ADVERTISEMENT

Class 10 Science Chapter 1 Question Answers 2024

আজি আমি আপোনালোকৰ কাৰণে আলোচনা কৰিব গৈ আছোঁ Class 10 Science Chapter 1 Question Answers যিয়ে আপোনাক HSLC final Examination 2024 ত সহায় কৰিব।

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল, এতিয়ালৈকে আমি অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ প্ৰথম অধ্যায় “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” ৰ সকলো বিষয়ৰ ওপৰত সবিশেষ আলোচনা কৰিলোঁ। যদি আপুনি বিষয় সমূহৰ সম্পূৰ্ণ ধাৰণা লব খুজি আছে তেন্তে তলৰ লিংকত ক্লিক কৰক।

Class 10 Science Chapter 1
ADVERTISEMENT

Class 10 Science Chapter 1 ৰ পাঠ্য ভিত্তিক প্ৰশ্ন উত্তৰৰ উপৰিও অনুশীলনৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আজি আমি আলোচনা কৰিব গৈ আছোঁ। আশা কৰো আপুনি প্ৰশ্ন উত্তৰ সমূহ ভাল পাব। আপোনাৰ যদি কিবা অসুবিধা হয় বুজি পোৱাত তেন্তে Comment Section ত জনাব নেপাহৰিব।

All Question Answers Chapter 1 Class 10 Science

Class 10 Science Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৃষ্ঠা অনুযায়ী যি প্ৰশ্ন আছে তাৰ প্ৰশ্ন উত্তৰ সমূহ আমি আগতে আলোচনা কৰিম তাৰ পিছত অনুশীলনৰ প্ৰশ্ন উত্তৰ  আলোচনা কৰিম। Class 10 Science Chapter 1 ৰ 6 নং পৃষ্ঠাত থকা প্ৰশ্ন সমূহৰ উত্তৰ আমি আগতে দিবলৈ গৈ আছোঁ।

6 নং পৃষ্ঠাৰ প্ৰশ্ন উত্তৰ

বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিস্কাৰ কৰি  লাগে কিয়?

ADVERTISEMENT
ADVERTISEMENT

উত্তৰ:- মেগনেছিয়াম এটা অতি সক্ৰিয় ধাতু ৷ সাধাৰণ উষ্ণতাত মেগনাছিয়াম ধাতুৰ পৃষ্ঠভাগত মেগনেছিয়ামৰ অক্সাইডৰ এটাৰ আৱৰণ থাকে৷ এই অক্সাইডৰ সুৰহ্মা আৱৰণটোৱে ধাতুটোক জাৰণৰ পৰা ৰক্ষা কৰে ৷ সেয়েহে বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা ডাল পৰিস্কাৰ কৰি ল’ব লাগে ৷

তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা৷

i) হাই’ড্ৰজেন+ ক্ল’ৰিন → হাই’ড্ৰজেন ক্ল’ৰাইড

উত্তৰ:- H2(g)+Cl2(g)→ 2HCl(g)

ii) বেৰিয়াম ক্ল’ৰিইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

উত্তৰ:- 3BaCl2(s)+ Al2(SO4)3(s) →  3BaSO4(s) + 2AlCl3(s)

iii)  ছ’ডিয়াম + পানী → ছ’ডিয়াম হাই’ড্ৰক্সাইড + হাই’ড্ৰজেন৷

ADVERTISEMENT

উত্তৰ:-  2Na(s) + 2H2O(l) → 2NaOH(aq) + H2(g)

৩.তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্হা চিহ্ন (State symbols) সহ একোটা সন্তলিত ৰাসায়নিক সমীকৰণ লিখা ৷

i) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডি্য়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় ৷

উত্তৰ:- BaCl2(aq) + Na2SO4(aq) → BaSO4(s) + 2NaCl(aq)

ii)  ছ’ডিয়াম হাই’ড্ৰক্সাইডৰ দ্ৰৱ(পানীত) হাই’ড্ৰক্ল’ৰিক এছিডৰ দ্ৰৱ(পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে৷

ADVERTISEMENT

উত্তৰ:- NaOH(aq)+ HCl(aq) → Nacl(aq) + H2O(l)

10 নং পৃষ্ঠাৰ প্ৰশ্ন উত্তৰ

1) এটা পদাৰ্থ ‘X’ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ(White Washing) ব্যৱহাৰ কৰা হয় ৷

i) পদাৰ্থ ‘X’ৰ নাম আৰু সংকেত লিখা৷

উত্তৰ:- পদাৰ্থ ‘X’ৰ নাম কেলছিয়াম অক্সাইড৷ ইয়াৰ সংকেত হ’ল CaO |

ii) পানীৰে সৈতে পদাৰ্থ ‘X’এ কৰা বিক্ৰিয়াটো লিখা ৷

উত্তৰ:- কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন কৰে-

ADVERTISEMENT

    CaO(s) + H2O(l) → Ca(OH)2(aq)

13 নং পৃষ্ঠাৰ প্ৰশ্ন উত্তৰ

1. লোৰ গজাল এটা ডুবাই ৰাখিলে পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয় ?

উত্তৰ:- লোৰ গজাল এটা ক’পাৰ ছালফেট দ্ৰৱত ডুবাই ৰাখিলে দ্ৰৱটোৰ ৰঙৰ পৰিবৰ্তন ঘটে ৷ ইয়াৰ কাৰণ হ’ল লো বা আইৰন ক’পাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে আইৰনে ক’পাৰ ছালফেট দ্ৰৱটোৰ পৰা ক’পাৰ মৌলটোক অপসাৰিত কৰি আইৰন ছালফেট উৎপন্ন কৰে ৷

       Fe(s) + CuSO4(aq) →  FeSO4(aq) + Cu(s)

3. তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাচি উলিওৱা ৷

i) 4Na(s) + O2(g) → 2Na2O(s)

উত্তৰ:- ছ’ডিয়াম জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে ৷

ii) CuO(s) +H2(g) →  Cu(s) + H2O(l)

উত্তৰ:- হাই’ড্ৰজেন জাৰিত হৈছে আৰু ক’পাৰ অক্সাইড বিজাৰিত হৈছে ৷

অনুশীলনৰ প্ৰশ্ন উত্তৰ

সৰ্ব শেষত আমি Class 10 Science Chapter 1 ৰ অনুশীলনৰ প্ৰশ্ন উত্তৰ সমূহ সহজ আৰু সৰল ভাষাত আলোচনা কৰিব গৈ আছোঁ। ইয়াত যদি আপোনাৰ কিবা বুজি পোৱাত অসুবিধা হৈ আছে তেন্তে বুজিব লাগিব যে আপোনাৰ এই অধ্যায়ৰ ধাৰণা সম্পূৰ্ণ হোৱা নাই। Class 10 Science Chapter 1 ৰ সকলো ধাৰণা ওপৰৰ লিংকত দিয়া আছে আপুনি ক্লিক কৰি জানি লব পাৰে।

অনুশীলনৰ কিছু প্ৰশ্ন আগতে আলোচনা কৰা হৈছে, সেয়ে আমি ইয়াত সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা নকৰি প্ৰয়োজনীয় খিনিহে আলোচনা কৰিব গৈ আছোঁ।

4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণ সমূহ কিয় সন্তুলিত কৰিব লাগে?

উত্তৰ:- যি ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মু্ঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয় তেনে ৰাৰাসায়নিক সমীকৰণ সমূহ ভৰৰ নিত্যতা সূত্ৰটো মানি চলিবলৈ সন্তুলিত কৰিব লাগে ৷ সায়নিক বিক্ৰিয়াৰ সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে ৷

অনুশীলনৰ কিছু প্ৰশ্ন আগতে আলোচনা কৰা হৈছে, সেয়ে আমি ইয়াত সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা নকৰি প্ৰয়োজনীয় খিনিহে আলোচনা কৰিব গৈ আছোঁ।

5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা

a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰে সৈতে লগ হৈ এম’নিয়া প্ৰস্তুত কৰে ৷

উত্তৰ:- 3H2(g) + N2(g) → 2NH3(g)

b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ৷

উত্তৰ:- 2H2S(g) + 3O2(g) →  2H2O(l) + 2SO2(g)

c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃহ্মেপ উৎপন্ন কৰে ৷

উত্তৰ:- 3BaCl2(aq) + Al2(SO4)3(aq) → 2AlCl3(aq) + 3BaSO4(s)

d)পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপণ্ন কৰে৷ উত্তৰ:- 2K(s) + 2H2O(l) → 2KOH(aq) + H2(g)

6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা 

a)HNO+ Ca(OH)→ Ca(NO3)2 + H2O

উত্তৰ:-  2HNO+ Ca(OH)→ Ca(NO3)2 + 2H2O

b) NaOH + H2SO4 → Na2SO4 + H2O

উত্তৰ:- 2NaOH + H2SO4 → Na2SO4 +  2H2O

c) NaCl + AgNO3 → AgCl + NaNO3  

উত্তৰ:- NaCl + AgNO3 → AgCl + NaNO3    

d) BaCl2 + H2SO4 → BaSO4 + HCl

উত্তৰ:- BaCl2 + H2SO4 → BaSO4 + 2HCl

7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা 

a) কেলছিয়াম হাইড্ৰ’ক্সাইড + কাৰ্বন ডাই অক্সাইড → কেলছিয়াম কাৰ্বনেট + পানী ৷

উত্তৰ:- Ca(OH)+ CO2 → CaCO3 + H2O

b) যিংক + ছিলভাৰ নাইট্ৰেট → যিংক নাইট্ৰেট + ছিলভাৰ ৷

উত্তৰ:- Zn + 2AgNO3 → Zn(NO3)2 + 2Ag

c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ ৷

উত্তৰ:- 2Al + 3CuCl2 → 2AlCl3 + 3Cu

d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড

উত্তৰ:- BaCl+ K2SO4 →  BaSO+ 2KCl

8. তলত দিয়া বোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লেখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা ৷

a) পটেছিয়াম ব্ৰ’মাইড(aq) + বেৰিয়াম আয়’ডাইড(aq) → পটেছিয়াম আয়’ডাইড(aq) + বেৰিয়াম ব্ৰ’মাইড(s)

উত্তৰ:- 2KBr(aq) + BaI2(aq) → 2KI(aq) + BaBr2(aq)

       এইটো এটা দ্বিঅপসৰণ বিক্ৰিয়া ৷

b)যিংক কাৰ্বনেট(s) → যিংক অক্সাইড(s) + কাৰ্বন ডাই অক্সাইড(g) 

উত্তৰ:- ZnCO3(s) → ZnO(s) + CO2(g)

       এইটো এটা বিযোজন বিক্ৰিয়া ৷

c)হাইড্ৰ’জেন(g) + ক্ল’ৰিন(g) → হাইড্ৰ’জেন ক্ল’ৰাইড(g)

উত্তৰ:- H2(g) + Cl2(g) → 2HCl(g)  

        এইটো এটা সংযোজন বিক্ৰিয়া ৷

d)মেগনেছিয়াম(s) + হাইড্ৰ’ক্লৰিক এছিড(aq) → মেগনেছিয়াম ক্ল’ৰাইড(aq) + হাইড্ৰ’জেন(g)

উত্তৰ:- Mg(s) + 2HCl(aq) → MgCl2(aq) +H2(g)

          এইটো এটা অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া ৷

9. তাপবৰ্জী আৰু তাগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজাউদাহৰণ দিয়া 

উত্তৰ:- যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱা লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলে ৷

উদাহৰণঃ প্ৰকৃতিক গেছৰ দহন –

CH4(g)+ 2O2(g) → CO2(g) + 2H2O(l)

যিবোৰ বিক্ৰিয়াত তাপ বা শক্তি শোষণ হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে ৷

উদাহৰণঃ সুৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আৰু ক্ল’ৰিনলৈ বিযোজিত কৰে

2AgCl(s)   __সুৰ্যৰ পোহৰ__> 2Ag(s) + Cl2(g)

10. শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা

উত্তৰ:- শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্হিতিত কোষস্হ গ্লু’কজৰ জাৰন ঘটি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় ৷

C6H12O6(aq) + 6O2(aq) + 6H2O(l) → 6CO2(g) + 12H2O(l) + শক্তি

যিহেতু এই প্ৰক্ৰিয়াত শক্তি উৎপন্ন হয় সেয়েহে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হয় ৷

11. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা ৷

উত্তৰ:- এটা সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ আন এটা মাত্ৰ নতুন পদাৰ্থ উৎপন্ন কৰে কিন্তু এটা বিযোজন বিক্ৰিয়াত এটা পদাৰ্থ বিযোজিত হৈ দুটা বা ততোধিক পদাৰ্থ উৎপন্ন কৰে ৷ সেয়েহে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় 

সংযোজন বিক্ৰিয়াৰ সমীকৰণ :

    C(s) + O2(g) → CO2(g)

বিযোজন বিক্ৰিয়া সমীকৰণ :

2AgCl(s)   __সুৰ্যৰ পোহৰ__> 2Ag(s) + Cl2(g)

12. তাপপোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা

উত্তৰ:- তাপ দিলে কেলছিয়াম কাৰ্বনেট কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত হয়৷

CaCO3(s)  __তাপ___> CaO(s) + CO2(g)

সুৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আৰু ক্ল’ৰিনলৈ বিযোজিত কৰে ৷

2AgCl(s)   __সুৰ্যৰ পোহৰ__> 2Ag(s) + Cl2(g)

পানীৰ বিদ্যুৎ বিশ্লেষণত হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হয় ৷

2H2O(l) __বিদ্যুৎ প্ৰবাহ__>  2H2(g)  +  O2(g)

13.  অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা

উত্তৰ:- যি বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌলই তাত কৈ কম সক্ৰিয় মৌল এটাক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেনে     বিক্ৰিয়াক অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া বোলে ৷

উদাহৰণ : যিংকে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰ মৌলটোক অপসাৰিত কৰি যিংক ছিলফেট আৰু ক’পাৰ উৎপন্ন কৰে ৷

Zn(s) + CuSO4(aq) →  ZnSO4(aq) + Cu(s)

আনহাতে, যি বিক্ৰিয়াত দুটা মৌলই পৰস্পৰক পৰস্পৰৰ যৌগৰ পৰা অপসাৰিত কৰি আয়নৰ বিনিময় কৰে তেনে বিক্ৰিয়াক দ্বিআপসৰণ বিক্ৰিয়া বোলে ৷

উদাহৰণ : ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত বিক্ৰিয়া সংঘটিত হ’লে বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইড উৎপন্ন হয় ৷

Na2SO4(aq) + BaCl2(aq) → BaSO4(s) + 2NaCl(aq)

14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰে দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে পাৰ ধাতুৰদ্বাৰা অপসৰণ সংঘটিত কৰা হয়  জড়িত বিক্ৰিয়াটো লিখা 

উত্তৰ:- জড়িত বিক্ৰিয়াটো হ’ল-

2AgNO3(aq)  +  Cu(s) →   Cu(NO3)2(aq)   +   2Ag(s)

15. অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা 

উত্তৰ:- যি বিক্ৰিয়াত অধঃক্ষেপ(অদ্ৰাৱ্য পদাৰ্থ) উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপণ বিক্ৰিয়া বোলা হয়৷

উদাহৰণ : ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত বিক্ৰিয়া সংঘটিত হ’লে বেৰিয়াম ছালফেট অধঃক্ষেপ হিচাপে উৎপন্ন হয় ৷

Na2SO4(aq) + BaCl2(aq) → BaSO4(s) + 2NaCl(aq)

17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ বায়ুত গৰম কৰাত লা হৈ পৰিল  মৌল ‘X’ আৰু উৎপন্ন হোৱা লা ৰঙৰ যৌগটোৰ নাম লিখা 

উত্তৰ:- মৌল ‘X’ হ’ল ক’পাৰ(Cu) আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড(CuO) | জড়িত বিক্ৰিয়াটো উল্লেখ কৰা হ’ল-

2CuO + H2 __তাপ__> Cu + H2O

18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ?

উত্তৰ:- ক্ষয়ীভৱনৰ বাবে লোৰে তৈয়াৰী বস্তুবোৰ নষ্ট হয় ৷ মামৰ ধৰা ৰোধ কৰিবলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয়৷

19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ?

উত্তৰ:- তেল আৰু চৰ্বি থকা খাদ্যবস্তু জাৰিত হ’লে ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় ৷ নাইট্ৰ’জেন এবিধ প্ৰতিজাৰক পদাৰ্থ ৷ তেল আৰু চৰ্বি থকা খাদ্যবস্তুৰ জাৰণ নঘটিবলৈ আৰু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ইহঁতক নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় ৷

শেষ বাক্য

আজি আমি Assamese Medium ত আপোনাৰ বাবে Class 10 Science Chapter 1 ৰ অনুশীলনৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ উপৰিও পাঠ্য ভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰা হল।

আশা কৰো আপুনি এই প্ৰশ্ন সমূহ পঢ়াৰ উপৰিও আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে Share কৰক যাতে সিহঁতে উপকৃত হব পাৰে। ইয়াৰ উপৰিও আপুনি আমাৰ Assamese Medium Facebook Page বা Assamese Medium YouTube ChanneleSubscribe কৰিব পাৰে।

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Class 10 Science Chapter 1 Question Answers 2024”

  1. ADVERTISEMENT

Leave a Comment

ADVERTISEMENT