৰ পাতল আৱৰণ দিয়া বৈদ্যুতিক পদ্ধতি।

সংকৰ ধাতু (Alloy): দুটা বা ততােধিক ধাতু বা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্রণ।

এমালগাম (Amalgam): পাৰা আৰু অন্য ধাতু মিশ্রণৰ পৰা তৈয়াৰী সংকৰ ধাতু।

পিতল (Bruss): যিংক (Zn) আৰু কপাৰ (Cu) মিশ্রিত সংকৰ ধাতু।

ব্রঞ্জ (Bronze): কপাৰ (Cu) আৰু টিন (Sn) মিশ্রিত সংকৰ ধাতু।

ছল্ডাৰ (Solde): টিন (Sn) আৰু লেড (Pb) মিশ্রিত সংকৰ ধাতু।

কেৰেট (Carat): সােণৰ বিশুদ্ধতা জোখাৰ একক (বিশুদ্ধ সােণত 24 কেৰেট থাকে)।

Class 10 Science Page No 40 Question Answer

১) ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উষ্ণতাত জুলীয়া।

উত্তৰ: i) সাধাৰণ উষ্ণতাত জুলীয়া ধাতু এটা হৈছে পাৰা।

(ii) কটাৰিৰে সহজে কাটিব পাৰি।
উত্তৰ: ii) কটাৰিৰে সহজে কাটিব পাৰা ধাতু এটা হৈছে লিথিয়াম।

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
উত্তৰ: iii) তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু এটা হৈছে ৰূপ।

(iv) তাপৰ কম পৰিবাহী।
উত্তৰ: iv) তাপৰ কম পৰিবাহী ধাতু এটা হৈছে সীহ।

২) ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলোচনা কৰা।
উত্তৰ: ধাতুবোৰ সাধাৰণতে টান বা কঠিন। সোণ,ৰূপ, এলুমিনিয়াম, প্লেটিমান আদি ধাতু গৰম কৰি পিটি বহল বা দীঘল কৰিব পাৰি। এনে ধাতুক আঘাত কৰি প্ৰসাৰিত কৰিলেও এইবিলাক ভাঙি নায়ায়। ইয়াকে ধাতুৰ ঘাত সহনীয়তা ণ্ডণ বুলি কোৱা হয়। আটাইতকৈ ঘাতসহনীয় ধাতু দুটাৰ নাম হৈছে সোন আৰু ৰূপ। সেয়ে সোন আৰু ৰূপক ইচ্ছানুযায়ী যিকোনো আকৃতি দিব পাৰি।

ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ ৰূপান্তৰিত কৰিব পাৰি। ধাতুৰ এই গুণক নমনীয়তা বুলি কোৱা হয়। সোণ, ৰূপ এলুমিনিয়াম আদি নমনীয় ধাতুৰ উদাহৰণ।

Class 10 Science Page No 46 Question Answer

১) ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয়?
উত্তৰ: ছ’ডিয়াম এটা অতি সক্ৰিয় ধাতু। ছ’ডিয়াম বায়ুত উন্মুক্তভাৱে থাকিলে বায়ুত উপলব্ধ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে আৰু বায়ুৰ সংস্পৰ্শত জলি উঠে। সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ ছ’ডিয়ামক কেৰাচিন তেলত ডুৱাই ৰখা যাতে ই বায়ুৰ সংস্পৰ্শ নাপায়।

২) তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।
উত্তৰ: উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়াৰ ৰাসায়নিক সমীকৰণ হৈছে-

3Fe(s)+ 4H2​O(g) →Fe3​O4​(s)+4H2​(g)

(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।
উত্তৰ: পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়াৰ ৰাসায়নিক সমীকৰণ হৈছে-

Ca(s)+2H2​O(l)→Ca(OH)2​(aq)+H2​(g)

2K(s)+2H2​O(l)→2KOH(aq)+H2​(g)+HeatEnergy

৩) A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।

ধাতুআইৰণ (II) ছালফেটকপাৰ (II) ছালফেটজিংক ছালফেটছিলভাৰ নাইট্ৰেট
Aবিক্ৰিয়া নহয়প্ৰতিস্থাপন  
Bপ্ৰতিষ্ঠাপন বিক্ৰিয়া নহয় 
Cবিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়প্ৰতিষ্ঠাপন
Dবিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়

ওপৰৰ তালিকা ব্যৱহাৰ কৰি A B C D ধাতু সম্বন্ধে তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া।

(i) আটাইতকৈ সক্রিয় ধাতু কোনটো?
উত্তৰ: (i) আটাইতকৈ সক্রিয় ধাতুটো হৈছে B।

(ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে কি হ’ব?
উত্তৰ: (ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে ই দ্ৰৱৰপৰা কপাৰক অপসাৰণ কৰিব।

(iii) A B C D ধাতুক সক্রিয়তাৰ নিম্নক্রমত সজোৱা।
উত্তৰ: (iii) A B C D ধাতুক সক্রিয়তাৰ নিম্নক্রম হৈছে: B>A>C>D

৪) লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H2SO4 ৰ লগত কৰা বিক্রিয়াটোৰ সমীকৰণ লিখা।
উত্তৰ: লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে হাইড্ৰ’জেন গেছৰ উৎপন্ন হয়।

আইৰনে লঘু H2SO4 ৰ লগত বিক্রিয়া কৰিলে আইৰন ছালফেট আৰু হাইড্ৰ’জেন গেছৰ উৎপন্ন হয়। বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণ হৈছে-

Fe(s) + H2​SO4​(aq)→FeSO4​(aq) + H2​(g)

৫) আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্রিয়াটো লিখা।
উত্তৰ: যিংক আইৰনতকৈ অধিক সক্ৰিয় ধাতু। আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে যিংকে আইৰণক অপসাৰিত কৰি যিংক ছালফেট উৎপন্ন কৰিব আৰু আইৰন (ll) ছালফেট দ্ৰৱৰ ৰং বৰণহীন হৈ পৰিব। বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণটো হৈছে-

Zn(s) + FeSO4​(aq) →ZnSO4​(aq) + Fe(s)

Class 10 Science Page No 49 Question Answer

১) i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন লিখা।
উত্তৰ: (i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন হৈছে:

(ii) ইলেক্ট্রন স্থানান্তৰৰ জড়িয়তে Na2O আৰু MgO ৰ গঠন লিখা।
উত্তৰ: (ii) ইলেক্ট্রন স্থানান্তৰৰ জড়িয়তে Na2O আৰু MgO ৰ গঠন হৈছে:

(iii) এই যোগটোত থকা আয়নসমূহ লিখা।

উত্তৰ: (iii) Na2Oত থকা আয়নসমূহ হৈছে: Na2+ আৰু O2- । MgO ত থকা আয়নসমূহ হৈছে: Mg2+ আৰু O2−

২) আয়নীয় যৌগৰ গলনাংক কিয় বেছি ?
উত্তৰ: আয়নীয় যৌগবোৰ ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত বিদ্যুৎস্থিতীয় আকর্ষণ বলৰ ফলত সৃষ্টি হয়। ফলস্বৰূপে আয়নীয় যৌগবোৰত এনায়ন আৰু কেটায়নবোৰৰ মাজত বিদ্যুৎস্থিতীয় আকষর্ণীয় বল অতিশয় বেছি। গতিকে আয়নসমূহ পৃথক কৰিবৰ বাবে অতিশয় বেছি তাপ শক্তিৰ প্ৰয়োজন হয়। সেইবাবে আয়নীয় যৌগবোৰৰ গলনাংক অতিশয় বেছি।

Class 10 Science Page No 53 Question Answer

১) তলত দিয়া বোৰৰ সংজ্ঞা লিখা।
(i) মণিক (ii) আকৰ (iii) খনিজ মল

উত্তৰ: মণিক: পৃথিৱীৰ খোলাটোত প্ৰাকৃতিকভাৱে পোৱা মৌল বা যৌগবোৰক মণিক বা খনিজ পদার্থ বুলি কোৱা হয়। মণিক বা খনিজ পদার্থৰ উদাহৰণ হৈছে সোণ, ৰূপ, কোৱাৰ্টছ, মাইকা আদি।

আকৰ: যিবোৰ খনিজ পদাৰ্থৰ পৰা কম খৰচতে ধাতু এটাক তাৰ বিশুদ্ধ অৱস্থাত লাভজনকভাৱে আহৰণ কৰিব পাৰি, সেই খনিজ পদাৰ্থবোৰক ধাতুটোৰ আকৰিক বা আকৰ বুলি কোৱা হয়। আকৰৰ উদাহৰণ হৈছে বক্সাইট, ,ZnS আদি।

খনিজ মল: খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ লগত বহুতো অপদ্ৰৱ্য বা অশুদ্ধি যেনে মাটি, বালি আদি মিহলি হৈ থাকে ৷ এই অশুদ্ধি বা অপদ্ৰৱ্যবোৰক খনিজ মল বুলি কোৱা হয়।

২) প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।
উত্তৰ: প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম হৈছে সোণ আৰু ৰূপ ৷

৩) অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়?
উত্তৰ: অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰন পদ্ধতি প্ৰয়োগ কৰা হয় ৷

Class 10 Science Page No 55 Question Answer

১) যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত

ধাতুযিংকমেগনেছিয়ামকপাৰ
যিংক অক্সাইড   
মেগনেছিয়াম অক্সাইড   
কপাৰ অক্সাইড   

উত্তৰ:

ধাতুযিংকমেগনেছিয়ামকপাৰ
যিংক অক্সাইডনঘটিবঘটিবনঘটিব
মেগনেছিয়াম অক্সাইডনঘটিবনঘটিবনঘটিব
কপাৰ অক্সাইডঘটিবঘটিবনঘটিব

২) কোনবোৰ ধাতু সহজে ক্ষয় নহয়?
উত্তৰ: কম সক্ৰিয় ধাতু যেনে সোণ, ৰূপ, কপাৰ ইত্যাদি সহজে ক্ষয় নহয় ৷

৩) সংকৰ ধাতু কি?
উত্তৰ: দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বুলি কোৱা হয়।

Exercise Solution [Class 10 Science Chapter 3]

প্ৰশ্ন ১: তলৰ কোনবোৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব?
(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু
(b) MgCl, ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু
(c) FeSO4ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু
(d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু
উত্তৰ: (d) AgNO3ৰ দ্ৰৱ আৰু কপাৰ ধাতুৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব।

প্ৰশ্ন ২: লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?
(a) গ্রীজ ব্যৱহাৰ কৰি
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্রলেপ দি
(d) ওপৰৰ সকলো
উত্তৰ: (c) যিংকৰ প্রলেপ দি লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰখা হয়।

প্ৰশ্ন ৩: এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো
(a) কেলছিয়াম
(b) কার্বন
(c) ছিলিকন
(d) আইৰন
উত্তৰ: (a) কেলছিয়াম

প্ৰশ্ন ৪: খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্রলেপ দিয়া হয়; যিংকৰ নহয়। কিয়নো
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্রিয়।
(d) যিংক টিনতকৈ কম সক্রিয়।
উত্তৰ: (c) যিংক টিনতকৈ অধিক সক্রিয়।

প্ৰশ্ন ৫: তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হল।
a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?
উত্তৰ: (a) ধাতুবোৰ ঘাতসহনীয় আনহাতে অধাতুবোৰ ঘাতসহনীয় নহয়। ধাতু আৰু অধাতুৰ নমুনাবিধত হাতুৰীৰে কোবালে যদি পাতৰ আকাৰ দিব পাৰি তেন্তে ই ধাতু হ’ব অন্যথা ই অধাতু হ’ব। তদুপৰি হাতুৰীৰে কোবালে যদি উচ্চ শব্দ হয় তেন্তে ই ধাতু হ’ব অন্যথা অধাতু হ’ব।

ধাতু আৰু অধাতুৰ নমুনাবোৰ ব্যৱহাৰ কৰি বেটাৰী, তাঁৰ, বৈদ্যুতিক বাল্ব আৰু ছুইৰ দ্বাৰা এটা বৰ্তনী তৈয়াৰ কৰা হ’ল। ছুইচ্ অন কৰিলে যদি বাল্বটো জ্বলি উঠে তেন্তেই ই ধাতু হ’ব। আনহাতে যদি বাল্বটো জ্বলি নুঠে তেন্তে ই অধাতু হ’ব।

b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।
উত্তৰ: (b) এই পৰীক্ষাবোৰে ধাতু আৰু অধাতু চিনাক্তকৰণত বিশেষভাবে সহায় কৰে যদিও কিছুমান ধাতু আৰু অধাতুৱে ব্য়তিক্ৰম দেখুৱাৰ বাবে সকলো ক্ষেত্ৰত এই পৰীক্ষাবোৰ উপযোগী নহয়। উদাহৰনস্বৰূপে যিংক এবিধ ধাতু হ’লেও সাধাৰণ উষ্ণতাত ই ঘাতসহনীয় নহয়। একেদৰে গ্রেফাইট অধাতু হ’লেও বিদ্যুতৰ সুপৰিবাহী।

প্ৰশ্ন ৬: উভধর্মী অক্সাইড কাক কোৱা হয়? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া।
উত্তৰ: যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰ ধাতৱ অক্সাইডক উভধর্মী অক্সাইড বুলি কোৱা হয়।

দুটা উভধর্মী অক্সাইডৰ উদাহৰণ হৈছে: এলুমিনিয়াম অক্সাইড (Al2O3) আৰু জিংক অক্সাইড (ZnO)।

প্ৰশ্ন ৭: দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।
উত্তৰ: লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰা দুটা ধাতুৰ নাম হৈছে ছডিয়াম (Na) আৰু এলুমিনিয়াম (Al)

লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰিব নোৱাৰা দুটা ধাতুৰ নাম হৈছে চিলভাৰ (Ag) আৰু মাৰকিউৰি (Hg)

প্ৰশ্ন ৮: M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড, কেথ’ড আৰু বিদ্যুৎবিশ্লেষ্য কি ল’ব লাগিব?
উত্তৰ: M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড হ’ব অশুদ্ধ ধাতু M, কেথ’ড হব বিশুদ্ধ M ধাতুৰ পাতল পাত আৰু বিদ্যুৎবিশ্লেষ্য হব M ধাতুৰ লৱণৰ দ্ৰৱ।

প্ৰশ্ন ৯: প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওলোটাকৈ ধৰি সংগ্ৰহ কৰিলে।
a) এই গেছে (i) শুষ্ক লিটমাচ কাগজৰ লগত (ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব ?
উত্তৰ: (a)ছালফাৰৰ গুড়ি বায়ুত উত্তাপিত কৰিলে ছালফাৰ ডাই অক্সাইড (SO2) উৎপন্ন হয়। (i) উদ্ভৱ হোৱা ছালফাৰ ডাই অক্সাইড গেছে শুষ্ক লিটমাচ কাগজৰ লগত কোনো বিক্ৰিয়া নকৰে। (ii) উদ্ভৱ হোৱা ছালফাৰ ডাই অক্সাইড গেছে সিক্ত লিটমাচ কাগজৰ লগত বিক্ৰিয়া কৰিলে লিটমাচ কাগজখন নীলাৰ পৰা ৰঙা হ’ব৷ ইয়াৰ কাৰণ হ’ল ছালফাৰ ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে ছালফিউৰাছ এছিড (H2SO3) উৎপন্ন কৰে।

(b) ইয়াত বিক্রিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।
উত্তৰ: (b) বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো হৈছে –
SO2 (g)+H2O(l)→H2SO3(g)

প্ৰশ্ন ১০: লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।
উত্তৰ: লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় হৈছে –

  • লোৰ বস্তুবোৰ ৰঙ কৰিব লাগে।
  • যিংকৰ আৱৰণ বা দস্তালেপন দিব লাগে।

প্ৰশ্ন ১১: অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতু বিলাকে কেনে অক্সাইড উৎপন্ন কৰে?
উত্তৰ: অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতু বিলাকে আম্লিক অক্সাইড উৎপন্ন কৰে।

কাৰণ দর্শোৱা

(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।
উত্তৰ: প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ আদি ধাতুবোৰ কম সক্ৰিয় হোৱা বাবে ইহঁতে সাধাৰণতে বায়ুত থকা অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদিৰ লগত সহজে বিক্ৰিয়া নকৰে আৰু সেয়েহে ইহঁত সহজে ক্ষয় নহয়। তদুপৰি এই ধাতুসমূহ অধিক নমনীয়, ঘাতসহনীয় আৰু ধাতব দ্য়ুতি সম্পন্ন। সেইবাবে ইহঁতক গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(b) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
উত্তৰ: ছডিয়ামৰ পটাছিয়াম আৰু লিথিয়াম ধাতু অধিক সক্ৰিয় হোৱাৰ বাবে ইহঁতে সাধাৰণ উষ্ণতাত বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জ্বলি উঠে। সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
উত্তৰ: এলুমিনিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ইয়াৰ পৃষ্ঠভাগত এলুমিনিয়াম অক্সাইডৰ এটা প্ৰলেপ সৃষ্টি কৰি পৰৱৰ্তী বিক্ৰিয়া ৰোধ কৰে। এলুমিনিয়াম তুলনামূলক ভাৱে কম মূল্যযুক্ত, পাতল, সহজলভ্য, ঘাতসহনীয়, নমনীয়, তাপৰ সুপৰিবাহী হোৱাৰ লগতে ইয়াৰ গলনাংকও অধিক। সেয়েহে এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু যদিও ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
উত্তৰ: ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কাৰণ ছালফাইড আৰু কার্বনেট আকৰৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতু নিষ্কাশন সহজ।

প্ৰশ্ন ১৩: চেকা লগা কপাৰৰ পাত্র নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্রবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে?
উত্তৰ: কপাৰৰ পাত্ৰ বহুদিন বতাহৰ সংস্পৰ্শত থাকিলে ক্ষয়ীভবনৰ ফলত ইয়াৰ ওপৰত সেউজীয়া ৰঙৰ কপাৰ কাৰ্বনেটৰ চামনি পৰে। নেমু ৰসত চাইট্ৰিক এছিড আৰু তেতেলী ৰসত টাৰটাৰিক এছিড থাকে। এই এছিড সমূহে কপাৰৰ পাত্ৰত লগা সেউজীয়া ৰঙৰ চেকা অৰ্থাৎ ক্ষাৰকীয় কপাৰ কাৰ্বনেটক দ্ৰৱীভূত কৰি পাত্ৰটো পৰিষ্কাৰ কৰিব পাৰে।

প্ৰশ্ন ১৪: ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতু পার্থক্য লিখা?
উত্তৰ: ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতু পার্থক্য তলত তালিকাভুক্ত কৰা হৈছে:

ধাতুঅধাতু
ধাতুবোৰে বিদ্য়ুত ধনাত্মক আয়ন উৎপন্ন কৰেঅধাতুৱে বিদ্য়ুত ঋণাত্মক আয়ন উৎপন্ন কৰে
ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয়অধাতুৰ অক্সাইডবোৰ আম্লিক
ধাতুৰ হাইড্রাইডবোৰ আয়নীয় প্ৰকৃতিৰঅধাতুৰ হাইড্রাইডবোৰ সহযোজী প্রকৃতিৰ
ধাতুৱে লঘূ এছিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব পাৰেঅধাতুৱে লঘূ এছিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে
ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি অক্সাইড আৰু হাইড্ৰক্সাইড উৎপন্ন কৰেঅধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে

প্ৰশ্ন ১৫: এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। তেওঁ পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্রতিশ্রুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ দ্রাৱকত ডুবাই ধৰিছিল। খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল; পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অপ্রস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি ক’ব পাৰিবা নে?
উত্তৰ: ভণ্ড স্বর্ণকাৰজনে ব্য়ৱহাৰ কৰা দ্ৰাৱকবিধ হল অম্লৰাজ বা একুৱা ৰেজিয়া। ই হৈছে ৩:১ অনুপাতত গাঢ় হাইড্ৰক্লৰিক এছিড (HCl) আৰু গাঢ় নাইট্ৰিক এছিডৰ (NHO3) মিশ্ৰণ। অম্লৰাজে সোন দ্ৰৱীভূত কৰিব পাৰে। সেয়ে খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল কিন্তু খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল।

প্ৰশ্ন ১৬: গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্ত ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয়?
উত্তৰ:- গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্ত ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কাৰণ ষ্টিলতকৈ কপাৰ তাপৰ সুপৰিবাহী। লগতে ষ্টিলত থকা আইৰণে গৰম পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰি আইৰণৰ অক্সাইড উৎপন্ন কৰে। ইয়াৰ ফলত ষ্টিলত মামৰে ধৰে। কিন্তু কপাৰে গৰমপানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে।

Class 10 Science Chapter 3 Question Answer PDF in Assamese

Download PDF Note

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment